03.04.19       Morning Assame Murli        Om Shanti      BapDada       Madhuban


"মৰমৰসন্তানসকলতোমালোকেপি
তাৰওচৰলৈপুনৰুজ্জীৱিতহবলৈআহা,
ইয়াততোমালোকেলৌকিকজগতৰবা
তাবৰণৰপৰাদূৰৈতসত্যৰসঁচাসংগলাভকৰা

প্ৰশ্ন:
সন্তানসকলৰ উন্নতিৰ বাবে বাবাই সদায় কোনটো ৰায় দিয়ে?

উত্তৰ:
মৰমৰ সন্তানসকল কেতিয়াও পৰস্পৰৰ মাজত সাংসাৰিক পৰচিন্তা পৰনিন্দাৰ কথা নাপাতিবা। কোনোবাই শুনালে তেতিয়া শুনিও নুশুনা হৈ থাকা। ভাল সন্তানসকলে নিজৰ সেৱাৰ কৰ্তব্য পালন কৰি বাবাৰ স্মৃতিত মস্ত হৈ থাকে। কিন্তু বহুত সন্তানে ফাল্টু ব্যৰ্থ কথা বহুত আনন্দেৰে শুনে-শুনায়, এনেকৈ সময় নষ্ট হৈ যায়, পাছত উন্নতি নহয়।

ওঁম্শান্তি।
দুবাৰ ওঁম শান্তি কোৱা তেতিয়াও শুদ্ধ হয়। সন্তানসকলক অৰ্থতো বুজাই দিয়া হৈছে। মই আত্মা শান্ত স্বৰূপ হওঁ। যেতিয়া মোৰ ধৰ্মই হল শান্তি তেনেহলে জংঘল আদিত ঘূৰি ফুৰিলে শান্তি পোৱা নাযায়। পিতাই কয় ময়ো শান্ত স্বৰূপ হওঁ। এয়াতো বহুত সহজ কিন্তু মায়াৰ লগত যুদ্ধ হোৱা বাবে অলপ কঠিন হয়। এয়া সকলো সন্তানে জানে যে বেহদৰ পিতাৰ বাহিৰে এই জ্ঞান আন কোনেও দিব নোৱাৰে। জ্ঞানৰ সাগৰ হল এজন পিতা। দেহধাৰীক জ্ঞানৰ সাগৰ বুলি কেতিয়াও কোৱা নহয়। ৰচয়িতাই ৰচনাৰ আদি-মধ্য-অন্তৰ জ্ঞান দিয়ে। সেয়া তোমালোক সন্তানসকলে পাই আছা। কোনোবা ভাল অনন্য সন্তানেও পাহৰি যায় কিয়নো পিতাৰ স্মৃতি পাৰাৰ নিচিনা। স্কুলত নিশ্চয় ক্ৰম নম্বৰ হবই। নম্বৰ সদায় স্কুলত দিয়া হয়। সত্যযুগত কেতিয়াও নম্বৰ দিয়া নহয়। এয়া স্কুল হয়, এয়া বুজিবলৈও বহুত বুদ্ধিৰ প্ৰয়োজন। আধাকল্প হৈছে ভক্তি, পুনৰ ভক্তিৰ পাছত জ্ঞান দিবলৈ জ্ঞানৰ সাগৰ আহে। ভক্তি মাৰ্গৰসকলে কেতিয়াও জ্ঞান দিব নোৱাৰে কিয়নো সকলোৱে দেহধাৰী হয়। এনেকৈ নকয় শিৱবাবাই ভক্তি কৰে। তেওঁ কাৰ ভক্তি কৰিব! এজনে পিতা, যাৰ দেহ নাই। তেওঁ কাৰ ভক্তি কৰিব! বাকী যিসকল দেহধাৰী আছে, তেওঁলোক সকলোৱে ভক্তি কৰে। কিয়নো ৰচনা নহয় জানো। ৰচয়িতা হল এজন পিতা। বাকী এই চকুৰে চিত্ৰ আদি যিয়ে দেখা পোৱা যায়, সেই সকলো হল ৰচনা। এই কথা বাৰে বাৰে পাহৰে যায়।

পিতাই বুজাই তোমালোকে পিতা অবিহনে বেহদৰ উত্তৰাধিকাৰ পাব নোৱাৰা। বৈকুণ্ঠৰ উত্তৰাধিকাৰতো তোমালোকে পোৱা। 5 হাজাৰ বছৰ আগতে ভাৰতত এওঁলোকৰ ৰাজ্য আছিল। 2500 বছৰ সূৰ্যবংশী-চন্দ্ৰবংশীৰ ৰাজধানী চলে। তোমালোক সন্তানসকলে জানিছা এয়াতো কালিৰ কথা। পিতাৰ বাহিৰে আন কোনেও কব নোৱাৰে। পতিত-পাৱন সেই পিতাই হয়। বুজাবলৈও বহুত মেহনত লাগে। পিতাই নিজেও কয় কৌটিৰ ভিতৰত কোনোবা এজনেহে বুজিব। এই চক্ৰও বুজোৱা হৈছে। এই জ্ঞান গোটেই দুনীয়াৰ বাবে। চিৰিৰ চিত্ৰও বহুত ভাল, তথাপিও কিছুমানে নিজৰ ভেমত কৰে। বাবাই বুজাই - যিসকলে বিয়াৰ বাবে ভৱন আদি বনায়, তেওঁলোককো বুজাই দৃষ্টি দিয়া, আগলৈ এই কথা সকলোৱে পছন্দ কৰিব। তোমালোক সন্তানসকলে বুজাব লাগে। বাবাইতো কাৰো ওচৰলৈ নাযায়। ভগৱানুৱাচ যিসকল পূজাৰী হয় তেওঁলোকক কেতিয়াও পূজ্য বুলি কব নোৱাৰি। কলিযুগত কোনো এজনো পৱিত্ৰ হব নোৱাৰে। পূজ্য দেৱী-দেৱতা ধৰ্মৰ প্ৰতিষ্ঠাও যিজন উচ্চতকৈও উচ্চ পূজ্য হয় তেৱেঁই কৰে। আধাকল্প হৈছে পূজ্য পুনৰ আধাকল্প পূজাৰী হয়। এই বাবাই ঢেৰ গুৰু ললে। এতিয়া বুজাইছে গুৰু লোৱাতো ভক্তি মাৰ্গ আছিল। এতিয়া সৎগুৰু পালো, যিয়ে পূজ্য কৰি তোলে। কেৱল এজনক নহয়, সকলোকে কৰি তোলে। সকলোৰে আত্মা পূজ্য সতোপ্ৰধান হৈ যায়। এতিয়াতো তমোপ্ৰধান, পূজাৰী হয়। এই পইণ্টবোৰ বুজিবলগীয়া। বাবাই কয় কলিযুগত এজনো পৱিত্ৰ পূজ্য থাকিব নোৱাৰে। সকলোৱে বিকাৰৰ দ্বাৰা জন্ম লয়। ৰাৱণৰ ৰাজ্য হয়। এই লক্ষ্মী-নাৰায়ণে পুনৰ্জন্ম লয় কিন্তু তেওঁলোক হৈছে পূজ্য কিয়নো তাত ৰাৱণে নাই। মানুহে এয়া কয়, কিন্তু ৰামৰাজ্য কেতিয়া আৰু ৰাৱণৰাজ্য কেতিয়া হয়, এয়া একোৱেই নাজানে। এই সময়ত চোৱা কিমান সভা হয়। অমুক সভা, অমুক সভা। কৰবাত কিবা পালে এটা এৰি আনটোলৈ গুচি যায়। এই সময়ত তোমালোকে পৱিত্ৰ বুদ্ধিৰ হৈ আছা। এই ক্ষেত্ৰত কোনোবা 20% হৈছা, কোনোবা 50% হৈছা। পিতাই বুজাই এয়া ৰাজধানী স্থাপন হৈ আছে। এতিয়া ওপৰৰ পৰা ৰৈ থকা আত্মাবোৰ আহি আছে। চাৰ্কাচত কোনোবা ভাল ভাল অভিনেতাও থাকে কোনোবা নিম্ন মানৰো হয়। এয়া হল বেহদৰ কথা। সন্তানসকলক কিমান ভালদৰে বুজোৱা হয়। তোমালোক সন্তানসকলে ইয়ালৈ আহিছা পুনৰুজ্জীৱিত হবলৈ, হাৱা খাবলৈ নহয়। কোনোবা পাথৰবুদ্ধিক লৈ আহে, তেতিয়া সেই দুনীয়াৰ বাতাবৰণতে থাকে। এতিয়া তোমালোক সন্তানসকলে পিতাৰ শ্ৰীমতৰ আধাৰত মায়াৰ ওপৰত বিজয় প্ৰাপ্ত কৰা। মায়াই বাৰে বাৰে তোমালোকৰ বুদ্ধি গুচাই দিয়ে। ইয়াতেতো বাবাই আকৰ্ষণ কৰে। বাবাই কেতিয়াও কোনো উল্টা কথা নকয়। পিতাতো সত্য হয় নহয় জানো। তোমালোকে ইয়াতে সত্যৰ সংগত বহিছা। অন্য সকলো অসত্যৰ সংগত আছে। সেইবোৰক সৎসংগ কোৱাও ডাঙৰ ভুল। তোমালোকে জানা এজন পিতাই হৈছে সত্য। মনুষ্য সত্য পৰমাত্মাৰ পূজা কৰে কিন্তু এয়া খবৰ নাই যে আমি কাৰ পূজা কৰো। সেয়ে তাকে কোৱা হয় অন্ধশ্ৰদ্ধা। আগা খানৰ চোৱা কিমান অনুগামী আছে। তেওঁ যেতিয়া কৰবালৈ যায় তেতিয়া বহুত বস্তু উপহাৰ পায়। হীৰাৰ বিপৰীতে ওজন কৰে। নহলেতো হীৰাৰ ওজন কেতিয়াও কৰা নাযায়। সত্যযুগত হীৰা-মুকুতাতো তোমালোকৰ বাবে পাথৰ যেন হব যিবোৰ ঘৰত লগোৱা হয়। ইয়াতে কোনো এনেকুৱা নাই, যিয়ে হীৰা দান হিচাপে পায়। মানুহৰ ওচৰত বহুত পইচা আছে সেইবাবে দান কৰে। কিন্তু সেই দান পাপ আত্মাক কৰা বাবে দিওঁতাৰ ওপৰতো কৰ্মভোগ আহি যায়। অজামিলৰ নিচিনা পাপ আত্মা হৈ গৈছে। ইয়াতে ভগৱানে বহি বুজাইছে, মানুহে নহয়। সেইবাবে বাবাই কৈছিল তোমালোকৰ যি চিত্ৰ আছে তাৰ ওপৰত সদায় লিখা থাকিব লাগে ভগৱানুৱাচ। সদায় লিখা ত্ৰিমূৰ্তি ভগৱানুৱাচ। কেৱল ভগৱান বুলি কলে মনুষ্য জঁই পৰি যায়। ভগৱানতো নিৰাকাৰ, সেইবাবে ত্ৰিমূৰ্তি নিশ্চয় লিখিব লাগে। তাত কেৱল শিৱবাবা নহয়। ব্ৰহ্মা, বিষ্ণু, শংকৰ তিনিটা নাম আছে। ব্ৰহ্মা দেৱতায়ে নমঃ, পুনৰ তেওঁক গুৰু বুলিও কয়। শিৱ-শংকৰ এজন বুলিয়ে কৈ দিয়ে। এতিয়া শংকৰে কেনেকৈ জ্ঞান দিব। অমৰকথাও হয়। তোমালোক সকলোৱে পাৰ্বতি হয়। পিতাই তোমালোক সকলো সন্তানকে আত্মা বুলি ভাবি জ্ঞান দিয়ে। ভক্তিৰ ফল ভগৱানে দিয়ে। এজন শিৱবাবা হয়, ঈশ্বৰ, ভগৱান আদি নহয়। শিৱবাবা শব্দটো বহুত মিঠা। পিতাই নিজে কয় হে মৰমৰ সন্তানসকল, সেয়ে পিতা হল নহয় জানো।

পিতাই বুজায় আত্মাতে সংস্কাৰ ভৰি আছে। আত্মা নিৰ্লেপ নহয়। নিৰ্লেপ হলেতো পতিত কিয় হব! নিশ্চয় লিপ-চেপ লাগে তেতিয়াইতো পতিত হয়। কোৱা হয় ভ্ৰষ্টাচাৰী। দেৱতাসকল হল শ্ৰেষ্ঠাচাৰী। তেওঁলোকৰ মহিমা গায় আপুনি সৰ্বগুণ সম্পন্ন হয়, আমি নীচ-পাপী সেইবাবে নিজকে দেৱতা বুলি কব নোৱাৰে। এতিয়া পিতাই বহি মনুষ্যক দেৱতা কৰি গঢ়ি আছে। গুৰু নানকৰো গ্ৰন্থত মহিমা আছে। শিখ লোকসকলে কয় সত্শ্ৰী অকাল। যিজন অকালমূৰ্ত হয়, তেৱেঁই সঁচা সৎগুৰু হয়। সেয়ে সেই এজনকে মানিব লাগে। কয় এটা, পিছে কৰে আন কিবা। অৰ্থ একো বুজি নাপায়। এতিয়া পিতা যিজন সৎগুৰু হয়, অকাল হয়, তেওঁ নিজে বহি বুজায়। তোমালোকৰ ভিতৰতো ক্ৰম নম্বৰ আছে। সন্মুখত বহে তথাপিও একো নুবুজে। কোনোৱে ইয়াৰ পৰা ওলাল আৰু খালাচ। বাবাই মানা কৰে সন্তানসকল, তেতিয়াও সংসাৰী পৰচিন্তন পৰনিন্দাৰ কথা নুশুনিবা। কোনোৱেতো বহুত আনন্দেৰে এনেকুৱা কথা শুনে আৰু শুনায়। পিতাৰ মহাবাক্য পাহৰি যায়। প্ৰকৃততে যিসকল ভাল সন্তান, তেওঁলোকে নিজৰ সেৱাৰ দায়িত্ব পালন কৰি পুনৰ নিজৰ নিচাত থাকে। বাবাই বুজাইছে কৃষ্ণ আৰু খ্ৰীষ্টিয়ানসকলৰ বহুত ভাল সম্পৰ্ক আছে। কৃষ্ণৰ ৰাজত্ব হয় নহয় জানো। লক্ষ্মী-নাৰায়ণ নাম পাছত দিয়া হয়। বৈকুণ্ঠ বুলি কলে তৎক্ষণাৎ কৃষ্ণ স্মৃতিলৈ আহিব। লক্ষ্মী-নাৰায়ণো স্মৃতিলৈ আহে কিয়নো কৃষ্ণ সৰু শিশু হয়। সৰু শিশু পৱিত্ৰ হয়। তোমালোকে এয়াও সাক্ষাৎকাৰ কৰিছা সন্তান কেনেকৈ জন্ম লয়, নাৰ্চ ওচৰত থিয় হৈ থাকে, তৎক্ষণাৎ উঠাই আৰু চম্ভালি লয়। শৈশৱ, যুৱ, বৃদ্ধ বেলেগ বেলেগ ভূমিকা চলি থাকে, যি হৈছে সেয়া নাটক। এই ক্ষেত্ৰত কোনো সংকল্প নচলে। এয়াতো নাটক নিৰ্ধাৰণ হৈ আছে। নাটকৰ পৰিকল্পনা অনুসৰি আমাৰো চৰিত্ৰ ৰূপায়ণ হৈ আছে। মায়াৰো প্ৰৱেশ হয় আৰু পিতাৰো প্ৰৱেশ হয়। কোনোৱে পিতাৰ মতত চলে, কোনোৱে ৰাৱণৰ মতত। ৰাৱণ কি বস্তু? কেতিয়াবা দেখিছা নেকি? কেৱল চিত্ৰহে দেখা পোৱা। পাছে শিৱবাবাৰতো এয়া ৰূপ। ৰাৱণৰ কি ৰূপ হয়! 5 বিকাৰৰূপী ভূত যেতিয়া আহি প্ৰৱেশ কৰে তেতিয়া ৰাৱণ বুলি কোৱা হয়। এয়া হৈছে ভূতৰ দুনীয়া, অসুৰৰ দুনীয়া। তোমালোকে জানিছা আমাৰ আত্মা এতিয়া শুধৰণি হৈ গৈ আছে। ইয়াতে শৰীৰো আসুৰী হয়। আত্মা শুধৰণি হৈ হৈ পৱিত্ৰ হব। পাছত এই শৰীৰ এৰি দিবা। পাছত তোমালোকে সতোপ্ৰধান শৰীৰ পাই যাবা। কাঞ্চন কায়া (পৱিত্ৰ শৰীৰ) পাবা। সেয়া তেতিয়া পাবা যেতিয়া আত্মাও কাঞ্চন (পৱিত্ৰ) হব। সোণ কাঞ্চন হলে অলংকাৰো কাঞ্চন (নিৰ্ভেজাল) হৈ যাব। সোণত (অন্য ধাতু) মিহলি কৰে। এতিয়া তোমালোক সন্তানসকলৰ বুদ্ধিত আদি-মধ্য-অন্তৰ জ্ঞান ঘূৰি আছে। মানুহে একো নাজানে। তেওঁলোকে কয় ঋষি-মুনি সকলোৱে নেতি নেতি কৰি গৈছে। আমি কওঁ এই লক্ষ্মী-নাৰায়ণক সোধা তেতিয়া এওঁলোকেও নেতি নেতি কৰিব। কিন্তু এওঁলোকক সোধাই নহয়। কোনে সুধিব? গুৰুসকলক সোধা হয়। তোমালোকে তেওঁলোকক এই প্ৰশ্ন সুধিব পাৰা। তোমালোকে বুজাবলৈ কিমান মাথা মাৰা। গল বেয়া হৈ যায়। পিতাইতো সন্তানসকলহে শুনাব, যিসকলে বুজি পায়। বাকী অন্যসকলৰ লগত ফাল্টু মাথা নামাৰে। অচ্ছা!

অতি মৰমৰ কল্পৰ পিছত পুনৰাই লগ পোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।

ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) সেৱাৰ কৰ্তব্য পালন কৰি পাছত নিজৰ নিচাত থাকিব লাগে। ব্যৰ্থ কথা শুনিব বা শুনাব নালাগে। এজন পিতাৰ মহাবাক্যহে স্মৃতিত ৰাখিব লাগে। সেয়া পাহৰিব নালাগে।

(2) সদায় সুখী হৈ থাকিবলৈ ৰচোতা আৰু ৰচনাৰ জ্ঞান বুদ্ধিত চকৰিৰ নিচিনা ঘূৰি থাকিব লাগে অৰ্থাৎ তেওঁৰে সিমৰণ হৈ থাকিব লাগে। কোনো কথাত সংকল্প যেন নচলে, তাৰ বাবে নাটকক ভালদৰে বুজি চৰিত্ৰ ৰূপায়ণ কৰিব নালাগে।

বৰদান:
দাতাৰদানকস্মৃতিতৰাখিসকলোআস
ক্তিৰপৰামুক্তহৈথাকোতাআকৰ্ষণমুক্তহোৱা

কিছুমান সন্তানে কয় যে এওঁৰ প্ৰতি মোৰ কোনো আকৰ্ষণ নাই, কিন্তু এওঁৰ বহুত ভাল গুণ আছে অথবা এওঁৰ সেৱা কৰা বহুত বিশেষতা আছে। কিন্তু কোনোবা ব্যক্তি বা বৈভৱৰফালে বাৰে বাৰে সংকল্প যোৱাটো আকৰ্ষণ হয়। কাৰোবাৰ বিশেষতা দেখি, গুণ বা সেৱা দেখি দাতাক নাপাহৰিবা। এয়া দাতাৰ দান হয় এই স্মৃতিয়ে অনাসক্ত, আকৰ্ষণমুক্ত কৰি দিয়ে। কাৰো প্ৰতি প্ৰভাৱিত নহয়।

স্লোগান:
এনেকুৱাআত্মিকসমাজসেৱকহো
ৱাযাতেদিগভ্ৰান্তআত্মাসকলকঠিকনাদিবপাৰা,
ভগৱানৰসৈতেমিলনকৰাইদিবপাৰা।