01.11.19       Morning Assame Murli        Om Shanti      BapDada       Madhuban


"মৰমৰ সন্তানসকল নিজৰ ওপৰত পূৰা নজৰ ৰাখিবা, কোনোধৰণৰ নীতি বিৰুদ্ধ আচৰণ নকৰিবা, শ্ৰীমতৰ উলংঘন কৰিলে অধঃপতিত হৈ যাবা"

প্ৰশ্ন:
পদমাপদমপতি হ'বৰ কাৰণে কেনেধৰণৰ সাৱধানতা অৱলম্বন কৰিব লাগে?

উত্তৰ:
সদায় ধ্যান ৰাখিব লাগে - যেনেকুৱা কৰ্ম মই কৰিম মোক দেখি আনেও কৰিব। কোনো কথাত যাতে মিছা অহংকাৰ নাহে। মুৰুলী কেতিয়াও খতি কৰিব নালাগে। মন-বাণী-কৰ্মত নিজক চম্ভালিব লাগে। এই দুচকুৱে যাতে প্ৰবঞ্চনা নকৰে তেতিয়া পদমৰ উপাৰ্জন জমা কৰিব পাৰিবা। ইয়াৰ বাবে অৰ্ন্তমুখী হৈ পিতাক স্মৰণ কৰা আৰু বিকৰ্মৰ পৰা হাতসাৰি থাকা।

ওঁম্শান্তি।
আত্মিক সন্তানসকলক পিতাই বুজাইছে, ইয়াত তোমালোক সন্তানসকল এইটো চিন্তনত নিশ্চয় বহিব লাগে, এওঁ পিতাও হয়, শিক্ষক আৰু সৎগুৰুও হয়। আৰু এইটোও অনুভৱ কৰা - বাবাক স্মৰণ কৰি-কৰি পবিত্ৰ হৈ, পবিত্ৰধামত গৈ উপস্থিত হমগৈ। পিতাই বুজাইছে যে পবিত্ৰধামৰ পৰাহে তোমালোক তললৈ নামা। তাৰ নামেই হৈছে পবিত্ৰধাম। সতোপ্ৰধানৰ পৰা আকৌ সতো, ৰজো, তমো..... এতিয়া তোমালোকে বুজি পাইছা যে আমি অধঃপতিত হৈ গলো অৰ্থাৎ বেশ্যালয়ত আছোঁ। যদিও তোমালোক সংগমযুগত আছা, কিন্তু জ্ঞানেৰে তোমালোকে জানা যে আমি কাষৰীয়া কৰিছোঁ তথাপিও যদি আমি শিৱবাবাৰ স্মৃতিত থাকোঁ তেন্তে শিৱালয় দূৰৈত নহয়। শিৱবাবাক যদি স্মৰণ নকৰে তেন্তে শিৱালয় বহুত দূৰৈত। শাস্তি খাবলগীয়া হলে তেতিয়া বহুত দূৰ হৈ যায়। গতিকে পিতাই সন্তানসকলক বেছি কষ্ট নিদিয়ে। এটাতো বাৰে-বাৰে কয় মন-বাণী-কৰ্মৰে পবিত্র হ'ব লাগে। এই দুচকুৱেও বহুত প্ৰবঞ্চনা কৰে, ইয়াৰ পৰা বহুত চম্ভালি চলিব লাগে। পিতাই বুজাইছে যে ধ্যান আৰু যোগ একেবাৰে ভিন্ন। যোগ অৰ্থাৎ স্মৰণ। চকু মেলিও তোমালোকে স্মৰণ কৰিব পাৰা। ধ্যানক কোনো যোগ বুলি কোৱা নহয়। ভোগো লৈ গলে তেতিয়া নিৰ্দেশনা অনুসৰিহে যাব লাগে। ইয়াত মায়াও বহুত আহে। মায়া এনেকুৱা যে একেবাৰে নাকত ধৰি অশান্ত কৰি দিয়ে। যেনেকৈ পিতা বলৱান, তেনেকৈ মায়াও বহুত বলৱান। ইমান বলৱান যে গোটেই সৃষ্টিখনকে বেশ্যালয়ত গঁতিয়াই দিলে সেয়েহে এই ক্ষেত্ৰত বহুত সাৱধানতা অৱলম্বন কৰিব লাগে। পিতাক নিয়মানুসৰি স্মৰণ কৰিব লাগে। নীতি বিৰুদ্ধ কোনো কাম কৰিলে একেবাৰে অধঃপতিত কৰি দিয়ে। ধ্যান আদিৰ কেতিয়াও ইচ্ছা ৰাখিব নালাগে। ইচ্ছা মাত্ৰম অবিদ্যা....... যদিহে পিতাৰ আজ্ঞা মতে চলা তেন্তে পিতাই তোমালোকৰ সকলো মনোকামনা নিবিচৰাকৈয়ে পূৰা কৰি দিয়ে। যদি পিতাৰ আজ্ঞা নামানি ওলোটা ৰাস্তা লোৱা তেন্তে স্বৰ্গৰ সলনি নৰকত গৈ পৰি যাব পাৰা। গায়নো আছে গজক (হাতীক) গ্ৰাহে (ঘঁৰিয়ালে) খালে। বহুতক জ্ঞান দিওঁতা, ভোগ লগাওঁতাসকল আজি ক'ত, কিয়নো নীতি বিৰুদ্ধ চলনৰ কাৰণে একেবাৰে মায়াবী হৈ যায়। দেৱী-দেৱতা হবলৈ গৈ চয়তান হৈ যায়। পিতাই জানে যে বহুত ভাল পুৰুষাৰ্থী যিসকল দেৱতা হবলগীয়া আছিল তেওঁলোক অসুৰ হৈ অসুৰৰ লগত থাকে। বিশ্বাসঘাটক হৈ যায়। পিতাৰ হৈ আকৌ মায়াৰ হৈ যায়, তেওঁলোকক বিশ্বাসঘাটক বুলি কোৱা হয়। নিজৰ ওপৰত নজৰ ৰাখিব লাগে। শ্ৰীমতৰ উলংঘন কৰিলে তেতিয়া অধঃপতিত হৈ যায়। গমেই নাপাবা। পিতাইতো সন্তানসকলক সাৱধান কৰি থাকে যে এনেকুৱা কোনো আচৰণ নকৰিবা যাৰ বাবে ৰসাতললৈ গুছি যাবলগীয়া হয়।

যোৱাকালিও বাবাই বুজাইছিল - বহুত গোপ আছে যিয়ে নিজৰ মাজত কমিটি আদি গঠন কৰে, যি কৰে সেয়া যদি শ্ৰীমতৰ আধাৰত নকৰে তেন্তে অহিতহে কৰে। শ্ৰীমত অনুসৰি নকৰিলে অধঃপতিতহে হৈ যাব। বাবাই আৰম্ভণিতে কমিটি বনাইছিল তেতিয়া মাতাসকলৰ বনাইছিল কিয়নো কলহ মাতাসকলেহে প্ৰাপ্ত কৰে। বন্দে্ মাতৰম বুলি গায়ন নাই জানো। যদি গোপসকলে কমিটি বনায় তেন্তে বন্দে গোপ বুলিতো গায়ন নাই। শ্ৰীমতত নচলিলে মায়াৰ জালত আবদ্ধ হৈ যায়। বাবাই মাতাসকলৰ কমিটি বনালে, সকলো তেওঁলোকৰ ওপৰত এৰি দিলে। বেছিভাগ ক্ষেত্ৰত পুৰুষসকলেই সৰ্বস্বান্ত হয়, স্ত্ৰীসকল নহয়। সেয়েহে পিতাইও কলহ মাতাসকলকে দিয়ে। এই জ্ঞান মাৰ্গত মাতাসকলো সৰ্বস্বান্ত হব পাৰে। পদমাপদম ভাগ্যশালী হবলগীয়াসকল মায়াৰ লগত পৰাজিত হৈ সৰ্বস্বান্ত হৈ যাব পাৰে। ইয়াত স্ত্ৰী-পুৰুষ দুয়ো সৰ্বস্বান্ত হব পাৰে আৰু হয়ো। কিমান পৰাজিত হৈ গুছি গল গতিকে সৰ্বস্বান্ত হৈ নগল জানো। পিতাই বুজায় ভাৰতবাসীতো একেবাৰে সৰ্বস্বান্ত হৈ গল। মায়া কিমান জৱৰদস্ত (শক্তিশালী)। মনুষ্যই বুজিবই নোৱাৰে যে আমি কি আছিলোঁ, ক'ৰ পৰা একেবাৰে তলত আহি পৰিলোঁ। ইয়াতো উচ্চলৈ উঠি গৈ থাকোঁতে শ্ৰীমত পাহৰি নিজৰ মতত চলিলে তেতিয়া সৰ্বস্বান্ত হৈ যায়। তেওঁলোকতো সৰ্বস্বান্ত হৈ আকৌ 5-7 বছৰৰ পাছত টনকিয়াল হৈ যায়। ইয়াততো 84 জন্মৰ বাবে সৰ্বস্বান্ত হৈ যায়। উচ্চ পদ পাব নোৱাৰে। সৰ্বস্বান্ত হৈয়েই থাকে। বাবাৰ ওচৰত ফটো থকা হ'লে দেখুৱালে হয়। তোমালোকে ক'বা বাবাইতো একেবাৰে ঠিক কথা কয়। এওঁ কিমান ডাঙৰ মহাৰথী আছিল, বহুতকে উন্নতিৰ পথলৈ আনিছিল। আজি নাই। সৰ্বস্বান্ত হৈ গল। বাবাই বাৰে-বাৰে সন্তানসকলক সাৱধান কৰি থাকে। নিজৰ মতত কমিটি আদি বনোৱাত একো প্ৰাপ্তি নাই। পৰস্পৰ মিলিত হৈ পৰচিন্তন কৰা, এওঁ এনেকুৱা কৰিছিল, অমুকে এনেকুৱা কৰিছিল......, গোটেই দিন এয়াই কৰি থাকে। পিতাৰ লগত বুদ্ধিযোগ লগালেহে সতোপ্ৰধান হ'বা। পিতাৰ হোৱাৰ পাছত যদি পিতাৰ লগত যোগ নাথাকে তেন্তে বাৰে-বাৰে অৱনমিত হৈ থাকিব। সংযোগেই চিঙি যায়। সংযোগ চিঙি গলে ভয় খাব নালাগে। মায়াই আমাক ইমান আমনি কিয় কৰে। চেষ্টা কৰি পিতাৰ লগত সংযোগ গঢ়ি তুলিব লাগে। নহ'লে বেতেৰি কেনেকৈ চাৰ্জ হ'ব। বিকৰ্ম হ'লে বেতেৰি ডিচাৰ্জ হৈ যায়। আৰম্ভণিতে কিমান অনেক আহি বাবাৰ হৈ গল। ভট্ঠীত আহিল কিন্তু তেওঁলোক আজি ক'ত। অধঃপতিত হৈ গল কিয়নো পুৰণি সৃষ্টি স্মৃতিলৈ আহিল। এতিয়া পিতাই কয় - মই তোমালোকক বেহদৰ বৈৰাগ্য দিয়াওঁ, এই পুৰণি সৃষ্টিৰ প্ৰতি অন্তৰৰ আকৰ্ষণ নাৰাখিবা। স্বৰ্গৰ প্ৰতি অন্তৰৰ আকৰ্ষণ ৰাখিব লাগে। যদি এনেকুৱা লক্ষ্মী-নাৰায়ণ হ'ব বিচৰা তেন্তে যত্ন কৰিব লাগিব। বুদ্ধিযোগ এজন পিতাৰ সৈতে থকা উচিত। পুৰণি সৃষ্টিৰ পৰা বৈৰাগ্য। সুখধাম আৰু শান্তিধামক স্মৰণ কৰা। যিমান সম্ভৱ উঠোঁতে, বহোঁতে, চলোঁতে, ফুৰোঁতে পিতাক স্মৰণ কৰা। এয়াতো একেবাৰে সহজ। তোমালোক ইয়ালৈ আহিছাই নৰৰ পৰা নাৰায়ণ হ'বৰ কাৰণে। সকলোকে ক'ব লাগে যে এতিয়া তমোপ্ৰধানৰ পৰা সতোপ্ৰধান হ'ব লাগে কিয়নো ওভতনি যাত্ৰা হব। বিশ্বৰ বুৰঞ্জী-ভূগোল পুনৰাবৃত্তি মানে নৰকৰ পৰা স্বৰ্গ, আকৌ স্বৰ্গৰ পৰা নৰক। এই চক্ৰ ঘূৰিয়েই থাকে।

পিতাই কৈছে - ইয়াত স্বদৰ্শন চক্ৰধাৰী হৈ বহা। এইটো স্মৃতিত থাকা যে আমি কিমান বাৰ চক্ৰ লগালোঁ। এতিয়া পুনৰ আমি দেৱতা হৈ আছোঁ। জগতত কোনেও এইটো ৰহস্য বুজি নাপায়। এই জ্ঞান দেৱতাসকলৰ নাই। তেওঁলোক হয়েই পবিত্র। তেওঁলোকৰ জ্ঞানেই নাই যাৰ বাবে শংখধ্বনি কৰিব। তেওঁলোক পবিত্ৰ হয়, তেওঁলোকক এই চিহ্ন দিয়াৰ দৰকাৰ নাই। চিহ্ন তেতিয়া হয় যেতিয়া দুয়ো একত্ৰিত হয়। তোমালোকৰো চিহ্ন নাই কিয়নো তোমালোক আজি দেৱতা হৈ-হৈ কালিলৈ অসুৰ হৈ যোৱা। পিতাই দেৱতা কৰি তোলে, মায়াই অসুৰ কৰি তোলে। পিতাই যেতিয়া বুজায় তেতিয়া গম পোৱা যায় যে সঁচাকৈয়ে আমাৰ অধঃপতিত অৱস্থা। কিমান বেচেৰাই শিৱবাবাৰ খাজনাত জমা কৰি পুনৰ সেয়া খুজি অসুৰ হৈ যায়। ইয়াত মূলতে যোগৰেই অভাৱ। যোগৰ দ্বাৰাহে পবিত্র হ'ব লাগে। আহ্বানো কৰা - বাবা আহক, আমাক পতিতৰ পৰা পাৱন কৰি তোলক, যাতে আমি স্বৰ্গলৈ যাব পাৰোঁ। স্মৃতিৰ যাত্ৰা হৈছেই পাৱন হৈ উচ্চ পদ প্ৰাপ্ত কৰিবৰ কাৰণে। যি মৰি যায় তথাপিও যি অলপ শুনিছিল তাৰ বাবে শিৱালয়লৈ নিশ্চয় আহিব। পদ লাগিলে যেনেকুৱাই নাপাওঁক। এবাৰ স্মৰণ কৰিলে নিশ্চয় স্বৰ্গলৈ আহিব। বাকী উচ্চ পদ প্ৰাপ্ত কৰিব নোৱাৰে। স্বৰ্গৰ নাম শুনি আনন্দিত হ'ব লাগে। ফেল হৈ মূল্যহীন পদ প্ৰাপ্ত কৰিলা, ইয়াত আনন্দিত হ'ব নালাগে। অনুভৱতো হয় - মই চাকৰ। পিছলৈ তোমালোকৰ সকলো সাক্ষাৎকাৰ হ'ব যে মই কি হ'মগৈ, মোৰ দ্বাৰা কি বিকৰ্ম হ'ল, যাৰ বাবে এনেকুৱা অৱস্থা হ'ল, মই মহাৰাণী হব কিয় নোৱাৰিলো। খোজে প্ৰতি সাৱধান হৈ চলিলে তোমালোক পদমাপদমপতি হ'ব পাৰিবা। মন্দিৰত দেৱতাসকলক পদমৰ চিহ্ন দেখুৱায়। পদবীত পাৰ্থক্য হৈ যায়। আজিৰ দিনৰ ৰজাৰ কিমান দপদপনি! হওঁতেতো খন্তেকীয়াই হয়। সদাকালৰ ৰজাতো হ'ব নোৱাৰে। গতিকে এতিয়া পিতাই কয় - তোমালোক লক্ষ্মী-নাৰায়ণ হ'ব বিচৰা যদি পুৰুষাৰ্থো এনেকুৱা হোৱা উচিত। আমি কিমান অন্যৰ কল্যাণ কৰোঁ? অন্তৰ্মুখী হৈ কিমান সময় বাবাৰ স্মৃতিত থাকোঁ? এতিয়া আমি গৈ আছোঁ নিজৰ মিঠা ঘৰলৈ। পুনৰ সুখধামত আহিম। এই সকলো জ্ঞানৰ মন্থন ভিতৰত চলি থাকিব লাগে। পিতাৰ জ্ঞান আৰু যোগ দুয়োটা আছে। তোমালোকৰো হোৱা উচিত‌। এইটো জানা যে আমাক শিৱবাবাই পঢ়ায় গতিকে জ্ঞানো হ'ল আৰু স্মৰণো হ'ল। জ্ঞান আৰু যোগ দুয়োটা একেলগে চলে। এনেকুৱা নহয়, যোগত বহা, বাবাক স্মৰণ কৰি থাকা আৰু জ্ঞান পাহৰি যাবা। পিতাই যোগ শিকালে জ্ঞান পাহৰি যায় নেকি? তেওঁৰ গোটেই জ্ঞান থাকে। তোমালোক সন্তানসকলৰো জ্ঞান থাকিব লাগে। পঢ়িব লাগে। যেনেকুৱা কৰ্ম মই কৰিম মোক দেখি আনেও কৰিব। মই যদি মুৰুলী নপঢ়োঁ তেন্তে আনেও নপঢ়িব। মিছা অহংকাৰ আহি গলে মায়াই ততালিকে প্ৰহাৰ কৰি দিয়ে। খোজে প্ৰতি পিতাৰ শ্ৰীমত লৈ থাকিব লাগে। নহ'লে কিবা নহয় কিবা বিকৰ্ম হৈ যায়। বহুত সন্তানে ভুল কৰে পিতাক নকয় গতিকে নিজৰ সত্যানাশ কৰি দিয়ে। ভুল হ'লে মায়াই থাপৰ লগাই দিয়ে। মূল্যহীন কৰি দিয়ে। অহংকাৰত আহিলে মায়াই বহুত বিকৰ্ম কৰায়। বাবাই জানো এনেকৈ কৈছে, এনেকুৱা-এনেকুৱা পুৰুষৰ কমিটি বনোৱা। কমিটিত এগৰাকী বা দুগৰাকী চতুৰ বুদ্ধিমান ভগ্নী নিশ্চয় থাকিব লাগে। যাৰ ৰায় অনুসৰি কাম হব। কলহটো লক্ষ্মীক দিয়া হয়। গায়নো আছে, অমৃত পান কৰাছিল আকৌ ক'ত যজ্ঞত বিঘিনি আনে। অনেক প্ৰকাৰৰ বিঘিনি আনোঁতা আছে। গোটেই দিন পৰচৰ্চাই কৰি থাকে। এইটো বহুত বেয়া। কিবা কথা থাকিলে পিতাক ৰিপ'ট্ কৰিব (জনাব) লাগে। শুধৰণি কৰোঁতাতো এজনেই পিতা। তোমালোকে নিজৰ হাতত আইন তুলি নল'বা। তোমালোক পিতাৰ স্মৃতিত থাকা। সকলোকে পিতাৰ পৰিচয় দি থাকা তেতিয়া এনেকুৱা হ'ব পাৰিবা। মায়া বহুত কাঢ়া। কাৰোৱে নেৰে। সদায় পিতালৈ বতৰা লিখিব লাগে। নিৰ্দেশনা লৈ থাকিব লাগে। এনেয়েও নিৰ্দেশনা সদায় প্ৰাপ্ত হৈ থাকে। সন্তানসকলে বুজি পায় বাবাইতো নিজেই এইটো কথাৰ ওপৰত বুজাই দিলে, বাবাতো অন্তৰ্যামী হয়। বাবাই অন্তৰ্যামী বুলি নকয়, মইতো জ্ঞান পঢ়াওঁ। ইয়াত অন্তৰ্যামীৰ কথাই নাই। অৱশ্যে হয়, এইটো জানো যে এই সকলোবোৰ মোৰ সন্তান হয়। প্ৰত্যেকটো শৰীৰৰ ভিতৰত মোৰ সন্তান আছে। বাকী এনেকুৱা নহয় যে পিতা সকলোৱে ভিতৰত বিৰাজমান হৈ আছে। মনুষ্যইতো ওলোটাকৈ বুজি লয়। পিতাই কয় মই জানো যে সকলো আসনত (শৰীৰত) আত্মা বিৰাজমান হৈ আছে। এয়াতো কিমান সহজ কথা। সকলো চৈতন্য আত্মা নিজৰ-নিজৰ আসনত বহি আছে তথাপিও পৰমাত্মাক সৰ্বব্যাপি বুলি কৈ দিয়ে, এইটো হৈছে প্ৰধান ভুল। এইটো ভুলৰ কাৰণেই ভাৰত ইমান অধঃপতিত হৈ গল। পিতাই কয় - তোমালোকে মোৰ বহুত গ্লানি কৰিলা। বিশ্বৰ মালিক কৰি তোলোঁতাজনক তোমালোকে গালি দিলা সেয়েহে পিতাই কয় - য়দা য়দাহি ধমস্য গ্লানি ভবতি.....। বাহিৰৰ লোকসকলে এই সৰ্বব্যাপিৰ জ্ঞান ভাৰতবাসীৰ পৰা শিকে। যেনেকৈ ভাৰতবাসীয়ে তেওঁলোকৰ পৰা কলা-কৌশল শিকে তেওঁলোকে আকৌ ওলোটা কথা শিকে। তোমালোকেতো এজন পিতাক স্মৰণ কৰিব লাগে আৰু পিতাৰ পৰিচয়ো সকলোকে দিব লাগে। তোমালোক হৈছা অন্ধৰ লাখুটি। লাখুটিৰে আনক ৰাস্তা দেখুৱাই নহয়। ভাল বাৰু!

অতি মৰমৰ কল্পৰ পিছত পুনৰাই লগ পোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।

ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) পিতাৰ আজ্ঞা অনুসৰি প্ৰত্যেক কৰ্ম কৰিব লাগে। কেতিয়াও যাতে শ্ৰীমতৰ উলংঘন নহয় তেতিয়াহে সকলো মনোকামনা নিবিচৰাকৈয়ে পূৰ্ণ হ'ব। ধ্যান সাক্ষাৎকাৰৰ ইচ্ছা ৰাখিব নালাগে, ইচ্ছা মাত্ৰম অবিদ্যা (ইচ্ছাৰ বিষয়ে অজ্ঞ) হ'ব লাগে।

(2) পৰস্পৰ লগ হৈ ইজনে সিজনৰ পৰচিন্তন কৰিব নালাগে। অন্তৰ্মুখী হৈ নিজক পৰীক্ষা কৰিব লাগে যে মই পিতাৰ স্মৃতিত কিমান সময় থাকোঁ, অন্তৰত জ্ঞানৰ মন্থন চলেনে?

বৰদান:
বিন্দু ৰূপত স্থিত হৈ অন্যকো ড্ৰামাৰ বিন্দুৰ স্মৃতি সোঁৱৰাই দিওঁতা বিঘ্ন-বিনাশক হোৱা

যি সন্তানে যিকোনো কথাত প্ৰশ্নৰ অৱতাৰণা নকৰে, সদায় বিন্দু ৰূপত স্থিত হৈ প্ৰত্যেক কাৰ্যত অন্যকো ড্ৰামাৰ বিন্দুৰ স্মৃতি সোঁৱৰাই দিয়ে - তেওঁকেই বিঘ্ন-বিনাশক বুলি কোৱা হয়। তেওঁ অন্যকো সমৰ্থ কৰি তুলি সফলতাৰ লক্ষ্যৰ সমীপত লৈ আহে। তেওঁ হদৰ সফলতাৰ প্ৰাপ্তিক দেখি আনন্দিত নহয় কিন্তু বেহদৰ সফলতামূৰ্ত হয়। সদায় একৰস, এটা শ্ৰেষ্ঠ স্থিতিত স্থিত হৈ থাকে। তেওঁ নিজৰ সফলতাৰ স্ব-স্থিতিৰে অসফলতাকো পৰিৱৰ্তন কৰি দিয়ে।
 

স্লোগান:
আশীৰ্বাদ লোৱা, আশীৰ্বাদ দিয়া তেতিয়া অতি সোনকালে মায়াজিৎ হৈ যাবাগৈ।