01.02.19       Morning Assame Murli        Om Shanti      BapDada       Madhuban


" মৰমৰ সন্তানসকল তোমা লোক ৰ মোহৰ জৰি এতিয়া চিঙি যোৱা উচিত কিয়নো এই গোটেই দু নি য়াৰ বিনাশ হ ব , এই পুৰণি দুনিয়া ৰ কোনো বস্তুৰ প্ৰতি যাতে ৰুচি নাথাকে

প্ৰশ্ন:
যিসকল সন্তান আত্মিক নিচাত মত্ত হৈ থাকে তেওঁলোকক কি আখ্যা দিয়া হ ব ? কোনসকল সন্তান নিচা ত মত্ত হৈ থাকিব ?

উত্তৰ:
আত্মিক নিচাত মত্ত হৈ থকা সন্তানসকলক মস্ত কলংধৰ (মত্ত ৰজা) আখ্যা দিয়া হয় তেওঁলোকেই কলংগীধৰ (ময়ুৰৰ পাখিৰ মুকুটধাৰী) হয়। তেওঁলোক ৰজা হোৱাৰ নিচাত মত্ত হৈ থাকে। বুদ্ধিত এইটো থাকে আমি এতিয়া ফকীৰৰ পৰা চহকী হৈ পৰো। যিসকল ৰুদ্ৰ মালাত আহিব তেওঁলোকৰ নিচা বাঢ়ি থাকে। নিচা সেইসকল সন্তানৰ থাকে যিসকলৰ নিশ্চয় আছে যে আমি এতিয়া ঘৰলৈ যাব লাগিব পুনৰ নতুন দুনিয়ালৈ আহিব লাগিব।

ওঁম্ শান্তি।
আত্মিক পিতাই আত্মিক সন্তানসকলৰ সৈতে বাৰ্তালাপ কৰি আছে। ইয়াক কোৱা হয় আত্মাসকলৰ প্ৰতি আত্মিক জ্ঞান। আত্মা হল জ্ঞানৰ সাগৰ। মনুষ্য কেতিয়াও জ্ঞানৰ সাগৰ হব নোৱাৰে। মনুষ্য হৈছে ভক্তিৰ সাগৰ। সকলোতো মনুষ্যই হয়। যিসকল ব্ৰাহ্মণ হয় তেওঁলোকে জ্ঞান সাগৰৰ পৰা জ্ঞান প্ৰাপ্ত কৰি মাষ্টৰ জ্ঞান সাগৰ হৈ পৰে। দেৱতাসকলৰ আকৌ জ্ঞানো নাথাকে ভক্তিও নাথাকে। দেৱতাই এই জ্ঞান নাজানে। জ্ঞানৰ সাগৰ এজনেই পৰমপিতা পৰমাত্মাগতিকে তেওঁকে হীৰাৰ নিচিনা বুলি কোৱা হব। তেৱেঁই আহি কড়িৰ পৰা হীৰা, পাথৰ বুদ্ধিৰ পৰা পাৰস বুদ্ধি কৰি তোলে। মনুষ্যই একো নাজানে। দেৱতাসকলেই আকৌ আহি মনুষ্য হয়। শ্ৰীমতৰ দ্বাৰা দেৱতা হৈ পৰে। আধাকল্প তাত কাৰো মতৰ দৰকাৰ নাই। ইয়াততো অনেক গুৰুৰ মত লৈ থাকে। এতিয়া পিতাই বুজাইছে - তোমালোকে সৎগুৰুৰ শ্রীমত পোৱা। শিখসকলে কয় - সৎগুৰু অকাল। তাৰো অর্থ নাজানে। আহ্বানো কৰে সৎগুৰু অকালমূৰ্ত অৰ্থাৎ সৎগতি কৰোতা অকালমূৰ্ত। অকালমূৰ্ত বুলি পৰমপিতা পৰমাত্মাকে কোৱা হয়। সৎগুৰু আৰু গুৰুৰ মাজতো দিন-ৰাতিৰ পাৰ্থক্য আছে। সেয়া ব্ৰহ্মাৰ দিন আৰু ৰাতি বুলি কোৱা হয়। ব্ৰহ্মাৰ দিন আৰু ব্ৰহ্মাৰ ৰাতি গতিকে নিশ্চয় কোৱা হব ব্ৰহ্মাই পুনৰ্জন্ম লয়। ব্ৰহ্মাই এই দেৱতা বিষ্ণু হয়গৈ। তোমালোকে শিৱবাবাৰ মহিমা কৰা। তেওঁৰ জন্ম হীৰাৰ দৰে।

এতিয়া তোমালোক সন্তানসকল গৃহস্থ ব্যৱহাৰত থাকিও পবিত্ৰ হৈছা। তোমালোক পবিত্ৰ হৈ আকৌ এই জ্ঞান ধাৰণা কৰিব লাগে। কুমাৰীসকলৰতো কোনো বন্ধন নাই। তেওঁলোকৰ কেৱল মা-পিতা বা ভাই-ভনীৰ স্মৃতি থাকিব। পিছত শহুৰৰ ঘৰলৈ গলে দুটি পৰিয়াল হৈ যায়। এতিয়া পিতাই তোমালোকক কয় - অশৰীৰী হৈ যোৱা। এতিয়া তোমালোক সকলোৱে উভতি যাব লাগিব। তোমালোকক পবিত্ৰ হোৱাৰ উপায়ো শুনাও। পতিত-পাৱন ময়েই হওঁ। মই প্ৰতিশ্ৰুতি দিছোঁ তোমালোকে মোক স্মৰণ কৰা তেতিয়া এই যোগ অগ্নিৰ দ্বাৰা তোমালোকৰ জন্ম-জন্মান্তৰৰ পাপ ভস্ম হৈ যাব। যেনেকৈ পুৰণা সোণ জুইত দিলে খাদ আতৰি যায়, প্ৰকৃত সোণ থাকি যায়। এয়াও যোগ অগ্নি হয়। এই সংগম যুগতে বাবাই এই ৰাজযোগ শিকায়, সেই কাৰণে তেওঁৰ মহিমা বহুত। ৰাজযোগ যি ভগৱানে শিকাইছিল সেয়া সকলোৱে শিকিব বিচাৰে। বিলাতৰ পৰাও সন্ন্যাসীসকলে বহুতক লৈ আহে। তেওঁলোকে ভাবে এওঁলোকে সন্ন্যাস কৰিছে। এতিয়া সন্ন্যাসীতো তোমালোকো হোৱা। কিন্তু বেহদৰ সন্ন্যাসৰ বিষয়ে কোনেও নাজানে। বেহদৰ সন্ন্যাসতো কেৱল এজন পিতাইহে শিকায়। তোমালোকে জানা যে এই পুৰণি দুনিয়া এতিয়া শেষ হৈ যাব। এই দুনিয়াৰ কোনো বস্তুৰ প্ৰতি আমাৰ ৰুচি নাথাকে। আমুকে শৰীৰ ত্যাগ কৰিলে, গৈ অন্য শৰীৰ ললে ভূমিকা পালন কৰিবৰ কাৰণে, তেন্তে আমি কিয়নো কান্দিব লাগে! মোহৰ জৰি চিঙি যায়। আমাৰ সম্বন্ধ এতিয়া নতুন দুনিয়াৰ সৈতে গঢ়ি উঠিছে।এনেকুৱা সন্তানসকল মস্ত কলংগীধৰ হয়। তোমালোকৰ ৰজা হোৱাৰ নিচা আছে। বাবাৰো (ব্ৰহ্মা) নিচা আছে নহয় জানো - মই গৈ কলংগীধৰ হমগৈ, ফকিৰৰ পৰা চহকী হমগৈ। আন্তৰিক নিচাত মত্ত হৈ থাকে সেইবাবে মস্ত কলংধৰ (মত্ত ৰজা) বুলি কোৱা হয়। ইয়াৰ সাক্ষাৎকাৰো হয়। গতিকে যেনেকৈ এওঁ নিচাত মত্ত হৈ আছে, তোমালোকো মত্ত হৈ থাকিব লাগে। তোমালোকো ৰুদ্ৰ মালাৰ দানাত আহিবা। যাৰ দৃঢ় নিশ্চয় হৈ যায় তেওঁৰ নিচাত মত্ত হৈ থাকিব। আমি আত্মাসকল এতিয়া ঘৰলৈ উভতি যাব লাগিব। পুনৰ নতুন দুনিয়ালৈ আহিম। এইটো নিশ্চয়ৰে যিয়ে এওঁকো (ব্ৰহ্মা) চায় তেন্তে বালক কৃষ্ণক দেখিবলৈ পায়। কিমান শোভনীয়। কৃষ্ণটো ইয়াত নাই। তেওঁৰ পিছত কিমান ব্যাকুল হৈ পৰে। দোলা সাজে, তেওঁক গাখীৰ খুৱায়। সেয়া হল জড় চিত্ৰ, এয়াতো আচল নহয় জানো। এওঁৰো নিশ্চয় আছে যে মই বালক হমগৈ। তোমালোক কন্যাসকলো দিব্য দৃষ্টিত সৰু শিশুৰ ৰূপত দেখা যায়। এই দুচকুৰেতো দেখা নাযায়। আত্মাৰ যেতিয়া দিব্য দৃষ্টি প্ৰাপ্ত হয় তেতিয়া দেহৰ ভাৱ নাথাকে। সেই সময়ত নিজকে মহাৰাণী আৰু তেওঁক শিশু বুলি ভাবিব। এই সাক্ষাৎকাৰো এই সময়ত বহুতৰে হয়। শুভ্ৰ বস্ত্ৰধাৰীৰো সাক্ষাৎকাৰ বহুতৰে হয়। সাক্ষাৎকাৰত কয় তুমি তেওঁলোকৰ ওচৰলৈ যোৱা, জ্ঞান লোৱা তেতিয়া ৰাজকুমাৰ হৈ যাবা। এয়া যাদুকৰী নহল জানো। চুক্তিও বহুত ভাল কৰে। কড়ি লৈ হীৰা-মুকুতা দিয়ে। হীৰাৰ দৰে তোমালোক হৈ পৰা। শিৱবাবাই তোমালোকক হীৰাৰ দৰে কৰি তোলে, সেই কাৰণে মহিমা তেওঁৰেই। মনুষ্যই নুবুজা বাবে যাদু-যাদু বুলি কৈ দিয়ে। যিসকলেআশ্চৰ্যজনকভাবে জ্ঞান মাৰ্গৰ পৰা আতৰি যায় তেওঁলোকে গৈ আনক ওলোটা কথা শুনায়। এনেকৈ বহুত নিন্দুক হৈ পৰে। তেওঁলোকৰ কাৰণে কোৱা হয় - গুৰুৰ নিন্দুকে উচ্চ পদ পাব নোৱাৰে। ইয়াততো সত্য পিতা আছে নহয় জানো। এই কথাও তোমালোকে এতিয়াহে বুজি পোৱা। মনুষ্যইতো কৈ দিয়ে যে তেওঁ যুগে যুগে আহে। অচ্ছা, চাৰিটা যুগ আছে তেন্তে 24 অৱতাৰ বুলি কেনেকৈ কব পাৰি? আকৌ কয় পাথৰ-শিলগুটি প্ৰতিটো কণাতে পৰমাত্মা আছে, তেতিয়া হলে সকলোৱে পৰমাত্মা হৈ গল। পিতাই কয় - মই কড়িৰ পৰা হীৰা কৰি তোলোঁতা হওঁ, মোক আকৌ পাথৰ-শিলগুটিতো আছে বুলি কৈ দিলে। সৰ্বব্যাপি হৈ গলো অৰ্থাৎ সকলোতে আছো তেন্তে কোনো মুল্যই নাথাকিল। মোৰ কেনেকৈ অপকাৰ কৰে। বাবাই কয় - এয়াও ড্ৰামাত নিৰ্ধাৰিত হৈ আছে। যেতিয়া এনেকুৱা হৈ যায় তেতিয়া পিতা পুনৰ আহি উপকাৰ কৰে অৰ্থাৎ মনুষ্যক দেৱতা কৰি তোলে।

বিশ্বৰ বুৰঞ্জী-ভূগোল আকৌ পুনৰাবৃত্তি হব। সত্যযুগত পুনৰ এই লক্ষ্মী-নাৰায়ণেই আহিব। তাত কেৱল ভাৰতেই থাকে। আৰম্ভণিতে বহুত কম সংখ্যক দেৱতা থাকিব পিছত ক্ৰমান্বয়ে বৃদ্ধি হৈ-হৈ 5 হাজাৰ বছৰত কিমান হৈ গল। এতিয়া এই জ্ঞান আন কাৰোবুদ্ধিত নাই। বাকী হৈছে ভক্তি। দেৱতাসকলৰ চিত্ৰৰ মহিমা গাই থাকে। এইটো নুবুজে যে এওঁলোক চৈতন্য ৰূপত আছিল, আকৌ কলৈ গল? চিত্ৰৰ পূজা কৰে কিন্তু তেওঁলোক কত আছে? তেওঁলোকো তমোপ্ৰধান হৈ পুনৰ সতোপ্ৰধান হবলগীয়া হয়। এই কথা কাৰো বুদ্ধিত উদয় নহয়। এনেকুৱা তমোপ্ৰধান বুদ্ধিক পুনৰ সতোপ্ৰধান কৰি কৰি তোলাতো পিতাৰহে কাম। এই লক্ষ্মী-নাৰায়ণ অতীত হৈ গল, সেই কাৰণে এওঁলোকৰ মহিমা কৰে। উচ্চতকৈ উচ্চ এজনেই ভগৱান। বাকীতো সকলোৱে পুনৰ্জন্ম লৈ থাকে। উচ্চতকৈ উচ্চ পিতাইহে সকলোকে মুক্তি-জীৱনমুক্তি দিয়ে। তেওঁ যদি নাহে তেন্তে আৰু বেছি ৱৰ্থ নট এ পেনী (মুল্যহীন) তমোপ্ৰধান হৈ যাব। যেতিয়া এওঁলোকে (লক্ষ্মী-নাৰায়ণে) ৰাজ্য কৰিছিল তেতিয়া বৰ্থ পাউণ্ড (সমৃদ্ধিশালী) আছিল। তাত কোনো পূজা আদি নকৰিছিল। পূজ্য দেৱী-দেৱতাসকলেই পূজাৰী হৈ গল, বাম মাৰ্গত বিকাৰী হৈ পৰিল। এয়া কোনেও নাজানে যে এওঁলোক সম্পূৰ্ণ নিৰ্বিকাৰী আছিল। তোমালোক ব্ৰাহ্মণসকলৰ মাজতো এই কথা ক্ৰমানুসৰিহে বুজি পায়। নিজেই যদি সম্পূৰ্ণকৈ বুজি নাপায় তেন্তে আনক কি বুজাব! নাম হৈছে ব্ৰহ্মাকুমাৰ-কুমাৰী, যদি বুজাব নোৱাৰে তেন্তে লোকচান কৰি দিয়ে। সেই কাৰণে কোৱা উচিত মই জেষ্ঠ ভগ্নীক মাতি দিওঁ, তেওঁ আপোনাক বুজাব। ভাৰতেই হীৰা তুল্য আছিল, এতিয়া কড়ি তুল্য। দৰিদ্ৰ ভাৰতক মুকুটধাৰী কোনে কৰি তুলিব? লক্ষ্মী-নাৰায়ণ এতিয়া কত আছে? হিচাপ কৰি কোৱা? কব নোৱাৰিব। সেয়া হল ভক্তিৰ সাগৰ। সেয়াই নিচা লাগি আছে। তোমালোক হৈছা জ্ঞান সাগৰ। তেওঁলোকেতো শাস্ত্ৰকে জ্ঞান বুলি ভাবে। পিতাই কয় - শাস্ত্ৰত ভক্তিৰ নীতি প্ৰথা আছে। যিমানেই তোমালোক জ্ঞানৰ শক্তিৰে ভৰপূৰ হৈ গৈ থাকিবা তোমালোক চুম্বক হৈ পৰিবা। তেতিয়া সকলোকে আকৰ্ষিত কৰিব। এতিয়া সেয়া হোৱা নাই। তথাপিও যথা যোগ, যথা শক্তিৰে যিমানে পিতাক স্মৰণ কৰে। এনেকুৱা নহয় যে সদায় পিতাক স্মৰণ কৰে। তেনেহলেতো এই শৰীৰো নাথাকিব। এতিয়াতো বহুতকে বাৰ্তা দিবলৈ আছে, পয়গম্বৰ (বাৰ্তাবাহক) হব লাগে। তোমালোক সন্তানসকলেই পয়গম্বৰ হোৱা আন কোনেও নহয়। ক্ৰাইষ্ট (যীশুখ্ৰীষ্ট) আদি আহি ধৰ্ম প্ৰতিষ্ঠা কৰে, তেওঁলোকক পয়গম্বৰ বুলি কোৱা নহব। খ্ৰীষ্টিয়ান ধৰ্ম প্ৰতিষ্ঠা কৰিলে অন্য একোতো নকৰিলে। তেওঁ কাৰোবাৰ শৰীৰত আহিল আকৌ তেওঁৰ পিছে পিছে অন্যসকল আহে। ইয়াততো এয়া ৰাজধানী স্থাপনা হৈ আছে। আগলৈ গৈ তোমালোক সকলোৰে সাক্ষাৎকাৰ হব - মই কি হমগৈ, এইটো-এইটো বিকৰ্ম কৰিলো। সাক্ষাৎকাৰ হবলৈ দেৰি নালাগে। কাশী কলবট খাইছিল, একেবাৰে থিয় হৈ কুঁৱাত জপিয়াই দিছিল। এতিয়া চৰকাৰে বন্ধ কৰি দিছে। তেওঁলোকে ভাবে আমি মুক্তি পাই যাম। পিতাই কয় - মুক্তিতো কোনেও পাব নোৱাৰে। অলপ সময়তে যেন সকলো জন্মৰ দণ্ড ভোগ কৰে। পুনৰ নতুনকৈ হিচাব-নিকাচ আৰম্ভ হয়। উভতিতো কোনেও যাব নোৱাৰে। কত গৈ থাকিব? আত্মাৰ বংশ তালিকাই ওলট-পালট হৈ যাব। ক্ৰমানুসৰি আহিব আকৌ যাব। সন্তানসকলৰ সাক্ষাৎকাৰ হয় তেতিয়া এই চিত্ৰ আদি অংকন কৰে। 84 জন্মৰ গোটেই সৃষ্টি চক্ৰৰ আদি-মধ্য-অন্তৰ জ্ঞান তোমালোকে পাইছা। আকৌ তোমালোকৰ মাজতো ক্ৰমানুসৰি হয়। কোনোবা বহুত নম্বৰ লৈ উত্তীৰ্ণ হয় কোনোবাই কম। এশ নম্বৰ কাৰোৱেই নহয়। 100 নম্বৰ হৈছেই এজন পিতাৰ। সেয়াতো কোনেও হব নোৱাৰে। অলপ-অলপ পাৰ্থক্য আহি যায়। একে ধৰণৰো হব নোৱাৰে। কিমান অনেক মনুষ্য আছে সকলোৰে চেহেৰা (বৈশিষ্ট্য) নিজৰ নিজৰ। আত্মাসকল কিমান ক্ষুদ্ৰ বিন্দু হয়। মনুষ্য কিমান ডাঙৰ-ডাঙৰ হয় কিন্তু ইজনৰ চেহেৰা সিজনৰ লগত নিমিলে। যিমান আত্মা আছে আকৌ সিমানেই থাকিব সেইবাবেতো তাত ঘৰত থাকিব। এয়াও ড্ৰামাত নিৰ্ধাৰিত হৈ আছে। ইয়াত অলপো হীনডেঢ়ি হব নোৱাৰে। এবাৰ যি শ্চুটিং (দৃশ্য গ্ৰহণ) হৈ গল সেয়াই আকৌ দেখিবলৈ পোৱা যাব। তোমালোকে কবা 5 হাজাৰ বছৰ আগতেও আমি এনেকৈ মিলিত হৈছিলোঁ। এক চেকেণ্ডো কম বেছি হব নোৱাৰে। ড্ৰামা নহয় জানো। যাৰ বুদ্ধিত এই ৰচয়িতা আৰু ৰচনাৰ জ্ঞান আছে তেওঁলোকক স্বদৰ্শন চক্ৰধাৰী বুলি কোৱা হয় পিতাৰ পৰাই এই জ্ঞান পোৱা যায়। মনুষ্যই মনুষ্যক এই জ্ঞান দিব নোৱাৰে। ভক্তি মনুষ্যই শিকায়, জ্ঞান কেৱল এজন পিতাইহে শিকায়। জ্ঞানৰ সাগৰতো এজন পিতাই হয়। আকৌ তোমালোক জ্ঞান নদী হোৱা। জ্ঞান সাগৰ আৰু জ্ঞান নদীৰ পৰাই মুক্তি আৰু জীৱনমুক্তি পোৱা যায়। সেয়াতো হৈছে পানীৰ নদী। পানীতো সদায় আছেই। জ্ঞান সংগমযুগতহে পোৱা যায়। পানীৰ নদীতো ভাৰতত বৈয়ে থাকে, বাকী ইমানবোৰ চহৰ শেষ হৈ যায়। খণ্ডই নাথাকে। বৰষুণতো নিশ্চয় হব। পানী, পানীত গৈ পৰে। এইখনেই ভাৰত হব।

এতিয়া তোমালোকে গোটেই জ্ঞান পাইছা। এয়া হল জ্ঞান, বাকী হৈছে ভক্তি। হীৰা তুল্য এজনেই শিৱবাবা, যাৰ জয়ন্তী পালন কৰা হয়। সুধিব লাগে - শিৱবাবাই কি কৰিলে? তেওঁতো আহি পতিতক পাৱন কৰি তোলে। আদি-মধ্য-অন্তৰ জ্ঞান শুনায়। সেইবাবে গোৱা হয় - জ্ঞান সূৰ্য প্ৰকট হল... জ্ঞানৰ দ্বাৰা দিন আৰু ভক্তিৰ দ্বাৰা ৰাতি হয়। এতিয়া তোমালোকে জানা আমি 84 জন্ম পুৰা কৰিলোঁ।এতিয়া বাবাক স্মৰণ কৰিলে পবিত্ৰ হৈ যাম। তেতিয়া শৰীৰো পাৱন পাম। তোমালোক সকলোৱে ক্ৰমানুসৰি পাৱন হোৱা। কিমান সহজ কথা। মুখ্য কথা হল স্মৰণৰ। বহুত আছে যিয়ে নিজকে আত্মা বুলি বুজি পিতাক স্মৰণ কৰিবও নাজানে। তথাপিও সন্তান হৈছে গতিকে স্বৰ্গলৈ নিশ্চয় আহিব। এই সময়ৰ পুৰুষাৰ্থ অনুসৰিয়ে ৰাজ্য স্থাপনা হয়। ভাল বাৰু!

অতি মৰমৰ কল্পৰ পিছত পুনৰাই লগ পোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।

 ধাৰণাৰ বাবে মুখ্য সাৰ :-

(1) সদায় এইটো নিচাত থাকিব লাগে যে মই মাষ্টৰ জ্ঞান সাগৰ হওঁ,নিজৰ মাজত জ্ঞানৰ শক্তি ভৰাই চুম্বক হব লাগে, আত্মিক পয়গম্বৰ (বাৰ্তাবাহক) হব লাগে।

(2) এনেকুৱা কোনো কৰ্ম কৰিব নালাগে যাৰ দ্বাৰা সৎগুৰু পিতাৰ নাম বদনাম হয়। যিয়েই নহওঁক কেতিয়াও কান্দিব নালাগে।

বৰদান:
জ্ঞানৰ লগতে গু ণবোৰো জাগ্ৰত কৰি সর্বগুণ সম্পন্ন হওঁতা গুণমূৰ্ত হোৱা

প্ৰত্যেকৰে জ্ঞান বহুত আছে, কিন্তু এতিয়া আৱশ্যক হল গুণবোৰক জাগ্ৰত কৰাৰ সেয়েহে বিশেষ কৰ্মৰ দ্বাৰা গুণ দাতা হোৱা। সংকল্প কৰা যে মই সদায় গুণমূৰ্ত হৈ সকলোকে গুণ মূৰ্ত কৰি তোলাৰ কৰ্তব্যত তৎপৰ হৈ থাকিব লাগে। ইয়াৰ দ্বাৰা ব্যৰ্থ দেখাৰ, শুনাৰ বা কৰাৰ বাবে আহৰি নাপাবা। এইটো বিধিৰে নিজৰবা সকলোৰে দুৰ্বলতা সহজে সমাপ্ত হৈ যাব। গতিকে প্ৰত্যেকে নিজকে নিমিত্ত প্ৰথম নম্বৰৰ বুলি ভাবি সর্ব গুণসম্পন্ন হোৱা আৰু আনকো তেনেকৈ গঢ়ি তোলাৰ উদাহৰণ হোৱা।

স্লোগান:
মনৰ দ্বাৰা যোগদান , বাণীৰ দ্বাৰা জ্ঞান দান আৰু কৰ্মৰ দ্বাৰা গুণৰ দান কৰা।