02.08.20    Avyakt Bapdada     Assame Murli     01.03.86     Om Shanti     Madhuban


*হ'লি (পবিত্ৰ) হংস বুদ্ধি, বৃত্তি, দৃষ্টি আৰু মুখ*


আজি বাপদাদাই সকলো হলি (পবিত্ৰ) হংসসকলৰ সভা চাই আছেহঁক। এয়া সাধাৰণ সভা নহয়। কিন্তু আত্মিক হলি (পবিত্ৰ) হংসসকলৰ সভা হয়। বাপদাদাই প্ৰতিগৰাকী হলি (পবিত্ৰ) হংসক চাই আছে যে সকলো কিমানলৈকে হলি (পবিত্ৰ) হংস হৈছে। হংসৰ বিশেষত্ব ভালদৰে জানানে? সকলোতকৈ প্ৰথমে হংস বুদ্ধি অৰ্থাৎ সদায় প্ৰত্যেক আত্মাৰ প্ৰতি শ্ৰেষ্ঠ আৰু শুভ চিন্তা কৰোঁতা। হলি (পবিত্ৰ) হংস অৰ্থাৎ পাথৰ আৰু ৰত্নক ভালদৰে চিনোঁতা আৰু তাৰপাচত ধাৰণা কৰোঁতা। প্ৰথমতে প্ৰত্যেক আত্মাৰ মনৰ ভাৱক চিনোঁতা আৰু তাৰপাচত ধাৰণ কৰোঁতা। কেতিয়াও বুদ্ধিত কোনো আত্মাৰ প্ৰতি অশুভ বা সাধাৰণ ভাৱ ধাৰণ কৰোঁতা যাতে নোহোৱা। সদায় শুভ ভাৱ আৰু শুভ ভাৱনা ধাৰণ কৰিবা। ভাৱ জানিলে কেতিয়াও কাৰো সাধাৰণ স্বভাৱ বা ব্যৰ্থ স্বভাৱৰ প্ৰভাৱ নপৰিব। শুভ ভাৱ, শুভ ভাৱনা, যাক ভাৱ-স্বভাৱ বুলি কোৱা, যি ব্যৰ্থ হয় তাক পৰিৱৰ্তন কৰিব লাগে। বাপদাদাই চাই আছে - এনেকুৱা হংস বুদ্ধি কিমানলৈকে হৈছে? এনেকৈয়ে হংস বৃত্তি অৰ্থাৎ সদায় সকলো আত্মাৰ প্ৰতি শ্ৰেষ্ঠ কল্যাণৰ বৃত্তি। প্ৰত্যেক আত্মাৰ অকল্যাণৰ কথা শুনি, দেখিও অকল্যাণক কল্যাণৰ বৃত্তিৰে পৰিৱৰ্তন কৰি দিয়া - ইয়াক কোৱা হয় হলি (পবিত্ৰ) হংস বৃত্তি। নিজৰ কল্যাণৰ বৃত্তিৰে আনকো পৰিৱৰ্তন কৰিব পাৰা। তেওঁলোকৰ অকল্যাণৰ বৃত্তিক নিজৰ কল্যাণৰ বৃত্তিৰে পৰিৱৰ্তন কৰি দিয়া - এয়াই হ'লি (পবিত্ৰ) হংসৰ কৰ্তব্য। এইদৰে দৃষ্টিত সদায় প্ৰত্যেক আত্মাৰ প্ৰতি শ্ৰেষ্ঠ শুদ্ধ স্নেহৰ দৃষ্টি হওঁক। যেনেকুৱাই নহওঁক কিন্তু নিজৰ ফালৰ পৰা সকলোৰে প্ৰতি আত্মিকস্নেহৰ দৃষ্টি ধাৰণ কৰিবা। ইয়াক কোৱা হয় হ'লি (পবিত্ৰ) হংস দৃষ্টি। এইদৰে বাণীতো আগতে শুনাইছোঁবেয়া বাণী বেলেগ বস্তু। সেয়াতো ব্ৰাহ্মণসকলৰ পৰিৱৰ্তন হৈ গ'ল কিন্তু ব্যৰ্থ বাণীকো হ'লি (পবিত্ৰ) হংস মুখ বুলি কোৱা নক'ব। মুখো হ'লি (পবিত্ৰ) হংস মুখ হওঁক। যাৰ মুখৰ পৰা কেতিয়াও ব্যৰ্থ বাণী উচ্চাৰিত নহয়, ইয়াক কোৱা হ'ব হংস মুখ স্থিতি। তেন্তে হ'লি (পবিত্ৰ) হংস বুদ্ধি, বৃত্তি, দৃষ্টি আৰু মুখ। যেতিয়া এইকেইটা পবিত্ৰ অৰ্থাৎ শ্ৰেষ্ঠ হৈ যায় তেতিয়া স্বতঃ হ'লি (পবিত্ৰ) হংসৰ স্থিতি প্ৰত্যক্ষ প্ৰভাৱ দেখিবলৈ পোৱা যায়। গতিকে সকলোৱে নিজক নিজে চোৱা যে কিমানলৈকে সদায় হ'লি হংস হৈ চলা-ফুৰা কৰা? কিয়নো স্ব-উন্নতিৰ সময় বেছি বাকী নাই, সেয়েহে নিজে নিজক চেক (পৰীক্ষা) কৰা আৰু চেঞ্জ (পৰিৱৰ্তন) কৰা।

এই সময়ৰ পৰিৱৰ্তনে বহুকালৰ পৰিৱৰ্তনৰ গল্ডেন (স্বৰ্ণিম) সৃষ্টিৰ অধিকাৰী কৰি তুলিব। এইটো ইংগিত বাপদাদাই আগতেও দিছে। নিজৰ প্ৰতি সকলোৰে ডবল আণ্ডাৰ লাইনেৰে (বিশেষ) এটেনশ্বন (মনোযোগ) আছেনে? অলপ সময়ৰ এটেনশ্বন (মনোযোগ) আছে আৰু বহুকালৰ এটেনশ্বনৰ (মনোযোগৰ) ফলস্বৰূপ শ্ৰেষ্ঠ প্ৰাপ্তিৰ প্ৰালব্ধ আছে সেয়েহে এই অলপ সময় বহুত শ্ৰেষ্ঠ স্বৰ্ণিম হয়। পৰিশ্ৰমো নাই কেৱল পিতাই যি কলে সেয়া ধাৰণ কৰিলা। আৰু ধাৰণ কৰিলে প্ৰেক্টিকেলত (বাস্তৱত) স্বতঃ হব। হ'লি (পবিত্ৰ) হংসৰ কামেই হ'ল ধাৰণ কৰা। গতিকে এনেকুৱা হ'লি (পবিত্ৰ) হংসৰ সভা হয় নহয় জানো। নলেজফুল (জ্ঞানেৰে পৰিপূৰ্ণ) হৈ গ'লা। ব্যৰ্থ বা সাধাৰণক ভালদৰে বুজি পাই গৈছা। গতিকে বুজি পোৱাৰ পাচত কৰ্মত স্বতঃ আহে। এনেও সাধাৰণ ভাষাত এনেকৈয়ে কোৱা নহয় যে এতিয়া মই বুজি পালোঁ। তেতিয়া নকৰাকৈ থাকিব নোৱাৰা। গতিকে প্রথমে এইটো চেক (পৰীক্ষা) কৰা যে সাধাৰণ অথবা ব্যৰ্থ কি হয়? কেতিয়াবা ব্যৰ্থ বা সাধাৰণকে শ্ৰেষ্ঠ বুলিতো ভাবি নোলোৱা? সেইবাবে প্ৰথমতে মুখ্য হ'ল হ'লি (পবিত্ৰ হংস) বুদ্ধি। তাত স্বতঃ চিনাক্তকৰণৰ শক্তি আহিয়েই যায় কিয়নো ব্যৰ্থ সংকল্প আৰু ব্যৰ্থ সময় তেতিয়া যায় যেতিয়া তাক চিনি পোৱা নাযায় যে এইটো ৰাইট (শুদ্ধ) নে ৰং (অশুদ্ধ)। নিজৰ ব্যৰ্থক, ৰঙক (অশুদ্ধক) ৰাইট (শুদ্ধ) বুলি ভাবি লয় তেতিয়াহে ব্যৰ্থত বেছি সময় গুচি যায়। হয় ব্যৰ্থ, কিন্তু এনেকৈ ভাবে যে মই সমৰ্থ, ৰাইট (শুদ্ধ) ভাবি আছোঁ। যিটো মই ক'লোঁ সেয়াটোৱে ৰাইট (শুদ্ধ) হয়। এই ক্ষেত্ৰত চিনাক্তকৰণৰ শক্তি নোহোৱাৰ কাৰণে মনৰ শক্তি, সময়ৰ শক্তি, বাণীৰ শক্তি সকলো গুচি যায়। আৰু আনৰ পৰা পৰিশ্ৰম লোৱাৰ বোজাও বাঢ়ি যায়। কাৰণ? কিয়নো হ'লি (পবিত্ৰ) হংস বুদ্ধিৰ হোৱা নাই। সেয়েহে বাপদাদাই সকলো হ'লি (পবিত্ৰ) হংসক পুনৰাই এইটোৱে ইংগিত দি আছে যে ওলোটা ওলোটা নকৰিবা। এয়া হয়েই ওলোটা, এনেকৈ নাভাবিবা কিন্তু ওলোটাক চিধা কেনেকৈ কৰোঁ এইটো ভাবা। ইয়াক কোৱা হয় কল্যাণৰ ভাৱনা। শ্ৰেষ্ঠ ভাৱ, শুভ ভাৱনাৰে নিজৰ ব্যৰ্থ ভাৱ-স্বভাৱ আৰু আনৰ ভাৱ-স্বভাৱক পৰিৱৰ্তন কৰাৰ বিজয় প্রাপ্ত কৰিবা। বুজিলা। প্রথমে নিজৰ ওপৰত বিজয়ী তাৰপাচত সকলোৰে ওপৰত বিজয়ী আৰু তাৰপাচত প্রকৃতিৰ ওপৰত বিজয়ী হ'বা। এই তিনিওটা বিজয়ে তোমালোকক বিজয় মালাৰ মণি কৰি তুলিব। প্রকৃতিত বায়ুমণ্ডল, ভায়ব্ৰেশ্বন (প্রকম্পন) আৰু স্থূল প্রকৃতিৰ সমস্যাবোৰ সকলো আহি যায়। তেন্তে তিনিওটিৰে ওপৰত বিজয়ী হোৱানে? এইটো আধাৰতে বিজয় মালাত নিজৰ নম্বৰ (স্থান) চাব পাৰা, সেইবাবে নামেই বৈজয়ন্তী মালা ৰখা হৈছে তেন্তে সকলো বিজয়ী হোৱানে? বাৰু!

আজি অষ্ট্ৰেলিয়া নিবাসীৰ টাৰ্ণ (পাল)। অষ্ট্ৰেলিয়া নিবাসীসকলক মধুবনৰ পৰাও গ'ল্ডেন চাঞ্চেলৰ হোৱা চাঞ্চ প্ৰাপ্ত হয় কিয়নো সকলোকে আগত ৰখাৰ চাঞ্চ (সুযোগ) দিয়া, এইটো বিশেষত্ব হয়। আনক আগত ৰখা এইটো চাঞ্চ (সুযোগ) দিয়া অৰ্থাৎ চাঞ্চেলৰ হোৱা। চাঞ্চ (সুযোগ) লওঁতা, চাঞ্চ (সুযোগ) দিওঁতা দুয়োকে চাঞ্চেলৰ বুলি কোৱা হয়। বাপদাদাই সদায় প্ৰত্যেক সন্তানৰ বিশেষত্বক চায় আৰু বৰ্ণনা কৰে। অষ্ট্ৰেলিয়াত পাণ্ডৱসকলৰ সেৱাৰ বিশেষ চাঞ্চ (সুযোগ) প্ৰাপ্ত হৈছে। বেছি চেণ্টাৰৰো (সেৱাকেন্দ্ৰৰো) পাণ্ডৱে তত্ত্বাৱধান লয়। শক্তিসকলে পাণ্ডৱসকলক চাঞ্চ (সুযোগ) দিছে। আগত ৰাখোঁতাসকল সদায় আগত থাকেই। এইটোও শক্তিসকলৰ বিশালতা হয়। কিন্তু পাণ্ডৱসকলে সদায় নিজক নিমিত্ত বুলি ভাবি সেৱাত আগবাঢ়ি গৈ আছা নহয়! সেৱাত নিমিত্ত ভাৱেই সেৱাৰ সফলতা আধাৰ হয়। বাপদাদাই তিনিটা শব্দ কয় নহয়, যিকেইটা সাকাৰৰ দ্বাৰাও লাষ্টত (অন্তিমত) উচ্চাৰণ কৰিলে। 'নিৰাকাৰী, নিৰ্বিকাৰী আৰু নিৰহংকাৰী'। এই তিনিওটি বিশেষত্ব নিমিত্ত ভাৱেৰে স্বতঃ আহি যায়, নিমিত্ত ভাৱ যদি নাই তেন্তে এই তিনিওটি বিশেষত্বৰ অনুভৱ নহয়। নিমিত্ত ভাৱে অনেক প্ৰকাৰৰ মই ভাৱ মোৰ ভাৱক সহজে সমাপ্ত কৰি দিয়ে। ময়ো নহয়, মোৰো নহয়। স্থিতিত যি অস্থিৰতা হয় সেয়া এই এটি অভাৱৰ কাৰণেই হয়। সেৱাতো পৰিশ্ৰম কৰিবলগীয়া হয় আৰু নিজৰ উৰন্ত কলাৰ স্থিতিতো পৰিশ্ৰম কৰিবলগীয়া হয়। নিমিত্ত হয় অৰ্থাৎ নিমিত্ত কৰাওঁতাজন সদায় স্মৃতিত থকা। গতিকে এইটো বিশেষত্বৰে সদায় সেৱাৰ বৃদ্ধি কৰি আগবাঢ়ি গৈ আছা নহয়। সেৱাৰ বিস্তাৰ হোৱা এয়াও সেৱাৰ সফলতাৰ লক্ষণ। এতিয়া অচল-অটল স্থিতিৰ ভাল অনুভৱী হৈ গৈছা। বুজিলা - অষ্ট্ৰেলিয়া অৰ্থাৎ কিবা এক্সটা (অতিৰিক্ত), যিটো আনৰ নাই। অষ্ট্ৰেলিয়াত অন্য ভেৰায়টি (ভিন্নতা) গুজৰাটী আদি নাই। 'চেৰিটি বিগিনচ এট হোম' (ঘৰৰ পৰাই কল্যাণ কৰা আৰম্ভ কৰা)ৰ কাম বেছিকৈ কৰিছা। সমগোত্ৰিয়সকলক জগাই তুলিলা। কুমাৰ-কুমাৰীসকলৰ ভাল কল্যাণ হৈ আছে। এইটো জীৱনত নিজৰ জীৱনৰ শ্ৰেষ্ঠ সিদ্ধান্ত লবলগীয়া হয়। নিজৰ জীৱন গঢ়ি ল'লা গতিকে চিৰকালৰ বাবে শ্ৰেষ্ঠ হৈ গ'লা। ওলোটা ছিৰি বগোৱাৰ পৰা হাত সাৰি গ'লা। বাপদাদা আনন্দিত হয় যে ইজন-সিজনৰ পৰা অনেক দীপক জ্বলাই 'দীপমালা' তৈয়াৰ কৰি আছে। ভাল উৎসাহ-উদ্দীপনা আছে। সেৱাত বিজী (ব্যস্ত) হৈ থকা বাবে ভাল উন্নতি কৰি আছা।

এটাতোনিমিত্ত ভাৱৰ কথা শুনালোঁ, দ্বিতীয়তে যিসকল সেৱাৰ নিমিত্ত হয় তেওঁলোকৰ বাবে স্ব-উন্নতি বা সেৱাৰ উন্নতিৰ প্ৰতি এটি বিশেষ শ্লোগান চেফ্‌টীৰ (নিৰাপত্তাৰ) সাধন হয়। আমি নিমিত্ত হোৱাসকলে যি কৰিম আমাক দেখি সকলোৱে কৰিব। কিয়নো সেৱাৰ নিমিত্ত হোৱা অৰ্থাৎ ষ্টেজত (মঞ্চত) অহা। যিদৰে কোনো পাৰ্টধাৰী (ভাৱৰীয়া) যেতিয়া ষ্টেজত (মঞ্চত) আহে তেতিয়া কিমান এটেনশ্বন (মনোযোগ) দিয়ে। গতিকে সেৱাৰ নিমত্ত হোৱা অৰ্থাৎ ষ্টেজত (মঞ্চত) ভূমিকা পালন কৰা। ষ্টেজৰ (মঞ্চৰ) ফালে সকলোৰে দৃষ্টি থাকে। আৰু যিয়ে যিমান হিৰ' এক্টৰ (মুখ্য ভাৱৰীয়া) হয় তেওঁৰ প্ৰতি বেছি দৃষ্টি থাকে। গতিকে এইটো শ্লোগান চেফ্‌টীৰ (নিৰাপত্তাৰ) সাধন হয়, ইয়াৰ দ্বাৰা স্বতঃ উৰন্ত কলাৰ অনুভৱ কৰিবা। এনেয়েতো চেণ্টাৰত (সেৱাকেন্দ্ৰত) থাকি বা য'তেই থাকি সেৱা কৰা। সেৱাধাৰীতো সকলো হয়। কোনোবাই নিজৰ নিমিত্ত স্থানত থাকি সেৱাৰ চাঞ্চ (সুযোগ) লয় তেৱোঁ সেৱাৰ ষ্টেজত (মঞ্চত) আছে। সেৱাৰ বাহিৰে নিজৰ সময়ক ব্যৰ্থ নষ্ট কৰিব নালাগে। সেৱাৰ হিচাপো বহুত জমা হয়। সঁচা অন্তৰেৰে সেৱা কৰোঁতাসকলে নিজৰ হিচাপ বহুত ভালদৰে জমা কৰি আছে। বাপদাদাৰ ওচৰত প্ৰত্যেক সন্তানৰ আদিৰ পৰা অন্তলৈকে সেৱাৰ হিচাপ আছে আৰু অটোমেটিকেলি (স্বতঃ) তাত জমা হৈ থাকে। এজন এজনৰ একাউন্ট (হিচাপ) ৰাখিবলগীয়া নহয়। একাউণ্ট (হিচাপ) ৰাখোঁতাসকলৰ ওচৰত বহুত ফাইল (নথিপত্ৰ) থাকে। পিতাৰ ওচৰত স্থূল ফাইল একো নাই। এক চেকেণ্ডত প্ৰত্যেকৰে আদিৰ পৰা এতিয়ালৈকে ৰেজিষ্টাৰ ইমাৰ্জ (নথিপত্ৰ প্ৰকট) হৈ যায়। অটোমেটিকেলি (স্বতঃ) জমা হৈ থাকে। এনেকৈ কেতিয়াও নাভাবিবা যে মোকতো কোনেও দেখা নাপায়, বুজি নাপায়। পিতাৰ ওচৰততো যি যেনেকুৱা হয়, যিমান কৰে, যি ষ্টেজেৰে (স্থিতিৰে) কৰে সেই সকলো জমা হয়। ফাইল (নথিপত্ৰ) নাই কিন্তু ফাইনেল (চুড়ান্ত) হয়। অষ্ট্ৰেলিয়াত শক্তিসকলে পিতাৰ হোৱাৰ আৰু পিতাক চিনি পিতাৰ সৈতে স্নেহ বজাই ৰখাত ভাল সাহস দেখুৱাইছে। অস্থিৰতাৰ ভুল হয় সেয়াতো কোনো স্থানৰ, ধৰণীৰ বা টোটেল (সম্পূৰ্ণ ৰূপে) পূৰ্ব জীৱনৰ সংস্কাৰৰ কাৰণে অস্থিৰতা আহে। সেইবোৰো অতিক্ৰম কৰি স্নেহৰ বন্ধনত আগবাঢ়ি গৈ থাকে সেইবাবে বাপদাদাই শক্তিসকলৰ সাহসৰ বাবে অভিনন্দন জনায়। "এক বল এক ভৰসা"ই আগবঢ়াই লৈ গৈ আছে। গতিকে শক্তিসকলৰ সাহস আৰু পাণ্ডৱসকলৰ সেৱাৰ উদ্যম দুয়োখন ডেউকা পৰিপক্ক হৈ গল। সেৱাৰ ক্ষেত্ৰত পাণ্ডৱসকলো মহাবীৰ হৈ আগবাঢ়ি গৈ আছে। অস্থিৰতাক অতিক্ৰম কৰাত হুচিয়াৰ হয়। সকলো চিত্ৰ সেয়াই হয়। পাণ্ডৱসকলক শকত-আৱত, ওখ-পাখ দেখুৱায় কিয়নো স্থিতি এনেকুৱা উচ্চ আৰু মজবুত হয় সেইবাবে পাণ্ডৱক উচ্চ আৰু বৰ সাহসী দেখুৱাইছে। অষ্ট্ৰেলিয়া নিবাসীসকল বেছি দয়াশীলো হয়, দিগভ্ৰান্ত আত্মাসকলৰ প্ৰতি দয়াশীল হৈ সেৱাত আগবাঢ়ি গৈ আছে। তেওঁলোক কেতিয়াও সেৱাৰ অবিহনে থাকিব নোৱাৰে। বাপদাদা সন্তানসকলৰ আগবাঢ়ি যোৱাৰ বিশেষত্ব দেখি সদায় আনন্দিত হয়।বিশেষ সৌভাগ্যশালী হোৱা। প্ৰত্যেক সন্তানৰ উৎসাহ-উদ্দীপনাত বাপদাদা হৰ্ষিত হয়। কিদৰে প্ৰত্যেকে শ্ৰেষ্ঠ লক্ষ্যৰে আগবাঢ়ি গৈ আছে আৰু গৈ থাকিব। বাপদাদাই সদায় বিশেষত্বকহে চায়। প্ৰত্যেকে ইজন সিজনতকৈ বেছি স্নেহৰ। তোমালোকেও সকলোকে এইটো বিধিৰে চোৱা নহয়! যাকেই চোৱা ইজন সিজনতকৈ বেছি স্নেহৰ হওঁক কিয়নো 5 হাজাৰ বছৰৰ পাচত বিচ্ছেদ হোৱাসকল পৰস্পৰ মিলিত হৈ আছে গতিকে কিমান স্নেহৰ হয়। পিতাৰ প্ৰতি থকা স্নেহৰ চিন এয়া যে সকলো ব্ৰাহ্মণ আত্মা স্নেহৰ হব। প্ৰত্যেক ব্ৰাহ্মণ স্নেহৰ হোৱা অৰ্থাৎ পিতাৰ প্ৰতি স্নেহ আছে। মালাত ইজন সিজনৰ সম্বন্ধততো ব্ৰাহ্মণেই আহিব। পিতাইতো ৰিটায়াৰ হৈ (অৱসৰ লৈ) চাব সেয়েহে পিতাৰ সৈতে থকা স্নেহৰ চিন সদায় অনুভৱ কৰা। সকলো পিতাৰ স্নেহৰ হয় গতিকে আমাৰো স্নেহৰ হয়।

পাৰ্টিসকলৰ প্ৰতি:-

1) সকলোৱে নিজক বিশেষ আত্মা বুলি ভাবানে? বিশেষ আত্মা হওঁ, বিশেষ কার্যৰ নিমিত্ত হওঁ আৰু বিশেষত্ব দেখুৱাব লাগে - এনেকৈ যাতে সদায় স্মৃতিত থাকে। বিশেষ স্মৃতিয়ে সাধাৰণ স্মৃতিকো শক্তিশালী কৰি তোলে। ব্যর্থকো সমাপ্ত কৰি দিয়ে। গতিকে সদায় এই বিশেষ শব্দটি স্মৃতিত ৰাখিবা। কবও লাগে বিশেষ, চাবও লাগে বিশেষ, কৰিবও লাগে বিশেষ, ভাবিবও লাগে বিশেষ। প্ৰত্যেক কথাতে এই বিশেষ শব্দটি আনিলে স্বতঃ পৰিৱৰ্তন হৈ যাবা। আৰু এইটো স্মৃতিৰে স্ব-পৰিৱৰ্তন বিশ্ব পৰিৱৰ্তন সহজ হৈ যাব। প্রতিটো কথাত বিশেষ শব্দটি এড (সংযোজন) কৰি যাবা। ইয়াৰ দ্বাৰা যি সম্পূৰ্ণতাক প্ৰাপ্ত কৰাৰ লক্ষ্য আছে, লক্ষ্যস্থান আছে সেয়া প্ৰাপ্ত কৰি লবা।

2) সদায় পিতা আৰু সেৱাৰ স্মৃতিত থাকানে? শ্ৰেষ্ঠ স্মৃতিৰ দ্বাৰা শ্ৰেষ্ঠ স্থিতিৰ অনুভৱ হয়নে? স্থিতিৰ আধাৰ হৈছে স্মৃতি। স্মৃতি দুৰ্বল হলে তেতিয়া স্থিতিও দুৰ্বল হৈ যায়। স্মৃতি যাতে সদায় শক্তিশালী হৈ থাকে। সেই শক্তিশালীস্মৃতি হৈছে মই পিতাৰ আৰু পিতা মোৰ। এইটো স্মৃতিৰে স্থিতি শক্তিশালী হৈ থাকিব আৰু আনকো শক্তিশালী কৰি তুলিব। গতিকে সদায় যাতে স্মৃতিৰ ওপৰত বিশেষ এটেনশ্বন (মনোযোগ) থাকে। সমৰ্থ স্মৃতি, সমৰ্থ স্থিতি, সমৰ্থ সেৱা যাতে স্বতঃ হৈ থাকে। স্মৃতি, স্থিতি আৰু সেৱা তিনিওটাই সমৰ্থ হওঁক। যিদৰে চুইট্‌চ অন কৰিলে পোহৰ হৈ যায়, অফ্‌ কৰিলে আন্ধাৰ হৈ যায় সেইদৰে এই স্মৃতিও একপ্ৰকাৰৰ চুইট্‌চ হয়। স্মৃতিৰ চুইট্‌চ যদি দুৰ্বল হয় তেন্তে স্থিতিও দুৰ্বল হয়। সদায় স্মৃতিৰূপী চুইট্‌চৰ প্ৰতি এটেনশ্বন (মনোযোগ) দিবা। ইয়াতে নিজৰ আৰু সকলোৰে কল্যাণ আছে। নতুন জন্ম হল গতিকে নতুন স্মৃতি হওঁক। পুৰণি স্মৃতিবোৰ সকলো সমাপ্ত। গতিকে এইটো বিধিৰে সদায় সিদ্ধি প্ৰাপ্ত কৰি গৈ থাকা।

3) সকলোৱে নিজকে ভাগ্যৱান বুলি ভাবানে? বৰদান ভূমিলৈ অহা এইটো মহান ভাগ্য হয়। এটা ভাগ্য বৰদান ভূমিত উপস্থিত হোৱাৰ প্ৰাপ্ত কৰিলা, এই ভাগ্যক যিমান বিচৰা শ্ৰেষ্ঠ কৰি তুলিব পাৰা। শ্ৰেষ্ঠ মতেই ভাগ্যৰ ৰেখাঅংকন কৰাৰ কলম হয়। ইয়াত যিমানেই নিজৰ শ্ৰেষ্ঠ ৰেখা অংকন কৰি যাবা সিমানে শ্ৰেষ্ঠ হৈ যাবা। গোটেই কল্পৰ ভিতৰত এয়াই ভাগ্যৰ ৰেখা অংকন কৰাৰ শ্ৰেষ্ঠ সময়। এনেকুৱা সময়ত আৰু এনেকুৱা স্থানত আহি উপস্থিত হলা। গতিকে অলপতে আনন্দিত হওঁতা নহয়। যেতিয়া দিওঁতা দাতাই দি আছে লওঁতা ভাগৰিব কিয় লাগে! পিতাৰ স্মৃতিয়েই শ্ৰেষ্ঠ কৰি তোলে। পিতাক স্মৰণ কৰা অৰ্থাৎ পাৱন হোৱা। জন্মৰ জন্মৰ সম্বন্ধ আছে তেন্তে স্মৃতিত থাকিবলৈ কি কঠিনতা আছে? কেৱল স্নেহেৰে আৰু সম্বন্ধেৰে স্মৰণ কৰা। যত স্নেহ থাকে তত স্মৃতিলৈ নাহিব, এয়া হব নোৱাৰে। পাহৰিবলৈ চেষ্টা কৰা তথাপিও স্মৃতিলৈ আহে। ভালবাৰু!

বৰদান:
মস্তকৰ দ্বাৰা সন্তুষ্টিৰ চিকমিকণিৰ ৰেঙনি দেখুওতা সাক্ষাৎকাৰ মূৰ্ত হোৱা

যি সদায় সন্তুষ্ট হৈ থাকে, তেওঁলোকৰ মস্তকত সন্তুষ্টিৰ ৰেঙনি সদায় চিকমিকাই থাকে, তেওঁলোকক কোনো উদাস আত্মাই যদি দেখা পায় তেন্তে তেৱোঁ আনন্দিত হৈ যায়, তেওঁৰ বিষন্নতা নাইকিয়া হৈ যায়। যাৰ ওচৰত সন্তুষ্টিৰ খাজনা আছে তেওঁৰ প্ৰতি স্বতঃ সকলো আকৰ্ষিত হয়। তেওঁলোকৰ আনন্দিত চেহেৰা চৈতন্য বৰ্ড (ফলক) হৈ যায় যিয়ে অনেক আত্মাক গঢ়ি তোলাৰ পৰিচয় দিয়ে। গতিকে এনেকৈ সন্তুষ্ট হৈ থকা আৰু সকলোকে সন্তুষ্ট কৰোঁতা সন্তষ্টমণি হোৱা যাৰ দ্বাৰা অনেকৰ সাক্ষাৎকাৰ হওঁক।

স্লোগান:
আঘাত দিওঁতাসকলৰ কাম হৈছে আঘাত দিয়া আৰু তোমালোকৰ কাম হৈছে নিজক ৰক্ষা কৰা।