01.10.20       Morning Assame Murli        Om Shanti      BapDada       Madhuban


"মৰমৰ সন্তানসকল তোমালোক দেৱতা হ'ব লাগিব সেয়েহে মায়াৰ অৱগুণসমূহক ত্যাগ কৰা, খং কৰা, মাৰা, অশান্তিৰ সৃষ্টি কৰা, বেয়া কাম কৰা, চুৰি কৰা এই সকলোবোৰ মহাপাপ হয়

প্ৰশ্ন:
এই জ্ঞানত কোনসকল সন্তান তীব্ৰ গতিৰে যাব পাৰে? লোকচান কোনসকলৰ হয়?

উত্তৰ:
যিসকলে নিজৰ খতিয়ান ৰাখিব জানে তেওঁলোক এই জ্ঞানত বহুত তীব্ৰ গতিৰে যাব পাৰে। লোকচান তেওঁলোকৰ হয় যি দেহী-অভিমানী হৈ নাথাকে। বাবাই কয় - বেপাৰী লোকসকলৰ খতিয়ান ৰখাৰ অভ্যাস থাকে, তেওঁলোক ইয়াতো তীব্ৰ গতিৰে যাব পাৰে।

গীত:
মুখড়া দেখ লে প্ৰাণী (চেহেৰা চাই লোৱা প্ৰাণী........)

ওঁম্শান্তি।
আত্মিক ভূমিকাধাৰী সন্তানসকলৰ প্ৰতি পিতাই বুজায় কিয়নো বেহদৰ নাটকত আত্মাইহে ভূমিকা পালন কৰি আছে। হয়তো মনুষ্যৰে নহয় জানো। সন্তানসকলে এই সময়ত পুৰুষাৰ্থ কৰি আছে। যদিও বেদ-শাস্ত্ৰ পঢ়ে, শিৱৰ পূজা কৰে কিন্তু পিতাই কয় ইয়াৰ দ্বাৰা কোনেও মোক প্ৰাপ্ত কৰিব নোৱাৰে কিয়নো ভক্তি হৈছেই অৱৰোহণ কলা। জ্ঞানৰ দ্বাৰা সৎগতি হয় তেন্তে নিশ্চয় কাৰোবাৰ দ্বাৰা অৱনমিতও হ'ব। এয়া এক প্ৰকাৰৰ খেল হয়, যাক কোনেও নাজানে। শিৱলিংগক যেতিয়া পূজা কৰে তেতিয়া তেওঁক ব্ৰহ্ম বুলি নকয়। তেন্তে কোন হয় যাক পূজা কৰে। তেওঁকো ঈশ্বৰ বুলি ভাবি পূজা কৰে। তোমালোকে যেতিয়া পোন-প্ৰথমে ভক্তি আৰম্ভ কৰা তেতিয়া শিৱলিংগ হীৰাৰে গঢ়া। এতিয়াতো গৰিব হৈ গল গতিকে পাথৰেৰে গঢ়ে। হীৰাৰ লিংগ সেইসময়ত 4-5 হাজাৰৰ হ'ব। এই সময়ততো তাৰ দাম 5-7 লাখ হ'ব। এনেকুৱা হীৰা এতিয়া কাচিৎহে ওলায়। পাথৰ বুদ্ধিৰ হৈ গ'ল গতিকে পূজাও পাথৰৰ কৰে, জ্ঞান নোহোৱাকৈয়ে। যিহেতু জ্ঞান আছে সেয়েহে তোমালোকে পূজা নকৰা। চৈতন্য সন্মুখত আছে, তেওঁকেই তোমালোকে স্মৰণ কৰা। জানা যে স্মৰণৰ দ্বাৰা বিকৰ্ম বিনাশ হ'ব। গীততো কয়- হে সন্তানসকল, প্ৰাণী বুলি কোৱা হয় আত্মাক। প্ৰাণ ওলায় যোৱাৰ পাচত যেন মৃতক। আত্মা ওলাই যায়। আত্মা হৈছে অবিনাশী। আত্মা যেতিয়া শৰীৰত প্ৰৱেশ কৰে তেতিয়া চৈতন্য হয়। পিতাই কয়- হে আত্মাসকল, নিজৰ ভিতৰত পৰীক্ষণ কৰা কিমানলৈকে দৈৱীগুণৰ ধাৰণা হৈছে? কোনো বিকাৰতো নাই? চুৰি আদি কৰা কোনো আসুৰিক গুণতো নাই? আসুৰিক কৰ্তব্য কৰিলে আকৌ অৱনমিত হৈ যাবা। ইমান মৰ্যাদা প্ৰাপ্ত কৰিব নোৱাৰিবা। বেয়া অভ্যাসবোৰ নিশ্চয় ত্যাগ কৰিব লাগে। দেৱতাসকলে কেতিয়াও কাৰো ওপৰত খং নকৰে। ইয়াত অসুৰৰ দ্বাৰা কিমান মাৰ খায় কিয়নো তোমালোক দৈৱী সম্প্ৰদায়ৰ হোৱা গতিকে মায়া কিমান শত্ৰু হৈ পৰে। মায়াৰ অৱগুণে কাম কৰে। মাৰা, অশান্তিৰ সৃষ্টি কৰা, বেয়া কাম কৰা এই সকলোবোৰ পাপ হয়। তোমালোক সন্তানসকলেতো বহুত শুদ্ধ হৈ থাকিব লাগে। চুৰি আদি কৰাতো মহান পাপ হয়। পিতাৰ ওচৰত তোমালোকে প্ৰতিজ্ঞা কৰি আহিছা- বাবা মোৰতো আপুনি এজনেই দ্বিতীয় কোনো নাই। আমি আপোনাকেই স্মৰণ কৰিম। ভক্তি মাৰ্গত যদিও গায় কিন্তু তেওঁলোকে গম নাপায় যে স্মৰণৰ দ্বাৰা কি হয়। তেওঁলোকেতো পিতাক নাজানেই। এফালে কয় নাম-ৰূপৰ পৰা উপৰাম, আনফালে আকৌ লিংগৰ পূজা কৰে। তোমালোকে ভালদৰে বুজি আকৌ বুজাব লাগে। পিতাই কয় এইটোও বিচাৰ কৰা যে মহান আত্মা বুলি কাক কোৱা হয়? শ্ৰীকৃষ্ণ যি সৰু শিশু স্বৰ্গৰ ৰাজকুমাৰ হয়, তেওঁ মহাত্মা হয় নে আজিকালিৰ কলিযুগী মনুষ্য? তেওঁ বিকাৰৰ পৰা জন্ম নহয়। সেয়া হৈছে নিৰ্বিকাৰী সৃষ্টি। এয়া হৈছে বিকাৰী সৃষ্টি। নিৰ্বিকাৰীসকলক বহুত উপাধি দিব পৰা যায়। বিকাৰীৰ কি উপাধি আছে? শ্ৰেষ্ঠাচাৰীতো এজন পিতাইহে কৰি তোলে। তেওঁ হৈছে সকলোতকৈ উচ্চৰো উচ্চ বাকী সকলো মনুষ্য ভূমিকা পালন কৰোঁতা হয় গতিকে ভূমিকাত নিশ্চয় আহিব লাগিব। সত্যযুগ হৈছে শ্ৰেষ্ঠ মনুষ্যৰ সৃষ্টি। জন্তু আদি সকলো শ্ৰেষ্ঠ। তাত মায়া ৰাৱণেই নাই। তাত এনেকুৱা কোনো তমোগুণী জন্তু নাথাকে। তোমালোকে জানা - ম'ৰা চৰায়ে বিকাৰৰ দ্বাৰা পোৱালি জন্ম নিদিয়ে। ময়ূৰৰ চকুলো ওলায় সেয়া ময়ূৰীয়ে ধাৰণ কৰে। ৰাষ্ট্ৰীয় চৰাই বুলি কোৱা হয়। সত্যযুগতো বিকাৰৰ নাম নাই। ম'ৰাৰ পাখি, প্ৰথম নম্বৰৰ যি বিশ্বৰ ৰাজকুমাৰ হয় কৃষ্ণ, তেওঁৰ শিৰত লগোৱা হয়। কিবাতো ৰহস্য থাকিব নহয় জানো। গতিকে এই সকলোবোৰ কথা পিতাই পৰিশোধিত কৰি বুজায়। তাত সন্তান কেনেকৈ জন্ম হয়, সেয়াতো তোমালোকে জানা। তাত বিকাৰ নাথাকে। পিতাই কয় তোমালোকক দেৱতা কৰি তোলে গতিকে পূৰা নিজৰ পৰীক্ষণ কৰা। পৰিশ্ৰমৰ নকৰাকৈ জানো বিশ্বৰ মালিক হ'ব পাৰিবা।

যেনেকৈ তোমালোক আত্মা বিন্দু হোৱা সেইদৰে পিতাও বিন্দু হয়। ইয়াত বিবুদ্ধিত পৰাৰ কোনো দৰকাৰ নাই। কোনোৱে কয় আমি চাওঁ। পিতাই কয় দেখা পোৱাসকলকতো তোমালোকে বহুত পূজা কৰিলা। লাভ একোৱে নাই হোৱা। এতিয়া যথাৰ্থ ৰীতিৰে মই তোমালোকক বুজাওঁ। মোৰ মাজত গোটেই ভূমিকা সমাহিত হৈ আছে। সৰ্বোচ্চ (চুপ্ৰীম) আত্মা হওঁ নহয় জানো, সৰ্বোচ্চ পিতা। কোনো সন্তানে নিজৰ লৌকিক পিতাক এনেকৈ নক'ব। এজনকেই কোৱা হয়। সন্ন্যাসীসকলৰতো সন্তান নাই যিয়ে পিতা বুলি ক'ব। এওঁতো সকলো আত্মাৰে পিতা, যিয়ে উত্তৰাধিকাৰ দিয়ে। তেওঁলোকৰতো কোনো গৃহস্থ আশ্ৰম নহয়। পিতাই বহি বুজায় - তোমালোকেই 84 জন্ম ভোগ কৰিছা। পোন-প্ৰথমে তোমালোক সতোপ্ৰধান আছিলা পাচত অৱনমিত হৈ আহিলা। এতিয়া কোনোবাই নিজকে জানো সৰ্বোচ্চ বুলি ক'ব, এতিয়াতো নীচ বুলি ভাবে। পিতাই বাৰে বাৰে বুজায়। মূল কথা এইটো যে নিজৰ ভিতৰত চোৱা যে মোৰ কোনো বিকাৰতো নাই? ৰাতি নিতৌ নিজৰ খতিয়ান উলিওৱা। বেপাৰীসকলে খতিয়ান উলিয়ায়। চৰকাৰী সেৱকে (কৰ্মচাৰীয়ে) খতিয়ান উলিয়াব নোৱাৰে। তেওঁলোকেতো নিদিষ্ট হাৰত দৰমহা পায়। এই জ্ঞান মাৰ্গতো বেপাৰীসকল তীব্ৰ গতিৰে যায়, পঢ়া-লিখা অফিচাৰসকল ইমান তীব্ৰ গতিৰে নাযায়। বেপাৰততো আজি 50 উপাৰ্জন কৰিলে কাইলৈ 60 উপাৰ্জন কৰিব। কেতিয়াবা লোকচানো হৈ যাব। চৰকাৰী সেৱকৰ নিদিষ্ট দৰমহা থাকে। এই উপাৰ্জনতো যদি দেহী-অভিমানী নহয় তেন্তে লোকচান হৈ যাব। মাতাসকলেতো বেপাৰ নকৰে। তেওঁলোকৰ কাৰণে আকৌ আৰুহে সহজ। কন্যাসকলৰ কাৰণেও সহজ কিয়নো মাতাসকলেতো ছিৰি নামিবলগীয়া হয়। মহিমা সেইসকলৰ যিসকলে ইমান পৰিশ্ৰম কৰে। কন্যাসকলতো বিকাৰত যোৱাই নাই গতিকে এৰিবনো কি। পুৰুষসকলৰ কাৰণেতো পৰিশ্ৰম হয়। কুটুম্ব পৰিয়ালৰ তত্ত্বাৱধান লবলগীয়া হয়। ছিৰি যি বগাইছিল সেয়া গোটেই নামিবলগীয়া হয়। বাৰে বাৰে মায়াই থাপৰ মাৰি বগৰাই দিয়ে। এতিয়া তোমালোক বি.কে. হৈছা। কুমাৰীসকল পবিত্ৰই হয়। স্ত্ৰীৰ সকলোতকৈ অধিক প্ৰেম থাকে স্বামীৰ প্ৰতি। তোমালোকেতো স্বামীৰো স্বামী (পৰমাত্মা)ক স্মৰণ কৰিব লাগে আৰু সকলোকে পাহৰি যাব লাগে। মা-পিতাৰ সন্তানসকলৰ প্ৰতি মোহ থাকে। শিশুসকলতো হৈছেই অজ্ঞ। বিবাহৰ পাচত মোহ আৰম্ভ হয়। প্ৰথমে স্ত্ৰী মৰমৰ হয় তাৰপাচত বিকাৰত ঢকিয়াই দিয়াৰ ছিৰি আৰম্ভ কৰি দিয়ে। কুমাৰীসকল নিৰ্বিকাৰী হয় সেয়েহে পূজা কৰা হয়। তোমালোকৰ নাম হৈছে বি.কে। তোমালোক মহিমাৰ যোগ্য হৈ পুনৰ পূজাৰ যোগ্য হোৱা। পিতাই তোমালোকৰ শিক্ষকো হয়। গতিকে তোমালোক সন্তানসকলৰ নিচা থাকিব লাগে, আমি বিদ্যাৰ্থী হওঁ। ভগৱানে নিশ্চয় ভগৱান-ভগৱতী কৰিয়ে গঢ়ি তুলিব। কেৱল বুজোৱা হয় - ভগৱান এজন। বাকী সকলো হৈছে ভাই ভাই। দ্বিতীয় কোনো সম্পৰ্ক নাই। প্ৰজাপিতা ব্ৰহ্মাৰ দ্বাৰা ৰচনা কৰা হয় পাচত বৃদ্ধি হয়। আত্মাসকলৰ বৃদ্ধি বুলি কোৱা নহয়। বৃদ্ধি মনুষ্যৰ হয়। আত্মাসকলৰতো নিদিষ্ট সংখ্যা আছে। বহুত আহি থাকে। যেতিয়ালৈকে তাত (পৰমধামত) আছে, আহি থাকিব। বৃক্ষ বৃদ্ধি হৈ গৈ থাকিব। এনেকুৱা নহয় যে শুকাই যাব। ইয়াৰ তুলনা বট বৃক্ষৰ লগত কৰা হয়। আধাৰ (মূল কাণ্ড) নাই। বাকী গোটেই বৃক্ষ ঠিয় হৈ আছে। তোমালোকৰো এনেকুৱাই। আধাৰ নাই। কিবা নহয় কিবা চিহ্ন আছে। এতিয়ালৈকেও মন্দিৰ নিৰ্মাণ কৰি থাকে। মনুষ্যই জানো গম পায় যে দেৱতাসকলৰ ৰাজত্ব কেতিয়া আছিল। আকৌ ক'লৈ গ'ল? এই জ্ঞান তোমালোক ব্ৰাহ্মণসকলৰহে আছে। মনুষ্যই এইটো গম নাপায় যে পৰমাত্মাৰ স্বৰূপ বিন্দু হয়। গীতাত লিখি দিছে যে তেওঁ অখণ্ড জ্যোতি স্বৰূপ হয়। আগতে ভাৱনা অনুসৰি বহুতৰে সাক্ষাৎকাৰ হৈছিল। বহুত ৰঙা হৈ গৈছিল। বচ আমি সহ্য কৰিব নোৱাৰোঁ। এতিয়া সেয়াতো সাক্ষাৎকাৰ আছিল। পিতাই কয় সাক্ষাৎকাৰৰ দ্বাৰা একো কল্যাণ নহয়। ইয়াততো মুখ্য হৈছে স্মৃতিৰ যাত্ৰা। যেনেকৈ পাৰা পিচলি যায় নহয়। স্মৃতিও বাৰে বাৰে পিচলি যায়। কিমান বিচাৰে পিতাক স্মৰণ কৰোঁ আকৌ অন্য অন্য খেয়াল আহি যায়। ইয়াতেই তোমালোকৰ দৌৰ হয়। এনেকুৱা নহয় যে তৎক্ষণাৎ পাপ নাশ হৈ যাব। সময় লাগে। কৰ্মাতীত অৱস্থা হৈ গলে তেতিয়া আকৌ এই শৰীৰেই নাথাকিব। কিন্তু এতিয়া কোনেও কৰ্মাতীত অৱস্থা প্ৰাপ্ত কৰিব নোৱাৰে। নহলেতো তেওঁলোকক সত্যযুগী শৰীৰ লাগিব। গতিকে এতিয়া তোমালোক সন্তানসকলে পিতাকেই স্মৰণ কৰিব লাগে। নিজকে চাই থাকা - মোৰ দ্বাৰা কোনো বেয়া কামতো নহয়? খতিয়ান নিশ্চয় ৰাখিব লাগে। এনেকুৱা বেপাৰী তৎক্ষণাৎ চহকী হ'ব পাৰে।

পিতাৰ যি জ্ঞান আছে সেয়া দি আছে। পিতাই কয় মোৰ আত্মাত এই জ্ঞান নিহিত হৈ আছে। হুবহু তোমালোকক সেয়াই ক'ম যি কল্পৰ আগতে জ্ঞান দিছিলোঁ। সন্তানসকলকহে বুজাব, অন্যই কি জানিব। তোমালোকে এই সৃষ্টি চক্ৰক জানা, ইয়াত সকলো ভাৱৰীয়াৰ ভূমিকা নিৰ্ধাৰিত হৈ আছে। সাল-সলনি হ'ব নোৱাৰে। কোনোবাই ইয়াৰ পৰা অব্যাহতিও পাব নোৱাৰে। অৱশ্যে হয়, বাকী সময় মুক্তি পায়। তোমালোকতো আদিৰ পৰা অন্তলৈকে ভূমিকা পালন কৰোঁতা (অলৰাউণ্ডাৰ) হোৱা। 84 জন্ম লোৱা। বাকী সকলো নিজৰ ঘৰত থাকিব পুনৰ পাচৰ ফালে আহিব। মোক্ষ বিচৰাসকল ইয়ালৈ নাহিব। তেওঁলোক পুনৰ পাচৰ ফালে গুচি যাব। জ্ঞান কেতিয়াও নুশুনিব। মহৰ সদৃশ আহিল আৰু গ'ল। তোমালোকেতো নাটক অনুসৰি পঢ়া। এয়া জানা যে বাবাই 5 হাজাৰ বছৰ পূৰ্বেও এনেকৈ ৰাজযোগ শিকাইছিল। তোমালোকে পুনৰ অন্যকো বুজোৱা যে শিৱবাবাই এনেকৈ কয়। এতিয়া তোমালোকে জানা আমি কিমান উচ্চ আছিলোঁ, এতিয়া কিমান নীচ হৈ গলোঁ। পুনৰ পিতাই উচ্চ কৰি তোলে গতিকে এনেকৈ পুৰুষাৰ্থ কৰিব লাগে নহয় জানো। ইয়ালৈ তোমালোক পুনৰুজ্জীৱিত (সতেজ) হ'বৰ কাৰণে আহা। ইয়াৰ নামেই হৈছে মধুবন। তোমালোকৰ কলিকতা (কোলকাতা) বা বোম্বাইত (মুম্বাইত) জানো মুৰুলী শুনায়। মধুবনতেই মুৰুলী বাজে। মুৰুলী শুনিবৰ কাৰণে পিতাৰ ওচৰলৈ আহিব লাগিব পুনৰুজ্জীৱিত হ'বৰ কাৰণে। নতুন নতুন সাৰ কথা (পইণ্টচ) ওলাই থাকে। সন্মুখত শুনিলেতো অনুভৱ কৰা, বহুত পাৰ্থক্য থাকে। আগলৈ গৈ বহুত ভূমিকা চাবলগীয়া আছে। বাবাই যদি আগতেই সকলো শুনাই দিয়ে তেন্তে সোৱাদ নাইকিয়া হৈ যাব। লাহে লাহে প্ৰত্যক্ষ হৈ গৈ থাকিব। এটা চেকেণ্ড আনটো চেকেণ্ডৰ লগত নিমিলে। পিতা আহিছে আত্মিক সেৱা কৰিবৰ কাৰণে গতিকে সন্তানসকলৰো দায়িত্ব হৈছে আত্মিক সেৱা কৰা। অন্য নহলেও এইটোতো কোৱা - পিতাক স্মৰণ কৰা আৰু পবিত্র হোৱা। পবিত্ৰতাতে অকৃতকাৰ্য হৈ যায় কিয়নো স্মৰণ নকৰে। তোমালোক সন্তানসকল বহুত আনন্দিত হ'ব লাগে। আমি বেহদৰ পিতাৰ সন্মুখত বহি আছোঁ যাক কোনেও নাজানে। জ্ঞানৰ সাগৰ তেওঁ শিৱবাবাই হয়। দেহধাৰীৰ পৰা বুদ্ধিৰ যোগ আঁতৰাই দিব লাগে। শিৱবাবাৰ এওঁ ৰথ হয়। এওঁৰ প্ৰতি সন্মান নাৰাখিলে তেন্তে ধৰ্মৰজাৰ দ্বাৰা বহুত দণ্ড খাব লাগিব। জেষ্ঠজনক সন্মানতো দিবই লাগে নহয়। আদি দেৱৰ প্ৰতি কিমান সন্মান ৰাখে। জড় চিত্ৰৰ ইমান সন্মান তেন্তে চৈতন্যৰ প্ৰতি কিমান ৰাখিব লাগে। ভাল বাৰু।

অতি মৰমৰ, কল্পৰ পাচত পুনৰাই লগ পোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।

ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) ভিতৰি নিজৰ পৰীক্ষণ কৰি দৈৱী গুণ ধাৰণ কৰিব লাগে। বেয়া অভ্যাসবোৰ ত্যাগ কৰিব লাগে। প্ৰতিজ্ঞা কৰিব লাগে - বাবা আমি কেতিয়াও বেয়া কাম নকৰোঁ।

(2) কৰ্মাতীত অৱস্থা প্ৰাপ্ত কৰিবৰ কাৰণে স্মৃতিৰ দৌৰ লগাব লাগে। আত্মিক সেৱাত তৎপৰ হৈ থাকিব লাগে। জেষ্ঠজনক সন্মান কৰিব লাগে।

বৰদান:
সকলো সম্পত্তিক স্বৰ প্ৰতি আৰু অন্যৰ প্ৰতি ব্যৱহাৰ কৰোঁতা অখণ্ড মহাদানী হোৱা

যেনেকৈ পিতাৰ ভঁৰাল সদায় কাৰ্যক্ষম হৈ থাকে, নিতৌ দিয়ে তেনেকৈ তোমালোকৰো যাতে অখণ্ড লংগৰ চলি থাকে কিয়নো তোমালোকৰ ওচৰত জ্ঞানৰ, শক্তিৰ, আনন্দৰ ভৰপূৰ ভঁৰাল আছে। ইয়াক লগত ৰখাত বা ব্যৱহাৰ কৰাত কোনো বিপদ নাই। এই ভঁৰাল খোলা থাকিলেও চোৰ নাহে। বন্ধ কৰি ৰাখিলে চোৰ আহি যাব সেয়েহে নিতৌ নিজৰ প্ৰাপ্ত সম্পত্তিসমূহক চোৱা আৰু স্বৰ প্ৰতি আৰু অন্যৰ প্ৰতি ব্যৱহাৰ কৰা তেতিয়া অখণ্ড মহাদানী হৈ যাবা।

স্লোগান:
শুনা কথাবোৰ মনন কৰা, মনন কৰিলেহে শক্তিশালী হ'বা।