03.02.19       Avyakt Bapdada      Assame Murli      17.04.84      Om Shanti     Madhuban


প দ্মা পদম ভাগ্যশালীৰ লক্ষণ


আজি ভাগ্য বিধাতা পিতাই ভাগ্যৱান সন্তানসকলক চাই আছেহঁক। প্ৰত্যেক ব্ৰাহ্মণ আত্মাই ভাগ্যৱান হয়। ব্ৰাহ্মণ হোৱা অৰ্থাৎ ভগ্যৱান হোৱা। ভগৱানৰ হোৱা অৰ্থাৎ ভাগ্যৱান হোৱা। ভগ্যৱানতো সকলোৱে হয় কিন্তু পিতাৰ হোৱাৰ পিছত পিতাৰ দ্বাৰা যি ভিন্ন-ভিন্ন খাজনাৰ উত্তৰাধিকাৰ প্ৰাপ্ত হয়, সেই শ্ৰেষ্ঠ উত্তৰাধিকাৰৰ অধিকাৰ প্ৰাপ্ত কৰি অধিকাৰী জীৱন-যাপন কৰা বা প্ৰাপ্ত হোৱা অধিকাৰক সদায় সহজ বিধিৰ দ্বাৰা বৃদ্ধি প্ৰাপ্ত কৰাৰ ক্ষেত্ৰত ক্ৰমানুসৰি হৈ যায়। কোনোবা ভাগ্যৱান হৈ ৰয়, কোনোবা সৌভাগ্যৱান হৈ যায়। কোনোবা হাজাৰ, কোনোবা লাখ, কোনোবা পদ্মাপদম ভাগ্যৱান হৈ যায় কিয়নো খাজনাক বিধি অনুসৰি কাৰ্যত লগোৱা অৰ্থাৎ বৃদ্ধি প্ৰাপ্ত কৰা। নিজক সম্পন্ন কৰি তোলাৰ কাৰ্যত লগোৱা নতুবা নিজৰ সম্পন্নতাৰ দ্বাৰা অন্য আত্মাসকলৰ সেৱাৰ কাৰ্যত লগোৱা। বিনাশী ধন খৰচ কৰিলে কমি যায়। অবিনাশী ধন খৰচ কৰিলে পদমগুণ বৃদ্ধি হয় সেয়েহে কোৱা হয় - খৰচ কৰা আৰু খোৱা। যিমান খৰচ কৰিবা, খাবা সিমানে সম্ৰাটৰো সম্ৰাটপিতাইআৰু মালামাল কৰি তুলিব গতিকে প্ৰাপ্ত হোৱা খাজনাৰ ভাগ্যক সেৱাৰ অৰ্থে লগাওঁতাজন আগবাঢ়ি যায়। পদ্মাপদম ভাগ্যৱান অৰ্থাৎ প্ৰতি খোজত পদমৰ হিচাপত উপাৰ্জন জমা কৰোঁতা আৰু প্ৰতিটো সংকল্পৰে বা বাণী, কৰ্ম, সম্পৰ্কৰ দ্বাৰা পদমক পদমগুণ সেৱাধাৰী হৈ সেৱাত লগাওঁতা। পদ্মাপদম ভাগ্যৱান সদায় বিশাল হৃদয়ৰ, অবিনাশী, অখণ্ড মহাদানী, সকলোৰে প্ৰতি সকলো খাজনা দান কৰোঁতা দাতা হব। সময় বা প্ৰগ্ৰাম (পৰিকল্পনা) অনুসৰি, সাধন অনুসৰি সেৱাধাৰী নহয়, অখণ্ড মহাদানী। বাণীৰে নহলে তেন্তে মনেৰে বা কৰ্মেৰে। সম্বন্ধ-সম্পৰ্কৰ দ্বাৰা কিবা নহয় কিবা বিধিৰে অসীমঅখণ্ড খাজনাৰ নিৰন্তৰ সেৱাধাৰী। সেৱাৰ ভিন্ন-ভিন্ন ৰূপ হব পাৰে কিন্তু সেৱাৰ লংগৰ সদায় চলি থাকিব। যিদৰে নিৰন্তৰ যোগী হোৱা সেইদৰে নিৰন্তৰ সেৱাধাৰী। নিৰন্তৰ সেৱাধাৰীয়ে সেৱাৰ শ্ৰেষ্ঠ ফল নিৰন্তৰ খাই আৰু খুৱাই থাকে অৰ্থাৎ নিজেই সদাকালৰ ফল খাই প্ৰত্যক্ষ স্বৰূপ হৈ যায়।

পদ্মাপদম ভগ্যৱান আত্মা সদায় পদম আসন নিবাসী অৰ্থাৎ কমল পুষ্প স্থিতিৰ আসন নিবাসী হদৰ (সীমিত ভাৱৰ) আকৰ্ষণ আৰু হদৰ ফল স্বীকাৰ কৰাৰ পৰা উপৰাম (অনাসক্ত) আৰু পিতা তথা ব্ৰাহ্মণ পৰিবাৰৰ, বিশ্বৰ স্নেহী। এনেকুৱা শ্ৰেষ্ঠ সেৱাধাৰী আত্মাসকলক সকলো আত্মাই সদায় আন্তৰিক স্নেহযুক্ত আনন্দৰ পুষ্প অৰ্পণ কৰে। স্বয়ং বাপদাদাইও এনেকুৱা নিৰন্তৰ সেৱাধাৰী পদ্মাপদম ভগ্যৱান আত্মাসকলৰ প্ৰতি স্নেহৰ পুষ্প অৰ্পণ কৰে। পদ্মাপদম ভগ্যৱান আত্মাই সদায় নিজৰ চিকমিকাই থকা ভাগ্য ৰূপী তৰাৰ দ্বাৰা অন্য আত্মাসকলকো ভাগ্যৱান কৰি তুলিবলৈ কিৰণ প্ৰদান কৰে। বাপদাদাই এনেকুৱা ভাগ্যৱান সন্তানসকলক চাই আছিল। দূৰৈতে হওক বা সন্মুখত হওক কিন্তু সদায় পিতাৰ অন্তৰত সমাহিত হৈ আছে সেয়েহে সমান তথা সমীপত থাকে। এতিয়া নিজকে সোধা - মই কেনেধৰণৰ ভাগ্যৱান আত্মা হওঁ। নিজেই নিজক জানিব পাৰা নহয় জানো। অন্যই কলে মানি লোৱা বা নোলোৱা কিন্তু নিজেই নিজক সকলোৱে জানে মই কোন হওঁ! বুজিলা। তথাপিও বাপদাদাই কয় ভাগ্যহীনৰ পৰা ভাগ্যৱানতো হৈ গলা। অনেক প্ৰকাৰৰ দুখ-যন্ত্ৰনাৰ পৰাতো হাত সাৰিবা। স্বৰ্গৰ মালিকতো হবা। এক হৈছে স্বৰ্গলৈ অহা। আনটো হৈছে ৰাজ্য অধিকাৰী হোৱা। আহিবাতো সকলোৱেই কিন্তু কেতিয়া আৰু কত আহিবা, এয়া নিজকে সোধা। বাপদাদাৰ ৰেজিস্তাৰত স্বৰ্গলৈ অহাৰ তালিকাত নাম আহি গল। দুনিয়াৰ তুলনাত এয়াতো ভাল হয়। কিন্তু ভালতকৈ ভাল নহয়। তেন্তে কি কৰিবা? কোনটো যন (মণ্ডল) এক নম্বৰত আহিব। প্ৰতিটো যনৰ বিশেষত্ব নিজৰ-নিজৰ।

মহাৰাষ্ট্ৰৰ বিশেষত্ব কি? জানানে? মহানতো হোৱা কিন্তু বিশেষ কোনটো বিশেষত্বৰ গায়ন কৰা হয়! মহাৰাষ্ট্ৰত গণপতিৰ পূজা বেছি হয়। গণপতিক কি বুলি কোৱা হয়? বিঘ্ন-বিনাশক। যিয়েই কাৰ্য আৰম্ভ কৰে প্ৰথমতে গণেশায়ে নমঃ বুলি কয়। তেন্তে মহাৰাষ্ট্ৰবাসীয়ে কি কৰিব? প্ৰত্যেক মহান কাৰ্যত শ্ৰীগণেশ কৰিবা নহয় জানো। মহাৰাষ্ট্ৰ অৰ্থাৎ সদায় বিঘ্ন-বিনাশক ৰাষ্ট্ৰ। গতিকে সদায় বিঘ্ন-বিনাশক হৈ নিজৰ আৰু আনৰ প্ৰতি এইটো মহানতা দেখুৱাবা! মহাৰাষ্ট্ৰত বিঘ্ন অহা উচিত নহয়। সকলোৱে বিঘ্ন-বিনাশক হৈ যাওক। আহিল আৰু দূৰৈৰ পৰা নমস্কাৰ জনালে। তেন্তে এনেকুৱা বিঘ্ন-বিনাশক গ্ৰুপ লৈ আনিছা নহয়! মহাৰাষ্ট্ৰই সদায় নিজৰ এইটো বিশেষত্বক বিশ্বৰ আগত প্ৰত্যক্ষ কৰাব লাগিব। বিঘ্নক ভয় কৰোঁতাতো নোহোৱা নহয়। বিঘ্ন-বিনাশক চেলেঞ্জ(প্ৰত্যাহ্বান) কৰোঁতা হয়। এনেও মহাৰাষ্ট্ৰত বাহাদুৰী দেখুৱায়। অচ্ছা!

ইউ পিৰ সকলে কি চমৎকাৰ দেখুৱাব? ইউ পিৰ বিশেষত্ব কি? তীৰ্থও বহুত আছে, নদীও বহুত আছে, জগতগুৰুও তাতেই আছে। চাৰিটি কোণত চাৰি জন জগতগুৰু আছে নহয়। মহামণ্ডলেশ্বৰ ইউ পিত বেছি আছে। হৰিৰ দ্বাৰ (দুৱাৰ) ইউ পিৰ বিশেষ হয়। গতিকে হৰিৰ দ্বাৰ অৰ্থাৎ হৰিৰ ওচৰলৈ যোৱা দ্বাৰ দেখুওৱাই দিওঁতা সেৱাধাৰী ইউ পিত বেছি হোৱা উচিত। যেনেকৈ তীৰ্থস্থানৰ কাৰণে ইউ পিত পাণ্ডা বহুত আছে। তেওঁলোকতো খাওঁতা-পাণ কৰোঁতা হয় কিন্তু এয়া হৈছে সঁচা মাৰ্গ-দৰ্শন কৰাওঁতা আত্মিক সেৱাধাৰী পাণ্ডা। যি পিতাৰ সৈতে মিলন উদযাপন কৰোঁতা হয়। পিতাৰ সমীপত আনোঁতা হয়। এনেকুৱা পাণ্ডৱ তথা পাণ্ডা ইউ পিত বিশেষ আছেনে? ইউ পিয়ে এই বিশেষ পাণ্ডৱ তথা পাণ্ডাৰ প্ৰত্যক্ষ ৰূপ দেখুৱাব লাগিব। বুজিলা!

মাইচৰৰ বিশেষত্ব কি? তাত চন্দনো আছে আৰু বিশেষ গাৰ্ডেনো (বাগিছাও) আছে। গতিকে কৰ্ণাটকবাসীয়ে বিশেষ সদায় আত্মিক গোলাপ, সদায় সুগন্ধি চন্দন হৈ বিশ্বত চন্দনৰ সুবাস বুলিয়ে কোৱা অথবা আত্মিক গোলাপৰ সুবাস বুলিয়ে কোৱা, বিশ্বক গাৰ্ডেন কৰি তুলিব লাগিব আৰু বিশ্বত চন্দনৰ সুবাস বিয়পাই দিব লাগিব। চন্দনৰ তিলক দি সুগন্ধি আৰু শীতল কৰি তুলিব লাগিব। চন্দন শীতলো হয়। তেন্তে সকলোতকৈ বেছি আত্মিক গোলাপ কৰ্ণাটকৰ পৰা ওলাব নহয় জানো। ইয়াৰ প্ৰত্যক্ষ প্ৰমাণ আনিব লাগিব।

এতিয়া সকলোৱে নিজৰ নিজৰ বিশেষজ্ঞৰ প্ৰত্যক্ষ ৰূপ দেখুৱাব লাগিব। সকলোতকৈ বেছি ফুলি থকা সুগন্ধি আত্মিক গোলাপ আনিব লাগিব। আনিছাও, কিছু কিছু আনিছা কিন্তু গুলদস্তা (ফুলৰ থোপা) অনা নাই। অচ্ছা!

বিদেশৰ মহিমাতো বহুত শুনাইছো। বিদেশৰ বিশেষত্ব হ'ল উপৰামো (অনাসক্তও) বহুত তীব্ৰতাৰে হয় আৰু আসক্তও বহুত তীব্ৰতাৰে হয়। বাপদাদাই বিদেশী সন্তানসকলৰ উপৰাম আৰু স্নেহী অৱস্থা দেখি হৰ্ষিত হয়। সেই জীৱনতো পাৰ হৈ গ'ল। যিমানে আৱদ্ধ হৈ আছিলা সিমানে এতিয়া উপৰামো হৈ গলা সেয়েহে বিদেশৰ উপৰাম আৰু স্নেহী অৱস্থা বাপদাদাৰো প্রিয় সেইবাবে বিশেষ বাপদাদাইও স্নেহপূৰ্ণ স্মৰণ কৰি আছে। নিজৰ বিশেষত্বত সমাহিত হৈ গলা! এনেকুৱা উপৰাম আৰু স্নেহী নোহোৱা জানো। এটাচ্মেণ্টতো (আসক্তিতো) নাই নহয়। তথাপিও চোৱা বিদেশী আলহী হৈ ঘৰলৈ আহিছা গতিকে আলহীক সদায় আগত ৰখা হয় সেইবাবে ভাৰতবাসী বিদেশীসকলক দেখি বিশেষ আনন্দিত হয়। কিছুমান এনেকুৱা আলহী থাকে যি হ'ষ্ট (গৃহস্থ)হৈ বহি যায়। বিদেশীসকলৰ সদায় এইটোৱে চলন দেখা গৈছে। গেষ্ট হৈ আহে আৰু হ'ষ্ট হৈ বহি যায়। তথাপিও অনেক প্ৰাচীৰ নেওচি পিতাৰ তথা তোমালোকৰ ওচৰলৈ আহিছে। গতিকে প্ৰথমে আপুনি বুলিতো কবা নহয় জানো। এনেও ভাৰতৰ বিশেষত্ব নিজৰ, বিদেশৰ নিজৰ। অচ্ছা!

সকলোৱে পদম আসনধাৰী পদ্মাপদম ভাগ্যৱান হোৱা। সদায় প্ৰতিটো চেকেণ্ডত, প্ৰতিটো সংকল্পত নিৰন্তৰ 84 ঘণ্টাৰ দেৱীসকল প্ৰখ্যাত হয়। এতিয়া 84 ঘণ্টা বজাবা নে আৰু অপেক্ষা কৰিবা! বিদেশত ভয়-ভীত হৈ জীৱন-যাপন কৰি আছে। তেন্তে কেতিয়া ঘণ্টা বজাবা। বিদেশে বজাব নে দেশে বজাব। 84 মানে চর্তুদিশৰ ঘণ্টা বাজিব। যেতিয়া সমাপ্তিত আৰতি কৰে তেতিয়া জোৰে জোৰে ঘণ্টা নবজায় জানো তেতিয়া সমাপ্তি হয়। আৰতি হোৱা মানে সমাপ্তি হোৱা। তেন্তে এতিয়া কি কৰিবা?

সকলো পদম আসনধাৰী, পদ্মাপদম ভাগ্যৱান, সদায় প্ৰতিটো চেকেণ্ড, প্ৰতিটো সংকল্পত নিৰন্তৰ সেৱাধাৰী, সদায় বিশাল হৃদয়ৰ হৈ সৰ্ব খাজনা দান কৰোঁতা, মাষ্টৰ দাতা,সদায় নিজৰ সম্পন্নতাৰ দ্বাৰা আনকো সম্পন্ন কৰি তোলোঁতা, শ্ৰেষ্ঠ ভাগ্যৰ অধিকাৰী, সদায় শ্ৰেষ্ঠ প্ৰমাণ দিওঁতা সুসন্তানসকলৰ প্ৰতি বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু নমস্কাৰ।

পঞ্জাৱ নিবাসীসকলৰ প্ৰতি:- পিতা বহি আছে সেয়েহে চিন্তা কৰাৰ প্ৰয়োজন নাই, যি হব সেয়া কল্যাণকাৰী হব। তোমালোকতো সকলোৰে হোৱা। হিন্দুও নোহোৱা নতুবা শিখো নোহোৱা। পিতাৰ হোৱা গতিকে সকলোৰে হোৱা। পাকিস্তানতো এয়াই কৈছিল নহয় - তোমালোকতো আল্লাৰ হোৱা - তোমালোকৰ কোনো কথাৰ লগত কানেকচন (সম্পৰ্ক) নাই সেইবাবে তোমালোক ঈশ্বৰৰ হোৱা, অন্য কাৰোৱে নোহোৱা। যিয়েই নহওক কিন্তু ভয় খাওতা নহয়। যিমানেই জুই নালাগক মেকুৰী পোৱালিবোৰতো নিৰপদে থাকিব। অৱশ্যে যি যোগযুক্ত হব তেওঁলোকহে নিৰপদে থাকিব। এনেকুৱা নহয় যে কবা মই পিতাৰ হওঁ আৰু স্মৰণ কৰিবা আনক। এনেকুৱা সকলে সহায় নাপাব। ভয় নাখাবা, ভীতিগ্ৰস্ত নহবা, আগবাঢ়ি যোৱা। স্মৃতিৰ যাত্ৰাতো, ধাৰণাতো, পঢ়াত সকলো বিষয়তে আগবাঢ়ি যোৱা। যিমানে আগবাঢ়ি যাবা সিমানে সহজে প্ৰাপ্তি কৰি থাকিবা।

2. সকলোৱে নিজকে এই সৃষ্টি ড্ৰামাত বিশেষ পাৰ্টধাৰী (ভূমিকা পালন কৰোঁতা) বুলি ভাবানে? কল্পৰ আগৰ নিজৰ চিত্ৰ এতিয়া প্ৰত্যক্ষ কৰি আছানে! এয়াই ব্ৰাহ্মণ জীৱনৰ চমৎকাৰ। সদায় এইটো বিশেষত্বক মনত পেলোৱা যে কি আছিলো আৰু কি হৈ গলো। কড়িৰ পৰা হীৰা তুল্য হৈ গলো। দুখী সংসাৰৰ পৰা সুখী সংসাৰলৈ আহি গলো। তোমালোক সকলো এই ড্ৰামাৰ হিৰো-হিৰোইন এক্টৰ (নায়ক-নায়িকাৰ ভূমিকা পালন কৰোঁতা) হোৱা। প্ৰতিজন/জনী ব্ৰহ্মাকুমাৰ-কুমাৰী পিতাৰ সংবাদ শুনাওঁতা সন্দেশী (বাৰ্তাবাহক) হোৱা। ভগৱানৰ সংবাদ শুনাওঁতা সন্দেশী, কিমান শ্ৰেষ্ঠ হলা! গতিকে সদায় এইটো কাৰ্যৰ নিমিত্তে অৱতৰিত হৈছা। ওপৰৰ পৰা তললৈ আহিছা এই সংবাদ দিবৰ বাবে - এইটো স্মৃতিয়ে আনন্দিত কৰি তুলিব। কেৱল নিজৰ এইটো অকুপেশ্চন (পেচা) সদায় মনত ৰাখিবা যে আনন্দৰ খনিৰ মালিক হওঁ। এয়াই তোমালোকৰ টাইটেল (উপাধি)।

3) সদায় নিজকে সংগমযুগী শ্ৰেষ্ঠ ব্ৰাহ্মণ আত্মা বুলি অনুভৱ কৰানে? সঁচা ব্ৰাহ্মণ অৰ্থাৎ সদায় সত্য পিতাৰ পৰিচয় দিওঁতা। ব্ৰাহ্মণৰ কাম হ'ল কথা শুনোৱা, তোমালোকে কথা নুশুনোৱা কিন্তু সত্য পৰিচয় শুনোৱা। এনেকৈ সত্য পিতাৰ পৰিচয় দিওঁতা, ব্ৰাহ্মণ আত্মা হোৱা, এইটো নিচা যাতে থাকে। ব্ৰাহ্মণ দেৱতাসকলতকৈও শ্ৰেষ্ঠ হয় সেয়েহে ব্ৰাহ্মণৰ স্থান টিকনিত (উচ্চত) দেখুৱায়। টিকনি যুক্ত ব্ৰাহ্মণ অৰ্থাৎ উচ্চ স্থিতিত থাকোঁতা। উচ্চ স্থিতিত থাকিলে তলৰ সকলো সৰু যেন লাগিব। কোনো কথা ডাঙৰ যেন নালাগিব। ওপৰত বহি তলৰ বস্তু চালে সৰু যেন লাগিব। কেতিয়াবা কোনো সমস্যা ডাঙৰ যেন লাগিলে তাৰ কাৰণ হৈছে তলত বহি চোৱা। ওপৰৰ পৰা চোৱা তেতিয়া পৰিশ্ৰম কৰিবলগীয়া নহব। গতিকে সদায় মনত ৰাখিবা - টিকনি থকা ব্ৰাহ্মণ হওঁ - তেতিয়া ডাঙৰ সমস্যাও চেকেণ্ডত সৰু হৈ যাব। সমস্যাক ভয় কৰোঁতা নহয় কিন্তু পাৰ কৰোঁতা সমস্যাৰ সমাধান কৰোতা হোৱা। অচ্ছা।

আজি ৰাতিপুৱা (18-04-84) অমৃতবেলা এ জন ভ্ৰাতা হাৰ্টফেল হোৱাৰ বাবে নিজৰ পুৰ ণা শৰীৰ মধুবনত ত্যাগ কৰিলে সেই সময়ত অব্যক্ত বাপদাদা ই উচ্চাৰিত কৰা মহাবাক্য

সকলোৱে ড্ৰামাৰ প্ৰতিটো দৃশ্য সাক্ষী হৈ প্ৰত্যক্ষ কৰোঁতা শ্ৰেষ্ঠ হোৱা নহয় জানো! ড্ৰামাত যিয়েই দৃশ্য আহে তাক কোৱা হব কল্যাণকাৰী। নাথিং নিউ (একো নতুন নহয়)। (তেওঁৰ লৌকিক ভাই-বোৱাৰীৰ প্ৰতি) কি ভাবি আছা? সাক্ষীপনৰ আসনত বহি সকলো দৃশ্য চালে নিজৰো কল্যাণ হয় আৰু সেই আত্মাৰো কল্যাণ হয়। এইটো বুজি পোৱা নহয় জানো! স্মৃতিত শক্তি ৰূপ হোৱা নহয়। শক্তি সদায় বিজয়ী হয়। বিজয়ী শক্তি ৰূপ হৈ সম্পূৰ্ণ ভূমিকা পালন কৰোঁতা। এয়াও ভূমিকা। ভূমিকা পালন কৰি যাওঁতে কেতিয়াও অন্য একো সংকল্প নকৰিবা। প্ৰত্যেক আত্মাৰ নিজৰ নিজৰ ভূমিকা আছে। এতিয়া সেই আত্মাক শান্তি আৰু শক্তিৰ সহযোগ দিয়া। ইমান অনেক দেৱী পৰিয়ালৰ সহযোগ প্ৰাপ্ত হৈ আছে সেয়েহে চিন্তাৰ কোনো কথা নাই। মহান তীৰ্থ স্থান নহয় জানো! মহান আত্মা হয়, মহান তীৰ্থ হয়। সদায় মহানতাৰ কথাই ভাবিবা। সকলোৱে স্মৃতিত বহি আছা নহয়! এজন মৰমৰ সন্তান, নিজৰ এই পুৰণা শৰীৰৰ হিচাপ পুৰা কৰি নিজৰ নতুন শৰীৰৰ প্ৰস্তুতিৰ বাবে গল সেইবাবে এতিয়া সকলোৱে সেই ভাগ্যৱান আত্মাটিক শান্তি আৰু শক্তিৰ সহযোগ দিয়া। এয়াই বিশেষ সেৱা। কিয় কি লৈ নাযাবা কিন্তু নিজেও শক্তি স্বৰূপ হৈ বিশ্বত শান্তিৰ কিৰণ বিয়পোৱা। শ্ৰেষ্ঠ আত্মা হয়, উপাৰ্জন কৰোঁতা আত্মা হয় সেয়েহে চিন্তাৰ কোনো কথা নাই। বুজিলা!

বৰদান:
ফৰি স্তা স্বৰূপ স্মৃতি ৰ দ্বাৰা পিতাৰ ছত্ৰছায়া অনুভৱ কৰোঁতা বিঘ্নজিৎ হোৱা

অমৃতবেলা উঠিয়েই স্মৃতিলৈ আনা যে মই ফৰিস্তা হওঁ। ব্ৰহ্মা পিতাক এয়াই মন পচন্দৰ উপহাৰ দিয়া তেতিয়া নিতৌ অমৃতবেলা বাপদাদাই তোমালোকক নিজৰ দুবাহুত সমাহিত কৰি লব, অনুভৱ কৰিবা যে বাবাৰ দুবাহুত, অতীন্দ্ৰিয় সুখত দুলি আছো। যি ফৰিস্তা স্বৰূপৰ স্মৃতিত থাকিব তেওঁলোকৰ সন্মুখত কোনো পৰিস্থিতি বা বিঘ্ন আহিলেও পিতা তেওঁলোকৰ বাবে ছত্ৰছায়া হৈ যাব। গতিকে পিতাৰ ছত্ৰছায়া বা প্ৰেমৰ অনুভৱ কৰি বিঘ্নজিৎ হোৱা।

স্লোগান:
সুখ স্বৰূপ আত্মাই স্ব - স্থিতিৰে পৰিস্থিতিৰ ওপৰত সহজে বিজয় প্ৰাপ্ত কৰি ল য় ।