02.09.20       Morning Assame Murli        Om Shanti      BapDada       Madhuban


"মৰমৰ সন্তানসকল তোমালোক হৈছা আত্মিক পাণ্ডা, তোমালোকে সকলোকে শান্তিধাম অৰ্থাৎ অমৰপুৰীৰ ৰাস্তা দেখুওৱাব লাগে

প্ৰশ্ন:
তোমালোক সন্তানসকলৰ কোনটো নিচা আছে, সেইটো নিচাৰ আধাৰত কোনটো নিশ্চয়ৰ কথা কোৱা?

উত্তৰ:
তোমালোক সন্তানসকলৰ এইটো নিচা আছে যে আমি পিতাক স্মৰণ কৰি জন্ম-জন্মান্তৰৰ বাবে পবিত্ৰ হওঁ। তোমালোকে নিশ্চয়েৰে কোৱা যে লাগিলে যিমানে বিঘিনি নাহক কিন্তু স্বৰ্গৰ স্থাপনতো নিশ্চয় হবই। নতুন সৃষ্টিৰ স্থাপনা আৰু পুৰণি সৃষ্টিৰ বিনাশ হবই। এইখন পূৰ্ব নিৰ্ধাৰিত নাটক (ড্ৰামা), এই ক্ষেত্ৰত সংশয়ৰ কথাই নাই।
 

ওঁম্শান্তি।
আত্মিক সন্তানসকলৰ প্ৰতি আত্মিক পিতাই বুজাই আছে। তোমালোকে জানা যে আমি আত্মা হওঁ। এই সময়ত আমি আত্মিক পাণ্ডা হৈছোঁ। হওঁও আৰু আনক তেনেকুৱা কৰিও তোলোঁ। এই কথাবোৰ ভালদৰে ধাৰণ কৰা। মায়াৰ ধুমুহাই পাহৰাই দিয়ে। নিতৌ ৰাতিপুৱা-গধূলি এইটো বিচাৰ কৰা উচিত এই অমূল্য ৰত্ন অমূল্য জীৱনৰ বাবে আত্মিক পিতাৰ পৰা পাওঁ। সেয়েহে আত্মিক পিতাই বুজায় সন্তানসকল, তোমালোক এতিয়া মুক্তিধামৰ ৰাস্তা দেখুওৱাৰ বাবে আত্মিক পাণ্ডা বা গাইড হোৱা। এয়া হল অমৰপুৰীলৈ যোৱাৰ সত্য অমৰকথা। অমৰপুৰীলৈ যোৱাৰ বাবে তোমালোক পবিত্ৰ হৈ আছা। অপৱিত্ৰ ভ্ৰষ্টাচাৰী আত্মা অমৰপুৰীলৈ কেনেকৈ যাব? মনুষ্যই অমৰনাথৰ যাত্ৰাত যায়, স্বৰ্গকো অমৰনাথপুৰী বুলি কোৱা হয়। অকল অমৰনাথ থাকে জানো। তোমালোক সকলো আত্মা অমৰপুৰীলৈ গৈ আছা। সেয়া হল আত্মাসকলৰ অমৰপুৰী পৰমধাম আকৌ শৰীৰ সহিত অমৰপুৰীলৈ আহা। তালৈ কোনে লৈ যায়? পৰমপিতা পৰমাত্মাই সকলো আত্মাক লৈ যায়। সেইখনক অমৰপুৰী বুলিও কব পাৰা। কিন্তু ৰাইট (শুদ্ধ) নাম হৈছে শান্তিধাম। তালৈতো সকলোৱে যাবই লাগিব। নাটকত যি হবলগীয়া আছে তাক বাধা দি ৰাখিব নোৱাৰে। এইটো বুদ্ধিত ভালদৰে ধাৰণ কৰা। প্ৰথমেতো আত্মা বুলি বুজা। পৰমপিতা পৰমাত্মাও আত্মাই হয়। কেৱল তেওঁক পৰমপিতা পৰমাত্মা বুলি কোৱা হয়, তেওঁ আমাক বুজাই আছে। তেৱেঁই জ্ঞানৰ সাগৰ, পবিত্ৰতাৰ সাগৰ হয়। এতিয়া সন্তানসকলক পবিত্ৰ কৰি তোলাৰ বাবে শ্ৰীমত দিয়ে যে মোক স্মৰণ কৰা তেতিয়া তোমালোকৰ জন্ম-জন্মান্তৰৰ পাপ কটা যাব। স্মৰণকে যোগ বুলি কোৱা হয়। তোমালোকতো সন্তান হোৱা নহয় জানো। পিতাক স্মৰণ কৰিব লাগে। স্মৰণৰ দ্বাৰাহে নাও পাৰ হব। এই বিষৰ নগৰীৰ পৰা তোমালোক শিৱৰ নগৰীলৈ যাবা পুনৰ বিষ্ণুপুৰীলৈ আহিবা। আমি পঢ়োৱে তাৰ বাবে, ইয়াৰ বাবে নহয়। ইয়াত যিসকল ৰজা হয়, তেওঁলোক ধন দান কৰা বাবে হয়। কিছুমান আছে যিসকলে গৰিবৰ বহুত তত্ত্বাৱধান লয়, কোনোৱে হস্পিতাল, ধৰ্মশালা আদি নিৰ্মাণ কৰে, কোনোৱে ধন দান কৰে। যেনেকৈ সিন্ধুত মূলচন্দ্ৰ আছিল, গৰিবৰ ওচৰলৈ গৈ দান কৰিছিল। গৰিবৰ বহুত তত্ত্বাৱধান লৈছিল। এনেকুৱা বহুত দানী থাকে। ৰাতিপুৱা উঠি চাউল মুঠি উলিয়াই গৰিবক দান কৰে। আজিকালিতো ঠগ বহুত হৈ গৈছে। পাত্ৰক দান দিয়া উচিত। সেই বুদ্ধিতো নাই। বাহিৰত যিসকলে ভিক্ষা খুজি বহি থাকে তেওঁলোকক দিয়া, সেয়াও কোনো দান নহয়। তেওঁলোকৰতো এইটো ধান্দা (ব্যৱসায়) হয়। গৰিবক দান কৰোঁতাসকলে ভাল পদ পায়।

এতিয়া তোমালোক সকলো হৈছা আত্মিক পাণ্ডা। তোমালোকে প্ৰদৰ্শনী বা সংগ্ৰহালয় (মিউজিয়াম) খোলা তেতিয়া এনেকুৱা নাম লিখা যাতে এইটো সিদ্ধ হৈ যায় যে স্বৰ্গৰ মাৰ্গ-দৰ্শক (গাইড টু হেভেন) বা নতুন বিশ্বৰ ৰাজধানীৰ মাৰ্গ-মাৰ্গ-দৰ্শক। কিন্তু মনুষ্যই একোৱেই বুজি নাপায়। এয়া হয়েই কাঁইটৰ জংঘল। স্বৰ্গ হল ফুলৰ বাগিচা, যত দেৱতাসকল থাকে। তোমালোক সন্তানসকলৰ এইটো নিচা থকা উচিত যে আমি পিতাক স্মৰণ কৰি জন্ম-জন্মান্তৰৰ বাবে পবিত্ৰ হওঁ। তোমালোকে জানা যে লাগিলে যিমানে বিঘিনি নাহক স্বৰ্গৰ স্থাপনতো নিশ্চয় হবই। নতুন সৃষ্টিৰ স্থাপনা আৰু পুৰণি সৃষ্টিৰ বিনাশ হবই। এইখন পূৰ্ব নিৰ্ধাৰিত ড্ৰামা, ইয়াত সংশয়ৰ কথাই নাই। অলপো সংশয় আনিব নালাগে। এনেকৈতো সকলোৱে কয় পতিত-পাৱন। ইংৰাজীতো কয় আহি দুখৰ পৰা লিবাৰেট কৰা (মুক্তি দিয়া)। দুখ হয়েই 5 বিকাৰৰ পৰা। সেইখন হয়েই (নিৰ্বিকাৰী বিশ্ব (ভাইচলেচ ৱৰ্ল্ড), সুখধাম। এতিয়া তোমালোক সন্তানসকল স্বৰ্গলৈ যাব লাগে। মনুষ্যই ভাবে স্বৰ্গ ওপৰত আছে, তেওঁলোকে এইটো গম নাপায় যে মুক্তিধাম ওপৰত আছে। জীৱনমুক্তিততো ইয়াতেই আহিব লাগিব। এই পিতাই তোমালোকক বুজায়, সেয়া ভালদৰে ধাৰণ কৰি জ্ঞান (নলেজ) মন্থন কৰিব লাগে। বিদ্যাৰ্থীয়েও (ষ্টুডেণ্টেও) ঘৰত এয়াই খেয়াল কৰি থাকে এইখন প্ৰশ্নকাকত (পেপাৰ) পূৰ কৰি দিব লাগিব, আজি এয়া কৰিব লাগিব। গতিকে তোমালোক সন্তানসকলে নিজৰ কল্যাণৰ বাবে আত্মাক সতোপ্ৰধান কৰি তুলিব লাগে। পবিত্ৰ হৈ মুক্তিধামলৈ যাব লাগে আৰু জ্ঞানেৰে পুনৰ দেৱতা হোৱা। আত্মাই কয় নহয় যে আমি মনুষ্যৰ পৰা বেৰিষ্টাৰ হওঁ। আমি আত্মাই মনুষ্যৰ পৰা গৱৰ্ণৰ হওঁ। আত্মাই শৰীৰ সহিত হয়। শৰীৰ এৰিলে তেতিয়া আকৌ নতুনকৈ পঢ়িবলগা হয়। আত্মাইহে বিশ্বৰ মালিক হবলৈ পুৰুষাৰ্থ কৰে। পিতাই কয় এইটো দৃঢ়ভাৱে স্মৃতিত ৰাখি লোৱা যে আমি আত্মা হওঁ, দেৱতাসকলক এনেকৈ কবলগীয়া নহয়, স্মৰণ কৰিবলগীয়া নহয় কিয়নো তেওঁলোকতো পাৱন হয়েই। প্ৰালব্ধ ভোগ কৰি আছে, পতিততো নহয় যে পিতাক স্মৰণ কৰিব। তোমালোক আত্মাসকল পতিত হোৱা সেইবাবে পিতাক স্মৰণ কৰিব লাগে। তেওঁলোকৰতো স্মৰণ কৰাৰ দৰকাৰ নাই। এইখন নাটক নহয় জানো। এটা দিনো একে সমান নহয়। এই নাটক চলি থাকে। গোটেই দিনটোৰ ভূমিকা চেকেণ্ডৰ পাচত চেকেণ্ড সলনি হৈ থাকে। দৃশ্যগ্ৰহণ (শ্বুটিং) হৈ থাকে। সেয়েহে পিতাই সন্তানসকলক বুজায়, কোনো কথাতে হাৰ্টফেইল নহবা। এয়া জ্ঞানৰ কথা। লাগিলে নিজৰ পেছাগত কাম-কাজ আদিও কৰা, কিন্তু ভৱিষ্যতে উচ্চ পদ পাবলৈ পূৰা পুৰুষাৰ্থ কৰা। গৃহস্থ ব্যৱহাৰতো থাকিব লাগে। কুমাৰীসকলতো গৃহস্থালিত যোৱাই নাই। গৃহস্থী তেওঁলোকক কোৱা হয় যিসকলৰ সতি-সন্ততি আছে। পিতাইতো অৰ্ধকুমাৰী আৰু কুমাৰী সকলোকে পঢ়ায়। অৰ্ধকুমাৰীৰো অৰ্থ বুজি নাপায়। কি আধা শৰীৰ নেকি? এতিয়া তোমালোকে জানা যে কন্যাসকল পবিত্ৰ হয় আৰু অৰ্ধ কন্যা তেওঁলোকক কোৱা হয় যিসকল অপৱিত্ৰ হোৱাৰ পাচত পুনৰ পবিত্ৰ হয়। তোমালোকৰে স্মৃতিচিহ্ন থিয় হৈ আছে। পিতাইহে তোমালোক সন্তানসকলক বুজায়। পিতাই তোমালোকক পঢ়াই আছে। তোমালোকে জানা আমি আত্মাসকলে মূলবতনকো জানো, আকৌ সূৰ্যবংশী, চন্দ্ৰবংশীসকলে কেনেকৈ ৰাজত্ব কৰে, ক্ষত্ৰিয়সকলৰ পৰিচয়সূচক চিন ধনু কিয় দিলে, সেয়াও তোমালোকে জানা। যুদ্ধ আদিৰতো কথাই নহয়। অসুৰৰ কথাও নহয়, চুৰিৰ কথাও প্ৰমাণিত নহয়। এনেকুৱাতো কোনো ৰাৱণ নাথাকে যিয়ে সীতাক লৈ যাব। সেয়েহে পিতাই বুজায় মৰমৰ সন্তানসকল, তোমালোকে বুজি পোৱা যে আমি স্বৰ্গৰ (হেভেনৰ), মুক্তি-জীৱনমুক্তিৰ পাণ্ডা হওঁ। তেওঁলোক হল পাৰ্থিৱ (শাৰীৰিক) পাণ্ডা। আমি হৈছোঁ আত্মিক পাণ্ডা। তেওঁলোক হল কলিযুগী ব্ৰাহ্মণ। পুৰুষোত্তম হোৱাৰ বাবে পঢ়ি আছে। আমি পুৰুষোত্তম সংগমযুগত আছোঁ। বাবাই অনেক প্ৰকাৰেৰে বুজাই আছে। তথাপিও দেহ-অভিমানত অহাৰ বাবে পাহৰি যায়। মই আত্মা হওঁ, পিতাৰ সন্তান হওঁ, সেইটো নিচা নাথাকে। যিমান স্মৰণ কৰি থাকিবা সিমানে দেহ-অভিমান নাইকিয়া হৈ যাব। নিজকে সাৱধান কৰি থাকা। চোৱা, মোৰ দেহ-অভিমান আঁতৰিলনে? আমি এতিয়া গৈ আছোঁ পুনৰ আমি বিশ্বৰ মালিক হম। আমাৰ ভূমিকাই (পাৰ্টেই) হল নায়ক-নায়িকাৰ (মুখ্য ভাৱৰীয়াৰ) (হিৰ-হিৰইনৰ)। নায়ক-নায়িকা নাম তেতিয়া দিয়া হয় যেতিয়া কোনোবাই বিজয় লাভ কৰে। তোমালোক বিজয়ী হোৱা তেতিয়া তোমালোকে নায়ক-নায়িকা নাম পোৱা এই সময়ত, ইয়াৰ আগতে নাছিল। পৰাজিত হোৱাসকলক নায়ক-নায়িকা বুলি কোৱা নহয়। তোমালোক সন্তানসকলে জানা আমি এতিয়া গৈ নায়ক-নায়িকা হওঁ। তোমালোকৰ ভূমিকা উচ্চতকৈও উচ্চ। কড়ি আৰু হীৰাৰ মাজততো বহুত পাৰ্থক্য আছে। লাগিলে কোনোবা যিমানে লাখপতি বা কোটিপতি নহওক কিন্তু তোমালোকে জানা এই সকলো বিনাশ হৈ যাব।

তোমালোক আত্মাসকল ধনৱান হৈ যোৱা। বাকী সকলো দেউলীয়া হৈ গৈ আছে। এই সকলো কথা ধাৰণ কৰিব লাগে। নিশ্চয়ত থাকিব লাগে। ইয়াত নিচা বাঢ়ে, বাহিৰলৈ গলে নিচা নোহোৱা হয়। ইয়াৰ কথা ইয়াতে থাকি যায়। পিতাই কয় বুদ্ধিত থাকিব লাগে পিতাই আমাক পঢ়াই আছে। যি পঢ়াৰ দ্বাৰা আমি মনুষ্যৰ পৰা দেৱতা হৈ যামগৈ। এই ক্ষেত্ৰত কষ্টৰ কোনো কথা নাই। পেছাগত কাম-কাজ আদিৰ পৰাও কিছু সময় উলিয়াই স্মৰণ কৰিব পাৰা। এয়াও নিজৰ বাবে ধান্দা নহয় জানো। ছুটী লৈ গৈ পিতাক স্মৰণ কৰা। এওঁ কোনো মিছা কথা নকয়। গোটেই দিনটো এনেয়ে অতিবাহিত কৰিব লাগে জানো। আমি ভৱিষ্যতৰতো কিছু খেয়াল কৰোঁ। যুক্তি বহুত আছে, যিমান পাৰা সময় উলিয়াই পিতাক স্মৰণ কৰা। শৰীৰ নিৰ্বাহৰ অৰ্থে কাম-কাজ আদিও লাগিলে কৰা। মই তোমালোকক বিশ্বৰ মালিক হবলৈ বহুত ভাল ৰায় দিওঁ। তোমালোক সন্তানসকলো সকলোকে ৰায় দিওঁতা হলা। পৰামৰ্শদাতা ৰায় দিয়াৰ বাবে থাকে নহয় জানো। তোমালোক পৰামৰ্শদাতা (এডভাইজাৰ) হোৱা। সকলোৱে মুক্তি-জীৱনমুক্তি কেনেকৈ পাব, এইটো জন্মত সেই ৰাস্তা দেখুৱাই দিয়া। মনুষ্যই শ্লোগান আদি প্ৰস্তুত কৰে তেতিয়া দেৱালৰ ওপৰত লগাই দিয়ে। যেনেকৈ তোমালোকে লিখা পবিত্ৰ হোৱা আৰু ৰাজযোগী হোৱা (বি হোলী এণ্ড ৰাজযোগী)। কিন্তু তাৰ দ্বাৰা বুজি নাপাব। এতিয়া তোমালোকে বুজি পোৱা আমি পিতাৰ পৰা এই উত্তৰাধিকাৰ পাই আছোঁ, মুক্তিধামৰো উত্তৰাধিকাৰ আছে। মোক তোমালোকে পতিত-পাৱন বুলি কোৱা গতিকে মই আহি পাৱন হোৱাৰ ৰায় দিওঁ। তোমালোকো পৰামৰ্শদাতা হোৱা। মুক্তিধামলৈ কোনেও যাব নোৱাৰে, যেতিয়ালৈ পিতাই পৰামৰ্শ (এডভাইজ) নিদিয়ে, শ্ৰীমত নিদিয়ে। শ্ৰী অৰ্থাৎ শ্ৰেষ্ঠ মত হয়েই শিৱবাবাৰ। আত্মাসকলে শিৱবাবাৰ শ্ৰীমত লাভ কৰে। পাপ আত্মা, পুণ্য আত্মা বুলি কোৱা হয়। পাপ শৰীৰ বুলি কোৱা নহয়। আত্মাই শৰীৰৰ দ্বাৰা পাপ কৰে সেইবাবে পাপ আত্মা বুলি কোৱা হয়। শৰীৰ অবিহনে আত্মাই পাপ আৰু পুণ্য কোনোটোৱে কৰিব নোৱাৰে। গতিকে যিয়ে যিমান পাৰা বিচাৰ সাগৰ মন্থন কৰা। সময়তো বহুত আছে। শিক্ষক বা প্ৰবক্তা (টিচাৰ বা প্ৰফেচৰ) হলে তেন্তে তেওঁলোককো যুক্তিৰে এই আত্মিক পঢ়া পঢ়োৱা উচিত, যাৰ দ্বাৰা কল্যাণ হব। বাকী এই পাৰ্থিৱ পঢ়াৰে কি হব। আমি এয়া পঢ়ুৱাও। বাকী কিছু দিন আছে, বিনাশ সমাগত। অন্তৰত উল্লাস আহি থাকিব কেনেকৈ মনুষ্যক ৰাস্তা দেখুৱাওঁ।

এজনী কন্যাই প্ৰশ্নকাকত (পেপাৰ) পাইছিল যত গীতাৰ ভগৱানৰ কথা সোধা হৈছিল। তেতিয়া তেওঁ লিখি দিলে গীতাৰ ভগৱান হৈছে শিৱ, তেতিয়া তেওঁক অনুত্তীৰ্ণ কৰাই দিলে। তেওঁ ভাবিছিল মইতো পিতাৰ মহিমা লিখিছোঁ গীতাৰ ভগৱান শিৱ হয়। তেওঁ জ্ঞানৰ সাগৰ, প্ৰেমৰ সাগৰ হয়। কৃষ্ণৰ আত্মায়ো জ্ঞান পাই আছে। এনেকৈ লিখাত অনুত্তীৰ্ণ হৈ গল। মা-পিতাক কলে মই এয়া নপঢ়োঁ। এতিয়া এই আত্মিক পঢ়াত লাগি যাম। কন্যাজনীও বহুত উত্তম (ফাৰ্ষ্টক্লাছ) হয়। প্ৰথমতেই কৈছিল - মই এনেকৈ লিখিম, অনুত্তীৰ্ণ হৈ যাম। কিন্তু সঁচাতো লিখিব লাগে নহয় জানো। আগলৈ গৈ বুজিব যথাৰ্থতে এই কন্যাজনীয়ে যি লিখিছিল সেয়া সত্য হয়। যেতিয়া প্ৰভাৱ বিস্তাৰ হব বা প্ৰদৰ্শনী অথবা সংগ্ৰহালয়ত তেওঁক মাতিব তেতিয়া গম পাব আৰু বুদ্ধিত উদয় হব যে এয়াতো শুদ্ধ (ৰাইট) হয়। অনেক মনুষ্য আহে গতিকে বিচাৰ কৰিব লাগে এনেকুৱা কৰোঁ যাতে মনুষ্যই তৎক্ষণাৎ বুজি পাই যায় যে এয়া কিবা নতুন কথা। কোনোবা নহয় কোনোবাই যিসকল ইয়াৰ হব নিশ্চয় বুজিব। তোমালোকে সকলোকে আত্মিক ৰাস্তা দেখুওৱা। বেচেৰাহঁত কিমান দুখী, তেওঁলোক সকলোৰে দুখ কেনেকৈ দূৰ কৰোঁ। বাদ-বিবাদতো বহুত আছে নহয় জানো। ইজন সিজনৰ শত্ৰু হলে তেতিয়া কেনেকৈ হত্যা কৰি দিয়ে। এতিয়া পিতাই সন্তানসকলক ভালদৰে বুজাই থাকে। মাতৃসকলতো বেচেৰীহঁত অবোধ হয়। তেওঁলোকে কয় আমিতো পঢ়া-লিখা কৰা নাই। পিতাই কয় যদি পঢ়া নাই তেন্তে আৰু ভাল। বেদ-শাস্ত্ৰ যি কিছু পঢ়িছে সেই সকলো ইয়াত পাহৰি যাব লাগে। এতিয়া মই যি শুনাওঁ, সেয়া শুনা। বুজাব লাগে নিৰাকাৰ পৰমপিতা পৰমাত্মা অবিহনে সৎগতি কোনেও কৰিব নোৱাৰে। মনুষ্যৰ জ্ঞানেই নাই তেন্তে তেওঁলোকে আকৌ সৎগতি কেনেকৈ কৰিব পাৰে। সৎগতিদাতা জ্ঞানৰ সাগৰ হয়েই এজন। মনুষ্যই জানো এনেকৈ কব, যিসকল ইয়াৰ হব তেওঁলোকেই বুজিবলৈ চেষ্টা কৰিব। কোনোবা এজনো যদি ডাঙৰ ব্যক্তি ওলাই আহে (জ্ঞান ধাৰণ কৰে) তেতিয়া আৱাজ (প্ৰভাৱ বিস্তাৰ) হব। গায়ন আছে তুলসীদাস গৰিবৰ কথা কোনেও নুশুনে। সেৱাৰ (ছাৰ্ভিচৰ) যুক্তিতো বাবাই বহুত শুনায়, সন্তানসকলে সেয়া কাৰ্যক্ষেত্ৰত কৰিব লাগে। ভাল বাৰু!

অতি মৰমৰ, কল্পৰ পাচত পুনৰাই লগ পোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু গুডমৰ্ণিং। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।

ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) পেছাগত কাম-কাজ আদি কৰি ভৱিষ্যতে উচ্চ পদ পাবলৈ স্মৃতিত থকাৰ পূৰা পূৰা পুৰুষাৰ্থ কৰিব লাগে। এই নাটক (ড্ৰামা) চেকেণ্ডৰ পাচত চেকেণ্ড সলনি হৈ থাকে সেইবাবে কেতিয়াবা কোনো দৃশ্য (চিন) দেখি হাৰ্টফেইল হব নালাগে।

(2) এই আত্মিক পঢ়া পঢ়ি আনকো পঢ়াব লাগে, সকলোৰে কল্যাণ কৰিব লাগে। ভিতৰত এইটোৱে উল্লাস আহি থাকিব লাগে যে আমি কেনেকৈ সকলোকে পাৱন হোৱাৰ বিজ্ঞাপন (এডভাৰটাইজ) দিওঁ। ঘৰৰ ৰাস্তা দেখুৱাওঁ।

বৰদান:
দ্বৈত (ডবল) সেৱাৰ দ্বাৰা অলৌকিক শক্তিৰ সাক্ষাৎকাৰ কৰাওঁতা বিশ্ব সেৱাধাৰী হোৱা

যেনেকৈ পিতাৰ স্বৰূপেই হল বিশ্ব সেৱক, ঠিক তেনেকৈ তোমালোকো পিতাৰ সমান বিশ্ব সেৱাধাৰী হোৱা। শৰীৰৰ দ্বাৰা স্থূল সেৱা কৰিও মনেৰে বিশ্ব পৰিৱৰ্তনৰ সেৱাত তৎপৰ হৈ থাকা। একে সময়তে তন আৰু মনেৰে একেলগে সেৱা হওক। যিয়ে মন আৰু কৰ্মৰে একেলগে দুয়োটা সেৱা কৰে, তেওঁক দেখোঁতাজনৰ অনুভৱ অথবা সাক্ষাৎকাৰ হৈ যায় যে এয়া কিবা অলৌকিক শক্তি সেইবাবে এইটো অভ্যাসক নিৰন্তৰ আৰু স্বাভাৱিক (নেচাৰেল) কৰা। মনৰ সেৱাৰ বাবে বিশেষকৈ একাগ্ৰতাৰ অভ্যাস বঢ়োৱা।

স্লোগান:
সকলোৰে প্ৰতি গুণগ্ৰাহক হোৱা কিন্তু অনুসৰণ (ফল) পিতা ব্ৰহ্মাক কৰা।