03.06.22       Morning Assame Murli        Om Shanti      BapDada       Madhuban


মৰমৰ সন্তানসকল এয়া হৈছে কবৰস্থান আৰু পৰিস্তানৰ খেল, এই সময়ত কবৰস্থান আকৌ পৰিস্তান হব - তোমালোকে এই কবৰস্থানৰ প্ৰতি অন্তৰৰ আকৰ্ষণ ৰাখিব নালাগে

প্ৰশ্ন:
মনুষ্যই কোনটো এটা কথা জানি গলে তেতিয়া সকলো সংশয় দূৰ হৈ যাব?

উত্তৰ:
পিতা কোন হয়, তেওঁ কেনেকৈ আহে - এইটো কথা জানি গলে তেতিয়া সকলো সংশয় দূৰ হৈ যাব। যেতিয়ালৈকে পিতাক নাজানে তেতিয়ালৈকে সংশয় দূৰ হব নোৱাৰে। নিশ্চয় বুদ্ধিৰ হলে বিজয় মালাত আহি যাব কিন্তু এটি এটি কথাত চেকেণ্ডত পূৰা নিশ্চয় জন্মা উচিত।

গীত:-
ছোড় ভী দে আকাশ চিংহাসন...... (এৰি দিয়ক আকাশ সিংহাসন......)

ওঁম্শান্তি।
পিতাই বহি সন্তানসকলক বুজায়। এয়া হৈছে বেহদৰ আত্মিক পিতা। সকলো আত্মাই ৰূপতো নিশ্চয় সলনি কৰে। নিৰাকাৰৰ পৰা সাকাৰত কৰ্মক্ষেত্ৰত ভূমিকা পালন কৰিবলৈ আহে। সন্তানসকলে কয় - বাবা আপুনিও আমাৰ দৰে ৰূপ সলাওক। নিশ্চয় সাকাৰ ৰূপ ধাৰণ কৰিহে জ্ঞান দিব নহয় জানো। মনুষ্যৰেই ৰূপ লব! সন্তানসকলেও জানে আমি নিৰাকাৰ পাছত সাকাৰ হওঁ। যথাযথ হয়ো এনেকুৱাই। সেইখন হৈছে নিৰাকাৰী সৃষ্টি। এয়া পিতাই বহি শুনায়। কয় - তোমালোকে নিজৰ 84 জন্মৰ কাহিনী নাজানা। মই এওঁৰ শৰীৰত প্ৰৱেশ কৰি এওঁক বুজাই আছোঁ, এওঁতো নাজানে। কৃষ্ণতো সত্যযুগৰ ৰাজকুমাৰ, এওঁ আহিবলগীয়া হয় পতিত সৃষ্টিলৈ, পতিত শৰীৰত। কৃষ্ণ বগা (পৱিত্ৰ) আছিল, আকৌ কলা (অপৱিত্ৰ) কেনেকৈ হল? এইটো কোনেও নাজানে। এনেকৈ কয় যে সৰ্পই দংশন কৰিলে। বাস্তৱত এয়া হৈছে 5 বিকাৰৰ কথা। কাম চিতাত বহিলে কলা হৈ যায়। শ্যাম-সুন্দৰ বুলি কৃষ্ণকে কয়। মোৰতো শৰীৰেই নাই - যিটো বগা বা কলা হব। মইতো চিৰ পৱিত্ৰ হওঁ। মই কল্পই কল্পই সংগমত আহোঁ, যেতিয়া কলিযুগৰ অন্ত আৰু সত্যযুগৰ আদি হয়। ময়েই আহি স্বৰ্গৰ স্থাপনা কৰিব লাগে। সত্যযুগ হৈছে সুখধাম। কলিযুগ হৈছে দুখধাম। এই সময়ত মনুষ্য মাত্ৰেই সকলো পতিত। সত্যযুগৰ লক্ষ্মী-নাৰায়ণ, মহাৰজা-মহাৰাণীৰ প্ৰশাসনক ভ্ৰষ্টাচাৰী বুলিতো কোৱা নহব। ইয়াত সকলো হৈছে পতিত। ভাৰত স্বৰ্গ আছিল তেতিয়া দেৱী-দেৱতাসকলৰ ৰাজ্য আছিল। সম্পূৰ্ণ পাৱন, শ্ৰেষ্ঠাচাৰী আছিল। ভ্ৰষ্টাচাৰীয়ে শ্ৰেষ্ঠাচাৰীসকলক পূজা কৰে। সন্ন্যাসী পৱিত্ৰ হয় গতিকে অপৱিত্ৰসকলে তেওঁলোকৰ আগত মূৰ দোৱায়। সন্ন্যাসীসকলক গৃহস্থীসকলে অনুসৰণতো একোৱে নকৰে, মাত্ৰ কৈ দিয়ে মই অমুক সন্ন্যাসীৰ অনুগামী। সেয়াও যেতিয়া অনুসৰণ কৰিব তেতিয়াহে হব। তোমালোকো সন্ন্যাসী হৈ যোৱা তেতিয়া অনুগামী বুলি কোৱা হব, গৃহস্থী অনুগামী হয় কিন্তু তেওঁলোক পৱিত্ৰতো নহয়। সন্ন্যাসীসকলেও তেওঁলোকক নুবুজায় আৰু তেওঁলোকে নিজেও নুবুজে যে আমিতো অনুসৰণ নকৰোঁ। ইয়াততো মাতা-পিতাক পূৰা অনুসৰণ কৰিব লাগে। গায়ন কৰা হয় মাতা-পিতাক অনুসৰণ কৰা, অন্য সকলোৰে সংগৰ পৰা বুদ্ধিযোগ আঁতৰাব থাকে, সকলো দেহধাৰীৰ পৰা আঁতৰাই মোৰ অৰ্থাৎ একমাত্ৰ পিতাৰ সৈতে লগোৱা তেতিয়া পিতাৰ ওচৰত আহি উপস্থিত হৈ যাবা, আকৌ সত্যযুগত আহি যাবা। তোমালোক হৈছা অলৰাউণ্ডাৰ (আদিৰ পৰা অন্তলৈকে ভূমিকা পালন কৰোঁতা)। 84 জন্ম লোৱা। আদিৰ পৰা অন্তলৈকে। অন্তৰ পৰা আদিলৈকে তোমালোকে জানা আমাৰ অলৰাউণ্ড ভূমিকা চলে। অন্য ধৰ্মাৱলম্বীসকলৰ আদিৰ পৰা অন্তলৈকে ভূমিকা নচলে। আদি সনাতন হয়েই এক দেৱী-দেৱতা ধৰ্ম। প্ৰথমে সূৰ্যবংশী আছিল।

এতিয়া তোমালোকে জানা যে আমি আদিৰ পৰা অন্তলৈকে (অলৰাউণ্ড) 84 জন্মৰ পৰিক্ৰমা লগাওঁ। পাছত অহাসকলতো অলৰাউণ্ডাৰ হব নোৱাৰে। এয়া বোধশক্তিৰ কথা। পিতাৰ বাহিৰে কোনেও বুজাব নোৱাৰে। পোন-প্ৰথমে হয়েই দৈৱী ধৰ্ম। আধাকল্প সূৰ্যবংশী, চন্দ্ৰবংশী ৰাজ্য চলে। এতিয়াতো এইটো বহুত সৰু যুগ, ইয়াকে সংগম বুলি কয়, কুম্ভ বুলিও কয়। তেওঁকেই স্মৰণ কৰে - হে পৰমপিতা পৰমাত্মা আহি আমাক পতিতসকলক পাৱন কৰি তোলক। পিতাক সাক্ষাৎ কৰিবলৈ কিমান হাবাথুৰি খাই ফুৰে। যজ্ঞ-তপ, দান-পুণ্য আদি কৰি থাকে। লাভ একোৱেই নহয়। এতিয়া তোমালোক হাবাথুৰি খোৱাৰ পৰা মুক্ত হৈ গলা। সেয়া হৈছে ভক্তি কাণ্ড। এয়া হৈছে জ্ঞান কাণ্ড। ভক্তিমাৰ্গ আধাকল্প চলে। এয়া হৈছে জ্ঞানমাৰ্গ। এই সময়ত তোমালোকক পুৰণি সৃষ্টিৰ প্ৰতি বৈৰাগ্য জন্মায় সেইবাবে এয়া হৈছে তোমালোকৰ বেহদৰ বৈৰাগ্য কিয়নো তোমালোকে জানা এই গোটেই সৃষ্টি এতিয়া কবৰস্থান হব। এই সময়ত কবৰস্থান আকৌ পৰিস্তান হব। এয়া হৈছে কবৰস্থান, পৰিস্তানৰ খেল। পিতাই পৰিস্তান স্থাপন কৰে, যাক স্মৰণ কৰে। ৰাৱণক কোনেও স্মৰণ নকৰে। মুখ্য এটা কথা বুজিলে সকলো সংশয় দূৰ হৈ যাব, যেতিয়ালৈকে প্ৰথমতে পিতাক নাজানে তেতিয়ালৈকে সংশয় বুদ্ধিৰে হৈ থাকিব। সংশয় বুদ্ধি বিনশ্যন্তী... যথাযথ তেওঁ আমাৰ অৰ্থাৎ সকলো আত্মাৰ পিতা, তেৱেঁই বেহদৰ উত্তৰাধিকাৰ দিয়ে। নিশ্চয়েৰেহে বিজয় মালাত গঁথা যাব পাৰে। এটি এটি শব্দৰ প্ৰতি চেকেণ্ডত নিশ্চয় জন্মিব লাগে। বাবাই কয় - তেন্তে পূৰা নিশ্চয় জন্মিব নালাগে জানো। পিতা বুলি নিৰাকাৰক কোৱা হয়। এনেয়েতো গান্ধীকো বাপুজী বুলি কৈছিল। কিন্তু ইয়াততো বিশ্বৰ বাপুজী লাগে নহয় জানো। তেওঁতো হয়েই বিশ্বৰ ঈশ্বৰ পিতা (গড্‌ ফাদাৰ)। বিশ্বৰ ঈশ্বৰ পিতা তেওঁতো বহুত ডাঙৰ হল নহয় জানো। তেওঁৰ পৰা বিশ্বৰ বাদশ্বাহী পোৱা যায়। ব্ৰহ্মাৰ দ্বাৰা বিষ্ণুৰ ৰাজ্য স্থাপনা হয়। তোমালোকে জানা আমিয়েই বিশ্বৰ মালিক আছিলোঁ। আমিয়েই দেৱী-দেৱতা আছিলোঁ, আকৌ চন্দ্ৰবংশী, বৈশ্যবংশী, শূদ্ৰবংশী হলোঁ। এই সকলোবোৰ কথা তোমালোক সন্তানসকলেহে বুজি পোৱা। পিতাই কয়ো - মোৰ এই জ্ঞান যজ্ঞত বিঘিনি বহুত আহিব। এয়া হল ৰুদ্ৰ জ্ঞান যজ্ঞ, ইয়াৰ পৰা বিনাশৰ অগ্নি প্ৰজ্বলিত হয়। ইয়াত গোটেই পুৰণি সৃষ্টি নাশ হৈ এক দেৱতা ধৰ্মৰ প্ৰতিষ্ঠা হৈ যাব। তোমালোকক বুজাওঁতাজন হৈছে পিতা, তেওঁ সত্য কয়, নৰৰ পৰা নাৰায়ণ হোৱাৰ সত্য কথা শুনায়। এই কথাবোৰ তোমালোকে এতিয়াহে শুনা। এয়া কোনো পৰম্পৰাগতভাৱে নচলে।

এতিয়া পিতাই কয় তোমালোকে 84 জন্ম পূৰা কৰিছা। এতিয়া আকৌ নতুন সৃষ্টিত তোমালোকৰ ৰাজ্য হব। এয়া হল ৰাজযোগৰ জ্ঞান। সহজ ৰাজযোগৰ জ্ঞান একমাত্ৰ পৰমপিতা পৰমাত্মাৰহে আছে, যাক প্ৰাচীন ভাৰতৰ ৰাজযোগ বুলি কয়। যথাযথ কলিযুগক সত্যযুগ কৰি তুলিছিল। বিনাশো আৰম্ভ হৈছিল, ক্ষেপণাস্ত্ৰৰে কথা। সত্যযুগ ত্ৰেতাততো কোনো যুদ্ধ নহয়, পাছত আৰম্ভ হয়। এয়া ক্ষেপণাস্ত্ৰৰ শেষ যুদ্ধ। আগতে তৰোৱালেৰে যুদ্ধ কৰিছিল, তাৰপাছত বন্দুক বাৰুদ ব্যৱহাৰ কৰিলে। তাৰপাছত আকৌ তোপ (হিলৈ) উলিয়ালে, এতিয়া বোমা উলিয়াইছে, নহলেনো গোটেই বিশ্বৰ বিনাশ কেনেকৈ হব। আকৌ তাৰ লগত প্ৰাকৃতিক দুৰ্যোগো আছে। মুষলধাৰ বৰষুণ, দুৰ্ভিক্ষ এয়া হৈছে প্ৰাকৃতিক দুৰ্যোগ। ধৰি লোৱা ভূমিকম্প হয়, তাক প্ৰাকৃতিক দুৰ্যোগ বুলি কোৱা হয়। এই ক্ষেত্ৰত কোনোবাই কি কৰিব পাৰে। কোনোবাই যদি নিজৰ বীমাও কৰাইছে তেন্তে কোনে আৰু কাক দিব। সকলো মৰি যাব, কোনেও একোৱেই নাপাব। এতিয়া তোমালোকে আকৌ বীমা কৰাব লাগে পিতাৰ ওচৰত। বীমা ভক্তিতো কৰে, কিন্তু তাৰ বিনিময়ত আধাকল্পৰ কাৰণে পায়। এয়াতো তোমালোকে পোনপটীয়াকৈ বীমা কৰোৱা। কোনোবাই যদি সকলোবোৰ বীমা কৰায় তেওঁ বাদশ্বাহী পাই যাব। যেনেকৈ বাবাই (ব্ৰহ্মা বাবাই) নিজৰ কথা কয় সকলো দি দিলোঁ। বাবাৰ ওচৰত সম্পূৰ্ণ বীমা কৰাই ললে সেয়েহে সম্পূৰ্ণ বাদশ্বাহী পায়। বাকীতো এই সৃষ্টিয়েই নাশ হৈ যায়। এয়া হল মৃত্যুলোক। কাৰোবাৰ ধূলিত পোত যাব, কাৰোবাৰ ৰজাই খাব যেতিয়া কৰবাত জুই লাগে বা কিবা আপদ হয় তেতিয়া চোৰে লুটপাট কৰে। এয়া সময়েই হৈছে অন্তিমৰ। সেয়েহে এতিয়া পিতাক স্মৰণ কৰিব লাগে। সহায় কৰিব লাগে।

এই সময়ত সকলো পতিত, তেওঁলোকে পাৱন সৃষ্টি স্থাপনা কৰিব নোৱাৰে। এইটোতো পিতাৰহে কাম। পিতাকহে আহ্বান কৰে, নিৰাকাৰী সৃষ্টিৰ পৰা আহক, আহি ৰূপ ধাৰণ কৰক। সেয়েহে পিতাই কয় - মই সাকাৰত আহিছোঁ, ৰূপ ধাৰণ কৰিছোঁ। কিন্তু সদায় এওঁৰ শৰীৰত থাকিব নোৱাৰোঁ। আৰোহীয়ে জানো গোটেই দিন আৰোহন কৰি থাকে। বলধত আৰোহন কৰা দেখুৱায়। ভাগ্যশালী ৰথ মনুষ্যৰ দেখুৱায়। এতিয়া এইটো শুদ্ধ নে সেইটো। গোশালা দেখুৱায় নহয়। গোমুখো দেখুৱায়। বলধত আৰোহন আকৌ গোমুখেৰে জ্ঞান দিয়ে। এয়া জ্ঞান অমৃত ওলায়। অৰ্থ আছে নহয়। গোমুখৰ মন্দিৰো আছে। বহুত লোক যায় সেয়েহে ভাবে গোমুখৰ পৰা অমৃত নিগৰে। সেয়া গৈ পান কৰিব লাগে। 700 ছিৰি আছে। সকলোতকৈ ডাঙৰ গোমুখতো এওঁ (ব্ৰহ্মা) হয়। অমৰনাথলৈ কিমান পৰিশ্ৰম কৰি যায়। তাত একোৱেই নাই। সকলো ঠগবাজি, এনেকৈ দেখুৱায় যে শঙ্কৰে পাৰ্ৱতীক কথা শুনালে। এতিয়া পাৰ্ৱতীৰ জানো দুৰ্গতি হল যে তেওঁক বহি কথা শুনালে? মনুষ্যই মন্দিৰ আদি নিৰ্মাণ কৰাত কিমান খৰচ কৰে। পিতাই কয় - খৰচ কৰি কৰি তোমালোকে সকলো পইচা হেৰুৱাই পেলালা। তোমালোক কিমান চহকী আছিলা। এতিয়া কঙাল হৈ গলা পুনৰ মই আহি চহকী কৰি তোলোঁ। তোমালোকে জানা পিতাৰ পৰা আমি উত্তৰাধিকাৰ লবলৈ আহিছোঁ। তোমালোক সন্তানসকলক দি আছোঁ। ভাৰত হৈছে পৰমপিতা পৰমাত্মাৰ জন্মভূমি। গতিকে সকলোতকৈ শ্ৰেষ্ঠ তীৰ্থ নহল জানো। আকৌ সকলো পতিতক পাৱনো পিতায়ে কৰি তোলে। গীতাত পিতাৰ নাম থকাহেঁতেন সকলো ইয়ালৈ আহি ফুল অৰ্পণ কৰিলেহেঁতেন। পিতাৰ বাহিৰে সকলোকে সৎগতি কোনো দিব পাৰে। ভাৰতেই সকলোতকৈ শ্ৰেষ্ঠ তীৰ্থ, কিন্তু কোনেও গম নাপায়। নহলেতো যেনেকৈ পিতাৰ মহিমা অপৰমঅপাৰ তেনেকৈ ভাৰতৰো মহিমা আছে। নৰক আৰু স্বৰ্গ ভাৰত হয়। অপৰমঅপাৰ মহিমা স্বৰ্গৰেই আছে। অপৰমঅপাৰ নিন্দা আকৌ নৰকৰ কৰিব।

তোমালোক সন্তানসকল সত্যখণ্ডৰ মালিক হোৱা। ইয়ালৈ বাবাৰ পৰা বেহদৰ উত্তৰাধিকাৰ লবলৈ আহিছা। পিতাই কয় মনমনাভৱ আৰু সকলোৰে পৰা বুদ্ধিৰ যোগসূত্ৰ ছিঙি মামেকম্‌ স্মৰণ কৰা। স্মৃতিৰেহে পৱিত্ৰ হবা। জ্ঞানৰ দ্বাৰা উত্তৰাধিকাৰ লব লাগে, জীৱনমুক্তিৰ উত্তৰাধিকাৰতো সকলোৱে পায় কিন্তু স্বৰ্গৰ উত্তৰাধিকাৰ ৰাজযোগ শিকাসকলেহে পায়। সৎগতিতো সকলোৰে হবই নহয় জানো, সকলোকে উভতাই লৈ যাব। পিতাই কয় - মই কালৰো কাল। মহাকালৰো মন্দিৰ আছে। পিতাই বুজাইছে অন্তিম সময়ত প্ৰত্যক্ষতা হব তেতিয়া বুজিব যে যথাযথ এওঁলোকক শুনাওঁতাজন বেহদৰ পিতাই হয়। কথা (কাহিনী) শুনাওঁতাই যদি এতিয়া কয় যে গীতাৰ ভগৱান কৃষ্ণ নহয়, শিৱহে তেতিয়া সকলোৱে কব এওঁৰো বি.কে.ৰ ভূত লম্ভিছে সেয়েহে এতিয়া এওঁলোকৰ সময় হোৱা নাই। শেষৰ ফালে মানিব। এতিয়া যদি মানি লয় তেনেহলেতো তেওঁলোকৰ সকলো গ্ৰাহকেই গুচি যাব। ভাল বাৰু!

অতি মৰমৰ, কল্পৰ পাছত পুনৰাই লগ পোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।

ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) অন্য সকলোৰে সংগ এৰি মাতা-পিতাক পূৰা পূৰা অনুসৰণ কৰিব লাগে। এই পুৰণি সৃষ্টিৰ প্ৰতি বেহদৰ বৈৰাগী হৈ ইয়াক পাহৰি যাব লাগে।

(2) এয়া অন্তিম সময়, সকলো অন্ত হোৱাৰ পূৰ্বে নিজৰ ওচৰত যিখিনি আছে, সেয়া বীমা কৰি ভৱিষ্যতে সম্পূৰ্ণ বাদশ্বাহী লব লাগে।

বৰদান:
ব্ৰাহ্মণ জীৱনত সদায় আনন্দৰ খোৰাক (পথ্য) খাওঁতা আৰু খুৱাওঁতা শ্ৰেষ্ঠ ভাগ্যৱান হোৱা

বিশ্বৰ মালিকৰ আমি বালক তথা মালিক হওঁ - এইটো ঈশ্বৰীয় নিচা আৰু আনন্দত থাকা। বাঃ! মোৰ শ্ৰেষ্ঠ ভাগ্য অৰ্থাৎ নচিব। এই আনন্দৰ ঝুলনাত সদায় ঝুলি থাকা। সদায় সৌভাগ্যশালীও হোৱা আৰু সদায় আনন্দৰ খোৰাক খোৱা আৰু আনকো খুউওৱা। আনকো আনন্দৰ মহাদান দি সৌভাগ্যশালী কৰি তোলা। তোমালোকৰ জীৱনেই আনন্দময় হয়। আনন্দত থকা মানেই জীয়াই থকা। এয়াই ব্ৰাহ্মণ জীৱনৰ শ্ৰেষ্ঠ বৰদান।

স্লোগান:
সকলো পৰিস্থিতিত সহনশীল হোৱা তেতিয়া আনন্দৰ অনুভৱ কৰি থাকিবা।

মাতেশ্বৰী জীৰ অমূল্য মহাবাক্য

(1) আমাৰ এই ঈশ্বৰীয় জ্ঞান নিজৰ বুদ্ধিৰ পৰা উদয় হোৱা নাই, এয়া কোনো নিজৰ জ্ঞান অথবা কল্পনাও নহয় অথবা সংকল্পও নহয় কিন্তু এই জ্ঞান গোটেই সৃষ্টিৰ যিজন ৰচয়িতা হয় তেওঁৰ পৰা শুনা জ্ঞান। আৰু লগতে শুনি অনুভৱ আৰু বিবেকত যি অনা হয় সেয়া বাস্তৱত তোমালোকক শুনাই আছে। যদি নিজৰ বিবেকৰ কথা হলহেঁতেন তেন্তে কেৱল নিজৰ মাজতে চলিলহেঁতেন কিন্তু এয়াতো পৰমাত্মাৰ দ্বাৰা শুনি বিবেকেৰে অনুভৱ কৰি ধাৰণা কৰা হয়। যি কথা ধাৰণ কৰা হয় সেয়া নিশ্চয় যেতিয়া বিবেক আৰু অনুভৱত আহে তেতিয়াহে নিজৰ বুলি মানি লোৱা হয়। এইটো কথাও এওঁৰ দ্বাৰা আমি জানিছোঁ। তেন্তে পৰমাত্মাৰ ৰচনা কি? পৰমাত্মা কোন? বাকী কোনো নিজৰ সংকল্পৰ কথা নহয়, যদি হলহেঁতেন তেন্তে নিজৰ মনতে উদয় হলহেঁতেন, এয়া নিজৰ সংকল্প সেয়েহে আমাৰ স্বয়ং পৰমাত্মাৰ দ্বাৰা যি মুখ্য ধাৰণাযোগ্য জ্ঞানৰ সাৰ প্ৰাপ্ত হৈছে সেয়া হৈছে মুখ্যতঃ যোগযুক্ত হোৱা কিন্তু যোগযুক্ত হোৱাৰ পূৰ্বে জ্ঞানৰ প্ৰয়োজন। যোগযুক্ত হবলৈ প্ৰথমে জ্ঞান লাগে বুলি কিয় কয়? প্ৰথমে ভাবা, বুজা আৰু পাছত যোগযুক্ত হোৱা সদায় এনেকৈ কোৱা হয় প্ৰথমে জ্ঞান লাগে, নহলেতো বিপৰীত কৰ্ম হব সেয়েহে প্ৰথমতে জ্ঞানৰ প্ৰয়োজন। জ্ঞান হৈছে এক উচ্চ অৱস্থা যাক জানিবৰ বাবে বুদ্ধিৰ প্ৰয়োজন কাৰণ উচ্চতকৈও উচ্চ পৰমাত্মাই আমাক পঢ়ায়।

(2) এই ঈশ্বৰীয় জ্ঞানে এফালে ছিঙে আনফালে যোৰা লগায়। একমাত্ৰ পৰমাত্মাৰ সংগ লোৱা, যিটো শুদ্ধ সম্বন্ধেৰে আমাৰ জ্ঞানৰ ছিৰি আগবাঢ়িব কিয়নো এই সময়ত আত্মা কৰ্মবন্ধনৰ বশীভূত হৈ গৈছে। সেয়া আদিতে কৰ্মবন্ধন ৰহিত আছিল, আৰু পাছত কৰ্মবন্ধনত আহিল আৰু এতিয়া পুনৰাই তাক নিজৰ কৰ্মবন্ধনৰ পৰা মুক্ত কৰিব লাগে। এতিয়া নিজৰ কৰ্মৰো বন্ধন থাকিব নালাগে আৰু কৰ্ম কৰাতো নিজৰ হাতত ৰাখিব লাগে অৰ্থাৎ কৰ্মৰ ওপৰত নিয়ন্ত্ৰণ থাকিব লাগে তেতিয়াহে কৰ্মবন্ধনৰ সৃষ্টি নহব, ইয়াকেই জীৱনমুক্তি বুলি কোৱা হয়। নহলেতো কৰ্মবন্ধনত, চক্ৰত আহিলে সদাকালৰ কাৰণে জীৱনমুক্তি প্ৰাপ্ত নহব। এতিয়াতো আত্মাৰ পৰা শক্তি নোহোৱা হৈ গল আৰু আত্মাৰ নিয়ন্ত্ৰণ নোহোৱাকৈ কৰ্ম হৈ আছে কিন্তু কৰ্ম আত্মাৰ দ্বাৰা হব লাগে আৰু আত্মাত শক্তি জগ্ৰত হব লাগে আৰু কৰ্মক এনেকুৱা স্থিতিলৈ আনিব লাগে যাতে কৰ্মৰ বন্ধন নাথাকে, নহলেতো মনুষ্য দুখ-সুখৰ মেৰপাকত আহি যায়, কিয়নো কৰ্মই তেওঁলোকক টনা-আজোঁৰা কৰি থাকে, আত্মাই শক্তি আহৰণ কৰে যাতে কৰ্মৰ বন্ধনত নাহে, এয়া হৈছে ফলাফল। এই কথাবোৰ ধাৰণ কৰিলে সহজ হৈ যাব, এই ক্লাচটিৰ উদ্দেশ্য এইটোৱেই। বাকী আমি কোনো বেদ শাস্ত্ৰ পঢ়ি ডিগ্ৰী আহৰণ কৰিব নালাগে, তাৰ সলনি এই ঈশ্বৰীয় জ্ঞানৰ দ্বাৰা নিজেই নিজৰ জীৱন গঢ়িব লাগে যাৰ কাৰণে ঈশ্বৰৰ পৰা সেই শক্তি আহৰণ কৰিব লাগে। ভাল বাৰু ওঁম্‌ শান্তি।