01.05.22 Avyakt Bapdada
Assame
Murli
13.12.90 Om Shanti Madhuban
“*“তপস্যাৰ আধাৰ হৈছে
বেহদৰ (অসীমৰ) বৈৰাগ্য”*”
আজি বাপদাদাই সৰ্ব
স্নেহী সন্তানসকলক স্নেহৰ পুষ্প অৰ্পিত কৰি থকা প্ৰত্যক্ষ কৰি আছেহঁক। দেশ-বিদেশৰ
সকলো সন্তানৰ অন্তৰৰ পৰা স্নেহৰ পুষ্পৰ বৰ্ষা বাপদাদাই প্ৰত্যক্ষ কৰি আছে। সকলো
সন্তানৰ মনৰ এটিয়েই সুৰ অথবা গীত শুনি আছে। এটিয়েই গীত - "মোৰ পিতা"। চাৰিওফালে
মিলন উদ্যাপন কৰাৰ শুভ আশাসমূহৰ দীপক জিক্মিকাই আছে। এই দিব্য দৃশ্য গোটেই কল্পত
কেৱল বাপদাদা আৰু সন্তানসকলৰ বাহিৰে কোনেও প্ৰত্যক্ষ কৰিব নোৱাৰে। এই অনন্য স্নেহৰ
পুষ্প ইয়াৰ এই পুৰণি জগতৰ কহিনুৰ হীৰাতকৈও অমূল্য। এই অন্তৰৰ গীত একমাত্ৰ
সন্তানসকলৰ বাহিৰে আন কোনেও গাব নোৱাৰে। এনেকুৱা দীপাৱলী কোনেও উদ্যাপন কৰিব নোৱাৰে।
বাপদাদাৰ সন্মুখত সকলো সন্তান প্ৰকট হৈ আছে। এই স্থূল স্থানত সকলোৱে বহিব নোৱাৰে।
কিন্তু বাপদাদাৰ অন্তৰাসন অতি বিশাল সেইকাৰণে সকলোকে প্ৰকাশমান ৰূপত দেখি আছে।
সকলোৰে স্নেহপূৰ্ণ স্মৰণ আৰু স্নেহযুক্ত অধিকাৰৰ অভিযোগো শুনি আছে আৰু লগতে
প্ৰতিগৰাকী সন্তানক প্ৰতিদানত পদমগুণ অধিক স্নেহপূৰ্ণ স্মৰণ কৰি আছে। সন্তানসকলে
অধিকাৰেৰে কয় - আমি সকলোৱে সাকাৰ স্বৰূপত মিলন উদ্যাপন কৰোঁ। পিতায়ো বিচাৰে,
সন্তানসকলেও বিচাৰে। তথাপিও সময় অনুসৰি পিতা ব্ৰহ্মাই অব্যক্ত ফৰিস্তা ৰূপত সাকাৰ
স্বৰূপতকৈ অনেক গুণ তীব্ৰগতিৰে সেৱা কৰি সন্তানসকলক নিজৰ সমান কৰি গঢ়ি আছে। কেৱল
এবছৰ দুবছৰ নহয়, কিন্তু অনেক বছৰ অব্যক্ত মিলন, অব্যক্ত ৰূপত সেৱাৰ অনুভৱ কৰালে আৰু
কৰায়ো আছে। গতিকে পিতা ব্ৰহ্মাই অব্যক্ত হৈও ব্যক্ত ৰূপত কিয় ভূমিকা পালন কৰিলে?
সমান কৰি তুলিবৰ কাৰণে। পিতা ব্ৰহ্মা অব্যক্তৰ পৰা ব্যক্তত আহিল, তেন্তে সন্তানসকলে
প্ৰতিদানত কি কৰিব লাগে? ব্যক্তৰ পৰা অব্যক্ত হ'ব লাগে। সময় অনুসৰি অব্যক্ত মিলন,
অব্যক্ত ৰূপত সেৱাৰ এতিয়া অতি আৱশ্যক। সেইবাবে সময়ে সময়ে বাপদাদাই অব্যক্ত মিলনৰ
অনুভূতিৰ ইংগিত দি থাকে। ইয়াৰ বাবে তপস্যা বৰ্ষও উদ্যাপন কৰি আছা নহয়। বাপদাদা
হৰ্ষিত হয় যে গৰিষ্ঠসংখ্যক সন্তানৰে ভাল উৎসাহ-উদ্দীপনা আছে। কমসংখ্যকে এনেকৈ ভাবে
যে কাৰ্যসূচী অনুসৰি কৰিবই লাগে। এটা হৈছে কাৰ্যসূচী অনুসৰি কৰা আৰু আনটো হৈছে
আন্তৰিক উৎসাহ-উদ্দীপনাৰে কৰা। প্ৰত্যেকে নিজক সোধা - মই কোনবিধত আছোঁ?
সময়ৰ পৰিস্থিতি অনুসৰি,
স্ব উন্নতি অনুসৰি, তীব্ৰগতিৰ সেৱা অনুসৰি, বাপদাদাৰ স্নেহৰ প্ৰতিদান দিয়াৰ বাবে
তপস্যাৰ অতি আৱশ্যক। মৰম কৰাতো অতি সহজ আৰু সকলোৱে কৰে - এয়াও পিতাই জানে কিন্তু
তাৰ প্ৰতিদান স্বৰূপত বাপদাদাৰ সমান হ'ব লাগে। এই সময়ত বাপদাদাই এয়া চাব বিচাৰে। এই
ক্ষেত্ৰত কোনোবাৰ মাজত কোনোবাহে ওলায়। বিচাৰেতো সকলোৱেই কিন্তু বিচৰা আৰু কৰোঁতা -
এই ক্ষেত্ৰত সংখ্যাৰ পাৰ্থক্য আছে কিয়নো তপস্যাৰ সদাকালৰ আৰু সহজ আধাৰ হৈছে – বেহদৰ
(অসীমৰ) বৈৰাগ্য। বেহদৰ বৈৰাগ্য অৰ্থাৎ চাৰিওফালৰ দাঁতি (আশ্ৰয়) এৰি দিয়া। কিয়নো
দাঁতিকেই সাৰথি কৰি লৈছে। সময় অনুসৰি স্নেহী হোৱা আৰু শ্ৰীমতত নিমিত্ত হোৱা
আত্মাসকলৰ ইংগিত অনুসৰি চেকেণ্ডত বুদ্ধি স্নেহীৰ পৰা আকৌ উপৰাম হৈ যোৱা, সেইটো নহয়।
যিমান সোনকালে স্নেহী হোৱা, সিমান সোনকালে উপৰাম নোহোৱা। স্নেহী হোৱাৰ ক্ষেত্ৰত
পাকৈত, উপৰাম হোৱাৰ ক্ষেত্ৰত ভাবে, সাহস লাগে। উপৰাম হোৱা মানেই দাঁতি এৰা আৰু দাঁতি
এৰাই হৈছে বেহদৰ বৈৰাগ্য বৃত্তি। দাঁতিক সাৰথি কৰি ধৰিবলৈ জানা কিন্তু এৰাৰ
ক্ষেত্ৰত কি কৰা? দীঘলীয়া প্ৰশ্নবোধক চিন লগাই দিয়া। সেৱাৰ সঞ্চালিকা (ইনচাৰ্জ)
হ'বলৈ বহুত ভালদৰে জানা কিন্তু সঞ্চালিকাৰ লগতে নিজৰ আৰু আনৰ বেটাৰী চাৰ্জ কৰাতো
কঠিন লাগে সেইবাবে বৰ্তমান সময়ত তপস্যাৰ দ্বাৰা বৈৰাগ্য বৃত্তিৰ অতি আৱশ্যকতা আছে।
তপস্যাৰ সফলতা বিশেষ
আধাৰ বা সহজ সাধন হৈছে - এটা শব্দৰ পাঠ দৃঢ় কৰা। দুটি-তিনি লিখিবলৈ কঠিন লাগে। এক
লিখাতো বহুত সহজ। তপস্যা অৰ্থাৎ এজনৰ হোৱা। যাক বাপদাদাই ‘একনামী’ বুলি কয়। তপস্যা
অৰ্থাৎ মন-বুদ্ধিক একাগ্ৰ কৰা, তপস্যা অৰ্থাৎ একান্ত প্ৰিয় হৈ থকা, তপস্যা অৰ্থাৎ
স্থিতি একৰস কৰি ৰখা, তপস্যা অৰ্থাৎ প্ৰাপ্ত হোৱা সকলো সম্পদক ব্যৰ্থৰ পৰা ৰক্ষা কৰা
অৰ্থাৎ মৃতব্যয়িতাৰে চলা। গতিকে এজনৰ পাঠ দৃঢ় হ'ল নহয় - এজনৰ পাঠ কঠিন লাগে নে সহজ
হয়? হওতেতো সহজ, কিন্তু - এনেকুৱা ভাষাতো নোকোৱা নহয়।
বহুত বহুত ভাগ্যৱান
হোৱা। অনেক প্ৰকাৰৰ পৰিশ্ৰমৰ পৰা হাত সাৰি গ'লা। জগতৰ লোকসকলক সময়ে কৰাব আৰু সময়ত
বাধ্য হৈ কৰিব। সন্তানসকলক পিতাই সময়ৰ আগতেই তৈয়াৰ কৰে আৰু পিতাৰ প্ৰতি থকা মৰমৰ
বাবে কৰা। যদি মৰমেৰে নকৰিলা বা অলপ কৰা তেন্তে কি হ'ব? বাধ্য হৈ কৰিবই লাগিব।
বেহদৰ বৈৰাগ্য ধাৰণ কৰিবই লাগিব কিন্তু বাধ্য হৈ কৰাৰ ফল পোৱা নাযায়। মৰমৰ
প্ৰত্যক্ষ ফল হৈছে ভৱিষ্যতৰ ফল আৰু বাধ্য হৈ কৰাসকলে ক'ৰবাৰ পৰা অতিক্ৰম কৰিব লাগিব!
অতিক্ৰম কৰাটোও ক্ৰুচবিদ্ধ হোৱাৰ সমান। গতিকে কি পচন্দ কৰা? মৰমেৰে কৰিবা। বাপদাদাই
কেতিয়াবা দাঁতিৰ তালিকা শুনাব। এনেয়েতো জনাত পাকৈত হোৱা। পুনৰাই শুনাম কিয়নো
বাপদাদাইতো সন্তানসকলৰ প্ৰতিদিনৰ দিনচৰ্যা যেতিয়াই বিচাৰে তেতিয়াই চাব পাৰে। গোটেই
দিনটো এজন এজনক চোৱাৰ বেপাৰ নকৰে। সাকাৰ পিতা ব্ৰহ্মাক দেখিলা তেওঁৰ দৃষ্টি স্বতঃ
ক'লৈ গৈছিল। লাগিলে তোমালোকৰ পত্ৰ হওঁক, খতিয়ান হওঁক, নতুবা চাল-চলনেই হওঁক বা আঠ
পৃষ্ঠাৰ পত্ৰই হওঁক কিন্তু পিতাৰ দৃষ্টি ক’লৈ যায়? য'ত নিৰ্দেশ দিবলগীয়া হ'ব, য'ত
আৱশ্যক হ'ব। বাপদাদাই সকলো প্ৰত্যক্ষও কৰে, কিন্তু নেদেখেও। জানেও আৰু নাজানেও। যিটো
আৱশ্যক নহয় - সেইফালে নাচায়, নাজানে। খেলাতো বহুত ভালকৈ চায়, সেয়া পাছত কেতিয়াবা
শুনাম। বাৰু। তপস্যা কৰা, বেহদৰ বৈৰাগ্য বৃত্তিত থকা - এয়া সহজ নহয় জানো। দাঁতি
এৰিবলৈ কঠিন লাগে নেকি? কিন্তু হ'বও তোমালোকেই লাগিব। কল্প কল্পৰ প্ৰাপ্তিৰ অধিকাৰী
হৈছা আৰু অৱশ্যেই হ'বা। বাৰু। এই বছৰ কল্প পূৰ্বৰ অনেক কল্পৰ পুৰণি আৰু এইটো কল্পৰ
নতুন সন্তানসকলে সুযোগ পাইছে। গতিকে সুযোগ পোৱাৰ আনন্দ আছে নহয়? গৰিষ্ঠ সংখ্যকেই
নতুন, শিক্ষকসকল পুৰণা। গতিকে শিক্ষকসকলে কি কৰিবা? বৈৰাগ্য বৃত্তি ধাৰণ কৰিবা নহয়?
দাঁতি এৰিবানে? নে সেই সময়ত ক'বা যে কৰিবতো বিচাৰোঁ কিন্তু কেনেকৈ কৰোঁ? কৰি
দেখুৱাওঁতা হোৱা নে শুনাওঁতা হোৱা? চাৰিওফালৰ যিসকল সন্তান আহিছে সকলো সন্তানক
বাপদাদাই সাকাৰ ৰূপত দেখি আনন্দিত হৈ আছে। সাহস কৰিছে আৰু পিতাৰ সহায়তো সদায় আছেই,
সেইবাবে সদায় সাহসেৰে সহায়ৰ অধিকাৰক অনুভৱ কৰি সহজে উৰি গৈ থাকা। পিতাই সহায় কৰে
কিন্তু লওঁতাই লওঁক। দাতাই দিয়ে কিন্তু লওঁতাসকল যথাশক্তি হৈ যায়। গতিকে যথাশক্তি
নহ'বা। সদায় সৰ্বশক্তিমান হ'বা। তেতিয়া পাছত অহাসকলেও আগত নম্বৰ লৈ ল'ব। বুজিলা।
সৰ্বশক্তিৰ অধিকাৰ পূৰামাত্ৰেই প্ৰাপ্ত কৰা। বাৰু।
চাৰিওফালৰ সৰ্বস্নেহী
আত্মাসকলক, সদায় পিতাৰ মৰমৰ প্ৰতিদান দিওঁতা, অনন্য আত্মাসকলক, সদায় তপস্বী মূৰ্ত
স্থিতিত স্থিত হৈ থাকোঁতা, পিতাৰ সমীপৰ আত্মাসকলক, সদায় পিতাৰ সমান হোৱাৰ লক্ষ্যক
লক্ষণৰ ৰূপত আনোঁতা, এনেকুৱা দেশ-বিদেশৰ সকলো সন্তানক ‘দিলাৰাম’ পিতাৰ গভীৰ আন্তৰিক
প্ৰেম সহিত স্নেহপূৰ্ণ স্মৰণ আৰু নমস্কাৰ।
দাদীসকলৰ সৈতে
অৱ্যক্ত বাপদাদাৰ সাক্ষাৎ - অষ্ট শক্তিধাৰী, ইষ্ট আৰু অষ্ট হোৱা নহয়। অষ্টৰ চিন কি,
জানানে? প্ৰতিটো কৰ্মত সময় অনুসৰি, পৰিস্থিতি অনুসৰি, প্ৰতিটো শক্তি কৰ্মত আনোঁতা।
অষ্ট শক্তিয়ে ইষ্টও কৰি দিয়ে আৰু অষ্টও কৰি তোলে। অষ্ট শক্তিধাৰী হোৱা সেইবাবে আঠ
ভুজা দেখুৱায়। বিশেষ আঠটা শক্তি আছে। এনেয়েতো বহুত আছে, কিন্তু আঠত গৰিষ্ঠসংখ্যকেই
আহি যায়। বিশেষ শক্তিসমূহক সময়ত কাৰ্যত আনিব লাগে। যেনেকুৱা সময়, যেনেকুৱা পৰিস্থিতি
তেনেকুৱা স্থিতি হওঁক, ইয়াক কোৱা হয় অষ্ট আৰু ইষ্ট। গতিকে এনেকুৱা দল তৈয়াৰ হৈছে
নহয়? বিদেশত কিমান তৈয়াৰ হৈছে? অষ্টত আহোঁতা হোৱা নহয়? ভালবাৰু।
(ৰাতিপুৱা ব্ৰহ্ম
মুহুৰ্তৰ সময়ত সন্তৰী দাদীয়ে শৰীৰ এৰিলে - 13-12-90)
ভালেই, যাবতো সকলোৱে
লাগিব। সদাপ্ৰস্তুত হোৱা নে স্মৃতিলৈ আহিব - মোৰ সেৱাকেন্দ্ৰ, এতিয়া জিজ্ঞাসুসকলৰ
কি হ'ব? “মোৰ মোৰ”তো স্মৃতিলৈ নাহিব নহয়? যাবতো সকলোৱে লাগিব কিন্তু প্ৰত্যেকৰে
হিচাপ নিজা নিজা। হিচাপ-নিকাচ নিষ্পত্তি নকৰাকৈ কোনেও যাব নোৱাৰে, সেইবাবে সকলোৱে
আনন্দেৰে ছুটী দিলে। সকলোৰে ভাল লাগিল নহয়। এনেকৈ যোৱাতো ভাল নহয়। গতিকে তোমালোকো
সদাপ্ৰস্তুত হৈ যোৱা। বাৰু।
দলসমূহৰ লগত অব্যক্ত
বাপদাদাৰ সাক্ষাৎ
1. দিল্লী আৰু পঞ্জাৱ
দু্য়োখনেই সেৱাৰ আদি স্থান। স্থাপনাৰ স্থান সদায়েই মহত্ত্বপূৰ্ণ হিচাপে গণ্য কৰা হয়,
গায়ন কৰা হয়। যিদৰে সেৱাত আদি স্থান, সেইদৰে স্থিতিতো আদি ৰত্ন হোৱানে? স্থানৰ লগতে
স্থিতিৰো মহিমা আছে নহয়। আদি ৰত্ন অৰ্থাৎ প্ৰতিটো শ্ৰীমত জীৱনত কাৰ্যকৰী কৰাৰ
ক্ষেত্ৰত আৰম্ভণি কৰোঁতা। কেৱল শুনোঁতা-শুনাওঁতা নহয়, কৰোঁতা কিয়নো
শুনোঁতা-শুনাওঁতাতো অনেক আছে কিন্তু কৰোঁতা কোটিৰ মাজত কোনোবাহে আছে। গতিকে এইটো
নিচা থাকেনে যে মই কোটিৰ মাজত কোনোবা হওঁ? এই আত্মিক নিচাই মায়াৰ নিচাৰ পৰা মুক্ত
কৰি দিয়ে। এই আত্মিক নিচা সুৰক্ষাৰ সাধন হয়। পিন্ধা, খোৱা, চোৱা আদি মায়াৰ কোনো
নিচাই নিজৰ ফালে আকৰ্ষিত কৰিব নোৱাৰে। এনেকুৱা নিচাত থাকানে নে মায়াই অলপ অলপ
আকৰ্ষিত কৰে? এতিয়া বুদ্ধিমান হৈ গৈছা নহয়। মায়াৰো বোধ আছে। বুদ্ধিমান কেতিয়াও
প্ৰতাৰিত নহয়। যদি বুদ্ধিমানজন কেতিয়াবা প্ৰতাৰিত হয় তেন্তে তেওঁক সকলোৱে কি বুলি
ক’ব? বুদ্ধিমান আৰু প্ৰতাৰিত হৈ গ’ল! প্ৰতাৰিত হোৱা অৰ্থাৎ দুখক আহ্বান কৰা। যেতিয়া
প্ৰতাৰিত হোৱা তেতিয়া তাৰ দ্বাৰা দুখ পোৱা যায় নহয়। দুখ কোনোবাই ল'ব বিচাৰে জানো?
সেইবাবে সদায় আদি ৰত্ন হোৱা অৰ্থাৎ প্ৰতিটো শ্ৰীমতৰ আৰম্ভণি নিজৰ জীৱনত কৰোঁতা।
এনেকুৱা হোৱানে? নে চোৱা - প্ৰথমতে আনে কৰক, তাৰপাছত মই কৰিম? এওঁ যদি নকৰে তেন্তে
মই কেনেকৈ কৰিম! কৰাৰ ক্ষেত্ৰত প্ৰথমতে মই। অন্য পৰিৱৰ্তন হওঁক, তাৰপাছত মই
পৰিৱৰ্তন হ'ম…. নহয়, যিয়ে কৰিব তেৱেঁই পাব, আৰু কিমান পাবা? একৰ বিপৰীতে পদমগুণ।
গতিকে কৰাত মজা আছে নহয়। এক কৰা আৰু পদম পোৱা। ইয়াততো প্ৰাপ্তিয়েই প্ৰাপ্তি আছে,
সেইবাবে বাস্তৱত শ্ৰীমতক কাৰ্যকৰি কৰাৰ ক্ষেত্ৰত প্ৰথমতে মই। মায়াৰ বশীভূত হোৱাৰ
ক্ষেত্ৰত প্ৰথমতে মই নহয়, কিন্তু এই পুৰুষাৰ্থত প্ৰথমতে মই - তেতিয়াহে প্ৰতিটো খোজত
সফলতা অনুভৱ কৰিবা। সফলতা হৈয়েই আছে। কেৱল অলপ ৰাস্তা সলনি কৰি দিয়া, সলনি কৰাৰ বাবে
লক্ষ্যস্থান দূৰলৈ গুচি যায়, সময় লাগে। যদি কোনোবা ভুল ৰাস্তাৰে গুচি যায় তেন্তে
লক্ষ্যস্থান দূৰৈত গুচি যাব। গতিকে এনেকুৱা নকৰিবা। লক্ষ্যস্থান সন্মুখত আছে, সফলতা
আছেই। যদি কেতিয়াবা পৰিশ্ৰম কৰিবলগীয়া হয় তেন্তে মৰমৰ তুলাচনী পাতল হয়। যদি মৰম আছে
তেন্তে পৰিশ্ৰম কেতিয়াও কৰিব নোৱাৰা কিয়নো পিতাই অনেক ভুজা সহিত তোমালোকক সহায় কৰিব।
তেওঁ নিজৰ ভুজাৰ দ্বাৰা চেকেণ্ডত কাৰ্য সফল কৰি দিব। পুৰুষাৰ্থত সদায় উৰি থাকিবা।
পঞ্জাৱৰ সকলে উৰা নে ভয় কৰা? দৃঢ় অনুভৱী হৈ গৈছানে? কোনোবা ভয় কৰোঁতা আছা নেকি? কি
হ'ব, কেনেকৈ হ'ব……! নহয়। এওঁলোককো শান্তি দান দিওঁতা হোৱা। যিয়েই আহক শান্তি লৈ
যাওঁক, খালী হাতেৰে যাতে নাযায়। লাগিলে জ্ঞান দিব নালাগে কিন্তু শান্তিৰ প্ৰকম্পনেও
শান্ত কৰি দিয়ে। বাৰু।
2. চাৰিওফালৰ পৰা অহা
শ্ৰেষ্ঠ আত্মাসকল সকলো ব্ৰাহ্মণ হোৱা, ৰাজস্থানী, মহাৰাষ্ট্ৰীয় বা মধ্যপ্ৰদেশৰ নহয়।
সকলো এক হোৱা। এই সময়ত সকলো মধুবন নিবাসী হোৱা। ব্ৰাহ্মণৰ আচল স্থান হৈছে মধুবন।
সেৱাৰ বাবে ভিন্ন ভিন্ন ঠাইলৈ গৈছা। যদি একেখন স্থানতে বহি যোৱা তেন্তে চাৰিওফালৰ
সেৱা কেনেকৈ হ'ব? সেইবাবে সেৱাৰ অৰ্থে ভিন্ন ভিন্ন স্থানলৈ গৈছা। লাগিলে লৌকিকত
ব্যৱসায়ী হোৱা বা চৰকাৰী চাকৰীয়াল হোৱা, বা ফেক্টৰিত কাম কৰোঁতা হোৱা…. কিন্তু আচল
বৃত্তিত ঈশ্বৰীয় সেৱাধাৰী হোৱা। মাতাসকলো ঘৰত থাকি ঈশ্বৰীয় সেৱাত আছে। জ্ঞান লাগিলে
কোনোবাই শুনক বা নুশুনক, শুভ-ভাৱনা, শুভ-কামনাৰ প্ৰকম্পনেৰেও পৰিৱৰ্তন হয়। কেৱল
বাণীৰ সেৱাই সেৱা নহয়, শুভ-ভাৱনা ৰখাতোও সেৱা হয়। গতিকে দুয়োটা সেৱা কৰিব জানা নহয়?
কোনোবাই তোমালোকক যদি গালিও পাৰে তেতিয়াও তোমালোকে শুভ-ভাৱনা, শুভ-কামনা ৰাখিবলৈ
নেৰিবা। ব্ৰাহ্মণৰ কাম হৈছে - কিবা নহয় কিবা দিয়া। গতিকে এই শুভ-ভাৱনা, শুভ-কামনা
ৰখাটোও শিক্ষা দিয়া হয়। সকলো বাণীৰ দ্বাৰা পৰিৱৰ্তন নহয়। যেনেকুৱাই নহওঁক কিন্তু
কিবা নহয় কিবা অঞ্জলি নিশ্চয় দিবা। লাগিলে পৰিপক্ক ৰাৱণেই নহওঁক কিয়। বহুত মাতাই কয়
নহয় - মোৰ সম্বন্ধীয়সকল পৰিপক্ক ৰাৱণ, পৰিৱৰ্তন হওঁতা নহয়, এনেকুৱা আত্মাসকলকো নিজৰ
সম্পদেৰে, শুভ-ভাৱনা, শুভ-কামনাৰ অঞ্জলি নিশ্চয় দিবা। কোনোবাই যদি গালি পাৰে
তেতিয়াও তেওঁলোকৰ মুখৰ পৰা কি ওলায়? এওঁলোক ব্ৰহ্মাকুমাৰী হয়….. গতিকে পিতা
ব্ৰহ্মাকতো স্মৰণ কৰে, যদিওবা গালিও পাৰে কিন্তু ব্ৰহ্মা বুলিতো কয়। তথাপিও পিতাৰ
নামতো লয় নহয়। লাগিলে জানক বা নাজানক, তোমালোকে তথাপিও তেওঁলোকক অঞ্জলি দিয়া। এনেকৈ
অঞ্জলি দিয়া নে যিয়ে নুশুনে তেওঁক এৰি দিয়া? এৰি দিব নালাগে, নহ'লে পাছত তোমালোকৰ
কাণত ধৰিব, অভিযোগ দিব - আমিতো অবোধ আছিলোঁ, আপোনালোকে কিয় নিদিলে। গতিকে কাণত ধৰিব
নহয়। তোমালোকে দি যোৱা কোনোবাই লওক বা নলওক। বাপদাদাই নিতৌ ইমান সম্পদ সন্তানসকলক
দিয়ে। কোনোবাই পূৰা লয় কোনোবাই যথাশক্তি লয়। তথাপিও বাপদাদাই কেতিয়াবা কয় জানো - মই
নিদিও? কিয় নোলোৱা? গতিকে ব্ৰাহ্মণৰ কৰ্তব্য হৈছে দিয়া। দাতাৰ সন্তান হোৱা নহয়।
তেওঁলোকে ভাল বুলি কওঁক তাৰপাছত তোমালোকে দিবা তেন্তে এয়া লওঁতা হ'ল। লওঁতা কেতিয়াও
দাতাৰ সন্তান হ'ব নোৱাৰে, দেৱতা হ'ব নোৱাৰে। তোমালোক দেৱতা হ'বলৈ গৈ আছা নহয়?
দেৱতাৰ চোলা সাজু হৈ আছে নহয়? নে এতিয়া চিলাই আছা, ধুই আছা নে কেৱল ইস্ত্ৰি কৰিবলৈ
বাকী আছে? দেৱতাৰ চোলা সন্মুখত দৃষ্টিগোচৰ হোৱা উচিত। আজি ফৰিস্তা, কাইলৈ দেৱতা।
কিমানবাৰ দেৱতা হৈছা? গতিকে সদায় নিজক দাতাৰ সন্তান আৰু দেৱতা হ'বলৈ গৈ আছোঁ - এয়াই
স্মৃতিত ৰাখিবা। দাতাৰ সন্তানে লৈ উঠি নিদিয়ে। মান দিয়ক, সন্মান দিয়ক তেতিয়া দিম -
এনেকুৱা নহয়। সদায় দাতাৰ সন্তান দিওঁতা। এনেকুৱা নিচা সদায় থাকে নহয়। নে কেতিয়াবা
ক'ম হয়, কেতিয়াবা বেছি? এতিয়াও মায়াক বিদায় দিয়া নাই নেকি? লাহে লাহে নিদিবা - ইমান
সময় নাই। একতো আহিছা দেৰিকৈ আকৌ যদি লাহে লাহে পুৰুষাৰ্থ কৰা তেন্তে গৈ নাপাবা।
নিশ্চয় হ'ল, নিচা লাগিল আৰু উৰা। এতিয়া উৰন্ত কলাৰ সময়। উৰণ তীব্ৰ হয় নহয়। তোমালোক
ভাগ্যশালী হোৱা - উৰাৰ সময়ত আহিছা। গতিকে সদায় নিজক এনেকুৱাই অনুভৱ কৰা যে আমি বহুত
ভাগ্যৱান হওঁ। এনেকুৱা ভাগ্য আৰু গোটেই কল্পতেই পাব নোৱাৰা। গতিকে দাতাৰ সন্তান হোৱা,
লোৱাৰ সংকল্পও যাতে উদয় নহয়। পইচা দিয়ক, কাপোৰ দিয়ক, খাদ্য দিয়ক। দাতাৰ সন্তানৰ সকলো
স্বতঃ প্ৰাপ্ত হয়। খোজোঁতাসকলে নাপায়। দাতা হোৱা তেতিয়া আপোনাআপুনি পাই থাকিবা। ভাল
বাৰু!
বৰদান:
যথাৰ্থ
স্মৃতিৰ দ্বাৰা সৰ্ব শক্তি সম্পন্ন হওঁতা সৰ্বদা অস্ত্ৰধাৰী, কৰ্মযোগী হোৱা
যথাৰ্থ স্মৃতিৰ অৰ্থই
হৈছে সৰ্বশক্তিৰে সদায় সম্পন্ন হৈ থকা। পৰিস্থিতি ৰূপী শত্ৰু আহিব আৰু অস্ত্ৰ যদি
কামত নাহে তেন্তে অস্ত্ৰধাৰী বুলি কোৱা নহ’ব। প্ৰতিটো কৰ্মত (পিতাৰ) স্মৃতি থাকিলে
তেতিয়া সফলতা আহিব। যিদৰে কৰ্ম অবিহনে এক চেকেণ্ডো থাকিব নোৱাৰে, সেইদৰে কোনো কৰ্মই
যোগৰ অবিহনে কৰিব নোৱাৰা, সেইবাবে কৰ্ম-যোগী, অস্ত্ৰধাৰী হোৱা আৰু সময়ত সৰ্ব শক্তিক
আদেশ অনুসৰি প্ৰয়োগ কৰা - তেতিয়া যথাৰ্থ যোগী বুলি কোৱা হ’ব।
স্লোগান:
যাৰ সংকল্প আৰু
কৰ্ম মহান তেৱেঁই মাষ্টৰ সৰ্বশক্তিমান।