01.02.20       Morning Assame Murli        Om Shanti      BapDada       Madhuban


"মৰমৰ সন্তানসকল এই শৰীৰ ৰূপী পোচাক ইয়াতেই এৰিব লাগিব, সেয়েহে এই শৰীৰৰ প্ৰতি থকা মমত্ব আঁতৰাই দিয়া, কোনো মিত্ৰ-সম্বন্ধীয় যাতে স্মৃতিত নাহে

প্ৰশ্ন:
যিসকল সন্তানৰ যোগবল আছে, তেওঁলোকৰ লক্ষণ কি হ'ব?

উত্তৰ:
তেওঁলোক কোনো পৰিস্থিতে অলপো বিতত নহ'ব, কাৰো প্ৰতি মমত্ব নাথাকিব। কোনোবাই শৰীৰ ত্যাগ কৰিলেও দুখী হ'ব নোৱাৰে, কিয়নো এইটো জানে যে এওঁৰ ড্ৰামাত ইমানেই পাৰ্ট (ভূমিকা) আছিল। আত্মাই এটা শৰীৰ এৰি অন্য এটা শৰীৰ ল'বগৈ।

ওঁম্শান্তি।
এই জ্ঞান বহুত গুপ্ত হয়, ইয়াত নমস্কাৰো কৰিবলগীয়া নহয়। জগতত নমস্কাৰ অথবা ৰাম-ৰাম আদি কয়। ইয়াত এইবোৰ কথা চলিব নোৱাৰে কিয়নো এয়া এটা পৰিয়াল হয়। পৰিয়ালত ইজনে-সিজনক নমস্কাৰ বা গুডমণিং কৰাতো শোভা নাপায়। ঘৰততো খোৱা-বোৱা কৰিলে, অফিচলৈ গ'ল, পুনৰ আহিল, এয়া চলিয়েই থাকে। নমস্কাৰ কৰাৰ প্ৰয়োজন নাথাকে। গুডমৰ্ণিঙৰ ফেশ্বনো (কায়দা) ইউৰোপিয়ানসকলৰ পৰা ওলাইছে। নহ'লে আগতে একোৱেই চলা নাছিল। বহুত সৎসংগত পৰস্পৰ লগ হ'লে নমস্কাৰ জনায়, ভৰিত ধৰে। এই ভৰিত ধৰা আদি নম্ৰতাৰ কাৰণে শিকায়। ইয়াততো তোমালোক সন্তানসকল দেহী-অভিমানী হ'ব লাগে। আত্মাই, আত্মাক কি কৰিব? তথাপিও ক'বলগীয়াতো হয়। যেনেকৈ বাবাক ক'ব - বাবা নমস্কাৰ। এতিয়া পিতাইও কয় - মই সাধাৰণ ব্ৰহ্মাৰ শৰীৰৰ দ্বাৰা তোমালোকক পঢ়াওঁ, এওঁৰ দ্বাৰা স্থাপনা কৰাওঁ। কেনেকৈ? সেয়াতো যেতিয়া পিতা সন্মুখত আহিব তেতিয়া বুজাব, নহ'লে কোনোবাই কেনেকৈ বুজিব। এওঁ পিতাই সন্মুখত বহি বুজায় তেতিয়া সন্তানসকলে বুজি পায়। দুয়োকে নমস্কাৰ জনাবলগীয়া হয় - বাপদাদা নমস্কাৰ। বাহিৰৰ লোকসকলে যদি এয়া শুনে তেন্তে মূৰ্ছিত হৈ যাব (বিবুদ্ধিত পৰিব) যে এওঁলোকে কি কয় বাপদাদা। ডবল (দ্বৈত) নামো বহুত মনুষ্যৰে থাকে। যেনেকৈ লক্ষ্মী-নাৰায়ণ অথবা ৰাধা-কৃষ্ণ........ নামো আছে। এয়াতো যেন স্ত্ৰী-পুৰুষ একত্ৰিত হৈ গ'ল। এয়াতো হৈছে বাপদাদা। এই কথাবোৰ তোমালোক সন্তানসকলেহে বুজিব পাৰা। নিশ্চয় পিতা ডাঙৰ হ'ল। সেই নামবোৰ যদিও ডবল কিন্তু হয়তো এটাই। তেন্তে দুটা নাম কিয় ৰাখি দিলে? এতিয়া তোমালোক সন্তানসকলে জানা যে এয়া ভুল নাম। বাবাক আৰুতো কোনেও চিনি পাব নোৱাৰে। তোমালোকে ক'বা নমস্কাৰ বাপদাদা। পিতাই আকৌ ক'ব নমস্কাৰ শাৰীৰিক, আত্মিক সন্তানসকল, কিন্তু ইমান দীঘলীয়া সম্বোধন শোভা নাপায়। শব্দটো শুদ্ধ। তোমালোক এতিয়া শাৰীৰিক সন্তানো হোৱা আৰু আত্মিকো হোৱা। শিৱবাবা হৈছে সকলো আত্মাৰেই পিতা আকৌ প্ৰজাপিতাও নিশ্চয় আছে। প্ৰজাপিতা ব্ৰহ্মাৰ সন্তান ভাই-ভনী হয়। প্ৰবৃত্তি মাৰ্গ হৈ যায়। তোমালোক সকলো হৈছা ব্ৰহ্মাকুমাৰ-কুমাৰী। ব্ৰহ্মাকুমাৰ-কুমাৰী হোৱাৰ কাৰণে প্ৰজাপিতাও সিদ্ধ হৈ যায়। ইয়াত অন্ধশ্ৰদ্ধাৰ কোনো কথা নাই। কোৱা - ব্ৰহ্মাকুমাৰ-কুমাৰীসকলে পিতাৰ পৰা উত্তৰাধিকাৰ প্ৰাপ্ত কৰে। ব্ৰহ্মাৰ পৰা প্ৰাপ্ত নহয়, ব্ৰহ্মাও শিৱবাবাৰ সন্তান। সূক্ষ্মধামৰ ব্ৰহ্মা, বিষ্ণু, শংকৰ - এয়া হৈছে ৰচনা। তেওঁলোকৰ ৰচয়িতা হৈছে শিৱ। শিৱৰ কাৰণেতো কোনেও ক'ব নোৱাৰে যে এওঁৰ ক্ৰিয়েটৰ (ৰচয়িতা) কোন? শিৱৰ কোনো ক্ৰিয়েটৰ নাথাকে। ব্ৰহ্মা, বিষ্ণু, শংকৰ এয়া হৈছে ৰচনা। এওঁলোকৰো ওপৰত হৈছে শিৱ, সকলো আত্মাৰে পিতা। এতিয়া ক্ৰিয়েটৰ আছে যেতিয়া আকৌ প্ৰশ্ন উঠে কেতিয়া ক্ৰিয়েট (ৰচনা) কৰিলে? নহয়, এয়াতো অনাদি হয়। ইমানবোৰ আত্মাক কেতিয়া ক্ৰিয়েট কৰিলে? এইটো প্ৰশ্ন উঠিব নোৱাৰে। এয়া অনাদি ড্ৰামা চলি আহিছে, অন্তহীন। ইয়াৰ কেতিয়াও অন্ত হ'ব নোৱাৰে। এই কথাবোৰ তোমালোক সন্তানসকলৰ ভিতৰতো ক্ৰমানুসৰি বুজি পায়। এয়া হৈছে বহুত সহজ। এজন পিতাৰ বাহিৰে অন্য কাৰো প্ৰতি যাতে আসক্তি নাথাকে, কোনো মৃত বা জীৱিতই হওক। গায়নো আছে অম্মা মৰিলেও হালোৱা খোৱা........ (মুৰুলী শুনা) ধৰি লোৱা কোনোবা মৰিল, চিন্তাৰ কথা নাই কিয়নো এয়া ড্ৰামা অনাদি ৰচি থোৱা আছে। ড্ৰামা অনুসৰি এওঁ এই সময়ত যাব লগাই আছিল, এই ক্ষেত্ৰত কিয়েই বা কৰিব পাৰে। অলপো দুখী হোৱাৰ কথা নাই। এয়া হৈছে যোগবলৰ অৱস্থা। বিধিয়ে কয় অলপো বিতত হব নালাগে। সকলো ভাৱৰীয়া নহয় জানো। নিজৰ-নিজৰ ভূমিকা ৰূপায়ণ কৰি থাকে। সন্তানসকলে জ্ঞান পাইছে।

পিতাক কয় - হে পৰমপিতা পৰমাত্মা আহি আমাক লৈ যাওক। ইমানবোৰ শৰীৰৰ বিনাশ কৰাই সকলো আত্মাক লগত লৈ যোৱা, এয়াতো বহুত গধুৰ কাম হ'ল। ইয়াত কোনোবা এজনৰ মৃত্যু হলে 12 মাহ ধৰি কান্দি থাকে। পিতাইতো ইমান অসংখ্য আত্মাক লৈ যাব। সকলোৰে শৰীৰ ইয়াত থাকি যাব। সন্তানসকলে জানে মহাভাৰতৰ যুদ্ধ লাগিলে মহৰ সদৃশ গৈ (একেলগে অনেকৰ মৃত্যু হৈ) থাকে। নেচাৰেল কেলেমেটিচো (প্ৰাকৃতিক দুৰ্যোগো) আহিব। এই গোটেই সৃষ্টি পৰিৱৰ্তন হৈ যাব। এতিয়া চোৱা ইংলেণ্ড, ৰাছিয়া আদি কিমান ডাঙৰ-ডাঙৰ দেশ। সত্যযুগত এই সকলোবোৰ আছিল জানো? জগতত এইটোও কাৰো বুদ্ধিত উদয় নহয় যে আমাৰ ৰাজ্যত এয়া এখনো নাছিল। এটাই ধৰ্ম, এখনেই ৰাজ্য আছিল, তোমালোকৰ ভিতৰতো ক্ৰম অনুসৰি আছে যাৰ বুদ্ধিত যথা ৰীতি ধাৰণ হয়। যদি ধাৰণা হয় তেন্তে সেইটো নিচা সদায় বাঢ়ি গৈ থাকিব। নিচা কাৰোবাৰ কাচিৎহে বাঢ়ি থাকে। মিত্ৰ-সম্বন্ধীয় আদি সকলো ফালৰ পৰা স্মৃতি আঁতৰাই এক বেহদৰ আনন্দত টিকি যোৱাতো বহুত চমৎকাৰ কথা। অৱশ্যে হয়, এয়াও অন্তিমত হ'বগৈ। অন্তিমতে কৰ্মাতীত অৱস্থা প্ৰাপ্ত কৰে। শৰীৰৰ প্ৰতি থকা মোহো আঁতৰি যায়। বচ্ আমি এতিয়া যাওঁ, এইটো যেন কমন (সাধাৰণ কথা) হৈ যাব। যেনেকৈ নাটকৰ ভাৱৰীয়াসকলে ভূমিকা পালন কৰি আকৌ ঘৰলৈ গুছি যায়। এয়া দেহৰূপী পোচাকতো তোমালোকে ইয়াতেই এৰিব লাগিব। এই পোচাক ইয়াতেই লয়, ইয়াতেই এৰে। এই সকলোবোৰ নতুন কথা তোমালোকৰ বুদ্ধিত আছে, আন কাৰো বুদ্ধিত নাই। অল্ফ (পিতা) আৰু বে (বাদশ্বাহী)। অল্ফ হৈছে সকলোতকৈ ওপৰত। এনেকৈ কয়ো যে ব্ৰহ্মাৰ দ্বাৰা স্থাপনা, শংকৰৰ দ্বাৰা বিনাশ, বিষ্ণুৰ দ্বাৰা পালনা। অচ্ছা, বাকী শিৱৰ কাম কি? উচ্চতকৈও উচ্চ শিৱবাবাক কোনেও নাজানে। কৈ দিয়ে যে তেওঁতো সৰ্বব্যাপি। এই সকলোবোৰ তেওঁৰেই ৰূপ। গোটেই সৃষ্টিৰ মনুষ্যৰ বুদ্ধিত এইটো দৃঢ় হৈ গৈছে, সেয়েহে সকলো তমোপ্ৰধান হৈ গল। পিতাই কয় - গোটেই সৃষ্টিখনৰে দুৰ্গতি প্ৰাপ্ত হৈছে। আকৌ মইহে আহি সকলোকে সৎগতি দিওঁ। যদি সৰ্বব্যাপি হয় তেন্তে কি সকলো ভগৱানেই ভগৱান নেকি? এফালে কয় অল্‌ ব্ৰাদাৰ্চ (সকলো ভাই-ভাই), আকৌ কৈ দিয়ে অল্ ফাদাৰ্চ্ (সকলো পিতা), বুজি নাপায়। এতিয়া তোমালোক সন্তানসকলক বেহদৰ পিতাই কয় - সন্তানসকল, মোক স্মৰণ কৰা তেতিয়া বিকৰ্ম বিনাশ হ'ব। তোমালোকে এই দাদাক বা মম্মাকো স্মৰণ কৰিব নালাগে। পিতাইতো কয় যে মম্মা বা বাবা কাৰোৰে একো মহিমা নাই। শিৱবাবা নথকাহেঁতেন তেন্তে এওঁ ব্ৰহ্মাইও কি কৰিলেহেঁতেন? এওঁক স্মৰণ কৰিলে কি হ'ব! অৱশ্যে হয়, তোমালোকে জানা এওঁৰ দ্বাৰা আমি পিতাৰ পৰা উত্তৰাধিকাৰ লৈ আছোঁ, এওঁ (ব্ৰহ্মা)ৰ পৰা নহয়। এৱোঁ তেওঁৰ পৰা উত্তৰাধিকাৰ লয়, গতিকে স্মৰণ তেওঁক কৰিব লাগে। এওঁতো মাজত দালাল হয়। ল'ৰা আৰু ছোৱালীৰ যেতিয়া বাগদান হয়, তেতিয়া ইজনে-সিজনক স্মৰণ কৰি নাথাকিব জানো। বিবাহ কৰাওঁতাজন মাজত দালাল হ'ল। এওঁৰ দ্বাৰা পিতাই তোমালোক আত্মাসকলৰ বাগদান নিজৰ লগত কৰায় সেয়েহে গায়নো আছে - সৎগুৰুক দালালৰ ৰূপত পালোঁ। সৎগুৰু কোনো দালাল নহয়। সৎগুৰুতো নিৰাকাৰ হয়। যদিও গুৰু ব্ৰহ্মা,গুৰু বিষ্ণু বুলি কয় কিন্তু তেওঁলোক কোনো গুৰু নহয়। সৎগুৰু এজন পিতাই হয় যিয়ে সকলোৰে সৎগতি কৰায়। পিতাই তোমালোকক শিকাইছে সেইবাবেতো তোমালোকে আনকো ৰাস্তা দেখুওৱা আৰু সকলোকে কোৱা যে দেখিও নাচাবা। বুদ্ধি যাতে শিৱবাবাৰ লগত লাগি থাকে। এই দুচকুৰে যি দেখিবলৈ পোৱা সেয়া সকলো সমাধিস্থ হৈ যাব। স্মৰণ এজন পিতাকে কৰিব লাগে, এওঁক (ব্ৰহ্মাক) নহয়। বুদ্ধিয়ে কয় এওঁৰ পৰা জানো উত্তৰাধিকাৰ পাম। উত্তৰাধিকাৰতো পিতাৰ পৰা প্ৰাপ্ত হ'ব। যাবও লাগিব পিতাৰ ওচৰলৈ। ষ্টুডেণ্টে (বিদ্যাৰ্থীয়ে) ষ্টুডেণ্টক জানো স্মৰণ কৰিব। ষ্টুডেণ্টেতো শিক্ষকক স্মৰণ কৰিব নহয় জানো। স্কুলত যিসকল তীক্ষ্ণ বিদ্যাৰ্থী হয় তেওঁলোকে আকৌ অন্যৰো উন্নতিৰ বাবে চেষ্টা কৰে। পিতায়ো কয় - ইজনে-সিজনৰ উন্নতিৰ বাবে চেষ্টা কৰা কিন্তু ভাগ্যত নাথাকিলে পুৰুষাৰ্থো নকৰে। অলপতে সন্তুষ্ট হৈ যায়। বুজাব লাগে প্ৰদৰ্শনীত বহুত আহে, বহুতক বুজালে বহুত উন্নতি হয়। নিমন্ত্ৰণ দি মাতি নিয়ে। তেতিয়া ডাঙৰ-ডাঙৰ বিচাৰ বুদ্ধি সম্পন্ন লোকসকল আহে। নিমন্ত্ৰণ নিদিলে যিকোনো প্ৰকাৰৰ লোক আহি যায়। কি-কি যে অদৰকাৰী কথা কৈ থাকে। ৰয়েল (মাৰ্জিত, ৰাজকীয়) মনুষ্যৰ চাল-চলনো ৰয়েল হয়। ৰয়েল মনুষ্য ৰয়েল্টীৰে (ৰাজকীয়তাৰে, মাৰ্জিতভাৱে) ভিতৰলৈ সোমাই আহিব। চলনতো বহুত পাৰ্থক্য থাকে। বাকীসকলৰ চলনত, কথা-বাৰ্তাত কোনোধৰণৰ আদব-কায়দা নাথাকে। মেলাততো সকলো প্ৰকাৰৰ আহি যায়, কাকো মানা কৰা নহয় সেয়েহে য'তেই নহওক প্ৰদৰ্শনীত নিমন্ত্ৰণী কাৰ্ডৰ দ্বাৰা মাতিলে তেতিয়া ৰয়েল ভাল-ভাল লোক আহিব। আকৌ তেওঁলোকে অন্যকো গৈ শুনাব। কেতিয়াবা মহিলাৰ অনুষ্ঠান আয়োজন কৰা যাতে কেৱল মহিলাসকলহে আহি চায় কিয়নো ক'ৰবাত-ক'ৰবাত মহিলাসকল বহুত আঁচলৰ আঁৰত লুকাই থকা বিধৰ হয়। গতিকে কেৱল মহিলাৰহে অনুষ্ঠান হওঁক। পুৰুষ যাতে এজনো নাহে। বাবাই বুজাইছে - পোন-প্ৰথমে তোমালোকে এইটো বুজাব লাগে যে শিৱবাবা নিৰাকাৰ হয়। শিৱবাবা আৰু প্ৰজাপিতা ব্ৰহ্মা দুয়ো বাবা হয়। দুয়ো একৰসতো হ'ব নোৱাৰে যে দুয়োগৰাকী বাবাৰ পৰা উত্তৰাধিকাৰ প্ৰাপ্ত হ'ব। উত্তৰাধিকাৰ ককাৰ পৰা নে পিতাৰ পৰা পাবা। ‍ককাৰ সম্পত্তিৰ ওপৰত অধিকাৰ থাকে। লাগিলে যিমানেই কুসন্তান নহওক কিয় তথাপিও ককাৰ উত্তৰাধিকাৰ প্ৰাপ্ত হৈ যাব। এয়া হৈছে ইয়াৰ নিয়ম। বুজিও পায় যে এওঁক ধন পালে এবছৰৰ ভিতৰতে উৰুৱাই দিব। কিন্তু চৰকাৰী আইন এনেকুৱা যে দিবলগীয়া হয়। চৰকাৰে একো কৰিব নোৱাৰে। বাবাতো অনুভৱী হয়। এজন ৰজাৰ সন্তান আছিল, এক কোটি টকা 12 মাহত শেষ কৰি দিলে। এনেকুৱাও হয়। শিৱবাবাইতো নক'ব যে মই দেখিছোঁ। এওঁ (ব্ৰহ্মাই) কয় মই বহুত এনেকুৱা উদাহৰণ দেখিছোঁ। এই জগতখনতো বহুত লেতেৰা। এইখন হৈছেই পুৰণা সৃষ্টি, পুৰণা ঘৰ। পুৰণা ঘৰক সদায় ভাঙিবলগীয়া হয়। এই লক্ষ্মী-নাৰায়ণৰ ৰাজ্যৰ ঘৰ চোৱা কিমান ফাৰ্ষ্টক্লাচ (উত্তম)।

এতিয়া তোমালোকে পিতাৰ দ্বাৰা বুজি আছা আৰু তোমালোকো নৰৰ পৰা নাৰায়ণ হোৱাগৈ। এয়া হৈছেই সত্য নাৰায়ণৰ কথা। এয়াও তোমালোক সন্তানসকলেহে বুজি পোৱা। তোমালোকৰ ভিতৰতো পুৰা ফুল হৈ উঠা নাই, এই ক্ষেত্ৰত বহুত ভাল ৰয়েল্টী থাকিব লাগে। তোমালোকে দিনে-প্ৰতিদিনে উন্নতি কৰি গৈ থাকা। ফ্লাৱাৰ্চ (ফুল) হৈ গৈ থাকা।

তোমালোক সন্তানসকলে মৰমেৰে কোৱা বাপদাদা। এয়াও তোমালোকৰ নতুন ভাষা, যিটো মনুষ্যই বুজি পাব নোৱাৰে। ধৰি লোৱা, বাবা ক'ৰবালৈ গল তেতিয়া সন্তানসকলে ক'ব - বাপদাদা নমস্কাৰ। পিতাই সঁহাৰি জনাব আত্মিক, শাৰীৰিক সন্তানসকলক নমস্কাৰ। এনেকৈ ক'বলগীয়া হয়। কোনোবাই শুনিলে ক'ব এয়াতো নতুন কথা, বাপদাদা বুলি এজনকে কেনেকৈ কয়। বাপ আৰু দাদা দুয়ো এজনেই কেতিয়াবা হয় নেকি? নামো দুয়োৰে বেলেগ। শিৱবাবা, ব্ৰহ্মা দাদা, তোমালোক এওঁলোক দুয়োৰে সন্তান। তোমালোকে জানা এওঁৰ ভিতৰত শিৱবাবা বহি আছে। আমি বাপদাদাৰ সন্তান। বুদ্ধিত যদি এইটোও স্মৃতি থাকে তেন্তে আনন্দৰ সীমা বাঢ়ি থাকিব আৰু ড্ৰামাৰ ওপৰতো দৃঢ় হৈ থাকিব লাগে। ধৰি লোৱা কোনোবাই শৰীৰ ত্যাগ কৰিলে, গৈ অন্য ভূমিকা পালন কৰিব। প্ৰত্যেক আত্মাই অবিনাশী ভূমিকা প্ৰাপ্ত কৰিছে, ইয়াক লৈ অলপমানো খেয়াল (চিন্তা) কৰাৰ দৰকাৰ নাই। তেওঁ গৈ অন্য ভূমিকা পালন কৰিব লাগিব। পুনৰাইতো মাতিব নোৱাৰি। ড্ৰামা নহয় জানো। ইয়াত কান্দিবলগীয়া কোনো কথা নাই। এনেকুৱা অৱস্থাৰ সকলহে গৈ নিৰ্মোহী ৰজা হয়। সত্যযুগত সকলো নিৰ্মোহী হয়। ইয়াত কোনোবা মৰিলে কিমান কান্দে। পিতাক পোৱাৰ পাছত আকৌ কন্দাৰ দৰকাৰে নাই। বাবাই কিমান ভাল ৰাস্তা দেখুৱায়। কন্যাসকলৰ কাৰণেতো বহুত ভাল। পিতাই ফাল্টু (অদৰকাৰী) পইচা খৰচ কৰক আৰু তুমি গৈ নৰকত পৰা। ইয়াতকৈতো কোৱা যে মই এই পইচাৰে আত্মিক ইউনিভাচিটি কাম্ হস্পিতাল খুলিম। বহুতৰে কল্যাণ কৰিলে তোমাৰো পুণ্য, মোৰো পুণ্য হৈ যাব। সন্তানসকল নিজেও উৎসাহিত হৈ থাকিব লাগে যে আমি ভাৰতক স্বৰ্গ কৰি তুলিবৰ কাৰণে তন-মন-ধন সকলো খৰচ কৰিম। ইমানখিনি নিচা থাকিব লাগে। দিয়ে যদি দিয়ক, নিদিয়ে যদি নালাগে। আপুনি নিজৰ কল্যাণ আৰু বহুতৰে কল্যাণ কৰিব নিবিচাৰে নেকি? ইমানখিনি আনন্দ থাকিব লাগে। বিশেষকৈ কুমাৰীসকলতো বহুত ওলাই আহিব লাগে। ভাল বাৰু!

অতি মৰমৰ কল্পৰ পাছত পুনৰাই লগ পোৱা সন্তানসকলৰ প্ৰতি পুৰুষাৰ্থৰ ক্ৰম অনুসৰি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।

ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) নিজৰ চাল চলন বহুত ৰয়েল (মৰ্জিত) কৰি ৰাখিব লাগে। বহুত আদব-কায়দাৰে বাৰ্তালাপ লাগে। নম্ৰতা গুণ ধাৰণ কৰিব লাগে।

(2) এই দুচকুৰে যি দেখিবলৈ পোৱা যায় - এই সকলোবোৰ সমাধিস্থ হৈ যাব, সেয়েহে এইবোৰক দেখিও চাব নালাগে। এজন শিৱবাবাকেই স্মৰণ কৰিব লাগে। কোনো দেহধাৰীক নহয়।

বৰদান:
বিশেষত্ব ৰূপী সঞ্জীৱনী ঔষধিৰ দ্বাৰা মূৰ্ছিতজনক সুৰজিৎ কৰোঁতা বিশেষ আত্মা হোৱা

প্ৰত্যেক আত্মাক শ্ৰেষ্ঠ স্মৃতিৰ, বিশেষত্বৰ স্মৃতি ৰূপী সঞ্জীৱনী ঔষধ খুৱাই দিয়া তেতিয়া তেওঁলোক মূৰ্ছিতৰ পৰা সুৰজিৎ হৈ যাব। বিশেষত্বৰ স্বৰূপৰ দাপোণ তেওঁৰলোকৰ সন্মুখত ৰাখা। অন্যক স্মৰণ কৰাই দিলে তোমালোক বিশেষ আত্মা হৈয়েই যাবা। যদি তোমালোকে কাৰোবাক তেওঁৰ দুৰ্বলতাৰ কথা শুনোৱা তেন্তে তেওঁ সেয়া লুকুৱাব, প্ৰত্যাখ্যান কৰিব, তোমালোকে বিশেষত্ব শুনোৱা তেতিয়া নিজেই দুৰ্বলতা স্পষ্টকৈ অনুভৱ কৰিব। এইটো সঞ্জীৱনী ঔষধিৰে মূৰ্ছিতজনক সুৰজিৎ কৰি উৰি গৈ থাকা আৰু উৰুৱাই গৈ থাকা।
 

স্লোগান:
নাম-মান-সন্মান বা সাধনক সংকল্পতো ত্যাগ কৰাই হৈছে মহান ত্যাগ।