03.01.21    Avyakt Bapdada     Assame Murli     05.10.87     Om Shanti     Madhuban


*ব্ৰাহ্মণ জীৱনৰ সুখ-সন্তুষ্টি আৰু প্ৰফুল্লতা*


আজি বাপদাদাই চাৰিওফালৰ নিজৰ অতি মৰমৰ, কল্পৰ পাছত পুনৰাই লগ পোৱা ব্ৰাহ্মণ সন্তানসকলৰ মাজত বিশেষ ব্ৰাহ্মণ জীৱনৰ বিশেষত্ব সম্পন্ন সন্তানসকলক চাই আছেহঁক। আজি অমৃতবেলা বাপদাদাই সকলো ব্ৰাহ্মণ কুলৰ সন্তানসকলৰ ভিতৰত সেই বিশেষ আত্মাসকলক নিৰ্বাচিত কৰি আছিল যিয়ে সদায় সন্তুষ্টি দ্বাৰা নিজেও সদায় সন্তুষ্ট হৈ থাকে আৰু অন্যকো সন্তুষ্টিৰ অনুভূতি নিজৰ দৃষ্টি, বৃত্তি আৰু কৰ্মৰ দ্বাৰা সদায় কৰাই আহিছে। গতিকে আজি এনেকুৱা সন্তুষ্ট মণিসকলৰ মালা গুঁঠি আছিল, যিসকলে সদায় সংকল্পত, বাণীত, সংগঠনৰ সম্বন্ধ-সম্পর্কত, কৰ্মত সন্তুষ্টিৰ সোণালী ফুল বাপদাদাৰ দ্বাৰা নিজৰ ওপৰত চটিওৱাৰ অনুভৱ কৰে আৰু সকলোৰে প্ৰতি সন্তুষ্টিৰ সোণালী ফুল সদায় বৰষি থাকে। এনেকুৱা সন্তুষ্ট আত্মা চাৰিওফালে কোনো কোনো দৃষ্টিগোচৰ হল। ডাঙৰ মালা তৈয়াৰ নহল, সৰু মালা তৈয়াৰ হ'ল। বাপদাদাই বাৰে বাৰে সন্তুষ্ট মণিৰসকলৰ মালা দেখি হৰ্ষিত হৈ আছিল কিয়নো এনেকুৱা সন্তুষ্টমণিসকহে বাপদাদাৰ ডিঙিৰ হাৰ (মালা) হয়, ৰাজ্য অধিকাৰী হয় আৰু ভক্তসকলৰ স্মৰণৰ মালা হয়।

বাপদাদাই অন্য সন্তানসকলকো প্ৰত্যক্ষ কৰি আছিল যিসকল কেতিয়াবা সন্তুষ্টিৰ আৰু কেতিয়াবা অসন্তুষ্টিৰ সংকল্প মাত্ৰ ছায়াৰ ভিতৰত আহি যায় আকৌ ওলাই আহে, আৱদ্ধ হৈ নাযায়। তৃতীয় প্ৰকাৰৰ সন্তানসকল কেতিয়াবা সংকল্পৰ অসন্তুষ্টি, কেতিয়াবা নিজেই নিজৰ প্ৰতি অসন্তুষ্টি, কেতিয়াবা নিজৰ পৰিস্থিতিৰ দ্বাৰা অসন্তুষ্টি, কেতিয়াবা নিজৰেই অস্থিৰতাৰ বাবে অসন্তুষ্টি আৰু কেতিয়াবা সৰু-ডাঙৰ কথাত অসন্তুষ্টি - এইটো চক্ৰত চলি থাকে আকৌ তাৰ পৰা ওলায় পুনৰ আৱদ্ধ হৈ যায়। এনেকুৱা মালাও দেখিলোঁ। গতিকে তিনি প্ৰকাৰৰ মালা তৈয়াৰ হ'ল। মণিতো সকলোৱে হয় কিন্তু সন্তুষ্ট-মণিৰ ৰেঙনি আৰু অন্য দুই প্ৰকাৰৰ মণিৰ ৰেঙনি কি হ'ব, এয়াতো তোমালোকেও জানিব পাৰা। ব্ৰহ্মা পিতাই বাৰে বাৰে তিনি প্ৰকাৰৰ মালা দেখি হৰ্ষিতো হৈ আছিল, লগতে চেষ্টা কৰি আছিল যে দ্বিতীয় নম্বৰৰ মালাৰ মণিবোৰ প্ৰথম মালাত আহি যাওঁক। বাৰ্তালাপ চলি আছিল কিয়নো দ্বিতীয়বিধ মালাৰ কোনো কোনো মণিৰ বহুত কম অসন্তুষ্টিৰ ছায়া মাত্ৰৰ কাৰণে প্ৰথম মালাৰ পৰা বঞ্চিত হৈ গৈছে, ইয়াক পৰিৱৰ্তন কৰি যেনেকৈ নহলেও প্ৰথম মালাত আনো। এজন এজনৰ গুণ, বিশেষত্ব, সেৱা - সকলো সন্মুখত আনি বাৰে বাৰে এয়াই কলে যে এওঁলোকক প্ৰথম মালাত অনা যাওঁক। এনেকুৱা প্ৰায় 25-30 মণি আছিল যাৰ ওপৰত পিতা ব্ৰহ্মাৰ বিশেষ বাৰ্তালাপ চলি আছিল। পিতা ব্ৰহ্মাই কলে - প্ৰথম নম্বৰৰ মালাত এই মণিসকলকো অন্তর্ভুক্ত কৰা উচিত। কিন্তু পুনৰ নিজেই মিচিকিয়াই হাঁহি এয়াই কলে যে পিতাই এওঁলোককো নিশ্চয় প্ৰথমত আনিয়েই দেখুৱাব। গতিকে এনেকুৱা বিশেষ মণিও আছিল।

এনেকুৱা বাৰ্তালাপৰ মাজতে এটা কথা ওলাল যে অসন্তুষ্টিৰ বিশেষ কাৰণ কি? যিহেতু সংগমযুগৰ বিশেষ বৰদান হৈছে সন্তুষ্টি, তথাপিও বৰদাতাৰ পৰা বৰদান প্ৰাপ্ত বৰদানী আত্মাসকল দ্বিতীয় নম্বৰ মালাত কিয় আহে? সন্তুষ্টিৰ বীজ হৈছে সৰ্ব প্ৰাপ্তি। অসন্তুষ্টিৰ বীজ হৈছে স্থূল বা সূক্ষ্ম অপ্ৰাপ্তি। যিহেতু ব্ৰাহ্মণৰ গায়ন আছে - "ব্ৰাহ্মণৰ খাজনাত বা ব্ৰাহ্মণ জীৱনত অপ্ৰাপ্ত বস্তু একোৱেই নাই" তেন্তে আকৌ অসন্তুষ্টি কিয়? কি বৰদাতাই বৰদান দিওঁতে পাৰ্থক্য ৰাখিছে নে লওঁতাই পাৰ্থক্যৰ সৃষ্টি কৰি ল'লে, কি হ'ল? যেতিয়া বৰদাতা, দাতাৰ ভঁৰাল ভৰপূৰ, ইমান ভৰপূৰ যে তোমালোকে অৰ্থাৎ শ্ৰেষ্ঠ নিমিত্ত আত্মাসকল যি বহুকালৰ ব্ৰহ্মাকুমাৰ/ব্ৰহ্মাকুমাৰী হৈ গ'ল, তেওঁলোকৰ 21 জন্মৰ বংশাৱলী আৰু তেওঁলোকৰ ভক্ত, ভক্তৰো বংশাৱলী, তেওঁলোকো এই প্ৰাপ্তিৰ আধাৰত চলি থাকিব। ইমান ডাঙৰ প্ৰাপ্তি, তথাপিও অসন্তুষ্টি কিয়? অক্ষয় খাজনা সকলোৰে প্ৰাপ্ত হৈছে - এজনৰ দ্বাৰাই, একেই ধৰণৰ, একে সময়তে, একেই বিধিৰে। কিন্তু প্ৰাপ্ত হোৱা খাজনাক সকলো সময়ত কাৰ্যত নলগায় অৰ্থাৎ স্মৃতিত নাৰাখে। মুখেৰে আনন্দিত হয় কিন্তু অন্তৰেৰে আনন্দিত নহয়। মগজৰে আনন্দিত হয়, অন্তৰেৰে নহয়। কাৰণ? প্ৰাপ্তিৰ খাজনাৰ স্মৃতি স্বৰূপ হৈ কাৰ্য কৰোঁতে কাৰ্যত উপযোগ নকৰে। স্মৃতি থাকে, কিন্তু স্মৃতি স্বৰূপ নহয়। প্ৰাপ্তি অসীমিত হয় কিন্তু তাক কৰবাত কৰবাত সীমিত প্ৰাপ্তিলৈ পৰিৱৰ্তন কৰি লোৱা। সেইকাৰণে সীমিত অৰ্থাৎ অল্পকালৰ প্ৰাপ্তিৰ ইচ্ছাই, অসীমিত প্ৰাপ্তিৰ ফলস্বৰূপে সদায় যি সন্তুষ্টিৰ অনুভূতি হব লাগে তাৰ পৰা বঞ্চিত কৰি দিয়ে। সীমিত প্ৰাপ্তিয়ে অন্তৰত সীমাৱদ্ধতা আনি দিয়ে সেইকাৰণে অসন্তুষ্টিৰ অনুভৱ হয়। সেৱাত সীমাৱদ্ধতা আনি দিয়ে কিয়নো সীমিত ইচ্ছাৰ ফল মনে আশা কৰা ধৰণে প্ৰাপ্ত নহয়। সীমিত ইচ্ছাৰ ফল অল্পকালৰ কাৰণে পূৰ্ণ হওঁতা হয় সেয়েহে এতিয়াই সন্তুষ্টি, এতিয়াই অসন্তুষ্টি হৈ যায়। সীমিত ভাৱে অসীমৰ নিচা অনুভৱ কৰিবলৈ নিদিয়ে, সেইবাবে বিশেষভাৱে পৰীক্ষা কৰা যে মনৰ অৰ্থাৎ নিজৰ প্ৰতি সন্তুষ্টি, সকলোৰে প্ৰতি সন্তুষ্টিৰ অনুভৱ হয়নে?

সন্তুষ্টিৰ লক্ষণ- তেওঁলোক মনেৰে, অন্তৰেৰে, সকলোৰে প্ৰতি, পিতাৰ প্ৰতি, নাটকৰ (ড্ৰামাৰ) প্ৰতি সন্তুষ্ট হব; তেওঁলোকৰ মন আৰু শৰীৰত সদায় প্ৰসন্নতাৰ লহৰ দেখা দিব। যি পৰিস্থিতিয়ে নাহক কিয়, লাগিলে কোনোবা আত্মাই হিচাপ-নিকাচ নিষ্পত্তি কৰিবৰ কাৰণে সন্মুখত আহি থাকক, লাগিলে শৰীৰৰ কৰ্মভোগ সন্মুখত আহি থাকক, কিন্তু সীমিত কামনাৰ পৰা মুক্ত আত্মা সন্তুষ্টিৰ কাৰণে সদায় প্ৰসন্নতাৰ ৰেঙনিৰে চিকমিকাই থকা তৰা যেন দেখা যাব। প্ৰফুল্লিত আত্মা কেতিয়াও কোনো কথাত প্ৰশ্নচিত নহব। প্ৰশ্ন থাকিলে প্ৰসন্নতা নাথাকে। প্ৰসন্নচিতৰ লক্ষণ- তেওঁ সদায় স্বাৰ্থ ৰহিত আৰু সদায় সকলোকে নিৰ্দোষী অনুভৱ কৰিব; আন কাকো দোষাৰোপ নকৰিব ভাগ্যবিধাতাকো এইবুলি দোষাৰোপ নকৰিব যে মোৰ ভাগ্য এনেকুৱা কৰিলা, নাটককো দোষাৰোপ নকৰিব যে মোৰ নাটকতেই এনেকুৱা ভূমিকা, ব্যক্তিকো দোষাৰোপ নকৰিব যে এওঁৰ স্বভাৱ সংস্কাৰ এনেকুৱা, প্ৰকৃতিকো দোষাৰোপ নকৰিব যে প্ৰকৃতিৰ বায়ুমণ্ডল এনেকুৱা, শৰীৰৰ হিচাপ-নিকাচকো দোষাৰোপ নকৰিব যে মোৰ শৰীৰেই এনেকুৱা। প্ৰসন্নচিত অৰ্থাৎ সদায় স্বাৰ্থ ৰহিত, নিৰ্দোষ বৃত্তি-দৃষ্টিধাৰী। গতিকে সংগমযুগৰ বিশেষত্ব হৈছে সন্তুষ্টি আৰু সন্তুষ্টিৰ লক্ষণ হৈছে প্ৰসন্নতা। এয়া হল ব্ৰাহ্মণ জীৱনৰ বিশেষ প্ৰাপ্তি। যদি সন্তুষ্টি নাই, প্ৰসন্নতা নাই তেন্তে ব্ৰাহ্মণ হোৱাৰ লাভ লোৱা নাই। ব্ৰাহ্মণ জীৱনৰ সুখ হয়েই সন্তুষ্টি, প্ৰসন্নতা। ব্ৰাহ্মণ জীৱন হল আৰু ইয়াৰ সুখ লোৱা নাই তেন্তে নামধাৰী ব্ৰাহ্মণ হল নে প্ৰাপ্তিস্বৰূপ ব্ৰাহ্মণ হল? গতিকে বাপদাদাই সকলো ব্ৰাহ্মণ সন্তানসকলক এইটোৱে সোঁৱৰাই আছে - ব্ৰাহ্মণ হলা, অহো ভাগ্য!, কিন্তু ব্ৰাহ্মণ জীৱনৰ উত্তৰাধিকাৰ, সম্পত্তি হৈছে সন্তুষ্টি। আৰু ব্ৰাহ্মণ জীৱনৰ ব্যক্তিত্ব হৈছে প্ৰসন্নতা। এইটো অনুভৱৰ পৰা কেতিয়াও বঞ্চিত হৈ নাথাকিবা। অধিকাৰী হোৱা। যেতিয়া দাতা, বৰদাতাই খোলা অন্তৰেৰে প্ৰাপ্তিৰ খাজনা দি আছে, দি দিলে তেন্তে নিজৰ সম্পত্তি আৰু ব্যক্তিত্বক খুব অনুভৱত আনা, আৰু আনকো অনুভৱী কৰি তোলা। বুজিলা? প্ৰত্যেকেই নিজক সোধা যে মই কোন নম্বৰৰ মালাৰ আছোঁ? মালাততো আছাই কিন্তু কোন নম্বৰৰ মালাত আছোঁ। বাৰু।

আজি ৰাজস্থান আৰু উত্তৰ প্ৰদেশৰ দল আছে। ৰাজস্থান অৰ্থাৎ ৰাজকীয় সংস্কাৰধাৰী, প্ৰতিটো সংকল্পত, স্বৰূপত ৰাজকীয় সংস্কাৰ বাস্তৱত অনা অৰ্থাৎ প্ৰত্যক্ষ ৰূপত দেখুৱাওঁতা। ইয়াকে কোৱা হয় ৰাজস্থান নিবাসী। এনেকুৱা হোৱা নহয়? কেতিয়াবা প্ৰজাতো হৈ নোযোৱা? যদি বশীভূত হৈ যোৱা তেন্তে প্ৰজা বুলি কোৱা হব, যদি মালিক হোৱা তেন্তে ৰজা। এনেকুৱা নহয় যে কেতিয়াবা ৰজা, কেতিয়াবা প্ৰজা। নহয়, সদায় ৰাজকীয় সংস্কাৰ স্বতঃ স্মৃতি-স্বৰূপত থাকক। এনেকুৱা ৰাজস্থান নিবাসী সন্তানসকলৰ মহত্বও আছে। ৰজাক সকলোৱে সদায় উচ্চ দৃষ্টিৰে চাব আৰু স্থানো ৰজাক উচ্চ দিব। ৰজাই সদায় আসনত বহিব, প্ৰজা সদায় তলত। তেন্তে ৰাজস্থানৰ ৰাজকীয় সংস্কাৰধাৰী আত্মাসকল অৰ্থাৎ সদায় উচ্চ স্থানত থাকোঁতা। এনেকুৱা হৈ গলা নে হৈ আছা? হৈছা আৰু সম্পন্ন হবই লাগিব। ৰাজস্থানৰ মহিমা কম নহয়। স্থাপনাৰ মুখ্য কাৰ্যলয়েই ৰাজস্থানত আছে। গতিকে উচ্চ হৈ গলা নহয়! নামেৰেও উচ্চ কামেৰেও উচ্চ। এনেকুৱা ৰাজস্থানৰ সন্তানসকল নিজৰ ঘৰত আহি উপস্থিত হৈছা। বুজিলা?

উত্তৰ প্ৰদেশৰ ভূমি বিশেষ পাৱন ভূমি বুলি গায়ন কৰা হৈছে। পাৱন কৰোঁতা ভক্তি মাৰ্গৰ গংগা নদীও তাত আছে আৰু ভক্তিৰ হিচাপত কৃষ্ণৰ ভূমিও উত্তৰ প্ৰদেশতে। ভূমিৰ মহিমা বহুত আছে। কৃষ্ণ লীলা, জন্মভূমি চাবলৈ হলে উত্তৰ প্ৰদেশলৈকে যাব। গতিকে উত্তৰ প্ৰদেশ নিবাসীসকলৰ বিশেষত্ব আছে। সদায় পাৱন হৈ আৰু পাৱন কৰি তোলাৰ বিশেষত্ব সম্পন্ন হয়। যিদৰে পিতাৰ মহিমা আছে পতিত-পাৱন উত্তৰ প্ৰদেশ নিবাসীসকলৰো মহিমা পিতাৰ সমান। পতিত-পাৱনী আত্মা হোৱা। ভাগ্যৰ তৰা চিকমিকাই আছে। এনেকুৱা ভাগ্যৱান স্থান আৰু স্থিতি - দুয়োৰে মহিমা আছে। সদায় পাৱন - এয়া হৈছে স্থিতিৰ মহিমা। তেন্তে নিজক এনেকুৱা ভাগ্যৱান বুলি ভাবানে? সদায় নিজৰ ভাগ্যক দেখি হৰ্ষিত হৈ নিজও সদায় হৰ্ষিত আৰু আনকো হৰ্ষিত কৰি গৈ থাকা কিয়নো হৰ্ষিত-মুখ স্বতঃ আকৰ্ষণ-মূৰ্ত হয়। যিদৰে স্থূল নদীয়ে নিজৰ ফালে আকৰ্ষিত কৰে নহয়, আকৰ্ষিত হৈ যাত্ৰীসকল যায়। লাগিলে যিমানেই কষ্ট কৰিবলগীয়া নহওঁক, তথাপিও পাৱন হোৱাৰ আকৰ্ষণে টানি আনে। গতিকে এই পাৱন কৰি তোলাৰ কাৰ্যৰ স্মাৰক উত্তৰ প্ৰদেশত আছে। এনেকৈয়ে হৰ্ষিত আৰু আকৰ্ষণ মূৰ্ত হব লাগে। বুজিলা?

তৃতিয় দল ডবল বিদেশীসকলৰো আছে। ডবল বিদেশী অৰ্থাৎ সদায় বিদেশী পিতাক আকৰ্ষিত কৰোঁতা, কিয়নো সমান হোৱা নহয় জানো। পিতাও বিদেশী আৰু তোমালোকো বিদেশী। সমগোত্ৰীয়সকল মৰমৰ হয়। মা-পিতাতকৈও বন্ধু বেছি প্ৰিয় হয়। গতিকে ডবল বিদেশী সদায় পিতাৰ সমান সদায় এই দেহ আৰু দেহৰ আকৰ্ষণৰ পৰা দূৰৈত বিদেশী হয়, অশৰীৰী হয়, অব্যক্ত হয়। সেয়েহে পিতা নিজৰ সমান অশৰীৰী, অব্যক্ত স্থিতিধাৰী সন্তানসকলক দেখি হৰ্ষিত হয়। দৌৰো ভাল লগাই আছা। সেৱাত ভিন্ন ভিন্ন সাধন আৰু বিধিৰে আগবাঢ়ি যোৱাৰ দৌৰ ভালকৈ লগাই আছা। বিধিও পালন কৰিছা আৰু বৃদ্ধিও কৰি আছা সেয়েহে, বাপদাদাই চাৰিওফালৰ ডবল বিদেশী সন্তানসকলক সেৱাৰ শুভেচ্ছাও জনায় আৰু নিজৰ বৃদ্ধিৰ স্মৃতিও সোঁৱৰাই দিয়ে। নিজৰ উন্নতিত সদায় উৰন্ত কলাৰ দ্বাৰা উৰি থাকা। স্ব-উন্নতি আৰু সেৱাৰ উন্নতিৰ ভাৰসাম্যতাৰ দ্বাৰা সদায় পিতাৰ আশীৰ্বাদৰ অধিকাৰী হোৱা আৰু সদায় অধিকাৰী হৈ থাকিবা। বাৰু!

চতুৰ্থ দল হৈছে বাকী মধুৱন নিবাসী। তেওঁলোকতো সদায় আছেই। যি অন্তৰত আছে তেওঁ আখলত আছে, যি আখলত আছে তেওঁ অন্তৰত আছে। সকলোতকৈ বেছি বিধিপূৰ্বক ব্ৰহ্মা ভোজনো মধুবনতেই হয়। সকলোতকৈ মৰমৰো মধুবন নিবাসীয়েই হয়। সকলো অনুস্থানো মধুবনতেই হয়। সকলোতকৈ, পোনপটীয়াকৈ মুৰুলীও, বেছিকৈ মধুবন নিবাসীসকলেই শুনে। গতিকে মধুবন নিবাসী সদায় শ্ৰেষ্ঠ ভাগ্যৰ অধিকাৰী আত্মা হয়। সেৱাও অন্তৰেৰে কৰে সেইকাৰণে মধুবন নিবাসীসকল বাপদাদা আৰু সকলো ব্ৰাহ্মণৰ মনৰ পৰা আশীৰ্বাদ প্ৰাপ্ত হৈ থাকে। বাৰু!

চাৰিওফালৰ সকলো বাপদাদাৰ বিশেষ সন্তুষ্টমণিসকলৰ প্ৰতি বাপদাদাৰ বিশেষ স্নেহপূৰ্ণ স্মৰণ। তাৰ লগতে সকলো ভাগ্যশালী ব্ৰাহ্মণ জীৱন প্ৰাপ্ত কৰোঁতা কোটিৰ মাজত কোনোবা, কোনোবাৰ মাজতো কোনোবা অতি মৰমৰ আত্মাসকলক, বাপদাদাৰ শুভ সংকল্পক সম্পন্ন কৰোঁতা আত্মাসকলক, সংগমযুগী ব্ৰাহ্মণ জীৱনৰ সম্পত্তিৰ সম্পূৰ্ণ অধিকাৰ প্ৰাপ্ত কৰোঁতা আত্মাসকলক বিধাতা আৰু বৰদাতা বাপদাদাৰ বহুত বহুত স্নেহপূৰ্ণ স্মৰণ স্বীকাৰ হওঁক।

দাদী জানকী জী আৰু দাদী চন্দ্ৰমণি জী সেৱাত যাবৰ বাবে বাপদাদাৰ পৰা অনুমতি লৈ আছে

গৈ আছা নে সমাহিত হৈ আছা? যোৱা বা আহা কিন্তু সদায় সমাহিত হৈ আছা। বাপদাদাই অনন্য সন্তানসকলক কেতিয়াও বেলেগে নাচায়েই। লাগিলে আকাৰত, লাগিলে সাকাৰত সদায় লগত আছে কিয়নো কেৱল মহাবীৰ সন্তানসকলেই হয় যিয়ে প্ৰতিজ্ঞা পালন কৰে যে সকলো সময়ত লগত থাকিম, লগত চলিম। অতি কমসংখ্যকে এই প্ৰতিজ্ঞা পালন কৰে, এনেকুৱা মহাবীৰ সন্তানসকল, অনন্য সন্তানসকল যলৈকে যায় পিতাক লগত লৈ যায় আৰু পিতায়ো সদায় বতনত লগত ৰাখে। প্ৰতিটো খোজতে সংগ দিয়ে সেইকাৰণে গৈ আছা, আহি আছা - কি বুলি কম? সেইকাৰণে কলোঁ যে গৈ আছা নে সমাহিত হৈ আছা। এনেকৈয়ে লগত থাকি থাকি সমান হৈ সমাহিত হৈ যাবা। ঘৰত অলপ সময়ৰ বাবে জিৰণি লবা, লগত থাকিবা। পুনৰ তোমালোকে ৰাজত্ব কৰিবা আৰু পিতাই ওপৰৰ পৰা চাব। কিন্তু সংগৰ অলপ সময়ৰ অনুভৱ কৰিবা। বাৰু!

(আজি বাবাই নিজৰ চমৎকাৰী মালা তৈয়াৰ কৰিলে) তোমালোকেওতো মালা তৈয়াৰ কৰা নহয় জানো। মালা এতিয়াতো সৰু। এতিয়া ডাঙৰ হৈ যাব। এতিয়া যি কিছুসংখ্যক কেতিয়াবা কেতিয়াবা বেহুঁচ হৈ যায়, তেওঁলোকৰ অলপ সময়ৰ ভিতৰত প্ৰকৃতিৰ বা সময়ৰ আৱজে চেতনা আনি দিব, তেতিয়া মালা ডাঙৰ হৈ যাব। বাৰু। যতেই নোযোৱা পিতাৰ বৰদানীতো হোৱাই। তোমালোকৰ প্ৰতিটো খোজত পিতাৰ বৰদান সকলোৱে পাই থাকিব। চালেও পিতাৰ বৰদান দৃষ্টিৰে লব, কলেও বাণীৰে বৰদান লব, কৰ্মৰেও বৰদানেই লব। চলোঁতে-ফুৰোঁতে বৰদান বৰষিবলৈ গৈ আছা। এতিয়া যিসকল আত্মা আহি আছে, তেওঁলোকক বৰদানৰ বা মহাদানৰ আৱশ্যকতা আছে। তোমালোক যোৱা মানে বিশাল অন্তৰেৰে তেওঁলোকে পিতাৰ বৰদান পোৱা। ভাল বাৰু!

বৰদান:
বুদ্ধি ৰূপী পদৰ (চৰণৰ) দ্বাৰা এই পাঁচ তত্ত্বৰ আকৰ্ষণৰ পৰা নিলগত থাকোঁতা ফৰিস্তা স্বৰূপ হোৱা

ফৰিস্তাক সদায় প্ৰকাশৰ কায়া ৰূপত দেখুওৱা হয়। প্ৰকাশৰ কায়াধাৰীসকলে এই দেহৰ স্মৃতিৰ পৰা উপৰাম হৈ থাকে। তেওঁলোকৰ বুদ্ধি ৰূপী পদ এই পাঁচ তত্ত্বৰ আকৰ্ষণৰ পৰা উচ্চত অৰ্থাৎ সিপাৰে থাকে। এনেকুৱা ফৰিস্তাসকলক মায়া বা কোনো মায়াবীয়ে স্পৰ্শ কৰিব নোৱাৰে। কিন্তু এইটো তেতিয়াহে হব যেতিয়া কাৰো অধীন নহব। শৰীৰৰো অধিকাৰী হৈ চলা, মায়াকো অধিকাৰী কৰি দিয়া, লৌকিক বা অলৌকিক সম্বন্ধৰো অধীনতাত নাহিবা।

স্লোগান:
যদি শৰীৰক চোৱাৰ অভ্যাস আছে তেন্তে প্ৰকাশৰ শৰীৰক চোৱা, প্ৰকাশ ৰূপত স্থিত হৈ থাকা।