01.11.20    Avyakt Bapdada     Assame Murli     11.04.86     Om Shanti     Madhuban


*শ্ৰেষ্ঠ ভাগ্যৰ চিত্ৰ তৈয়াৰ কৰাৰ যুক্তি (উপায়)*


আজি ভাগ্য গঢ়োঁতা বাপদাদাই সকলো সন্তানৰে শ্ৰেষ্ঠ ভাগ্যৰ চিত্ৰ চাই আছেহঁক। ভাগ্যৱান সকলোৱে হৈছে, কিন্তু প্ৰত্যেকৰে ভাগ্যৰ চিত্ৰৰ ৰেঙনি নিজা নিজা। যিদৰে কোনো চিত্ৰকৰে চিত্ৰ আঁকিলে কিছুমান চিত্ৰ হাজাৰ হাজাৰ টকাৰ অমূল্য হয়, কিছুমান সাধাৰণো হয়। ইয়াত বাপদাদাৰ দ্বাৰা প্ৰাপ্ত ভাগ্যক চিত্ৰত ৰূপায়িত কৰিব অৰ্থাৎ বাস্তৱিক জীৱনত আনিব লাগে। এই ক্ষেত্ৰত পাৰ্থক্য আহি যায়। ভাগ্য গঢ়োঁতাই একে সময়তে আৰু এজনেই সকলোকে ভাগ্য বিলালে। কিন্তু ভাগ্যক চিত্ৰত ৰূপায়িত কৰোঁতা প্ৰত্যেক আত্মা ভিন্ন ভিন্ন হোৱাৰ কাৰণে যি চিত্ৰ তৈয়াৰ কৰিলে তাত ক্ৰমানুসৰি দেখা পোৱা গৈছে। যিকোনো চিত্ৰৰে বিশেষত্ব নয়ন আৰু হাঁহিটি হয়। এই দুটি বিশেষত্বৰ বাবেই চিত্ৰৰ মূল্য হয়। গতিকে ইয়াতো ভাগ্যৰূপী চিত্ৰৰ এই দুই বিশেষত্বই আছে। নয়ন অৰ্থাৎ আত্মিক বিশ্বকল্যাণী, দয়াশীল, পৰ-উপকাৰী দৃষ্টি। যদি দৃষ্টিত এই বিশেষত্বসমূহ আছে তেন্তে ভাগ্যৰূপী চিত্ৰ শ্ৰেষ্ঠ হয়। মূল কথা হৈছে দৃষ্টি আৰু হাঁহি, চেহেৰাৰ ৰেঙনি। এয়া হৈছে সদায় সন্তুষ্ট হৈ থকাৰ, সন্তুষ্টি আৰু প্ৰসন্নতাৰ ৰেঙনি। এই বিশেষত্বসমূহৰ বাবে চেহেৰাত সদায় আত্মিক দীপ্তি আহে। আত্মিক মিচিকনিৰ অনুভৱ হয়। এই দুটি বিশেষত্বয়ে চিত্ৰৰ মূল্য বঢ়াই দিয়ে। গতিকে আজি এয়াই চাই আছিলোহঁক। ভাগ্যৰূপী চিত্ৰতো সকলোৱে তৈয়াৰ কৰিছা। চিত্ৰ তৈয়াৰ কৰাৰ কলম পিতাই সকলোকে দিছে। সেই কলম হৈছে - শ্ৰেষ্ঠ স্মৃতি, শ্ৰেষ্ঠ কৰ্মৰ জ্ঞান। শ্ৰেষ্ঠ কৰ্ম আৰু শ্ৰেষ্ঠ সংকল্প অৰ্থাৎ স্মৃতি। এই জ্ঞানৰ কলমৰ দ্বাৰা প্ৰত্যেক আত্মাই নিজৰ ভাগ্যৰূপী চিত্ৰ তৈয়াৰ কৰি আছে, আৰু তৈয়াৰ কৰি লৈছেও। চিত্ৰতো তৈয়াৰ হৈ গৈছে। ভাৱ-ভংগীও তৈয়াৰ হৈছে। এতিয়া শেষ পৰশ হৈছে সম্পূৰ্ণতাৰ। পিতাৰ সমান হোৱাৰ। ডবল বিদেশীয়ে চিত্ৰ তৈয়াৰ কৰিবলৈ বহুত পচন্দ কৰে নহয়। গতিকে বাপদাইও আজি সকলোৰে চিত্ৰ চাই আছিলহঁক। প্ৰত্যেকেই নিজৰ চিত্ৰ চাব পৰা নহয় যে কিমানলৈকে চিত্ৰ মূল্যবান হৈছে। সদায় নিজৰ এই আত্মিক চিত্ৰক চাই ইয়াত সম্পূৰ্ণতা আনি থাকা। বিশ্বৰ আত্মাসকলৰ তুলনাত শ্ৰেষ্ঠ ভাগ্যৱান কোটিৰ মাজত কিছুসংখ্যক, কিছুসংখ্যকৰ মাজতো কোনোবা অমূল্য আৰু শ্ৰেষ্ঠ ভাগ্যৱানতো হোৱাই, কিন্তু এটা হৈছে শ্ৰেষ্ঠ আৰু আনটো হৈছে শ্ৰেষ্ঠতকৈও শ্ৰেষ্ঠ। তেন্তে শ্ৰেষ্ঠ হৈছা নে শ্ৰেষ্ঠতকৈও শ্ৰেষ্ঠ হৈছা? এয়াটো পৰীক্ষা কৰা। বাৰু!

এতিয়া ডবল বিদেশীসকলে প্ৰতিযোগীতা কৰিবা নহয়! নম্বৰ আগত লব লাগে নে আগত অহাসকলক দেখি আনন্দিত হব লাগে। দেখি দেখি আনন্দিত হোৱাৰো আৱশ্যকতা আছে, কিন্তু নিজে পিচত থাকি নাচাবা, একেলগে আগবাঢ়ি আনকো চাই হৰ্ষিত হৈ চলা। নিজেও আগবাঢ়া আৰু পিচৰসকলকো আগবঢ়াই নিয়া। ইয়াকেই কোৱা হয় পৰ-উপকাৰী। এই পৰ-উপকাৰী হোৱা ইয়াৰ বিশেষত্ব হৈছে - স্বাৰ্থ ভাৱৰ পৰা সদায় মুক্ত হৈ থকা। সকলো পৰিস্থিতিত, সকলো কাৰ্যত, সকলো সহযোগী সংগঠনত যিমান নিঃস্বাৰ্থ ভাৱ থাকিব, সিমানে পৰ-উপকাৰী হব। সদায় নিজে ভৰপূৰ অনুভৱ কৰিব। সদায় প্ৰাপ্তি স্বৰূপৰ স্থিতিত থাকিব। তেতিয়া পৰ-উপকাৰীৰ অন্তিম স্থিতি অনুভৱ কৰি আনকো কৰাব পাৰিব। যিদৰে পিতা ব্ৰহ্মাক দেখিলা অন্তিম সময়ৰ স্থিতিত উপৰাম আৰু পৰ-উপকাৰী এইটো বিশেষত্ব সদায় দেখা গল। নিজৰ প্ৰতি একো স্বীকাৰ নকৰিলে। মহিমাও স্বীকাৰ নকৰিলে আৰু বস্তুও স্বীকাৰ নকৰিলে। থকাৰ স্থানকো স্বীকাৰ নকৰিলে। স্থূল আৰু সূক্ষ্মত সদায় প্ৰথমে সন্তান। ইয়াকে কোৱা হয় পৰ-উপকাৰী। এয়াই সম্পন্নতাৰ, সম্পূৰ্ণতাৰ চিন হয়। বুজিলা!

মুৰুলীতো বহুত শুনিলা। এতিয়া মুৰুলীধৰ হৈ সদায় নাচি আৰু নচুৱাই থাকিব লাগে। মুৰুলীৰ দ্বাৰা সাপৰ বিষকো সমাপ্ত কৰি লয়। গতিকে এনেকুৱা মুৰুলীধৰ হোৱা যে কাৰোবাৰ যিমানে কঠোৰ স্বভাৱ-সংস্কাৰ নাথাকক তেওঁকো বশ কৰি দিয়া অৰ্থাৎ তাৰ পৰা মুক্ত কৰি নচুৱাই দিয়া। হৰ্ষিত কৰি তোলা। এতিয়া এইটো ফলাফল চাম যে কোন কোন এনেকুৱা যোগ্য মুৰুলীধৰ হয়। মুৰুলীৰ প্ৰতিও মৰম আছে, মুৰুলীধৰৰ প্ৰতিও মৰম আছে কিন্তু মৰমৰ প্ৰমাণ হৈছে - মুৰুলীধৰৰ প্ৰত্যেক সন্তানৰ প্ৰতি যি শুভ আশা আছে - সেয়া বাস্তৱত ৰূপায়িত কৰি দেখুওৱা। মৰমৰ চিন হৈছে যি কোৱা হয় সেয়া কৰি দেখুওৱা। এনেকুৱা মাষ্টৰ মুৰুলীধৰ হোৱা নহয়। হবই লাগিব, এতিয়া নহলে কেতিয়া হবা। কৰিম, এইটো খেয়াল নকৰিবা। কৰিবই লাগিব। প্ৰত্যেকেই এইটোৱে ভাবিবা যে আমি যদি নকৰোঁ তেন্তে কোনে কৰিব। আমি কৰিবই লাগিব। হবই লাগিব। কল্পৰ বাজী জিকিবই লাগিব। গোটেই কল্পৰ কথা। গতিকে প্ৰথম শ্ৰেণীত আহিব লাগে, এইটো দৃঢ়তা ধাৰণ কৰিব লাগে। কিবা নতুন কথা কৰি আছা জানো? কিমান বাৰ কৰি অহা কথাক কেৱল ৰেখাৰ ওপৰত ৰেখা টানি আছা। নাটকৰ ৰেখা টনা আছে। নতুন ৰেখাও টনা নাই, যে ভাবিবলগা হব যে গম নাপাও চিধা হব নে নহব। কল্প কল্পৰ গঢ়ি থোৱা প্ৰালব্ধক কেৱল গঢ়া কিয়নো কৰ্মৰ ফলৰ হিচাপ আছে। বাকী নতুন কথা কি আছে? এয়াতো বহুত পুৰণি হয়, হৈয়েই আছে। এয়া হৈছে অটল নিশ্চয়। ইয়াক দৃঢ়তা বুলি কয়, ইয়াক তপস্বীমূৰ্ত বুলি কয়। প্ৰতিটো সংকল্পত দৃঢ়তা মানেই তপস্যা। বাৰু!

বাপদাদা আটাইতকৈ উচ্চ অতিথিসেৱকো (হায়েষ্ট হষ্টো) হয় আৰু সোণালী অতিথিও (গল্ডেন গেষ্টো) হয়। অতিথিসেৱক হৈও মিলিত হয় আৰু অতিথি হৈ আহে। কিন্তু সোণালী অতিথি হয়। চিকমিকিয়া হয় নহয় জানো। অতিথিতো বহুত দেখিলা কিন্তু সোণালী অতিথি দেখা নাই। যিদৰে মুখ্য অতিথিক (চিফ গেষ্টক) মাতিলে তেওঁ ধন্যবাদ জনায়। গতিকে পিতা ব্ৰহ্মায়ো অতিথিসেৱক হৈ ইংগিত দিলে আৰু অতিথি হৈ সকলোকে শুভেচ্ছা দি আছে। যিসকলে গোটেই চিজনত সেৱা কৰিলে তেওঁলোক সকলোকে সোণালী অতিথি ৰূপত শুভেচ্ছা জনাই আছে। সকলোতকৈ আগতে শুভেচ্ছা কাক বাৰু? নিমিত্ত দাদীসকলক। বাপদাদাই, নিৰ্বিঘ্ন সেৱাৰ সমাপ্তিৰ শুভেচ্ছা জনাই আছে। মধুবন নিবাসীসকলকো নিৰ্বিঘ্ন হৰ্ষিত হৈ অতিথি সৎকাৰ কৰাৰ বাবে বিশেষ শুভেচ্ছা জনাই আছে। ভগৱানো অতিথি হৈ আহিল আৰু সন্তানসকলো অতিথি হৈ আহিল। যাৰ ঘৰত ভগৱান অতিথি হৈ আহে তেওঁ কিমান ভাগ্যশালী। ৰথখনকো ধন্যবাদ কিয়নো এইটো ভূমিকা পালন কৰাতোও কোনো কম কথা নহয়। ইমান শক্তি প্ৰৱেশ হোৱাৰ পাচত ইমান সময়লৈকে ধাৰণ কৰা এয়াও বিশেষ ভূমিকা হয়। কিন্তু এয়া সমাহিত কৰা শক্তিৰ ফল তোমালোক সকলোৱে পাই আছা। গতিকে সমাহিত কৰাৰ শক্তিৰ বিশেষত্বৰ দ্বাৰা বাপদাদাৰ শক্তিসমূহক সমাহিত কৰা এয়াও বিশেষ ভুমিকা বুলিয়ে কোৱা বা গুণ বুলিয়ে কোৱা। গতিকে সকলো সেৱাধাৰীৰ মাজত এৱোঁ সেৱাৰ ভূমিকা পালন কৰাত নিৰ্বিঘ্ন হৈ থাকিল। ইয়াৰ বাবে শুভেচ্ছা আৰু পদমাপদম ধন্যবাদ। ডবল বিদেশীসকলকো ডবল ধন্যবাদ কিয়নো ডবল বিদেশীসকলে মধুবনৰ শোভা কিমান বঢ়াই দিলে। ব্ৰাহ্মণ পৰিয়ালৰ শোভা হৈছে ডবল বিদেশীসকল। ব্ৰাহ্মণ পৰিয়ালত দেশবাসীৰ লগত বিদেশীসকলো আছে গতিকে পুৰুষাৰ্থৰ বাবেও শুভেচ্ছা আৰু ব্ৰাহ্মণ পৰিয়ালৰ শোভা হোৱাৰ বাবেও শুভেচ্ছা। মধুবন পৰিয়ালৰ বিশেষ উপহাৰ হোৱা সেইবাবে ডবল বিদেশীসকলক ডবল শুভেচ্ছা জনাই আছে। লাগিলে যতেই নাথাকা। সন্মুখততো কিছুসংখ্যক আছে কিন্তু চাৰিওফালৰ ভাৰতবাসী সন্তানসকলক আৰু ডবল বিদেশী সন্তানসকলক বিশাল অন্তৰেৰে শুভেচ্ছা জনাই আছে। প্ৰত্যেকেই বহুত ভাল ভূমিকা পালন কৰিলা। এতিয়া কেৱল এটি কথা বাকী আছে সমান আৰু সম্পূৰ্ণতাৰ। দাদীসকলেও ভাল পৰিশ্ৰম কৰে। বাপদাদা দুয়োটিৰে ভূমিকা সাকাৰত পালন কৰি আছে সেইবাবে বাপদাদাই অন্তৰেৰে স্নেহৰ সৈতে শুভেচ্ছা জনায়। সকলোৱে বহুত ভাল ভূমিকা পালন কৰিলা। সকলো বহুমুখী (অলৰাউণ্ড) সেৱাধাৰী, লাগিলে সৰু সাধাৰণ সেৱাই হওঁক কিন্তু সেয়া মহান হয়। প্ৰত্যেকে নিজৰো জমা কৰিলা আৰু পুণ্যও কৰিলা। সকলো দেশ-বিদেশৰ সন্তান আহি উপস্থিত হোৱাৰ বিশেষত্বও শুভেচ্ছাৰ যোগ্য। সকলো মহাৰথীয়ে মিলি সেৱাৰ শ্ৰেষ্ঠ সংকল্প বাস্তৱত ৰূপায়িত কৰিলা আৰু ৰূপায়িত কৰিয়ে থাকিবা। সেৱাৰ বাবে যি নিমিত্ত হৈছে তেওঁলোককো কষ্ট দিব নালাগে। নিজৰ অৱহেলাৰ বাবে কাকো পৰিশ্ৰম কৰাব নালাগে। নিজৰ বস্তুৰ তত্ত্বাৱধান লোৱা এয়াও জ্ঞান হয়। মনত আছে নহয় পিতা ব্ৰহ্মাই কি কৈছিল? ৰুমাল হেৰুৱাইছা যদি কেতিয়াবা নিজকো হেৰুৱাবা। প্ৰতিটো কৰ্মত শ্ৰেষ্ঠ আৰু সফল হোৱা ইয়াকে জ্ঞানী বুলি কোৱা হয়। শৰীৰৰো জ্ঞান আৰু আত্মাৰো জ্ঞান। দুয়োটি জ্ঞান সকলো কৰ্মত লাগে, শৰীৰৰ বেমাৰৰো জ্ঞান লাগে। মোৰ শৰীৰ কি বিধিৰে ঠিককৈ চলিব পাৰে। এনেকুৱা নহয় আত্মাতো শক্তিশালী হয়, শৰীৰ যেনেকুৱাই নহওঁক। শৰীৰ যদি ঠিকে নাথাকে তেন্তে যোগো নালাগিব। তেতিয়া শৰীৰে নিজৰ ফালে টানে সেইবাবে জ্ঞানৰ পৰিপূৰ্ণতাত এই সকলো জ্ঞান আহি যায়। বাৰু।

কিছুসংখ্যক কুমাৰীৰ সমৰ্পণ সমাৰোহ বাপদাদাৰ সন্মুখত হল

বাপদাদাই সকলো বিশেষ আত্মাসকলক বহুত সুন্দৰ সু-সজ্জিত ৰূপত প্ৰত্যক্ষ কৰি আছে। দিব্যগুণৰ শোভা কিমান বঢ়িয়া, সকলোকে শোভনীয় কৰি আছে। লাইটৰ মুকুট কিমান সুন্দৰ চিকমিকাই আছে। বাপদাদাই অবিনাশী শোভিত চেহেৰাবোৰ প্ৰত্যক্ষ কৰি আছে। বাপদাদা সন্তানসকলৰ এই উৎসাহ-উদ্দীপনাৰ সংকল্প দেখি আনন্দিত হয়। বাপদাদাই সকলোকে সদাকালৰ বাবে পচন্দ কৰি ললে। তোমালোকেও দৃঢ়ভাৱে পচন্দ কৰি ললা নহয়! দৃঢ় সংকল্পৰ কংকণ বান্ধ খাই গল। বাপদাদাৰ ওচৰত প্ৰত্যেকৰে অন্তৰৰ স্নেহৰ সংকল্প অতি সোনকালে আহি যায়। এতিয়া সংকল্পতো এই শ্ৰেষ্ঠ বন্ধন ঢিলা নহব। ইমান দৃঢ়কৈ বান্ধিছা নহয়। কিমান জন্মৰ প্ৰতিশ্ৰুতি দিলা? এয়া পিতা ব্ৰহ্মাৰ লগত সদায় সম্বন্ধত অহাৰ দৃঢ় প্ৰতিশ্ৰুতি আৰু নিশ্চয়তা (গেৰাণ্টি) যে সদায় ভিন্ন নাম, ৰূপ, সম্বন্ধত 21 জন্মলৈকে লগত থাকিবাই। গতিকে কিমান আনন্দ, হিচাপ কৰিব পাৰানে? ইয়াৰ হিচাপ উলিৱাওঁতা কোনো ওলোৱা নাই। এতিয়া এনেকৈয়ে সদায় সু-সজ্জিত হৈ থাকিবা, সদায় মুকুটধাৰী হৈ থাকিবা আৰু সদায় আনন্দত হাঁহি-ফুৰ্তিৰে আত্মিক তৃপ্তিত থাকিবা। আজি সকলোৱে দৃঢ় সংকল্প কৰিলা নহয় যে খোজে প্ৰতি খোজ দিওঁতা হম। তেওঁলোকেতো স্থূল ভৰিৰ ওপৰত ভৰি ৰাখে কিন্তু তোমালোক সকলোৱে সংকল্প ৰূপী খোজত খোজ দিওঁতা হোৱা। যি বাবাৰ সংকল্প সেয়া সন্তানৰ সংকল্প এনেকুৱা সংকল্প কৰিলানে? এটি খোজো পিতাৰ খোজৰ বাহিৰে অত তত নহওঁক। প্ৰতিটো সংকল্প সমৰ্থ কৰিবা অৰ্থাৎ পিতাৰ সমান খোজত খোজ দিয়া। বাৰু!

বিদেশী ভাই-ভনীসকলৰ প্ৰতি :- যিদৰে বিমানত উৰি উৰি আহিলা সেইদৰে বুদ্ধিৰূপী বিমানো ইমান বেগেৰে উৰি থাকে নহয় কিয়নো সেই বিমান ঘটনাক্ৰমে নাপাবও পাৰা কিন্তু বুদ্ধিৰূপী বিমান সদায় লগত থাকিলে আৰু সদায় শক্তিশালী হলে চেকেণ্ডত যতে বিচৰা ততে গৈ উপস্থিত হব পাৰা। গতিকে এই বিমানৰ মালিক হোৱা নহয়। সদায় এই বুদ্ধিৰূপী বিমান সদাপ্ৰস্তুত হৈ (এভাৰেডি) থাকক অৰ্থাৎ সদায় বুদ্ধিৰ লাইন স্বচ্ছ হওঁক। বুদ্ধি সদায় পিতাৰ লগত শক্তিশালী হওঁক তেতিয়া যেতিয়াই বিচাৰিবা তেতিয়াই চেকেণ্ডত উপস্থিত হৈ যাবা। যাৰ বুদ্ধিৰ বিমান আহি উপস্থিত হয় তেওঁৰ সেই বিমানো চলে। বুদ্ধিৰ বিমান ঠিক নহলে সেই বিমানো নচলে। বাৰু!

দলসমূহৰ প্ৰতি :- 1) সদায় নিজক ৰাজযোগী শ্ৰেষ্ঠ আত্মা বুলি অনুভৱ কৰানে? ৰাজযোগী অৰ্থাৎ সকলো কৰ্মেন্দ্ৰিয়ৰ ৰজা। ৰজা হৈ কৰ্মেন্দ্ৰিয়ক চলাওঁতা, কৰ্মেন্দ্ৰিয়ৰ বশীভূত হৈ চলোঁতা নহয়। যিসকল কৰ্মেন্দ্ৰিয়ৰ বশীভূত হৈ চলে তেওঁলোকক প্ৰজাযোগী বুলি কোৱা হব, ৰাজযোগী নহয়। যিহেতু জ্ঞান পাই গলা যে এই কৰ্মেন্দ্ৰিয়সমূহ মোৰ কৰ্মচাৰী হয়, মই মালিক হওঁ তেন্তে মালিক কেতিয়াও সেৱাধাৰীৰ বশীভূত হব নোৱাৰে। যিমানেই কোনোবাই চেষ্টা নকৰক কিয় ৰাজযোগী আত্মাসকল সদায় শ্ৰেষ্ঠ হৈ থাকিব। সদায় ৰাজত্ব কৰাৰ সংস্কাৰ এতিয়া ৰাজযোগী জীৱনত ধাৰণ কৰিব লাগে। যিয়েই নহওঁক কিয় নিজৰ এইটো উপাধি সদায় স্মৃতিত ৰাখিবা যে মই ৰাজযোগী হওঁ। সৰ্বশক্তিমানৰ বল আছে, ভৰসা আছে তেন্তে সফলতা অধিকাৰৰ ৰূপত প্ৰাপ্ত হৈ যায়। অধিকাৰ সহজে প্ৰাপ্ত হয়, কঠিন নহয়। সৰ্ব শক্তিৰ আধাৰত সকলো কাৰ্য সফল হৈয়েই আছে। সদায় নিচা থাকিব লাগে যে মই অন্তৰ আসনত অধিষ্ঠিত আত্মা হওঁ। এইটো নিচাই অনেক চিন্তাক অতিক্ৰম কৰাই দিয়ে। যদি নিচা নাথাকে তেন্তে চিন্তাই চিন্তা। গতিকে সদায় নিচাত থাকি বৰদানী হৈ বৰদান বিলাই যোৱা। নিজে সম্পন্ন হৈ আনক সম্পন্ন কৰি তুলিব লাগে। আনক সম্পন্ন কৰি তোলা অৰ্থাৎ স্বৰ্গৰ আসনৰ প্ৰমাণপত্ৰ দিয়া। কাগজৰ প্ৰমাণপত্ৰ নহয়, অধিকাৰৰ। বাৰু!

2) প্ৰতিটো খোজত পদমৰ উপাৰ্জন জমা কৰোঁতা, অক্ষয় সম্পত্তিৰ মালিক হৈ গলা। এনেকুৱা আনন্দৰ অনুভৱ কৰানে! কিয়নো আজিকালিৰ জগতখন হয়েই প্ৰতাৰক। প্ৰতাৰক জগতৰ পৰা কাষৰিয়া হৈ গলা। প্ৰতাৰক জগতৰ প্ৰতি আসক্তিতো নাই! সেৱাৰ অৰ্থে সংযোগ ৰখা সেয়া অন্য কথা কিন্তু মনৰ আসক্তি থাকিব নালাগে। গতিকে সদায় নিজক তুচ্ছ নহয়, সাধাৰণ নহয় কিন্তু শ্ৰেষ্ঠ আত্মা হওঁ, সদায় পিতাৰ মৰমৰ হওঁ, এইটো নিচাত থাকিবা। যেনেকুৱা পিতা তেনেকুৱা সন্তান খোজত খোজ দি অৰ্থাৎ অনুসৰণ কৰি যোৱা তেতিয়া পিতাৰ সমান হৈ যাবা। সমান হোৱা অৰ্থাৎ সম্পন্ন হোৱা। ব্ৰাহ্মণ জীৱনৰ এয়াইতো কাৰ্য।

3) সদায় নিজক পিতাৰ আত্মিক বাগিছাৰ আত্মিক গোলাপ বুলি ভাবানে! সকলোতকৈ সুগন্ধি ফুল গোলাপ হয়। গোলাপৰ জল কিমান কাৰ্যত লগায়। ৰং-ৰূপতো গোলাপ সকলোৰে প্ৰিয়। তেন্তে তোমালোক সকলো আত্মিক গোলাপ হোৱা। তোমালোকৰ আত্মিক সুবাসে আনকো স্বতঃ আকৰ্ষণ কৰে। কৰবাত কোনো সুগন্ধিযুক্ত বস্তু থাকিলে তেন্তে সকলোৰে ধ্যান স্বতঃ যায় তেন্তে তোমালোক আত্মিক গোলাপৰ সুবাস বিশ্বক আকৰ্ষিত কৰোঁতা হয় কিয়নো বিশ্বক এই আত্মিক সুবাসৰ আৱশ্যকতা আছে সেইবাবে স্মৃতিত যাতে থাকে যে মই অবিনাশী বগিছাৰ অবিনাশী গোলাপ হওঁ। কেতিয়াও মৰহি যাওঁতা নহয় সদায় ফুলি থকা। এনেকুৱা ফুলি থকা আত্মিক গোলাপ সদায় সেৱাত স্বতঃ নিমিত্ত হৈ যায়। স্মৃতিৰ, শক্তিৰ, গুণৰ এই সকলো সুবাস সকলোকে দি যোৱা। স্বয়ং পিতা আহি তোমালোক ফুলক তৈয়াৰ কৰিছে তেন্তে কিমান মৰমৰ হোৱা! ভাল বাৰু!

বৰদান:
উপৰাম আৰু মৰমৰ হোৱাৰ ৰহস্যক জানি সন্তুষ্ট হৈ থাকোঁতা ৰাজযুক্ত হোৱা

যিসকল সন্তান প্ৰবৃত্তিত থাকি উপৰাম আৰু মৰমৰ হোৱাৰ ৰহস্যক জানে তেওঁলোক সদায় নিজেও নিজৰ প্ৰতি সন্তুষ্ট হৈ থাকে আৰু পৰিয়ালকো সন্তুষ্ট কৰি ৰাখে। লগতে সঁচা অন্তৰৰ হোৱাৰ কাৰণে চাহাবো (প্ৰভুও) সদায় তেওঁলোকৰ প্ৰতি সন্তুষ্ট হৈ থাকে। এনেকুৱা সন্তুষ্ট হৈ থাকোঁতা ৰাজযুক্ত সন্তানসকলৰ নিজৰ প্ৰতি বা আন কাৰোবাৰ প্ৰতি কাৰোবাক পৰামৰ্শদাতা কৰি লোৱাৰ প্ৰয়োজন নাথাকে কিয়নো তেওঁলোকে নিজৰ সিদ্ধান্ত নিজেই লৈ লয় সেইবাবে তেওঁলোকে কাকো পৰামৰ্শদাতা, উকীল বা বিচাৰক (জজ্‌) বনোৱাৰ প্ৰয়োজন নাথাকে।

স্লোগান:
সেৱাৰ দ্বাৰা যি আশীৰ্বাদ পোৱা যায় - সেই আশীৰ্বাদেই সুস্বাস্থ্যৰ আধাৰ।