02.06.22       Morning Assame Murli        Om Shanti      BapDada       Madhuban


মৰমৰ সন্তানসকল সত্য পিতাই তোমালোকক সকলো সত্য শুনায়, এনেকুৱা সত্য পিতাৰ সৈতে সদায় সততাৰে চলিব লাগে, ভিতৰত কোনো মিথ্যা কপটতা ৰাখিব নালাগে

প্ৰশ্ন:
সংগমযুগত তোমালোক সন্তানসকলে কোনোটো প্ৰভেদ ভালদৰে জানা?

উত্তৰ:
ব্ৰাহ্মণে কি কৰে আৰু শূদ্ৰই কি কৰে, জ্ঞান মাৰ্গ কি আৰু ভক্তি মাৰ্গ কি, সেই পাৰ্থিৱ সেনাৰ বাবে যুদ্ধক্ষেত্ৰ কোনখন আৰু আমাৰ যুদ্ধক্ষেত্ৰ কোনখন - এই সকলোবোৰ প্ৰভেদ তোমালোক সন্তানসকলেহে জানা। সত্যযুগ অথবা কলিযুগত এই প্ৰভেদক কোনেও নাজানে।

গীত:-
মাতা অ মাতা...

ওঁম্শান্তি।
এয়া হৈছে ভাৰতৰ মাতাসকলৰ মহিমা। যিদৰে পৰমপিতা পৰমাত্মা শিৱৰ মহিমা আছে। কেৱল এগৰাকী মাতাৰ মহিমাতো হ'ব নোৱাৰে। এগৰাকীয়েতো একো কৰিব নোৱাৰে। নিশ্চয় সেনাৰ প্ৰয়োজন। সেনা অবিহনে কেনেকৈ কাম হ'ব। শিৱবাবা এজন। সেই এজন নহ'লে মাতাসকলো নাথাকিব, সন্তানো নাথাকিব আৰু ব্ৰহ্মাকুমাৰ আৰু কুমাৰীসকলো নাথাকিব। সংখ্যগৰিষ্ঠতা মাতাৰ, সেইবাবে মাতাসকলৰহে মহিমা কৰা হৈছে। ভাৰতৰ মাতাসকল যিসকল শিৱশক্তি গুপ্ত সেনা আৰু অহিংসক হয়। কোনো প্ৰকাৰৰ হিংসা নকৰে। হিংসা দুই প্ৰকাৰৰ। এটা হৈছে কাম কটাৰী চলোৱা, আনটো হৈছে গুলি আদি চলোৱা, ক্ৰোধ কৰা, মাৰা আদি। এই সময়ত যিসকল পাৰ্থিৱ সেনা আছে, তেওঁলোকে দুয়োটাই হিংসা কৰে। আজিকালি বন্দুক আদি চলাবলৈ মাতাসকলকো শিকায়। তেওঁলোক হ'ল পাৰ্থিৱ সেনাৰ মাতা আৰু এয়া হৈছে আত্মিক সেনাৰ দৈৱী সম্প্ৰদায়ৰ মাতা। তেওঁলোকে কিমান কচৰৎ (ড্ৰিল) আদি শিকে। তোমালোকে কিজানি কেতিয়াও যুদ্ধক্ষেত্ৰলৈ যোৱাই নাই। তেওঁলোকে বহুত পৰিশ্ৰম কৰে। কাম বিকাৰতো যায়, এনেকুৱা কোনোবা কাচিৎহে থাকিব যি বিবাহ পাশত আবদ্ধ হোৱা নাই। সেই সেনাবাহিনীতো বহুত শিকি থাকে। সৰু সৰু ল'ৰা-ছোৱালীকো শিকায়। তেওঁলোকো সেনা, এয়াও সেনা। সেনাৰ বিষয়েতো গীতাত বৰ ভালকৈ বিস্তাৰিতভাৱে লিখা আছে। কিন্তু বাস্তৱত কি - এয়াতো তোমালোকেহে জানা যে আমি কিমান গুপ্ত। শিৱশক্তি সেনাই কি কৰে? বিশ্বৰ মালিক কেনেকৈ হয়? ইয়াক যুদ্ধক্ষেত্ৰ বুলি কোৱা হয়। তোমালোকৰ যুদ্ধক্ষেত্ৰও গুপ্ত। ক্ষেত্ৰ বুলি এই মণ্ডপক কোৱা হয়। আগতে মাতাসকল যুদ্ধক্ষেত্ৰলৈ নগৈছিল। এতিয়া ইয়াৰ পৰা পূৰা বেলেগ হয়। দুয়োপ্ৰকাৰৰ সেনাত মাতাসকল আছে। তাত সংখ্যাগৰিষ্ঠতা পুৰুষসকলৰ, ইয়াত সংখ্যাগৰিষ্ঠতা মাতাসকলৰ। জ্ঞান মাৰ্গ আৰু ভক্তি মাৰ্গৰ প্ৰভেদ আছে নহয়। এইটো অন্তিম প্ৰভেদ। সত্যযুগত প্ৰভেদৰ কথা নাথাকে। বাবা আহি প্ৰভেদ শুনায়। ব্ৰাহ্মণে কি কৰে আৰু শূদ্ৰই কি কৰে? দুয়ো ইয়াত যুদ্ধক্ষেত্ৰত আছে। সত্যযুগ বা কলিযুগৰ কথা নহয়। এয়া হৈছে সংগমযুগৰ কথা। তোমালোক পাণ্ডৱসকল হৈছা সংগমযুগী। কৌৰৱসকল হৈছে কলিযুগী। তেওঁলোকে কলিযুগৰ সময় বহুত দীঘলীয়া কৰি দিছে। সেইবাবে তেওঁলোকে সংগমৰ বিষয়ে গমেই নাপায়। লাহে লাহে এই জ্ঞানো তোমালোকৰ দ্বাৰা বুজিব। গতিকে এগৰাকী মাতাৰ মহিমা নহয়। এয়া হৈছে শক্তিসেনা। উচ্চতকৈও উচ্চ হৈছে একমাত্ৰ ভগৱান আৰু তোমালোক হৈছা হুবহু কল্প পূৰ্বৰ সেনা। এই ভাৰতক দৈৱী ৰাজস্থান কৰি তোলা, এয়া তোমালোকৰহে কাম।

তোমালোকে জানা যে আমি প্ৰথমে সূৰ্যবংশী আছিলোঁ আকৌ চন্দ্ৰবংশী, বৈশ্যবংশী হলোঁ। কিন্তু মহিমা সূৰ্যবংশীৰেই কৰিব। আমি পুৰুষাৰ্থই এনেকুৱা কৰি আছোঁ যাতে আমি প্ৰথমে সূৰ্যবংশী অৰ্থাৎ স্বৰ্গলৈ আহোঁ। সত্যযুগক স্বৰ্গ বুলি কোৱা হয়। ত্ৰেতাক বাস্তৱত স্বৰ্গ বুলি কোৱা নহয়। এনেকৈ কয়ো যে অমুক স্বৰ্গলৈ গ'ল। এনেকৈ নকয় অমুক ত্ৰেতাত ৰাম-সীতাৰ ৰাজ্যলৈ গ'ল। ভাৰতবাসীয়ে জানে যে বৈকুণ্ঠত শ্ৰীকৃষ্ণৰ ৰাজ্য আছিল। কিন্তু শ্ৰীকৃষ্ণক দ্বাপৰত লৈ গৈছে। মনুষ্যই সত্যৰ বিষয়ে গমেই নাপায়। সত্য কওঁতা কোনো সৎগুৰু তেওঁলোকে পোৱাই নাই, তোমালোকে পাইছা। তেওঁ সকলো সত্য কয় আৰু সঁচা কয়। সন্তানসকলক কয়, সন্তানসকল, তোমালোকে কেতিয়াও মিথ্যাচাৰ কপটালি নকৰিবা। তোমালোকৰ একোৱে লুকাই নাথাকিব। যিয়ে যেনেকুৱা কৰ্ম কৰে, তেনেকুৱা (ফল) পায়। পিতাই ভাল কৰ্ম শিকায়। ঈশ্বৰৰ ওচৰত কাৰো বিকৰ্ম লুকাই থাকিব নোৱাৰে। কৰ্মভোগো বহুত কাঢ়া হয়। যদিওবা এইটো তোমালোকৰ অন্তিম জন্ম তথাপি শাস্তিতো খাব লাগিব কিয়নো অনেক জন্মৰ হিচাপ-নিকাচ নিষ্পত্তি হ'ব লাগে। বাবাই বুজাইছে কাশীত আপোনঘাতী হলে তেতিয়াও যেতিয়ালৈকে প্ৰাণ ওলাই নাযায় তেতিয়ালৈকে কৰ্মভোগ ভোগ কৰিবলগীয়া হয়। বহুত কষ্ট সহ্য কৰিবলগীয়া হয়। কৰ্মভোগ এটাতো হৈছে বেমাৰ আদিৰ আনটো আকৌ হৈছে বিকৰ্মৰ শাস্তি। সেই সময়ত একো কব নোৱাৰে, চিঞৰি থাকে। ত্ৰাহি ত্ৰাহি কৰে। পাপ আত্মাসকলে ইয়াতো শাস্তি তাতো শাস্তি পায়। সত্যযুগত পাপ নহয়েই। আদালতো নাথাকে, বিচাৰকো নাথাকে আৰু, গৰ্ভ কাৰাগাৰৰ শাস্তিও নাথাকে। তাত গৰ্ভ মহল হয়। দেখুৱায়ো যে আহতৰ পাতত কৃষ্ণই আঙুলি চুহি আহিল। সেয়া গৰ্ভ মহলৰ কথা। সত্যযুগত সন্তান বৰ আৰামত জন্ম হয়। আদি-মধ্য-অন্ত সুখেই সুখ। এইখন সৃষ্টিত আদি-মধ্য-অন্ত দুখেই দুখ। তোমালোকে এতিয়া সুখৰ সৃষ্টিত যাবৰ বাবে পাঠ পঢ়ি আছা। এই গুপ্ত সেনা বৃদ্ধি হৈ গৈ থাকিব। যিয়ে যিমানে বহুতক মাৰ্গ দৰ্শন কৰাব তেওঁলোকে উচ্চ পদ পাব। স্মৃতিত থকাৰ পৰিশ্ৰম কৰিব লাগে। বেহদৰ যি উত্তৰাধিকাৰ পাইছিলা সেয়া এতিয়া হেৰুৱালা। আকৌ এতিয়া পাই আছা। লৌকিক পিতা আৰু পাৰলৌকিক পিতা দুয়োজনকে স্মৰণ কৰে। সত্যযুগত একমাত্ৰ লৌকিকক স্মৰণ কৰে, পাৰলৌকিক স্মৰণ কৰাৰ প্ৰয়োজনেই নাই। তাত সুখেই সুখ। এই জ্ঞানো ভাৰতবাসীৰ বাবে, অন্য ধৰ্মাৱলম্বীৰ বাবে নহয়। কিন্তু যিসকল অন্য ধৰ্মলৈ ধৰ্মান্তৰিত হৈ গৈছে তেওঁলোক ওলাই আহিব। আহি যোগ শিকিব। যোগৰ ওপৰত বুজাবলৈ তোমালোকে নিমন্ত্ৰণ পোৱা গতিকে প্ৰস্তুতি চলাব লাগে। বুজাব লাগে যে আপোনালোকে ভাৰতৰ প্ৰাচীন যোগ পাহৰি গৈছে? ভগৱানে কয় মনমনাভৱ (নিজক আত্মা বুলি বুজি মোক স্মৰণ কৰা)। পৰমপিতা পৰমাত্মাই নিৰাকাৰী সন্তানসকলক কয় যে মোক স্মৰণ কৰা তেতিয়া তোমালোক মোৰ ওচৰলৈ আহিবা। তোমালোক আত্মাই এই কৰ্মেন্দ্ৰিয়ৰে শুনা। মই আত্মাই এওঁৰ কৰ্মেন্দ্ৰিয়ৰ আধাৰত শুনাওঁ। মই সকলোৰে পিতা। মোৰ মহিমা সকলোৱে গায়ন কৰে - সৰ্বশক্তিমান জ্ঞানৰ সাগৰ, সুখৰ সাগৰ আদি আদি। এই বিষয়টিও ভাল। শিৱ পৰমাত্মাৰ মহিমা আৰু কৃষ্ণৰ মহিমা শুনোৱা। এতিয়া বিচাৰ কৰা যে গীতাৰ ভগৱান কোন? এইটো শক্তিশালী বিষয়। ইয়াৰ ওপৰত তোমালোকে বুজাব লাগে। কোৱা, আমি অধিক সময় নলওঁ। এক মিনিট দিয়ক তেতিয়াও ঠিক। ভগৱানুবাচ (ভগৱানে কয়) মনমনাভৱ, মামেকম্‌ (কেৱল মোক; পৰমাত্মাক) স্মৰণ কৰা তেতিয়া স্বৰ্গৰ উত্তৰাধিকাৰ পাবা। এয়া কোনে কলে? নিৰাকাৰ পৰমাত্মাই ব্ৰহ্মাৰ শৰীৰৰ দ্বাৰা ব্ৰাহ্মণ সন্তানসকলক কলে, ইয়াকেই পাণ্ডৱ সেনা বুলিও কয়। আত্মিক যাত্ৰাত লৈ যাবৰ বাবে তোমালোক পাণ্ডা হোৱা। বাবাই নিবন্ধ দিয়ে। তেওঁলোকক আকৌ কেনেকৈ পৰিশোধিত (ৰিফাইন) কৰি বুজাওঁ, গতিকে সন্তানসকলে চিন্তন কৰিব লাগে। পিতাক স্মৰণ কৰিলেহে মুক্তি-জীৱনমুক্তিৰ উত্তৰাধিকাৰ পাবা। আমি ব্ৰহ্মাকুমাৰ আৰু কুমাৰী হওঁ। বাস্তৱত আপোনালোকো হয় কিন্তু আপোনালোকে পিতাৰ পৰিচয় পোৱা নাই। তোমালোক সন্তানসকল এতিয়া পৰমপিতা পৰমাত্মাৰ দ্বাৰা দেৱতা হৈ আছা। ভাৰততে লক্ষ্মী-নাৰায়ণৰ ৰাজ্য আছিল। সৰু সৰু ল'ৰা-ছোৱালীয়ে উচ্চ স্বৰত ডাঙৰ ডাঙৰ সভাত বুজালে তেতিয়া কিমান প্ৰভাৱ পৰিব। বুজিব যে জ্ঞানতো এওঁলোকৰহে আছে। ভগৱানৰ মাৰ্গ-দৰ্শন এওঁলোকে কৰায়। নিৰাকাৰ পৰমাত্মাইহে কয় - হে আত্মাসকল মোক স্মৰণ কৰা তেতিয়া তোমালোকৰ বিকৰ্ম বিনাশ হ'ব। গঙ্গা স্নান, তীৰ্থ আদি জন্মজন্মান্তৰ কৰি কৰি পতিতহে হৈ আহিলা। ভাৰতৰে আৰোহণ কলা, অৱৰোহণ কলা। পিতাই ৰাজযোগ শিকাই আৰোহণ কলা অৰ্থাৎ স্বৰ্গৰ মালিক কৰি তোলে আকৌ মায়া ৰাৱণে নৰকৰ মালিক কৰি দিয়ে গতিকে অৱৰোহণ কলা বুলি কোৱা হব নহয় জানো। জন্মৰ পাছত জন্ম অলপ অলপ অৱৰোহণ কলা হৈ গৈ থাকে। জ্ঞান হৈছে আৰোহণ কলা। ভক্তি হৈছে অৱৰোহণ কলা। এনেকৈ কয়ো যে ভক্তিৰ পাছত আকৌ ভগৱানক পাবা। তেন্তে ভগৱানেই জ্ঞান দিব নহয় জানো। তেৱেঁই জ্ঞানৰ সাগৰ হয়। জ্ঞান ৰূপী কাজল সৎগুৰুৱে দিলে, অজ্ঞান অন্ধকাৰ বিনাশ হল। সৎগুৰুতো একমাত্ৰ পৰমপিতা পৰমাত্মাহে হয়। মহিমা সৎগুৰুৰ হয় গুৰুৰ নহয়। গুৰু লোকতো অনেক আছে। সৎগুৰুতো এজন। তেৱেঁই সৎগতি দাতা পতিত-পাৱন, মুক্তিদাতা। তোমালোক সন্তানসকলে ভগৱানৰ বাণী শুনা। মামেকম্‌ স্মৰণ কৰিলে তোমালোক আত্মাসকল, শান্তিধামলৈ গুচি যাবা। সেইখন হৈছে শান্তিধাম, সেইখন হৈছে সুখধাম আৰু এইখন হৈছে দুখধাম। কি ইমাখিনিও নুবুজা! পিতাহে আহি পতিত সৃষ্টিক পাৱন সৃষ্টি কৰি তোলে।

তোমালোকে জানা বেহদৰ সুখ দিওঁতা বেহদৰ পিতাহে হয়। বেহদৰ দুখ ৰাৱণে দিয়ে। ৰাৱণ হৈছে ঘোৰ শত্ৰু। এইটোও কোনেও গম নাপায় যে ৰাৱণ ৰাজ্যক পতিত ৰাজ্য বুলি কিয় কোৱা হয়। এতিয়া পিতাই আমাক সকলো ৰহস্য বুজাইছে। প্ৰত্যেকৰে মাজত এই 5-5 (পুৰুষৰ 5, স্ত্ৰীৰ 5) বিকাৰ প্ৰৱেশ কৰিছে, সেয়ে 10টা শিৰৰ ৰাৱণ সাজে। এইটো কথা বিদ্বান, পণ্ডিতে নাজানে। এতিয়া পিতাই বুজাইছে ৰামৰাজ্য কেতিয়াৰ পৰা কিমানলৈ চলে। এয়া বেহদৰ ইতিহাস-ভূগোল বুজায়। ৰাৱণ হৈছে ভাৰতৰ বেহদৰ শত্ৰু। ৰাৱণে কিমান দুৰ্গতি কৰিছে। ভাৰতেই স্বৰ্গ আছিল যিটো পাহৰি গৈছে।

এতিয়া তোমালোক সন্তানসকলে পিতাৰ শ্রীমত পোৱা - সন্তানসকল পিতাক স্মৰণ কৰা। অল্‌ফ (পিতা) আৰু বে (বাদশ্বাহী)। পৰমপিতা পৰমাত্মাই স্বৰ্গ স্থাপনা কৰে। ৰাৱণে আকৌ নৰক স্থাপনা কৰে। তোমালোকেতো স্বৰ্গ স্থাপনা কৰা পিতাক স্মৰণ কৰিব লাগে। লাগিলে গৃহস্থ ব্যৱহাৰত থাকা, বিবাহ আদিলৈও যোৱা। যেতিয়াই সময় পোৱা পিতাক স্মৰণ কৰা। শৰীৰ নিৰ্বাহৰ অৰ্থে কৰ্ম কৰিও যাৰ সৈতে তোমালোকৰ বাগদান হৈছে, তেওঁক স্মৰণ কৰিব লাগে। যেতিয়ালৈকে তেওঁৰ ঘৰলৈ নোযোৱা তেতিয়ালৈকে তোমালোকে লাগিলে সকলো কৰ্তব্যও কৰি থাকা, কিন্তু বুদ্ধিৰে পিতাক পাহৰি নাযাবা। ভাল বাৰু!

অতি মৰমৰ, কল্পৰ পাছত পুনৰাই লগ পোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।

ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) শাস্তিৰ পৰা ৰক্ষা পাবলৈ নিজৰ সকলো হিচাপ-নিকাচ নিষ্পত্তি কৰিব লাগে। সত্য পিতাৰ পৰা একো লুকুৱাব নালাগে। মিথ্যা কপটতা ত্যাগ কৰিব লাগে। স্মৃতিৰ যাত্ৰাত থাকিব লাগে।

(2) যেনেকৈ পিতাই অপকাৰীৰো উপকাৰ কৰে তেনেকৈ সকলোৰে উপকাৰ কৰিব লাগে। সকলোকে পিতাৰ সত্য পৰিচয় দিব লাগে।

বৰদান:
ঈশ্বৰীয় সংস্কাৰসমূহক কাৰ্যত খটুৱাই সফল কৰোঁতা সফলতামূৰ্ত হোৱা

যিসকল সন্তানে নিজৰ ঈশ্বৰীয় সংস্কাৰসমূহক কাৰ্যক খটুৱায় তেওঁলোকৰ ব্যৰ্থ সংকল্প স্বতঃ সমাপ্ত হৈ যায়। সফল কৰা মানে ৰাহি কৰা বা বঢ়োৱা। এনেকুৱা নহয় যে পুৰণা সংস্কাৰেই ব্যৱহাৰ কৰি থাকিবা আৰু ঈশ্বৰীয় সংস্কাৰসমূহক বুদ্ধি ৰূপী দেৰাজত (লকাৰত) ৰাখি থবা, যিদৰে বহুতৰে ভাল বস্তু বা টকা বেংক অথবা আলমাৰিত ৰাখি থোৱাৰ অভ্যাস থাকে, পুৰণি বস্তুৰ প্ৰতি মৰম থাকে, তাকেই ব্যৱহাৰ কৰি থাকে। ইয়াত এনেকুৱা নকৰিবা, ইয়াততো মনেৰে, বাণীৰে, শক্তিশালী বৃত্তিৰে নিজৰ সকলো সফল কৰা তেতিয়া সফলতামূৰ্ত হৈ যাবা।

স্লোগান:
পিতা আৰু মই এই ছত্ৰছায়া লগত থাকিলে তেতিয়া কোনো বিঘিনি তিষ্ঠি থাকিব নোৱাৰে।

"সকলো ব্ৰাহ্মণ সন্তানৰ প্ৰতি বিশেষ মনোযোগ - পৰমাত্ম মহাবাক্য"

এক বল এক ভৰসা অৰ্থাৎ সদায় নিশ্চয়তা থাকিব লাগে যে যি সাকাৰৰ মুৰুলী আছে, সেয়াই মুৰুলী যি মধুবনৰ পৰা শ্রীমত পোৱা যায় সেয়াই শ্রীমত, পিতাক কেৱল মধুবনৰ বাহিৰে অন্য কতো সাক্ষাৎ কৰিব নোৱাৰে। সদায় একমাত্ৰ পিতাই দিয়া শিক্ষাৰ প্ৰতি নিশ্চয়তা থাকিব লাগে। মধুবনৰ পৰা যি পঢ়াৰ পাঠ পঠিওৱা হয় সেয়াই পাঠ্যক্ৰম, অন্য কোনো পাঠ্যক্ৰম নাই। যদি কৰবাত ভোগ আদিৰ সময়ত সন্দেশীৰ দ্বাৰা বাবাৰ ভূমিকা চলে তেন্তে সেয়া একেবাৰে ভুল, এয়াও মায়া, ইয়াক এক বল এক ভৰসা বুলি কোৱা নহব। মধুবনৰ পৰা যি মুৰুলী পঠিওৱা হয় তাৰ ওপৰত ধ্যান দিয়া নহ'লে অন্য ৰাস্তাৰে গুচি যাবা। মধুবনতে বাবাই মুৰুলী শুনায়, মধুবনলৈকে বাবা আহে সেইবাবে প্ৰত্যেক সন্তান এই ক্ষেত্ৰত সাৱধান হবা, নহ'লে মায়াই প্ৰবঞ্চনা কৰি দিব।