02.02.20    Avyakt Bapdada     Assame Murli     18.11.85     Om Shanti     Madhuban


ভগৱানৰ ভাগ্যৱান সন্তানসকলৰ লক্ষণ


বাপদাদাই সকলো সন্তানৰ মস্তকত ভাগ্যৰ ৰেখা চাই আছেহঁক। প্ৰত্যেক সন্তানৰ মস্তকত ভাগ্যৰ ৰেখা আছে কিন্তু কোনো-কোনো সন্তানৰ ৰেখা স্পষ্ট আৰু কোনো-কোনো সন্তানৰ স্পষ্ট নহয়। যেতিয়াৰ পৰা ভগৱান পিতাৰ হল, ভগৱান অৰ্থাৎ ভাগ্য বিধাতা। ভগৱান অৰ্থাৎ দাতা বিধাতা সেয়েহে সন্তান হোৱাৰ লগে লগে ভাগ্যৰ অধিকাৰ অৰ্থাৎ সম্পত্তি (উত্তৰাধিকাৰ) সকলোৰে অৱশ্যে প্ৰাপ্ত হয়, কিন্তু প্ৰাপ্ত হোৱা সেই সম্পত্তিক জীৱনত ধাৰণ কৰা, সেৱাত লগাই তাক শ্ৰেষ্ঠ কৰি তোলা, স্পষ্ট কৰা এই ক্ষেত্ৰত ক্ৰম অনুসৰি হয় কিয়নো এই ভাগ্য যিমান নিজৰ প্ৰতি আৰু সেৱাৰ প্ৰতি কাৰ্যত লগায় সিমান বাঢ়ে অৰ্থাৎ ৰেখা স্পষ্ট হয়। পিতা এজন আৰু দিয়েও সকলোকে একেধৰণে। পিতাই ক্ৰম অনুসৰি ভাগ্য নিবিলায় কিন্তু ভাগ্য গঢ়োঁতাসকল অৰ্থাৎ ভাগ্যৱান হওঁতাসকল ইমান শ্ৰেষ্ঠ ভাগ্য প্ৰাপ্ত কৰাত যথাশক্তি হোৱাৰ কাৰণে ক্ৰম অনুসৰি হৈ যায় সেয়েহে কাৰোবাৰ ৰেখা স্পষ্ট, কাৰোবাৰ ৰেখা স্পষ্ট নহয়। স্পষ্ট ৰেখাধাৰী সন্তানসকলে নিজেও প্ৰত্যেক কৰ্মত নিজকে ভাগ্যৱান অনুভৱ কৰে। লগতে তেওঁলোকৰ চেহেৰা আৰু চলনৰ দ্বাৰা ভাগ্য আনেও অনুভৱ কৰে। আনেও এনে ভাগ্যৱান সন্তানসকলক দেখি ভাবে আৰু কয় যে এই আত্মাসকল বহুত ভাগ্যৱান। এওঁলোকৰ ভাগ্য সদায় শ্ৰেষ্ঠ। নিজে নিজকে সোধা প্ৰত্যেক কৰ্মত নিজকে ভগৱানৰ সন্তান ভাগ্যৱান বুলি অনুভৱ কৰানে? ভাগ্য তোমালোকৰ সম্পত্তি হয়। সম্পত্তি কেতিয়াও প্ৰাপ্ত নহব এনে হব নোৱাৰে। ভাগ্যক সম্পত্তিৰ ৰূপত অনুভৱ কৰানে? নে পৰিশ্ৰম কৰিবলগীয়া হয়? সম্পত্তি সহজে প্ৰাপ্ত হয়। পৰিশ্ৰম নহয়। লৌকিকতো পিতাৰ খাজনা, সম্পত্তিৰ ওপৰত সন্তানসকলৰ স্বতঃ অধিকাৰ থাকে। আৰু নিচা থাকে যে পিতাৰ সম্পত্তি প্ৰাপ্ত হৈছে। এনেকুৱা ভাগ্যৰ নিচা আছেনে নে নিচা বঢ়া টুটা হৈ থাকে? অবিনাশী সম্পত্তি তেন্তে কিমান নিচা থাকিব লাগে। এটা জন্মনো কি অনেক জন্মৰ ভাগ্য জন্মসিদ্ধ অধিকাৰ হয়। এনেকুৱা উৎসাহেৰে বৰ্ণনা কৰানে? সদায় ভাগ্যৰ ৰেঙনি প্ৰত্যক্ষ ৰূপত যাতে অন্যই দেখিবলৈ পায়। উৎসাহ আৰু ৰেঙনি দুয়োটা আছেনে? মাৰ্জ (সুপ্ত) ৰূপত আছে নে ইমাৰ্জ (জাগ্ৰত) ৰূপত আছে? ভাগ্যৱান আত্মাসকলৰ লক্ষণ - ভাগ্যৱান আত্মা সদায় কোলাতে পালিত হওক বা দলিচাতে খোজ কাঢ়ক নতুবা দোলাতেই দোলক, মাটিত ভৰি নিদিয়ে, কেতিয়াও ভৰি লেতেৰা নহয়। সেই লোকসকলে দলিচাত খোজকাঢ়ে আৰু তোমালোকে বুদ্ধিৰূপী ভৰিৰে মাটিৰ সলনি ফৰিস্তাৰ জগতত থাকা। এই পুৰণি মাটিৰ জগতত বুদ্ধিৰূপী ভৰি নাৰাখা অৰ্থাৎ বুদ্ধি মলীন নকৰা। ভাগ্যৱানে মাটিৰ পুতলাৰ লগত নেখেলে। সদায় ৰত্নৰ লগত খেলে। ভাগ্যৱান সদায় সম্পন্ন হৈ থাকে সেয়েহে ইচ্ছা মাত্ৰম অবিদ্যা (ইচ্ছাৰ বিষয়ে অজ্ঞ), এইটো স্থিতিত থাকে। ভাগ্যৱান আত্মা সদায় মহাদানী পুণ্য আত্মা হৈ আনৰো ভাগ্য গঢ়ি থাকে। ভাগ্যৱান আত্মা সদায় মুকুট, সিংহাসন আৰু তিলকধাৰী হৈ থাকে। ভাগ্যৱান আত্মা যিমানে ভাগ্য অধিকাৰী সিমানে ত্যাগী হয়। ভাগ্যৰ চিন হৈছে ত্যাগ। ত্যাগে ভাগ্যক স্পষ্ট কৰে। ভাগ্যৱান আত্মা, সদায় ভগৱানৰ সমান নিৰাকাৰী, নিৰহংকাৰী আৰু নিৰ্বিকাৰী এই তিনিওটি বিশেষত্বৰে ভৰপূৰ হয়। এই সকলো লক্ষণ নিজৰ মাজত অনুভৱ কৰানে? ভাগ্যৱানৰ লিষ্টততো (তালিকাত) আছাই নহয় জানো। কিন্তু যথাশক্তি হোৱা নে সৰ্বশক্তিমান হোৱা? মাষ্টৰতো হোৱা নহয়? পিতাৰ মহিমাত কেতিয়াও যথা শক্তিমান বা ক্ৰম অনুসৰি বুলি কোৱা নহয় সদায় সৰ্বশক্তিমান বুলি কোৱা হয়। মাষ্টৰ সৰ্বশক্তিমান আকৌ যথাশক্তি কিয়? সদায় শক্তিমান। যথা শব্দক সলনি কৰি সদায় শক্তিমান হোৱা আৰু আনকো তেনেকৈ গঢ়ি তোলা। বুজিলা।

কোনটো জন আহিছে? সকলোৱে বৰদান ভূমিত উপস্থিত হৈ বৰদানেৰে আঁচল ভৰাই আছা নহয় জানো। বৰদান ভূমিৰ এটি এটি চৰিত্ৰত, কৰ্মত বিশেয বৰদান ভৰি আছে। যজ্ঞ ভূমিত আহি লাগিলে পাচলিয়েই কাটা, শস্যই চাফা কৰা, ইয়াতো যজ্ঞ সেৱাৰ বৰদান ভৰি আছে। যেনেকৈ যাত্ৰাত গলে মন্দিৰ পৰিস্কাৰ কৰাটোও এক ডাঙৰ পুণ্য বুলি ভাবে। এই মহাতীৰ্থ বা বৰদান ভূমিৰ প্ৰত্যেক কৰ্মত, প্ৰতিটো খোজত বৰদানেই বৰদান ভৰি আছে। আঁচল কিমান ভৰিছে? পুৰা আঁচল ভৰাই যাবা নে যথাশক্তি? যিয়েই যৰ পৰাই আহিছা, মেলা উদযাপন কৰিবলৈ আহিছা। মধুবনত এটা সংকল্পও বা এটা চেকেণ্ডো যাতে ব্যৰ্থত নাযায়। সমৰ্থ হোৱাৰ এই অভ্যাসে নিজৰ স্থানতো সহযোগ দিব। পঢ়া আৰু পৰিবাৰ - পঢ়াৰো লাভ লোৱা আৰু পৰিবাৰৰো বিশেষ অনুভৱ কৰিবা। বুজিলা!

বাপদাদাই সকলো জনৰ সন্তানসকলক বৰদানী, মহাদানী হোৱাৰ মোবাৰক দি আছে। জগতৰ লোকসকলৰ উৎসৱ সমাপ্ত হল কিন্তু তোমালোকৰ উৎসাহ ভৰা উৎসৱ সদায় আছে। সদায় বৰ দিন হয় সেয়েহে সদায় মোবাৰকেই মোবাৰক। মহাৰাষ্ট্ৰ সদায় মহান হৈ বৰদানেৰে আঁচল ভৰাওঁতা হয়। কৰ্ণাটকবাসী সদায় নিজৰ হৰ্ষিত মুখৰ দ্বাৰা নিজেও হৰ্ষিত আৰু আনকো হৰ্ষিত কৰি, আঁচল ভৰাই থাকিবা। ইউ.পি.বাসীয়ে কি কৰিব? সদায় শীতল নদীৰ সমান শীতলতাৰ বৰদান দি শীতলা দেৱী হৈ শীতল দেৱী কৰি তোলা। শীতলতাৰে সদায় সকলোৰে সকলো প্ৰকাৰৰ দুখ দূৰ কৰা। এনেকৈ বৰদানেৰে আঁচল ভৰোৱা। অচ্ছা!

সদায় শ্ৰেষ্ঠ ভাগ্যৰ স্পষ্ট ৰেখাধাৰী, সদায় পিতাৰ সমান সৰ্ব শক্তি সম্পন্ন, সম্পূৰ্ণ স্থিতিত স্থিত হৈ থাকোঁতা, সদায় ঈশ্বৰীয় ৰেঙনি আৰু ভাগ্যৰ নিচাত থাকোঁতা, প্ৰত্যেক কৰ্মৰ দ্বাৰা ভাগ্যৱান হৈ ভাগ্যৰ সম্পত্তি দিওঁতা এনেকুৱা মাষ্টৰ ভগৱান শ্ৰেষ্ঠ ভাগ্যৱান সন্তানসকলৰ প্ৰতি বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু নমস্কাৰ।

জ্যেষ্ঠা দাদীসকলৰ সৈতে অব্যক্ত বাপদাদাৰ সাক্ষাৎ :-
আদিৰ পৰা এতিয়ালৈকে যিসকল প্ৰতিটো কাৰ্যতে সংগী হৈ আহি আছে, তেওঁলোকৰ বিশেষত্ব হৈছে - যেনেকৈ ব্ৰহ্মা পিতাই প্ৰতিটো খোজত অনুভৱী হৈ অনুভৱৰ অথৰিটিৰে বিশ্ব ৰাজ্যৰ অথৰিটি লয় তেনেকৈ তোমালোক সকলোৱে বহুত কালৰ পৰা সকলো প্ৰকাৰৰ অনুভৱৰ অথৰিটিৰ কাৰণে বহুত কালৰ ৰাজ্যৰ অথৰিটিতো সংগী হবাগৈ। যিয়ে আদিৰ পৰা সংকল্প কৰিলে - যত বহুৱাব, যেনেকৈ চলাব তেনেকৈ চলিয়েই লগত যাম। তেন্তে লগত যোৱাৰ প্ৰথম প্ৰতিশ্ৰুতি বাপদাদাই ৰক্ষা কৰিবই লাগিব। তোমালোক ব্ৰহ্মা পিতাৰো লগত থাকিবাগৈ। ৰাজ্যতো লগত থাকিবা, ভক্তিতো লগত থাকিবা। যিমান এতিয়া বুদ্ধিৰে সদায় লগত থাকা সেইটো হিচাপতে ৰাজ্যতো সদায় লগত থাকিবা। যদি এতিয়া অলপ দূৰৈত থাকা তেন্তে কোনোবা জন্মত দূৰৈৰ হৈ যাবা, কোনোবা জন্মত সমীপৰ হবা। কিন্তু যি সদায় বুদ্ধিৰে লগত থাকে তেওঁ তাতো লগত থাকিব। সাকাৰততো তোমালোক 14 বছৰ লগত থাকিলা, সংগমযুগৰ 14 বছৰ কিমান বছৰৰ সমান হৈ গল। সংগমযুগৰ ইমান সময় সাকাৰ ৰূপত লগত আছা, এয়াও বহুত শ্ৰেষ্ঠ ভাগ্য। আকৌ বুদ্ধিৰেও লগত আছা, ঘৰতো লগত থাকিবা, ৰাজধানীতো লগত থাকিবা। যদিও সিংহাসনত কিছুসংখ্যকহে অধিষ্ঠিত হয় কিন্তু ৰয়েল (অভিজাত) পৰিবাৰৰ সমীপ সম্বন্ধত, গোটেই দিনৰ দিনচৰ্যাত লগত থকাৰ ভূমিকা নিশ্চয় পালন কৰে। গতিকে এই আদিৰ পৰা লগত থকাৰ প্ৰতিশ্ৰুতি গোটেই কল্পতে চলি থাকিব। ভক্তিতো যথেষ্ট সময় লগত থাকিবা। এই শেষৰ জন্মত কোনোবা অলপ দূৰৈত, কোনোবা সমীপত কিন্তু তথাপিও গোটেই কল্পত কিবা নহয় কিবা ৰূপত লগত থাকে। এনে প্ৰতিশ্ৰুতি আছে নহয়! সেইবাবে তোমালোকক সকলোৱে কি দৃষ্টিৰে চায়! পিতাৰ ৰূপ হোৱা। ইয়াকে ভক্তিমাৰ্গত তেওঁলোকে কৈছে - এয়া সকলো ভগৱানৰ ৰূপ! কিয়নো পিতাৰ সমান হৈ নোযোৱা জানো! তোমালোকৰ ৰূপত পিতাক দেখিবলৈ পোৱা যায় সেয়েহে পিতাৰ ৰূপ বুলি কৈ দিয়ে। যি পিতাৰ লগত থাকে তেওঁলোকৰ এয়াই বিশেষত্ব হব, তেওঁলোকক দেখিলে পিতা স্মৃতিত আহিব, তেওঁলোকক স্মৰণ নকৰে কিন্তু পিতাক স্মৰণ কৰিব। তেওঁলোকৰ দ্বাৰা পিতাৰ চৰিত্ৰ, পিতাৰ দৃষ্টি, পিতাৰ কৰ্ম, সকলো অনুভৱ হব। স্বয়ং তেওঁলোকক দেখা নাযাব। কিন্তু তেওঁলোকৰ দ্বাৰা পিতাৰ কৰ্ম বা দৃষ্টি অনুভৱ হব। এয়াই অনন্য, সমান সন্তানসকলৰ বিশেষত্ব। সকলো এনেকুৱা হোৱা নহয়! অন্য আত্মাসকল তোমালোকৰ মাজতে ফাঁচিতো (আৱদ্ধ হৈ) নাযায়! এনেকৈতো নকয় যে অমুক বহুত ভাল, নহয় পিতাই এওঁলোকক ভালকৈ গঢ়ি তুলিছে। পিতাৰ দৃষ্টি, পিতাৰ প্ৰতিপালন এওঁলোকৰ পৰা পোৱা যায়। পিতাৰ মহাবাক্য এওঁলোকৰ পৰা শুনোঁ। এয়া হৈছে বিশেষত্ব। ইয়াকে কোৱা হয় - স্নেহীও আৰু উপৰামো। স্নেহী সকলোৰে হোৱা কিন্তু ফান্দত পেলাওঁতা (নিজৰ প্ৰতি আকৰ্ষিত কৰাওঁতা) যাতে নোহোৱা। পিতাৰ সলনি তোমালোকক যাতে স্মৰণ নকৰে। পিতাৰ শক্তি লবলৈ, পিতাৰ মহাবাক্য শুনিবলৈ তোমালোকক স্মৰণ কৰক। ইয়াক কোৱা হয় স্নেহীও আৰু উপৰামো। এনেকুৱা গ্ৰুপ নোহোৱা জানো! কিবাতো বিশেষত্ব থাকিব সাকাৰৰ পালনা লৈছা - বিশেষত্বতো থাকিব নহয় জানো। তোমালোকৰ ওচৰলৈ আহিলে তেতিয়া কি সুধিব - পিতাই কি কৰিছিল, কেনেকৈ চলিছিল - এয়াই স্মৃতিত নাহিব জানো! এনেকুৱা বিশেষ আত্মা হোৱা। ইয়াক কোৱা হয় - ডিভাইন ইউনিটি (ঈশ্বৰীয় একতা)। ডিভাইনৰ (ঈশ্বৰৰ) স্মৃতি দিয়াই ডিভাইন (দিব্য) কৰি তোলা সেইবাবে (গ্ৰুপটোৰ নাম) ডিভাইন ইউনিটি। 50 বছৰ অবিনাশী হৈ থাকিলা গতিকে অবিনাশী ভৱৰ মোবাৰক। বহুত আহিল, বহুত পৰিক্ৰমা কৰিবলৈ গল (বাবাৰ হাত এৰি গুচি গল)। তোমালোকতো অনাদি অবিনাশী হৈ গলা। অনাদিতো লগত, আদিতো লগত। বতনত লগত থাকিলে তেন্তে সেৱা কেনেকৈ কৰিবা। তোমালোকেতো অলপ আৰামো কৰা, পিতাক আৰামৰো প্ৰয়োজন নাই। বাপদাদা ইয়াৰ পৰাও হাত সাৰি গল। অব্যক্তক আৰামৰ আৱশ্যকতা নাই। ব্যক্তক আৰামৰ আৱশ্যক। ইয়াত নিজৰ সমান কৰি গঢ়ি তুলিলে কাম শেষ হৈ যায়। তথাপিও চোৱা যেতিয়া কোনো সেৱাৰ সুযোগ আহে তেতিয়া পিতাৰ সমান অথক হৈ যোৱা। তেতিয়া ভাগৰি নপৰা। অচ্ছা!

দাদাজীৰ প্ৰতি :- শৈশৱৰ পৰাই পিতাই মুকুটধাৰী বনালে। আহিয়েই সেৱাৰ দ্বায়িত্বৰ মুকুট পিন্ধালে আৰু সময়ে সময়ে যিয়েই পাৰ্ট (ভূমিকা) চলিল - বেগৰীৰ (ভিকহুৰ) পাৰ্টেই হওক, আনন্দৰ পাৰ্টে হওক, সকলো পাৰ্টতে দ্বায়িত্বৰ মুকুট ড্ৰামা অনুসৰি ধাৰণ কৰি আহিছা সেয়েহে অব্যক্ত পাৰ্টতো মুকুটধাৰী নিমিত্ত হৈ গলা। গতিকে এয়া বিশেষ আদিৰ পৰা পাৰ্ট আছে। সদায় দ্বায়িত্ব পালন কৰোঁতা। যিদৰে পিতা দ্বায়িত্বশীল হোৱা বাবে দ্বায়িত্বৰ মুকুটধাৰী হোৱাৰ বিশেষ পাৰ্ট আছে সেয়েহে অন্ততো দৃষ্টিৰ দ্বাৰা মুকুট, তিলক সকলো দি গল সেইবাবে তোমাৰ যি স্মাৰক হব তাত মুকুট নিশ্চয় থাকিব। যেনেকৈ কৃষ্ণক শৈশৱৰে পৰা মুকুটধাৰী দেখুৱায় সেয়েহে স্মাৰক ৰূপতো শৈশৱৰ পৰা মুকুটধাৰী ৰূপত পূজা কৰে। বাকীসকল সংগী কিন্তু তুমি মুকুটধাৰী হোৱা। সংগততো সকলোৱে থাকে কিন্তু সমান ৰূপত সংগী হোৱা এই ক্ষেত্ৰত পাৰ্থক্য আছে।

পাৰ্টিৰ সৈতে অব্যক্ত বাপদাদাৰ সাক্ষাৎ
কুমাৰসকলৰ প্ৰতি:- কুমাৰ অৰ্থাৎ নিৰ্বন্ধন। সকলোতকৈ ডাঙৰ বন্ধন হৈছে মনৰ ব্যৰ্থ সংকল্পৰ। এই ক্ষেত্ৰতো নিৰ্বন্ধন। কেতিয়াবা কেতিয়াবা এই বন্ধনে বান্ধিতো নলয়? কিয়নো সংকল্প শক্তি প্ৰত্যেক খোজত উপাৰ্জনৰ আধাৰ হয়। স্মৃতিৰ যাত্ৰা কিহৰ আধাৰত কৰা? সংকল্প শক্তিৰ আধাৰত বাবাৰ ওচৰত আহি উপস্থিত নোহোৱা জানো! অশৰীৰী হৈ যোৱা। গতিকে মনৰ শক্তি বিশেষ হয়। ব্যৰ্থ সংকল্পই মনৰ শক্তি দুৰ্বল কৰি দিয়ে সেয়েহে সেই বন্ধনৰ পৰা মুক্ত। কুমাৰ অৰ্থাৎ সদায় তীব্ৰ পুৰুষাৰ্থী কিয়নো যি নিৰ্বদ্ধন হব তেওঁলোকৰ গতি স্বতঃ তীব্ৰ হব। বোজাধাৰী ধীৰ গতিত চলিব। বোজামুক্তসকল সদায় তীব্ৰ গতিত চলিব। এতিয়া সময় অনুসৰি পুৰুষাৰ্থৰ সময় গল। এতিয়া তীব্ৰ পুৰুষাৰ্থী হৈ লক্ষ্যস্থানত উপনীত হব লাগে।

2. কুমাৰসকলে পুৰণা ব্যৰ্থৰ হিচাপ সমাপ্ত কৰিলানে? নতুন হিচাপ হৈছে সমৰ্থৰ হিচাপ। পুৰণা হিচাপ হৈছে ব্যৰ্থৰ। তেন্তে পুৰণা হিচাপ সমাপ্ত হল। এনেয়েও চোৱা ব্যৱহাৰিক জীৱনতো কেতিয়াও পুৰণা হিচাপ ৰাখি থোৱা নহয়। পুৰণাক সমাপ্ত কৰি আগলৈ হিচাপ আগবঢ়াই নিয়ে। গতিকে ইয়াতো পুৰণা হিচাপ সমাপ্ত কৰি সদায় নতুনকৈও নতুন প্ৰত্যেক খোজত সমৰ্থ হোৱা। প্ৰতিটো সংকল্প যাতে সমৰ্থ হয়। যেনেকুৱা পিতা তেনেকুৱা সন্তান। যিহেতু পিতা সমৰ্থ গতিকে সন্তানসকলেও ফল ফাদাৰ (পিতাক অনুসৰণ) কৰি সমৰ্থ হৈ যায়।

মাতাসকলৰ প্ৰতি :- মাতাসকল কোনটো এটি গুণত বিশেষ অনুভৱী হোৱা? সেই বিশেষ গুণটি কি? (ত্যাগ, সহনশীলতা) আৰু কিবা গুণ আছেনে? মাতাসকলৰ স্বৰূপ বিশেষ দয়ালু অন্তৰৰ হয়। মাতাসকল দয়ালু অন্তৰৰ হয়। তোমালোক বেহদৰ মাতাসকলৰ বেহদৰ আত্মাসকলৰ প্ৰতি দয়া ওপজেনে? যেতিয়া দয়া ওপজে তেতিয়া কি কৰে? যি দয়ালু অন্তৰৰ হয় তেওঁ সেৱাৰ অবিহনে থাকিব নোৱাৰে। যেতিয়া দয়ালু অন্তৰৰ হয় তেতিয়া অনেক আত্মাৰ কল্যাণ হৈয়েই যায় সেয়েহে মাতাসকলক কল্যাণী বুলিও কোৱা হয়। কল্যাণী অৰ্থাৎ কল্যাণ কৰোঁতা। যেনেকৈ পিতাক বিশ্বকল্যাণকাৰী বুলি কোৱা হয় তেনেকৈ মাতাসকলৰ বিশেষ পিতাৰ সমান কল্যাণীৰ টাইটেল (উপাধি) প্ৰাপ্ত হৈছে। এনেকৈ উৎসাহিত হোৱানে! কিহৰ পৰা কি হৈ গলা! স্বৰ পৰিৱৰ্তন দেখি আনেও উৎসাহ-উদ্দীপনা লাভ কৰে। হদৰ আৰু বেহদৰ সেৱাৰ বেলেঞ্চ (সন্তুলন) আছেনে? সেই সেৱাৰ দ্বাৰাতো হিচাপ নিষ্পত্তি হয়, সেয়া হল হদৰ সেৱা। তোমালোকতো বেহদৰ সেৱাধাৰী হোৱা। নিজৰ যিমান সেৱাৰ উৎসাহ-উদ্দীপনা থাকিব সিমানে সফলতা আহিব।

2. মাতাসকলে নিজৰ ত্যাগ আৰু তপস্যাৰ দ্বাৰা বিশ্বৰ কল্যাণ কৰাৰ নিমিত্ত হৈছা। মাতাসকলৰ ত্যাগ আৰু তপস্যাৰ বিশেষত্ব আছে। এই দুটি বিশেষত্বৰে সেৱাৰ নিমিত্ত হৈ আনকো পিতাৰ কৰি তোলা, ইয়াতে ব্যস্ত হৈ থাকানে? সংগমযুগী ব্ৰাহ্মণৰ কামেই হল সেৱা কৰা। ব্ৰাহ্মণ সেৱাৰ অবিহনে থাকিব নোৱাৰে। যেনেকৈ নামধাৰী ব্ৰাহ্মণে কথা (আখ্যান, কাহিনী) নিশ্চয় শুনাব। তেন্তে ইয়াতো কথা শুনোৱা অৰ্থাৎ সেৱা কৰা। গতিকে জগতমাতা হৈ জগতৰ বাবে ভাবা। বেহদৰ সন্তানসকলৰ বাবে ভাবা। কেৱল ঘৰত বহি নাযাবা, বেহদৰ সেৱাধাৰী হৈ সদায় আগবাঢ়ি যোৱা। হদত 63 জন্ম হৈ গল, এতিয়া বেহদৰ সেৱাত আগবাঢ়া।

বিদায়ৰ সময়ত সকলো সন্তানক স্নেহপূৰ্ণ স্মৰণ
সকলো ফালৰ স্নেহী সহযোগী সন্তানসকলক বাপদাদাৰ বিশেষ স্নেহ সম্পন্ন স্মৰণ স্বীকাৰ হওক। আজি বাপদাদাই সকলো সন্তানকে সদায় নিৰ্বিঘ্ন হৈ, বিঘ্ন বিনাশক হৈ বিশ্বক নিৰ্বিঘ্ন কৰি তোলাৰ কাৰ্যৰ বাবে শুভেচ্ছা জনাই আছে। প্ৰত্যেক সন্তানে এইটোৱে শ্ৰেষ্ঠ সংকল্প কৰে যে সেৱাত যাতে সদায় আগবাঢ়ি যায়, এইটো শ্ৰেষ্ঠ সংকল্পই সেৱাত সদায় আগবঢ়াই লৈ গৈ আছে আৰু আগবঢ়াই নি থাকিব। সেৱাৰ লগতে স্বউন্নতি আৰু সেৱাৰ উন্নতিৰ বেলেঞ্চ (সন্তুলন) ৰাখি আগবাঢ়ি যোৱা তেতিয়া বাপদাদা আৰু সকলো আত্মাৰ দ্বাৰা যাৰ নিমিত্ত হোৱা, তেওঁলোকৰ অন্তৰৰ আশীৰ্বাদ প্ৰাপ্ত হৈ থাকিব। গতিকে সদায় বেলেঞ্চৰ দ্বাৰা ব্লেচিং (আশীৰ্বাদ) লৈ আগবাঢ়ি যোৱা। স্বউন্নতি আৰু সেৱাৰ উন্নতি দুয়োটা একেলগে থকাৰ বাবে সদায় আৰু সহজে সফলতা স্বৰূপ হৈ যাবাগৈ। সকলোৱে নিজৰ নিজৰ নামত বিশেষ স্নেহপূৰ্ণ স্মৰণ স্বীকাৰ কৰিবা। অচ্ছা! ওঁম্‌ শান্তি।

বৰদান:
সকলোকে সুখবৰ শুনাওঁতা আনন্দৰ খাজনাৰে ভৰপূৰ ভঁৰাল হোৱা

সদায় নিজৰ এইটো স্বৰূপ সন্মুখত ৰাখা যে আমি আনন্দৰ খাজনাৰে ভৰপূৰ ভঁৰাল হয়। যি অগণন আৰু অবিনাশী খাজনা প্ৰাপ্ত হৈছে সেই খাজনাবোৰক স্মৃতিলৈ আনা। খাজনাক স্মৃতিলৈ আনিলে আনন্দিত হবা আৰু যত আনন্দ থাকে তত চিৰকালৰ বাবে দুখ দূৰ হৈ যায়। খাজনাৰ স্মৃতিৰে আত্মা সমৰ্থ হৈ যায়, ব্যৰ্থ সমাপ্ত হৈ যায়। ভৰপূৰ আত্মা কেতিয়াও অস্থিৰ নহয়, তেওঁ নিজেও আনন্দিত হৈ থাকে আৰু আনকো সুখবৰ শুনায়।

স্লোগান:
যোগ্য হবলৈ হলে কৰ্ম আৰু যোগৰ বেলেঞ্চ (সন্তুলন) ৰাখা।