01.12.19    Avyakt Bapdada     Assame Murli     15.03.85     Om Shanti     Madhuban


পৰিশ্ৰমৰ পৰা মুক্তিৰ সহজ সাধন - নিৰাকাৰী স্বৰূপৰ স্থিতি


বাপদাদা সন্তানসকলৰ স্নেহত, বাণীৰ সিপাৰৰ নিৰ্বাণ অৱস্থাৰ পৰা বাণীলৈ আহে। কিহৰ বাবে বাৰু? সন্তানসকলক নিজৰ সমান নিৰ্বাণ স্থিতিৰ অনুভৱ কৰাবৰ বাবে। নিৰ্বাণ চুইট হোমলৈ লৈ যাবৰ বাবে। নিৰ্বাণ স্থিতি হৈছে নিৰ্বিকল্প স্থিতি। নিৰ্বাণ স্থিতি হৈছে নিৰ্বিকাৰী স্থিতি। নিৰ্বাণ স্থিতিৰ পৰা নিৰাকাৰী তথা সাকাৰ স্বৰূপধাৰী হৈ বাণীত আহে। সাকাৰত আহিলেও নিৰাকাৰী স্বৰূপৰ স্মৃতি, স্মৃতিত থাকে। মই নিৰাকাৰী, সাকাৰ আধাৰৰ দ্বাৰা কথা কৈ আছো। সাকাৰতো নিৰাকাৰ স্থিতিৰ স্মৃতি থকা - ইয়াক কোৱা হয় নিৰাকাৰ তথা সাকাৰৰ দ্বাৰা বাণীত, কৰ্মত অহা। প্ৰকৃত স্বৰূপ হৈছে নিৰাকাৰ, সাকাৰ হৈছে আধাৰ। এই ডাবল স্মৃতি নিৰাকাৰ তথা সাকাৰ হৈছে শক্তিশালী স্থিতি। সাকাৰৰ আধাৰ লৈ নিৰাকাৰী স্বৰূপক নাপাহৰিবা। পাহৰি যোৱা সেইবাবে স্মৃতিত আনিবলৈ কষ্ট কৰিবলগা হয়। যিদৰে লৌকিক জীৱনত নিজৰ শাৰীৰিক স্বৰূপ স্বতঃ সদায় স্মৃতিত থাকে যে মই অমুকা বা অমুকী এই সময়ত এইটো কাৰ্য কৰি আছো। কাৰ্য সলনি হয় কিন্তু মই অমুক হওঁ এইটো সলনি হৈ নাযায় আৰু পাহৰিও নাযায়। এইদৰে মই নিৰাকাৰ আত্মা হওঁ, এইটো আচল স্বৰূপ যি কোনো কাৰ্য কৰোঁতে স্বতঃ আৰু সদায় স্মৃতিত থকা উচিত। যেতিয়া এবাৰ স্মৃতিত আহি গল, পৰিচয়ো পাই গলা যে মই নিৰাকাৰ আত্মা হওঁ। পৰিচয় অৰ্থাৎ জ্ঞান। গতিকে জ্ঞানৰ শক্তিৰ দ্বাৰা স্বৰূপক জানি ললা। জনাৰ পিচত আকৌ কেনেকৈ পাহৰিব পাৰা? যিদৰে জ্ঞানৰ শক্তিৰ দ্বাৰা দেহৰ বোধ পাহৰিব খুজিলেও পাহৰিব নোৱাৰা তেন্তে এই আত্মিক স্বৰূপক কেনেকৈ পাহৰিব পাৰিবা। গতিকে এয়া নিজে নিজকে সোধা আৰু অভ্যাস কৰা। চলোঁতে ফুৰোঁতে, কাৰ্য কৰোঁতে পৰীক্ষা কৰা নিৰাকাৰ তথা সাকাৰ আধাৰৰ দ্বাৰা এইটো কাৰ্য কৰি আছো! তেতিয়া স্বতঃ নিৰ্বিকল্প স্থিতি, নিৰাকাৰী স্থিতি, নিৰ্বিঘ্ন স্থিতি সহজ হৈ থাকিব। পৰিশ্ৰমৰ পৰা মুক্ত হৈ যাবা। পৰিশ্ৰম তেতিয়া হয় যেতিয়া বাৰে-বাৰে পাহৰি যোৱা। পুনৰ স্মৃতিলৈ আনিবৰ বাবে পৰিশ্ৰম কৰা। পাহৰাই বা কিয়, পাহৰিব লাগেনে? বাপদাদাই সোধে - তুমি কোন? সাকাৰ হোৱা নে নিৰাকাৰ? নিৰাকাৰ নোহোৱা জানো! নিৰাকাৰ হোৱা স্বত্বেও কিয় পাহৰি যোৱা! আচল স্বৰূপ পাহৰি যোৱা আৰু আধাৰ স্মৃতিত থাকে নহয়নে? নিজৰ ওপৰতে হাঁহি নুঠেনে যে এয়া কি কৰোঁ! এতিয়া হাঁহি উঠে নহয়নে? আচলতো পাহৰি যোৱা আৰু নকল বস্তু স্মৃতিলৈ আহি যায় নহয়নে? বাপদাদা কেতিয়াবা-কেতিয়াবা সন্তানসকলক লৈ আচম্বিতো হয়! নিজে নিজক পাহৰি যোৱা আৰু পাহৰি যোৱাৰ পাছত কি কৰা? নিজে নিজক পাহৰি হায়ৰাণ হৈ যোৱা। যিদৰে বাবাক স্নেহেৰে নিৰাকাৰৰ পৰা সাকাৰলৈ আহ্বান কৰি আনিব পাৰা তেন্তে যাৰ সৈতে স্নেহ আছে তেওঁৰ নিচিনা নিৰাকাৰ স্থিতিত স্থিত হব নোৱাৰা! বাপদাদাই সন্তানসকলৰ পৰিশ্ৰম চাব নোৱাৰে! মাষ্টৰ সৰ্বশক্তিমান আৰুপৰিশ্ৰম? মাষ্টৰ সৰ্বশক্তিমান সৰ্বশক্তিৰ মালিক হোৱা। যি শক্তিক যি সময়তে শুভ সংকল্পেৰে আহ্বান কৰা সেই শক্তি তোমালোক মালিকসকলৰ আগত হাজিৰ হব। এনেকুৱা মালিক, সৰ্বশক্তি যাৰ সেৱাধাৰী হয়, তেওঁ পৰিশ্ৰম কৰিব নে শুভ সংকল্পৰ আদেশ দিব? কি কৰিব, ৰজা হোৱা নে প্ৰজা হোৱা? এনেও যি যোগ্য সন্তান হয় তেওঁক কি বুলি কোৱা হয়? ৰজা সন্তান বুলি নকয় জানো। গতিকে তোমালোক কোন হোৱা? ৰজা সন্তান হোৱা নে অধীন সন্তান হোৱা? অধিকাৰী আত্মা নোহোৱা জানো। গতিকে এই শক্তিসমূহ, গুণসমূহ এই সকলোবোৰ তোমালোকৰ সেৱাধাৰী হয়, আৱাহন কৰা আৰু হাজিৰ। যি দুৰ্বল হয় তেওঁ শক্তিশালী অস্ত্ৰ থকা স্বত্বেও দুৰ্বলতাৰ কাৰণে হাৰি যায়। তোমালোক দুৰ্বল হোৱা নেকি? বাহাদুৰ সন্তান নোহোৱা জানো! সৰ্বশক্তিমানৰ সন্তান যদি দুৰ্বল হয় তেন্তে সকলোৱে কি বুলি কব? ভাল লাগিবনে? গতিকে আৱাহন কৰিবলৈ, অৰ্ডাৰ (আদেশ) দিবলৈ শিকা। কিন্তু সেৱাধাৰীয়ে কাৰ আদেশ মানিব? যি মালিক হব তেওঁৰ। মালিক স্বয়ং সেৱাধাৰী হৈ গলা, পৰিশ্ৰম কৰা জনতো সেৱাধাৰী হৈ নগল জানো। মনৰ পৰিশ্ৰমৰ পৰা এতিয়া মুক্ত হৈ গলা! শাৰীৰিক পৰিশ্ৰমেৰে যজ্ঞ সেৱা কৰাতো বেলেগ কথা। সেয়াও যজ্ঞ সেৱাৰ মহত্ব জানিলে পৰিশ্ৰমৰ অনুভৱ নহয়। যেতিয়া মধুবনত সম্পৰ্কত থকা আত্মাসকল আহে আৰু দেখে ইমান সংখ্যক আত্মাৰ ভোজন তৈয়াৰ কৰা হয় আৰু অন্য সকলো কাৰ্য হৈ থাকে তেতিয়া সেয়া দেখি-দেখি ভাবে যে এওঁলোকে ইমান হাৰ্ডৱৰ্ক (কঠিন কাৰ্য) কেনেকৈ কৰে! তেওঁলোক আচম্বিত হয়। ইমান ডাঙৰ কাৰ্য কেনেকৈ হৈ আছে! কিন্তু কৰোঁতাই ইমান ডাঙৰ কাৰ্যকো কি বুলি ভাবে? সেৱাৰ মহত্বৰ কাৰণে এয়াতো খেল যেন লাগে। পৰিশ্ৰম কৰিবলগীয়া নহয়। এনেকুৱা মহত্বৰ কাৰণে পিতাৰ প্ৰতি মৰম থকা কাৰণে পৰিশ্ৰমৰ ৰূপ সলনি হৈ যায়। তেনেকৈ মনৰ পৰিশ্ৰমৰ পৰা এতিয়া মুক্ত হোৱাৰ সময় আহি পৰিছে। দ্বাপৰৰ পৰা বিচৰাৰ, অস্থিৰ হোৱাৰ, আৱাহন কৰাৰ, মনৰ পৰিশ্ৰম কৰি আহিছা। মনৰ পৰিশ্ৰমৰ কাৰণে ধন উপাৰ্জন কৰাৰো পৰিশ্ৰম বাঢ়ি গল। আজি যাকেই নোসোধা কিয় কি বুলি কয়? ধন উপাৰ্জন কৰাতো মাহীৰ ঘৰ (ইমান উজু) নহয়। মনৰ পৰিশ্ৰমৰ কাৰণে ধন উপাৰ্জন কৰাৰো পৰিশ্ৰম বাঢ়ি গল আৰু শৰীৰতো ৰোগীয়ে হৈ গল, সেইবাবে শৰীৰৰ কাৰ্যতো পৰিশ্ৰম, মনৰ ক্ষেত্ৰতো পৰিশ্ৰম, ধনৰ ক্ষেত্ৰতো পৰিশ্ৰম। কেৱল সেয়াই নহয় আজিকালি পৰিবাৰৰ মাজত স্নেহযুক্ত সম্বন্ধ ৰক্ষা কৰাৰ ক্ষেত্ৰতো পৰিশ্ৰম হয়। কেতিয়াবা এজন বিতুষ্ট, কেতিয়াবা আনজন.. আকৌ তেওঁক সৈমান কৰাবৰ বাবে পৰিশ্ৰম কৰি থাকে। আজি যিটো তোমাৰ, কাইলৈ সেইটো তোমাৰ হৈ নাথাকে এনেকৈ ওলোটা খৰ মাৰি থাকে। গতিকে সকলো প্ৰকাৰৰে পৰিশ্ৰম কৰি ভাগৰি গৈছিলা নহয় জানো। শৰীৰেৰে, মনেৰে, ধনেৰে, সম্বন্ধৰে সকলো ফালৰ পৰা ভাগৰুৱা হৈ গৈছিলা।

বাপদাদাই প্ৰথমতে মনৰ পৰিশ্ৰম সমাপ্ত কৰি দিয়ে কিয়নো মন হৈছে বীজ। মনৰ পৰিশ্ৰমে শৰীৰৰ, ধন উপাৰ্জনৰ ক্ষেত্ৰত পৰিশ্ৰমৰ অনুভৱ কৰায়। যেতিয়া মন ঠিক নাথাকে তেতিয়া কোনো কাৰ্য কৰিবলগীয়া থাকিলে কব - আজি এয়া নহব। বেমাৰ নহলেও ভাবিব মোৰ 103 ড্ৰিগ্ৰী জ্বৰ আছে। গতিকে মনৰ পৰিশ্ৰমে শাৰীৰিক পৰিশ্ৰমৰ অনুভৱ কৰায়। ধনৰ ক্ষেত্ৰতো এনেকুৱাই হয়। মন অলপো যদি বেয়া হয় তেতিয়া কব - বহুত কাম কৰিবলগীয়া হয়। উপাৰ্জন কৰাতো বহুত কঠিন। বায়ুমণ্ডলেই বেয়া। আৰু যেতিয়া মন আনন্দিত হব তেতিয়া কব একো ডাঙৰ কথা নহয়। কাম সেয়াই হব কিন্তু মনৰ কষ্টই ধনৰ কষ্টৰো অনুভৱ কৰায়। মনৰ দুৰ্বলতাই বায়ুমণ্ডলৰ দুৰ্বলতাও আনে। বাপদাদাই সন্তানসকলৰ মনৰ পৰিশ্ৰম চাব নোৱাৰে। 63 জন্ম পৰিশ্ৰম কৰিলা। এতিয়া এই এটা জন্ম হৈছে আনন্দৰ জন্ম, প্ৰেমৰ জন্ম, প্ৰাপ্তিৰ জন্ম, বৰদানৰ জন্ম। সহায় লোৱাৰ, সহায় পোৱাৰ জন্ম। তথাপিও এইটো জন্মতো পৰিশ্ৰম কিয়? গতিকে এতিয়া পৰিশ্ৰমক মৰমলৈ পৰিৱৰ্তন কৰা। মহত্ব জানি শেষ কৰি দিয়া।

আজি বাপদাদাই নিজৰ মাজত বহুত বাৰ্তালাপ কৰি আছিল, সন্তানসকলৰ পৰিশ্ৰমৰ ওপৰত। কি কৰে, বাপদাদাই হাঁহি আছিল যে মনৰ পৰিশ্ৰমৰ কাৰণে কি হৈ যায়, কি কৰে? তেৰা-বেঁকা সন্তান জন্ম দিয়ে (ব্যৰ্থ সংকল্প ৰচনা কৰে), যাৰ কেতিয়াবা মুখ নাথাকে, কেতিয়াবা ভৰি নাথাকে, কেতিয়াবা হাত নাথাকে। এনেকুৱা ব্যৰ্থৰ বংশাৱলী বহুত জন্ম দিয়ে আকৌ যি ৰচনা কৰিলে সেয়া কি কৰিব? সিবিলাকক পালনা কৰাৰ কাৰণে পৰিশ্ৰম কৰিবলগা হয়। এনেকুৱা ৰচনা ৰচাৰ কাৰণে বেছিকৈ পৰিশ্ৰম কৰি ভাগৰি পৰে আৰু আশাহীনো হৈ যায়। বহুত কঠিন লাগে। এয়া বহুত ভাল কিন্তু বহুত কঠিন। এৰিবও নোখোজে আৰু উৰিবও নোখোজে। তেন্তে কি কৰিব লাগিব। খোজ কাঢ়িব (আগবাঢ়ি যাব) লাগিব। চলোঁতেতো নিশ্চয় পৰিশ্ৰম কৰিব লাগিব সেইবাবে এতিয়া দুৰ্বল ৰচনা বন্ধ কৰা তেতিয়া মনৰ পৰিশ্ৰমৰ পৰা মুক্তি পাবা। আকৌ হাঁহি উঠা কথা কি কয়? পিতাই কয় - এই ৰচনা কিয় কৰা, তেতিয়া যেনেকৈ আজিকালিৰ লোকে কয় নহয় - কি কৰিম ঈশ্বৰে দি দিয়ে। সকলো দোষ ঈশ্বৰক দি দিয়ে, সেইদৰে এই ব্যৰ্থ ৰচনাৰ ওপৰত কি কয় জানানে? মই নিবিচাৰো কিন্তু মায়া আহি যায়। মোৰ এইটো ইচ্ছা নাছিল কিন্তু হৈ যায় সেইবাবে সৰ্বশক্তিমান পিতাৰ সন্তান মালিক হোৱা। ৰজা হোৱা। দুৰ্বল অৰ্থাৎ অধীন প্ৰজা। মালিক অৰ্থাৎ শক্তিশালী ৰজা। গতিকে মালিক হৈ আহ্বান কৰা। স্ব স্থিতিৰ শ্ৰেষ্ঠ সিংহাসনত বহা। সিংহাসনত বহি শক্তিৰূপী সেৱাধাৰীসকলক আহ্বান কৰা। অৰ্ডাৰ দিয়া। এনেকুৱা হবই নোৱাৰে যে তোমালোকৰ সেৱাধাৰী তোমালোকৰ অৰ্ডাৰত নচলিব। আকৌ এনেকৈ নকবা যে কি কৰো সহন শক্তি নোহোৱাৰ কাৰণে পৰিশ্ৰম কৰিব লগা হয়। সমাহিত কৰাৰ শক্তি কম আছিল সেইবাবে এনেকুৱা হল। তোমালোকৰ সেৱাধাৰী যদি সময়ত কাৰ্যত নাহে তেন্তে কি সেৱাধাৰী হল? কাৰ্য সম্পন্ন হৈ গল আৰু তাৰ পাছত সেৱাধাৰী আহিলে তেতিয়া কি হব! যাৰ স্বয়ং সময়ৰ মহত্ব আছে তেওঁৰ সেৱাধাৰীও সময়ত মহত্ব জানি হাজিৰ হব। যদি কোনো শক্তি বা গুণ সময়ত ইমাৰ্জ (জাগ্ৰত) নহয় তেন্তে ইয়াৰ দ্বাৰা সিদ্ধ হয় যে মালিকৰ সময়ৰ মহত্ব নাই। কি কৰিব লাগে? সিংহাসনত বহাতো ভাল নে পৰিশ্ৰম কৰাতো ভাল? এতিয়া ইয়াৰ বাবে সময় দিয়াৰ আৱশ্যকতা নাই। পৰিশ্ৰম কৰাতো ঠিক লাগেনে নে মালিক হোৱাতো ঠিক লাগে? কি ভাল লাগে বাৰু? শুনাইছিলো নহয় - ইয়াৰ বাবে কেৱল এই এটা অভ্যাস সদায় কৰি থাকিবা - নিৰাকাৰ তথা সাকাৰৰ আধাৰত এই কাৰ্য কৰি আছো। কৰাৱনহাৰ হৈ কৰ্মেন্দ্ৰিয়ৰ দ্বাৰা কৰোৱা। নিজৰ নিৰাকাৰী বাস্তৱিক স্বৰূপক স্মৃতিত ৰাখিলে তেতিয়া বাস্তৱিক স্বৰূপৰ গুণ, শক্তি স্বতঃ জাগ্ৰত হব। যেনেকুৱা স্বৰূপ হয় তেনেকুৱা গুণ বা শক্তি স্বতঃ কৰ্মত আহে। যিদৰে কন্যা যেতিয়া মাক হৈ যায় তেতিয়া মাকৰ স্বৰূপত সেৱা ভাৱ, ত্যাগ, স্নেহ, অথক সেৱা আদি গুণ আৰু শক্তি সমূহ স্বতঃ জাগ্ৰত নহয় জানো। গতিকে অনাদি অবিনাশী স্বৰূপ স্মৃতিত ৰাখিলে স্বতঃ এই গুণ আৰু শক্তিসমূহ জাগ্ৰত হব। স্বৰূপৰ স্মৃতিয়ে স্বতঃ স্থিতি গঢ়ি তোলে। বুজি পালা কি কৰিব লাগে! পৰিশ্ৰম শব্দটিক জীৱনৰ পৰা সমাপ্ত কৰি দিয়া। পৰিশ্ৰমৰ কাৰণে কঠিন লাগে। পৰিশ্ৰম যদি সমাপ্ত হয় তেন্তে কঠিন শব্দটিও স্বতঃ সমাপ্ত হৈ যাব। অচ্ছা!

সদায় কঠিনক সহজ কৰোঁতা, পৰিশ্ৰমক মৰমলৈ পৰিৱৰ্তন কৰোঁতা, সদায় স্ব স্বৰূপৰ স্মৃতিৰ দ্বাৰা শ্ৰেষ্ঠ শক্তি আৰু গুণৰ অনুভৱ কৰোঁতা, সদায় পিতাৰ স্নেহৰ সহাঁৰি দিওঁতা, পিতাৰ সমান হওঁতা, সদায় শ্ৰেষ্ঠ স্মৃতিৰ শ্ৰেষ্ঠ আসনত স্থিত হৈ মালিক হৈ সেৱাধাৰীৰ দ্বাৰা কাৰ্য কৰাওঁতা, এনেকুৱা ৰজা সন্তানসকলক, মালিক সন্তানসকলক বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু নমস্কাৰ।

ব্যক্তিগত সাক্ষাৎ - (বিদেশী ভাই ভনীসকলৰ লগত)
সেৱাই পিতাৰ সান্নিধ্যৰ অনুভৱ কৰায়। সেৱাত যোৱা মানে সদায় পিতাৰ লগত থকা। সাকাৰ ৰূপতেই থাকা নতুবা আকাৰ ৰূপতে থাকা। কিন্তু সেৱাধাৰী সন্তানসকলৰ লগত পিতাৰ সান্নিধ্য সদায় থাকেই। কৰণকৰাৱনহাৰে কৰাই আছে, চলাওঁতাই চলাই আছে আৰু নিজে কি কৰা বাৰু? নিমিত্ত হৈ খেলা খেলি থাকা। এনেকুৱাই অনুভৱ নহয় জানো? এনেকুৱা সেৱাধাৰী সফলতাৰ অধিকাৰী হৈ যায়। সফলতা হৈছে জন্মসিদ্ধ অধিকাৰ, সফলতাই সদায় মহান পূণ্য আত্মা হোৱাৰ অনুভৱ কৰায়। মহান পূণ্য আত্মা হওঁতাসকলৰ অনেক আত্মাৰ আশীৰ্বাদৰ লিফ্‌ট প্ৰাপ্ত হয়। অচ্ছা-

এতিয়াতো সেই দিনো আহিবই যেতিয়া সকলোৰে মুখৰ পৰা এজন, এজনেই হয় এই গীত ওলাব। মাথোন নাটকৰ এইটোৱে ভূমিকা বাকী আছে। এয়াও হব আৰু সমাপ্তি হব। এতিয়া এইটো ভূমিকাক সমীপত আনিব লাগে। ইয়াৰ বাবে অনুভৱ কৰোৱাটোৱে হৈছে বিশেষ আকৰ্ষণৰ সাধন। জ্ঞান শুনাই যোৱা আৰু অনুভৱ কৰাই যোৱা। জ্ঞান কেৱল শুনিয়ে সন্তুষ্ট নহয় কিন্তু জ্ঞান শুনোৱাৰ লগতে অনুভৱো কৰাই যোৱা তেতিয়া জ্ঞানৰো মহত্ব থাকিব আৰু প্ৰাপ্তিৰ কাৰণে আগলৈ উৎসাহতো আহি যাব। সেই সকলোৰে ভাষণতো কেৱল জ্ঞানেৰে পৰিপূৰ্ণ হয়। তোমালোকৰ ভাষণ কেৱল জ্ঞানেৰে পৰিপূৰ্ণই নহয় কিন্তু অনুভৱৰ অথৰিটি সম্পন্ন হওঁক। আৰু অনুভৱৰ অথৰিটিৰে শুনাই অনুভৱ কৰাই যোৱা। যিদৰে কোনো-কোনো যি সকল ভাল বক্তা আছে, তেওঁলোকে ভাষণ কৰি কন্দুৱাইও দিয়ে, হহুঁৱাইও দিয়ে। শান্তিত, মৌনতাতো লৈ যায়। যেনেকুৱা কথা কব হলৰ বায়ুমণ্ডলো তেনেকুৱা কৰি দিয়ে। সেয়াতো হল সাময়িক। যেতিয়া তেওঁলোকে কৰিব পাৰে তেন্তে তোমালোক মাষ্টৰ সৰ্বশক্তিমানে কি কৰিব নোৱাৰা। কোনোৱে শান্তি বুলি কলে শান্তিৰ বাতাৱৰণ হৈ যাওঁক, আনন্দ বুলি কলে আনন্দৰ বাতাৱৰণ হৈ যাওঁক। এনেকুৱা অনুভূতি কৰোৱা ভাষণে, প্ৰত্যক্ষতাৰ পতাকা উৰুৱাব । কিবাতো বিশেষত্ব দেখিব নহয় জানো। অচ্ছা - সময়ে স্বতঃ শক্তিৰে ভৰপূৰ কৰি আছে। হৈয়ে আছে, কেৱল পুনৰাবৃত্তি কৰিব লাগে। অচ্ছা।

বিদায়ৰ সময়ত দাদী জানকী জীৰ সৈতে বাপদাদাৰ সাক্ষাৎ
সকলো দেখি-দেখি হৰ্ষিত হৈ থাকা! সকলোতকৈ বেছি আনন্দ অনন্য সন্তানসকলৰ হয়। গতিকে সদায় আনন্দৰ সাগৰত ঢৌ খেলি থাকা। সুখৰ সাগৰত, সৰ্ব প্ৰাপ্তিৰ সাগৰত ঢৌ খেলিয়েই থাকা, তেওঁ আনকো সেই সাগৰতেই ঢৌ খেলোৱায়। গোটেই দিন কি কাম কৰা? যিদৰে কোনোবাই সাগৰত স্নান কৰিব নাজানিলে তেতিয়া কি কৰে? হাতত ধৰি স্নান নকৰাই জানো! এয়াই কাম কৰা, সুখৰ লহৰত নাচা, আনন্দৰ লহৰত নাচা..এনেকুৱা কৰি নাথাকা জানো! ব্যস্ত হৈ থকাৰ কাৰ্য ভাল পাইছা। কিমান ব্যস্ত হৈ থাকা? আহৰি আছেনে? ইয়াতেই সদায় ব্যস্ত হৈ থাকা, সেয়েহে আনেও দেখি অনুকৰণ কৰে। বচ, স্মৰণ আৰু সেৱাৰ বাহিৰে অন্য একোৱে দেখা নোপোৱা। বুদ্ধি আপোনাআপুনি স্মৰণ আৰু সেৱাৰ ফালেই যায় আৰু কতো যাব নোৱাৰে। চলাব লগা নহয়, চলিয়েই থাকে। ইয়াকে কোৱা হয় শিকাখিনি শিকাই আছে। ভাল কাম দি দিছে নহয়। পিতাই পাকৈত বনাই গৈছে নহয়। অপৈণত হিচাপেতো এৰি যোৱা নাই। পাকৈত বনাই, স্থান দি গৈছে নহয় জানো। লগততো আছেই কিন্তু নিমিত্ততো কৰিলে। পাকৈত বনাই চিট দিছে। ইয়াৰ পৰাই চিট দিয়াৰ ৰীতি আৰম্ভ হৈছে। পিতাই সেৱাৰ সিংহাসন বা সেৱাৰ চিট দি আগবাঢ়ি গৈছে, এতিয়া সাক্ষী হৈ চাই আছে, কিদৰে সন্তানসকল আগবাঢ়ি গৈ আছে। সংগী হৈ লগতো আছে, সাক্ষী হৈ চাইও আছে। দুয়োটি ভূমিকাই পালন কৰি আছে। সাকাৰ ৰূপত সাক্ষী বুলি কোৱা হব, অব্যক্ত ৰূপত সংগী বুলি কোৱা হব। দুয়োটি ভূমিকাই পালন কৰি আছে। অচ্ছা!

বৰদান:
প্ৰতিটো শ্বাসত স্মৃতি আৰু সেৱাৰ ভাৰসাম্যতাৰ দ্বাৰা আশীৰ্বাদ প্ৰাপ্ত কৰোঁতা সদায় প্ৰসন্নচিত (আনন্দময়) হোৱা

যিদৰে ধ্যান ৰাখা যে স্মৃতিৰ সংযোগ সদায় পিতাৰ সৈতে যুক্ত হৈ থাকক তেনেদৰে সেৱাতো যাতে সংযোগ সদায় যুক্ত হৈ থাকে। প্ৰতিটো শ্বাসত পিতাৰ স্মৃতি আৰু প্ৰতিটো শ্বাসত সেৱা হওঁক - ইয়াকে কোৱা হয় ভাৰসাম্যতা, এই ভাৰসাম্যতাৰ দ্বাৰা সদায় আশীৰ্বাদৰ অনুভৱ কৰি থাকিবা আৰু এইটো আৱাজেই অন্তৰৰ পৰা ওলাব যে আশীৰ্বাদৰ দ্বাৰাই পালিত হৈ আছো। পৰিশ্ৰমৰ পৰা, যুদ্ধৰ পৰা মুক্ত হৈ যাবা। কি, কিয়, কেনকৈ এই প্ৰশ্নবোৰৰ পৰা মুক্ত হৈ সদায় প্ৰসন্নচিত হৈ থাকিবা। তেতিয়া সফলতা জন্ম সিদ্ধ অধিকাৰৰ ৰূপত অনুভৱ হব।

স্লোগান:
পিতাৰ পৰা পুৰস্কাৰ লবলৈ হলে নিজৰ পৰা আৰু সংগীসকলৰ পৰা নিৰ্বিঘ্ন হৈ থকাৰ চাৰ্টিফিকেট লগত ৰাখা।