01.04.19       Morning Assame Murli        Om Shanti      BapDada       Madhuban


"মৰমৰসন্তানসকলএইদুচকুৰদ্বাৰাযিদৃষ্টিগোচ
ৰহৈছেসেইসকলোবোৰনাশহৈযাব,
সেয়হেইয়াৰপৰাবেহদৰবৈৰাগ্য,
পিতাইতোমালোকৰকাৰণেনতুনসৃষ্টিৰচনাকৰিআছে

প্ৰশ্ন:
তোমালোকসন্তানসকলৰমৌনতাত (শান্তঅৱস্থাত)
কেনেকুৱাৰহস্যসোমাইআছে?

উত্তৰ:
যেতিয়া তোমালোক মৌন হৈ বহা তেতিয়া শান্তিধামক স্মৰণ কৰা। তোমালোকে জানা মৌনতা মানে জীৱন্তে মৰি যোৱা। ইয়াত পিতাই তোমালোকক সৎগুৰুৰ ৰূপত মৌন হৈ থাকিবলৈ শিকায়। তোমালোকে মৌনতাত থাকি নিজৰ বিকৰ্মক দগ্ধ কৰা। তোমালোকৰ জ্ঞান আছে যে এতিয়া ঘৰলৈ যাব লাগে। অন্য সৎসংগত শান্তিত বহে কিন্তু তেওঁলোকৰ শান্তিধামৰ জ্ঞান নাই।

ওঁম্শান্তি।
অতি মৰমৰ কল্পৰ পিছত পুনৰাই লগ পোৱা আত্মিক সন্তানসকলৰ প্ৰতি শিৱবাবাই কৈ আছে। গীতাত আছে শ্ৰীকৃষ্ণই কলে, কিন্তু প্ৰকৃততে শিৱবাবাই কয়, কৃষ্ণক বাবা বুলি কব নোৱাৰি। ভাৰতবাসীয়ে জানে যে পিতা দুজন লৌকিক আৰু পাৰলৌকিক। পাৰলৌকিক পিতাক পৰমপিতা বুলি কোৱা হয়। লৌকিক পিতাক পৰমপিতা বুলি কব নোৱাৰি। তোমালোকক কোনো লৌকিক পিতাই নুবুজায়। পাৰলৌকিক পিতাই পাৰলৌকিক সন্তানসকলক বুজায়। প্ৰথমতে তোমালোক শান্তিধামলৈ যোৱা, যাক তোমালোকে মুক্তিধাম, নিৰ্বাণধাম বা বানপ্ৰস্থ বুলিও কোৱা। এতিয়া পিতাই কয়- সন্তানসকল, এতিয়া শান্তিধামলৈ যাব লাগে। কেৱল শান্তিধামকেই শান্তি স্তম্ভ (শান্তিৰ শিখৰ) বুলি কোৱা হয়। ইয়াত যেতিয়া বহা প্ৰথমে শান্তিত বহিব লাগে। যিকোনো সৎসংগত প্ৰথমে শান্তিত বহে। কিন্তু তেওঁলোকৰ শান্তিধামৰ জ্ঞান নাই। সন্তানসকলে জানে আমি আত্মাসকলে এই পুৰণা শৰীৰ এৰি ঘৰলৈ যাব লাগে। যিকোনো সময়তে শৰীৰ এৰিবলগীয়া হব পাৰে সেইকাৰণে এতিয়া পিতাই যি পঢ়ায়, সেয়া ভালদৰে পঢ়িব লাগে। তেওঁ পৰম শিক্ষকো হয়। সৎগতি দাতা গুৰুও হয়, তেওঁৰ লগত যোগ লগাব লাগে। তেওঁ এজনেই তিনিওটা সেৱা কৰে। এনেকৈ আৰু কোনো এজনে তিনিওটা সেৱা কৰিব নোৱাৰে। এই এজন পিতাই মৌনতাও শিকায়। জীৱন্তে মৰি যোৱাকে মৌনতা বুলি কোৱা হয়। তোমালোকে জানা আমি এতিয়া শান্তিধাম ঘৰলৈ যাব লাগে, যেতিয়ালৈকে পবিত্ৰ আত্মা নহয়, তেতিয়ালৈকে কোনেও ঘৰলৈ যাব নোৱাৰে। যাবতো সকলোৱে লাগিব, সেয়হে পাপ কৰ্মৰ বাবে পিছলৈ শাস্তি পায়, আকৌ পদো ভ্ৰষ্ট হৈ যায়। পুৰস্কাৰ আৰু শাস্তিও খাবলগীয়া হয় কিয়নো মায়াৰ লগত হাৰি যায়। পিতা আহেই মায়াৰ ওপৰত জয়ী কৰাবৰ বাবে। কিন্তু অমনোযোগীতাৰ কাৰণে পিতাক স্মৰণ নকৰে। ইয়াত এজন পিতাকেই স্মৰণ কৰিব লাগে। ভক্তি মাৰ্গততো বহুত হাবাথুৰি খায়, যাৰ ওচৰত মূৰ দোৱায় তেওঁক নাজানে। পিতাই আহি হাবাথুৰি খোৱাৰ পৰা মুক্ত কৰে। বুজোৱা হয় জ্ঞান হৈছে দিন, ভক্তি হৈছে ৰাতি। ৰাতিয়েই খুন্দা খোৱা যায়। জ্ঞানৰ দ্বাৰা দিন অৰ্থাৎ সত্যযুগ-ত্ৰেতা। ভক্তি মানে ৰাতি, দ্বাপৰ-কলিযুগ। এয়া হৈছে গোটেই ড্ৰামাৰ সময় সীমা। আধা সময় দিন, আধা সময় ৰাতি। প্ৰজাপিতা ব্ৰহ্মাকুমাৰ-কুমাৰীৰ দিন আৰু ৰাতি। এয়া বেহদৰ কথা। বেহদৰ পিতা বেহদৰ সংগমত আহে, সেইকাৰণে কোৱা হয় শিৱৰাত্ৰি। মানুহে এইটো নুবুজে যে শিৱৰাত্ৰি কাক কোৱা হয়? তোমালোকৰ বাহিৰে এজনেও শিৱৰাত্ৰিৰ মহত্বক নাজানে কিয়নো এয়া হৈছে মাজৰ সময়। যেতিয়া ৰাতি শেষ হয়, দিন আৰম্ভ হয়, ইয়াক পুৰুষোত্তম সংগমযুগ বুলি কোৱা হয়। পুৰণি সৃষ্টি আৰু নতুন সৃষ্টিৰ মাজৰ সময়। পিতা আহেই প্ৰত্যেক পুৰুষোত্তম সংগমযুগত। এনেকুৱা নহয় যে যুগে যুগে আহে। সত্যযুগ-ত্ৰেতাৰ সংগমকো সংগমযুগ বুলি কৈ দিয়ে। পিতাই কয় - এইটো ভুল।

শিৱবাবাই কয় - মোক স্মৰণ কৰিলে পাপ বিনাশ হব, ইয়াক যোগ অগ্নি বুলি কোৱা হয়। তোমালোক হৈছা ব্ৰাহ্মণ। পবিত্ৰ হবৰ কাৰণে যোগ শিকোৱা। সেই ব্ৰাহ্মণসকলে কাম চিতাৰ বহুৱায়। সেই ব্ৰাহ্মণ আৰু তোমালোক ব্ৰাহ্মণসকলৰ মাজত দিন-ৰাতিৰ পাৰ্থক্য আছে। তেওঁলোক হল কোষ বংশাৱলী, তোমালোক হৈছা মুখ বংশাৱলী। প্ৰত্যেকটো কথাই ভালদৰে বুজিবলগীয়া। যিয়েই আহে তেওঁলোকক বুজোৱা হয়, বেহদৰ পিতাক স্মৰণ কৰা তেতিয়া বিকৰ্ম বিনাশ হব আৰু বেহদৰ পিতাৰ উত্তৰাধিকাৰ প্ৰাপ্ত কৰিবা। আকৌ যিমানে দৈৱীগুণ ধাৰণ কৰিবা আৰু আনকো কৰাবা সিমানে উচ্চ পদ পাবা। পিতা আহেই পতিতক পাৱন কৰি তুলিবলৈ। তেন্তে তোমালোকেও এইটো সেৱা কৰিব লাগে। পতিত সকলোৱে হয়। গুৰুসকলে কাকো পাৱন কৰিব নোৱাৰে। পতিত-পাৱন নাম শিৱবাবাৰ। তেওঁ আহেও ইয়ালৈ। যেতিয়া সকলোৱে পুৰা পতিত হৈ যায় ড্ৰামাৰ পৰিকল্পনা অনুসৰি, তেতিয়া পিতাৰ আগমন হয়। প্ৰথমে সন্তানসকলক অল্ফৰ বিষয়ে বুজায়। মোক স্মৰণ কৰা। তোমালোকে কোৱা নহয় যে তেওঁ পতিত-পাৱন। আত্মিক পিতাক পতিত-পাৱন বুলি কোৱা হয় । এনেকৈ কয় - হে ভগৱান অথবা হে বাবা। কিন্তু পৰিচয় কাৰোৱে নাই। এতিয়া তোমালোক সংগমবাসীকলে পৰিচয় পাইছা। তেওঁলোক হৈছে নৰকবাসী। তোমালোক নৰকবাসী নহয়। অৱশ্যে হয়, যদি কোনোবাই হাৰি যায় তেন্তে একেবাৰে অধঃপতিত হৈ যায়। যি উপাৰ্জন কৰিলে সেয়া শেষ হৈ যায়। মূল কথা হল পতিতৰ পৰা পাৱন হোৱাটো। এইখন হৈছেই বিকাৰী সৃষ্টি। সেয়া হৈছে নিৰ্বিকাৰী সৃষ্টি, নতুন সৃষ্টি, যত দেৱতাসকলে ৰাজত্ব কৰে। এতিয়া তোমালোক সন্তানসকলে জানিছা। প্ৰথমতে দেৱতাসকলে সকলোতকৈ অধিক জন্ম লয়। তাৰ ভিতৰতো যিসকল সূৰ্য্যবংশী তেওঁলোক আগতে আহে, 21 জন্মলৈকে উত্তৰাধিকাৰ পায়। এয়া পবিত্ৰতা-সুখ-শান্তিৰ সীমাহীন সম্পত্তি। সত্যযুগক সম্পূৰ্ণ সুখধাম বুলি কোৱা হয়। ত্ৰেতাত অলপ কম কিয়নো দুটা কলা কম হৈ যায়। কলা কম হলে পোহৰ কম হৈ যায়। চন্দ্ৰৰো কলা কম হলে পোহৰ কম হৈ যায়। শেষত কেৱল ৰেখা এডালহে থাকেগৈ। একেবাৰে নাইকিয়া নহয়। তোমালোকৰো তেনেকুৱাই হয় - একেবাৰে নাইকিয়া নহয়। এয়া আতাত নিমখৰ পৰিমানৰ দৰে।

পিতাই আত্মাসকলক বহি বুজাইছে। এয়া হৈছে আত্মা আৰু পৰমাত্মাৰ মেলা। এয়া বুদ্ধিৰ দ্বাৰা বুজা যায়। পৰমাত্মা কেতিয়া আহে? যেতিয়া বহুত আত্মা বা বহুত মনুষ্য হৈ যায় তেতিয়া পৰমাত্মা মেলালৈ আহে। আত্মা আৰু পৰমাত্মাৰ মেলা কিয় হয়? সেই মেলাতো মলিন হবৰ কাৰণে। এই সময়ত তোমালোক বাগিচাৰ গৰাকীৰ দ্বাৰা কাঁইটৰ পৰা ফুল হৈ আছা। কেনেকৈ হোৱা? স্মৰণৰ শক্তিৰ দ্বাৰা। পিতাক সৰ্বশক্তিমান বুলি কোৱা হয়। যেনেকৈ পিতা সৰ্বশক্তিমান তেনেকৈ ৰাৱণো কম শক্তিমান নহয়। পিতাই নিজেই কয় - মায়া বহুত শক্তিশালী, বলৱান হয়। কয় বাবা মই আপোনাক স্মৰণ কৰো, মায়াই স্মৃতি পাহৰাই দিয়ে। ইজন সিজনৰ শত্ৰু নহল জানো। পিতাই আহি মায়াৰ ওপৰত বিজয়ী কৰি তোলে, মায়াই পুনৰ পৰাজিত কৰি দিয়ে। দেৱতা আৰু অসুৰৰ যুদ্ধ দেখুৱায় কিন্তু এনেকুৱা কোনো নাই। যুদ্ধতো এয়াই হয়। তোমালোকে পিতাক স্মৰণ কৰাৰ ফলত দেৱতা হৈ যোৱা। মায়াই স্মৰণত বিঘিনি আনে, পঢ়াত বিঘিনি আনে। স্মৰণতেই বিঘিনি আহে। ক্ষণে ক্ষণে মায়াই পাহৰাই দিয়ে। দেহ-অভিমানী হোৱাৰ কাৰণে মায়াৰ থাপৰ লাগি যায়। কামুক যি হয় তেওঁৰ কাৰণে বহুত কাঢ়া শব্দ ব্যৱহাৰ কৰা হয়। এইখন হৈছেই ৰাৱণ ৰাজ্য। ইয়াতো বুজোৱা হয় যে পাৱন হোৱা তথাপি নহয়। পিতাই কয়- সন্তানসকল, বিকাৰত নাযাবা, মুখ কলা নকৰিবা। তথাপি লিখে বাবা মায়াই পৰাজিত কৰি দিলে অৰ্থাৎ মুখ কলা কৰি দিলে। বগা (পবিত্ৰ, সুন্দৰ) আৰু কলা (অপবিত্ৰ, কুৰুপ) আছে নহয় জানো। বিকাৰী কলা আৰু নিৰ্বিকাৰী বগা হয়। শ্যাম-সুন্দৰৰ অৰ্থও তোমালোকৰ বাহিৰে জগতত কোনেও নাজানে। কৃষ্ণকো শ্যাম-সুন্দৰ বুলি কয়। পিতাই তেওঁৰেই নামৰ অৰ্থ বুজায়। স্বৰ্গৰ প্ৰথম ৰাজকুমাৰ আছিল। সুন্দৰতাত তেওঁ এক নম্বৰত পাছ হয়। আকৌ পুনৰ্জন্ম লৈ লৈ তললৈ নামি কলা হৈ পৰে। সেয়েহে নাম ৰখা হল শ্যাম-সুন্দৰ। এই অৰ্থও পিতাই বুজায়। শিৱবাবাতো হয়েই চিৰসুন্দৰ। তেওঁ আহি তোমালোক সন্তানসকলক সুন্দৰ কৰি তোলে। পতিত কলা, আৰু পাৱন সুন্দৰ হয়। স্বাভাৱিক সৌন্দৰ্য্য থাকে। তোমালোক সন্তানসকল আহিছা যে আমি স্বৰ্গৰ মালিক হম। গায়নো আছে শিৱ ভগৱানুৱাচ, মাতৃসকলে স্বৰ্গৰ দুৱাৰ খোলে সেইকাৰণে বন্দে মাতৰম বুলিগোৱা হয়। যেতিয়া বন্দে মাতৰম বুলি কোৱা হয় এইটো বুজা যায় যে পিতাও আছে। পিতাই মাতৃসকলৰ মহিমা বঢ়ায়। প্ৰথমে লক্ষ্মী, পিছত নাৰায়ণ। ইয়াত আকৌ প্ৰথমে মিষ্টাৰ (শ্ৰীযুত), পিছত মিচেজ (শ্ৰীযুতা)। ড্ৰামাৰ ৰহস্য এনেকৈ বনোৱা আছে। পিতা ৰচয়িতাই প্ৰথমে নিজৰ পৰিচয় দিয়ে। এজন হৈছে হদৰ লৌকিক পিতা, দ্বিতীয়জন হৈছে বেহদৰ পাৰলৌকিক পিতা। বেহদৰ পিতাক স্মৰণ কৰে কিয়নো তেওঁৰ পৰা বেহদৰ সম্পত্তি পোৱা যায়। হদৰ সম্পত্তি পোৱাৰ পিছতো বেহদৰ পিতাক স্মৰণ কৰে। বাবা আপুনি আহিলে আমি অন্য সংগ এৰি আপোনাক সংগী কৰি লম। এয়া কোনে কলে? আত্মাই। আত্মায়ে এই ইন্দ্ৰিয়ৰ দ্বাৰা ভূমিকা পালন কৰে। প্ৰত্যেক আত্মাই যেনেকুৱা কৰ্ম কৰেতেনেকুৱাই জন্ম লয়। ধনী দুখীয়া হৈ পৰে। কৰ্মৰ কাৰণেই নহয় জানো। এই লক্ষ্মী-নাৰায়ণ বিশ্বৰ মালিক। তেওঁলোকে কি কৰিলে, এয়াটো তোমালোকে জানা আৰু তোমালোকেই বুজাব পাৰা।

পিতাই কয় এই দুচকুৰে তোমালোকে যি দেখা, তাৰ পৰা বৈৰাগ্য। এইবোৰ শেষ হৈ যাব। নতুন ঘৰ সাজিলে পুৰণা ঘৰৰ প্ৰতি বৈৰাগ্য আহি যায়। সন্তানসকলে কব বাবাই নতুন ঘৰ সজাইছে, আমি তালৈ যাম। এই পুৰণা ঘৰ ভাঙি চিঙি যাব। এয়া হৈছে বেহদৰ কথা। সন্তানসকলে জানে পিতা আহিছে স্বৰ্গৰ স্থাপনা কৰিবলৈ। এয়া হৈছে পুৰণি ছিঃছিঃ সৃষ্টি।

তোমালোক সন্তানসকল এতিয়া ত্ৰিমূৰ্তি শিৱৰ সন্মুখত বহি আছা। তোমালোক বিজয়ী হোৱা। প্ৰকৃততে তোমালোকৰ এই ত্ৰিমুৰ্তি হৈছে কোট অফ আৰ্মচ (কূল চিহ্ন)। তোমালোক ব্ৰাহ্মণসকলৰ এই কূল সকলোতকৈ উচ্চ। টিকনি (শিখৰ) হয়। এই ৰাজ্য স্থাপন হৈ আছে। এই কোট অফ আৰ্মচক তোমালোক ব্ৰাহ্মণ সকলেহে জানা। শিৱবাবাই আমাক ব্ৰহ্মাৰ দ্বাৰা পঢ়ায়, দেৱী-দেৱতা কৰি তুলিবৰ কাৰণে। বিনাশতো হবই। সৃষ্টি তমোপ্ৰধান হলে প্ৰাকৃতিক দুৰ্যোগেও সহায় কৰে। বুদ্ধিৰে কিমান বৈজ্ঞানিক আহিলাপাতি সাজি থাকে। পেটৰ পৰা কোনো মিচাইল নোলায়। এই বিজ্ঞানে উলিয়ায়, যাৰ দ্বাৰা গোটেই কূল শেষ কৰি দিয়ে। সন্তানসকলক বুজোৱা হৈছে উচ্চতকৈ উচ্চ হৈছে শিৱবাবা। পূজাও কৰিব লাগে এজন শিৱবাবাক আৰু দেৱতাসকলক। ব্ৰাহ্মণৰ পূজা হব নোৱাৰে কিয়নো তোমালোক আত্মা যদিও পবিত্ৰ কিন্তু শৰীৰটো পবিত্ৰ নহয়, সেয়েহে পূজাৰ যোগ্য নোহোৱা। মহিমা যোগ্য হোৱা। যেতিয়া তোমালোক পুনৰ দেৱতা হোৱা তেতিয়া আত্মাও পবিত্ৰ, শৰীৰো নতুন পবিত্ৰ পোৱা। এই সময়ত তোমালোক মহিমাৰ লায়ক হোৱা। বন্দে মাতৰম বুলি গোৱা হয়। মাতৃসকলৰ সেনাই কৰি কৰিলে? মাতৃসকলেই শ্ৰীমত অনুসৰি জ্ঞান দিছে। মাতৃসকলে সকলোকে শ্ৰীমত অনুসৰি জ্ঞান দিছে। মাতৃসকলে সকলোকে জ্ঞান অমৃত পাণ কৰায়। যথাৰ্থভাৱে তোমালোকেহে বুজা। শাস্ত্ৰততো বহুত কাহিনী লিখা আছে, তেওঁ বহি শুনায়। তোমালোকে সত্য সত্য বুলি কৈ থাকা। গায়নো আছে পাথৰ বুদ্ধি আৰু পাৰসবুদ্ধি। পাৰসবুদ্ধি মানে পাৰসনাথ। নেপালত পাৰসনাথৰ চিত্ৰ আছে। পাৰসপুৰীৰ নাথ হৈছে এই লক্ষ্মী-নাৰায়ণ। তেওঁলোকৰ ডিনায়েষ্টি (ৰাজবংশ) আছে। এতিয়া মূল কথা হল ৰচয়িতা আৰু ৰচনাৰ ৰহস্যক জনাটো, যাৰ কাৰণে ঋষি-মুনিসকলেও নেতী-নেতী (নাজানো-নাজানো) বুলি কৈ গল। এতিয়া তোমালোকে পিতাৰ দ্বাৰা সকলো জানিছা অৰ্থাৎ আস্তিক হৈছা। মায়া ৰাৱণে নাস্তিক কৰি তোলে। ভাল বাৰু!

অতি মৰমৰ কল্পৰ পিছত পুনৰাই লগ পোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।

ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) সদায় স্মৃতিত থাকিব লাগে যে আমি হৈছো ব্ৰহ্মাৰ মুখ বংশাৱলী ব্ৰাহ্মণ, আমাৰ কূল সকলোকৈ উচ্চ। আমি পবিত্ৰ হব লাগে আৰু আনকো পবিত্ৰ কৰি তুলিব লাগে। পতিত-পাৱনপিতাৰ সহায়কাৰী হব লাগে।

(2) স্মৰণত কেতিয়াও অমনযোগী হব নালাগে। দেহ-অভিমানৰ কাৰণে মায়াই স্মৰণত বিঘিনি আনে সেয়েহে প্ৰথমে দেহ-অভিমান এৰিব লাগে। যোগ অগ্নিৰ দ্বাৰা পাপ নাশ কৰিব লাগে।

বৰদান:
মায়াৰভয়ানকৰূপৰখেলকসাক্ষীহৈপ্ৰত্যক্ষকৰোতামায়াজীৎহোৱা

মায়াক স্বাগতম জনোৱাজনে মায়াৰ ভয়ানক ৰূপ দেখি ভয় নাখায়। সাক্ষী হৈ খেল প্ৰত্যক্ষ কৰিলে সেয়া মনোৰঞ্জক হৈ পৰে কিয়নো মায়াৰ বাহিৰত সিংঘৰ ৰূপ কিন্তু শক্তি মেকুৰীৰ সমানো নাই। কেৱল তোমালোকে ভয় খাই সেয়া ডাঙৰ কৰি দিয়া- কি কৰো.., কেনেকৈ হব.. কিন্তু এইটো পাঠেই স্মৃতিত ৰাখিবা যি হৈ আছে সেয়া ভাল আৰু যি হবলগীয়া আছে সেয়া আৰু ভাল। সাক্ষী হৈ খেল প্ৰত্যক্ষ কৰা তেতিয়া মায়াজীৎ হৈ যাবা।

স্লোগান:
যিসহনশীলহয়তেওঁকাৰোভাৱ-স্বভাৱতনজ্বলে,
ব্যৰ্থকথাএখনকাণেৰেশুনিআনখনকাণেৰেউলিয়াইদিয়ে।