01.07.20       Morning Assame Murli        Om Shanti      BapDada       Madhuban


"মৰমৰ সন্তানসকল ডাঙৰ ডাঙৰ স্থানবোৰত ডাঙৰ ডাঙৰ দোকান (চেণ্টাৰ) খোলা, ছাৰ্ভিচ (সেৱা) বৃদ্ধি কৰাৰ প্লেন (পৰিকল্পনা) কৰা, মিটিং কৰা, বিচাৰ কৰা"

প্ৰশ্ন:
স্থূল ৱণ্ডাৰচ্ (আশ্চৰ্য)ৰ বিষয়েতো সকলোৱে জানে কিন্তু সকলোতকৈ ডাঙৰ ৱণ্ডাৰ কোনটো, যাক তোমালোক সন্তানসকলেহে জানা?

উত্তৰ:
সকলোতকৈ ডাঙৰ ৱণ্ডাৰতো এয়া হয় যে সকলোৰে সৎগতি দাতা পিতা স্বয়ং আহি পঢ়ায়। এই ৱণ্ডাৰফুল কথাটি কবৰ কাৰণে তোমালোকে নিজৰ নিজৰ দোকানত (সেৱাকেন্দ্ৰত) জাকজমকতা কৰিবলগীয়া হয় কিয়নো মনুষ্যই জাকজমকতা (শ্ব) দেখিহে আহে। গতিকে সকলোতকৈ ভাল আৰু ডাঙৰ দোকান কেপিটেল (ৰাজধানী)ত থাকিব লাগে, যাতে সকলোৱে আহি বুজে।

গীত:
মৰনা তেৰী গলী মে... (তোমাৰ গলিতেই যেন মৰো)

ওঁম্শান্তি।
শিৱ ভগৱানুবাচ। ৰুদ্ৰ ভগৱানুবাচ বুলিও কব পাৰি কিয়নো শিৱ মালা বুলি গায়ন কৰা নহয়। যিসকল মনুষ্যই ভক্তি মাৰ্গত বহুত জপ কৰে তাৰ নাম ৰখা হৈছে ৰুদ্ৰ মালা। কথা একেটাই কিন্তু ৰাইট ৱেত (সঠিক মাৰ্গত) শিৱবাবাই পঢ়ায়। সেইটো নামেই হোৱা উচিত, কিন্তু ৰুদ্ৰ মালা নাম প্ৰচলিত হৈ আহিছে। গতিকে সেইটোও বুজাবলগীয়া হয়। শিৱ আৰু ৰুদ্ৰৰ মাজত কোনো পাৰ্থক্য নাই। সন্তানসকলৰ বুদ্ধিত আছে যে আমি ভালদৰে পুৰুষাৰ্থ কৰি বাবাৰ মালাত সমীপত আহি যাওঁ। এইটো দৃষ্টান্তও শুনোৱা হয়। যেনেকৈ শিশুসকলে দৌৰ লগাই যায়, চিহ্নৰ ওচৰলৈকে গৈ পুনৰ ঘূৰি আহি শিক্ষকৰ ওচৰত থিয় হয়। তোমালোক সন্তানসকলেও জানা আমি 84ৰ চক্ৰ পৰিক্ৰমা কৰিলোঁ। এতিয়া প্ৰথমে প্ৰথমে গৈ মালাত গঁথা যাব লাগে। সেয়া হৈছে হিউমেন ষ্টুডেণ্টৰ ৰেচ্ (মানৱ শিশুৰ দৌৰ)। এয়া হৈছে আত্মিক ৰেচ। সেই ৰেচ তোমালোকে কৰিব নোৱাৰা। এয়াতো হয়েই আত্মাসকলৰ কথা। আত্মাতো বুঢ়া, ডেকা বা সৰু-ডাঙৰ নহয়। আত্মাতো একেই থাকে। আত্মাইহে নিজৰ পিতাক স্মৰণ কৰিব লাগে, এই ক্ষেত্ৰত কোনো কষ্টৰ কথা নাই। লাগিলে পঢ়াত ঢিলাও হৈ যাওক কিন্তু ইয়াত কি কষ্ট আছে, একোৱেই নাই। সকলো আত্মা ভাই ভাই হয়। সেই ৰেচত ডেকাসকলে তীব্ৰতাৰে দৌৰিব। ইয়াততো সেইটো কথা নাই। তোমালোক সন্তানসকলৰ ৰেচ হৈছে ৰুদ্ৰ মালাত গঁথা যোৱাৰ বাবে। বুদ্ধিত আছে যে আমাৰ; আত্মাসকলৰো বৃক্ষ আছে। সেয়া হৈছে শিৱবাবাৰ সকলো মনুষ্য-মাত্ৰৰ মালা। এনেকুৱা নহয় যে কেৱল 108 বা 16108ৰ মালা আছে। নহয়। যি মনুষ্য মাত্ৰ আছে, সকলোৰে মালা আছে। সন্তানসকলে বুজি পায় ক্ৰম অনুসৰি প্ৰত্যেকেই নিজৰ নিজৰ ধৰ্মত গৈ বিৰাজমান হব, যিসকল পুনৰ কল্পই কল্পই সেই স্থানতেই আহি থাকিব। এয়াও ৱণ্ডাৰ নহয় জানো। জগতে এই কথাবোৰ নাজানে। তোমালোকৰ ভিতৰতো যিসকল বিশাল বুদ্ধি সম্পন্ন তেওঁলোকে এই কথাবোৰ বুজিব পাৰে। সন্তানসকলৰ বুদ্ধিত এইটোৱে খেয়াল থকা উচিত যে আমি সকলোকে কেনেকৈ ৰাস্তা দেখুৱাওঁ। এয়া হৈছে বিষ্ণুৰ মালা। আৰম্ভণিৰ পৰা বংশাৱলী আৰম্ভ হয়, ঠাল-ঠেঙুলি সকলো আছে নহয় জানো। তাতো সৰু সৰু আত্মাসকল থাকে। ইয়াত হৈছে মনুষ্য। পুনৰ সকলো আত্মা এক্যুৰেট (যথাযথ) তাত থিয় হ'ব। এইবোৰ ৱণ্ডাৰফুল কথা। মনুষ্যই এই স্থূল ৱণ্ডাৰচ সকলো দেখিছে কিন্তু সেয়াতো একোৱেই নহয়। এয়া কিমান ৱণ্ডাৰ হয় যে সকলোৰে সৎগতিদাতা পৰমপিতা পৰমাত্মা আহি পঢ়ায়। কৃষ্ণক জানো সকলোৰে সৎগতি দাতা বুলি কব। তোমালোকে এই সকলোবোৰ পইণ্টচ ধাৰণ কৰিব লাগে। মূল কথা হৈছেই গীতাৰ ভগৱানৰ। ইয়াৰ ওপৰত যদি বিজয় প্ৰাপ্ত কৰা তেন্তে বচ। গীতা হৈছেই সৰ্ব শাস্ত্ৰৰ শিৰোমণি, ভগৱানে শুনোৱা। প্ৰথমতে এইটো চেষ্টা কৰিব লাগে। আজিকালিতো বহুত জাকজমকতা লাগে, যিখন দোকানত বহুত শ্ব হয় তাত মনুষ্য বহুত সোমায়। তেওঁলোকে ভাবে ইয়াত ভাল সামগ্ৰী আছে। সন্তানসকলে ভয় কৰে, ইমান ডাঙৰ ডাঙৰ চেণ্টাৰ খুলিবলৈ লাখ দুই লাখ জমা দিব লাগিব, তেতিয়াহে মন পচন্দৰ ঘৰ পোৱা যাব। এখনেই ৰয়েল (ৰাজকীয়) ডাঙৰ দোকান হওক, ডাঙৰ দোকান ডাঙৰ ডাঙৰ চহৰতহে ওলাব। তোমালোকৰ সকলোতকৈ ডাঙৰ দোকান ৰাজধানীত থাকিব লাগে। সন্তানসকলে বিচাৰ সাগৰ মন্থন কৰা উচিত যে কেনেকৈ সেৱা বৃদ্ধি হয়। ডাঙৰ দোকান খুলিলে তেতিয়া ডাঙৰ ডাঙৰ (গুৰুত্বপূৰ্ণ) ব্যক্তি আহিব। ডাঙৰ ব্যক্তিৰ আৱাজ তৎক্ষণাৎ বিয়পি পৰে। প্ৰথমতেতো এইটো চেষ্টা কৰিব লাগে। ছাৰ্ভিচৰ (সেৱাৰ) কাৰণে ডাঙৰতকৈও ডাঙৰ স্থান এনেকুৱা ঠাই বাচনি কৰা যত ডাঙৰ ডাঙৰ মনুষ্যসকল আহি ৱণ্ডাৰ খাব আকৌ তাত বুজোঁৱাসকলো ফাৰ্ষ্টক্লাচ (প্ৰথম শ্ৰেণীৰ) হোৱা উচিত। যদি কোনোবা এজনো ঢিলা ব্ৰহ্মাকুমাৰ-কুমাৰীয়ে বুজায় তেতিয়া ভাবে - সম্ভৱতঃ সকলো ব্ৰহ্মাকুমাৰ-কুমাৰী এনেকুৱাই সেয়েহে দোকানত চেলচমেনো (বিক্ৰেতাও) ভাল ফাৰ্ষ্টক্লাচ লাগে। এয়াও বেপাৰ নহয় জানো। পিতাই কয় - সন্তানসকলে সাহস কৰিলে বাপদাদাই সহায় কৰে। সেই বিনাশী ধনতো কোনো কামত নাহিব। আমিতো নিজৰ অবিনাশী উপাৰ্জন কৰিব লাগে, ইয়াত বহুতৰে কল্যাণ হ'ব। যেনেকৈ এওঁ ব্ৰহ্মায়ো কৰিলে। পিছে কোনোবা ভোকত মৰে জানো। তোমালোকেও খোৱা, এৱোঁ খায়। ইয়াত যি খোৱা-বোৱা পোৱা যায় সেয়া আৰু কতো পোৱা নাযায়। এই সকলোবোৰ সন্তানসকলৰে নহয় জানো। সন্তানসকলে নিজৰ ৰাজ্য স্থাপন কৰিব লাগে, এই ক্ষেত্ৰত বহুত বিশালবুদ্ধিৰ প্ৰয়োজন। কেপিটেলত নাম প্ৰচাৰিত হলে তেতিয়া সকলোৱে বুজি যাব। সকলোৱে কব যথাযথ এওঁলোকেতো সঁচা কথা কয়, বিশ্বৰ মালিকতো ভগৱানেহে কৰি তুলিব। মনুষ্যই, মনুষ্যক জানো বিশ্বৰ মালিক কৰি তুলিব। বাবাই ছাৰ্ভিচৰ বৃদ্ধিৰ কাৰণে ৰায় দি থাকে।

ছাৰ্ভিচৰ বৃদ্ধি তেতিয়াহে হব যেতিয়া সন্তানসকল উদাৰ অন্তৰৰ হব। যিয়েই কাৰ্য কৰা উদাৰ অন্তৰেৰে কৰা। যিকোনো শুভ কৰ্ম নিজেই কৰা - এইটো বহুত ভাল। কোৱাও হয় - যিয়ে নিজেই কৰে তেওঁ দেৱতা, যিয়ে কলেহে কৰে তেওঁ মনুষ্য। যিয়ে কলেও নকৰে তেওঁ বাবাতো দাতা হয়, বাবাই জানো কাৰোবাক কব যে এইটো কৰা। এইটো কাৰ্যত ইমান সহযোগ কৰা। নহয়। বাবাই বুজাইছে ডাঙৰ ডাঙৰ ৰজাসকলৰ হাত কেতিয়াও বন্ধ হৈ নাথাকে। ৰজাসকল সদায় দাতা হয়। বাবাই ৰায় দিয়ে গৈ কি কি কৰিব লাগে। বহুত সাৱধানো হব লাগে। মায়াৰ ওপৰত বিজয়ী হব লাগে, বহুত উচ্চ পদ হয়। অন্তিমৰ ফালে ৰিজাল্ট (ফলাফল) ওলাব তেতিয়া যিসকলে বহুত মাৰ্কচ (নম্বৰ) লৈ উত্তীৰ্ণ হব তেওঁলোক আনন্দিতও হয়। অন্তিমত সাক্ষাৎকাৰতো সকলোৰে হব নহয় জানো, কিন্তু সেই সময়ত কি কৰিব পাৰিব। ভাগ্যত যি আছে সেয়াই পাব। পুৰুষাৰ্থৰ কথা বেলেগ। পিতাই সন্তানসকলক বুজায় - বিশাল বুদ্ধিৰ হোৱা। এতিয়া তোমালোক ধৰ্ম আত্মা হোৱা। সৃষ্টিত ধৰ্মাত্মাতো অনেক আহি গৈছে নহয় জানো। তেওঁলোকৰ বহুত নাম হয়। অমুক বহুত ধৰ্মাত্মা মনুষ্য আছিল। কোনো কোনোৱেতো টকা পইচা জমা কৰি কৰি হঠাৎ মৰি যায়। পাচত ট্ৰাষ্টী (নিমিত্ত) হয়। কোনোবা সন্তানো নালায়ক (অযোগ্য)হলে তেতিয়া আকৌ ট্ৰাষ্টী ৰাখি দিয়ে। এই সময়ততো এয়া হয়েই পাপ আত্মাৰ সৃষ্টি। ডাঙৰ ডাঙৰ গুৰু আদিক দান কৰে। যেনেকৈ কাশ্মীৰৰ মহাৰজা আছিল, ৱিল (ইচ্ছাপত্ৰত লিখি) কৰি গল যে আৰ্য সমাজে পাব। তেওঁলোকৰ ধৰ্ম যাতে বৃদ্ধি পায়। এতিয়া তোমালোকে কি কৰিব লাগে, কোনটো ধৰ্মৰ বৃদ্ধি কৰিব লাগে? আদি সনাতন দেৱীদেৱতা ধৰ্মই হয়। এইটোও কাৰো জ্ঞাত নহয়। এতিয়া তোমালোকে পুনৰ স্থাপনা কৰি আছা। ব্ৰহ্মাৰ দ্বাৰা স্থাপনা। এতিয়া সন্তানসকল এজনৰেই স্মৃতিত থাকিব লাগে। তোমালোকে স্মৃতিৰ শক্তিৰেহে গোটেই সৃষ্টিখনক পবিত্ৰ কৰি তোলা কিয়নো তোমালোকৰ বাবেতো পবিত্ৰ সৃষ্টিৰ প্ৰয়োজন। এইখনত জুই লাগিলেহে পবিত্ৰ হব। লেতেৰা বস্তুক জুইত পবিত্ৰ কৰা হয়। এই জুইত সকলো অপৱিত্ৰ বস্তু পৰি পুনৰ সুন্দৰ হৈ ওলাব। তোমালোকে জানা যে এইখন বহুত ছিঃ ছিঃ তমোপ্ৰধান সৃষ্টি। পুনৰ সতোপ্ৰধান হব লাগিব। এয়া জ্ঞান যজ্ঞ নহয় জানো। তোমালোক হৈছা ব্ৰাহ্মণ। এয়াও তোমালোকে জানা শাস্ত্ৰত অনেক কথা লিখি দিছে, যজ্ঞত আকৌ দক্ষ প্ৰজাপিতাৰ নাম দেখুৱাইছে। আকৌ ৰুদ্ৰ জ্ঞান যজ্ঞ কলৈ গল। ইয়াৰ বাবেও কি কি কাহিনী বহি লিখিছে। যজ্ঞৰ বৰ্ণনা নিয়ম অনুসৰি হোৱা নাই। পিতাহে আহি সকলো বুজায়। এতিয়া তোমালোক সন্তানসকলে জ্ঞান যজ্ঞ ৰচনা কৰিছা শ্ৰীমতৰ দ্বাৰা। এয়া হৈছে জ্ঞান যজ্ঞ আকৌ বিদ্যালয়ো হৈ যায়। জ্ঞান আৰু যজ্ঞ দুয়োটা শব্দ বেলেগ বেলেগ। যজ্ঞত আহুতি দিব লাগে। জ্ঞান সাগৰ পিতাহে আহি যজ্ঞ ৰচনা কৰে। এয়া অতি মহত্বপূৰ্ণ যজ্ঞ, যত গোটেই পুৰণি সৃষ্টি আহুতি হব।

সেয়েহে সন্তানসকলে সেৱাৰ প্লেন (পৰিকল্পনা) কৰিব লাগে। লাগিলে গাঁও আদিতো ছাৰ্ভিচ কৰা। তোমালোকক বহুতে কয় দুখীয়াসকলক এই নলেজ (জ্ঞান) দিয়া উচিত। কেৱল ৰায় দিয়ে, নিজে কোনো কাম নকৰে। ছাৰ্ভিচ (সেৱা) নকৰে কেৱল ৰায় দিয়ে যে এনেকুৱা কৰা, এয়া বহুত ভাল। কিন্তু মোৰ হলে সময় নাই। নলেজ (জ্ঞান) বহুত ভাল। সকলোৱে এই নলেজ পোৱা উচিত। নিজকে ডাঙৰ মানুহ, তোমালোকক সৰু মানুহ বুলি গণ্য কৰে। তোমালোক বহুত সাৱধানে থাকিব লাগে। সেই পঢ়াৰ লগত আকৌ এই পঢ়াও পোৱা যায়। পঢ়াৰ দ্বাৰা কথা-বতৰা পতাৰ জ্ঞান আহি যায়। মেনাৰ্চ (আচৰণ) ভাল হৈ যায়।। অশিক্ষিতজন যেন বুদ্ধিহীন হয়। কেনেকৈ কথা পতা উচিত সেই জ্ঞান নাই। ডাঙৰ (গুৰুত্বপূৰ্ণ) ব্যক্তিক সদায় আপুনি বুলি সম্বোধন কৰি কথা পাতিব লাগে। ইয়াততো কোনো কোনো এনেকুৱাও আছে যিয়ে স্বামীকো তুমি বুলি কৈ দিয়ে। আপুনি শব্দটো ৰয়েল (মাৰ্জিত) হয়। ডাঙৰ ব্যক্তিক আপুনি বুলি কব। সেয়েহে বাবাই প্ৰথমতে ৰায় দিয়ে যে দিল্লী যি পৰীস্থান আছিল, পুনৰ তাক পৰীস্থান কৰি তুলিব লাগে। গতিকে দিল্লীত সকলোকে বাৰ্তা দিয়া উচিত, এডভাৰটাইজমেণ্ট (বিজ্ঞাপন) বহুত ভালদৰে কৰিব লাগে। টপিক (বিষয়বস্তু) আদিও উলিয়াই থাকে, টপিকৰ লিষ্ট (তালিকা) প্ৰস্তুত কৰা পুনৰ লিখি যোৱা। বিশ্বত শান্তি কেনেকৈ হব পাৰে সেয়া আহি বুজি লোৱা, 21 জন্মৰ কাৰণে নিৰোগী কেনেকৈ হব পাৰি, আহি বুজা। এনেকুৱা আনন্দদায়ক কথা লিখা থাকিব লাগে। 21 জন্মৰ কাৰণে নিৰোগী, সত্যযুগী দ্বৈত মুকুটধাৰী আহি হোৱা। সত্যযুগী শব্দটি সকলোতে লিখি দিয়া। সুন্দৰ সুন্দৰ শব্দ হলে তেতিয়া মনুষ্য দেখি আনন্দিত হব। ঘৰতো এনেকুৱা বোৰ্ড (ফলক) চিত্ৰ আদি আঁৰি থব লাগে। নিজৰ ধান্দা (পেছাগত কাম-কাজ) আদি লাগিলে কৰা। তাৰ লগতে ছাৰ্ভিচো কৰি থাকা। গোটেই দিন জানো ধান্দাত থাকিবলগীয়া হয়? ওপৰে ওপৰে কেৱল চোৱা-চিতা কৰিবলগীয়া হয়। বাকী কাম এচিচটেণ্ট মেনেজাৰে (সহকাৰী প্ৰবন্ধকে) চলায়। কিছুমান সদাগৰ ব্যক্তি উদাৰ অন্তৰৰ হয় তেতিয়া এচিচটেণ্টক ভাল দৰমহা দিওঁ গাদীত বহুৱাই দিয়ে। এয়াতো হৈছে বেহদৰ (অসীমৰ) ছাৰ্ভিচ। আন সকলো হৈছে হদৰ (সীমিত) ছাৰ্ভিচ। এই বেহদৰ ছাৰ্ভিচত কিমান বিশাল বুদ্ধিৰ হোৱা উচিত। আমি বিশ্বক জয় কৰোঁ। কালৰ ওপৰতো আমি জয়ী হৈ অমৰ হৈ যাওঁ। এনেকুৱা লিখনি দেখি মনুষ্য আহিব আৰু বুজিবলৈ চেষ্টা কৰিব। তোমালোক কেনেকৈ অমৰলোকৰ মালিক হব পাৰা সেয়া আহি বুজি লোৱা, বহুত টপিকচ্ উলিয়াব পাৰি। তোমালোকে যিকোনো লোককে বিশ্বৰ মালিক কৰি তুলিব পাৰা। তাত দুখৰ নাম-চিহ্ন নাথাকে। সন্তানসকল কিমান আনন্দিত হোৱা উচিত। বাবাই আমাক পুনৰ কি কৰি তুলিবলৈ আহিছে! সন্তানসকলে জানে যে পুৰণি সৃষ্টিৰ পৰা নতুন হব লাগিব, মৃত্যুও সমাগত। দেখি আছা যুদ্ধ লাগিয়েই থাকে। ডাঙৰ যুদ্ধ লাগিলে তেতিয়া খেলেই সমাপ্ত হৈ যাব। তোমালোকেতো ভালদৰে জানা। পিতাই বহুত স্নেহেৰে কয় - মৰমৰ সন্তানসকল, বিশ্বৰ বাদশ্বাহী তোমালোকৰ কাৰণে। তোমালোক বিশ্বৰ মালিক আছিলা, ভাৰতত তোমালোকে অপাৰ সুখ দেখিলা। তাত ৰাৱণ ৰাজ্যই নাই। গতিকে ইমান আনন্দিত হৈ থাকিব লাগে। সন্তানসকলে পৰস্পৰে মিলি ৰায় উলিওৱা উচিত। বাতৰি কাকতত প্ৰকাশ কৰিব লাগে। দিল্লীতো এৰোপ্লেনৰ পৰা প্ৰচাৰ-পত্ৰিকা পেলোৱা। নিমন্ত্ৰণ দিয়ে, খৰচ কিবা বহুত লাগে জানো, ডাঙৰ অফিচাৰে বুজি পালে তেতিয়া ফ্ৰী (বিনামূলীয়া)ও কৰি দিব পাৰে। বাবাই ৰায় দিয়ে, যেনেকৈ কলিকতা (কোলকাতা) আছে, তাত চৌৰংগীত এখনেই ফাৰ্ষ্টক্লাচ ৰয়েল ডাঙৰ দোকান হওক, তেতিয়া বহুত গ্ৰাহক আহিব। মাদ্ৰাজ, বম্বে (মুম্বাই) ডাঙৰ ডাঙৰ চহৰত ডাঙৰ দোকান হওক। বাবা বিজনেছমেনো (ব্যৱসায়ীও) নহয় জানো। তোমালোকৰ পৰা কড়ি তুল্য পা-পইচা লৈ এক্সচেঞ্জত (বিনিময়ত) কি দিওঁ! সেয়েহে দয়াশীল বুলি গায়ন কৰা হয়। কড়িৰ পৰা হীৰা তুল্য কৰি তোলোঁতা, মনুষ্যক দেৱতা কৰি তোলোঁতা। মহিমা এজন পিতাৰ হয়। পিতা নথকাহেঁতেন, তেতিয়া তোমালোকৰ কি মহিমা হলহেঁতেন।

তোমালোক সন্তানসকলৰ নিচা থকা উচিত যে ভগৱানে আমাক পঢ়ায়। এইম-অৱজেক্ট (লক্ষ্য-উদ্দেশ্য) নৰৰ পৰা নাৰায়ণ হোৱাৰ সন্মুখত ঠিয় হৈ আছে। প্ৰথমে যিসকলে অব্যভিচাৰী ভক্তি আৰম্ভ কৰিছে, তেওঁলোকেই আহি উচ্চ পদ পোৱাৰ বাবে পুৰুষাৰ্থ কৰিব। বাবাই কিমান ভাল ভাল পইণ্টচ বুজায়, সন্তানসকলে পাহৰি যায়, সেইবাবে বাবাই কয় - পইণ্টসমূহ লিখা। টপিকচ্‌ লিখি থাকা। ডাক্তৰসকলেও কিতাপ পঢ়ে। তোমালোক হৈছা মাষ্টৰ আত্মিক ছাৰ্জন। তোমালোকক শিকোৱা হয় আত্মাক কেনেকৈ ইনজেক্‌চন (বেজী) দিয়া হয়। এয়া হল জ্ঞানৰ ইনজেক্‌চন। ইয়াত বেজী আদিতো একো নাই। বাবা হৈছে অবিনাশী ছাৰ্জন, আত্মাসকলক আহি পঢ়ায়। আত্মাসকলেই অপৱিত্ৰ হৈছে। এয়াতো বহুত ইজি (সহজ)। পিতাই আমাক বিশ্বৰ মালিক কৰি তোলে, তেওঁক আমি স্মৰণ কৰিব নোৱাৰোঁ! মায়াৰ অপজিচন (বিৰুদ্ধাচৰণ) বহুত হয় সেইবাবে বাবাই কয় - চাৰ্ট ৰাখা আৰু ছাৰ্ভিচৰ খেয়াল কৰা তেতিয়া বহুত আনন্দিত হবা। যিমানেই ভালকৈ মুৰুলী নপঢ়াওক কিন্তু যোগ নাই। পিতাৰ লগত সত্য হৈ চলাওঁ বহুত কঠিন। যদি ভাবে যে মই বহুত তীক্ষ্ণ তেন্তে বাবাক স্মৰণ কৰি চাৰ্ট পঠিয়াওক তেতিয়া বাবাই বুজি পাব কিমানলৈকে সঁচা বা মিছা? বাৰু, সন্তানসকলক বুজালোঁ অবিনাশী জ্ঞান ৰত্নৰ চেলচমেন (বিক্ৰেতা) হব লাগে। ভাল বাৰু!

অতি মৰমৰ, কল্পৰ পাচত পুনৰাই লগ পোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু গুডমৰ্ণিং। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।

ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) এইম-অৱজেক্ট (লক্ষ্য-উদ্দেশ্য) সন্মুখত ৰাখি নিচাত থাকিব লাগে, মাষ্টৰ আত্মিক ছাৰ্জন হৈ সকলোকে জ্ঞানৰ ইনজেক্‌চন লগাব লাগে। ছাৰ্ভিচৰ (সেৱাৰ) লগে লগে স্মৃতিত থকাৰো চাৰ্ট (খতিয়ান) ৰাখিব লাগে তেতিয়া আনন্দ থাকিব।

2) কথা-বতৰা পতাৰ মেনাৰ্চ (আচৰণ) ভাল কৰি ৰাখিব লাগে, 'আপুনি' বুলি কৈ কথা পাতিব লাগে। প্ৰতিটো কৰ্ম উদাৰ অন্তৰৰ হৈ কৰিব লাগে।

বৰদান:
স্ব-কল্যাণৰ প্ৰত্যক্ষ প্ৰমাণৰ দ্বাৰা বিশ্ব কল্যাণৰ সেৱাত সদায় সফলতামূৰ্ত হোৱা
 

যেনেকৈ আজিকালি শাৰীৰিক ৰোগ হাৰ্টফেইল (হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হোৱা) বেছিকৈ হয় তেনেকৈ আধ্যাত্মিক উন্নতিত নিৰাশ হোৱা ৰোগ বেছি। এনেকুৱা নিৰাশ আত্মাসকলৰ মাজত প্ৰেক্টিকেল (বাস্তৱিক) পৰিৱৰ্তন দেখা পালেহে সাহস বা শক্তি আহিব পাৰে। বহুত শুনিলে এতিয়া চাব বিচাৰে। প্ৰমাণৰ দ্বাৰা পৰিৱৰ্তন বিচাৰে। গতিকে বিশ্ব কল্যাণৰ বাবে প্ৰথমে স্ব-কল্যাণ চেম্পল (আৰ্হি) ৰূপত দেখুওৱা। বিশ্ব কল্যাণৰ সেৱাত সফলতামূৰ্ত হোৱাৰ সাধনেই হৈছে প্ৰত্যক্ষ প্ৰমাণ, ইয়াৰ দ্বাৰাহে পিতাৰ প্ৰত্যক্ষতা হব। যি কোৱা সেয়া তোমালোকৰ স্বৰূপৰ দ্বাৰা প্ৰেক্টিকেলত দেখা দিয়ক তেতিয়া মানিব।

স্লোগান:
আনৰ বিচাৰক নিজৰ বিচাৰৰ লগত মিলোৱা - এয়াই হৈছে ৰিগাৰ্ড (সন্মান) দিয়া।