02.04.19       Morning Assame Murli        Om Shanti      BapDada       Madhuban


"মৰমৰসন্তানসকল এতিয়াতোমা
লোকৰসকলোফালৰপৰামমত্বশেষ
হৈযোৱাউচিতকিয়নোঘৰলৈযাবলাগিব,
এনেকুৱাকোনোবিকৰ্মনহওঁক,
যাৰবাবেব্ৰাহ্মণকূলৰনামবদনামহয়

প্ৰশ্ন:
পিতাইকোনসকলসন্তানকদেখিহৰ্ষিতহয়?
কোনসকলসন্তানপিতাৰনয়নতসমাহিতহৈথাকে?

উত্তৰ:
যি সকল সন্তানে বহুতক সুখদায়ী কৰি তোলে, সেৱাধাৰী হয়, তেওঁলোকক দেখি পিতা হৰ্ষিত হয়। যি সকল সন্তানৰ বুদ্ধিত থাকে যে এজন পিতাকে কম, পিতাৰ লগতে কথা পাতিম.. এনেকুৱা সন্তান পিতাৰ নয়নত সমাহিত হৈ থাকে। বাবাই কয় - মোৰ সেৱা কৰা সন্তানসকল মোৰ অতি প্ৰিয়। এনেকুৱা সন্তানসকলক মই স্মৰণ কৰোঁ।

ওঁম্শান্তি।
অতি মৰমৰ আত্মিক সন্তানসকল, এইটোতো জানা যে আমি পিতাৰ সন্মুখত বহি আছোঁ, সেইজন পিতাই আকৌ শিক্ষকৰ ৰূপত পঢ়ায়। তেৱেঁই পতিত পাৱন সৎগতি দাতাও হয়। লগত লৈ যাওঁতাও হয় আৰু ৰাস্তাও বহুত সহজকৈ দেখুওৱাই দিয়ে। পতিতৰ পৰা পাৱন হবলৈ কোনো পৰিশ্ৰম কৰিব নিদিয়ে। য'লৈকেই নোযোৱা বিলাতলৈ ফুৰিবলৈ গলেও, কেৱল নিজকে আত্মা বুলি ভাবা। সেইয়াতো বুজি পোৱা, তথাপিও কয় নিজকে আত্মা নিশ্চয় কৰা, দেহ-অভিমানক এৰি আত্ম-অভিমানী হোৱা। আমি হৈছো আত্মা, শৰীৰ ধাৰণ কৰো ভূমিকা পালন কৰিবলৈ। এটা শৰীৰেৰে ভূমিকা পালন কৰি আকৌ আন এটা লওঁ। কাৰোবাৰ ভূমিকা 100 বছৰৰ, কাৰোবাৰ 80, কাৰোবাৰ দুবছৰৰ, কাৰোবাৰ ছমাহৰ। কোনোবাইতো জন্ম লৈয়ে মৃত্যুবৰণ কৰে। কাৰোবাৰ জন্ম লোৱাৰ আগতে গৰ্ভতেই মৃত্যু হৈ যায়। এতিয়া ইয়াৰ পুনৰ্জন্ম আৰু সত্যযুগৰ পুনজন্মৰ মাজত দিন-ৰাতিৰ পাৰ্থক্য আছে। ইয়াত গৰ্ভৰ পৰা জন্ম লয় সেয়েহে ইয়াক গৰ্ভ জেইল বুলি কোৱা হয়। সত্যযুগত গৰ্ভ জেইল নহয়। তাত বিকৰ্ম নহয়েই, ৰাৱণৰ ৰাজ্যও নাই। পিতাই সকলো কথা বুজাই আছে। বেহদৰ পিতাই বহি এই শৰীৰৰ (ব্ৰহ্মা) দ্বাৰা বুজাই আছে। এই শৰীৰৰ আত্মাইও শুনে। শুনাওঁতা জন জ্ঞানৰ সাগৰ বাবা, যি জনৰ নিজৰ শৰীৰ নাই। তেওঁক সদায় শিৱ বুলি কয়। যেনেকৈ তেওঁ পুনৰ্জন্ম ৰহিত, তেনেকৈ ভিন্ন নাম-ৰূপ ৰহিত (অৰ্থাৎ দৈহিক নাম ৰূপ নাই)। তেওঁক কোৱা হয় সদা-শিৱ। সদায় শিৱই, শৰীৰৰ কোনো নাম নাথাকে। এই শৰীৰত প্ৰৱেশ কৰে যদিও এওঁৰ (ব্ৰহ্মা) শৰীৰৰ নাম তেওঁ নলয়। তোমালোকৰ এইয়া হল বেহদৰ সন্ন্যাস। সেই সকল হল হদৰ সন্ন্যাসী। তেওঁলোকৰো নাম ভিন্ন-ভিন্ন হয়। তোমালোকৰ নামো বাবাই কিমান ভাল ভাল ৰাখিছে। ড্ৰামা (নাটক) অনুসৰি যি সকলক নাম দিয়া হল সেই সকল আতৰি হৈ গল। পিতাই বুজি পাইছে মোৰ হলা যেতিয়া নিশ্চয় থাকি যাবা, পৰিত্যাগ নকৰিবা। কিন্তু এৰি দিলে নাম ৰাখি লাভেই বা কি। সন্ন্যাসীও পুনৰ ঘৰলৈ উভতি আহিলে পুৰণা নামেৰেই চলে। ঘৰলৈ উভতিতো আহে। এনেকুৱা নহয় যে সন্ন্যাস কৰি আছে বাবে তেওঁৰ মিত্ৰ সম্বন্ধীয় আদিৰ স্মৃতি নাহে। কাৰোবাৰতো সকলো মিত্ৰ সম্বন্ধীয় আদিৰ স্মৃতি আহি থাকে। মোহত ফঁচি (বান্ধ খাই) থাকে। মোহৰ জৰীৰে বান্ধ খাই থাকে। কাৰোবাৰতো ততালিকে সংযোগ বিচ্ছিন্ন হৈ যায়। ছিঙিতো যাবই। পিতাই বুজাই আছে যে এতিয়া উভতি যাব লাগিব। পিতাই স্বয়ং বহি কৈ আছে, ৰাতিপুৱাও বাবাই কৈ আছিল নহয় জানো। চাই চাই মনত সুখ অনুভৱ হয় কিয়? নয়নত সন্তানসকল সমাহিত হৈ আছে। আত্মাসকল জ্যোতিতো হয়েই। পিতাইও সন্তানসকলক চাই-চাই আনন্দিত হয়, নহয় জানো। কিছুমানতো বহুত ভাল সন্তান হয়, চেণ্টাৰ (সেৱাকেন্দ্ৰ) চম্ভালে আৰু কিছুমান ব্ৰাহ্মণ হৈ পুনৰ বিকাৰত যায়। বিকাৰগ্ৰস্ত হয় সেয়েহে তেওঁলোক আজ্ঞা উলংঘনকাৰী হয়। সেয়েহে এই পিতাইও সেৱাধাৰী সন্তানসকলক দেখি হৰ্ষিত হয়। বেহদৰ পিতাই কয় এইজনটো কূল কলংকিত হৈ গল, ব্ৰাহ্মণ কূলৰ নাম বদনাম কৰি দিয়ে। সন্তানসকলক বুজাই থাকে, কাৰোৱেই নাম-ৰূপত ফঁচিব নালাগে, তাকো অৰ্ধকূল কলঙ্কিত বুলি কোৱা হব। অৰ্ধৰ পৰা পিছত সম্পূৰ্ণ হৈ যায়। স্বয়ং লিখে- বাবা মই অধঃপতিত হৈ গলো, মই মুখ ক'লা (বিকাৰী) কৰি পেলালো। মায়াই প্ৰৱঞ্চনা কৰিলে। মায়াৰ ধুমুহা বহুত আহে। পিতাই কয় কাম কটাৰী চলালে এয়াও ইজনে সিজনক দুখ দিলা, সেয়েহে প্ৰতিজ্ঞা কৰায়, তেজ উলিয়াইও তাৰে দীঘলীয়া পত্ৰ লিখে। আজি সেইসকল নাই। পিতাই কয় অহো মায়া! তুমি বৰ শক্তিশালী। যিসকল সন্তানে তেজেৰেও লিখি দিয়ে তুমি তেওঁলোককো খাই পেলোৱা। যেনেকৈ পিতা সমৰ্থ তেনেকৈ মায়াও সমৰ্থ হয়। আধাকল্প পিতাৰ সামৰ্থ্যৰ সম্পত্তি পোৱা যায়, আধাকল্প পুনৰ মায়াৰ দ্বাৰা সেই সামৰ্থ্য হেৰাই যায়। এয়া হ'ল ভাৰতৰ কথা। দেৱী-দেৱতা ধৰ্মাৱলম্বী সকলেই চহকীৰ পৰা ধৰুৱা হৈ পৰে। এতিয়া লক্ষ্মী-নাৰায়ণৰ মন্দিৰলৈ গলে তোমালোকতো আচৰিত হ'বা। এই পৰিয়ালৰেইতো আমি আছিলোঁ, এতিয়া আমি পঢ়ি আছো। এওঁৰ আত্মাইও বাবাৰ ওচৰত পঢ়ি আছে। আগতেতো তোমালোকে য'তে-ত'তে মূৰ দোঁৱাইছিলা। এতিয়া জ্ঞান আছে, প্ৰত্যেকৰে 84 জন্মৰ জীৱন-বৃত্তান্ত তোমালোকে জানা। প্ৰত্যেকেই নিজৰ ভূমিকা পালন কৰে।

পিতাই কয় - সন্তানসকল সদায় হৰ্ষিত হৈ থাকা। ইয়াৰ হৰ্ষিত হৈ থকাৰ সংস্কাৰ পুনৰ লগত লৈ যাবা। তোমালোকে জানানে আমি কি হমগৈ? বেহদৰ পিতাই আমাক এয়া সম্পত্তি দি আছে, অন্য কোনেও দিব নোৱাৰে। এজনো মনুষ্য নাই যিয়ে জানে যে লক্ষ্মী-নাৰায়ণ ক'লৈ গ'ল। বুজি পায় য'ৰ পৰা আহিছিল তলৈকে গুচি যায়। এতিয়া পিতাই কয় বুদ্ধিৰে বিচাৰ কৰা, ভক্তি মাৰ্গততো তোমালোকে বেদ শাস্ত্ৰ পঢ়িছা, এতিয়া মই তোমালোকক জ্ঞান শুনাই আছোঁ। তোমালোকে বিচাৰ কৰা ভক্তি শুদ্ধ নে মই কোৱাটো শুদ্ধ। পিতা ৰাম হ'ল শ্ৰেষ্ঠাচাৰী ৰাৱণ হ'ল ভ্ৰষ্টাচাৰী। প্ৰত্যেক কথাতে অসত্য কয়। এনেকৈ জ্ঞানৰ কথাবোৰৰ ক্ষেত্ৰত কোৱা হয়। তোমালোকে বুজি পাইছা প্ৰথমে আমি সকলোৱে অসত্য কৈছিলো। দান-পুণ্য আদি কৰিলেও চিৰি তললৈহে নামি আহে। তোমালোকে দিয়াও আত্মাসকলক। যি পাপাত্মাই পাপাত্মাক দিয়ে তেনেহ'লে পুণ্যাত্মা কেনেকৈ হ'ব? তাত আত্মাৰ লেন-দেন নহয়েই। ইয়াততো লাখ টকাৰো ঋণ লোৱা হয়। এই ৰাৱণ ৰাজ্যত খোজে প্ৰতি মানুহৰ দুখ। এতিয়া তোমালোক সংগমত আছা। তোমালোকৰতো খোজে প্ৰতি পদমৰ হিচাপত আছে। দেৱতাসকল পদমপতি কেনেকৈ হ'ল? এয়া কোনেও গম নাপায়। স্বৰ্গতো নিশ্চয় আছিল। স্মৃতি চিহ্ন আছে। কিন্তু তেওঁলোকে (দেৱতাসকলে) গম নাপায় যে আগৰ জন্মত কি কৰ্ম কৰাৰ ফলত এনে ৰাজ্য পালে। সেইখনতো নতুন সৃষ্টি হয় সেয়েহে অযথা চিন্তা উদয় নহয়। সেইখনক কোৱাই কোৱা হয় সুখধাম। 5 হাজাৰ বছৰৰ কথা। তোমালোকে সুখ প্ৰাপ্তিৰ কাৰণে, পবিত্ৰ হবৰ কাৰণে পঢ়া। অনেক যুক্তি উলিওৱা হয়। পিতাই কিমান ভালকৈ বুজায়, শান্তিধাম আত্মাসকলৰ নিবাস স্থান, তাক মৰমৰ ঘৰ বুলি কোৱা হয়। যেনেকৈ বিদেশৰ পৰা আহিলে, তেতিয়া বুজি পায় এতিয়া আমি নিজৰ মৰমৰ ঘৰ যাম। তোমালোকৰ মৰমৰ ঘৰ হৈছে শান্তিধাম। পিতাও শান্তিৰ সাগৰ নহয় জানো, যাৰ ভূমিকা অন্তিম সময়ত হব, গতিকে কিমান সময় শান্তিত থাকে। পিতাৰ ভূমিকা বহুত কম বুলি কোৱা হব। এই ড্ৰামাত তোমালোকৰে নায়ক- নায়িকাৰ ভূমিকা আছে। তোমালোক বিশ্বৰ মালিক হোৱাগৈ। এই নিচা কেতিয়াও অন্যৰ হব নোৱাৰে। আন কাৰো ভাগ্যত স্বৰ্গৰ সুখ নাই। এয়া তোমালোক সন্তানসকলেহে প্ৰাপ্ত কৰা। যি সকল সন্তানক পিতাই চায়, কয় বাবা আপোনাকে কওঁ, আপোনাৰ সৈতেই কথা পাতো, পিতাইও কয় মই তোমালোককেই চাই-চাই বহুত হৰ্ষিত হওঁ। মই 5 হাজাৰ বছৰৰ পিছত আহিছোঁ, সন্তানসকলক দুখ ধামৰ পৰা সুখ ধামলৈ লৈ যাওঁ কিয়নো কাম চিতাত চলি চলি জ্বলি ভস্ম হৈ পৰিছা। এতিয়া গৈ তেওঁলোকক কবৰৰ পৰা উলিয়াও। সকলো আত্মাই এতিয়া আহি উপস্থিত হৈছে। তেওঁলোকক পবিত্ৰ কৰি তুলিব লাগে।

পিতাই কয় সন্তানসকল, বুদ্ধিৰে এজন সৎগুৰুক স্মৰণ কৰা আৰু বাকী সকলোকে পাহৰি যোৱা। এজনৰ লগতে সম্বন্ধ ৰাখিব লাগে। তোমালোকে কৈছিলাও যে আপুনি আহিলে তেতিয়া আপোনাৰ বাহিৰে আন কোনো নাথাকে। আপোনাৰ মততে চলিম। শ্রেষ্ঠ হম। গোৱাও হয় উচ্চতকৈ উচ্চ ভগৱান। তেওঁৰ মতো উচ্চতকৈ উচ্চ। পিতাই নিজেই কয় - এই জ্ঞান যি এতিয়া তোমালোকক দিওঁ সেইয়া আকৌ প্ৰায় লোপ হৈ যাব। ভক্তি মাৰ্গৰ শাস্ত্ৰটো পৰম্পৰাৰ পৰা চলি আহিছে। কোৱা হয় ৰাৱণো চলি আহিছে। তেন্তে তেওঁলোকক সোধা ৰাৱণক কেতিয়াৰ পৰা জ্বলাই আহিছা, কিয় জ্বলোৱা ? একোৱে নাজানে। অৰ্থ বুজি নোপোৱাৰ কাৰণে কিমান জাক-জমক কৰে। অনেক অতিথিক নিমন্ত্ৰণ কৰে। ৰাৱণক জ্বলোৱাৰ উৎসৱ কৰে। তোমালোকে বুজি নোপোৱানে যে কেতিয়াৰ পৰা ৰাৱণৰ প্ৰতিমূৰ্তি সাজি আহিছে? দিনে-প্ৰতিদিনে ডাঙৰকৈ সাজি গৈ থাকে, এনেকৈ কয় যে এয়া পৰপম্পৰাৰ পৰা চলি আহিছে। কিন্তু এনেকুৱাতো হব নোৱাৰে। ৰাৱণক এনেকৈ কেতিয়ালৈকে জ্বলাই থাকিব। তোমালোকেতো জানা বাকী অলপ সময় আছে তাৰ পিছততো ৰাৱণৰ ৰাজ্যই নাথাকিব। পিতাই কয় - এই ৰাৱণ হৈছে সকলোতকৈ ডাঙৰ শত্ৰু, ইয়াৰ ওপৰত বিজয় প্ৰাপ্ত কৰিব লাগিব। মনুষ্যৰ বুদ্ধিত বহুত কথা আছে। তোমালোকে জানা এই ড্ৰামাত প্ৰতি চেকেণ্ডত যি চলি আহিছে, সেয়া সকলো নিৰ্ধাৰিত হৈ আছে। তোমালোকে তিথি তাৰিখ সকলো হিচাব উলিয়াব পাৰা-কিমান ঘণ্টা, কিমান বছৰ, কিমান মাহ আমি ভূমিকা পালন কৰো। এই সম্পূৰ্ণ জ্ঞান বুদ্ধিত থকা উচিত। বাবাই আমাক এইয়া বুজায়। পিতাই কয় - মই পতিত-পাৱন হওঁ। তোমালোকে মোক আহ্বান কৰা যে আহি পাৱন কৰি তোলা। পবিত্ৰ সৃষ্টি হল শান্তিধাম আৰু সুখধাম। এতিয়াতো সকলো পতিত। সদায় বাবা বাবা বুলি কৈ থাকা। এইয়া পাহৰি নাযাবা, তেতিয়া সদায় শিৱ বাবা স্মৃতিত থাকিব। এওঁ আমাৰ বাবা হয়। পোন প্ৰথমে এইয়া হল বেহদৰ বাবা। বাবা বুলি কলেই উত্তৰাধিকাৰৰ আনন্দ আহি যায়। মাথোন ভগৱান বা ঈশ্বৰ বুলি কলে কেতিয়াও এনেকুৱা বিচাৰ নাহিব। সকলোকে কোৱা-বেহদৰ পিতাই ব্ৰহ্মাৰ দ্বাৰা বুজায়। এওঁ এখেতৰ ৰথ। তেওঁৰ দ্বাৰা কয় মই তোমালোক সন্তানসকলক এনেকুৱা কৰি তোলো। এই বেজত গোটেই জ্ঞান সমাহিত হৈ আছে। অন্তিম সময়ত তোমালোকৰ এয়াই স্মৃতিত থাকিব-শান্তিধাম আৰু সুখধাম। দুখধামকতো পাহৰি যোৱা। এইয়াও জানা যে পুনৰ ক্ৰম অনুসৰি সকলোৱে নিজৰ নিজৰ সময়ত আহিব। ইছলামী, বৌদ্ধি খ্ৰীষ্টিয়ান আদি অনেক আছে। অনেক ভাষা আছে। প্ৰথমে আছিল এক ধৰ্ম পুনৰ তাৰ পৰা কিমান ওলাল।কিমান যুদ্ধ আদি লাগিছে। যুদ্ধতো সকলোৱে কৰে কিয়নো গৰাকী বিহীন হৈ যায় নহয় জানো। এতিয়া পিতাই কয় - মই তোমালোকক যি ৰাজ্য দিওঁ সেয়া কেতিয়াও কোনোৱেও তোমালোকৰ পৰা কাঢ়ি নিব নোৱাৰে। পিতাই স্বৰ্গৰ উত্তৰাধিকাৰ দিয়ে, যি কোনেও কাঢ়ি নিব নোৱাৰে। ইয়াত অখণ্ড, অচল-অটল হৈ থাকিব লাগে। মায়াৰ ধুমুহাতো নিশ্চয় আহিব। প্ৰথমে যি আগত থাকিব তেওঁতো সকলো অনুভৱ কৰিব নহয় জানো। বেমাৰ আদি সকলো চিৰকালৰ কাৰণে শেষ হ'ব, সেই কাৰণে কৰ্মৰ হিচাপ-নিকাচ, বেমাৰ আদি বেছিকৈ আহে যদিও ইয়াত ভয় কৰিব নালাগে। এই সকলোবোৰ অন্তিম সময়ৰ হয়, পুনৰ আৰু নহব। এতিয়া সকলো উথলি উঠিব। বুঢ়া সকলকো মায়াই যুৱক বনাই দিব। মনুষ্যই যেতিয়া বানপ্ৰস্থ লয় তাত মহিলা নাথাকে। সন্ন্যাসীও জংঘললৈ গুছি যায়। তাতো মহিলা নাথাকে। কাৰো ফালে নাচায়। ভিক্ষা ল'লে, গুছি গ'ল। আগতেতো স্ত্ৰীৰ ফালে একেবাৰে নাচাইছিল। ভাবে নিশ্চয় বুদ্ধি যাব। ভাই-ভনীৰ সম্বন্ধতো বুদ্ধি যায় সেই কাৰণে বাবাই কয় - ভাই-ভাই বুলি চোৱা। শৰীৰৰ নামো নাই। এয়া বহুত উচ্চ লক্ষ্য। একেবাৰে শিখৰলৈ যাব লাগিব। এয়া ৰাজধানী স্থাপন হৈ আছে। ইয়াত বহুত পৰিশ্ৰম কৰিবলগীয়া হয়। এনেকৈ কয় - আমিতো লক্ষ্মী-নাৰায়ণ হ'ম। পিতাই কয় - হোৱা। শ্ৰীমতত চলা। মায়াৰ ধুমুহাতো আহিব, কৰ্মেন্দ্ৰিয়ৰ দ্বাৰা একো কৰিব নালাগে। দেউলীয়া আদিতো এনেও হৈয়েই থাকে। এনেকুৱা নহয় যে জ্ঞানত অহাৰ কাৰণে দেউলীয়া হ'ল। এইয়াতো চলি থাকে। পিতাইতো কয় - মই আহিছোৱেই তোমালোকক পতিতৰ পৰা পাৱন কৰি তুলিবলৈ। কেতিয়াবা বহুত ভাল সেৱা কৰে, অন্যকো বুজায় পিছত দেউলীয়া হৈ পৰে.....মায়া বহুত শক্তিশালী হয়। ভাল-ভাল জনো বাগৰি পৰে। পিতাই বহি বুজায়, মোৰ সেৱা কৰা সন্তানহে মোৰ প্ৰিয় হয়। বহুতকে সুখদায়ী কৰি তোলে, এনেকুৱা সন্তানক স্মৰণ কৰি থাকোঁ। ভাল বাৰু।

অতি মৰমৰ কল্পৰ পিছত পুনৰাই লগ পোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।

ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) কাৰো নাম-ৰূপত ফঁচি কূল কলংকিত কৰিব নালাগে। মায়াৰ প্ৰবঞ্চনাত আহি ইজনে-সিজনক দুখ দিব নালাগে। পিতাৰ পৰা সামৰ্থ্যৰ আশীৰ্বাদ ল'ব লাগে।

(2) নিত্য হৰ্ষিত হৈ থকাৰ সংস্কাৰ ইয়াৰ পৰাই ধাৰণ কৰিব লাগে। এতিয়া পাপ আত্মাৰ লগত কোনো ধৰণৰ লেন-দেন কৰিব নালাগে। বেমাৰ আদিলৈ ভয় কৰিব নালাগে, সকলো হিচাপ-নিকাচ এতিয়াই নিষ্পত্তি কৰিব লাগে।

বৰদান:
পৰিস্থিতিকশিক্ষকবুলিভাবিতাৰপৰা
পাঠপঢ়োঁতাঅনুভৱীমূৰ্তহোৱা

কোনোধৰণৰ পৰিস্থিতিত ভয়ভীত হোৱাৰ সলনি অলপ সময়ৰ কাৰণে তাক শিক্ষক বুলি ভাবা। পৰিস্থিতিয়ে তোমালোকক বিশেষ দুটা শক্তিৰ অনুভৱী কৰি তোলে এটা হৈছে সহনশক্তি আৰু দ্বিতীয়টো মুখামুখি হোৱাৰ শক্তি। এই দুয়োটা পাঠ পঢ়ি লোৱা তেতিয়া অনুভৱী হৈ যাবা। যেতিয়া এনেকৈ কোৱা যে মইতো নিমিত্ত হওঁ, মোৰ একো নাই তেন্তে আকৌ পৰিস্থিতিক ভয় কিয় কৰা। নিমিত্ত মানে সকলোবোৰ পিতাক হস্তান্তৰ কৰি দিলা সেয়েহে যি হ'ব সেয়া ভালেই হ'ব এইটো স্মৃতিৰে সদায় নিচিন্ত, সমৰ্থ স্বৰূপত থাকা।

স্লোগান:
যাৰস্বভাৱমিঠাতেওঁভুলতোকাকোদুখদিবনোৱাৰে।