03.05.22       Morning Assame Murli        Om Shanti      BapDada       Madhuban


মৰমৰ সন্তানসকল তোমালোক পিতাৰ সমান মিঠা হ'ব লাগে, কাকো দুখ দিব নালাগে, কেতিয়াও ক্ৰোধ কৰিব নালাগে

প্ৰশ্ন:
কৰ্মৰ গূঢ় গতিক জানিও তোমালোক সন্তানসকলে কোনটো পাপ কৰ্ম কৰিব নোৱাৰা?

উত্তৰ:
আজি দিনলৈকে দান কৰাতো পুণ্য কৰ্ম বুলি ভাবিছিলা, কিন্তু এতিয়া বুজি পোৱা যে দান কৰিলেও অনেক ক্ষেত্ৰত পাপ হয় কিয়নো যদি কোনোবা এনেকুৱা ব্যক্তিক পইচা দিয়া যিয়ে সেই পইচাৰে পাপ কৰে, তাৰ প্ৰভাৱো তোমালোকৰ অৱস্থাৰ ওপৰত নিশ্চয় পৰিব সেয়েহে দানো বুজিহে কৰিব লাগে।

গীত:
ইচ পাপ কি দুনীয়া ছে. (এই পাপৰ সৃষ্টিৰ পৰা.......)

ওঁম্শান্তি।
এতিয়া তোমালোক সন্তানসকল সন্মুখত বহি আছা। পিতাই কয় - জীৱৰ আত্মাসকল শুনিছানে। আত্মাসকলৰ সৈতে কথা পাতে। আত্মাসকলে জানে - আমাৰ বেহদৰ পিতাই আমাক লৈ যায়, য'ত দুখৰ নাম নাই। গীততো কয় - এই পাপৰ সৃষ্টিৰ পৰা পাৱন সৃষ্টিলৈ লৈ যাওক। পতিত সৃষ্টি কাক কোৱা হয়, এইটো জগতে নাজানে। চোৱা, আজিকালি মনুষ্যৰ কাম, ক্ৰোধ কিমান তীক্ষ্ণ। ক্ৰোধৰ বশৱৰ্তী হৈ কয় - আমি এওঁলোকৰ দেশ নাশ কৰি দিম। এনেকৈ কয়ো - ভগৱান আমাক ঘোৰ অন্ধকাৰৰ পৰা ঘোৰ আলোকলৈ লৈ যাওক কিয়নো এইখন হৈছে পুৰণি সৃষ্টি। কলিযুগক পুৰণি যুগ, সত্যযুগক নতুন যুগ বুলি কোৱা হয়। পিতাৰ বাহিৰে নতুন যুগ আন কোনেও ৰচিব নোৱাৰে। আমাৰ মিঠা বাবাই আমাক এতিয়া দুখধামৰ পৰা সুখধামলৈ লৈ যায়। বাবা আপোনাৰ বাহিৰে আমাক কোনেও স্বৰ্গলৈ লৈ যাব নোৱাৰে। বাবাই কিমান ভালদৰে বুজায়। তথাপিও কাৰো বুদ্ধিত ধাৰণ নহয়। এই সময়ত বাবাৰ শ্ৰেষ্ঠ মত পোৱা যায়। শ্ৰেষ্ঠ মতেৰে আমি শ্ৰেষ্ঠ হওঁ। ইয়াত শ্ৰেষ্ঠ হলে তেতিয়া শ্ৰেষ্ঠ সৃষ্টিত উচ্চ পদ পাবা। এয়াতো হৈছে ভ্ৰষ্টাচাৰী ৰাৱণৰ ৰাজ্য। নিজৰ মতত চলাটোক মনমত বুলি কোৱা হয়। পিতাই কয় - শ্ৰীমতত চলা। তোমালোকক আকৌ বাৰে বাৰে আসুৰি মতে নৰকত গঁতিয়াই দিয়ে। ক্ৰোধ কৰাটো আসুৰি মত। বাবাই কয় - ইজনে-সিজনক ক্ৰোধ নকৰিবা। প্ৰেমেৰে চলা। প্ৰত্যেকেই নিজৰ কাৰণে ৰায় ল'ব লাগে। পিতাই কয় - সন্তানসকল পাপ কিয় কৰা, পুণ্যৰে কাম চলোৱা। নিজৰ খৰচ কম কৰি দিয়া। তীৰ্থস্থানত ঠেকা-খুন্দা খোৱা, সন্যাসীসকলৰ ওচৰত ঠেকা-খুন্দা খোৱা, এই সকলোবোৰ কৰ্মকাণ্ডত কিমান খৰচ কৰে। সেই সকলোবোৰ এৰুৱাই দিয়ে। বিবাহত মনুষ্যই কিমান আনন্দোৎসৱ কৰে, ঋণ লৈয়ো বিবাহ কৰায়। এফালেতো ঋণৰ বোজা উঠায়, আনফালে পতিত হয়। সেয়াও যিয়ে পতিত হ'ব বিচাৰে গৈ হওক। যিসকল শ্ৰীমতত চলি পৱিত্ৰ হয় তেওঁলোকক কিয় বাধা দিব লাগে। মিত্ৰ সম্বন্ধীয় আদিয়ে কাজিয়া কৰিব গতিকে সহ্য কৰিবই লাগিব। মীৰায়ো সকলো সহ্য কৰিলে নহয় জানো। বেহদৰ পিতা আহিছে ৰাজযোগ শিকাই ভগৱান-ভগৱতীৰ পদ প্ৰাপ্ত কৰায়। লক্ষ্মী ভগৱতী, নাৰায়ণ ভগৱান বুলি কোৱা হয়। কলিযুগৰ অন্তততো সকলো পতিত আকৌ তেওঁলোকক কোনে সলনি কৰিলে। এতিয়া তোমালোক সন্তানসকলে জানা বাবাই কেনেকৈ আহি স্বৰ্গ অথবা ৰামৰাজ্য স্থাপনা কৰায়। আমি সূৰ্যবংশী অথবা চন্দ্ৰবংশী পদ পাবৰ কাৰণে ইয়ালৈ আহিছোঁ। যিসকল সূৰ্যবংশী সুসন্তান হ'ব তেওঁলোকেতো ভালদৰে পঢ়া পঢ়িব।

পিতাই সকলোকে বুজায় - পুৰুষাৰ্থ কৰি তোমালোকে মাতা-পিতাক অনুসৰণ কৰা। এনেকুৱা পুৰুষাৰ্থ কৰা যে এওঁলোকৰ উত্তৰাধিকাৰী হৈ দেখুওৱা। মম্মা বাবা বুলি কোৱা তেন্তে ভৱিষ্যত সিংহাসনৰ অধিকাৰী হৈ দেখুওৱা। পিতাইতো কয় - ইমান পঢ়া যাতে মোতকৈ উচ্চত গুচি হোৱা। এনেকুৱা বহুত সন্তান আছে যিসকল পিতাকতকৈ উচ্চত গুচি যায়। বেহদৰ পিতাই কয় - মই তোমালোকক বিশ্বৰ মালিক কৰি তোলোঁ। মই জানো হওঁ। কিমান মিঠা পিতা। তেওঁৰ শ্ৰীমত প্ৰসিদ্ধ। তোমালোক শ্ৰেষ্ঠ দেৱী-দেৱতা আছিলা আকৌ 84 জন্ম লৈ লৈ এতিয়া পতিত হৈ গৈছা। জয় পৰাজয়ৰ খেল। মায়াৰ হাতত পৰাজিত হোৱা মানেই পৰাজয়, মায়াক জয় কৰা মানেই জয়। মন শব্দটি কোৱাটো ভুল। মন, অমন জানো হ'ব পাৰে। মনেতো সংকল্প কৰিব। আমি লাগিলে সংকল্প ৰহিত হৈ বহি যাওঁ কিন্তু কেতিয়ালৈকে? কৰ্মতো কৰিবই লাগে নহয় জানো। তেওঁলোকে ভাবে গৃহস্থ ধৰ্মত থকা এইটো কৰ্ম কৰিব নালাগে। এই হঠযোগী সন্ন্যাসীসকলৰো ভূমিকা আছে। তেওঁলোকৰো এইটো এটা নিবৃত্তি মাৰ্গৰ লোকসকলৰ ধৰ্ম অন্য কোনো ধৰ্মত ঘৰ-সংসাৰ এৰি জংঘললৈ নাযায়। যদি কোনোবাই ত্যাগ কৰিছেও সেয়াও সন্ন্যাসীসকলক দেখি। বাবাই কোনো ঘৰৰ প্ৰতি বৈৰাগ্য নজন্মায়। পিতাই কয় - লাগিলে ঘৰতে থাকা কিন্তু পৱিত্ৰ হোৱা। পুৰণি সৃষ্টিক পাহৰি গৈ থাকা। তোমালোকৰ কাৰণে নতুন সৃষ্টি স্থাপনা কৰি আছোঁ। শংকৰাচাৰ্যই সন্ন্যাসীসকলক এনেকৈ নকয় যে তোমালোকৰ কাৰণে নতুন সৃষ্টি স্থাপনা কৰোঁ, তেওঁলোকৰ হৈছে হদৰ (সীমিত) সন্ন্যাস, যাৰ দ্বাৰা অল্পকালৰ সুখ পোৱা যায়। অপৱিত্ৰ লোকসকলে গৈ মূৰ দোঁৱায়। পৱিত্ৰতাৰ চোৱা কিমান মান আছে। এতিয়াতো চোৱা কিমান ডাঙৰ ডাঙৰ ফ্লেট আদি নিৰ্মাণ কৰে। মনুষ্যই দান কৰে এতিয়া ইয়াত পুণ্যতো একো হোৱা নাই। মনুষ্যই ভাবে আমি যি কিছু ঈশ্বৰৰ অৰ্থে কৰোঁ সেয়া পুণ্য হয়। পিতাই কয় - মোৰ অৰ্থে তোমালোকে কি কি কাৰ্যত লগোৱা! দান তেওঁলোকক দিব লাগে - যিয়ে পাপ নকৰে। যদি পাপ কৰে তেন্তে তোমালোকৰ ওপৰত তাৰ প্ৰভাৱ পৰি যাব কিয়নো তোমালোকে পইচা দিলা। পতিতসকলক দি দি তোমালোক কঙাল হৈ গলা। পইচাই সকলো বৰবাদ হৈ গ'ল। খুব বেছি অল্পকালৰ সুখ পোৱা যায়, এয়াও নাটক। এতিয়া তোমালোক পিতাৰ শ্ৰীমতত পাৱন হৈ আছা তাত তোমালোকৰ পইচাও ঢেৰ থাকিব। তাত কোনো পতিত নাথাকে। এইটো অতিকৈ বুজিবলগীয়া কথা। তোমালোক হৈছা ঈশ্বৰীয় সন্তান। তোমালোকৰ বহুত মাৰ্জিতাচাৰণ হব লাগে। কয় গুৰুৰ নিন্দকে উচ্চ পদ নাপায়। তেওঁলোকৰ পিতা, শিক্ষক, গুৰু বেলেগ হয়। ইয়াততো পিতা, শিক্ষক, সৎগুৰু এজনেই। যদি তোমালোকে কিবা ওলোটা আচৰণ কৰা তেন্তে তিনিওৰে নিন্দক হৈ যাবা। সৎ পিতা, সৎ শিক্ষক, সৎ গুৰুৰ মতত চলিলেহে তোমালোক শ্ৰেষ্ঠ হৈ যোৱা। শৰীৰতো এৰিবই লাগে তেন্তে কিয়নো বাৰু ইয়াক ঈশ্বৰীয়, অলৌকিক সেৱাত লগাই পিতাৰ পৰা উত্তৰাধিকাৰ লৈ নলওঁ। পিতাই কয় - মই ইয়াক লৈ কি কৰিম। মই তোমালোকক স্বৰ্গৰ বাদশ্বাহী দিওঁ। তাতো মই মহলত নাথাকোঁ, ইয়াতো মই মহলত নাথাকোঁ। গায়ন কৰে বম্‌ বম্‌ মহাদেৱ.... মোৰ জোলোঙা ভৰপূৰ কৰি দিয়া। কিন্তু তেওঁ কেতিয়া আৰু কেনেকৈ জোলোঙা ভৰপূৰ কৰে, এইটো কোনেও নাজানে। জোলোঙা ভৰপূৰ কৰিছিল তেন্তে নিশ্চয় চৈতন্য ৰূপত আছিল। 21 জন্মৰ কাৰণে তোমালোক বহুত সুখী, চহকী হৈ যোৱা। এনেহেন পিতাৰ মতত খোজে প্ৰতি চলিব লাগে। উচ্চ লক্ষ্য। যদি কোনোবাই কয় মই চলিব নোৱাৰোঁ, বাবাই ক'ব - তুমি তেন্তে বাবা বুলি কিয় কোৱা! যদি শ্ৰীমতত নচলা তেন্তে বহুত শাস্তি খাবা। পদো ভ্ৰষ্ট হ'ব। গীতটিতো শুনিলা - কয় মোক এনেকুৱা জগতলৈ লৈ যাওক য'ত সুখ আৰু শান্তি থাকে। সেয়াতো পিতাইহে দিব পাৰে। যদি পিতাৰ মতত নচলা তেন্তে নিজৰে লোকচান কৰিবা। ইয়াত কোনো খৰচ আদিৰ কথা নাই। এনেকৈ জানো কয় যে গুৰু আগত নাৰিকল মিঠাই আদি লৈ আহা বা স্কুলত মাচুল জমা কৰা। একোৱেই নাই। পইচা লাগিলে নিজৰ লগত ৰাখা। তোমালোকে কেৱল জ্ঞান পঢ়া। ভৱিষ্যত শুধৰণি কৰাত কোনো লোকচানতো নাই। ইয়াত মূৰ দোঁৱাবলৈও শিকোৱা নহয়। আধাকল্পতো তোমালোকে পইচা দি, মূৰ দোঁৱাই দোঁৱাই কঙাল হৈ গলা। এতিয়া পিতাই পুনৰ তোমালোকক শান্তিধামলৈ লৈ যায়। তাৰ পৰা সুখধামলৈ পঠিয়াই দিব। এতিয়া নৱযুগ, নতুন সৃষ্টি আহিব। নৱযুগ সত্যযুগক কোৱা হব পুনৰ কলা কম হৈ গৈ থাকে। এতিয়া পিতাই তোমালোকক যোগ্য কৰি আছে। নাৰদৰ দৃষ্টান্ত....। যদি কিবা ভূত থাকে তেন্তে তোমালোকে লক্ষ্মীক বৰণ কৰিব নোৱাৰিবা। এয়াতো সন্তানসকল, তোমালোকে নিজৰ ঘৰ-সংসাৰৰো তত্ত্বাৱধান লব লাগে আৰু সেৱাও কৰিব লাগে। প্ৰথমে এওঁলোক দৌৰি আহিল এইকাৰণেই কিয়নো এওঁলোকৰ ওপৰত বহুত মাৰ পৰিল। বহুত অত্যাচাৰ হল। মাৰৰ প্ৰতিও এওঁলোকৰ ভ্ৰূক্ষেপ নাছিল। ভাতীৰ পৰা কোনোবা পৈণত হৈ, কোনোবা অপৈণত হৈয়েই ওলাই গ'ল। নাটকৰ নিয়তি এনেকুৱা আছিল। যি হ'ল সেয়া হৈ গল পুনৰ হ'ব। গালিও দিব। সকলোতকৈ অধিক গালি খায় পৰমপিতা পৰমাত্মা শিৱই। কৈ দিয়ে - পৰমাত্মা সৰ্বব্যাপী হয়, কুকুৰ, মেকুৰী, কাছ-মাছ সকলোতে আছে। পিতাই কয় - মইতো পৰোপকাৰী হওঁ। তোমালোকক বিশ্বৰ মালিক কৰি তোলোঁ। শ্ৰীকৃষ্ণ স্বৰ্গৰ ৰাজকুমাৰ নহয় জানো। তেওঁৰ বাবে আকৌ কয় - সাপে দংশিলে, ক'লা হৈ গল। এতিয়া তাত সাপে কেনেকৈ দংশন কৰিব। কৃষ্ণপুৰীত আকৌ কংস ক'ৰপৰা আহিল? এই সকলোবোৰ হৈছে মনেসজা কথা। এইবোৰ ভক্তি মাৰ্গৰ সামগ্ৰী, যাৰ দ্বাৰা তোমালোক অৱনমিত হৈ আহিছা। বাবাইতো তোমালোকক ফুল কৰি তোলে। কোনোবা কোনোবা বহুত ডাঙৰ কাঁইট আছে। হে ঈশ্বৰ পিতা বুলি কয়, কিন্তু একোৱেই নাজানে। পিতাতো হয় কিন্তু পিতাৰ পৰা কি উত্তৰাধিকাৰ পাব, একোৱেই গম নাপায়। বেহদৰ পিতাই কয় - মই তোমালোকক বেহদৰ উত্তৰাধিকাৰ দিবলৈ আহিছোঁ। তোমালোকৰ এজন হৈছে লৌকিক পিতা, দ্বিতীয়জন হৈছে অলৌকিক প্ৰজাপিতা ব্ৰহ্মা, তৃতীয়জন হৈছে পাৰলৌকিক শিৱ। তোমালোকৰ তিনিজন পিতা হ'ল। তোমালোকে জানা আমি ককাৰ পৰা ব্ৰহ্মাৰ দ্বাৰা উত্তৰাধিকাৰ লওঁ, তেন্তে শ্ৰীমতত চলিব লাগে, তেতিয়াহে শ্ৰেষ্ঠ হ'বা। সত্যযুগত তোমালোকে প্ৰালব্ধ ভোগ কৰা। তাত প্ৰজাপিতা ব্ৰহ্মা আৰু শিৱ কোনোজনকে নাজানা। তাত কেৱল লৌকিক পিতাক জানা। সত্যযুগত এজন পিতা। ভক্তিত হৈছে দুজন পিতা। লৌকিক আৰু পাৰলৌকিক পিতা। এই সংগমত 3 জন পিতা। এই কথাবোৰ আান কোনেও বুজাব নোৱাৰে। গতিকে নিশ্চয় জন্মিব লাগে। এনেকুৱা নহয় যে এতিয়াই নিশ্চয় আকৌ এতিয়াই সংশয়। এতিয়াই জন্ম ল'লা আকৌ এতিয়াই মৰি যাবা। মৰি গলেতো উত্তৰাধিকাৰ শেষ। এনেহেন পিতাক এৰি আঁতৰি গুচি যাব নালাগে। যিমানে নিৰন্তৰ স্মৰণ কৰিবা, সেৱা কৰিবা সিমানে উচ্চ পদ পাবা। পিতাই এইটোও কয় - মোৰ মতত চলা তেতিয়া বাচি যাবা। নহ'লেতো বহুত শাস্তি ভোগ কৰিব লাগিব। সকলোবোৰ সাক্ষাৎকাৰ কৰাম, এইটো তুমি পাপ কৰিলা। শ্ৰীমতত নচলিলা। সূক্ষ্ম শৰীৰ ধাৰণ কৰাই শাস্তি দিয়া হয়। গৰ্ভ কাৰাগাৰতো সাক্ষাৎকাৰ কৰায়। এইটো পাপ কৰ্ম কৰিছা এতিয়া শাস্তি খোৱা। বৃক্ষৰ বৃদ্ধি হৈ গৈ থাকিব। যিসকল এই ধৰ্মৰ আছিল অন্য ধৰ্মত গুচি গৈছে, সেই সকলোবোৰ ওলাই আহিব। বাকীসকল নিজৰ নিজৰ শাখাত গুচি যাব। বেলেগ বেলেগ শাখা আছে। বৃক্ষজোপা চোৱা কেনেকৈ বাঢ়ে। সৰু সৰু ঠাল-ঠেঙুলি ওলাই গৈ থাকিব।

তোমালোকে জানা মিঠা বাবা আহিছে আমাক উভতাই লৈ যাবলৈ, সেয়েহে তেওঁক মুক্তিদাতা বুলি কয়। দুখহৰ্তা সুখকৰ্তা হয়। মাৰ্গ-দৰ্শক হৈ আকৌ সুখধামলৈ লৈ যাব। এনেকৈ কয়ো যে 5 হাজাৰ বছৰ পূৰ্বে তোমালোকক সুখৰ সম্বন্ধত পঠিয়াইছিলোঁ। তোমালোকে 84 জন্ম ল'লা। এতিয়া পিতাৰ পৰা উত্তৰাধিকাৰ লৈ লোৱা। শ্ৰীকৃষ্ণৰ প্ৰতিতো সকলোৰে প্ৰীতি আছে। লক্ষ্মী-নাৰায়ণৰ প্ৰতি ইমান নাই, যিমান শ্ৰীকৃষ্ণৰ প্ৰতি আছে। মনুষ্যই এইটো গম নাপায়। ৰাধা-কৃষ্ণই লক্ষ্মী-নাৰায়ণ হয়। কোনেও এইটো কথা নাজানে। এতিয়া তোমালোকে জানা যে ৰাধা কৃষ্ণ বেলেগ বেলেগ ৰাজধানীৰ আছিল আকৌ সয়ম্বৰৰ পাছত লক্ষ্মী-নাৰায়ণ হ'ল। তেওঁলোকেতো কৃষ্ণক দ্বাপৰত লৈ গৈছে। কৃষ্ণক পতিত-পাৱন বুলি কোনেও ক'ব নোৱাৰে। নিয়মিয়াকৈ নপঢ়িলে উচ্চ পদ কোনেও পাব নোৱাৰে। ভাল বাৰু!

অতি মৰমৰ, কল্পৰ পাছত পুনৰাই লগ পোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।

ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) নিজৰ চলন বহুত মাৰ্জিত কৰি ৰাখিব লাগে, বহুত কমকৈ আৰু মধুৰতাৰে ক'ব লাগে। শাস্তিৰ পৰা হাত সাৰিবৰ কাৰণে খোজে প্ৰতি পিতাৰ শ্ৰীমতত চলিব লাগে।

(2) পঢ়া বহুত ধ্যান দি ভালদৰে পঢ়িব লাগে। মা-পিতাক অনুসৰণ কৰি আসনাধিকাৰী, উত্তৰাধিকাৰী হ'ব লাগে। ক্ৰোধৰ বশৱৰ্তী হৈ দুখ দিব নালাগে।

বৰদান:
সাধাৰণ কৰ্ম কৰিও শ্ৰেষ্ঠ স্মৃতি বা স্থিতিৰ আভা প্ৰকট কৰোঁতা পুৰুষোত্তম সেৱাধাৰী হোৱা

যেনেকৈ আচল হীৰা যিমানেই ধুলিত লুকাই নাথাকক কিন্তু নিজৰ চিকমিকনি নিশ্চয় দেখুওৱাব, তেনেকৈ তোমালোকৰ জীৱন হীৰাতুল্য হয়। গতিকে যিকোনো বাতাৱৰণত, যিকোনো সংগঠনত তোমালোকৰ চিকমিকনি অৰ্থাৎ সেই আভা আৰু নিচা সকলোৱে দেখা পাওক। যদিওবা কাম সাধাৰণ কৰা কিন্তু স্মৃতি আৰু স্থিতি এনেকুৱা শ্ৰেষ্ঠ হওক যাতে দেখিয়েই উপলব্ধি কৰে যে এওঁ কোনো সাধাৰণ ব্যক্তি নহয়, এওঁ সেৱাধাৰী হৈও পুৰুষোত্তম হয়।

স্লোগান:
সঁচা ৰাজঋষি তেওঁ হয় যাৰ সংকল্প মাত্ৰও কাৰো প্ৰতি আসক্তি নাই।