02.11.19       Morning Assame Murli        Om Shanti      BapDada       Madhuban


"মৰমৰ সন্তানসকল পিতা আহিছে তোমালোক সন্তানসকলৰ শৃংগাৰ কৰিবলৈ, আটাইতকৈ ভাল শৃংগাৰ হৈছে পবিত্ৰতাৰ"

প্ৰশ্ন:
পূৰা 84 জন্ম লওঁতাসকলৰ মুখ্য চিন কি হব?

উত্তৰ:
1) তেওঁলোকে পিতাৰ লগতে শিক্ষক আৰু সৎগুৰু তিনিওৰে স্মৃতিত থাকিব। এনেকুৱা নহয় যে পিতা স্মৃতিলৈ আহিলে শিক্ষকক পাহৰি যাব। তিনিওজনকে স্মৰণ কৰিলেহে কৃষ্ণপুৰীলৈ যাব পাৰিব অৰ্থাৎ আদিৰ পৰা ভূমিকা পালন কৰিব পাৰিব।

2) তেওঁলোকক কেতিয়াও মায়াৰ ধুমুহাই পৰাজিত কৰিব নোৱাৰে।

ওঁম্শান্তি।
পিতাই প্ৰথমে সন্তানসকলক কয় - এইটো পাহৰিতো নোযোৱা যে তোমালোক পিতাৰ সন্মুখত, শিক্ষকৰ সন্মুখত আৰু সৎগুৰুৰ সন্মুখত বহি আছা। বাবাই নাভাবে যে সকলোৱে এইটো স্মৃতিত বহি আছে। তথাপিও বুজোৱাতো বাবাৰ কৰ্তব্য। এয়া হৈছে অৰ্থসহিত স্মৰণ কৰা। আমাৰ বাবা বেহদৰ (অসীমৰ) পিতাও হয়, শিক্ষকো হয় আৰু যথাযথ আমাৰ সৎগুৰুও হয় যিয়ে সন্তানসকলক লগত লৈ যাব। পিতা আহিছেই সন্তানসকলৰ শৃংগাৰ কৰিবলৈ। পবিত্ৰতাৰ দ্বাৰা শৃংগাৰ কৰি আহিছে। ধনো উভৈনদী কৰি দিয়ে। ধন দিয়ে নতুন সৃষ্টিৰ বাবে য'লৈ তোমালোক যাব লাগিব। সন্তানসকলে এয়া স্মৰণ কৰিব লাগে। সন্তানসকলে গাফিলতি কৰে যাৰ বাবে পাহৰি যায়। যি সম্পূৰ্ণ আনন্দ থাকিব লাগে সেয়া কমি যায়। এনেকুৱা পিতাতো কেতিয়াও পোৱা নাযায়। তোমালোকে জানা - আমি নিশ্চয় বাবাৰ সন্তান হয়। তেওঁ আমাক পঢ়ায় সেয়েহে শিক্ষকো নিশ্চয় হয়। আমাৰ পঢ়া হৈছেই নতুন সৃষ্টি অমৰপুৰীৰ বাবে। এতিয়া আমি সংগমযুগত বহি আছো। এইটো স্মৃতি সন্তানসকলৰ নিশ্চয় থকা উচিত। অতি দৃঢ়তাৰে স্মৰণ কৰিব লাগে। এইটোও জানা যে এই সময়ত কংসপুৰী আসুৰী সৃষ্টিত আছা। ধৰি লোৱা কাৰোবাৰ সাক্ষাৎকাৰ হয়, কিন্তু সাক্ষাৎকাৰৰ দ্বাৰা কোনো কৃষ্ণপুৰী, তেওঁৰ ৰাজবংশলৈ যাব নোৱাৰে। তেতিয়াহে যাব পাৰিব যেতিয়া পিতা, শিক্ষক, গুৰু তিনিওজনকে স্মৰণ কৰি থাকিব। এয়া আত্মাসকলৰ সৈতে বাৰ্তালাপ কৰা হয়। আত্মায়ে কয় - হয় বাবা। বাবা আপুনিতো সঁচা কথা কয়। আপুনি পিতাও হয় আৰু পঢ়াওতা শিক্ষকো হয়। পৰম আত্মাই পঢ়ায়। লৌকিক পঢ়াও আত্মাইহে শৰীৰৰ সৈতে পঢ়ায়। কিন্তু সেই আত্মাও পতিত সেয়েহে শৰীৰো পতিত। সৃষ্টিৰ মনুষ্যই এইটো নাজানে যে আমি নৰকবাসী।

এতিয়া তোমালোকে বুজি পোৱা যে এতিয়াতো আমি নিজৰ ধামলৈ যাম। এইখন তোমালোকৰ নিজৰ ধাম নহয়। এইখন হৈছে ৰাৱণৰ পৰৰ ধাম। তোমালোকৰ ধামততো অপাৰ সুখ আছে। কংগ্ৰেছী লোকসকলে এনেকৈ নুবুজে - আমি পৰৰ ৰাজ্যত আছো। আগতে মুছলমানৰ ৰাজ্যত আছিল, পিছত খ্ৰীষ্টিয়ানৰ ৰাজ্যত আহিল। এতিয়া তোমালোকে জানা যে আমি নিজৰ ৰাজ্যলৈ যাম। আগতে আমি ৰাৱণ ৰাজ্যকে নিজৰ ৰাজ্য বুলি ভাবিছিলো। এইটো পাহৰি গলো যে আমি আগতে ৰামৰাজ্যত আছিলো। পুনৰ 84 জন্মৰ চক্ৰত অহা বাবে ৰাৱণ ৰাজ্যত দুখী হৈ পৰিলো। পৰৰ ৰাজ্যততো দুখেই হয়। এই গোটেই জ্ঞান বুদ্ধিত থাকিব লাগে। পিতাতো নিশ্চয় স্মৃতিলৈ আহিব। কিন্তু তিনিওজনকে স্মৰণ কৰিব লাগে। এই জ্ঞানো মনুষ্যইহে ল'ব পাৰে। জন্তুৱেতো নপঢ়ে। এইটোও তোমালোক সন্তানসকলে বুজি পোৱা যে তাত (স্বৰ্গত) কোনো বেৰিষ্টাৰী আদিৰ পঢ়া-শুনা নাথাকে। পিতাই ইয়াতে তোমালোকক মালামাল কৰি আছে কিন্তু সকলোৱেতো ৰজা নহয়। বেপাৰো হয়তো চলিব কিন্তু তাত তোমালোকৰ বহুত ধন থাকে। লোকচান আদি হোৱাৰ নিয়ম নাথাকে। লুট-পাত আদি তাত নহয়। নামেই হৈছে স্বৰ্গ। এতিয়া তোমালোক সন্তানসকলৰ স্মৃতিত আহিছে যে আমি স্বৰ্গত আছিলো আকৌ পুনৰ্জন্ম লৈ-লৈ তললৈ নামিলো। পিতাই কাহানিও তেওঁলোককে শুনায়। 84 জন্ম যদি লোৱা নাই তেন্তে মায়াই পৰাজিত কৰি দিব। এয়াও পিতাই বুজাই থাকে। মায়াৰ ধুমুহা কিমান প্ৰবল। বহুতকে মায়াই হৰুৱাবলৈ চেষ্টা কৰে, আগলৈ তোমালোকে বহুত দেখিবা, শুনিবা। পিতাৰ ওচৰত সকলোৰে চিত্ৰ থকা হ'লে তোমালোকক আচম্বিত কৰি দিলেহেঁতেন - এওঁ ইমান দিন আহিল, পিতাৰ হ'ল আকৌ মায়াই গ্ৰাস কৰি পেলালে। মৰি গ'ল, মায়াৰ লগত মিলি গ'ল। ইয়াত এই সময়ত কোনোবাই শৰীৰ এৰিলে এইখন সৃষ্টিতে আহি জন্ম লয়। তোমালোকে শৰীৰ এৰিলে বাবাৰ লগত বেহদৰ ঘৰলৈ যাবা। তাত বাবা, মম্মা, সন্তান সকলো আছে। পৰিয়াল এনেকুৱাই হয়। মূলবতনত পিতা আৰু ভাই-ভাই থাকে, আৰু কোনো সম্বন্ধ নাথাকে। ইয়াত হৈছে পিতা আৰু ভাই-ভনী, আকৌ বৃদ্ধি হৈ গৈ থাকে। খুড়া, মামা আদি বহুত সম্বন্ধ হৈ যায়। এই সংগমযুগত তোমালোক প্ৰজাপিতা ব্ৰহ্মাৰ হোৱা গতিকে ভাই-ভনী হোৱা। শিৱবাবাক স্মৰণ কৰিলে ভাই-ভাই হোৱা। এই সকলো কথা ভালদৰে স্মৃতিত ৰাখিব লাগে। বহুত সন্তানে পাহৰি যায়। পিতাইতো বুজাই থাকে। পিতাৰ কৰ্তব্য হৈছে সন্তানসকলক শিৰৰ ওপৰত উঠোৱা (পিতাতকৈও শ্ৰেষ্ঠ কৰি তোলা), সেয়েহে নমস্কাৰ জনাই থাকে। অৰ্থও বুজায় দিয়ে। ভক্তি কৰা সাধু-সন্ত আদি কোনেও তোমালোকক জীৱন মুক্তিৰ মাৰ্গ-দৰ্শন নকৰে, তেওঁলোকে মুক্তিৰ বাবেই পুৰুষাৰ্থ কৰি থাকে। তেওঁলোক হৈছেই নিবৃত্তি মাৰ্গৰ। তেওঁলোকে ৰাজযোগ কেনেকৈ শিকাব। ৰাজযোগ হৈছেই প্ৰবৃত্তি মাৰ্গৰ। প্ৰজাপিতা ব্ৰহ্মাৰ চাৰিখন বাহু দেখুৱাইছে তেন্তে প্ৰবৃত্তি মাৰ্গ নহ'ল জানো। ইয়াত পিতাই এওঁলোকক এডাপ্ত কৰিছে (তুলি লৈছে) সেয়েহে নাম ৰাখিছে ব্ৰহ্মা আৰু সৰস্বতী। নাটকত কেনেকৈ নিৰ্ধাৰিত হৈ আছে চোৱা। বানপ্ৰস্থ অৱস্থাতে মনুষ্য গুৰুৰ শৰণাপন্ন হয়, 60 বছৰৰ পাছত। এওঁৰো 60 বছৰৰ পিছত পিতাই প্ৰৱেশ কৰি পিতা, শিক্ষক আৰু গুৰু হৈ গ'ল। এতিয়াতো নিয়মো বেয়া হৈ গ'ল। সৰু সন্তানকো গুৰুৰ শৰণাপন্ন কৰি দিয়ে। এওঁতো হৈছেই নিৰাকাৰ। এওঁ তোমালোক আত্মাসকলৰ পিতাও হয়, শিক্ষক আৰু সৎগুৰুও হয়। নিৰাকাৰী সৃষ্টিক আত্মাসকলৰ সৃষ্টি বুলি কোৱা হয়। এনেকৈতো নকয় যে সৃষ্টিয়ে নাই। শান্তিধাম বুলি কোৱা হয়। তাত আত্মাসকল থাকে। যদি পৰমাত্মাৰ নাম, ৰূপ, দেশ, কাল নাই বুলি কয়, তেন্তে সন্তানসকল আকৌ ক'ৰ পৰা আহিব।

তোমালোক সন্তানসকলে এতিয়া বুজি পোৱা - এই বিশ্বৰ ভূগোল-বুৰঞ্জী কেনেকৈ পুনৰাবৃত্তি হয়। চৈতন্যৰহে বুৰঞ্জী থাকে, ভূগোলতো হৈছে জড় বস্তুৰ। তোমালোক আত্মাসকলে এইটো জানা যে আমি কেতিয়ালৈকে ৰাজত্ব কৰো। বুৰঞ্জীৰ গায়ন কৰা হয় যাক কাহানি বুলি কোৱা হয়। ভূগোল হৈছে দেশৰ। চৈতন্যই ৰাজ্য কৰে, জড় বস্তুৱেতো ৰাজত্ব নকৰে। কিমান সময়ৰপৰা অমুকৰ ৰাজ্য আছিল, খ্ৰীষ্টিয়ানে ভাৰতত কেতিয়াৰ পৰা কেতিয়ালৈকে ৰাজ্য কৰিছিল। এই বিশ্বৰ ভূগোল-বুৰঞ্জী কোনেও নাজানেই। এনেকৈ কয় যে সত্যযুগৰতো লাখ বছৰ হ'ল। এই সময়চোৱাত কোনে ৰাজ্য কৰি গ'ল, কিমান সময় ধৰি ৰাজ্য কৰিলে - এয়া কোনেও নাজানে। ইয়াক বুৰঞ্জী বুলি কোৱা হয়। আত্মা হৈছে চৈতন্য, শৰীৰ হৈছে জড়। গোটেই খেলখনেই জড় আৰু চৈতন্যৰ। মনুষ্য জীৱনেই উত্তম বুলি গায়ন কৰা হয়। আদমশুমাৰীও (লোক গণনাও) মনুষ্যৰে কৰা হয়। জন্তুবোৰকতো কোনেও গণিবও নোৱাৰে। গোটেই খেলখন তোমালোকক লৈয়ে হয়। ভূগোল-বুৰঞ্জীও তোমালোকেই শুনা। পিতা এওঁৰ শৰীৰত আহি তোমালোকক সকলো কথা বুজায়, ইয়াক বেহদৰ ভূগোল-বুৰঞ্জী বুলি কোৱা হয়। এই জ্ঞান নথকাৰ বাবে তোমালোক কিমান অবুজ হৈ গলা। মনুষ্য হৈ সৃষ্টিৰ ভূগোল-বুৰঞ্জী যদি নাজানে তেন্তে সেই মনুষ্য কি কামৰ। এতিয়া তোমালোকে পিতাৰ দ্বাৰা বিশ্বৰ ভূগোল-বুৰঞ্জী শুনি আছা। এই পঢ়া কিমান ভাল, কোনে পঢ়ায়? পিতাই। পিতাহে উচ্চতকৈ উচ্চ পদ দিওঁতা হয়। এই লক্ষ্মী-নাৰায়ণৰ আৰু যিসকল তেওঁলোকৰ লগত স্বৰ্গত বাস কৰে, তেওঁলোকৰ পদ উচ্চতকৈ উচ্চ নহয় জানো। তাত বেৰিষ্টাৰী আদিতো নকৰে। তাততো মাত্ৰ শিকিব লাগে। কলা-কৌশল নিশিকিলে ঘৰ আদি কেনেকৈ নিৰ্মাণ কৰিব। এজনে আনজনক কলা-কৌশল শিকায়। নহ'লে ইমান ঘৰ আদি কোনে নিৰ্মাণ কৰিব। আপোনাআপুনিতো হৈ নাযাব। এই সকলো ৰহস্য এতিয়া তোমালোক সন্তানসকলৰ বুদ্ধিতো পুৰুষাৰ্থৰ ক্ৰম অনুসাৰে থাকে। তোমালোকে জানা যে এই চক্ৰ ঘূৰি থাকে, ইমান সময় আমি ৰাজ্য কৰিছিলো, আকৌ ৰাৱণ ৰাজ্যত আহিলো। জগতৰ লোকে এই কথাবোৰ নাজানে যে আমি এতিয়া ৰাৱণ ৰাজ্যত আছো। এনেকৈ কয় যে বাবা আমাক ৰাৱণ ৰাজ্যৰপৰা মুক্ত কৰা। কংগ্ৰেছীসকলে খ্ৰীষ্টিয়ানৰ ৰাজ্যৰ পৰা নিজক স্বাধীন কৰিলে। এতিয়া আকৌ কয় যে ভগৱান আমাক মুক্ত কৰা। স্মৃতিত আহে নহয় যে কোনেও এইটো নাজানে যে এনেকৈ কিয় কয়। এতিয়া তোমালোকে বুজিছা যে গোটেই সৃষ্টিতে ৰাৱণ ৰাজ্য, সকলোৱে কয় যে ৰামৰাজ্য লাগে, তেন্তে ৰাৱণ ৰাজ্যৰ পৰা মুক্ত কোনে কৰিব? এনেকৈ ভাবে যে গড্‌ ফাদাৰে মুক্ত কৰি মাৰ্গ-দৰ্শক হৈ লৈ যাব। ভাৰতবাসীৰ ইমান বোধশক্তি নাই। এইখনতো (ভাৰত) একেবাৰে তমোপ্ৰধান। তেওঁলোকে ইমান দুখো নাপায় আৰু ইমান সুখো নাপায়। ভাৰতবাসী সকলোতকৈ সুখীও হয় আৰু সকলোতকৈ বেছি দুখীও হয়। হিচাপ আছে নহয়। এতিয়া কিমান দুখ! যিসকল ধাৰ্মিক মনৰ তেওঁলোকে স্মৰণ কৰে -হে গড্‌ ফাদাৰ, মুক্তিদাতা। তোমালোকৰো অন্তৰত আছে যে বাবা আহি আমাৰ দুখ হৰণ কৰক আৰু সুখধামলৈ লৈ যাওক। তেওঁলোকে কয় শন্তিধামলৈ লৈ বলা। তোমালোকে কবা শান্তিধাম আৰু সুখ ধামলৈ লৈ বলা। এতিয়া পিতা আহিছে গতিকে বহুত আনন্দিত হ'ব লাগে। ভক্তিমাৰ্গত কানৰস (কানেৰে শুনি ৰস পোৱা) কিমান আছে। তাত আচল কথা একো নাই। একেবাৰে আটাত নিমখৰ পৰিমাণৰ নিচিনা। চণ্ডিকা দেৱীৰো মেলা লাগে। এতিয়া চণ্ডিকাৰ মেলা আকৌ কিয় লাগে? চণ্ডী কাক কোৱা হয়? বাবাই শুনাইছে - চণ্ডালৰ জন্মও ইয়াৰ মাজৰ পৰাই লয়। ইয়াতে থাকি, খাই বৈ কিবা অলপ দি পুনৰ কয় - মই যি দিলো উভতাই দিয়া। মই এইবোৰ নামানো। সংশয় হৈ যায়তেন্তে তেওঁলোক গৈ কি হ'বগৈ। এনেকুৱা চণ্ডিকাৰো মেলা লাগে। তথাপিও সত্যযুগীতো হয়‌গৈ। অলপ সময়ৰ বাবে সহায়কাৰী হল সেই বাবে স্বৰ্গলৈ আহি গ'ল। সেই ভক্ত সকলেতো এইবোৰ নাজানে, জ্ঞানতো কাৰোৰে নাই। চিত্ৰ সন্মিলিত গীতাৰ পৰা তেওঁলোকে কিমান টকা উপাৰ্জন কৰে। আজিকালিতো চিত্ৰ দেখি বহুত প্ৰেমিক হৈ যায়। সেইবোৰক কলা বুলি ভাবে। মনুষ্যই কি জানেদেৱতাসকলৰ চিত্ৰ কেনেকুৱা হয়! তোমালোক আচলতে কিমান সুন্দৰ আছিলা। আকৌ কি হৈ গ'লা। তাত কোনো অন্ধ, কণা আদি নাথাকে। দেৱতাসকলৰ স্বাভাৱিক সৌন্দৰ্য থাকে। তাত প্ৰাকৃতিক সুন্দৰতা থাকে। সেয়েহে পিতাইও সকলো বুজাই উঠি কয় - সন্তানসকল, পিতাক স্মৰণ কৰা। পিতা, পিতাও হয়, শিক্ষকো হয়, সৎগুৰুও হয়। তিনিওতা ৰূপক স্মৰণ কৰিলে তিনিও প্ৰকাৰৰ উত্তৰাধিকাৰ পাবা। পিছত অহাসকলে তিনিওটা ৰূপক স্মৰণ কৰিব নোৱাৰিব। তেনেকৈ মুক্তিত গুছি যাবগৈ।

পিতাই বুজাইছে - সূক্ষ্মলোক আদিত যি দেখা পোৱা সেয়াতো সকলো সাক্ষাৎকাৰৰ কথা। বাকী ভূগোল-বুৰঞ্জী সকলো ইয়াৰে। ইয়াৰ আয়ুসৰ বিষয়ে কোনেও নাজানে। এতিয়া তোমালোক সন্তানসকলক পিতাই বুজাইছে তোমালোকে আকৌ যিকোনো লোককে বুজাব পাৰা। প্ৰথমতে পিতাৰ পৰিচয় দিব লাগে। সেই বেহদৰ পিতা হৈছে চুপ্ৰিম (পৰম, সৰ্বশ্ৰেষ্ঠ)। লৌকিক পিতাক পৰমাত্মা বা চুপ্ৰিম আত্মা বুলি কেতিয়াও কোৱা নহয়। চুপ্ৰিমতো এজনেই যাক ভগৱান বুলি কোৱা হয়। তেওঁ জ্ঞানেৰে পৰিপূৰ্ণ সেয়েহে তোমালোকক জ্ঞান শিকায়। এই ঈশ্বৰীয় জ্ঞান হৈছে উপাৰ্জনৰ উৎস। জ্ঞানো উত্তম, মধ্যম আৰু কনিষ্ঠ নাথাকে জানো। পিতা হৈছে উচ্চতকৈও উচ্চ, সেয়েহে পঢ়াও উচ্চতকৈও উচ্চ। পদো উচ্চ। বুৰঞ্জী, ভূগোলতো তৎক্ষণাৎ জানি লয়। বাকী স্মৃতিৰ যাত্ৰাত যুদ্ধ চলে। ইয়াত (স্মৃতিৰ যাত্ৰাত) হাৰিলে তেতিয়া তোমালোক জ্ঞানতো হাৰি যোৱা। হাৰি আঁতৰি গলে, জ্ঞানৰ পৰাও আঁতৰি যায়। পুনৰ যেনেকুৱা আছিল তেনেকুৱা হৈ যায় আৰু আগতকৈও বেয়াহে হৈ যায়। পিতাৰ আগত আহিলে, চলনত দেহ-অভিমান তৎক্ষণাৎ ওলাই পৰে। ব্ৰাহ্মণৰ মালাও আছে, কিন্তু বহুতেই নাজানে যে আমি কেনেকৈ ক্ৰম অনুসাৰে ইয়াত বহো। দেহ-অভিমান আছে নহয়। নিশ্চয় থকাসকল অপাৰ আনন্দিত হব। কাৰ নিশ্চয় আছে যে মই এই শৰীৰ এৰি ৰাজকুমাৰ হমগৈ? (সকলোৱে হাত উঠালে)। সন্তানসকল ইমান আনন্দিত হৈ থাকে। তোমালোক সকলোৰেতো পূৰা দৈৱীগুণ থাকিব লাগে, যিহেতু নিশ্চয় আছে। নিশ্চয়বুদ্ধি অৰ্থাৎ বিজয় মালাত স্থান পোৱা অৰ্থাৎ ৰাজকুমাৰ হোৱা। এনেকুৱা দিন আহিব, যেতিয়া আতাইতকৈ বেছি বিদেশীসকল আবুলৈ আহিব আৰু বাকী সকলো তীৰ্থযাত্ৰা আদি এৰি দিব। তেওঁলোকে ভাৰতৰ ৰাজযোগ শিকিব বিচাৰে। কোন হয়, যিয়ে পেৰাডাইজ (স্বৰ্গ) স্থাপনা কৰিলে। পুৰুষাৰ্থ কৰা হয়, কল্পৰ আগতে এইটো যদি হৈছিল তেন্তে নিশ্চয় মিউজিয়াম তৈয়াৰ হৈ যাব। বুজাব লাগে আমি এনেকুৱা প্ৰদৰ্শনী নিয়মীয়াকৈ অনুষ্ঠিত কৰিব বিচাৰো। 4-5 বছৰৰ কাৰণে লীজত ঘৰ লৈও অনুষ্ঠিত কৰিব পাৰি। আমি ভাৰতৰে সেৱা কৰো, সুখধাম স্থাপনৰ অৰ্থে। ইয়াৰ দ্বাৰা বহুতৰ কল্যাণ হব। ভালবাৰু!

অতি মৰমৰ কল্পৰ পিছত পুনৰাই লগ পোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।

ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) অপাৰ আনন্দত থাকিবলৈ হলে, সদায় এইটো স্মৃতিত থাকিব লাগে যে স্বয়ং পিতাই আমাক শৃংগাৰ কৰাই আছে, তেওঁ আমাক প্ৰচুৰ ধন দিয়ে। আমি নতুন সৃষ্টি, অমৰপুৰীৰ কাৰণে পঢ়ি আছো।

(2) বিজয়মালাত আহিবলৈ হলে নিশ্চয় বুদ্ধিৰ হৈ দৈৱীগুণ ধাৰণ কৰিব লাগে। যি দিলা সেয়া উভতাই লোৱাৰ সংকল্প কেতিয়াও আহিব নালাগে। সংশয় বুদ্ধিৰ হৈ নিজৰ পদ হেৰুৱাব নালাগে।

বৰদান:
বিঘ্নবোৰক মনোৰঞ্জনৰ খেল বুলি বুজি অতিক্ৰম কৰোঁতা নিৰ্বিঘ্ন, বিজয়ী হোৱা

বিঘ্নঅহাটো ভাল কথা, কিন্তু বিঘ্নই যাতে পৰাজিত নকৰে। বিঘ্ন শক্তিশালী কৰি তুলিবলৈকে আহে, সেয়েহে বিঘ্ন আহিলে ভয়-ভীত হোৱাৰ পৰিৱৰ্তে তাক মনোৰঞ্জনৰ খেল বুলি বুজি অতিক্ৰম কৰা তেতিয়া নিৰ্বিঘ্ন বিজয়ী বুলি কোৱা হব। যেতিয়া সৰ্বশক্তিমান পিতাৰ সান্নিধ্য আছে, তেন্তে ভয়-ভীত হোৱাৰ কোনো কাৰণেই নাই। কেৱল পিতাৰ স্মৃতি আৰু সেৱাত ব্যস্ত হৈ থাকা তেতিয়া নিৰ্বিঘ্ন হৈ থাকিবা। যেতিয়া বুদ্ধি খালী হৈ থাকে, তেতিয়া বিঘ্ন বা মায়া আহে। ব্যস্ত হৈ থাকা তেতিয়া মায়া বা বিঘ্ন কাষৰীয়া হৈ যাব।
 

স্লোগান:
সুখৰ খাতা (হিচাপ) জমা কৰিবলৈ হলে মৰ্যাদাসহ অন্তৰেৰে সকলোকে সুখ দিয়া।