01.06.22       Morning Assame Murli        Om Shanti      BapDada       Madhuban


মৰমৰ সন্তানসকল সদায় ঈশ্বৰীয় সেৱাত ব্যস্ত হৈ থাকা তেতিয়া পিতাৰ প্ৰতি স্নেহ বাঢ়ি গৈ থাকিব, আনন্দৰ পাৰা উৰ্দ্ধগামী হৈ থাকিব

প্ৰশ্ন:
দৃষ্টিৰে তৃপ্ত হোৱা সন্তানসকলৰ অন্তৰত কোনটো আনন্দ থাকে?

উত্তৰ:
তেওঁলোকৰ অন্তৰত স্বৰ্গৰ বাদশ্বাহীৰ আনন্দ থাকে কিয়নো পিতাৰ দৃষ্টি প্ৰাপ্ত হল অৰ্থাৎ উত্তৰাধিকাৰৰ অধিকাৰী হল। পিতাৰ মাজত সকলো সমাহিত হৈ আছে।

প্ৰশ্ন:
পিতাই সন্তানসকলক নিতৌ ভিন্ন ভিন্ন ধৰণেৰে নতুন জ্ঞানৰ সাৰ কথা কিয় শুনায়?

উত্তৰ:
কিয়নো সন্তানসকলৰ অনেক জন্মৰ আশা পূৰ্ণ কৰিব লাগে। সন্তানসকলে পিতাৰ দ্বাৰা নতুন নতুন জ্ঞানৰ সাৰ কথা শুনে তেতিয়া পিতাৰ প্ৰতি স্নেহ বাঢ়ি গৈ থাকে।

গীত:
তুনে ৰাত গৱায়ী চো কে, দিন গৱায়ী খা কে.... (তুমি ৰাতি শুই কটালা, দিন খাই কটালা...)

ওঁম্শান্তি।
সন্তানসকলে দৃষ্টি লৈ বহি আছে। পিতায়ো আত্মাক আৰু এই শৰীৰক চাই আছে। সন্তানসকলেও চাই আছে। চালে মজা লাগে নে শুনি মজা লাগে? কিয়নো শুনাতো বহুত হল। জ্ঞান আদি বহুত শুনিছা। তোমালোক হৈছা এক নম্বৰ ভক্ত। তোমালোকেই সকলোতকৈ অধিক ভক্তি কৰিছা। বেদ, শাস্ত্ৰ, গ্ৰন্থ, গীতা, গায়ত্ৰী, জপ, তপ আদি সকলো পঢ়িছা, কৰিছা, বহুত শুনিলা। পিতাই বুজায় - কেতিয়াৰ পৰা এইবোৰ শুনি আহিছা? যেতিয়াৰ পৰা এয়া ওলাইছে বহুত শুনিছা। বাকী পিতাৰ সৈতে দৃষ্টিৰ মিলন সেয়া এতিয়াহে হয়। দৃষ্টিৰে তৃপ্ত হয়েই। এটা শ্লোকো আছে স্বামী সৎগুৰুৱে দৃষ্টিৰে তৃপ্ত কৰে। গুৰুও হয়, প্ৰেমিকাসকলৰ স্বামীও হয়। দৃষ্টিৰ সন্মুখত বহি আছে দৃষ্টিৰেই পিতাক জানে যে তেওঁৰ পৰা আমি বিশ্বৰ মালিকীসত্ব পাওঁ। পিতাক দেখিলে অন্তৰ আনন্দিত হৈ যায় কিয়নো পিতাৰ পৰাই সকলো পোৱা যায়। পিতা মাজতে সকলো সমাহিত হৈ আছে। যিহেতু পিতাক পালা, দৃষ্টিৰ সন্মুখত বহি আছা তেন্তে নিশ্চয় সন্তানসকলৰ স্বৰ্গৰ বাদশ্বাহীৰ নিচাও বাঢ়িব। প্ৰথমে পিতাক পোৱাৰ নিচা, পাছত বে বাদশ্বাহীৰ নিচা। আমি জানো যে আমি এতিয়া পিতাৰ সন্মুখত বহি আছোঁ। দেহ-অভিমান এতিয়া আঁতৰি গৈ আছে। আমি আত্মাসকলে এই শৰীৰৰ সৈতে পৰিক্ৰমা লগাওঁ, ভূমিকা পালন কৰি কৰি এতিয়া আমাৰ পিতাও সন্মুখত বহি আছে। পিতাৰ লগতে উত্তৰাধিকাৰৰ বাবে আনন্দিত হওঁ। সন্তানসকল যেতিয়া ডাঙৰ হয় তেতিয়া বুদ্ধিত উদয় হয় যে মই বেৰিষ্টাৰৰ, ইঞ্জিনিয়াৰৰ, বাদশ্বাহৰ সন্তান হওঁ। মই বাদশ্বাহীৰ মালিক হওঁ। ইয়াত তোমালোকে জানা পিতাৰ পৰা আমি স্বৰ্গৰ উত্তৰাধিকাৰ পাওঁ। পিতাক দেখিলে সন্তানসকলৰ স্থায়ী আনন্দ থাকিব লাগে, ইয়াকে আত্মিক বাৰ্তালাপ বুলি কোৱা হয়। সকলোৰে যিজন সৰ্ব্বোচ্চ পিতা তেওঁ বহি আত্মাসকলৰ সৈতে বাৰ্তালাপ কৰে। আত্মাই এই শৰীৰৰ দ্বাৰা শুনে। এয়া এবাৰেই এনেকুৱা হয় যে পিতাক স্মৰণ কৰি কৰি যেতিয়া তেওঁ আহে আৰু দৃষ্টি দিয়ে তেতিয়া 21 জন্মৰ কাৰণে উত্তৰাধিকাৰ দি দিয়ে। এইটো তোমালোক সন্তানসকলে স্মৃতিত ৰাখিব লাগে। যিসকল সন্তান আছে তেওঁলোকে পাহৰি যায়, পাহৰিব নালাগে। বাবাৰ দৃষ্টিৰ সন্মুখত থাকিলেই বুজে যে আমি বাবাৰ লগত বহি আছোঁ। বাবাক দেখিলে আনন্দৰ পাৰা উৰ্দ্ধগামী হয় আৰু বহি নতুন নতুন জ্ঞানৰ সাৰ কথা বুজায়। পিতাৰ প্ৰতি সন্তানসকলৰ পূৰা স্নেহ জাগি উঠক। আত্মাই নিজৰ অন্তৰ পূৰা কৰি দিয়ে কিয়নো বিচ্ছেদ হৈ আছিল। অনেক প্ৰকাৰৰ দুখ দেখিছে। এতিয়া সন্মুখত বহি আছে তেন্তে দেখি হৰ্ষিত হব লাগে। পিতাৰ সন্মুখত থাকিলে হৰ্ষিত হোৱা নে পিতাৰ পৰা দূৰ হৈ গলেও ইমান হৰ্ষিত অৱস্থা থাকে? বিবেকে কয় বাহিৰততো বহুত কথা শুনে সেয়েহে বুদ্ধি অন্যফালে গুচি যায়। এয়া মধুবনত যিসকল সন্তান বহি আছে, সন্মুখত শুনে, বাবাই স্নেহেৰে আকৰ্ষিত কৰে। চোৱা, তোমালোকৰ কিমান মিঠা, কিমান মৰমৰ বাবা। তোমালোকক স্বৰ্গলৈ যাবৰ বাবে লায়ক কৰি আছে। সন্তানসকল স্বৰ্গৰ মালিক আছিল। এতিয়া ড্ৰামা অনুসৰি সকলো হেৰুৱাই পেলালে। ৰাজ্য হেৰুওৱা আৰু প্ৰাপ্ত কৰা এইটো কোনো ডাঙৰ কথা নহয়। তোমালোকেহে এইটো কথা জানা। জগতত কোটি কোটি আত্মা আছে, কিন্তু কোটিৰ মাজত কিছুসংখ্যকেহে মোক চিনি পায়। মই কি হওঁ আৰু কেনেকুৱা হওঁ, মই যি হওঁ, যেনেকুৱা হওঁ মোৰ দ্বাৰা কি পোৱা যায়? এয়া বুজি পোৱা সত্ত্বেও আচৰিত কথা যে মায়াই পাহৰাই দিয়ে। এনেকুৱা নহয় যে সন্মুখত থকাসকলক মায়াই পাহৰাই নিদিয়ে। সন্মুখত থকাসকলকো মায়াই পাহৰাই দিয়ে। শিৱবাবাৰ প্ৰতিও পূৰা স্নেহ থকা উচিত। স্নেহ কেনেকৈ বাঢ়িব যে বাবাৰ পৰা আমি উচ্চ উত্তৰাধিকাৰ লৈ লম? পিতাই কব - সেৱা কৰা। পিতাই সন্তানসকলৰ সেৱা কৰে। সন্তানসকলে জানে, বাবা দূৰণিৰ দেশৰ পৰা আহিছে। নিশ্চয়বুদ্ধিৰ সন্তানসকল কেতিয়াও অস্থিৰ হব নালাগে। বিবুদ্ধিত পৰিব নালাগে, কিন্তু মায়া বৰ শক্তিশালী। বাবাইতো অলংকৃত কৰি আছে। মনুষ্যক দেৱতা কৰি তোলে। এইখন স্কুল হয়েই দেৱতা হোৱাৰ। পৱিত্ৰ সৃষ্টিৰ মালিক হবলৈ এইখিনি পৰিশ্ৰম আছে। বাবাই কেৱল কয় - মোক স্মৰণ কৰা। মনুষ্য যেতিয়া মৰে তেতিয়া তেওঁক কয় ৰামক স্মৰণ কৰা। কিন্তু ৰামক নাজানেই গতিকে স্মৰণ কৰি কোনো লাভ নাই। তোমালোকৰতো পিতাৰ পূৰা পৰিচয় আছে। তোমালোক আহাই শিৱবাবাৰ ওচৰলৈ। তেওঁতো হৈছে নিৰাকাৰ, ৰচয়িতা। কেনেকৈ ৰচিব? প্ৰজাপিতা ব্ৰহ্মাকো ৰচয়িতা বুলি কয়, ব্ৰহ্মাৰ দ্বাৰা মনুষ্য সৃষ্টি উৎপত্তি হয়, সেইকাৰণে প্ৰজাপিতা ব্ৰহ্মা বুলি কোৱা হয়। তোমালোক এতিয়া ব্ৰাহ্মণ হৈছা। তোমালোক আত্মাই এতিয়া ভালদৰে জানা যে আমি শিৱবাবাৰ নাতি, ব্ৰহ্মাৰ সন্তান হৈছোঁ। তোমালোক সন্তানসকলে বিচৰা যে আমাৰ বিকৰ্ম বিনাশ হৈ যাওঁক আৰু আমি বিজয় মালাত সমীপত গঁথা যাওঁ, গতিকে বাবাক বহুত স্মৰণ কৰিব লাগে। আকৌ তোমালোক কৰ্মযোগীও হোৱা। ঘৰ-সংসাৰৰ তত্ত্বাৱধান লৈ পদুম ফুলৰ দৰে পৱিত্ৰ হৈ থাকিব লাগে। এইটো দৃষ্টান্ত কোনো সন্ন্যাসীৰ ক্ষেত্ৰত প্ৰযোজ্য নহয়। তেওঁলোক গৃহস্থ ব্যৱহাৰত থাকি পদুম ফুলৰ দৰে পৱিত্ৰ হৈ থাকিব নোৱাৰে। আৰু কাকো তেনেকৈ কবও নোৱাৰে। যি যেনেকুৱা হয়, তেওঁ তেনেকুৱা কৰিয়ে গঢ়িব। সন্ন্যাসীয়ে এনেকৈ কব নোৱাৰে যে পদুম ফুলৰ দৰে পৱিত্ৰ হৈ থাকা। যদি কয় ব্ৰহ্মক স্মৰণ কৰা, সেয়াও হব নোৱাৰে। কব আপোনালোকেতো ঘৰ-সংসাৰ এৰিছে, আমি কেনেকৈ এৰিম? আপোনালোকেই ঘৰ গৃহস্থালিত থাকিব নোৱাৰে তেন্তে আনক কেনেকৈ কব পাৰে। এই ৰাজযোগৰ শিক্ষা দিব নোৱাৰে। এতিয়া তোমালোকে সকলো ধৰ্মাৱলম্বীৰ ৰহস্য বুজি গৈছা। প্ৰত্যেক ধৰ্মই আকৌ নিজৰ সময়ত আহিব লাগে। কলিযুগৰ পৰা পুনৰ সত্যযুগ হব। সত্যযুগৰ কাৰণে আদি সনাতন দেৱী-দেৱতা ধৰ্ম লাগে অন্য কোনো ধৰ্মাৱলম্বীৰ মনুষ্যক দেৱতা কৰি তুলিব নোৱাৰে। তেওঁলোক মুক্তিলৈয়ে যাব লাগে, সুখ আছেই স্বৰ্গত। যেতিয়া আমি দেৱী-দেৱতা হম তেতিয়া অন্য ধৰ্মাৱলম্বীসকল মুক্তিত যাব। যেতিয়ালৈকে আমি জীৱনমুক্তি ধাম স্বৰ্গলৈ নাযাওঁ তেতিয়ালৈকে কোনো মুক্তিত যাব নোৱাৰে। স্বৰ্গ আৰু নৰক একেলগে থাকিব নোৱাৰে। আমি জীৱনমুক্তিৰ উত্তৰাধিকাৰ পাম গতিকে জীৱনবন্ধনত থকাসকল থাকিব নালাগে। তোমালোকে জানা এয়া হৈছে সংগমৰ সময়। তোমালোকেই কল্পৰ সংগমত বাবাৰ সৈতে মিলিত হোৱা, অন্য কোনেও মিলিত হব নোৱাৰে। অন্যই ভাবে এয়াতো কলিযুগ। আমি এতিয়া কলিযুগত নাই। বাবাৰ পৰা স্বৰ্গৰ কাৰণে পুনৰাই উত্তৰাধিকাৰ পাই আছোঁ। আমি জীৱন্তে মৰি পিতাৰ হৈছোঁ। যিসকল তোলনীয়া হয় তেওঁলোকে দুয়োখন জগতৰ বিষয়ে গম পায়। অমুকৰ আছিল, এতিয়া অমুকৰ হৈছোঁ। তেওঁলোকে নিজৰ মিত্ৰ সম্বন্ধীয় আদি সকলোকে জানে, দুয়োফালৰ কথা গম পায়। তোমালোক সন্তানসকলে জানা এই জগতৰ পৰা আমাৰ লংগৰ উঠাই ললোঁ। এতিয়া আমি গৈ আছোঁ। ইয়াৰ লগত আমাৰ কোনো সম্পৰ্ক নাই। এই ভগৱানে নিজৰ সন্তানসকলৰ সৈতে অৰ্থাৎ পৰমপিতা পৰমাত্মাই শালগ্ৰাম সন্তানসকলৰ সৈতে বাৰ্তালাপ কৰি আছে। ভগৱান আহিব লাগে, কিন্তু নাজানে। পিতাক নজনাৰ কাৰণে বিবুদ্ধিত পৰে। ইমান সহজ কথাটিও কোনেও বুজি নাপায়। স্মৰণ কৰে। তোমালোকে জানা আমি আত্মাই শৰীৰ লৈ ভূমিকা পালন কৰোঁ। আমি পৰমধামৰ পৰা আহোঁ। তাত পৰমপিতা পৰমাত্মাও থাকে। মনুষ্যইতো আত্মাকো নাজানে আৰু পৰমাত্মাকো নাজানে। কেনেকৈ ভগৱান আহি সাক্ষাৎ কৰিব? কি কৰিব। কোনেও নাজানে। গীতাত সকলো ভুলকৈ লিখি দিছে। নামেই সলনি কৰি দিছে। পিতাই সোধে - তোমালোকে মোক জানা নহয়? কৃষ্ণই জানো এনেকৈ কব যে তোমালোকে মোক জানানে? তেওঁকতো গোটেই জগতে জানে। তেওঁ জ্ঞান দিব নোৱাৰে। গতিকে নিশ্চয় বুজাব লাগে, ভগৱানে ৰূপ সলনি কৰে কিন্তু কৃষ্ণ নহয়। তেওঁ মনুষ্যৰ দেহত আহে, কৃষ্ণৰ দেহত নাহে। এওঁ হৈছে ব্ৰহ্মা। তেওঁ হয়েই কৃষ্ণৰ আত্মা। কেৱল অলপ কথা পাহৰি গৈছে। এওঁ হৈছে কৃষ্ণৰ 84তম জন্মৰ আত্মা, যি আকৌ আদিত কৃষ্ণ হয়। অন্তিম জন্মত কৃষ্ণৰ পদ পাবলৈ পুৰুষাৰ্থ কৰি আছে। এইবোৰ কিমান গুপ্ত কথা। সৰু কথাটিও পাহৰি গল, এই ক্ষেত্ৰত বহুত ভ্ৰম আছে।

তোমালোকে জানা আমি কৃষ্ণৰ কুলৰ আছিলোঁ। এতিয়া পুনৰ শিৱবাবাৰ পৰা ৰাজ্য-ভাগ্য লৈ আছোঁ। আমাৰ বুদ্ধিত কৃষ্ণ নাথাকে। মনুষ্যইতো কৃষ্ণ ভগৱানুবাচ বুলি কৈ দিয়ে। একোৱেই সিদ্ধ নহয়। গীতাত দেখুৱাইছে যে পাঁচ পাণ্ডৱ ৰক্ষা পৰিল। কল্পৰ আয়ুস লাখ লাখ বছৰ দি দিছে। ইমান সহজ কথাটিও মনুষ্যই নাজানে। তোমালোকে ইংগিততে বুজিব পাৰা যে আমিয়েই সূৰ্যবংশী কুলৰ আছিলোঁ, এতিয়া সূৰ্যবংশৰ পৰা শূদ্ৰবংশত আহিছোঁ। পুনৰ ব্ৰাহ্মণৰ পৰা দেৱতা হওঁ। বৰ্ণকো বুদ্ধিত ৰাখিব লাগে। তেওঁলোকে বৰ্ণকো আধা কৰি দিছে। টিকনি (আটাইতকৈ উচ্চ) ব্ৰাহ্মণ আৰু শিৱবাবাক পাহৰি গৈছে। বাকী দেৱতা, ক্ষত্ৰিয়, বৈশ্য, শূদ্ৰ দেখুৱাই দিছে। ব্ৰাহ্মণতো নিশ্চয় লাগে নহয় জানো। ব্ৰহ্মাৰ সন্তান কলৈ গল। এয়া কাৰো বুদ্ধিত ধাৰণ নহয়। তোমালোকক পিতাই ভালদৰে বুজায়, তোমালোকে বুদ্ধিত ভালদৰে ধাৰণ কৰিব লাগে। যি জ্ঞান পিতাৰ বুদ্ধিত আছে সেয়া তোমালোকৰো থাকিব লাগে। মই তোমালোক আত্মাসকলক নিজৰ সমান কৰি গঢ়ি তোলোঁ। সৃষ্টিৰ চক্ৰৰ যি জ্ঞান মোৰ আছে, সেয়া তোমালোকৰ বুদ্ধিতো আছে। বুদ্ধিমান হব লাগে। বাবাৰ সৈতে যোগযুক্ত হৈও থাকিব লাগে আৰু প্ৰতি মুহূৰ্ততে বিচাৰ সাগৰ মন্থন চলি থাকিব লাগে। এতিয়া তোমালোক সন্মুখত বহি আছা। বুজি পোৱা যে বাবাইতো একেবাৰে সহজকৈ বুজায়। এনেকৈ কয়ো - আত্মা পৰমাত্মা. সৎগুৰুৱে দালালৰ ৰূপত পঢ়ায়। দালাল অথবা চুক্তি কৰোঁতা। পিতাই এওঁৰ দ্বাৰা আহি নিজৰ লগত চুক্তি কৰায়। তোমালোকে জানা যে দালালক স্মৰণ কৰিব নালাগে। দালালৰ দ্বাৰা আমাৰ বাগদান হয় শিৱবাবাৰ লগত। তোমালোক সকলো মাজৰ দালাল। কয় - পৰমপিতা পৰমাত্মাৰ সৈতে তোমালোকৰ কি সম্বন্ধ? তোমালোকে বাগদান কৰাৰ যুক্তি ৰচা। আকৌ প্ৰজাপিতাৰ নামো দি দিয়া। উত্তৰাধিকাৰ শিৱবাবাৰ পৰা পোৱা যায়। স্বৰ্গৰ ৰচিয়তাই হৈছে তেওঁ। জীৱ আত্মাসকলৰ পৰমাত্মাৰ সৈতে বাগদান হয়। বাগদান কৰিছিল, উত্তৰাধিকাৰ পাইছিলোঁ পুনৰাই পাওঁ।

তোমালোকে জানা যে আমাৰ কল্পই কল্পই কল্পৰ সংগমযুগৰ এইটোৱেই ধাণ্ডা, অন্য কোনো আত্মাই পৰমাত্মাৰ সৈতে বাগদান নকৰায়। বাগদানো তেওঁৰ সৈতে কৰায় যিয়ে বিশ্বৰ মালিক কৰি তোলে। এয়া হৈছে উচ্চতকৈও উচ্চ আত্মিক বাগদান। আত্মিক বাগদান কৰিবলৈ কল্পই কল্পই পিতাৰ পৰাহে শিকে। কল্পই কল্পই এনেকুৱা হয়। কল্পই কল্পই মনুষ্যৰ পৰা দেৱতা নিশ্চয় হয়। দেৱতা পুনৰ মনুষ্য হয়। মনুষ্যইতো মনুষ্যই হয়। কিন্তু কিয় এনেকৈ লিখা আছে যে মনুষ্যৰ পৰা দেৱতা কৰি তুলিবলৈ ঈশ্বৰৰ সময় নালাগে. কিয়নো দেৱতা ধৰ্ম প্ৰতিষ্ঠা কৰে। তোমালোকেও জানা এই বাগদানেৰে আমি মনুষ্যৰ পৰা দেৱতা হৈ আছোঁ। সকলোৱে কয় যীশুখ্ৰীষ্টৰ 3 হাজাৰ বছৰ পূৰ্বে ভাৰত হেভেন আছিল, কিন্তু বুদ্ধিত উদয় নহয়। ভাৰত প্ৰথমে স্বৰ্গ আছিল, এতিয়াও কিমান মন্দিৰ সাজে। কিন্তু সকলোৰে অৱৰোহণ কলা। আমাৰ হৈছে আৰোহণ কলা। আৰোহণ কলা হবলৈ এক চেকেণ্ড লাগে। ভাল বাৰু!

অতি মৰমৰ, কল্পৰ পাছত পুনৰাই লগ পোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।

ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) কেতিয়াও কোনো কথাত বিবুদ্ধিত পৰি নিশ্চয়তাত তল-ওপৰ হব নালাগে। ঘৰ-সংসাৰৰ তত্ত্বাৱধান লৈ, কৰ্মযোগী হৈ থাকিব লাগে। বিজয় মালাত সমীপত আহিবলৈ পৱিত্ৰ নিশ্চয় হব লাগে।

(2) বুদ্ধিমান হবলৈ জ্ঞানৰ বিচাৰ সাগৰ মন্থন কৰিব লাগে। সদায় সেৱাত তৎপৰ হৈ থাকিব লাগে। নিজৰ সমান কৰি তোলাৰ সেৱা কৰিব লাগে।

বৰদান:
বাবা শব্দৰ স্মৃতিৰে হদৰ মোৰ বোধক অৰ্পণ কৰোঁতা বেহদৰ বৈৰাগী হোৱা

অনেক সন্তানে কয় মোৰ এইটো গুণ আছে, মোৰ শক্তি আছে, এয়াও ভুল, পৰমাত্ম দানক মোৰ বুলি মানি লোৱা - এইটো মহাপাপ হয়। অনেক সন্তানে সাধাৰণ ভাষাত কৈ দিয়ে মোৰ এই গুণক, মোৰ বুদ্ধিক ব্যৱহাৰ কৰা নহয়, কিন্তু মোৰ বুলি কোৱা মানেই মলিয়ন হোৱা - এয়াও ঠগামি হয়, সেইকাৰণে এই হদৰ মোৰ বোধক অৰ্পণ কৰি সদায় বাবা শব্দ স্মৃতিত ৰাখিব লাগে, তেতিয়া বেহদৰ বৈৰাগী আত্মা বুলি কোৱা হব।

স্লোগান:
নিজৰ সেৱাক পিতাৰ আগত অৰ্পণ কৰি দিয়া তেতিয়া সেৱাৰ ফল আৰু বল প্ৰাপ্ত হৈ থাকিব।