02.10.20       Morning Assame Murli        Om Shanti      BapDada       Madhuban


"মৰমৰ সন্তানসকল এই পুৰুষোত্তম সংগমযুগ কল্যাণকাৰী যুগ, ইয়াতেই পৰিৱৰ্তন হয়, তোমালোক কনিষ্ঠৰ পৰা উত্তম পুৰুষ হোৱা

প্ৰশ্ন:
এই জ্ঞানমাৰ্গত কোনটো কথা ভাবিলে বা কলে কেতিয়াও উন্নতি হব নোৱাৰে?

উত্তৰ:
নাটকত থাকিলে পুৰুষাৰ্থ কৰি লম। নাটকে যদি কৰায় কৰি লম। এনেকৈ ভবা বা কোৱাসকলৰ কেতিয়াও উন্নতি হব নোৱাৰে। এনেকৈ কোৱাটোৱে ভুল। তোমালোকে জানা এতিয়া আমি যি পুৰুষাৰ্থ কৰি আছোঁ, এয়াও নাটকত নিৰ্ধাৰিত হৈ আছে। পুৰুষাৰ্থ কৰিবই লাগে।

গীত:
য়হ কহানী হে দিৱে ঔৰ তুফান কি.. (এয়া চাকি আৰু ধুমুহাৰ কাহিনী..)

ওঁম্শান্তি।
এয়া হল কলিযুগী মনুষ্যৰ গীত। কিন্তু ইয়াৰ অৰ্থ তেওঁলোকে নাজানে। এয়া তোমালোকে জানা। তোমালোক এতিয়া হৈছা পুৰুষোত্তম সংগমযুগী। সংগমযুগৰ লগত পুৰুষোত্তম বুলিও লিখিব লাগে। সন্তানসকলৰ জ্ঞানৰ কথাবোৰ স্মৃতিত নথকাৰ কাৰণে আকৌ এনেকুৱা শব্দবোৰ লিখিবলৈ পাহৰি যায়। এইটো হৈছে মুখ্য, ইয়াৰ অৰ্থও তোমালোকেহে বুজিব পাৰা। পুৰুষোত্তম মাহো থাকে। এয়া আকৌ হৈছে পুৰুষোত্তম সংগমযুগ। এই সংগমৰো এটা উৎসৱ আছে। এই উৎসৱ সকলোতকৈ উচ্চ। তোমালোকে জানা এতিয়া আমি পুৰুষোত্তম হৈ আছোঁ। উত্তমতকৈও উত্তম পুৰুষ। উচ্চতকৈও উচ্চ চহকীতকৈও চহকী প্ৰথম নম্বৰৰ বুলি কোৱা হয় এই লক্ষ্মী-নাৰায়ণক। শাস্ত্ৰবিলাকত দেখুৱায়- ডাঙৰ প্ৰলয় হল। পাচত প্ৰথম নম্বৰৰ শ্ৰীকৃষ্ণ সাগৰত আহতৰ পাতত আহিল। এতিয়া তোমালোকে কি কবা? প্ৰথম নম্বৰত হল এই শ্ৰীকৃষ্ণ, যাক শ্যাম-সুন্দৰ বুলি কোৱা হয়। দেখুৱায় - বুঢ়া আঙুলি চুপি আহিল। কেচুৱাতো গৰ্ভতহে থাকে। সেয়েহে পোন-প্ৰথমে জ্ঞান সাগৰৰ পৰা ওলোৱা উত্তমতকৈও উত্তম পুৰুষ হৈছে শ্ৰীকৃষ্ণ। জ্ঞান সাগৰৰ দ্বাৰা স্বৰ্গৰ স্থাপনা হয়। তাত প্ৰথম নম্বৰৰ পুৰুষোত্তম এই শ্ৰীকৃষ্ণ আৰু এয়া হল জ্ঞানৰ সাগৰ, পানীৰ নহয়। প্ৰলয়ো নহয়। কোনো সন্তান নতুনকৈ আহে তেতিয়া পিতাই পুনৰ পুৰণি কথাবোৰ পুনৰাবৃত্তি কৰিবলগীয়া হয়। সত্যযুগ-ত্ৰেতা-দ্বাপৰ-কলিযুগ এই 4টা যুগতো আছে। পঞ্চমতো আকৌ হল পুৰুষোত্তম সংগমযুগ। এইটো যুগত মনুষ্য পৰিৱৰ্তন হয়। কনিষ্ঠৰ পৰা সৰ্বোত্তম হয়। যেনেকৈ শিৱবাবাকো পুৰুষোত্তম বা সৰ্বোত্তম বুলি কয় নহয় জানো। তেওঁ হয়েই পৰম আত্মা, পৰমাত্মা। আকৌ পুৰুষসকলৰ ভিতৰত উত্তম হল এই লক্ষ্মী-নাৰায়ণ। এওঁলোকক এনেকৈ কোনে গঢ়ি তুলিলে? এইটো তোমালোক সন্তানসকলেহে জানা। সন্তানসকলেও বুজিব পাৰিছে। এই সময়ত আমি এনেকুৱা হবলৈ পুৰুষাৰ্থ কৰোঁ। পুৰুষাৰ্থ কোনো ডাঙৰ নহয়। একেবাৰে সৰল। শিকোঁতাসকলো অৱলা, কুজা যিয়ে একো লিখা-পঢ়া কৰা নাই। তেওঁলোকৰ কাৰণে কিমান সহজকৈ বুজোৱা হয়। চোৱা আহমদাবাদত এজন সাধু আছিল তেওঁ কৈছিল মই একো খোৱা-বোৱা নকৰোঁ। বাৰু কোনোবাই গোটেই আয়ুস খোৱা-বোৱা নকৰিলে তাতে কি হল? প্ৰাপ্তিতো একো নাই। বৃক্ষয়ো খাদ্যতো পায় নহয় জানো। সাৰ-পানী আদি স্বাভাৱিকভাৱে পায়, যাৰ দ্বাৰা বৃক্ষৰ বৃদ্ধি হয়। তেওঁলোকেও কিবা তন্ত্ৰ-মন্ত্ৰ পাইছে চাগৈ। এনেকুৱা বহুত আছে যিয়ে জুইৰ মাজেদি, পানীৰ ওপৰেদি গুচি যায়। ইয়াৰ পৰা লাভনো কি। তোমালোকৰতো এই সহজ ৰাজযোগৰ দ্বাৰা জন্ম-জন্মান্তৰলৈ লাভ হয়। তোমালোকক জন্ম-জন্মান্তৰৰ কাৰণে দুখীৰ পৰা সুখী কৰি তোলে। পিতাই কয়- সন্তানসকল, নাটক অনুসৰি মই তোমালোকক গূঢ় কথা শুনাওঁ।

যেনেকৈ বাবাই বুজাইছে শিৱ আৰু শঙ্কৰক একাকাৰ কৰা কিয়? শঙ্কৰৰতো এই সৃষ্টিত ভূমিকাই নাই। শিৱৰ, ব্ৰহ্মাৰ, বিষ্ণুৰ ভূমিকা আছে। ব্ৰহ্মা আৰু বিষ্ণুৰ আৰম্ভণিৰ পৰা শেষলৈ ভুমিকা আছে। শিৱবাবাৰো এই সময়ত ভূমিকা আছে, যিয়ে আহি জ্ঞান দিয়ে। পুনৰ নিৰ্বাণধামত গুচি যায়। সন্তানসকলক সম্পত্তি দি নিজে বানপ্ৰস্থত গুচি যায়। বানপ্ৰস্থী হোৱা অৰ্থাৎ গুৰুৰ দ্বাৰা বাণীৰ সিপাৰে যোৱাৰ পুৰুষাৰ্থ কৰা। কিন্তু উভতিতো কোনেও যাব নোৱাৰে কিয়নো বিকাৰী ভ্ৰষ্টাচাৰী হয়। বিকাৰেৰে জন্মতো সকলোৰে হয়। এই লক্ষ্মী-নাৰায়ণ নিৰ্বিকাৰী হয়, তেওঁলোকৰ বিকাৰেৰে জন্ম নহয় সেইকাৰণে শ্ৰেষ্ঠাচাৰী বুলি কোৱা হয়। কুমাৰীসকলো নিৰ্বিকাৰী - সেইকাৰণে তেওঁলোকৰ আগত মূৰ দোৱায়। গতিকে বাবাই বুজাইছে যে ইয়াত শঙ্কৰৰ কোনো ভূমিকা নাই, বাকী প্ৰজাপিতা ব্ৰহ্মাতো নিশ্চয় প্ৰজাসকলৰ পিতা হল নহয় জানো। শিৱবাবাকতো আত্মাসকলৰ পিতা বুলি কব। তেওঁ হল অবিনাশী পিতা, এই গূঢ় কথাবোৰ ভালদৰে ধাৰণ কৰিব লাগে। যিসকল ডাঙৰ ডাঙৰ দাৰ্শনিক পণ্ডিত আছে, তেওঁলোকে বহুত উপাধি পায়। শ্ৰী শ্ৰী 108ৰ উপাধিও বিদ্বানসকলে পায়। বাৰানসীৰ কলেজৰ পৰা উত্তীৰ্ণ হৈ উপাধি লৈ আহে। বাবাই সেইকাৰণে গুপ্তাজীক বাৰানসীলৈ পঠিয়াইছিল যাতে তেওঁলোকক গৈ বুজায় যে পিতাৰেই উপাধি নিজৰ ওপৰত লৈ বহি আছা। পিতাক শ্ৰী শ্ৰী 108 জগতগুৰু বুলি কোৱা হয়। মালাও 108ৰ থাকে। 8 (আঠ) ৰত্নৰ গায়ন আছে। তেওঁলোক সন্মান সহকাৰে উত্তীৰ্ণ হয় সেইকাৰণে তেওঁলোকক জপ কৰে। আকৌ তাতকৈ কম 108 ৰ পূজা কৰে। যেতিয়া যজ্ঞ ৰচে তেতিয়া কোনোবাই 1000 শালগ্ৰাম সাজে, কোনোবাই 10 হাজাৰ, কোনোবাই 50 হাজাৰ, কোনোবাই লাখো সাজে। মাটিৰে সাজি আকৌ যজ্ঞ ৰচে। চহকী ব্যক্তি, ভালতকৈ ভাল, ডাঙৰ চহকী হলে লাখৰ হিচাপত সাজিব। পিতাই বুজাইছে মালাতো ডাঙৰ হয় নহয় জানো- 16108 ৰ মালা সাজে। এয়া তোমালোক সন্তানসকলক পিতাই বহি বুজায়। তোমালোক সকলোৱে এতিয়া পিতাৰ সৈতে ভাৰতৰ সেৱা কৰি আছা। পিতাৰ পূজা হয় যেতিয়া সন্তানসকলৰো পূজা হব লাগে, এইটো নাজানে যে ৰুদ্ৰ পূজা কিয় হয়। সন্তানতো সকলো শিৱবাবাৰ হয়। এই সময়ত সৃষ্টিৰ কিমান জনসংখ্যা ইয়াৰ সকলো আত্মাই শিৱবাবাৰ সন্তান হল নহয় জানো। কিন্তু সহায়কাৰী সকলো নহয়। এই সময়ত তোমালোকে যিমান স্মৰণ কৰা সিমান উচ্চ হোৱা। পূজন যোগ্য হোৱা। এনেকুৱা আৰু কাৰো শক্তি নাই যে এই কথাবোৰ বুজাব সেইকাৰণে কৈ দিয়ে ঈশ্বৰৰ অন্ত কোনেও নাজানে। পিতাহে আহি বুজায়, পিতাক জ্ঞানৰ সাগৰ বুলি কোৱা হয় তেন্তে নিশ্চয় জ্ঞান দিব নহয় জানো। প্ৰেৰণাৰতো কথা নাথাকে। ভগৱানে জানো প্ৰেৰণাৰে বুজায়। তোমালোকে জানা তেওঁৰ সৃষ্টিৰ আদি-মধ্য-অন্তৰ জ্ঞান আছে। সেয়া আকৌ তোমালোক সন্তানসকলক শুনায়। এইটোতো নিশ্চয় আছে - নিশ্চয় থকা সত্ত্বেও আকৌ পিতাক পাহৰি যায়। পিতাৰ স্মৃতি, এয়া হল পঢ়াৰ সাৰ। স্মৃতিৰ যাত্ৰাৰ দ্বাৰা কৰ্মাতীত অৱস্থা পাবলৈ মেহনত হয়, ইয়াতেই মায়াৰ বিঘিনি আহে। পঢ়াত ইমান বিঘিনি নাহে। এতিয়া শঙ্কৰৰ কাৰণে কয়, শঙ্কৰে চকু মেলিলে তেতিয়া বিনাশ হয়, এনেকৈ কোৱাতোও ঠিক নহয়। পিতাই কয়- ময়ো বিনাশ নকৰাওঁ, শঙ্কৰেও বিনাশ নকৰায়, এইটো ভুল। দেৱতাসকলে জানো পাপ কৰিব। এতিয়া শিৱবাবাই বহি এই কথাবোৰ বুজায়। আত্মাৰ এই শৰীৰ হৈছে ৰথ। প্ৰত্যেক আত্মাই নিজৰ ৰথত আৰোহী হৈ আছে। পিতাই কয় - মই এওঁৰ শৰীৰ ধাৰত লওঁ, সেইকাৰণে মোৰ দিব্য অলৌকিক জন্ম বুলি কোৱা হয়। এতিয়া তোমালোকৰ বুদ্ধিত 84 ৰ চক্ৰ আছে। জানা যে এতিয়া আমি ঘৰলৈ যাম, আকৌ স্বৰ্গলৈ আহিম। বাবাই বহুত সহজ কৰি বুজায়, ইয়াত হাৰ্টফেইল হব নালাগে। কয় বাবা আমি লিখা-পঢ়া নাজানো। মুখেৰে একো নোলায়। কিন্তু এনেকুৱাতো নহয়। মুখতো নিশ্চয় চলেই। আহাৰ গ্ৰহণ কৰোঁতে মুখ চলে নহয় জানো। মুখেৰে বাণী নোলায় এনেকুৱাতো হব নোৱাৰে। বাবাই বহুত সৰলকৈ বুজাইছে। কোনোবাই মৌন হৈ থাকিলে তেতিয়াও ওপৰলৈ ইঙ্গিত দিয়ে যে তেওঁক স্মৰণ কৰা। দুখ হৰ্তা, সুখ কৰ্তা সেই এজনেই দাতা হয়। ভক্তিমাৰ্গতো দাতা হয় এই সময়তো দাতা হয় পাচত বানপ্ৰস্থততো শান্তি আছেই। সন্তানসকলো শান্তিধামত থাকে। ভূমিকা নিৰ্ধাৰিত হৈ আছে, যিটো কাৰ্যত ৰূপায়িত হয়। এতিয়া আমাৰ ভূমিকা হল- বিশ্বক নতুন কৰি তোলা। তেওঁৰ নাম বহুত ভাল হেভেনলি গড ফাদাৰ (স্বৰ্গীয় ঈশ্বৰ পিতা)। পিতা হৈছে স্বৰ্গৰ ৰচয়িতা। পিতাই নৰক ৰচনা নকৰে। পুৰণি সৃষ্টি কোনোবাই ৰচে জানো। ঘৰ সদায় নতুন সজা হয়। শিৱবাবাই নতুন সৃষ্টি ৰচে ব্ৰহ্মাৰ দ্বাৰা। এওঁ ভূমিকা প্ৰাপ্ত কৰিছে - ইয়াত পুৰণি সৃষ্টিত যিয়েই মনুষ্য আছে, সকলোৱে এজনে আনজনক দুখ দি থাকে।

তোমালোকে জানা যে আমি শিৱবাবাৰ সন্তান। আকৌ শৰীৰধাৰী প্ৰজাপিতা ব্ৰহ্মাৰ সন্তান তোলনীয়া হৈ গলোঁ। আমাক জ্ঞান শুনাওঁতাজন হল শিৱবাবা ৰচয়িতা। যি নিজৰ ৰচনাৰ আদি-মধ্য-অন্তৰ জ্ঞান শুনায়। তোমালোকৰ লক্ষ্য-উদ্দেশ্যই হৈছে এনেকুৱা হোৱা। মনুষ্যই চোৱা কিমান খৰচ কৰি মাৰ্বল আদিৰ মূৰ্তি সাজে। এয়া হল ঈশ্বৰীয় বিশ্ব বিদ্যালয়, ৱৰ্ল্ড ইউনিভাৰ্ছিটি। গোটেই বিশ্বক পৰিৱৰ্তন কৰা হয়। তেওঁলোকৰ যি চৰিত্ৰ সেয়া সকলো আসুৰিক। আদি-মধ্য-অন্ত দুখ দিওঁতা হয়। এয়া হল ঈশ্বৰীয় ইউনিভাৰ্ছিটি। ঈশ্বৰীয় বিশ্ব বিদ্যালয় এখনেই, যিখন ঈশ্বৰ আহি খোলে, যাৰ দ্বাৰা গোটেই বিশ্বৰ কল্যাণ হৈ যায়। তোমালোক সন্তানসকলৰ এতিয়া শুদ্ধ আৰু ভুলৰ বোধ হৈছে আৰু কোনো মনুষ্য নাই যিয়ে বুজি পায়। শুদ্ধ ভুল বুজোৱাজন এজনেই সত্যনিষ্ঠ, যাক ট্ৰুথ (সত্য) বুলি কয়। পিতাহে আহি প্ৰত্যেককে সত্যনিষ্ঠ কৰি তোলে। সত্যনিষ্ঠ হলে তেতিয়া আকৌ মুক্তিলৈ গৈ জীৱনমুক্তিলৈ আহিব। নাটকখনকো তোমালোক সন্তানসকলে জানা। আদিৰ পৰা অন্তলৈকে ভূমিকা পালন কৰিবলৈ ক্ৰমানুসৰি আহা। এই খেল চলিয়েই থাকে। নাটকৰ দৃশ্যগ্ৰহণ হৈ গৈ থাকে। এয়া সদায় নতুন। এই নাটকখন কেতিয়াও পুৰণা নহয়, বাকী সকলো নাটক আদি বিনাশ হৈ যায়। এইখন বেহদৰ (অসীমৰ) অবিনাশী নাটক হয়। ইয়াত সকলো অবিনাশী ভূমিকা পালন কৰোঁতা। অবিনাশী খেল বা মণ্ডপ (মঞ্চ) চোৱা কিমান ডাঙৰ। পিতা আহি পুৰণি সৃষ্টিক পুনৰ নতুন কৰি গঢ়ি তোলে। সেই সকলোবোৰ তোমালোকৰ সাক্ষাৎকাৰ হব। যিমান সমীপত আহিবা সিমান তোমালোক আনন্দিত হবা। সাক্ষাৎকাৰ হব। কব এতিয়া ভূমিকা পূৰা হল। নাটক আকৌ পুনৰাবৃত্তি কৰিব লাগে। আকৌ নতুনকৈ ভূমিকা পালন কৰিবা যেনেকৈ কল্পৰ পূৰ্বে কৰিছিলা। ইয়াত অলপো পাৰ্থক্য হব নোৱাৰে, সেইকাৰণে যিমান সম্ভৱ তোমালোক সন্তানসকলে উচ্চ পদ পাব লাগে। পুৰুষাৰ্থ কৰিব লাগে, বিবুদ্ধিত পৰিব নালাগে। নাটকে যি কৰাবলগীয়া আছে সেয়া কৰাব- এনেকৈ কোৱাটোও ভুল। আমিতো পুৰুষাৰ্থ কৰিবই লাগে। ভাল বাৰু!

অতি মৰমৰ, কল্পৰ পাচত পুনৰাই লগ পোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।

ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) পঢ়াৰ সাৰ বুদ্ধিত ৰাখি স্মৃতিৰ যাত্ৰাৰে কৰ্মাতীত অৱস্থা পাব লাগে। উচ্চ, পূজনীয় হবলৈ পিতাৰ পূৰা পূৰা সহায়কাৰী হব লাগে।

(2) সত্য পিতাৰ দ্বাৰা শুদ্ধ-ভুলৰ যি বোধ হৈছে, তাৰে সত্যনিষ্ঠ হৈ জীৱন বন্ধনৰ পৰা মুক্ত হব লাগে। মুক্তি আৰু জীৱনমুক্তিৰ উত্তৰাধিকাৰ লব লাগে।

বৰদান:
সংগমযুগৰ সকলো প্ৰাপ্তিক স্মৃতিত ৰাখি আৰোহণ কলাৰ অনুভৱ কৰোঁতা শ্ৰেষ্ঠ প্ৰালব্ধৰ অধিকাৰী হোৱা

পৰমাত্ম মিলন বা পৰমাত্ম জ্ঞানৰ বিশেষত্ব হল - অবিনাশী প্ৰাপ্তি হোৱাতো। এনেকুৱা নহয় যে সংগমযুগী জীৱন পুৰুষাৰ্থৰ আৰু সত্যযুগী জীৱন প্ৰালব্ধৰ। সংগমযুগৰ বিশেষত্ব হল এখোজ আগবাঢ়া আৰু হাজাৰ খোজ প্ৰালব্ধ লাভ কৰা। গতিকে কেৱল পুৰুষাৰ্থী নহয় কিন্তু শ্ৰেষ্ঠ প্ৰালব্ধ - এইটো স্বৰূপক সদায় সন্মুখত ৰাখা। প্ৰালব্ধক দেখি সহজেই আৰোহণ কলাৰ অনুভৱ কৰিবা। যি পাবলগীয়া আছিল সেয়া পাই গলোঁ - এইটো গীত গোৱা তেতিয়া শ্বাসৰুদ্ধ হোৱা আৰু কলমটিয়াই থকাৰ পৰা বাচি যাবা।

স্লোগান:
ব্ৰাহ্মণসকলৰ শ্বাস হৈছে সাহস, যাৰ দ্বাৰা কঠিনতকৈও কঠিন কামো সহজ হৈ যায়।


মাতেশ্বৰী জীৰ অমূল্য মহাবাক্য

মুক্তি আৰু মোক্ষ

আজিকালি মনুষ্যই মুক্তিকেই মোক্ষ বুলি কয়, তেওঁলোকে এনেকৈ বুজে যে যিয়ে মুক্তি পায় তেওঁ জন্ম মৰণৰ পৰা হাত সাৰি যায়। তেওঁলোকেতো জন্ম মৰণত নহা এইটোকেই উচ্চ পদ বুলি ভাবে, তাকেই প্ৰালব্ধ বুলি মানে। জীৱনমুক্তি আকৌ তাক এনেকৈ বুজে যে যিয়ে জীৱনত থাকি ভাল কাম কৰে, যেনেকৈ ধৰ্মাত্মাসকল, তেওঁলোকক জীৱনমুক্ত বুলি ভাবে। বাকী কৰ্মবন্ধনৰ পৰা মুক্ত হৈ যোৱা সেইটোতো কোটিৰ মাজত কোনোবাইহে বুজি পায়, এতিয়া এয়া হল তেওঁলোকৰ নিজৰ মত। কিন্তু আমিতো পৰমাত্মাৰ দ্বাৰা জানিছোঁ যে যেতিয়ালৈকে মনুষ্যই প্ৰথমে বিকাৰী কৰ্মবন্ধনৰ পৰা মুক্ত নহয় তেতিয়ালৈকে আদি-মধ্য-অন্ত দুখৰ পৰা মুক্ত হব নোৱাৰিব, সেয়েহে ইয়াৰ পৰা মুক্ত হোৱা এইটোও এটা অৱস্থা হয়। তাকো যেতিয়া ঈশ্বৰীয় জ্ঞানক ধাৰণ কৰিব তেতিয়াহে সেইটো অৱস্থাত উপনীত হব পাৰিব আৰু সেইটো অৱস্থাত উপনীত কৰাওঁতা স্বয়ং পৰমাত্মা হব লাগিব কাৰণ মুক্তি জীৱনমুক্তি তেওঁ দিয়ে, সেয়াও এবাৰেই আহি সকলোকে মুক্তি-জীৱনমুক্তি দি দিয়ে। বাকী পৰমাত্মা কেতিয়াও অনেকবাৰ নাহে আৰু এনেকৈ নভাবিবা যে পৰমাত্মায়ে সকলো অৱতাৰ ধাৰণ কৰে। ওঁম্‌ শান্তি।