03.02.20       Morning Assame Murli        Om Shanti      BapDada       Madhuban


"মৰমৰ সন্তানসকল তোমালোকৰ দায়িত্ব হৈছে ঘৰে-ঘৰে পিতাৰ বাৰ্তা দিয়া, যিকোনো পৰিস্থিতিতে যুক্তি ৰচনা কৰি সকলোকে পিতাৰ পৰিচয় নিশ্চয় দিবা

প্ৰশ্ন:
তোমালোক সন্তানসকলৰ কোনটো এটা কথাত চখ (আগ্ৰহ) থাকিব লাগে?

উত্তৰ:
যিবোৰ নতুন নতুন পইণ্টচ্ ওলায়, সেয়া নিজৰ লগত নোট কৰি (টুকি) ৰখাৰ চখ (আগ্ৰহ) থাকিব লাগে কিয়নো ইমানবোৰ পইণ্টচ্ স্মৃতিত ৰখাতো কঠিন। নোটচ্ (টোকা) লৈ পাছত কাৰোবাক বুজাব লাগে। এনেকুৱাও নহয় যে লিখাৰ পাছত টোকাবহী তেনেকৈয়ে পৰি থাকিব। যিসকল সন্তানে যথা ৰীতিৰে বুজি পায় তেওঁলোকৰ নোটচ্ লোৱাৰ (টুকি ৰখাৰ) বহুত চখ থাকে।

গীত:
লাখ জমানে ৱালে দালে দিল পে টালে....... (জগতৰ লাখ-লাখ লোকে বিৰোধ কৰিলে...)

ওঁম্শান্তি।
অতি মৰমৰ আত্মিক সন্তানসকলে গীতটি শুনিলে। আত্মিক সন্তানসকল, এনেকৈ এজন পিতাইহে ক'ব পাৰে। আত্মিক পিতাৰ বাহিৰে কেতিয়াও কোনেও কাৰোবাক আত্মিক সন্তান বুলি ক'ব নোৱাৰে। সন্তানসকলে জানে সকলো আত্মাৰ এজনেই পিতা, আমি সকলো ভাই-ভাই। গায়নো কৰে ব্ৰাডৰহুড্ (ভ্ৰাতৃত্ববোধ), তথাপিও মায়া এনেকৈ প্ৰৱেশ কৰে যে পৰমাত্মাক সৰ্বব্যাপি বুলি কৈ দিয়ে তেতিয়া ফাদাৰহুড্ হৈ যায়। ৰাৱণ ৰাজ্য পুৰণি সৃষ্টিতহে হয়। নতুন সৃষ্টিত ৰাম ৰাজ্য অথবা ঈশ্বৰীয় ৰাজ্য বুলি কোৱা হয়। এয়া বুজিবলগীয়া কথা। দুখন ৰাজ্য নিশ্চয় আছে - ঈশ্বৰীয় ৰাজ্য আৰু আসুৰি ৰাজ্য। নতুন সৃষ্টি আৰু পুৰণি সৃষ্টি। নতুন সৃষ্টি নিশ্চয় পিতাইহে ৰচনা কৰিব। এই সৃষ্টিত মনুষ্যই নতুন সৃষ্টি আৰু পুৰণি সৃষ্টিকো বুজি নাপায়। তাৰমানে একোৱেই নাজানে। তোমালোকেও একো নাজানিছিলা, অজ্ঞানী আছিলা। নতুন সুখৰ সৃষ্টি কোনে স্থাপন কৰে, আকৌ পুৰণি সৃষ্টিত দুখ কিয় হয়, স্বৰ্গৰ পৰা নৰক কেনেকৈ হয়, এয়া কোনেও নাজানে। এই কথাবোৰতো মনুষ্যইহে জানিব নহয় জানো। দেৱতাসকলৰ চিত্ৰও আছে তেন্তে নিশ্চয় আদি সনাতন দেৱী-দেৱতাসকলৰ ৰাজ্য আছিল। এই সময়ত নাই। এয়া হৈছে প্ৰজাৰ প্ৰজাৰ ওপৰত ৰাজ্য। পিতা ভাৰততহে আহে। মনুষ্যই এইটো নাজানে যে শিৱবাবা ভাৰতত আহি কি কৰে। নিজৰ ধৰ্মকেই পাহৰি গ'ল। তোমালোকে এতিয়া ত্ৰিমূৰ্তি আৰু শিৱ পিতাৰ পৰিচয় দিব লাগে। ব্ৰহ্মা দেৱতা, বিষ্ণু দেৱতা, শংকৰ দেৱতা বুলি কোৱা হয় আকৌ কয় - শিৱ পৰমাত্মায়ে নমঃ গতিকে তোমালোক সন্তানসকলে ত্ৰিমূৰ্তি শিৱৰহে পৰিচয় দিব লাগে। এনেকুৱা সেৱা কৰিব লাগে। যিকোনো পৰিস্থিতিতে পিতাৰ পৰিচয় সকলোৱে পালে তেতিয়া পিতাৰ পৰা উত্তৰাধিকাৰ লৈ লব। তোমালোকে জানা আমি এতিয়া উত্তৰাধিকাৰ লৈ আছোঁ। আৰু বহুতেই উত্তৰাধিকাৰ ল'বলৈ আছে। আমাৰ ওপৰত ঘৰে-ঘৰে পিতাৰ বাৰ্তা দিয়াৰ দায়িত্ব আছে। আচলতে বাৰ্তা দিওঁতা এজন পিতাই হয়। পিতাই নিজৰ পৰিচয় তোমালোকক দিয়ে। তোমালোকে আকৌ আনক পিতাৰ পৰিচয় দিব লাগে। পিতাৰ জ্ঞান দিব লাগে। মুখ্য হল ত্ৰিমূৰ্তি শিৱ, ইয়াৰে কৰ্ট অফ্‌ আৰ্মচ্‌ (প্ৰতীক চিহ্ন)ও বনোৱা হৈছে। চৰকাৰে ইয়াৰ যথাৰ্থ অৰ্থ বুজি নাপায়। ইয়াত যঁতৰৰ নিচিনা চক্ৰও দিয়া হৈছে আৰু তাত আকৌ লিখিছে সত্যমেৱ জয়তে। ইয়াৰ একো অৰ্থতো নোলায়। এয়াতো সংস্কৃত শব্দ। এতিয়া পিতাতো হৈছেই ট্ৰুথ্‌ (সত্য)। পিতাই যি বুজায় তাৰ দ্বাৰা তোমালোকে গোটেই বিশ্বৰ ওপৰত বিজয়ী হোৱা। পিতাই কয় - মই সত্য কথা কওঁ তোমালোকে এই পঢ়াৰ দ্বাৰা প্ৰকৃতাৰ্থত নাৰায়ণ হব পাৰা। তেওঁলোকে কি কি অৰ্থ উলিয়াই থাকে। সেয়াও তেওঁলোকক সুধিব লাগে। পিতাইতো অনেক প্ৰকাৰে বুজায়। যি ঠাইত মেলা বহে তাত নদীৰ পাৰলৈ গৈও বুজোৱা। পতিত-পাৱন গংগাতো হব নোৱাৰে। নদীবোৰ সাগৰৰ পৰা ওলায়। সেয়া হল পানীৰ সাগৰ। তাৰ পৰা পানীৰ নদী ওলায়। জ্ঞান সাগৰৰ পৰা জ্ঞানৰ নদী ওলাব। তোমালোক মাতাসকলৰ এতিয়া জ্ঞান আছে, গোমুখলৈ যায়, সেই মুখৰ পৰা পানী ওলায়, তাকে গংগাৰ জল বুলি ভাবে। ইমান লিখা-পঢ়া কৰা মনুষ্যই বুজি নাপায় যে ইয়াত গংগা জল কৰ পৰা ওলাব। শাস্ত্ৰত আছে যে বাণ মাৰিলে আৰু গংগা ওলাই আহিল। এতিয়া এয়াতো হৈছে জ্ঞানৰ কথা। এনেকুৱা নহয় যে অৰ্জুনে বাণ মাৰিলে আৰু গংগা ওলাই আহিল। কিমান দূৰ-দূৰণিলৈ তীৰ্থ কৰিবলৈ যায়। এনেকৈ কয় যে শংকৰৰ জঁটাৰ পৰা গংগা ওলাল, যত স্নান কৰিলে মনুষ্যৰ পৰা পৰী হৈ যায়। মনুষ্যৰ পৰা দেৱতা হৈ যায়, এয়াও পৰীৰ নিচিনাই নহয় জানো।

এতিয়া তোমালোক সন্তানসকলে পিতাৰেই পৰিচয় দিব লাগে সেইকাৰণে বাবাই এই চিত্ৰ অংকন কৰাইছে। ত্ৰিমূৰ্তি শিৱৰ চিত্ৰত গোটেই জ্ঞান আছে। মাত্ৰ তেওঁলোকৰ ত্ৰিমূৰ্তিৰ চিত্ৰত জ্ঞান দিওঁতা (শিৱ)ৰ চিত্ৰ নাই। জ্ঞান লওঁতাৰ চিত্ৰ আছে। এতিয়া তোমালোকে ত্ৰিমূৰ্তি শিৱৰ চিত্ৰৰ ওপৰত বুজোৱা। ওপৰত আছে জ্ঞান দিওঁতা। ব্ৰহ্মাই তেওঁৰ পৰা জ্ঞান পায় যি জ্ঞান আকৌ বিয়পাই দিয়ে। ইয়াক কোৱা হয় ঈশ্বৰৰ ধৰ্ম স্থাপনাৰ মেচিনৰী (কাৰ্য ব্যৱস্থা)। এই দেৱী-দেৱতা ধৰ্ম বহুত সুখ দিওঁতা হয়। তোমালোক সন্তানসকলে নিজৰ সত্য ধৰ্মৰ পৰিচয় পালা। তোমালোকে জানা যে আমাক ভগৱানে পঢ়ায়। তোমালোক কিমান অনন্দিত হোৱা। পিতাই কয় - তোমালোক সন্তানসকলৰ আনন্দৰ সীমা থাকিব নালাগে কাৰণ তোমালোকক পঢ়োৱাজন স্বয়ং ভগৱান হয়, ভগৱানতো হৈছে নিৰাকাৰ শিৱ, শ্ৰীকৃষ্ণ নহয়। পিতাই বহি বুজায় - সকলোৰে সৎগতি দাতা এজনেই। সৎগতি সত্যযুগক কোৱা হয়, দুৰ্গতি কলিযুগক কোৱা হয়। নতুন জগতক নতুন, পুৰণিক পুৰণি বুলিয়ে কব। মনুষ্যই ভাবে যে এতিয়া জগতখনক পুৰণি হবলৈ 40 হাজাৰ বছৰ লাগিব। কিমান বিবুদ্ধিত পৰি আছে। পিতাৰ বাহিৰে এই কথাবোৰ আন কোনেও বুজাব নোৱাৰে। পিতাই কয় - মই তোমালোক সন্তানসকলক ৰাজ্য-ভাগ্য দি বাকী সকলোকে ঘৰলৈ লৈ যাওঁ, যিসকলে মোৰ মতত চলে তেওঁলোক দেৱতা হৈ যায়। এই কথাবোৰ তোমালোক সন্তানসকলে জানা, নতুন কোনোবাই কি বুজিব।

তোমালোক মালীসকলৰ কৰ্তব্য হৈছে বাগিচালগাইতৈয়াৰ কৰা। বাগিচাৰ মালিকেতো ডায়ৰেক্সন (নিৰ্দেশনা)হে দিয়ে। এনেকুৱা নহয় যে পিতাই কোনোবা নতুন ব্যক্তিক লগ কৰি জ্ঞান দিব। এয়া মালীসকলৰ কাম। উদাহৰণ স্বৰূপে, বাবা কলিকতালৈ গ'লে সন্তানসকলে ভাবিব যে আমি নিজৰ অফিচাৰক, অমুক মিত্ৰক বাবাৰ ওচৰত লৈ যাওঁ। বাবাই ক'ব, তেওঁলোকেতো একোৱে বুজি নাপাব। এয়া বুদ্ধু (অবুজন)ক সন্মুখত আনি বহুৱাৰ নিচিনা হব, সেইবাবে বাবাই কয় - নতুনসকলক কেতিয়াও বাবাৰ আগত লৈ নাহিবা। এয়াতো তোমালোক মালীসকলৰ কাম, বাগিচাৰ মালিকৰ কাম নহয়। মালীৰ কাম হৈছে বাগিছা লগোৱা। পিতাইতো ডায়ৰেক্সন দিয়ে - এনেকৈ কৰা সেইবাবে বাবাই কেতিয়াও নতুনসকলক লগ নকৰে। কিন্তু কেতিয়াবা আলহী হৈ ঘৰলৈ আহিলে দৰ্শন কৰিব বিচাৰে। আপোনালোকে আমাক কিয় বাবাক সাক্ষাৎ কৰিব নিদিয়ে? শংকৰাচাৰ্য আদিৰ ওচৰত কিমান যায়। আজিকালি শংকৰাচাৰ্যৰ পদ মৰ্যাদা বহুত। লিখা-পঢ়া জানে, তথাপিও জন্মতো বিকাৰৰ দ্বাৰাই নলয় জানো। নিমিত্ত লোকসকলে যি কোনো লোককে গাদীত বহুৱাই দিয়ে। সকলোৰে নিজৰ নিজৰ মত। পিতাই নিজে আহি সন্তানসকলক নিজৰ পৰিচয় দিয়ে যে মই কল্পই-কল্পই এই পুৰণা দেহত আহোঁ। এৱোঁ নিজৰ জন্মক নাজানে। শাস্ত্ৰততো কল্পৰ আয়ুসেই লাখ-লাখ বছৰ কৰি দিছে। মনুষ্যইতো ইমান জন্ম ল'ব নোৱাৰে সেয়েহে জন্তু আদিৰো যোনী মিলাই 84 লাখ কৰি দিছে। মনুষ্যইতো যি শুনে তাকেই সত্য বুলি কৈ থাকে। শাস্ত্ৰবোৰততো সকলো ভক্তিমাৰ্গৰ কথা আছে। কলিকতাত দেৱীসকলৰ বহুত শোভনীয়, সুন্দৰ মূৰ্তি তৈয়াৰ কৰে, সজাই তোলে। আকৌ সেইবোৰ ডুবাই দিয়ে। এওঁলোকো পুতলাৰ পূজা কৰা শিশুৱেই হ'ল। একেবাৰে ইনচেণ্ট (নিৰীহ, একোৱে নাজানে)। তোমালোকে জানা যে এইখন হৈছে নৰক। স্বৰ্গততো অপাৰ সুখ আছিল। এতিয়াও কোনো মৰিলে কয় যে অমুক স্বৰ্গগামী হ'ল, তেন্তে নিশ্চয় কোনোবা সময়ত স্বৰ্গ আছিল, এতিয়া নাই। নৰকৰ পাছত আকৌ নিশ্চয় স্বৰ্গ আহিব। এই কথাবোৰো তোমালোকে জানা। মনুষ্যইতো অলপো নাজানে। গতিকে নতুন কোনোবাই পিতাৰ সন্মুখত বহি কি কৰিব সেইকাৰণে মালীৰ আৱশ্যক হয় যিয়ে ভালকৈ গঢ়ি তুলিব। ইয়াততো মালীও অনেক লাগে। মেডিকেল কলেজত কোনোবা নতুন গৈ বহিলে একোৱেই বুজি নাপাব। এই জ্ঞানো হৈছে নতুন। পিতাই কয় - মই আহিছোঁ সকলোকে পবিত্ৰ কৰি তুলিবলৈ। মোক স্মৰণ কৰিলে পাৱন হৈ যাবা। এই সময়ত সকলোৱেই তমোপ্ৰধান আত্মা, সেইবাবেতো কৈ দিয়ে - আত্মাই পৰমাত্মা, সকলোতে পৰমাত্মা আছে। তেন্তে পিতাই জানো বহি এওঁলোকৰ কাৰণে মগজ খটুৱাই থাকিব। এয়া তোমালোক মালীসকলৰ কাম - কাঁইটক ফুল কৰি তোলা।

তোমালোকে জানা যে ভক্তি হৈছে ৰাতি, জ্ঞান হৈছে দিন। গায়নো কৰা হয় - ব্ৰহ্মাৰ দিন, ব্ৰহ্মাৰ ৰাতি। প্ৰজাপিতা ব্ৰহ্মাৰতো নিশ্চয় সন্তানো থাকিব নহয় জানো। কাৰো ইমানখিনিও বুদ্ধি নাই যে এনেকৈ সুধিব - ইমান ব্ৰহ্মাকুমাৰ-কুমাৰী আছে, এওঁলোৰ ব্ৰহ্মা কোন? হেৰ প্ৰজাপিতা ব্ৰহ্মাতো প্ৰখ্যাত হয়, তেওঁৰ দ্বাৰাই ব্ৰাহ্মণ ধৰ্মৰ স্থাপনা হয়। কয়ো যে ব্ৰহ্মা দেৱতায়ে নমঃ। পিতাই তোমালোক সন্তানসকলক ব্ৰাহ্মণ কৰি পুনৰ দেৱতা কৰি তোলে।

যিবোৰ নতুন-নতুন পইণ্ট ওলায়, সেয়া নিজৰ লগত নোট কৰি ৰখাৰ চখ সন্তানসকলৰ থাকিব লাগে। যিসকল সন্তানে ভালদৰে বুজে তেওঁলোকৰ নোট লোৱাৰ (টুকি ৰখাৰ) বহুত চখ থাকে। নোট লোৱাতো ভাল কথা, কিয়নো ইমানবোৰ পইণ্টচ স্মৃতিত ৰখাতো কঠিন। নোট লৈ পুনৰ কাৰোবাক বুজাব লাগে। এনেকুৱা নহয় যে লিখি আকৌ টোকাবহী পেলাই থৈ দিবা। নতুন-নতুন পইণ্টচ পাই থাকা সেয়েহে পুৰণি পইণ্টচৰ টোকাবহী পৰি থাকে। স্কুলতো পঢ়ি গৈ থাকিলে, আগৰ শ্ৰেণীৰ কিতাপবোৰ পৰি থাকে। যেতিয়া তোমালোকে বুজোৱা তেতিয়া শেষৰ ফালে এইটো বুজোৱা যে মনমনাভৱ। পিতাক আৰু সৃষ্টিৰ চক্ৰক স্মৰণ কৰা। মুখ্য কথা হৈছে - মামেকম স্মৰণ কৰা (মনে মনে কেৱল মোক স্মৰণ কৰা), ইয়াকে যোগ অগ্নি বুলি কোৱা হয়। ভগৱান হৈছে জ্ঞানৰ সাগৰ। মনুষ্য হৈছে শাস্ত্ৰৰ সাগৰ। পিতাই কোনো শাস্ত্ৰ নুশুনায়, তেৱোঁ যদি শাস্ত্ৰ শুনায় তেন্তে ভগৱান আৰু মনুষ্যৰ মাজত কি পাৰ্থক্য থাকিল? পিতাই কয় - এই ভক্তি মাৰ্গৰ শাস্ত্ৰৰ সাৰ মই তোমালোকক বুজাওঁ।

সেই মুৰুলি বজোৱাসকলে সাপ ধৰে তেতিয়া তাৰ দাঁত উলিয়াই দিয়ে। পিতায়ো তোমালোকক বিষ পান কৰাৰ পৰা এৰুৱাই দিয়ে। এই বিষৰ দ্বাৰাই মনুষ্য পতিত হয়। পিতাই কয় - ইয়াক ত্যাগ কৰা তথাপিও ত্যাগ নকৰে। পিতাই বগা (পবিত্ৰ) কৰি তোলে তথাপি পতিত হৈ মুখ কলা কৰি দিয়ে। পিতা আহিছে তোমালোক সন্তানসকলক জ্ঞান চিতাত বহুৱাবলৈ। জ্ঞান চিতাত বহিলে তোমালোক বিশ্বৰ মালিক, জগতজিৎ হৈ যোৱা। ভাল বাৰু!

অতি মৰমৰ কল্পৰ পাছত পুনৰাই লগ পোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।

ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) সদায় আনন্দিত হৈ থাকিব লাগে যে আমি সত্য ধৰ্ম স্থাপনাৰ নিমিত্ত হওঁ। স্বয়ং ভগৱানে আমাক পঢ়ায়। আমাৰ দেৱী-দেৱতাৰ ধৰ্ম বহুত সুখ দিওঁতা হয়।

(2) মালী হৈ কাঁইটক ফুল কৰি তোলাৰ সেৱা কৰিব লাগে। ভালকৈ গঢ়ি তুলি তাৰ পাছত পিতাৰ সন্মুখত আনিব লাগে। পৰিশ্ৰম (যত্ন) কৰিব লাগে।

বৰদান:
প্ৰত্যেক শক্তিক কাৰ্যত লগাই বৃদ্ধি কৰোঁতা শ্রেষ্ঠ ধনবান আৰু বিচাৰ বুদ্ধি সম্পন্ন হোৱা

বিচাৰ বুদ্ধি সম্পন্ন সন্তানে প্ৰত্যেক শক্তিক কাৰ্যত প্ৰয়োগ কৰাৰ বিধি জানে। যিয়ে যিমানে শক্তিক কাৰ্যত প্ৰয়োগ কৰে সিমানে তেওঁৰ শক্তি বৃদ্ধি প্ৰাপ্ত হয়। গতিকে এনেকুৱা ঈশ্বৰীয় বাজেট বনোৱা যাতে বিশ্বৰ সকলো আত্মাই তোমালোকৰ দ্বাৰা কিবা নহয় কিবা প্ৰাপ্ত কৰি তোমালোকৰ গুণগান কৰে। প্ৰত্যেককে কিবা নহয় কিবা দিবই লাগে। মুক্তি দিয়া নতুবা জীৱনমুক্তি দিয়া। ঈশ্বৰীয় বাজেট বনাই সকলো শক্তি ৰাহি কৰিজমা কৰা আৰু জমা কৰা শক্তিৰ দ্বাৰা সকলো আত্মাকে ভিকহু অৱস্থাৰ পৰা, দুখ অশান্তিৰ পৰা মুক্ত কৰা।
 

স্লোগান:
শুদ্ধ সংকল্পক নিজৰ জীৱনৰ মূল্যবান সম্পদ কৰি লোৱা তেতিয়া মালামাল হৈ যাবা।