02.12.19       Morning Assame Murli        Om Shanti      BapDada       Madhuban


"মৰমৰ সন্তানসকল বিনাশৰ আগতে সকলোকে পিতাৰ পৰিচয় দিব লাগে, ধাৰণ কৰি আনকো বুজোৱা তেতিয়া উচ্চ পদ পাব পাৰিবা

প্ৰশ্ন:
ৰাজযোগী ষ্টুডেন্ট (বিদ্যাৰ্থী)ৰ প্ৰতি পিতাৰ ডিৰেক্সন (নিৰ্দেশনা) কি?

উত্তৰ:
তোমালোকে ডিৰেক্সন (নিৰ্দেশনা) পাইছা যে এজন পিতাৰ হোৱাৰ পাছত অন্যৰ প্ৰতি অন্তৰৰ আকৰ্ষণ ৰাখিব নালাগে। প্ৰতিজ্ঞা কৰি আকৌ পতিত হব নালাগে। তোমালোক এনেকুৱা সম্পূৰ্ণ পাৱন হৈ যোৱা যাতে পিতা আৰু শিক্ষকৰ স্মৃতি স্বতঃ নিৰন্তৰ থাকে। এজন পিতাৰ সৈতেহে প্ৰেম কৰা, তেওঁকহে স্মৰণ কৰা তেতিয়া তোমালোকে বহুত শক্তি পাই থাকিবা।

ওঁম্শান্তি।
আত্মিক পিতাই বহি বুজায়। তেতিয়াহে বুজায় যেতিয়া এই শৰীৰত থাকে। সন্মুখতহে বুজাবলগীয়া হয়। সন্মুখত যি বুজাই সেয়া পিছত লিখিত ৰূপত সকলোৰে ওচৰলৈ যায়। তোমালোক ইয়ালৈ সন্মুখত শুনিবলৈ আহা। বেহদৰ পিতাই আত্মাসকলক শুনায়। আত্মাইহে শুনে। এই শৰীৰৰ দ্বাৰা সকলো আত্মাইহে কৰে সেয়েহে প্ৰথমে নিজকে আত্মা বুলি বুজিব লাগে। গায়ন আছে - আত্মা-পৰমাত্মা বহুকাল বিচ্ছেদ হৈ থাকিল.। সকলোতকৈ প্ৰথমে কোন পিতাৰ পৰা বিচ্ছেদ হৈ ইয়াত ভূমিকা পালন কৰিবলৈ আহে? তোমালোকক যদি সোধা হয় কিমান সময় তোমালোক পিতাৰ পৰা পৃথক হৈ আছা? তোমালোকে তেতিয়া কোৱা 5 হাজাৰ বছৰ। পুৰা হিচাপ আছে নহয় জানো। এয়াতো তোমালোক সন্তানসকলে জানা কেনেকৈ ক্ৰমানুসৰি আহা। পিতা যি ওপৰত আছিল তেৱোঁ এতিয়া তোমালোক সকলোৰে বেতেৰি চার্জ কৰিবলৈ তললৈ আহিছে। এতিয়া পিতাক স্মৰণ কৰিব লাগে। এতিয়াতো পিতা সন্মুখত আছে নহয় জানো। ভক্তি মাৰ্গততো পিতাৰ অক্যুপেশ্বনৰ (কৰ্তব্যৰ) বিষয়ে একোৱে নাজানে। নাম, ৰূপ, দেশ, কালক নাজানেই। তোমালোকেতো নাম, ৰূপ, দেশ, কাল সকলো জানা। তোমালোকে জানা যে পিতাই এই ৰথৰ দ্বাৰা আমাক সকলো ৰহস্য বুজায়। ৰচয়িতা আৰু ৰচনাৰ আদি, মধ্য, অন্তৰ ৰহস্য বুজাইছে। এয়া কিমান সূক্ষ্ম কথা। এই মনুষ্য সৃষ্টি ৰূপী বৃক্ষৰ বীজৰূপ হৈছে পিতা। তেওঁ নিশ্চয় ইয়ালৈ আহে। নতুন সৃষ্টি স্থাপন কৰাতো তেওঁৰেই কাম। এনেকুৱা নহয় যে তাত বহিয়েই স্থাপনা কৰিব। তোমালোক সন্তানসকলে জানা যে বাবাই এই শৰীৰৰ দ্বাৰা আমাক সন্মুখত বুজাই আছে। এয়াও পিতাই স্নেহ কৰাই নহ'ল জানো। অন্য কোনেও তেওঁৰ বায়গ্ৰাফী (জন্মপত্ৰি) নাজানে। গীতা হৈছে আদি-সনাতন দেৱী-দেৱতা ধৰ্মৰ শাস্ত্ৰ। এয়াও তোমালোকে জানা - এই জ্ঞানৰ পিছত হৈছে বিনাশ। বিনাশ নিশ্চয় হবই। অন্য যিসকল ধৰ্ম প্ৰতিষ্ঠাপক আহে, তেওঁলোক আহিলে বিনাশ নহয়। বিনাশৰ সময়েই হৈছে এতিয়া, সেয়েহে তোমালোকে যি জ্ঞান পোৱা সেয়া আকৌ লুপ্ত হৈ যায়। তোমালোক সন্তানসকলৰ বুদ্ধিত এই সকলোবোৰ কথা আছে। তোমালোকে ৰচয়িতা আৰু ৰচনাক জানি গৈছা। হওঁতে দুয়োটা অনাদি যি চলি আহি থাকে। পিতাৰ ভূমিকাই হৈছে সংগমত অহা। ভক্তি আধাকল্প চলে, জ্ঞান নচলে। জ্ঞানৰ উত্তৰধিকাৰ আধাকল্পৰ বাবে পোৱা যায়। জ্ঞানতো এবাৰহে কেৱল সংগমত পোৱা যায়। এই ক্লাছ তোমালোকৰ এবাৰে চলে। এই কথাবোৰ ভালদৰে বুজি আকৌ আনক বুজাবও লাগে। পদবী সেৱা কৰাৰ ওপৰতে নিৰ্ভৰ কৰে। তোমালোকে জানা যে এতিয়া পুৰুষাৰ্থ কৰি নতুন সৃষ্টিত যাব লাগিব। ধাৰণা কৰি আৰু অন্যকো বুজাবা - ইয়াতেই তোমালোকৰ পদ। বিনাশ হোৱাৰ আগতে সকলোকে পিতাৰ পৰিচয় দিব লাগে আৰু ৰচনাৰ আদি-মধ্য-অন্তৰ পৰিচয় দিব লাগে। তোমালোকেও পিতাক স্মৰণ কৰা যাতে জন্ম-জন্মান্তৰৰ পাপ খণ্ডন হৈ যায়। যেতিয়ালৈকে পিতাই পঢ়াই থাকে, স্মৰণো নিশ্চয় কৰিব লাগিব। পঢ়াওঁতাজনৰ লগত যোগতো নিশ্চয় থাকিব। শিক্ষকে পঢ়ায় গতিকে তেওঁৰ সৈতে যোগ থাকে। যোগ অবিহনে পঢ়িব কেনেকৈ? যোগ অৰ্থাৎ পঢ়াওঁতাজনৰ স্মৃতি। এওঁ পিতাও হয়, শিক্ষকো হয় আৰু সৎগুৰুও হয়। তিনিওটা ৰূপত পুৰা স্মৰণ কৰিব লগা হয়। এইজনা সৎগুৰু তোমালোকে এবাৰেই পোৱা। জ্ঞানৰ দ্বাৰা সৎগতি পালা, তাৰ পাছত গুৰুৰ প্ৰথাই শেষ। পিতা, শিক্ষকৰ প্ৰথা চলে, গুৰুৰ প্ৰথা সমাপ্ত হৈ যায়। সৎগতি প্ৰাপ্ত হৈ নাযায় জানো। নিৰ্বাণধামত তোমালোক প্ৰেক্টিকেলত (বাস্তৱত) যোৱা আকৌ নিজৰ সময়ত ভূমিকা পালন কৰিবলৈ আহা। তোমালোকে মুক্তি-জীৱনমুক্তি দুয়োটা পাই যোৱা। মুক্তিও নিশ্চয় পোৱা। অলপ সময়ৰ বাবে ঘৰত গৈ থাকিবা। ইয়াততো শৰীৰ দ্বাৰা ভূমিকা পালন কৰিবলগা হয়। শেষলৈ সকলো পাৰ্টধাৰী আহি যাব। নাটক যেতিয়া পুৰা হয় তেতিয়া সকলো এক্টৰ (ভাৱৰীয়া) ষ্টেজত (মঞ্চত) আহি যায়। এতিয়াও সকলো এক্টৰ মঞ্চত আহি একত্ৰিত হৈছে। কিমান যে উশৃংখলতা। সত্যযুগত কোনো উশৃংখলতা নাছিল। এতিয়াতো কিমান অশান্তি। এতিয়া পিতাৰ যেনেকৈ সৃষ্টি চক্ৰৰ জ্ঞান আছে তেনেকৈ সন্তানসকলৰো জ্ঞান আছে। বীজৰ জ্ঞান আছে নহয় জানো - আমাৰ বৃক্ষৰ কেনেকৈ বৃদ্ধি হৈ আকৌ নাশ হৈ যায়। এতিয়া তোমালোক ইয়াত নতুন সৃষ্টিৰ কলম লগাবলৈ বহি আছা অথবা আদি-সনাতন দেৱী-দেৱতাৰ ধৰ্মৰ কলম লগাবলৈ। তোমালোকে জানানে এই লক্ষ্মী-নাৰায়ণে ৰাজ্য কেনেকৈ পালে? তোমালোকে জানা যে আমি এতিয়া নতুন সৃষ্টিৰ ৰাজকুমাৰ হ'মগৈ। সেই সৃষ্টিত থকা সকলোৱে নিজকে মালিক বুলিয়েই নকব জানো। যিদৰে এতিয়াও সকলোৱে কয় যে ভাৰত আমাৰ দেশ। তোমালোকে বুজি পোৱা যে আমি এতিয়া সংগমত থিয় হৈ আছো, শিৱালয়লৈ যামগৈ। বচ, এতিয়া যাবলৈ ওলাইছো। আমি গৈ শিৱালয়ৰ মালিক হ'ম। তোমালোকৰ লক্ষ্য-উদ্দেশ্যই হৈছে এয়া। যেনেকুৱা ৰজা ৰাণী তেনেকুৱা প্ৰজা, সকলোৱে শিৱালয়ৰ মালিক হৈ যায়। বাকী ৰাজধানীত ভিন্ন-ভিন্ন পদ মৰ্যাদাতো থাকেই। তাত পৰামৰ্শদাতা কোনো নাথাকেই। পৰামৰ্শদাতা তেতিয়া থাকে যেতিয়া পতিত হৈ যায়। লক্ষ্মী-নাৰায়ণ বা ৰাম-সীতাৰ পৰামৰ্শদাতা আছিল বুলিতো শুনা নাই কিয়নো তেওঁলোক স্বয়ং সতোপ্ৰধান পাৱন বুদ্ধিৰ হয়। আকৌ যেতিয়া পতিত হৈ যায় তেতিয়া ৰজা-ৰাণীয়ে ৰায় লবলৈ এজন পৰামৰ্শদাতা ৰাখে। এতিয়াতো চোৱা অনেক পৰামৰ্শদাতা আছে।

তোমালোক সন্তানসকলে জানিছা যে এয়া অতিকৈ আনন্দদায়ক খেল। খেল সদায় আনন্দদায়কে হয়। সুখো থাকে, দুখো থাকে। এই বেহদৰ খেলক তোমালোক সন্তানসকলেহে জানা। ইয়াত কন্দা-কটা আদিৰ কথা নাই। গায়নো কৰে -যি হৈ গৈ সেয়া হৈ গল.. পূৰ্বে নিৰ্ধাৰিত হৈ আছে। এই নাটকখন তোমালোকৰ বুদ্ধিত আছে। আমি এই নাটকৰ এক্টৰ (ভাৱৰীয়া) হয়। আমাৰ 84 জন্মৰ ভূমিকা এক্যুৰেট (নিৰ্ভুল) অবিনাশী হয়। যিয়ে যিটো জন্মত যি ভূমিকা পালন কৰি আহিছে সেয়াই কৰি থাকিব। আজিৰ পৰা 5 হাজাৰ বছৰৰ আগতেও তোমালোকক এয়াই কৈছিলো যে নিজকে আত্মা বুলি বুজা। গীতাতো এই শব্দবোৰ আছে। তোমালোকে জানা যে যথাযথ যেতিয়া আদি সনাতন দেৱী-দেৱতা ধৰ্ম প্ৰতিষ্ঠা হৈছিল তেতিয়া পিতাই কৈছিল - দেহৰ সকলো ধৰ্ম ত্যাগ কৰি নিজকে আত্মা বুলি বুজা আৰু পিতাক স্মৰণ কৰা। মনমনাভৱৰ অৰ্থতো পিতাই ভালদৰে বুজাইছে। ভাষাও এইটোৱেই। ইয়াত চোৱা কিমান অনেক ভাষা আছে। ভাষাক লৈও কিমান হুলস্থুল। ভাষা অবিহনেতো কাম চলিব নোৱাৰে। এনেকুৱা-এনেকুৱা ভাষা শিকি আহে যে মাতৃভাষাৰ অন্ত পৰি যায়। যিয়েঅধিক ভাষা শিকে তেওঁক পুৰুস্কাৰ দিয়া হয়। যিমান ধৰ্ম, সিমান ভাষা হ'ব। তোমালোকে জানা যে তাততো নিজৰে ৰাজ্য হ'ব। ভাষাও এটাই হ'ব। ইয়াততো 100 মাইলৰ মূৰে-মূৰে এটা-এটা ভাষা আছে। তাততো এটাই ভাষা হ'ব। এই সকলো কথা পিতাই বহি বুজায় সেয়েহে সেই পিতাকেই স্মৰণ কৰি থাকা। শিৱবাবাই ব্ৰহ্মাৰ দ্বাৰা বুজায় । ৰথতো নিশ্চয় লাগিব নহয় জানো। শিৱবাবা আমাৰ পিতা হয়। পিতাই কয় মোৰতো বেহদৰ সন্তান আছে। বাবাই এওঁৰ দ্বাৰা নপঢ়াই জানো। শিক্ষকক জানো আলিঙ্গন কৰে। পিতাতো তোমালোকক পঢ়াবলৈ আহিছে। ৰাজযোগ শিকায় তেন্তে শিক্ষক নহল জানো। তোমালোক হৈছা বিদ্যাৰ্থী। বিদ্যাৰ্থীয়ে কেতিয়াবা শিক্ষকক আলিঙ্গন কৰে নেকি? এজন পিতাৰ হোৱাৰ পাছত অন্যৰ প্ৰতি অন্তৰৰ আকৰ্ষণ ৰাখিব নালাগে।

পিতাই কয় - মই তোমালোকক ৰাজযোগ শিকাবলৈ আহিছো। তোমালোক শৰীৰধাৰী, মই অশৰীৰী ওপৰত নিবাস কৰোঁতা। তোমালোকে এনেকৈ কোৱাও - বাবা, পবিত্ৰ কৰি তুলিবলৈ আহা, তেনেহ'লে তোমালোক পতিত নোহোৱা জানো? তেনেস্থলত মোৰ সৈতে আলিঙ্গন কেনেকৈ কৰিব পাৰিবা? প্ৰতিজ্ঞা কৰি পুনৰ পতিত হৈ যায়। যেতিয়া একেবাৰে পবিত্ৰ হৈ যাবা, অন্তিম সময়ত আকৌ স্মৃতিতেই থাকিবা, শিক্ষকক, গুৰুক স্মৰণ কৰি থাকিবা। এতিয়াতো ছিঃ-ছিঃ হৈ অধঃপতিত হৈ যায়, আৰুহে এশ গুণ দণ্ড হৈ যায়। এওঁকতো মাজতে দালালৰ ৰূপত পাইছা, তেওঁক স্মৰণ কৰিব লাগে। বাবাই কয় মইও তেওঁৰ মুৰব্বী সন্তান হওঁ! তথাপিও মই কত আলিঙ্গন কৰিব পাৰো! তোমালোকে তথাপিও এই শৰীৰ দ্বাৰা মিলিত হোৱা। মই তেওঁক কেনেকৈ আলিঙ্গন কৰো? পিতাইতো কয়- সন্তানসকল, তোমালোকে এজন পিতাকে স্মৰণ কৰা, মৰম কৰা। স্মৰণেৰে শক্তি বহুত পোৱা যায়। পিতা সৰ্বশক্তিমান। পিতাৰ পৰাই তোমালোকে ইমান শক্তি পোৱা। তোমালোক কিমান শক্তিশালী হৈ যোৱা। তোমালোকৰ ৰাজধানীক কোনেও জয় কৰিব নোৱাৰে। ৰাৱণৰ ৰাজ্যেই শেষ হৈ যায়। দুখ দিওঁতা কোনো নাথাকেই। তাক সুখধাম বুলি কোৱা হয়। ৰাৱণ গোটেই বিশ্বতে সকলোকে দুখ দিওঁতা হয়। জীৱ জন্তুও দুখী হয়। তাততো জীৱ জন্তুৱেও পৰস্পৰ প্ৰেমেৰে থাকে। ইয়াততো প্ৰেমেই নাই।

তোমালোকে জানা যে এই ড্ৰামাখন কেনেকৈ ঘূৰি থাকে। ইয়াৰ আদি-মধ্য- অন্তৰ ৰহস্য পিতাইহে বুজায়। কোনোৱে ভালকৈ পঢ়ে, কোনোৱে কমকৈ পঢ়ে। সকলোৱেতো পঢ়ে নহয় জানো। গোটেই সৃষ্টিখনেও পঢ়িব অৰ্থাৎ পিতাক স্মৰণ কৰিব। পিতাক স্মৰণ কৰা - এয়াও পঢ়া নহয় জানো। সেই পিতাক সকলোৱে স্মৰণ কৰে, তেওঁ সকলোৰে সৎগতি দাতা, সকলোকে দুখ দিওঁতা। এনেকৈ কয়ো যে আহি পবিত্ৰ কৰি তোলা তেন্তে নিশ্চয় পতিত হোৱা। তেওঁতো আহেই বিকাৰীসকলক নিৰ্বিকাৰী কৰি তুলিবলৈ। আহ্বানো কৰে যে হে অল্লাহ, আহি আমাক পবিত্ৰ কৰি তোলা। তেওঁৰ এইটোৱেই ধাণ্ডা, সেই কাৰণে আহ্বান কৰে।

তোমালোকৰ ভাষাও শুদ্ধ হোৱা উচিত। সেই লোকসকলে কয় অল্লাহ, তেওঁলোকে কয় গড্‌। গড্‌ ফাদাৰ বুলিও কয়। অন্তিম সময়ত অহাসকলৰ বুদ্ধি তথাপিও উত্তম হৈ থাকে। ইমান দুখ নাপায়। এতিয়া তোমালোক সন্মুখত বহি আছা, কি কৰা? বাবাক এই ভ্ৰুকুটিৰ মাজত চোৱা। বাবাই আকৌ তোমালোকৰ ভ্ৰুকুটিৰ মাজত চায়। যাৰ শৰীৰত মই প্ৰৱেশ কৰোঁ, তেওঁক চাব পাৰোনে? তেওঁতো কাষতে বহি আছে, এয়া অতিকে বুজিবলগীয়া কথা। মই এওঁৰ কাষতে বহি আছোঁ। এৱোঁ বুজি পায়, মোৰ কাষতে বহি আছে। তোমালোকে কবা আমি সন্মুখত দুজনক দেখো। পিতা আৰু ককা দুয়োটা আত্মাকে চোৱা। তোমালোকৰ জ্ঞান আছে - বাপদাদা বুলি কাক কোৱা হয়? আত্মা সন্মুখত বহি আছে। ভক্তি মাৰ্গততো চকু মুদি বহি শুনে। অধ্যয়ন জানো এনেকৈ কৰা হয়। শিক্ষককতো চাব লাগিব নহয় জানো। এওঁতো পিতাও হয় শিক্ষকো হয় সেয়েহে সন্মুখলৈ চাবলগীয়া হয়। সন্মুখত বহি চকু মুদি আছে, টোপনিয়াই আছে, এনেকৈ জানো অধ্যয়ন কৰা হয়। বিদ্যাৰ্থীয়ে নিশ্চয় শিক্ষকক চাই থাকিব। নহলে শিক্ষকে কব এওঁ দেখোন টোপনিয়াই থাকে। এওঁ কিজানি ভাং খাই আহিছে। তোমালোকৰ বুদ্ধিত আছে বাবা এইটো শৰীৰত আছে। মই বাবাক চাওঁ। পিতাই বুজায় এয়া কোনো সাধাৰণ শ্ৰেণী নহয় যে কোনোবাই চকু মুদি বহি থাকিব। স্কুলত কোনোবাই কেতিয়াবা চকু মুদি বহে নেকি? অন্য সৎসংগবোৰক স্কুল বুলি কোৱা নহয়। যদিও বহি গীতা শুনায় কিন্তু তাক স্কুল বুলি কোৱা নহয়। সেয়া জানো পিতা হয় যে তেওঁৰ ফালে চাম। কোনো-কোনো শিৱৰ ভক্ত হলে তেতিয়া কেৱল শিৱকহে স্মৰণ কৰে, কানেৰে কথা শুনি থাকে। শিৱক ভক্তি কৰোঁতাসকলে শিৱকেই স্মৰণ কৰিবলগা হয়। কোনো সৎসংগত প্ৰশ্ন-উত্তৰ আদি নাথাকে। ইয়াত আছে। ইয়াত তোমালোকৰ বহুত আমদানি হয়। আমদানিত কেতিয়াও হামি আহিব নোৱাৰে। ধন পালে তেতিয়া আনন্দিত হয়। হামি, দুখৰ চিহ্ন। বেমাৰ হ'লে, বা দেউলিয়া হলে তেতিয়া হামি আহি থাকিব। পইচা পাই থাকিলে তেতিয়া কেতিয়াও হামি নাহে। বাবা বেপাৰীও হয়। ৰাতি ষ্টীমাৰ (পানী জাহাজ) আহিলে গোটেই ৰাতি উজাগৰে থাকিব লগা হৈছিল। কোনো-কোনো বেগম সামগ্ৰী কিনিবলৈ ৰাতি আহিলে তেতিয়া কেৱল মহিলাৰ বাবেহে খোলা থাকে। বাবাইও কয় প্ৰদৰ্শনী আদিত মহিলাৰ বাবে বিশেষ দিন ৰাখিলে তেতিয়া বহুত আহিব। পৰ্দাৰে আবৃতসকলো আহিব। বোৱাৰীসকল পৰ্দাৰে আবৃত হৈ থাকে। গাড়ীতো পৰ্দা থাকে। ইয়াততো হৈছে আত্মাৰ কথা। জ্ঞান পাই গলে তেতিয়া পৰ্দাও খুলি যাব। সত্যযুগত পৰ্দা আদি নাথাকে। এয়াতো প্ৰবৃত্তি মাৰ্গৰ জ্ঞান নহয় জানো। ভাল বাৰু!

অতি মৰমৰ কল্পৰ পিছত পুনৰাই লগ পোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।

ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) এইখন বহুত আনন্দদায়ক খেল ৰচি থোৱা আছে, ইয়াত সুখ আৰু দুখৰ পাৰ্ট (ভূমিকা) নিৰ্ধাৰিত হৈ আছে সেয়েহে কন্দা-কটা কৰাৰ কথা নাই। বুদ্ধিত যাতে থাকে পূৰ্বে নিৰ্ধাৰিত চলি আছে, অতীতৰ চিন্তন কৰিব নালাগে।

(2) এয়া সাধাৰণ ক্লাছ নহয়, ইয়াত চকু মুদি বহিব নালাগে। শিক্ষকক সন্মুখত চাব লাগে। হামিয়াই থাকিব নালাগে। হামিয়াই থকাতো দুখৰ চিন।

বৰদান:
প্ৰসন্নতাৰ আত্মিক পাৰ্চনেলিটি (ব্যক্তিত্ব)ৰ দ্বাৰা সকলোকে অধিকাৰী কৰি তোলোঁতা গায়ন আৰু পূজন যোগ্য হোৱা

যিয়ে সকলোৰে পৰা সন্তুষ্টতাৰ প্ৰমাণপত্ৰ লয় তেওঁ সদায় প্ৰসন্ন হৈ থাকে, আৰু এই প্ৰসন্নতাৰ আত্মিক পাৰ্চনেলিটিৰ কাৰণে নামজ্বলা অৰ্থাৎ গায়ন আৰু পূজন যোগ্য হৈ যায়। তোমালোক শুভচিন্তক, প্ৰসন্নচিত হৈ থকা আত্মাসকলৰ দ্বাৰা সকলোৰে যি আনন্দৰ, সহায়ৰ, সাহসৰ ডেউকা, উৎসাহ-উদ্দিপনা প্ৰাপ্ত হয় - এই প্ৰাপ্তিয়ে কিছুমানক অধিকাৰী কৰি দিয়ে, কোনোবা ভক্ত হৈ যায়।
 

স্লোগান:
পিতাৰ পৰা বৰদান প্ৰাপ্ত কৰাৰ সহজ সাধন হ'ল - অন্তৰৰ স্নেহ।