02.07.20       Morning Assame Murli        Om Shanti      BapDada       Madhuban


"মৰমৰ সন্তানসকল তোমালোকে এতিয়া ভৱিষ্যৎ 21 জন্মৰ কাৰণে ইয়াতেই পঢ়া পঢ়িব লাগে, কাঁইটৰ পৰা সুগন্ধিত ফুল হ'ব লাগে, দৈৱীগুণ ধাৰণ কৰিব আৰু কৰাব লাগে

প্ৰশ্ন:
কোনসকল সন্তানৰ বুদ্ধিৰ তলা একাদিক্ৰমে খুলি গৈ থাকে?

উত্তৰ:
যিসকলে শ্ৰীমতত চলি থাকে। পতিত-পাৱন পিতাৰ স্মৃতিত থাকে। পাঠ পঢ়াওঁতাজনৰ সৈতে যিসকল যোগযুক্ত হৈ থাকে তেওঁলোকৰ বুদ্ধিৰ তলা খুলি গৈ থাকে। বাবাই কয় - সন্তানসকল, অভ্যাস কৰা আমি আত্মাসকল ভাই ভাই হওঁ, আমি পিতাৰ পৰা শুনোঁ। দেহী-অভিমানী হৈ শুনা আৰু শুনোৱা তেতিয়া তলা খুলি গৈ থাকিব।

ওঁম্শান্তি।
পিতাই সন্তানসকলক বুজায়, যেতিয়া ইয়াত বহা তেতিয়া এনেকুৱাও নহয় যে কেৱল শিৱবাবাৰ স্মৃতিত থাকিব লাগে। সেয়া হৈ যাব কেৱল শান্তি আকৌ সুখো লাগে। তোমালোকে শান্ত হৈ থাকিব লাগে আৰু স্বদৰ্শন চক্ৰধাৰী হৈ ৰাজত্বকো স্মৰণ কৰিব লাগে। তোমালোকে পুৰুষাৰ্থ কৰাই নৰৰ পৰা নাৰায়ণ অথবা মনুষ্যৰ পৰা দেৱতা হ'বৰ কাৰণে। ইয়াত কাৰোবাৰ লাগিলে যিমানেই দৈৱীগুণ নাথাকক তথাপিও তেওঁক দেৱতা বুলি কোৱা নহব। দেৱতাসকল স্বৰ্গতহে থাকে। জগতৰ মনুষ্যই স্বৰ্গৰ বিষয়ে গমেই নাপায়। তোমালোক সন্তানসকলে জানা নতুন সৃষ্টিক স্বৰ্গ, পুৰণি সৃষ্টিক নৰক বুলি কোৱা হয়। এয়াও ভাৰতবাসীয়েহে জানে। যিসকল দেৱতাই সত্যযুগত ৰাজত্ব কৰিছিল তেওঁলোকৰ চিত্ৰও ভাৰততেই আছে। এয়া হৈছে আদি সনাতন দেৱী-দেৱতা ধৰ্মৰ। আকৌ তেওঁলোকৰ চিত্ৰ পূজাৰ কাৰণে বাহিৰলৈ লৈ যায়। বাহিৰত য'লৈকে যায় তাত মন্দিৰ নিৰ্মাণ কৰে। প্ৰত্যেক ধৰ্মৰ লোকসকলে য'লৈকে যায় তেতিয়া নিজৰ চিত্ৰকহে পূজা কৰে। যিবিলাক গাঁৱৰ ওপৰত বিজয় প্ৰাপ্ত কৰে তাত গৈ চাৰ্চ (গীৰ্জা) আদি নিৰ্মাণ কৰে। প্ৰত্যেক ধৰ্মৰে পূজাৰ কাৰণে নিজৰ নিজৰ চিত্ৰ আছে। আগতে তোমালোকেও নাজানিছিলা যে আমিয়েই দেৱী-দেৱতা আছিলোঁ। নিজকে বেলেগ বুলি ভাবি তেওঁলোকৰ পূজা কৰিছিলা। অন্য ধৰ্মৰ লোকসকলে পূজা কৰে তেওঁলোকে জানে যে আমাৰ ধৰ্মৰ প্ৰতিষ্ঠাপক ক্ৰাইষ্ট (যীশুখ্ৰীষ্ট) হয়, আমি খ্ৰীষ্টান হয় অথবা বৌদ্ধী হয়। এই হিন্দু লোকসকলে নিজৰ ধৰ্মক নজনাৰ কাৰণে নিজকে হিন্দু বুলি কৈ দিয়ে আৰু দেৱতাসকলক পূজা কৰে। এইটোও বুজি নাপায় যে আমি আদি সনাতন দেৱী-দেৱতা ধৰ্মৰ হওঁ। আমি নিজৰ জেষ্ঠসকলক পূজা কৰোঁ। খ্ৰীষ্টানসকলে এজন ক্ৰাইষ্টকে পূজে। ভাৰতবাসীয়ে এইটো নাজানে যে আমাৰ ধৰ্ম কোনটো? সেয়া কোনে কেতিয়া প্ৰতিষ্ঠা কৰিছিল? পিতাই কয় - এই ভাৰতৰ আদি সনাতন দেৱী-দেৱতা ধৰ্ম যেতিয়া প্ৰায়ঃ লোপ হৈ যায় তেতিয়া মই আহোঁ পুনৰাই প্ৰতিষ্ঠা কৰিবলৈ। এই জ্ঞান এতিয়া তোমালোক সন্তানসকলৰ বুদ্ধিত আছে। আগতে একোৱেই জনা নাছিলা। একো নুবুজাকৈয়ে ভক্তি মাৰ্গত চিত্রবোৰৰ পূজা কৰি আছিলা। এতিয়া তোমালোকে জানা যে আমি ভক্তি মাৰ্গত নাই। এতিয়া তোমালোক ব্ৰাহ্মণ কুল ভূষণসকল আৰু শূদ্ৰ কুলৰসকলৰ মাজত ৰাতি-দিনৰ পাৰ্থক্য আছে। সেয়াও তোমালোকে এই সময়ত বুজি পোৱা। সত্যযুগত নুবুজা। এই সময়তেই তোমালোকে বোধশক্তি পোৱা। পিতাই আত্মাসকলক বোধশক্তি দিয়ে। পুৰণি সৃষ্টি আৰু নতুন সৃষ্টিৰ বিষয়ে তোমালোক ব্ৰাহ্মণসকলেহে গম পোৱা। পুৰণি সৃষ্টিত অনেক মনুষ্য আছে। ইয়াততো মনুষ্যই কিমান কাজিয়া-পেচাল কৰি থাকে। এইখন হয়েই কাঁইটৰ জংঘল। তোমালোকে জানা যে আমিও কাঁইট আছিলোঁ। এতিয়া পিতাই আমাক ফুল কৰি গঢ়ি আছে। কাঁইটে এই সুগন্ধিত ফুলবোৰক নমন কৰে। এইটো ৰহস্য এতিয়া তোমালোকে জানা। আমিয়েই দেৱতা আছিলোঁ যিসকল আহি আকৌ সুগন্ধিত ফুল (ব্ৰাহ্মণ) হৈছোঁ। পিতাই বুজাইছে যে এয়া ড্ৰামা হয়। আগতে এই ড্ৰামা, বায়স্কোপ (চিনেমা) আদি নাছিল। এয়াও এতিয়াহে তৈয়াৰ হৈছে। কিয় তৈয়াৰ কৰা হৈছে? কিয়নো যাতে পিতাৰ দৃষ্টান্ত দিবলৈ সহজ হয়। সন্তানসকলেও বুজিব পাৰে। এই চাইন্সো (বিজ্ঞানো) তোমালোক সন্তানসকলে শিকিব লাগিব নহয় জানো। বুদ্ধিত এই সকলোবোৰ চাইন্সৰ সংস্কাৰ লৈ যাবা যি আকৌ তাত কামত আহিব। সৃষ্টিখনতো একেবাৰে শেষতো হৈ নাযায়। সংস্কাৰ লৈ গৈ পুনৰ জন্ম লয়। বিমান আদিও তৈয়াৰ কৰে। যিবোৰ কামৰ বস্তু তাৰ (স্বৰ্গৰ) লায়ক হয় সেইবোৰ তৈয়াৰ হয়। ষ্টীমাৰ (পানীজাহাজ) তৈয়াৰ কৰোঁতাসকলো থাকে কিন্তু ষ্টীমাৰতো তাত কামত নাহিব। লাগিলে কোনোবাই জ্ঞান লওঁক বা নলওঁক কিন্তু তেওঁলোকৰ সংস্কাৰ কামত নাহিব। তাত ষ্টীমাৰ আদিৰ দৰকাৰেই নাই। ড্ৰামাত নাই। অৱশ্যে হয় বিমানৰ, বিজুলীৰ আদিৰ দৰকাৰ থাকিব। সেইবোৰৰ ইনভেনশ্বন (আৱিস্কাৰ) কৰি থাকে। তাৰপৰা সন্তানসকলে শিকি আহে। এই সকলোবোৰ কথা তোমালোক সন্তানসকলৰ বুদ্ধিতহে আছে।

তোমালোকে জানা যে আমি পঢ়োঁৱেই নতুন সৃষ্টিৰ কাৰণে। বাবাই আমাক ভৱিষ্যৎ 21 জন্মৰ কাৰণে পঢ়ায়। আমি স্বৰ্গবাসী হ'বৰ কাৰণে পবিত্র হৈ আছোঁ। আগতে নৰকবাসী আছিলোঁ। মনুষ্যই কয়ো যে অমুক স্বৰ্গবাসী হ'ল। কিন্তু আমি নৰকত আছোঁ এইটো বুজি নাপায়। বুদ্ধিৰ তলা খোল নাখায়। তোমালোক সন্তানসকলৰ এতিয়া লাহে লাহে তলা খুলি গৈ থাকে, একাদিক্ৰমে। তলা সেইসকলৰ খুলিব যিসকলে শ্ৰীমতত চলিবলৈ লাগি যাব আৰু পতিত-পাৱন পিতাক স্মৰণ কৰিব। পিতাই জ্ঞানো দিয়ে আৰু স্মৰণ কৰিবলৈও শিকায়। শিক্ষক নহয় জানো।গতিকে শিক্ষকে নিশ্চয় পঢ়াব। যিমান শিক্ষক আৰু পঢ়াৰ সৈতে যোগযুক্ত হৈ থাকিব সিমান উচ্চ পদ পাব। সেই পঢ়াততো যোগযুক্ত হৈ থাকেই। এইটো জানে যে বেৰিষ্টাৰী পঢ়ায়। ইয়াত পিতাই পঢ়ায়। এইটোও পাহৰি যায় কিয়নো নতুন কথা নহয় জানো। দেহক স্মৰণ কৰাতো বহুত সহজ। বাৰে বাৰে দেহ স্মৃতিত আহি যায়। আমি আত্মা হওঁ এইটো পাহৰি যায়। আমাক; আত্মাসকলক পিতাই বুজায়। আমি আত্মাসকল ভাই ভাই হওঁ। পিতাইতো জানে যে মই পৰমাত্মা হওঁ, আত্মাসকলক শিকায় যে নিজক আত্মা বুলি বুজা আৰু অন্য আত্মাসকলক বহি শিকোৱা। এই আত্মাই কাণেৰে শুনে, শুনাওঁতাজন হৈছে পৰমপিতা পৰমাত্মা। তেওঁক চুপ্ৰীম (পৰম) আত্মা বুলি কোৱা হব। তোমালোকে যেতিয়া কাৰোবাক বুজোৱা তেতিয়া এইটো বুদ্ধিত উদয় হব লাগে যে মোৰ আত্মাত জ্ঞান আছে, আত্মাক এয়া শুনাওঁ। মই পিতাৰ পৰা যি শুনিছোঁ সেয়া আত্মাসকলক শুনাওঁ। এয়া হৈছে একেবাৰে নতুন কথা। তোমালোকে যেতিয়া অন্যক পঢ়োৱা তেতিয়া দেহী-অভিমানী হৈ নপঢ়োৱা, পাহৰি যোৱা। লক্ষ্য আছে নহয় জানো। বুদ্ধিত এইটো স্মৃতি ৰাখিব লাগে - মই আত্মা অবিনাশী হওঁ। মই আত্মাই এই কৰ্মেন্দ্ৰিয়ৰ দ্বাৰা ভূমিকা পালন কৰি আছোঁ। তোমালোক আত্মাসকল শূদ্ৰ কুলত আছিলা, এতিয়া ব্ৰাহ্মণ কুলত আছা। পুনৰ দেৱতা কুললৈ যাম। তাত শৰীৰো পবিত্র পাবা। আমি আত্মাসকল ভাই ভাই হওঁ। পিতাই সন্তানসকলক পঢ়ায়। সন্তানসকলে আকৌ কব - আমি ভাই ভাই হওঁ, ভাইসকলক পঢ়াওঁ। আত্মাকেই বুজায়। আত্মাই শৰীৰৰ দ্বাৰা শুনে। এয়া অতি সূক্ষ্ম কথা। স্মৃতিত উদয় নহয়। আধাকল্প তোমালোক দেহ-অভিমানত থাকিলা। এই সময়ত তোমালোক দেহী-অভিমানী হৈ থাকিব লাগে। নিজকে আত্মা বুলি নিশ্চয় কৰিব লাগে, আত্মা বুলি নিশ্চয় কৰি বহা। আত্মা বুলি নিশ্চয় কৰি শুনা। পৰমপিতা পৰমাত্মাইহে শুনায় সেই কাৰণেতো কয় নহয় যে - আত্মা পৰমাত্মা বহুকাল পৃথকে থাকিল....... তাততো নপঢ়াওঁ। ইয়াতহে আহি পঢ়াওঁ। অন্য সকলো আত্মাৰে নিজৰ নিজৰ শৰীৰ আছে। এওঁ পিতাতো হৈছে চুপ্ৰীম আত্মা। তেওঁৰ শৰীৰ নাই। তেওঁৰ আত্মাৰে নাম হৈছে শিৱ। এইটো জানা যে এই শৰীৰ মোৰ নহয়। মই চুপ্ৰীম আত্মা হওঁ। মোৰ মহিমা বেলেগ। প্ৰত্যেকৰে মহিমা নিজৰ নিজৰ নহয় জানো। গায়নো আছে নহয় - পৰমপিতা পৰমাত্মাই ব্ৰহ্মাৰ দ্বাৰা স্থাপনা কৰায়। তেওঁ জ্ঞানৰ সাগৰ, মনুষ্য সৃষ্টিৰ বীজৰূপ। তেওঁ সত্য হয়, চৈতন্য হয়, আনন্দ, সুখ-শান্তিৰ সাগৰ হয়। এয়া হৈছে পিতাৰ মহিমা। সন্তানসকল পিতাৰ প্ৰপাৰ্টীৰ (সম্পত্তিৰ) বিষয়ে জ্ঞাত হৈ থাকে - মোৰ পিতাৰ ওচৰত এইটো কাৰখানা আছে, এইটো মিল আছে, নিচা থাকে নহয় জানো। সন্তানহে সেই প্ৰপাৰ্টীৰ মালিক হয়। এই প্ৰপাৰ্টীতো এবাৰেই প্ৰাপ্ত হয়। পিতাৰ ওচৰত কি প্ৰপাৰ্টী আছে, সেয়া শুনিলা।

তোমালোক আত্মাসকলতো অমৰ হোৱা। কেতিয়াও মৃত্যু প্ৰাপ্তি নহয়। প্ৰেমৰ সাগৰো হোৱা। এওঁলোক লক্ষ্মী-নাৰায়ণ প্ৰেমৰ সাগৰ হয়। কেতিয়াও কাজিয়া-পেচাল নকৰে। ইয়াততো কিমান কাজিয়া-পেচাল কৰি থাকে। প্ৰেমত আৰুহে গোলমাল হয়। পিতা আহি বিকাৰ বন্ধ কৰায় গতিকে কিমান মাৰ খাবলগীয়া হয়। পিতাই কয় - সন্তানসকল পাৱন হোৱা তেতিয়া পাৱন সৃষ্টিৰ মালিক হ'বাগৈ। কাম মহাশত্ৰু হয় সেইবাবে পিতাৰ ওচৰলৈ আহে তেতিয়া কয় যিবোৰ বিকৰ্ম কৰিলা, সেইবোৰ শুনাই দিয়া তেতিয়া পাতল হৈ যাবা, এই ক্ষেত্ৰতো মুখ্য হৈছে বিকাৰৰ কথা। পিতাই সন্তানসকলৰ কল্যাণৰ অৰ্থে সোধে। পিতাকেই কয় হে পতিত-পাৱন আহা কিয়নো পতিত বুলি বিকাৰত যোৱাসকলকহে কোৱা হয়। এই সৃষ্টিখনো পতিত, মনুষ্যও পতিত, 5 তত্ত্বও পতিত। তাত তোমালোকৰ কাৰণে তত্ত্বও পবিত্ৰ লাগে। এই আসুৰিক পৃথিৱীত দেৱতাসকলৰ ছায়াও পৰিব নোৱাৰে। লক্ষ্মীক আহ্বান কৰে কিন্তু ইয়ালৈ জানো আহিব পাৰিব। এই 5 তত্ত্বও সলনি হ'ব লাগিব। সত্যযুগ হৈছে নতুন সৃষ্টি, এয়া হৈছে পুৰণি সৃষ্টি। এতিয়া ইয়াৰ নাশ হোৱা সময়। মনুষ্যই ভাবে এতিয়া 40 হাজাৰ বছৰ বাকী আছে। যেতিয়া কল্পৰ আয়ুসেই হৈছে 5 হাজাৰ বছৰ তেন্তে আকৌ কেৱল এটা কলিযুগ 40 হাজাৰ বছৰৰ কেনেকৈ হ'ব পাৰে। কিমান অজ্ঞান অন্ধকাৰ। জ্ঞান নায়েই। ভক্তি হৈছে ব্ৰাহ্মণসকলৰ ৰাতি। জ্ঞান হৈছে ব্ৰহ্মা আৰু ব্ৰাহ্মণসকলৰ দিন। যি এতিয়া প্ৰেক্টিকেলত (বাস্তৱত) হৈ আছে। ছিৰিৰ চিত্ৰত অতি ক্লীয়াৰ (স্পষ্টকৈ) দেখুওৱা হৈছে। নতুন সৃষ্টি আৰু পুৰণি সৃষ্টিক আধা আধা বুলি কোৱা হব। এনেকুৱা নহয় যে নতুন সৃষ্টিক বেছি সময়, পুৰণি সৃষ্টিক কম সময় দিয়া হব। নহয়, পূৰা আধা আধা হ'ব। গতিকে এক চতুৰ্থাংশও কৰিব পাৰিবা। যদি আধাত নহয় তেন্তে পূৰা এক চতুৰ্থাংশও হ'ব নোৱাৰে। স্বস্তিকাতো 4 টা ভাগ দেখুৱায়। তেওঁলোকে ভাবে যে আমি গণেশক অংকিত কৰিছোঁ। এতিয়া সন্তানসকলে বুজি পায় যে এই পুৰণি সৃষ্টি বিনাশ হ'ব। আমি নতুন সৃষ্টিৰ কাৰণে পঢ়ি আছোঁ। আমি নৰৰ পৰা নাৰায়ণ হওঁ নতুন সৃষ্টিৰ কাৰণে। কৃষ্ণও নতুন সৃষ্টিৰ হয়। কৃষ্ণৰতো গায়ন হ'ল, তেওঁক মহাত্মা বুলি কয় কিয়নো শিশু হয়। শিশু মৰমৰ হয়। ডাঙৰক ইমান মৰম নকৰে যিমান সৰুক কৰে কিয়নো সতোপ্ৰধান অৱস্থা হয়। বিকাৰৰ দুৰ্গন্ধ নাই। ডাঙৰ হৈ গলে বিকাৰৰ দুৰ্গন্ধ আহি যায়। শিশুসকলৰ কেতিয়াও ক্ৰিমিনেল আই (কু-দৃষ্টি) হ'ব নোৱাৰে। এই দুচকুৱেই প্ৰবঞ্চনা কৰে সেইবাবে দৃষ্টান্ত দিয়ে যে তেওঁ (সুৰদাসে) নিজৰ চকু উলিয়াই দিলে। এনেকুৱা কোনো কথা নাই। এনেকৈ কোনেও চকু উলিয়াই নিদিয়ে। এয়া এই সময়ত বাবাই জ্ঞানৰ কথা বুজায়। তোমালোকেতো এতিয়া জ্ঞানৰ তৃতীয় নেত্ৰ প্ৰাপ্ত কৰিছা। আত্মাই স্পীৰিচুয়েল (আধ্যাত্মিক) জ্ঞান প্ৰাপ্ত কৰিছে। আত্মাতহে জ্ঞান আছে। পিতাই কয় - মোৰ জ্ঞান আছে। আত্মাক নিৰ্লেপ বুলি ক'ব নোৱাৰি। আত্মাইহে এটা শৰীৰ এৰি অন্য এটা লয়। আত্মা অবিনাশী হয়। হওতে কিমান সূক্ষ্ম। তাত 84 জন্মৰ ভূমিকা নিহিত হৈ আছে। এনেকুৱা কথা কোনেও ক'ব নোৱাৰে। তেওঁলোকেতো নিৰ্লেপ বুলি কৈ দিয়ে সেইবাবে পিতাই কয় - প্ৰথমে আত্মাক ৰিয়েলাইজ (উপলব্ধি) কৰা। কোনোৱে সোধে জন্তুবোৰ ক'লৈ যাব? হেৰ, জন্তুৰতো কথাই এৰা। প্ৰথমে আত্মাকতো ৰিয়েলাইজ কৰা। মই আত্মা কেনেকুৱা হওঁ, কি হওঁ.....? পিতাই কয় - যেতিয়া নিজক আত্মা বুলিয়েই নাজানা তেন্তে মোক আকৌ কি জানিবা। এই সকলোবোৰ সূক্ষ্ম কথা তোমালোক সন্তানসকলৰ বুদ্ধিত আছে। আত্মাত 84 জন্মৰ ভূমিকা নিহিত হৈ আছে। সেয়া পালন কৰি থাকে। কোনোৱে আকৌ কয় - ড্ৰামাত নিৰ্ধাৰিত হৈ আছে তেন্তে আকৌ আমি পুৰুষাৰ্থ কিয় কৰোঁ! হেৰ, পুৰুষাৰ্থ অবিহনেতো পানীও পোৱা নাযায়। এনেকুৱা নহয়, ড্ৰামা অনুসৰি আপোনাআপুনি সকলোবোৰ পাবা। কৰ্মতো নিশ্চয় কৰিবই লাগিব। ভাল বা বেয়া কৰ্ম হয়। এয়া বুদ্ধিৰে বুজিব পাৰে। পিতাই কয় - এয়া ৰাৱণ ৰাজ্য, ইয়াত তোমালোকৰ কৰ্ম বিকৰ্ম হৈ যায়। তাত ৰাৱণ ৰাজ্যই নাই যাৰ বাবে বিকৰ্ম হ'ব। মইহে তোমালোকক কৰ্ম, অকৰ্ম, বিকৰ্মৰ গতি বুজাওঁ। তাত তোমালোকৰ কৰ্ম অকৰ্ম হৈ যায়, ৰাৱণ ৰাজ্যত কৰ্ম বিকৰ্ম হৈ যায়। গীতা পাঠ কৰোঁতাসকলে কেতিয়াও এইটো অৰ্থ নুবুজায়, তেওঁলোকেতো কেৱল পঢ়ি শুনায়, সংস্কৃতত শ্লোক শুনাই আকৌ হিন্দীত ভাঙনি কৰে। পিতাই কয় - কিছুমান শব্দ ঠিকেই আছে। ভগৱানুবাচ (ভগৱানৰ বাণী) হয় কিন্তু ভগৱান কাক কোৱা হয়, এইটো কোনেও গম নাপায়। ভাল বাৰু!

অতি মৰমৰ, কল্পৰ পাচত পুনৰাই লগ পোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু গুডমৰ্ণিং। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।

ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) বেহদৰ পিতাৰ প্ৰপাৰ্টীৰ (সম্পত্তিৰ) মই আত্মা মালিক হওঁ, যিদৰে পিতা শান্তি, পবিত্ৰতা, আনন্দৰ সাগৰ হয়, সেইদৰে মই আত্মা মাষ্টৰ সাগৰ হওঁ, এইটো নিচাত থাকিব লাগে।

(2) ড্ৰামা বুলি কৈ পুৰুষাৰ্থ কৰিবলৈ এৰি দিব নালাগে, কৰ্ম নিশ্চয় কৰিব লাগে। কৰ্ম-অকৰ্ম-বিকৰ্মৰ গতিক বুজি সদায় শ্ৰেষ্ঠ কৰ্মহে কৰিব লাগে।

বৰদান:
সদায় পিতাৰ অবিনাশী আৰু নিঃস্বাৰ্থ প্ৰেমত লভলীন হৈ থাকোঁতা মায়াপ্ৰুফ্ হোৱা

যিসকল সন্তান সদায় পিতাৰ প্ৰেমত লভলীন হৈ থাকে তেওঁলোকক মায়াই আকৰ্ষিত কৰিব নোৱাৰে। যিদৰে ৱাটাৰপ্ৰুফ্ কাপোৰ হলে তেতিয়া পানীৰ এটা টোপালো টিকি নাথাকে। সেইদৰে যিসকল লগনত (পিতাৰ স্নেহত) লভলীন হৈ থাকে তেওঁলোক মায়াপ্ৰুফ্ হৈ যায়। মায়াৰ কোনো প্ৰহাৰে প্ৰহাৰ কৰিব নোৱাৰে কিয়নো পিতাৰ প্ৰেম অবিনাশী আৰু নিঃস্বাৰ্থ হয়, ইয়াৰ যিসকল অনুভৱী হৈ গল তেওঁলোক খন্তেকীয়া প্ৰেমত আৱদ্ধ হব নোৱাৰে। এজন পিতা দ্বিতীয় মই, তাৰ মাজত তৃতীয় কোনো আহিব নোৱাৰে।

স্লোগান:
উপৰাম হৈ কৰ্ম কৰোঁতাসকলেহে চেকেণ্ডত ফুলষ্টপ্ (যতি) লগাব পাৰে।