02.05.22 Morning Assame Murli Om Shanti BapDada Madhuban
“মৰমৰ সন্তানসকল –
শান্তি তোমালোকৰ ডিঙিৰ হাৰ, আত্মাৰ স্বধৰ্ম, সেইবাবে শান্তিৰ কাৰণে হাবাথুৰি খোৱাৰ
দৰকাৰ নাই, তোমালোক নিজৰ স্বধৰ্মত স্থিত হৈ যোৱা”
প্ৰশ্ন:
মনুষ্যই যি
কোনো বস্তু শুদ্ধ কৰিবলৈ কোনটো উপায় ৰচে আৰু পিতাই কোনটো উপায় ৰচিছে?
উত্তৰ:
মনুষ্যই যি কোনো বস্তু শুদ্ধ কৰিবলৈ তাক জুইত দিয়ে। যজ্ঞও ৰচিলে তাতো জুই জ্বলায়।
ইয়াতো পিতাই ৰুদ্ৰ যজ্ঞ ৰচিছে কিন্তু এয়া হৈছে জ্ঞান যজ্ঞ, ইয়াত সকলো আহুতি যাব।
তোমালোক সন্তানসকলে দেহ সহিত সকলো ইয়াত স্বাহা কৰা। তোমালোক যোগযুক্ত হ’ব লাগে।
যোগৰেই দৌৰ। ইয়াৰ দ্বাৰা তোমালোক প্ৰথমে ৰুদ্ৰৰ ডিঙিৰ হাৰ হ’বা আকৌ বিষ্ণুৰ ডিঙিৰ
মালাত গঁথা যাবা।
গীত:
ওঁম্ নমঃ
শিৱায়ে...
ওঁম্শান্তি।
এয়া কাৰ মহিমা
শুনিলা? পাৰলৌকিক পৰমপিতা পৰম আত্মা অৰ্থাৎ পৰমাত্মাৰ। সকলো ভক্ত অথবা সাধনা
কৰোঁতাই তেওঁক স্মৰণ কৰে। তেওঁৰ নাম আকৌ পতিত-পাৱনো হয়। সন্তানসকলে জানে ভাৰত পাৱন
আছিল। লক্ষ্মী-নাৰায়ণ আদিৰ পৱিত্ৰ প্ৰবৃত্তি মাৰ্গৰ ধৰ্ম আছিল, যাক আদি সনাতন
দেৱী-দেৱতা ধৰ্ম বুলি কোৱা হয়। ভাৰতত পৱিত্ৰতা, সুখ, শান্তি সম্পত্তি সকলো আছিল।
পৱিত্ৰতা নাথাকিলে শান্তিও নাই, সুখো নাই। শান্তিৰ কাৰণে হাবাথুৰি খাই ফুৰে। জংঘলত
ঘূৰি ফুৰে। এজনৰো শান্তি নাই কিয়নো পিতাকো নজানে, নিজকো এনেকৈ নুবুজে যে মই আত্মা,
এয়া মোৰ শৰীৰ। ইয়াৰ দ্বাৰা কৰ্ম কৰিবলগীয়া হয়। মোৰতো স্বধৰ্মই শান্ত। এয়া শৰীৰৰ
কৰ্মেন্দ্ৰিয়। আত্মাই এইটোও গম নাপায় যে আমি আত্মাসকল নিৰ্বাণধাম বা পৰমধামৰ নিবাসী।
এই কৰ্মক্ষেত্ৰত আমি শৰীৰৰ আধাৰ লৈ ভূমিকা পালন কৰোঁ। শান্তিৰ হাৰ ডিঙিতে আছে আৰু
বাহিৰত হাবাথুৰি খাই ফুৰোঁ। সুধি থাকে মনে শান্তি কেনেকৈ পাব? তেওঁলোকে এইটো গম
নাপায় যে আত্মা মন–বুদ্ধি সহিত হয়। আত্মা পৰমপিতা পৰমাত্মাৰ সন্তান। তেওঁ শান্তিৰ
সাগৰ, আমি তেওঁৰ সন্তান। এতিয়া অশান্তিতো গোটেই জগতৰে আছে নহয় জানো। সকলোৱে কয়
শান্তি হওক। এতিয়া গোটেই সৃষ্টিৰ মালিকতো এজনেই যাক “শিৱায়ে নমঃ” বুলি কয়। উচ্চতকৈও
উচ্চ ভগৱান, শিৱ কোন? এইটোও কোনো মনুষ্যই নাজানে। পূজাও কৰে, বহুতেতো আকৌ নিজকে
‘শিৱোহম’ (ময়েই শিৱ) বুলি কৈ দিয়ে। হেৰৌ শিৱতো এজনেই পিতা নহয় জানো। মনুষ্যই নিজক
শিৱ বুলি ক’লে, এইটোতো বৰ ডাঙৰ পাপ হৈ গ’ল। শিৱকেই পতিত-পাৱন বুলি কোৱা হয়। ব্ৰহ্মা,
বিষ্ণু, শঙ্কৰক অথবা কোনো মনুষ্যক পতিত-পাৱন বুলি ক’ব নোৱাৰে। পতিত-পাৱন সৎগতি দাতা
হয়েই এজন। মনুষ্যই মনুষ্যক পাৱন কৰি তুলিব নোৱাৰে কিয়নো গোটেই সৃষ্টিৰে প্ৰশ্ন (গোটেই
সৃষ্টিখনকে পাৱন কৰি তোলাৰ কথা) নহয় জানো। পিতাই বুজায় - যেতিয়া সত্যযুগ আছিল –
ভাৰত পাৱন আছিল, এতিয়া পতিত। গতিকে যিগৰাকী গোটেই সৃষ্টিক পাৱন কৰি তোলোঁতা হয়
তেওঁকহে স্মৰণ কৰিব লাগে। বাকী এইখনতো হয়েই পতিত সৃষ্টি। এনেকৈ যি কয় – ‘মহান আত্মা’,
এনেকুৱা কোনো নাই। পাৰলৌকিক পিতাকেই নাজানে। ভাৰতত শিৱ জয়ন্তীৰ গায়ন কৰা হয় গতিকে
নিশ্চয় ভাৰততেই পতিতসকলক পাৱন কৰি তুলিবলৈ আহিছে। পিতাই কয় - মই সংগমত আহোঁ, যাক
কুম্ভ বুলি কোৱা হয়। সেই পানীৰ সাগৰ আৰু নদীৰ কুম্ভ নহয়। কুম্ভ ইয়াক কোৱা হয় যেতিয়া
জ্ঞানৰ সাগৰ পতিত-পাৱন পিতা আহি সকলো আত্মাক পাৱন কৰি তোলে। এইটোও জানা যে ভাৰত
যেতিয়া স্বৰ্গ আছিল তেতিয়া এটাই ধৰ্ম আছিল। সত্যযুগত সূৰ্যবংশী ৰাজ্য আছিল আকৌ
ত্ৰেতাত চন্দ্ৰবংশী, যাৰ মহিমা হৈছে – ৰাম ৰজা, ৰাম প্ৰজা… ত্ৰেতাৰেই ইমান মহিমা আছে
তেন্তে সত্যযুগৰ তাতকৈও বেছি হ’ব। ভাৰতেই স্বৰ্গ আছিল, পৱিত্ৰ জীৱ আত্মাসকল আছিল
বাকী সকলো ধৰ্মৰ আত্মাসকল নিৰ্বাণধামত আছিল। আত্মা কি, পৰমাত্মা কি – এইটোও কোনো
মনুষ্য মাত্ৰেই নাজানে। আত্মা ইমান সূক্ষ্ম বিন্দু, তাত 84 জন্মৰ ভূমিকা নিহিত হৈ
আছে। 84 লাখ জন্মতো হ’ব নোৱাৰে। 84 লাখ জন্মত কল্প-কল্পান্তৰ ঘূৰি থাকিব, এয়াতো হ’ব
নোৱাৰে। হয়েই 84 জন্মৰ চক্ৰ, সেয়াও সকলোৰে নহয়। যিসকল প্ৰথমত আছিল তেওঁলোক শেষৰ ফালে
আহি গ’ল, আকৌ তেওঁলোক প্ৰথমত যাব। পাছত অহা সকলো আত্মা নিৰ্বাণধামত থাকে। এই
সকলোবোৰ কথা পিতাই বুজায়। তেওঁকেই বিশ্বৰ সৰ্বশক্তিমান হৰ্তা-কৰ্তা বুলি কোৱা হয়।
পিতাই কয় - মই আহি
ব্ৰহ্মাৰ দ্বাৰা সকলো বেদ শাস্ত্ৰ গীতা আদিৰ সাৰ বুজাওঁ। এই সকলোবোৰ ভক্তিমাৰ্গৰ
কৰ্মকাণ্ডৰ শাস্ত্ৰ ৰচি থোৱা আছে। মই আহি কেনেকৈ যজ্ঞ ৰচিলোঁ, এই কথাবোৰতো
শাস্ত্ৰবোৰত নাই। ইয়াৰ নামেই হৈছে “ৰাজস্ব অশ্বমেধ ৰুদ্ৰ জ্ঞান যজ্ঞ”। ৰুদ্ৰ হৈছে
শিৱ, ইয়াত সকলো স্বাহা হ’ব লাগে। পিতাই কয় – দেহ সহিত যি মিত্ৰ-সম্বন্ধীয় আদি আছে,
সেই সকলোকে পাহৰি যোৱা। একমাত্ৰ পিতাক স্মৰণ কৰা। মই সন্ন্যাসী, উদাসী, খ্ৰীষ্টান…
এই সকলোবোৰ হৈছে দেহৰ ধৰ্ম এয়া এৰি মামেকম্ (কেৱল মোক; পৰমাত্মাক) স্মৰণ কৰা।
নিৰাকাৰ নিশ্চয় শৰীৰতে আহিব নহয় জানো। তেওঁ কয় - মই প্ৰকৃতিৰ আধাৰ ল’বলগীয়া হয়। মইহে
আহি এই শৰীৰৰ দ্বাৰা নতুন সৃষ্টি স্থাপন কৰোঁ। পুৰণি সৃষ্টিৰ বিনাশ সমাগত। গায়নো কৰা
হয় - প্ৰজাপিতা ব্ৰহ্মাৰ দ্বাৰা স্থাপনা, সূক্ষ্মবতন হয়েই ফৰিস্তাসকলৰ জগত। তাত
হাড়-মঙহ নাথাকে। তাত শুভ্ৰ সূক্ষ্ম শৰীৰ থাকে, যেনেকুৱা অশৰীৰী আত্মা (ভূত) থাকে
নহয়। আত্মা যিবোৰে শৰীৰ নাপায়, তেতিয়া তেনে আত্মা দিগভ্ৰান্ত হৈ ফুৰে। ছায়া ৰূপী
শৰীৰ দেখিবলৈ পোৱা যায়, তাক ধৰিব নোৱাৰে। এতিয়া পিতাই কয় – সন্তানসকল, স্মৰণ কৰা
তেতিয়া স্মৃতিৰ দ্বাৰা তোমালোকৰ বিকৰ্ম বিনাশ হ’ব। এনেকৈ গায়নো কৰা হয় - বহুত গ’ল,
অলপ আছে… এতিয়া বাকী অলপ সময় আছে। যিমান দূৰ সম্ভৱ পিতাক স্মৰণ কৰা তেতিয়া অন্তিমৰ
স্থিতি অনুসৰিয়েই গতি হৈ যাব। গীতাত এটা দুটা শব্দ শুদ্ধকৈ লিখিছে। আটাত নিমখৰ
পৰিমাণৰ দৰে কোনো কোনো শব্দ শুদ্ধ। প্ৰথমেতো ভগৱান নিৰাকাৰ এইটো গম পাব লাগে। সেই
নিৰাকাৰ ভগৱানে আকৌ কথা কেনেকৈ কয়। কয় - সাধাৰণ ব্ৰহ্মাৰ শৰীৰত প্ৰৱেশ কৰি ৰাজযোগ
শিকাওঁ। সন্তানসকল মোক স্মৰণ কৰা। মই আহোঁৱেই এটা ধৰ্ম প্ৰতিষ্ঠা কৰি বাকী সকলো
ধৰ্ম বিনাশ কৰিবলৈ। এতিয়াতো অনেক ধৰ্ম আছে। আজিৰ পৰা 5 হাজাৰ বছৰ পূৰ্বে সত্যযুগত
এটাই আদি সনাতন দেৱী-দেৱতা ধৰ্ম আছিল। সকলো আত্মাই নিজৰ নিজৰ হিচাপ-নিকাচ নিষ্পত্তি
কৰি যায়, ইয়াক বিনাশৰ (হিচাপ-নিকাচ নিষ্পত্তি কৰাৰ) সময় বুলি কোৱা হয়। সকলোৰে দুখৰ
হিচাপ-নিকাচ নিষ্পত্তি হয়। পাপৰ কাৰণেই দুখ পোৱা যায়। পাপৰ হিচাপ নিষ্পত্তি হোৱাৰ
পাছত আকৌ পুণ্যৰ আৰম্ভ হৈ যায়। প্ৰতিটো বস্তু শুদ্ধ কৰিবলৈ জুইত দিয়া হয়। যজ্ঞ ৰচে,
তাতো জুই জ্বলায়। এয়াতো পাৰ্থিৱ (ভৌতিক) যজ্ঞ নহয়। এয়া হ’ল ৰুদ্ৰ জ্ঞান যজ্ঞ। কৃষ্ণ
জ্ঞান যজ্ঞ - এনেকৈ নকয় । কৃষ্ণই কোনো যজ্ঞ ৰচা নাই, কৃষ্ণতো ৰাজকুমাৰ আছিল। যজ্ঞ
ৰচা হয় আপদৰ সময়ত। এই সময়ত সকলোফালে আপদ নহয় জানো, বহুত মনুষ্যই ৰুদ্ৰ যজ্ঞও ৰচনা
কৰে। ৰুদ্ৰ জ্ঞান যজ্ঞ ৰচনা নকৰে। সেয়াতো ৰুদ্ৰ পৰমপিতা পৰমাত্মাহে আহি ৰচনা কৰে।
কয় - এয়া যি ৰুদ্ৰ জ্ঞান যজ্ঞ, ইয়াত সকলো আহুতি হৈ যাব। বাবাৰ আগমন হৈছে – যজ্ঞও ৰচা
হৈছে। যেতিয়ালৈকে বাদশ্বাহী স্থাপন নহয় আৰু সকলো পাৱন নহয়। ততালিকেতো সকলো পাৱন নহয়।
অন্তলৈকে যোগযুক্ত হৈ থাকা। এয়া হয়েই যোগৰ দৌৰ। পিতাক যিমান বেছি স্মৰণ কৰে, সিমান
বেগেৰে দৌৰি গৈ ৰুদ্ৰৰ ডিঙিৰ হাৰ হয়। আকৌ বিষ্ণুৰ ডিঙিৰ হাৰ হ’বগৈ। প্ৰথমে ৰুদ্ৰৰ
মালা পাছত বিষ্ণুৰ মালা। প্ৰথমে পিতাই সকলোকে ঘৰলৈ লৈ যায়, যিয়ে যিমান পুৰুষাৰ্থ কৰে
তেৱেঁই নৰৰ পৰা নাৰায়ণ, নাৰীৰ পৰা লক্ষ্মী হৈ ৰাজত্ব কৰে। অৰ্থাৎ এয়া আদি সনাতন
দেৱী-দেৱতা ধৰ্মৰ প্ৰতিষ্ঠা হৈ আছে। তোমালোকক পিতাই ৰাজযোগ শিকাই আছে। যেনেকৈ 5
হাজাৰ বছৰ পূৰ্বে শিকাইছিল আকৌ কল্পৰ পাছত শিকাবলৈ আহিছে। শিৱ জয়ন্তী অথবা
শিৱৰাত্ৰিও পালন কৰে। ৰাত্ৰি অৰ্থাৎ কলিযুগী পুৰণি সৃষ্টিৰ অন্ত, নতুন সৃষ্টিৰ আদি
(আৰম্ভণি)। সত্যযুগ ত্ৰেতা হৈছে দিন, দ্বাপৰ কলিযুগ হৈছে ৰাত্ৰি। বেহদৰ দিন
ব্ৰহ্মাৰ, বেহদৰ ৰাত্ৰি ব্ৰহ্মাৰ। কৃষ্ণৰ দিন–ৰাত্ৰি বুলি কোৱা নহয়। কৃষ্ণৰ জ্ঞানেই
নাথাকে। ব্ৰহ্মাই জ্ঞান পায় শিৱবাবাৰ পৰা। আকৌ এওঁৰ পৰা তোমালোক সন্তানসকলে পোৱা।
অৰ্থাৎ শিৱবাবাই তোমালোকক ব্ৰহ্মাৰ শৰীৰৰ দ্বাৰা জ্ঞান দি আছে। তোমালোকক
ত্ৰিকালদৰ্শী কৰি তোলে। মনুষ্য সৃষ্টিত কোনো এজনো ত্ৰিকালদৰ্শী থাকিব নোৱাৰে। যদি
থাকিলহেঁতেনে তেন্তে জ্ঞান দিলেহেঁতেন নহয় জানো। এই সৃষ্টি চক্ৰ কেনেকৈ ঘূৰে?
কেতিয়াও কোনেও এই জ্ঞান দিব নোৱাৰে।
ভগৱানতো সকলোৰে এজনেই।
কৃষ্ণক জানো সকলোৱে ভগৱান বুলি মানিব। তেওঁতো ৰাজকুমাৰ। ৰাজকুমাৰ ভগৱান হয় জানো? যদি
তেওঁ ৰাজত্ব কৰে তেতিয়া আকৌ হেৰুৱাবও লাগিব। পিতাই কয় - তোমালোকক বিশ্বৰ মালিক কৰি
তুলি মই আকৌ নিৰ্বাণধামত গৈ নিবাস কৰোঁ। আকৌ যেতিয়া দুখ আৰম্ভ হয় তেতিয়া মোৰ
ভূমিকাও আৰম্ভ হয়। মই শুনানি লওঁ, মোক কয়ো - হে দয়াময়। ভক্তিও প্ৰথমে অব্যভিচাৰী
অৰ্থাৎ একমাত্ৰ শিৱৰ কৰে তাৰপাছত দেৱতাসকলৰ আৰম্ভ কৰে। এতিয়াতো ব্যভিচাৰী ভক্তি হৈ
গ’ল। পূজাৰীয়েও এইটো নাজানে যে কেতিয়াৰ পৰা পূজা আৰম্ভ হয়। শিৱ বা সোমনাথ একেই কথা।
শিৱ হ’ল নিৰাকাৰ। সোমনাথ বুলি কিয় কয়? কিয়নো সোমনাথ পিতাই সন্তানসকলক জ্ঞান-অমৃত
পান কৰাইছে। নামতো অনেক আছে বাবুলনাথ বুলিও কয় কিয়নো বাবুলৰ যি কাঁইট আছিল তাক ফুল
কৰি তোলোঁতা, সকলোৰে সৎগতি দাতা পিতা। তেওঁক আকৌ সৰ্বব্যাপি বুলি কোৱা… এয়াতো গ্লানি
নহ’ল জানো। পিতাই কয় - যেতিয়া সংগমৰ সময় হয় তেতিয়া এবাৰেই মই আহোঁ, যেতিয়া ভক্তি
পূৰা হয় তেতিয়াহে মই আহোঁ। এইটো নিয়ম। মই আহোঁৱেই এবাৰ। পিতা এক, অৱতাৰো এক। এবাৰেই
আহি সকলোকে পৱিত্ৰ ৰাজযোগী কৰি তোলোঁ। তোমালোকৰ হৈছে ৰাজযোগ, সন্ন্যাসীসকলৰ হঠযোগ,
ৰাজযোগ শিকাব নোৱাৰে। এই হঠযোগীসকলৰো এটা ধৰ্ম আছে ভাৰতক অধিক অৱনমিত হোৱাৰ পৰা
ৰক্ষা কৰিবলৈ। পৱিত্ৰতাতো লাগে নহয়। ভাৰত 100 শতাংশ পাৱন আছিল, এতিয়া পতিত, সেইবাবে
কয় আহি পাৱন কৰি তোলক। সত্যযুগ হৈছে পাৱন জীৱ আত্মাসকলৰ সৃষ্টি। এতিয়াতো গৃহস্থ
ধৰ্ম পতিত হৈ গ’ল। সত্যযুগত গৃহস্থ ধৰ্ম পাৱন আছিল। এতিয়া পুনৰাই সেয়াই পাৱন গৃহস্থ
ধৰ্মৰ প্ৰতিষ্ঠা হৈ আছে। একমাত্ৰ পিতাহে সকলোৰে মুক্তি, জীৱনমুক্তি দাতা হয়।
মনুষ্যই মনুষ্যক মুক্তি, জীৱনমুক্তি দিব নোৱাৰে।
তোমালোক হ’লা জ্ঞান
সাগৰ পিতাৰ সন্তান। তোমালোক ব্ৰাহ্মণে সঁচা যাত্ৰা কৰাবা। বাকী সকলো হৈছে মিছা
যাত্ৰা কৰাওঁতা। তোমালোক হ’লা ডবল (দ্বৈত) অহিংসক। কোনো হিংসা নকৰা – যুদ্ধও নকৰা,
কাম কটাৰীও নচলোৱা। কামৰ ওপৰত বিজয় প্ৰাপ্ত কৰিবলৈ পৰিশ্ৰম হয়। বিকাৰবোৰক জিনিব লাগে,
তোমালোক ব্ৰহ্মাকুমাৰ কুমাৰীসকলে শিৱবাবাৰ পৰা উত্তৰাধিকাৰ লোৱা, তোমালোক পৰস্পৰ
ভাই-ভনী হ’লা। আমি এতিয়া নিৰাকাৰ ভগৱানৰ সন্তান পৰস্পৰ ভাই ভাই আকৌ ব্ৰহ্মা বাবাৰ
সন্তান – সেয়ে নিশ্চয় নিৰাকাৰী হ’ব লাগে নহয় অৰ্থাৎ বিশ্বৰ বাদশ্বাহী তোমালোকে পোৱা।
এয়া হ’ল বহুত জন্মৰ অন্তৰ জন্ম। পদুম ফুলৰ সমান পৱিত্ৰ হোৱা, তেতিয়া উচ্চ পদ পাবা।
এতিয়া পিতাৰ দ্বাৰা তোমালোক বহুত বুদ্ধিমান হৈছা। সৃষ্টিৰ জ্ঞান তোমালোকৰ বুদ্ধিত
আছে। তোমালোক হৈ গ’লা স্বদৰ্শন চক্ৰধাৰী। স্ব আত্মাৰ দৰ্শন হয় অৰ্থাৎ পৰমপিতা
পৰমাত্মাৰ পৰা জ্ঞান পোৱা যায়, যাক জ্ঞানপূৰ্ণ বুলি কয়। মনুষ্য সৃষ্টিৰ বীজৰূপ,
চৈতন্য হয়। এতিয়া জ্ঞান দিবলৈ আহিছে। এটাই বীজ, এইটোও জানে। বীজৰ পৰা বৃক্ষৰ কেনেকৈ
উৎপত্তি হয়, এয়া হৈছে ওলোটা বৃক্ষ। বীজ ওপৰত আছে। পোন-প্ৰথমে উৎপত্তি হয় দৈৱী
বৃক্ষৰ, আকৌ ইছলামী, বৌদ্ধি… বৃদ্ধি হৈ গৈ থাকে। এই জ্ঞান এতিয়া তোমালোকে পাইছা
অন্য কোনেও দিব নোৱাৰে। তোমালোকে যি শুনা, সেয়া তোমালোকৰেই বুদ্ধিত থাকিল। সত্যযুগৰ
আৰম্ভণিততো শাস্ত্ৰ নাথাকে। কিমান সহজ 5 হাজাৰ বছৰৰ কাহিনী নহয়নে। ভাল বাৰু!
অতি মৰমৰ, কল্পৰ পাছত
পুনৰাই লগ পোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত।
আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।
ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) সময় কম, বহুত গ’ল অলপ আছে… সেইবাবে যি শ্বাস বাকী আছে – পিতাৰ স্মৃতিত সফল কৰিব
লাগে। পুৰণা পাপৰ হিচাপ-নিকাচ নিষ্পত্তি কৰিব লাগে।
(2) শান্তি স্বধৰ্মত
স্থিত হ’বলৈ পৱিত্ৰ নিশ্চয় হ’ব লাগে। য’ত পৱিত্ৰতা আছে ত’ত শান্তি আছে। মোৰ
স্বধৰ্মই শান্তি, মই শান্তিৰ সাগৰ পিতাৰ সন্তান… এইটো অনুভৱ কৰিব লাগে।
বৰদান:
নম্ৰতাৰ
বিশেষত্বৰ দ্বাৰা সহজে সফলতা প্ৰাপ্ত কৰোঁতা সকলোৰে মাননীয় হোৱা
সকলোৰে মান প্ৰাপ্ত
কৰাৰ সহজ সাধন হৈছে নম্ৰ হোৱা। যিসকল আত্মাই নিজক সদায় নম্ৰতাৰ বিশেষত্বৰে চলাই থাকে
তেওঁলোকে সহজে সফলতা প্ৰাপ্ত কৰে। নম্ৰ হোৱাটোৱেই হৈছে স্বমান। নম্ৰ হোৱা মানে
নতশিৰ হোৱা নহয় কিন্তু সকলোকে নিজৰ বিশেষত্ব আৰু মৰমেৰে নতশিৰ কৰোৱা। বৰ্তমান সময়
অনুসৰি সদায় আৰু সহজে সফলতা প্ৰাপ্ত কৰাৰ এইটোৱেই মূল আধাৰ। প্ৰতিটো কৰ্ম, সম্বন্ধ
আৰু সম্পৰ্কত নম্ৰ হোৱাজনেই বিজয়ী-ৰত্ন হয়।
স্লোগান:
জ্ঞানৰ শক্তি ধাৰণ কৰি লোৱা তেতিয়া বিঘিনিবোৰ প্ৰহাৰ কৰাৰ পৰিৱৰ্তে পৰাজিত হৈ যাব।