02.11.20       Morning Assame Murli        Om Shanti      BapDada       Madhuban


মৰমৰ সন্তানসকল এয়া হৈছে পুৰুষোত্তম সংগমযুগ, পুৰণি সৃষ্টি সলনি হৈ এতিয়া নতুন হৈ আছে, তোমালোকে এতিয়া পুৰুষাৰ্থ কৰি উত্তম দেৱ পদ পাব লাগে

প্ৰশ্ন:
সেৱাধাৰী সন্তানসকলৰ বুদ্ধিত কোনটো কথাৰ স্মৃতি সদায় থাকে?

উত্তৰ:
তেওঁলোকৰ স্মৃতি থাকে যে ধন দিলেও ধন শেষ নহয়..... সেয়েহে তেওঁলোকে ৰাতি-দিন টোপনিও ত্যাগ কৰি জ্ঞান ধনৰ দান কৰি থাকে, ভাগৰি নপৰে। কিন্তু নিজৰে যদি কিবা অৱগুণ থাকে তেন্তে সেৱা কৰাৰো উৎসাহ জাগিব নোৱাৰে।

ওঁম্শান্তি।
মৰমৰ আত্মিক সন্তানসকলৰ প্ৰতি পিতাই বহি বুজায়। সন্তানসকলে জানে পৰমপিতাই নিতৌ বুজায়। যেনেকৈ নিতৌ শিক্ষকে পঢ়ায়। পিতাই কেৱল শিক্ষা দিব, তত্ত্বাৱধান কৰি থাকিব কিয়নো পিতাৰ ঘৰতেইতো সন্তানসকল থাকে। মা-পিতা লগত থাকে। ইয়াততো এয়া বিস্ময়কৰ কথা। আত্মিক পিতাৰ ওচৰত তোমালোক থাকা। এফালেতো আত্মিক পিতাৰ ওচৰত মূলবতনত থাকা। পুনৰ কল্পত এবাৰেই পিতা আহে - সন্তানসকলক উত্তৰাধিকাৰ দিবলৈ বা পাৱন কৰি তুলিবলৈ, সুখ বা শান্তি দিবলৈ। তেন্তে নিশ্চয় তলত আহি থাকিব। ইয়াতেই মনুষ্য বিবুদ্ধিত পৰে। গায়নো আছে - সাধাৰণ শৰীৰত প্ৰৱেশ কৰে। এতিয়া সাধাৰণ শৰীৰ ক'ৰবাৰ পৰা উৰিতো নাহে। নিশ্চয় মনুষ্যৰ শৰীৰতে আহে। সেয়াও শুনায় - মই এই শৰীৰত প্ৰৱেশ কৰোঁ। তোমালোক সন্তানসকলেও এতিয়া বুজি পোৱা - পিতাই আমাক স্বৰ্গৰ উত্তৰাধিকাৰ দিবলৈ আহিছে। নিশ্চয় আমি যোগ্য নহয়, পতিত হৈ গৈছোঁ। সকলোৱে কয়ো হে পতিত-পাৱন আহক, আহি আমাক পতিতসকলক পাৱন কৰি তোলক। পিতাই কয় - মই কল্পই কল্পই পতিতসকলক পাৱন কৰি তোলাৰ কৰ্তব্য (ডিউটি) পাইছোঁ। হে সন্তানসকল, এতিয়া এই পতিত সৃষ্টিক পাৱন কৰি তুলিব লাগে। পুৰণি সৃষ্টিক পতিত, নতুন সৃষ্টিক পাৱন বুলি কোৱা হব। অৰ্থাৎ পুৰণি সৃষ্টিক নতুন কৰি তুলিবলৈ পিতা আহে। কলিযুগকতো কোনেও নতুন সৃষ্টি বুলি নক'ব। এয়াতো বোধশক্তিৰ কথা হয় নহয় জানো। কলিযুগ হৈছে পুৰণি সৃষ্টি। পিতাও নিশ্চয় আহিব - পুৰণি আৰু নতুনৰ সংগমত। যেতিয়া য'তেই নহওক তোমালোকে এইটো বুজোৱা তেতিয়া কবা এয়া পুৰুষোত্তম সংগমযুগ হয়, পিতাৰ আগমন হৈছে। গোটেই সৃষ্টিত এনেকুৱা কোনো মনুষ্য নাই যিয়ে এইটো গম পায় যে এয়া পুৰুষোত্তম সংগমযুগ হয়। নিশ্চয় তোমালোক সংগমযুগত আছা সেইবাবেতো বুজোৱা। মুখ্য কথা হৈছেই সংগমযুগৰ। গতিকে মূল উক্তিবোৰো (পইণ্টচো) বহুত জৰুৰী। যিটো কথা কোনেও নাজানে সেইটো বুজাব লাগে সেয়েহে বাবাই কৈছিল এইটো নিশ্চয় লিখিব লাগে যে এতিয়া পুৰুষোত্তম সংগমযুগ হয়। নতুন যুগ অৰ্থাৎ সত্যযুগৰ চিত্ৰও আছে। মনুষ্যই কেনেকৈ বুজিব যে এওঁলোক লক্ষ্মী-নাৰায়ণ সত্যযুগী নতুন সৃষ্টিৰ মালিক হয়। তেওঁলোকৰ চিত্ৰৰ ওপৰত এইটো শব্দ নিশ্চয় লিখিব লাগে - পুৰুষোত্তম সংগমযুগ। এইটো নিশ্চয় লিখিব লাগে কিয়নো এইটোৱেই মুখ্য কথা। মনুষ্যই ভাবে কলিযুগৰ এতিয়া বহুত বছৰ বাকী আছে। একেবাৰে ঘোৰ অন্ধকাৰত আছে। তেন্তে বুজাবলগীয়া হয় যে নতুন সৃষ্টিৰ মালিক এই লক্ষ্মী-নাৰায়ণ হয়। এয়া হৈছে সম্পূৰ্ণ প্ৰতীক। তোমালোকে কোৱা এই ৰাজ্যৰ স্থাপনা হৈ আছে। গীতো আছে নৱযুগ আহিল, অজ্ঞান নিদ্ৰাৰ পৰা জাগা। এইটো তোমালোকে জানা যে এতিয়া সংগমযুগ হয়, ইয়াক নৱযুগ বুলি কোৱা নহব। সংগমক সংগমযুগ বুলিয়ে কোৱা হয়। এয়া হৈছে পুৰুষোত্তম সংগমযুগ। যেতিয়া পুৰণি সৃষ্টি নাশ হয় আৰু নতুন সৃষ্টিৰ স্থাপনা হয়। মনুষ্যৰ পৰা দেৱতা হৈ আছে, ৰাজযোগ শিকি আছে। দেৱতাসকলৰ ভিতৰতো উত্তম পদ হৈছে এই লক্ষ্মী-নাৰায়ণৰ। এওঁলোকো হওতে মনুষ্যই, এওঁলোকৰ দৈৱীগুণ আছে সেয়েহে দেৱী-দেৱতা বুলি কোৱা হয়। সকলোতকৈ উত্তম গুণ হৈছে পবিত্ৰতাৰ সেইবাবেতো মনুষ্যই দেৱতাসকলৰ আগত গৈ মূৰ দোৱায়। এই সকলোবোৰ মূল কথা বুদ্ধিত ধাৰণ তেওঁলোকৰ হ'ব যিসকলে সেৱা কৰি থাকে। কোৱা হয় ধন দিলেও ধন শেষ নহয়। বহুত বুজনি পাই থকা যায়। জ্ঞানতো বহুত সহজ। কিন্তু কাৰোবাৰ ধাৰণা ভাল হয়, কাৰোবাৰ নহয়। যাৰ অৱগুণ আছে তেওঁলোকেতো সেৱাকেন্দ্ৰৰ তত্ত্বাৱধানো লব নোৱাৰে। গতিকে পিতাই সন্তানসকলক বুজায় প্ৰদৰ্শনীতো চিধা চিধা শব্দ লিখিব লাগে। পুৰুষোত্তম সংগমযুগৰ বিষয়েতো মুখ্যভাৱে বুজাব লাগে। এই সংগমত আদি সনাতন দেৱী-দেৱতা ধৰ্মৰ প্ৰতিষ্ঠা হৈ আছে। যেতিয়া এইটো ধৰ্ম আছিল তেতিয়া অন্য কোনো ধৰ্ম নাছিল। এয়া যি মহাভাৰতৰ যুদ্ধ, সেয়াও নাটকত নিৰ্ধাৰিত হৈ আছে। এয়াও এতিয়া ওলাইছে। আগতে আছিল জানো। 100 বছৰৰ ভিতৰত সকলোবোৰ নাশ হৈ যায়। সংগমযুগকতো অতিকমেও 100 বছৰতো লাগে নহয় জানো। গোটেইখন নতুন সৃষ্টি হব লাগিব। নতুন দিল্লী গঢ়িবলৈ কিমান বছৰ লাগিল।

তোমালোকে বুজি পোৱা ভাৰততেই নতুন সৃষ্টি হয়, পুনৰ পুৰণি নাশ হৈ যায়। কিবাতো থাকে নহয় জানো। প্ৰলয়তো নহয়। এই সকলোবোৰ কথা বুদ্ধিত আছে। এতিয়া হৈছে সংগমযুগ। নতুন সৃষ্টিত নিশ্চয় এই দেৱী-দেৱতাসকল আছিল, পুনৰ এওঁলোকেই হ'ব। এয়া হৈছে ৰাজযোগৰ পঢ়া। যদি কোনোবাই বিস্তৃত ভাৱে বুজাব নোৱাৰে তেন্তে কেৱল এটা কথা কোৱা - পৰমপিতা পৰমাত্মা যিজন সকলোৰে পিতা হয়, তেওঁকতো সকলোৱে স্মৰণ কৰে। তেওঁ আমাক সকলো সন্তানক কয় - তোমালোক পতিত হৈ গলা। আহ্বানো কৰা হে পতিত-পাৱন আহক। যথাযথ কলিযুগত হৈছে পতিত, সত্যযুগত পাৱন হয়। এতিয়া পৰমপিতা পৰমাত্মাই কয় - দেহ সহিত এই সকলোবোৰ পতিত সম্বন্ধ এৰি মামেকম্ (কেৱল মোকেই) স্মৰণ কৰা তেন্তে পাৱন হৈ যাবা। এয়া গীতাৰেই শব্দ হয়। হয়ো গীতাৰ যুগ। গীতা সংগমযুগতেই শুনোৱা হৈছিল যেতিয়া বিনাশ হৈছিল। পিতাই ৰাজযোগ শিকাইছিল। ৰাজ্য স্থাপন হৈছিল পুনৰ নিশ্চয় হ'ব। এই সকলোবোৰ আত্মিক পিতাই বুজায় নহয় জানো। বাৰু ধৰি লোৱা এই শৰীৰত নাহে আন কাৰোবাৰ শৰীৰত আহে। বুজনিতো পিতাৰে হয় নহয় জানো। মই এওঁৰ নামতো নলওঁ। মইতো কেৱল কওঁ - পিতাই কয় মোক স্মৰণ কৰা তেতিয়া তোমালোক পাৱন হ'বা আৰু মোৰ ওচৰলৈ গুচি আহিবা। কিমান সহজ। কেৱল মোক স্মৰণ কৰা আৰু 84ৰ চক্ৰৰ জ্ঞান বুদ্ধিত থাকক। যিয়ে ধাৰণা কৰিব তেওঁ চক্ৰৱৰ্তী ৰজা হ'ব। এইটো বাৰ্তাতো সকলো ধৰ্মৰ লোকৰ কাৰণে। ঘৰলৈতো সকলোৱে যাব লাগিব। আমিও ঘৰৰ ৰাস্তা দেখুৱাও। পাদুৰি (খ্ৰীষ্টান ধৰ্মযাজক) আদি যিয়েই নহওক তোমালোকে তেওঁলোকক পিতাৰ বাৰ্তা দিব পাৰা। তোমালোকৰ আনন্দৰ পাৰা বহুত উৰ্দ্ধগামী হব লাগে - পৰমপিতা পৰমাত্মাই কয় - মামেকম্ স্মৰণ কৰা তেতিয়া তোমালোকৰ বিকৰ্ম বিনাশ হ'ব। সকলোকে এইটোৱেই সোঁৱৰাই দিয়া। পিতাৰ বাৰ্তা শুনোৱাটোৱেই এক নম্বৰৰ সেৱা। গীতাৰ যুগো এতিয়া হয়। পিতা আহিছে সেয়েহে সেইখন চিত্ৰই আৰম্ভণিত ৰাখিব লাগে। যিসকলে বুজি পায় - আমি পিতাৰ বাৰ্তা দিব পাৰোঁ তেন্তে সাজু হৈ থাকিব লাগে। অন্তৰত উদয় হব লাগে আমিও অন্ধৰ লাখুটি হওঁ। এই বাৰ্তাতো যিকোনো লোককে দিব পাৰা। বি.কে.ৰ নাম শুনিলেই ভয় খায়। কোৱা আমি কেৱল পিতাৰ বাৰ্তা দিওঁ। পৰমপিতা পৰমাত্মাই কয় - মোক স্মৰণ কৰা বচ্‌। আমি কাৰো গ্লানি নকৰোঁ। পিতাই কয় মামেকম্ স্মৰণ কৰা। মই উচ্চতকৈও উচ্চ পতিত-পাৱন হওঁ। মোক স্মৰণ কৰিলে তোমালোকৰ বিকৰ্ম বিনাশ হ'ব। এইটো টুকি ৰাখা। এইটো বহুত কামৰ বস্তু হয়। হাতত বা বাহুত শব্দ লিখি লয় নহয়। এইটোও লিখি দিয়া। ইমানখিনি শুনালেও তেতিয়াও দয়ালু, কল্যাণকাৰী হ'লা। নিজৰ সৈতে প্ৰতিজ্ঞা কৰিব লাগে। সেৱা নিশ্চয় কৰিব লাগে তেতিয়া অভ্যাস হৈ যাব। ইয়াতো তোমালোকে বুজাব পাৰা। চিত্র দিব পাৰা। এয়া হল বাৰ্তা দিয়াৰ সামগ্ৰী। লাখ লাখ তৈয়াৰ হৈ যাব। ঘৰে ঘৰে গৈ বাৰ্তা দিব লাগে। পইচা কোনোবাই দিয়ক বা নিদিয়ক, কোৱা - পিতাতো হয়েই গৰিবৰ কল্যাণকাৰী। আমাৰ দায়িত্ব হৈছে ঘৰে ঘৰে বাৰ্তা দিয়া। এওঁ হৈছে বাপদাদা এওঁৰ পৰা এই উত্তৰাধিকাৰ পোৱা যায়। 84 জন্ম এওঁ ল'ব। এওঁৰ এইটো অন্তিম জন্ম। আমি ব্ৰাহ্মণ হওঁ পুনৰ দেৱতা হ'মগৈ। ব্ৰহ্মাও ব্ৰাহ্মণ হয়। প্ৰজাপিতা ব্ৰহ্মাতো অকলে নহ'ব নহয় জানো। নিশ্চয় ব্ৰাহ্মণ বংশাৱলীও থাকিব নহয়। ব্ৰহ্মা তথা বিষ্ণু দেৱতা, ব্ৰাহ্মণ হৈছে আটাইতকৈ উচ্চ। সেই ব্ৰাহ্মণেই দেৱতা, ক্ষত্ৰিয়, বৈশ্য, শূদ্ৰ হয়। কোনোবা নিশ্চয় ওলাব যিয়ে তোমালোকৰ কথাবোৰ বুজিব। পুৰুষসকলেও সেৱা কৰিব পাৰে। পুৱা উঠি যেতিয়া মনুষ্যই দোকান খোলে তেতিয়া কয় - পুৱাৰ গোঁসাই......। তোমালোকেও পুৱাই পুৱাই গৈ পিতাৰ বাৰ্তা শুনোৱা। কোৱা তোমালোকৰ বেপাৰ বহুত ভাল হ'ব। তোমালোকে গোঁসাইক স্মৰণ কৰা তেন্তে 21 জন্মৰ উত্তৰাধিকাৰ পাবা। অমৃতবেলাৰ সময় ভাল হয়। আজিকালি কাৰখানাবোৰত মাতাসকলেও বহি কাম কৰে। এই বেজ বনোৱাটোও বহুত সহজ।

তোমালোক সন্তানসকলেতো ৰাতিয়ে-দিনে সেৱাত তৎপৰ হৈ থাকিব লাগে, টোপনি ত্যাগ কৰি দিব লাগে। পিতাৰ পৰিচয় পালে মনুষ্য পিতাৰ হৈ যায়। তোমালোকে যিকোনো লোককে বাৰ্তা দিব পাৰা। তোমালোকৰ জ্ঞানতো বহুত উচ্চ হয়। কোৱা আমিতো এজনকে স্মৰণ কৰোঁ। যীশুখ্ৰীষ্টৰ আত্মাও তেওঁৰ সন্তান আছিল। আত্মাতো সকলো তেওঁৰ সন্তান হয়। সেইজন ঈশ্বৰ পিতায়ে (গড্ ফাদাৰেই) কয় যে আৰু কোনো দেহধাৰীক স্মৰণ নকৰিবা। তোমালোকে নিজকে আত্মা বুলি বুজি মামেকম্ স্মৰণ কৰা তেতিয়া বিকৰ্ম বিনাশ হৈ যাব। মোৰ ওচৰত আহি যাবা। মনুষ্যই পুৰুষাৰ্থ কৰেই ঘৰলৈ যাবৰ কাৰণে। কিন্তু কোনেও নাযায়। দেখা যায় সন্তানসকল এতিয়া বহুত ঠাণ্ডা হৈ আছে, ইমানখিনি পৰিশ্ৰম কৰিব নোৱাৰে, অজুহাত দেখুৱাই থাকে, এই ক্ষেত্ৰত বহুত সহ্যও কৰিবলগীয়া হয়। ধৰ্ম প্ৰতিস্থাপকসকলে কিমান সহ্য কৰিবলগীয়া হয়। যীশুখ্ৰীষ্টৰ কাৰণেও কয় তেওঁক ক্ৰুছবিদ্ধ কৰালে। তোমালোকৰ কাম হৈছে সকলোকে বাৰ্তা দিয়া। তাৰ বাবে বাবাই যুক্তি শুনাই থাকে। কোনোবাই সেৱা নকৰিলে তেন্তে বাবাই বুজি পায় যে ধাৰণা হোৱা নাই। বাবাই ৰায় দিয়ে কেনেকৈ বাৰ্তা দিবা। ৰেলগাড়ীতো তোমালোকে এই বাৰ্তা দি থাকা। তোমালোকে জানা যে আমি স্বৰ্গলৈ যাওঁ। কোনোবা শান্তিধামলৈও যাব নহয়। ৰাস্তাতো তোমালোকেই দেখুৱাব পাৰা। তোমালোক ব্ৰাহ্মণসকলেই যাব লাগে। আছেতো বহুত। ব্ৰাহ্মণসকলক ক'ৰবাততো ৰাখিব নহয় জানো। ব্ৰাহ্মণ, দেৱতা ক্ষত্ৰিয়। প্ৰজাপিতা ব্ৰহ্মাৰ সন্তানতো নিশ্চয় হ'ব নহয়। আদিত হৈছেই ব্ৰাহ্মণ। তোমালোক ব্ৰাহ্মণসকল হৈছা উচ্চতকৈ উচ্চ। সেই ব্ৰাহ্মণসকল হৈছে কোষ বংশাৱলী। ব্ৰাহ্মণতো নিশ্চয় লাগে নহয় জানো। নহ'লে প্ৰজাপিতা ব্ৰহ্মাৰ সন্তান ব্ৰাহ্মণসকল ক'ত গ'ল। ব্ৰাহ্মণসকলক তোমালোকে বহি বুজোৱা, তেতিয়া তেওঁলোকে ততালিকে বুজি পাব। কোৱা আপোনালোকো ব্ৰাহ্মণ, আমিও নিজক ব্ৰাহ্মণ বুলি কওঁ। এতিয়া কওক আপোনালোকৰ ধৰ্ম প্ৰতিষ্ঠা কৰোঁতাজন কোন হয়? ব্ৰহ্মাৰ বাহিৰে আন কাৰো নামেই নল'ব। তোমালোকে চেষ্টা কৰি চোৱা। ব্ৰাহ্মণসকলৰো বহুত ডাঙৰ ডাঙৰ কুল থাকে। পূজাৰী ব্ৰাহ্মণতো অনেক আছে। আজমেৰলৈ অনেক সন্তান যায় কেতিয়াও কোনেও বাৰ্তা দিয়া নাই যে আমি ব্ৰাহ্মণসকলক লগ কৰিছিলোঁ, তেওঁলোকক সুধিছিলোঁ - আপোনালোকৰ ধৰ্ম প্ৰতিষ্ঠা কৰোঁতাজন কোন হয়? ব্ৰাহ্মণ ধৰ্ম কোনে প্ৰতিষ্ঠা কৰিলে? তোমালোকেতো গম পোৱা, প্ৰকৃত ব্ৰাহ্মণ কোন হয়। তোমালোকে বহুতৰে কল্যাণ কৰিব পাৰা। যাত্ৰাবিলাকত ভক্তসকলহে যায়। এই চিত্ৰখনতো বহুত ভাল - লক্ষ্মী-নাৰায়ণৰ। তোমালোকে জানা যে জগত অম্বা কোন হয়? লক্ষ্মী কোন হয়? এনেকৈ তোমালোকে চাকৰ, নীচ জাতিৰ লোক আদিকো বুজাব পাৰা। তোমালোকৰ বাহিৰেতো কোনো নাই যিয়ে তেওঁলোকক শুনাব। বহুত দয়ালু হ'ব লাগে। কোৱা তোমালোকো পাৱন হৈ পাৱন সৃষ্টিলৈ যাব পাৰা। নিজক আত্মা বুলি বুজা, শিৱবাবাক স্মৰণ কৰা। যিকোনো লোককে ৰাস্তা দেখুওৱাৰ বহুত চখ থাকিব লাগে। যিয়ে নিজে স্মৰণ কৰিব তেৱেঁই আনক স্মৰণ কৰোৱাৰ পুৰুষাৰ্থ কৰিব। পিতাতো গৈ কথা নাপাতিব। এয়াতো তোমালোক সন্তানসকলৰ কাম। গৰিবসকলৰো কল্যাণ কৰিব লাগে। বেচেৰাসকল বহুত আনন্দিত হৈ যাব। অলপমান স্মৰণ কৰিলে প্ৰজাতো আহি যাব, সেইটোও ভাল। এই ধৰ্মতো বহুত সুখ দিওঁতা হয়। দিনে-প্ৰতিদিনে তোমালোকৰ আৱাজ জোৰেৰে ওলাই গৈ থাকিব। সকলোকে এইটোৱে বাৰ্তা দি থাকা, নিজক আত্মা বুলি বুজি পিতাক স্মৰণ কৰা। তোমালোক মৰমৰ সন্তানসকল পদমাপদম ভাগ্যশালী হোৱা। যেতিয়া মহিমা শুনা তেতিয়া বুজি পোৱা, তথাপিও কিবা কথাৰ চিন্তা আদি কিয় কৰিব লাগে। এয়া হৈছে গুপ্ত জ্ঞান, গুপ্ত আনন্দ। তোমালোক হৈছা গুপ্ত যোদ্ধা। তোমালোকক অজ্ঞাত যোদ্ধা বুলি কোৱা হ'ব আৰু কোনো অজ্ঞাত যোদ্ধা হ'ব নোৱাৰে। তোমালোকৰ দেলবাড়া মন্দিৰ সম্পূৰ্ণ স্মাৰক হয়। অন্তৰ লওঁতাৰ পৰিয়াল হয় নহয় জানো। মহাবীৰ, মহাবীৰঙ্গনা আৰু তেওঁলোকৰ সন্তানসকলৰ এয়া সম্পূৰ্ণ তীৰ্থ হয়। কাশীতকৈও উচ্চ স্থান হৈ গল। ভাল বাৰু।

অতি মৰমৰ, কল্পৰ পাচত পুনৰাই লগ পোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।

ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) ঘৰে ঘৰে গৈ পিতাৰ বাৰ্তা দিব লাগে। সেৱা কৰাৰ প্ৰতিজ্ঞা কৰা, সেৱাৰ কৰাৰ ক্ষেত্ৰত কোনো অজুহাত নেদেখুৱাবা।

(2) কোনো কথাৰ চিন্তা কৰিব নালাগে, গুপ্ত আনন্দত থাকিব লাগে। কোনো দেহধাৰীক স্মৰণ কৰিব নালাগে। এজন পিতাৰ স্মৃতিতে থাকিব লাগে।

বৰদান:
পৰিস্থিতিসমূহক সৌভাগ্য (গুড্ লাক্) বুলি বুজি নিজৰ নিশ্চয়ৰ আধাৰক শক্তিশালী কৰি তোলোঁতা অচল অটল হোৱা

যিকোনো ধৰণৰ পৰিস্থিতি আহিলে তেতিয়া তোমালোকে উচ্চলৈ জপিয়াই (হাইজাম্প) দিয়া কিয়নো পৰিস্থিতি অহাটোও সৌভাগ্য হয়। এয়া নিশ্চয়ৰ আধাৰ শক্তিশালী কৰি তোলাৰ সাধন হয়। তোমালোক যেতিয়া এবাৰ অংগদৰ সমান শক্তিশালী হৈ যাবা তেতিয়া এই পৰিস্থিতি সমূহেও নমস্কাৰ কৰিব। প্ৰথমতে ভয়ংকৰ ৰূপ ধাৰণ কৰি আহিব আকৌ পাচত দাসী হৈ যাব। প্ৰত্যাহবান জনোৱা আমি মহাবীৰ হওঁ। যিদৰে পানীৰ ওপৰত ৰেখা স্থায়ী হৈ থাকিব নোৱাৰে সেইদৰে মোৰ; মাষ্টৰ সাগৰৰ ওপৰত কোনো পৰিস্থিতিয়ে প্ৰহাৰ কৰিব নোৱাৰে। স্ব-স্থিতিত থাকিলে অচল-অটল হৈ যাবা।

স্লোগান:
জ্ঞানেৰে পৰিপূৰ্ণ তেওঁ হয় যাৰ প্ৰতিটো কৰ্ম শ্ৰেষ্ঠ আৰু সফল হব।