01.08.20       Morning Assame Murli        Om Shanti      BapDada       Madhuban


"মৰমৰ সন্তানসকল তোমালোকে পঢ়াৰ দ্বাৰা নিজৰ কৰ্মাতীত অৱস্থা গঢ়ি তুলিব লাগে, তাৰ লগতে পতিতৰ পৰা পাৱন কৰি তোলাৰ ৰাস্তাও দেখুৱাব লাগে, আত্মিক ছাৰ্ভিচ (সেৱা) কৰিব লাগে

প্ৰশ্ন:
কোনটো মন্ত্ৰ স্মৃতিত ৰাখিলে পাপ কৰ্মৰ পৰা বাচি যাবা?

উত্তৰ:
পিতাই মন্ত্ৰ দিছে- হিয়েৰ ন ইভিল, চি ন ইভিল.. (বেয়া নুশুনিবা, বেয়া নাচাবা) এইটো মন্ত্ৰই স্মৃতিত ৰাখা। তোমালোকে নিজৰ কৰ্মেন্দ্ৰিয়ৰে কোনো পাপ কৰিব নালাগে। কলিযুগত সকলোৰে দ্বাৰা পাপ কৰ্মহে হয় সেইকাৰণে বাবাই এইটো যুক্তি শুনায়, পবিত্ৰতাৰ গুণ ধাৰণ কৰা - এইটোৱেই নাম্বাৰৱান (প্ৰথম নম্বৰৰ) গুণ হয়।

ওঁম্শান্তি।
সন্তানসকল কাৰ সন্মুখত বহি আছে। বুদ্ধিত নিশ্চয় উদয় হৈছে যে আমি পতিত-পাৱন সকলোৰে সৎগতি দাতা, নিজৰ বেহদৰ (অসীমৰ) পিতাৰ সন্মুখত বহি আছোঁ। যদিও ব্ৰহ্মাৰ শৰীৰত আছে তথাপিও স্মৰণ তেওঁক কৰিব লাগে। কোনো মনুষ্যই সকলোৰে সৎগতি কৰিব নোৱাৰে। মনুষ্যক পতিত-পাৱন বুলি কোৱা নহয়। সন্তানসকলে নিজক আত্মা বুলি বুজিব লাগে। আমাৰ; সকলো আত্মাৰ পিতা তেওঁ হয়। সেইজন পিতাই আমাক স্বৰ্গৰ মালিক কৰি গঢ়ি আছে। এইটো সন্তানসকলে জানিব লাগে আৰু আনন্দিতও হব লাগে। এইটোও সন্তানসকলে জানে যে আমি নৰকবাসীৰ পৰা স্বৰ্গবাসী হৈ আছোঁ। বহুত সহজ ৰাস্তা পাই আছোঁ। কেৱল স্মৰণ কৰিব লাগে আৰু নিজৰ মাজত দৈৱীগুণ ধাৰণ কৰিব লাগে। নিজক পৰীক্ষা কৰিব লাগে। নাৰদৰ দৃষ্টান্তও আছে। এই সকলো দৃষ্টান্ত, জ্ঞানৰ সাগৰ পিতাইহে দিছে। সন্ন্যাসী আদিয়ে যিয়েই দৃষ্টান্ত দিয়ে সেই সকলোবোৰ পিতাই দিয়া। ভক্তি মাৰ্গত কেৱল গাই থাকে। কাছৰ, সাপৰ, ভোমোৰাৰ দৃষ্টান্ত দিব। কিন্তু নিজে একো কৰিব নোৱাৰে। পিতাই দিয়া দৃষ্টান্ত ভক্তি মাৰ্গত আকৌ ৰিপিট (পুনৰাবৃত্তি) কৰে। ভক্তি মাৰ্গ হৈছেই পাষ্টৰ (অতীতৰ)। এই সময়ত যি প্ৰেক্টিকেলত (বাস্তৱত) হয় তাৰ আকৌ গায়ন হয়। যদিও দেৱতাসকলৰ জন্মদিন অথবা ভগৱানৰ জন্মদিন পালন কৰে কিন্তু একোৱে নাজানে। এতিয়া তোমালোকে বুজি গৈ থাকা। পিতাৰ পৰা শিক্ষা লৈ পতিতৰ পৰা পাৱনো হোৱা আৰু পতিতসকলক পাৱন হোৱাৰ ৰাস্তাও দেখুৱাই দিয়া। এয়া হল তোমালোকৰ মুখ্য আত্মিক ছাৰ্ভিচ (সেৱা)। পোন প্ৰথমে যাকেই নহওক আত্মাৰ জ্ঞান দিব লাগে। তুমি আত্মা হোৱা। আত্মাৰ বিষয়েও কোনেও নাজানে। আত্মাতো অবিনাশী হয়। যেতিয়া সময় হয় তেতিয়া আত্মা শৰীৰত আহি প্ৰৱেশ কৰে গতিকে নিজক বাৰে বাৰে আত্মা বুলি ভাবিব লাগে। আমাৰ; আত্মাসকলৰ পিতা পৰমপিতা পৰমাত্মা হয়। পৰম শিক্ষকো হয়। এইটোও সকলো সময়তে সন্তানসকলে স্মৃতিত ৰাখিব লাগে। এইটো পাহৰিব নালাগে। তোমালোকে জানা যে এতিয়া উভতি যাব লাগে। বিনাশ সন্মুখত ঠিয় হৈ আছে। সত্যযুগত দৈৱী পৰিবাৰ বহুত সৰু হয়। কলিযুগততো কিমান অনেক মনুষ্য আছে। অনেক ধৰ্ম, অনেক মত আছে। সত্যযুগত এইবোৰ একো নাথাকে। সন্তানসকলে গোটেই দিন বুদ্ধিত এই কথাবোৰ আনিব লাগে। এয়া পঢ়া নহয় জানো। সেই পঢ়াততো কিমান কিতাপ আদি থাকে। প্ৰত্যেকতো ক্লাচত (শ্ৰেণীত) নতুন নতুন কিতাপ কিনিবলগীয়া হয়। ইয়াততো কোনো কিতাপ বা শাস্ত্ৰ আদিৰ কথা নাই। ইয়াততো এটাই কথা, এটাই পঢ়া। ইয়াত যেতিয়া বৃটিছ গভাৰ্ণমেণ্ট (চৰকাৰ) আছিল, ৰজাসকলৰ ৰাজত্ব আছিল, তেতিয়া ষ্টাম্প আদিতো ৰজা-ৰাণীৰ বাহিৰে আৰু আন কাৰো ফটো নিদিছিল। আজিকালি চোৱা ভক্ত আদি যিসকল হৈ গল তেওঁলোকৰো ষ্টাম্প সাজি থাকে। এই লক্ষ্মী-নাৰায়ণৰ ৰাজত্ব হলে তেতিয়া চিত্ৰও এখনেই মহাৰজা-মহাৰাণীৰ হব। এনেকুৱা নহয় যে যিসকল পাষ্টত (অতীতত) দেৱতা হৈ গল তেওঁলোকৰ চিত্ৰ নোহোৱা হৈ গল। নহয়, অতি পুৰণা দেৱতাসকলৰ চিত্ৰ বহুত আন্তৰিকতাৰে লয় কিয়নো শিৱবাবাৰ পাচত নেক্সট হল দেৱতাসকল। এই সকলোবোৰ কথা তোমালোক সন্তানসকলে ধাৰণ কৰা আনকো ৰাস্তা দেখুৱাবলৈ। এয়া হল একেবাৰে নতুন পঢ়া। তোমালোকেই এয়া শুনিছিলা আৰু পদ পাইছিলা বাকী কোনেও নাজানে। তোমালোকক ৰাজযোগ পৰমপিতা পৰমাত্মাই শিকাই আছে। মহাভাৰতৰ যুদ্ধও প্ৰখ্যাত। কি হব সেয়াতো আগলৈ গৈ দেখিবা। কোনোবাই কিবা কয়, কোনোবাই আন কিবা কয়। দিনে-প্ৰতিদিনে মনুষ্যৰ উপলব্ধি হৈ গৈ থাকিব। কয়ো যে ৱৰ্ল্ড ৱাৰ (বিশ্ব যুদ্ধ) লাগি যাব। তাৰ আগতে তোমালোক সন্তানসকলে নিজৰ পঢ়াৰ দ্বাৰা কৰ্মাতীত অৱস্থা প্ৰাপ্ত কৰিব লাগে। বাকী অসুৰ আৰু দেৱতাসকলৰ কোনো যুদ্ধ নহয়। এই সময়ত তোমালোক ব্ৰাহ্মণ সম্প্ৰদায়ৰ হোৱা যি আকৌ গৈ দৈৱী সম্প্ৰদায় হোৱাগৈ সেইকাৰণে এইটো জন্মত দৈৱীগুণ ধাৰণ কৰি আছা। নাম্বাৰৱান (প্ৰথম নম্বৰৰ) দৈৱীগুণ হল পবিত্ৰতা। তোমালোকে এই শৰীৰৰ দ্বাৰা কিমান পাপ কৰি আহিছা। আত্মাকেই কোৱা হয় - পাপ আত্মা, আত্মাই এই কৰ্মেন্দ্ৰিয়সমূহৰ দ্বাৰা কিমান পাপ কৰি থাকে। এতিয়া হিয়েৰ ন ইভিল.. কাক কোৱা হয়? আত্মাক। আত্মাইহে কাণেৰে শুনে। পিতাই তোমালোক সন্তানসকলক স্মৃতি দিয়াইছে যে তোমালোক আদি সনাতন দেৱী-দেৱতা ধৰ্মৰ আছিলা, চক্ৰ পৰিক্ৰমা কৰি আহিলা এতিয়া আকৌ তোমালোক তেনেকুৱা হব লাগে। এইটো মিঠা স্মৃতি আহিলে পবিত্ৰ হবলৈ সাহস পোৱা যায়। তোমালোকৰ বুদ্ধিত আছে আমি কেনেকৈ 84 ৰ ভূমিকা পালন কৰিলোঁ। পোন প্ৰথমে আমি এয়া (দেৱী-দেৱতা) আছিলোঁ। এয়া কাহিনী নহয় জানো। বুদ্ধিত উদয় হব লাগে 5 হাজাৰ বছৰ পূৰ্বে আমিয়ে দেৱতা আছিলোঁ। আমি আত্মাসকল মূলবতনৰ (পৰমধামৰ) নিবাসী। আগতে এইটো অলপো খেয়ালত নাছিল আমাৰ; আত্মাসকলৰ সেইখন হৈছে ঘৰ। তাৰ পৰা আমি ভূমিকা পালন কৰিবলৈ আহোঁ। সূৰ্যবংশী, চন্দ্ৰবংশী.. হলোঁ। এতিয়া তোমালোক ব্ৰহ্মাৰ সন্তান ব্ৰাহ্মণ বংশী হোৱা। তোমালোক ঈশ্বৰীয় সন্তান হৈছা। ঈশ্বৰে বহি তোমালোকক শিক্ষা দিয়ে। এওঁ চুপ্ৰীম পিতা, চুপ্ৰীম শিক্ষক, চুপ্ৰীম গুৰুও হয়। আমি তেওঁৰ মতত সকলো মনুষ্যকে শ্ৰেষ্ঠ কৰি তোলোঁ। মুক্তি-জীৱনমুক্তি দুয়োটাই শ্ৰেষ্ঠ। আমি নিজৰ ঘৰলৈ যাম আকৌ পবিত্ৰ আত্মাসকল আহি ৰাজত্ব কৰিবহি। এয়া চক্ৰ নহয় জানো। ইয়াক কোৱা হয় স্বদৰ্শন চক্ৰ। এয়া হল জ্ঞানৰ কথা। পিতাই কয় - তোমালোকৰ এই স্বদৰ্শন চক্ৰ ৰৈ যাব নালাগে। ঘূৰাই থাকিলে বিকৰ্ম বিনাশ হৈ যাব। তোমালোকে এই ৰাৱণৰ ওপৰত বিজয় প্ৰাপ্ত কৰি লবা। পাপ নাইকিয়া হৈ যাব। স্মৰণ কৰিবলৈ এতিয়া স্মৃতি উদয় হৈছে। এনেকুৱা নহয়, বহিলৈ মালা স্মৰণ কৰিব লাগে। আত্মাৰ ভিতৰত জ্ঞান আছে যি তোমালোক সন্তানসকলক আৰু ভাই-ভনীসকলক বুজাব লাগে। সন্তানসকলো সহায়কাৰীতো হব নহয় জানো। তোমালোক সন্তানসকলকহে স্বদৰ্শন চক্ৰধাৰী কৰি তোলোঁ। এই জ্ঞান মোৰ আছে সেইকাৰণে মোক জ্ঞানৰ সাগৰ মনুষ্য সৃষ্টিৰ বীজৰূপ বুলি কয়। তেওঁক বাগিচাৰ গৰাকী বুলি কোৱা হয়। দেৱী-দেৱতা ধৰ্মৰ বীজ শিৱবাবাইহে ৰোপণ কৰিছে। এতিয়া তোমালোক দেৱী-দেৱতা হৈ আছা। এয়া গোটেই দিন স্মৰণ কৰি থাকিলে তেতিয়াও তোমালোকৰ বহুত কল্যাণ আছে। দৈৱীগুণো ধাৰণ কৰিব লাগে। পবিত্ৰও হব লাগে। স্ত্ৰী-পুৰুষ দুয়ো একেলগে থাকি পবিত্ৰ হোৱা। এনেকুৱা ধৰ্মতো নাথাকে। নিবৃত্তি মাৰ্গৰসকল সেয়াতো কেৱল পুৰুষসকলহে হয়। কয় নহয় - স্ত্ৰী-পুৰুষ দুয়ো একেলগে পবিত্ৰ হৈ থাকিব নোৱাৰে, কঠিন হয়। সত্যযুগত আছিল নহয়। লক্ষ্মী-নাৰায়ণৰ মহিমাও গায়।

এতিয়া তোমালোকে জানা বাবাই আমাক শূদ্ৰৰ পৰা ব্ৰাহ্মণ কৰি আকৌ দেৱতা কৰি গঢ়ি তোলে। আমিয়েই পূজ্যৰ পৰা পূজাৰী হমগৈ। আকৌ যেতিয়া বামমাৰ্গত যাম তেতিয়া শিৱৰ মন্দিৰ নিৰ্মাণ কৰি পূজা কৰিম। তোমালোক সন্তানসকলৰ নিজৰ 84 জন্মৰ জ্ঞান আছে। পিতাইহে কয় - তোমালোকে নিজৰ জন্মক নাজানা, মই কওঁ। এনেকৈ আৰু কোনো মনুষ্যই কব নোৱাৰে। তোমালোকক এতিয়া পিতাই স্বদৰ্শন চক্ৰধাৰী কৰি কৰি তোলে। তোমালোক আত্মাসকল পবিত্ৰ হৈ আছা। শৰীৰতো ইয়াত পবিত্ৰ হব নোৱাৰে। আত্মা পবিত্ৰ হৈ গলে তেতিয়া আকৌ অপৱিত্ৰ শৰীৰ এৰিবলগীয়া হয়। সকলো আত্মা পবিত্ৰ হৈ যাব লাগে। পবিত্ৰ সৃষ্টি এতিয়া স্থাপন হৈ আছে। বাকী সকলো শ্বুইট হোম (মিঠা ঘৰ, পৰমধাম) লৈ গুচি যাব। এইটো স্মৃতিত ৰাখিব লাগে।

পিতাৰ স্মৃতিৰ লগতে ঘৰৰো স্মৃতি নিশ্চয় থাকিব লাগে কাৰণ এতিয়া ঘৰলৈ উভতি যাব লাগে। ঘৰতেই পিতাক স্মৰণ কৰিব লাগে। যদিও তোমালোকে জানা যে বাবা এই শৰীৰত আহি আমাক শুনাই আছে কিন্তু বুদ্ধি পৰমধাম শ্বুইট হোমৰ পৰা আঁতৰি আহিব নালাগে। শিক্ষকে ঘৰ এৰি আহে, তোমালোকক পঢ়াবলৈ। পঢ়াই আকৌ বহুত দূৰলৈ গুচি যায়। চেকেণ্ডত যিকোনো ঠাইলৈ যাব পাৰে। আত্মা কিমান সূক্ষ্ম বিন্দু। ৱাণ্ডাৰ খাব (আচম্বিত হব) লাগে। পিতাই আত্মাৰো জ্ঞান দিছে। এইটোও তোমালোকে জানা স্বৰ্গত কোনো লেতেৰা বস্তু নাথাকে, যাৰ দ্বাৰা হাত-ভৰি অথবা কাপোৰ আদি লেতেৰা হব। দেৱতাসকলৰ কিমান সুন্দৰ আভূষণ। কিমান ফাৰ্ষ্টক্লাচ (উত্তম) কাপোৰ হব। ধোৱাৰো দৰকাৰ নাই। এওঁলোকক দেখি কিমান আনন্দিত হব লাগে। আত্মাই জানে ভৱিষ্যত 21 জন্ম আমি এয়া হম। বচ, চাই থাকিব লাগে। এই চিত্ৰ সকলোৰে ওচৰত থাকিব লাগে। এই ক্ষেত্ৰত বহুত আনন্দিত হব লাগে - আমাক বাবাই এনেকুৱা কৰি গঢ়ি তোলে। এনেকুৱা বাবাৰ আমি সন্তানসকলে আকৌ কিয় কান্দো। আমাৰ চিন্তা থাকিব লাগে জানো। দেৱতাসকলৰ মন্দিৰত গৈ মহিমা গায় - সৰ্বগুণ সম্পন্ন অচতম্‌ কেশৱম্‌ কিমান নাম উচ্চাৰণ কৰে। এই সকলোবোৰ শাস্ত্ৰত লিখা আছে যিবোৰ স্মৰণ কৰে। শাস্ত্ৰত কোনে লিখিলে? ব্যাসে। নতুবা কোনোবা নতুনসকলেও ৰচনা কৰি থাকে। গ্ৰন্থ আগতে বহুত সৰু আছিল হাতেৰে লিখা হৈছিল। এতিয়াতো কিমান ডাঙৰকৈ ৰচনা কৰি দিছে। নিশ্চয় এডিচন (সংযোজন) কৰিছে। এতিয়া গুৰুনানকতো আহেই ধৰ্ম প্ৰতিষ্ঠা কৰিবলৈ। জ্ঞান দিওঁতাতো এজনেই। ক্ৰাইষ্টো (যীশুকখ্ৰীষ্টও) আহে কেৱল ধৰ্ম প্ৰতিষ্ঠা কৰিবলৈ। যেতিয়া সকলো আহি যায় তেতিয়াহে উভতি যাব। ঘৰলৈ পঠোৱাজন কোন? ক্ৰাইষ্ট নেকি? নহয়। তেওঁতো ভিন্ন নাম-ৰূপত তমোপ্ৰধান অৱস্থাত আছে। সতো, ৰজো, তমোত আহে নহয় জানো। এই সময়ত সকলো তমোপ্ৰধান। সকলোৰে জৰাজীৰ্ণ অৱস্থা নহয় জানো। পুনৰ্জন্ম লৈ লৈ এই সময়ত সকলো ধৰ্মাৱলম্বী আহি তমোপ্ৰধান হৈ গৈছে। এতিয়া সকলোৱে নিশ্চয় উভতি যাব লাগিব। আকৌ চক্ৰ ঘূৰিব লাগিব। প্ৰথমতে নতুন ধৰ্ম লাগে যিটো সত্যযুগত আছিল। পিতাহে আহি আদি সনাতন দেৱী-দেৱতা ধৰ্ম প্ৰতিষ্ঠা কৰে। আকৌ বিনাশো হব লাগিব। স্থাপনা, বিনাশ আকৌ প্ৰতিপালন। সত্যযুগত এটাই ধৰ্ম হব। এইটো স্মৃতি আহে নহয় জানো। গোটেই চক্ৰ স্মৃতিত আনিব লাগে। এতিয়া আমি 84ৰ চক্ৰ পুৰা কৰি ঘৰলৈ উভতি যাম। তোমালোক কওঁতে-চলোঁতে স্বদৰ্শন চক্ৰধাৰী হোৱা। তেওঁলোকে আকৌ কয় - কৃষ্ণৰ স্বদৰ্শন চক্ৰ আছিল, তাৰে সকলোকে মাৰিলে। অকাসুৰ, বকাসুৰ আদিৰ চিত্ৰ দেখুৱাইছে। কিন্তু এনেকুৱা কোনো কথা নাই। তোমালোক সন্তানসকল এতিয়া স্বদৰ্শন চক্ৰধাৰী হৈ থাকিব লাগে কিয়নো স্বদৰ্শন চক্ৰৰ দ্বাৰা তোমালোকৰ পাপ খণ্ডন হয়। আসুৰিক স্বভাৱ নাইকিয়া হয়। দেৱতাসকল আৰু অসুৰৰ যুদ্ধতো হব নোৱাৰে। অসুৰ থাকে কলিযুগত, দেৱতা থাকে সত্যযুগত। মাজত হল সংগমযুগ। শাস্ত্ৰ হৈছেই ভক্তিমাৰ্গৰ। জ্ঞানৰ নাম চিহ্নই নাই। জ্ঞানৰ সাগৰ এজনেই পিতা সকলোৰে বাবে। পিতা অবিহনে কোনো আত্মা পবিত্ৰ হৈ ঘৰলৈ উভতি যাব নোৱাৰে। ভূমিকা নিশ্চয় পালন কৰিব লাগে, গতিকে এতিয়া নিজৰ 84ৰ চক্ৰকো স্মৰণ কৰিব লাগে। আমি এতিয়া সত্যযুগী নতুন জন্মত যাওঁ। এনেকুৱা জন্ম আৰু কেতিয়াও পোৱা নাযায়। শিৱবাবা পাচত ব্ৰহ্মাবাবা। লৌকিক, পাৰলৌকিক আৰু এয়া হল অলৌকিক বাবা। এই সময়ৰে কথা, এওঁক অলৌকিক বুলি কোৱা হয়। তোমালোক সন্তানসকলে সেই শিৱবাবাক স্মৰণ কৰা। ব্ৰহ্মাক নহয়। যদিও ব্ৰহ্মাৰ মন্দিৰত গৈ পূজা কৰে, সেয়াও তেতিয়াহে পূজা কৰে যেতিয়া সূক্ষ্মবতনত সম্পূৰ্ণ অব্যক্ত মূৰ্ত হৈ থাকে। এই শৰীৰধাৰী পূজাৰ যোগ্য নহয়। এওঁতো মনুষ্য হয় নহয় জানো। মনুষ্যৰ পূজা নহয়। ব্ৰহ্মাৰ ডাঢ়ি দেখুৱায় যাতে ধৰিব পাৰি এওঁ ইয়াৰ হয়। দেৱতাসকলৰ ডাঢ়ি নাথাকে। এই সকলোবোৰ কথা সন্তানসকলক বুজাই দিছে। তোমালোকৰ নাম প্ৰসিদ্ধ হয় সেইকাৰণে তোমালোকৰ মন্দিৰো নিৰ্মাণ কৰা হৈছে। সোমনাথৰ মন্দিৰ কিমান উচ্চতকৈ উচ্চ। সোমৰস পান কৰালে তাৰপাচত কি হল? আকৌ ইয়াতো দেলৱাড়া মন্দিৰ চোৱা। মন্দিৰ হুবহু স্মাৰক বনোৱা হৈছে। তলত তোমালোকে তপস্যা কৰি আছা, ওপৰত আছে স্বৰ্গ। মনুষ্যই ভাবে স্বৰ্গ কৰবাত ওপৰত আছে। মন্দিৰতো তলত স্বৰ্গ কেনেকৈ বনাব! সেয়েহে চাদত বনাই দিছে! বনোৱাসকলে একো বুজি নাপায়। ডাঙৰ ডাঙৰ কোটিপতি আছে তেওঁলোকক এয়া বুজাব লাগে। তোমালোকে এতিয়া জ্ঞান পাইছা সেয়েহে তোমালোকে বহুতকে দিব পাৰা। ভাল বাৰু!

অতি মৰমৰ, কল্পৰ পাচত পুনৰাই লগ পোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু গুডমৰ্ণিং। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।
 

ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) অন্তৰৰ পৰা আসুৰি স্বভাৱ সমাপ্ত কৰিবলৈ চলোঁতে-ফুৰোঁতে স্বদৰ্শন চক্ৰধাৰী হৈ থাকিব লাগে। গোটেই চক্ৰ স্মৃতিত আনিব লাগে।

(2) পিতাৰ স্মৃতিত থকাৰ লগতে বুদ্ধি পৰমধাম ঘৰতো যুক্ত হৈ থাকিব লাগে। পিতাই যিবিলাক স্মৃতি দিয়াইছে সেয়া স্মৰণ কৰি নিজৰ কল্যাণ কৰিব লাগে।

বৰদান:
সম্পূৰ্ণ আহুতিৰ দ্বাৰা পৰিৱৰ্তন সমাৰোহ উদযাপন কৰোঁতা দৃঢ় সংকল্পধাৰী হোৱা

যেনেকৈ কঠিত আছে বিপদত পৰিলেও ধৰ্ম নেৰিবা, গতিকে যেনেকুৱাই চাৰকামষ্টান্স (পৰিস্থিতি) আহক, মায়াৰ মহাবীৰ ৰূপ সন্মুখত আহি যাওক কিন্তু ধাৰণাবোৰ যাতে ত্যাগ নকৰা। সংকল্পৰ দ্বাৰা ত্যাগ কৰা অদৰকাৰী বস্তুবোৰ সংকল্পতো যাতে স্বীকাৰ নকৰা। সদায় নিজৰ শ্ৰেষ্ঠ স্বমান, শ্ৰেষ্ঠ স্মৃতি আৰু শ্ৰেষ্ঠ জীৱনৰ সমৰ্থ স্বৰূপৰ দ্বাৰা শ্ৰেষ্ঠ পাৰ্টধাৰী (ভূমিকা পালন কৰোঁতা) হৈ শ্ৰেষ্ঠতাৰ খেল কৰি থাকা। দুৰ্বলতাবোৰৰ সকলো খেল সমাপ্ত হৈ যাওক। যেতিয়া এনেকুৱা সম্পূৰ্ণ আহুতিৰ সংকল্প দৃঢ় হব তেতিয়া পৰিৱৰ্তন সমাৰোহ হব। এই সমাৰোহৰ ডেট (তাৰিখ) এতিয়া সংগঠিত ৰূপত নিশ্চিত কৰা।

স্লোগান:
ৰিয়েল ডায়মণ্ড (আচল হীৰা) হৈ নিজৰ ভায়ব্ৰেশ্বনৰ (প্ৰকম্পনৰ) চমক বিশ্বত বিয়পোৱা।