01.09.20       Morning Assame Murli        Om Shanti      BapDada       Madhuban


"মৰমৰ সন্তানসকল পিতা আহিছে তোমালোকক কৰ্ম-অকৰ্ম-বিকৰ্মৰ গূঢ় গতি শুনাবলৈ, যেতিয়া আত্মা আৰু শৰীৰ দুয়োটা পবিত্র হয় তেতিয়া কৰ্ম অকৰ্ম হয়, পতিত হলে বিকৰ্ম হয়

প্ৰশ্ন:
আত্মাত মামৰে ধৰাৰ (বিকাৰৰ লেপ পৰাৰ) কাৰণ কি? মামৰ যদি লাগি আছে তেন্তে তাৰ লক্ষণ কি হব?

উত্তৰ:
মামৰে ধৰাৰ কাৰণ হৈছে - বিকাৰ। পতিত হোৱাৰ বাবেই মামৰে ধৰে। যদি এতিয়াও মামৰ লাগি আছে তেন্তে তেওঁলোক পুৰণি জগতৰ প্ৰতি আকৰ্ষিত হৈ থাকিব। বুদ্ধি ক্ৰিমিনেলৰ ফালে (আসুৰিক দিশে) গৈ থাকিব। স্মৃতিত থাকিব নোৱাৰিব।
 

ওঁম্শান্তি।
সন্তানসকলে ইয়াৰ অৰ্থতো বুজি পালে। ওঁম্ শান্তি বুলি কলেই এইটো নিশ্চয় হৈ যায় যে আমি আত্মাসকল ইয়াৰ বাসিন্দা নহয়। আমিতো শান্তিধামৰ বাসিন্দা হয়। যেতিয়া ঘৰত থাকোঁ আমাৰ স্বধৰ্ম শান্তি আকৌ ইয়ালৈ আহি ভূমিকা পালন কৰোঁ, কিয়নো শৰীৰ সহিত কৰ্ম কৰিবলগীয়া হয়। কৰ্ম এটা হল ভাল, দ্বিতীয়তো বেয়া। কৰ্ম বেয়া হয় ৰাৱণ ৰাজ্যত। ৰাৱণ ৰাজ্যত সকলোৰে কৰ্ম বিকৰ্ম হৈ গৈছে। এজনো মনুষ্য নাই যাৰ দ্বাৰা বিকৰ্ম নহয়। মনুষ্যইতো ভাবে সাধু-সন্ন্যাসী আদিৰ দ্বাৰা বিকৰ্ম হ'ব নোৱাৰে কিয়নো তেওঁলোক পবিত্ৰ হৈ থাকে। সন্ন্যাস (ত্যাগ) কৰিছে। বাস্তৱত পবিত্ৰ কাক কোৱা হয়, এইটো একেবাৰে নাজানে। কয়ো যে আমি পতিত হয়। পতিত-পাৱনক আহ্বান কৰে। যেতিয়ালৈকে তেওঁ নাহে তেতিয়ালৈকে সৃষ্টিখন পবিত্র হ'ব নোৱাৰে। ইয়াত এয়া হৈছে পতিত পুৰণি সৃষ্টি, সেয়েহে পাৱন সৃষ্টিক স্মৰণ কৰে। পাৱন সৃষ্টিলৈ যেতিয়া যাব তেতিয়া পতিত সৃষ্টিক স্মৰণ নকৰিব। সেইখন সৃষ্টিয়েই ভিন্ন। প্ৰতিটো বস্তু নতুনৰ পৰা আকৌ পুৰণি হয় নহয় জানো। নতুন সৃষ্টিত এজনো পতিত থাকিব নোৱাৰে। নতুন সৃষ্টিৰ ৰচয়িতা হৈছে পৰমপিতা পৰমাত্মা, তেৱেঁই পতিত-পাৱন হয়, তেওঁৰ ৰচনাও নিশ্চয় পাৱন হ'ব লাগিব। পতিতৰ পৰা পাৱন, পাৱনৰ পৰা পতিত, এই কথাবোৰ জগতৰ কাৰোৰে বুদ্ধিত ধাৰণ হ'ব নোৱাৰে। কল্প কল্পই পিতাহে আহি বুজায়। তোমালোক সন্তানসকলৰ ভিতৰতো কোনোবা নিশ্চয় বুদ্ধিৰ হৈ আকৌ সংশয় বুদ্ধিৰ হৈ যায়। মায়াই একেবাৰে গিলি পেলায়। তোমালোক মহাৰথী হোৱা নহয় জানো। মহাৰথীসকলকহে ভাষণ দিবৰ কাৰণে মাতে। মহাৰজাসকলকো বুজাব লাগে। তোমালোকহে প্ৰথমতে পাৱন পূজ্য আছিলা, এতিয়াতো এইখন হৈছেই পতিত সৃষ্টি। পাৱন সৃষ্টিত ভাৰতবাসীহে আছিল। তোমালোক ভাৰতবাসী আদি সনাতন দেৱী-দেৱতা ধৰ্মৰ ডবল মুকুটধাৰী সম্পূৰ্ণ নিৰ্বিকাৰী আছিলা। মহাৰথীসকলেতো এনেকৈ বুজাব লাগিব নহয় জানো। এইটো নিচাৰে বুজাব লাগে। ভগৱানুবাচ (ভগৱানৰ বাণী) - কাম চিতাত বহি ক'লা (অপবিত্ৰ) হৈ যোৱা পুনৰ জ্ঞান চিতাত বহিলে বগা (পবিত্ৰ) হৈ যাবা। এতিয়া যিসকলে বুজায় তেওঁলোকতো কাম চিতাত বহিব নোৱাৰে। কিন্তু এনেকুৱাও আছে যিসকলে অন্যক বুজাই বুজাই কাম চিতাত বহি যায়। আজি এয়া বুজায় আকৌ কাইলৈ বিকাৰত অধঃপতিত হৈ যায়। মায়া বহুত শক্তিশালী হয়। কথাই নুসুধিবা। অন্যক বুজাওঁতাজন নিজে কাম চিতাত বহি যায়। পাচত অনুতাপ কৰে - এয়া কি হ'ল? বক্সিং (মুষ্টিযুদ্ধ) হয় নহয় জানো। স্ত্ৰীক দেখিলে আৰু আকৰ্ষিত হ'ল, মুখ ক'লা কৰি দিলে। মায়া বৰ শক্তিশালী। প্ৰতিজ্ঞা কৰি আকৌ অধঃপতিত হয় তেন্তে কিমান এশ গুণ দণ্ড হৈ যায়। সেয়াতো যেন শূদ্ৰৰ সমান পতিত হৈ গল। গায়নো কৰা হয়- অমৃত পান কৰি পুনৰ বাহিৰলৈ গৈ অন্যক অশান্ত কৰিছিল। কদৰ্য কৰি তুলিছিল। তালিতো দুয়োখন হাতেৰে বাজে। এখনেৰেতো বাজিব নোৱাৰে। দুয়ো বেয়া (বিকাৰী) হৈ যায়। পাচত কোনোবাইতো জনায়, কোনোবাই আকৌ লাজতে নজনায়েই। এনেকৈ ভাবে যে ব্ৰাহ্মণ কুলত যাতে নাম বদনাম হৈ নাযায়। যুদ্ধত কোনোবা পৰাজিত হলে তেতিয়া হাহাকাৰ হৈ যায়। হেৰ ইমান ডাঙৰ পালোৱানকো বগৰাই দিলে! এনেকুৱা বহুত এক্সিডেণ্ট (দুৰ্ঘটনা) হয়। মায়াই চৰ লগাই দিয়ে, বহুত উচ্চ লক্ষ্যস্থল হয় নহয় জানো।

এতিয়া তোমালোক সন্তানসকলে বুজি পোৱা যে যিসকল সতোপ্ৰধান বগা (পবিত্ৰ) আছিল, তেওঁলোকেই কাম চিতাত বহাৰ কাৰণে ক'লা (অপবিত্ৰ) তমোপ্ৰধান হৈ গৈছে। ৰামকো ক'লা বৰণীয়াকৈ দেখুৱায়। চিত্ৰতো বহুতৰে ক'লা বৰণীয়াকৈ তৈয়াৰ কৰে। কিন্তু মুখ্যসকলৰ কথা বুজোৱা হয়। ইয়াতো ৰামচন্দ্ৰৰ ক'লা চিত্ৰ আছে, তেওঁলোকক সুধিব লাগে - ক'লা বৰণীয়াকৈ কিয় তৈয়াৰ কৰিছে? কৈ দিব - এয়াতো ঈশ্বৰৰ ইচ্ছা। এয়াতো চলি আহিছে। কিয় হয়, কি হয় - এইবোৰ একো নাজানে। এতিয়া তোমালোকক পিতাই বুজায় - কাম চিতাত বহাৰ কাৰণে পতিত দুখী ৱৰ্থ নট এ পেনী (একেবাৰে মূল্যহীন) হৈ যায়। সেইখন হৈছে নিৰ্বিকাৰী সৃষ্টি। এয়া হৈছে বিকাৰী সৃষ্টি। গতিকে এনেকৈ বুজাব লাগে। এওঁলোক সূৰ্যবংশী, এওঁলোক চন্দ্ৰবংশী আকৌ বৈশ্য বংশী হ'বই লাগে। বাম (বিকাৰী) মাৰ্গত আহিলে তেওঁলোকে নিজক দেৱতা বুলি নকয়। জগত নাথৰ মন্দিৰত ওপৰৰ ফালে দেৱতাসকলৰ কুল দেখুৱায়। ড্ৰেচ (সাজপাৰ) দেৱতাসকলৰ, এক্টিভিটি (কৰ্মকাণ্ড) একেবাৰে কদৰ্য দেখুৱায়। পিতাই যিবোৰ কথাৰ প্ৰতি এটেনশ্বন (মনোযোগ) আকৰ্ষিত কৰায় সেইবোৰৰ প্ৰতি ধ্যান দিব লাগে। মন্দিৰবোৰত বহুত ছাৰ্ভিচ (সেৱা) হ'ব পাৰে। শ্ৰীনাথ দ্বাৰতো বুজাব পাৰা। সুধিব লাগে - এওঁলোকক ক'লা বৰণীয়াকৈ কিয় তৈয়াৰ কৰিছে? এইটো বুজোৱাতো বহুত সহজ। সেয়া হৈছে গল্ডেন এজ (সোণালী যুগ), এয়া হৈছে আইৰণ এজ (লৌহ যুগ)। মামৰে ধৰে (বিকাৰৰ লেপ পৰে) নহয় জানো। এতিয়া তোমালোকৰ মামৰ আঁতৰি গৈ আছে। যিসকলে স্মৰণেই নকৰে গতিকে মামৰো আঁতৰি নাযায়। বহুত মামৰে ধৰিছে গতিকে তেওঁলোক পুৰণি সৃষ্টিৰ প্ৰতি আকৰ্ষিত হৈ থাকিব। সকলোতকৈ বেছি মামৰে ধৰে বিকাৰৰ পৰা। পতিতো বিকাৰৰ বাবেই হৈছে। নিজক জজ্‌ (পৰীক্ষণ) কৰিব লাগে - মোৰ বুদ্ধি ক্ৰিমিনেলৰ (আসুৰিক) দিশেতো নাযায়। ভাল ভাল ফাৰ্ষ্টক্লাচ (এক নম্বৰৰ) সন্তানো ফেইল (অনুত্তীৰ্ণ) হৈ যায়। এতিয়া তোমালোক সন্তানসকলে এইটো বোধশক্তি পাইছা। মুখ্য কথা হৈছেই পবিত্ৰতাৰ। আৰম্ভণিৰ পৰা ইয়াৰ ওপৰতেই কাজিয়া-পেচাল হৈ আহিছে। পিতায়েই এইটো যুক্তি ৰচিছে - সকলোৱে কৈছিল আমি জ্ঞান অমৃত পান কৰিবলৈ যাওঁ। জ্ঞান অমৃত আছেই জ্ঞান সাগৰৰ ওচৰত। শাস্ত্ৰ পঢ়িলেতো কোনেও পতিতৰ পৰা পাৱন হ'ব নোৱাৰে। পাৱন হৈ পুনৰ পাৱন সৃষ্টিলৈ যাব লাগে। ইয়াত পাৱন হৈ আকৌ ক'লৈ যাব? জগতৰ লোকে ভাবে অমুকে মোক্ষ (মুক্তি) প্ৰাপ্তি কৰিলে। তেওঁলোকে কি জানে, যদি মোক্ষ প্ৰাপ্তি কৰিলে তেন্তে তেওঁৰ ক্ৰিয়া-কৰ্ম আদিও কৰিব নোৱাৰে। ইয়াত দীপক আদি জ্বলায় যাতে তেওঁৰ কোনোধৰণৰ কষ্ট নহয়। অন্ধকাৰত ঠেকা-খুন্দা নাখায়। আত্মাইতো এটা শৰীৰ এৰি অন্য এটা লয়, এক চেকেণ্ডৰ কথা। অন্ধকাৰ আকৌ ক'ৰ পৰা আহিল? এইটো ৰীতি চলি আহিছে, তোমালোকেও কৰিছিলা, এতিয়া একোৱেই নকৰা। তোমালোকে জানা শৰীৰতো মাটি হৈ গল। তাত এনেকুৱা ৰীতি-প্ৰথা নাথাকে। আজিকালিৰ ৰিদ্ধি-সিদ্ধিৰ (তন্ত্ৰ-মন্ত্ৰৰ) কথাত একো নাই। ধৰি লোৱা কাৰোবাৰ পাখি গজিল, উৰিবলৈ ধৰে - পাচত কি হয়, তাৰ পৰা কি লাভ হব? পিতাইতো কয় - মোক স্মৰণ কৰা তেতিয়া বিকৰ্ম বিনাশ হ'ব। এয়া যোগ অগ্নি হয়, যাৰ দ্বাৰা পতিতৰ পৰা পাৱন হ'বা। জ্ঞানৰ দ্বাৰা ধন প্ৰাপ্ত হয়। যোগৰ দ্বাৰা এভাৰ হেল্‌দী (সৰ্বদা নিৰোগী) পবিত্র, জ্ঞানৰ দ্বাৰা এভাৰ ৱেল্‌দী (সৰ্বদা সমৃদ্ধিশালী) হয়। যোগীসকল সদায় দীৰ্ঘায়ু হয়। ভোগীসকলৰ আয়ুস কম। কৃষ্ণক যোগেশ্বৰ বুলি কয়। ঈশ্বৰৰ স্মৃতিৰে কৃষ্ণ হৈছে, তেওঁক স্বৰ্গত যোগেশ্বৰ বুলি নক'ব। তেওঁতো প্ৰিন্স (ৰাজকুমাৰ) হয়। পূৰ্বৰ জন্মত এনেকুৱা কৰ্ম কৰিছে, যাৰ দ্বাৰা এনেকুৱা হ'ল। কৰ্ম-অকৰ্ম-বিকৰ্মৰ গতিও পিতাই বুজাইছে। আধাকল্প হৈছে ৰাম ৰাজ্য, আধাকল্প হৈছে ৰাৱণৰ ৰাজ্য। বিকাৰত যোৱা- এইটো হৈছে সকলোতকৈ ডাঙৰ পাপ। সকলো ভাই-ভনী হয় নহয় জানো। আত্মাসকল সকলো ভাই ভাই হয়। ভগৱানৰ সন্তান হৈ পুনৰ ক্ৰিমিনেল এচাল্ট (আসুৰিক কাৰ্য) কেনেকৈ কৰে। আমি বি. কে.সকল বিকাৰত যাব নোৱাৰোঁ। এইটো যুক্তিৰেহে পবিত্ৰ হৈ থাকিব পাৰে। তোমালোকে জানা এতিয়া ৰাৱণ ৰাজ্য সমাপ্ত হ'ব পুনৰ প্ৰত্যেক আত্মাই পবিত্ৰ হৈ যায়। তাক কোৱা হয় - ঘৰে ঘৰে ৰশ্মি। তোমালোকৰ জ্যোতি জ্বলি গল। জ্ঞানৰ তৃতীয় নেত্ৰ পাইছা। সত্যযুগত সকলো পবিত্ৰ হৈয়ে থাকে। সেয়াও তোমালোকে এতিয়া বুজি পোৱা। অন্যক বুজাবৰ কাৰণে সন্তানসকলৰ ক্ৰমানুসৰি শক্তি থাকে। ক্ৰমানুসৰি স্মৃতিত থাকে। ৰাজধানী কেনেকৈ স্থাপন হয়, কাৰো বুদ্ধিত এইটো নাথাকিব। তোমালোক সেনা হোৱা নহয় জানো। এইটো জানা যে স্মৃতিৰ বলেৰে পবিত্ৰ হৈ আমি ৰজা-ৰাণী হৈ আছোঁ। পুনৰ পৰৱৰ্তী জন্মত গল্ডেন স্পুন ইন মাউঠ (মুখত সোণৰ চামুচ অৰ্থাৎ সমৃদ্ধিশালী অৱস্থা হ'ব)। ডাঙৰ পৰীক্ষা পাছ কৰাসকলে পদবীও ডাঙৰ পায়। পাৰ্থক্য আছে নহয়, যিমান পঢ়া সিমান সুখ। এয়াতো ভগৱানে পঢ়ায়। এইটো নিচা বাঢ়ি থাকিব লাগে। শক্তিশালী বস্তু পোৱা যায়। ভগৱানৰ অবিহনে এনেকুৱা ভগৱান-ভগৱতী কৰি কোনে গঢ়িব। তোমালোক এতিয়া পতিতৰ পৰা পাৱন হৈ আছা পুনৰ জন্ম-জন্মান্তৰৰ কাৰণে সুখী হৈ যাবা। উচ্চ পদ পাবা। পঢ়ি পঢ়ি আকৌ কদৰ্যময় হৈ যায়। দেহ-অভিমানত অহাৰ কাৰণে পুনৰ জ্ঞানৰ তৃতীয় নেত্ৰ বন্ধ হৈ যায়। মায়া বৰ শক্তিশালী। পিতাই নিজেই কয় - বহুত পৰিশ্ৰম কৰিবলগীয়া হয়। মই কিমান পৰিশ্ৰম কৰোঁ - ব্ৰহ্মাৰ শৰীৰত আহি। কিন্তু বুজি উঠি তথাপিও কৈ দিয়ে এনেকুৱা জানো হ'ব পাৰে, শিৱবাবা আহি পঢ়ায় - আমি নামানো। এয়া চালাকী হয়। এনেকৈও কৈ দিয়ে। ৰাজ্যতো স্থাপন হৈয়েই যাব। এনেকৈ কয় নহয় যে সত্যৰ নাও টুলুংভুটুং কৰে কিন্তু নুডুবে। কিমান বিঘিনি আহে। ভাল বাৰু!

অতি মৰমৰ, কল্পৰ পাচত পুনৰাই লগ পোৱা নয়নৰ জেউতি, শ্যাম বৰণীয়াৰ পৰা সুন্দৰ হওঁতা আত্মাসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ অন্তৰৰ গভীৰৰ পৰা স্নেহপূৰ্ণ স্মৰণ আৰু গুডমৰ্ণিং। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।

ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) যোগৰ অগ্নিৰে বিকাৰৰ মামৰ আঁতৰাব লাগে। নিজক জজ্‌ (পৰীক্ষা) কৰিব লাগে যে মোৰ বুদ্ধি ক্ৰিমিনেলৰ ফালেতো (আসুৰিক দিশেতো) নাযায়।

(2) নিশ্চয়বুদ্ধি হোৱাৰ পাচত পুনৰ কেতিয়াও কোনো কথাত সংশয় আনিব নালাগে। বিকৰ্মৰ পৰা ৰক্ষা পাবলৈ সকলো কৰ্ম নিজৰ স্বধৰ্মত স্থিত হৈ পিতাৰ স্মৃতিত থাকি কৰিব লাগে।

বৰদান:
সৰ্ব প্ৰাপ্তিৰ অনুভৱৰ দ্বাৰা পাৱাৰফুল (শক্তিশালী) হওঁতা সদায় সফলতামূৰ্ত হোৱা

যিসকল সৰ্ব প্ৰাপ্তিৰ অনুভৱীমূৰ্ত হয় তেওঁলোকেই পাৱাৰফুল (শক্তিশালী) হয়, এনেকুৱা পাৱাৰফুল (শক্তিশালী) সৰ্ব প্ৰাপ্তিৰ অনুভৱী আত্মাসকলহে সফলতামূৰ্ত হ'ব পাৰে কিয়নো এতিয়া সকলো আত্মাই বিচাৰিব যে সুখ-শান্তিৰ মাষ্টৰ দাতা ক'ত আছে। গতিকে যেতিয়া তোমালোকৰ ওচৰত সৰ্বশক্তিৰ ষ্টক (পুঁজি) জমা থাকিব তেতিয়াহে সকলোকে সন্তুষ্ট কৰিব পাৰিবা। যিদৰে আজিকালি এখন ষ্টোৰতে (দোকানতে) সকলো সামগ্ৰী পোৱা যায়, সেইদৰে তোমালোকো হ'ব লাগে। এনেকুৱা নহয় যে সহনশক্তি আছে সন্মুখীন হোৱাৰ শক্তি নাই। সৰ্বশক্তিৰ ষ্টক (পুঁজি) জমা হৈ থাকিব লাগে তেতিয়া সফলতামূৰ্ত হব পাৰিবা।

স্লোগান:
মৰ্যাদাই হৈছে ব্ৰাহ্মণ জীৱনৰ খোজ, খোজে প্ৰতি খোজ দিয়া অৰ্থাৎ লক্ষ্যস্থলৰ সমীপত উপস্থিত হোৱা।


মাতেশ্বৰীজীৰ অমূল্য মহাবাক্য

"পুৰুষাৰ্থ আৰু প্ৰালব্ধৰ ৰচি থোৱা অনাদি ড্ৰামা"

মাতেশ্বৰী:- পুৰুষাৰ্থ আৰু প্ৰালব্ধ দুটা বস্তু হয়, পুৰুষাৰ্থৰ দ্বাৰা প্ৰালব্ধ গঢ়ি উঠে। এয়া অনাদি সৃষ্টিৰ চক্ৰ ঘূৰি থাকে, যিসকল আদি সনাতন ভাৰতবাসী পূজ্য আছিল, তেওঁলোকেই পুনৰ পূজাৰী হল আকৌ তেওঁলোক পূজাৰীসকলেই পুৰুষাৰ্থ কৰি পূজ্য হ'বগৈ, এয়া অৱৰোহণ আৰু আৰোহণ অনাদি ড্ৰামাৰ খেল ৰচি থোৱা আছে।

জিজ্ঞাসু:- মাতেশ্বৰী, মোৰো এইটো প্ৰশ্ন উদয় হয় যে যিহেতু এই ড্ৰামা এনেকৈ ৰচি থোৱা আছে তেন্তে যদি আৰোহণ কৰিবলগীয়া আছে তেন্তে আপোনাআপুনি কৰিম তেনেস্থলত পুৰুষাৰ্থ কৰাৰ লাভেই বা কি হ'ল? আৰোহণ কৰাৰ পাচত আকৌ অৱনমিত হ'মেই তেন্তে ইমান পুৰুষাৰ্থই বা কিয় কৰোঁ? মাতেশ্বৰী, আপুনি কব খোজে যে এই ড্ৰামা হুবহু ৰিপিট (পুনৰাবৃত্তি) হয় তেন্তে অলমাইটী (সৰ্বশক্তিমান) পৰমাত্মাই সদায় এনেকুৱা খেল দেখি নিজে ভাগৰি নপৰেনে? যেনেকৈ 4টা ঋতুত ঠাণ্ডা, গৰম আদিৰ পাৰ্থক্য থাকে তেনেদৰে এই খেলখনত পাৰ্থক্য নহবনে?

মাতেশ্বৰী:- বচ, এয়াইতো এই ড্ৰামাখনৰ অনন্যতা, হুবহু ৰিপিট (পুনৰাবৃত্তি) হয় আৰু এই ড্ৰামাত আৰু অনন্যতা আছে যে ৰিপিট (পুনৰাবৃত্তি) হোৱা সত্ত্বেও নিত্য নতুন যেন লাগে। প্ৰথমতেতো নিজৰো এই শিক্ষা নাছিল, কিন্তু যিহেতু নলেজ (জ্ঞান) প্ৰাপ্ত হ'ল গতিকে চেকেণ্ডৰ পাচত চেকেণ্ড যি চলে, যদিও হুবহু কল্পৰ পূৰ্বৰ দৰেই চলে কিন্তু যেতিয়া তাক সাক্ষী হৈ চোৱা যায় তেতিয়া নিত্য নতুন যেন লাগে। এতিয়া সুখ-দুখ দুয়োটাৰে পৰিচয় প্ৰাপ্ত হৈ গ'ল সেয়েহে এনেকৈ নুবুজিবা যে যদি ফেইল (অনুত্তীৰ্ণ) হ'বলগীয়াই আছে তেন্তে আকৌ পঢ়োঁৱেই বা কিয়? নহয়, তেনেহলেতো এনেকৈও বুজা যে যদি ভোজন পাবলগীয়া আছে তেন্তে আপোনাআপুনি পাম, তেন্তে ইমান কষ্ট কৰি উপাৰ্জন কিয় কৰা? সেইদৰে আমিও দেখি আছোঁ এতিয়া আৰোহণ কলাৰ সময় আহিছে, সেয়াই দেৱতাৰ বংশ স্থাপন হৈ আছে তেন্তে কিয়নো এতিয়াই সেই সুখ লৈ নলওঁ। যেনেকৈ চোৱা এতিয়া যদি কোনোবা জৰ্জ (বিচাৰক) হ'ব বিচাৰে তেন্তে যেতিয়া পুৰুষাৰ্থ কৰিব তেতিয়াহে সেই ডিগ্ৰী প্ৰাপ্ত কৰিব নহয় জানো। যদি তাত ফেইল (অনুত্তীৰ্ণ) হৈ যায় তেন্তে পৰিশ্ৰমেই ব্যৰ্থ হৈ যায়, কিন্তু এই অবিনাশী জ্ঞানত আকৌ এনেকুৱা নহয়, অলপমানো এই অবিনাশী জ্ঞানৰ বিনাশ নহয়। ইমান পুৰুষাৰ্থ নকৰি দৈৱী ৰয়েল (ৰাজকীয়) বংশতো নাহিলেও কিন্তু যদি কম পুৰুষাৰ্থও কৰিলে তথাপিও সেই সত্যযুগী দৈৱী প্ৰজাত আহিব পাৰে। কিন্তু পুৰুষাৰ্থ নিশ্চয় কৰিব লাগিব কিয়নো পুৰুষাৰ্থৰ দ্বাৰাহে প্ৰালব্ধ গঢ়ি উঠিব, মহিমা পুৰুষাৰ্থহে গায়ন কৰা হয়।

''এই ঈশ্বৰীয় নলেজ (জ্ঞান) সকলো মনুষ্য আত্মাৰ কাৰণে"

পোন-প্ৰথমেতো নিজে এটা মুখ্য পইণ্ট খেয়ালত অৱশ্যে ৰাখিব লাগে, যিহেতু এই মনুষ্য সৃষ্টি বৃক্ষৰ বীজৰূপ পৰমাত্মা হয় তেন্তে সেই পৰমাত্মাৰ দ্বাৰা যি নলেজ (জ্ঞান) প্ৰাপ্ত হৈ আছে সেয়া সকলো মনুষ্যৰ কাৰণে জৰুৰী হয়। সকলো ধৰ্মাৱলম্বীৰে এই নলেজ (জ্ঞান) লোৱাৰ অধিকাৰ আছে। যদিও প্ৰত্যেক ধৰ্মৰ নলেজ (জ্ঞান) নিজা নিজা, প্ৰত্যেকৰে শাস্ত্ৰ নিজা নিজা, প্ৰত্যেকৰে মত নিজা নিজা, প্ৰত্যেকৰে সংস্কাৰ নিজা নিজা কিন্তু এই নলেজ (জ্ঞান) সকলোৰে কাৰণে। লাগিলে তেওঁ এই জ্ঞান ধাৰণ কৰিবই নোৱাৰক, আমাৰ বংশত নাহকেই কিন্তু সকলোৰে পিতা হোৱাৰ কাৰণে তেওঁৰ লগত যোগসুত্ৰ গঢ়িলে তথাপিও পবিত্র নিশ্চয় হ'ব। এই পবিত্ৰতাৰ কাৰণে নিজৰ চেক্সনত (শাখাত) পদ অৱশ্যে পাব কিয়নো যোগকতো সকলো মনুষ্যই মানে, বহুত মনুষ্যই এনেকৈ কয় যে আমাকো মুক্তি লাগে, কিন্তু শাস্তিৰ নোখোৱাকৈ মুক্ত হোৱাৰ শক্তিও এই যোগৰ দ্বাৰা প্ৰাপ্ত হ'ব পাৰে। ভাল বাৰু - ওঁম্ শান্তি।