03.07.20       Morning Assame Murli        Om Shanti      BapDada       Madhuban


"মৰমৰ সন্তানসকল যিজন সকলোৰে সৎগতি কৰোঁতা জীৱনমুক্তি দাতা হয়, তেওঁ তোমালোকৰ পিতা হৈছে, তোমালোক তেওঁৰ সন্তান, তেন্তে কিমান নিচা থাকিব লাগে

প্ৰশ্ন:
কোনসকল সন্তানৰ বুদ্ধিত বাবাৰ স্মৃতি নিৰন্তৰ স্থায়ী হৈ থাকিব নোৱাৰে?

উত্তৰ:
যিসকলৰ সম্পূৰ্ণ নিশ্চয় নাই তেওঁলোকৰ বুদ্ধিত পিতাৰ স্মৃতি স্থায়ী হৈ থাকিব নোৱাৰে। আমাক কোনে শিকাই আছে, এইটো নাজানিলে স্মৰণ কাক কৰিব। যিসকলে যথাৰ্থ ভাৱে চিনি লৈ স্মৰণ কৰে তেওঁলোকৰহে বিকৰ্ম বিনাশ হয়। পিতা স্বয়ং আহি নিজৰ আৰু নিজৰ ঘৰৰ যথাৰ্থ পৰিচয় দিয়ে।
 

ওঁম্শান্তি।
এতিয়া ওঁম্ শান্তিৰ অৰ্থতো সদায় সন্তানসকলৰ স্মৃতিত থাকে। আমি আত্মা হওঁ, আমাৰ ঘৰ হ'ল নিৰ্বাণধাম বা মূলবতন। বাকী ভক্তিমাৰ্গত মনুষ্যই যিয়েই পুৰুষাৰ্থ কৰে তেওঁলোকে নাজানে ক'লৈ যাব লাগে। সুখ ক'ত আছে, দুখ ক'ত আছে, একোৱে নাজানে। যজ্ঞ, তপ, দান, পুণ্য, তীৰ্থ আদি কৰি ছিৰিৰে তললৈ নামিয়েই আহে (অৱনমিত হয়)। তোমালোকে এতিয়া জ্ঞান পাইছা সেয়েহে ভক্তি বন্ধ হৈ যায়। ঘণ্টা বাদ্য আদি সেই সকলো বাতাবৰণ বন্ধ। নতুন সৃষ্টি আৰু পুৰণি সৃষ্টিৰ পার্থক্যতো আছে নহয় জানো। নতুন সৃষ্টি হ'ল পাৱন সৃষ্টি। তোমালোক সন্তানসকলৰ বুদ্ধিত সুখধাম আছে। সুখধামক স্বর্গ, দুখধামক নৰক বুলি কোৱা হয়। মনুষ্যই শান্তি বিচাৰে, কিন্তু তালৈ কোনেও যাব নোৱাৰে। পিতাই কয় - মই যেতিয়ালৈকে এই ভাৰতত নাহোঁ তেতিয়ালৈকে মোৰ অবিহনে তোমালোক সন্তানসকল যাব নোৱাৰা। ভাৰততেই শিৱ জয়ন্তীৰ গায়ন আছে। নিৰাকাৰ নিশ্চয় সাকাৰত আহিব নহয় জানো। শৰীৰ অবিহনে আত্মাই কিবা কৰিব পাৰে জানো? শৰীৰ অবিহনেতো আত্মা দিগভ্ৰান্ত হৈ ঘূৰি ফুৰে। অন্য শৰীৰতো প্ৰৱেশ কৰি লয়। কোনোবা ভাল, কোনোবা চঞ্চল থাকে, একেবাৰে হাহাকাৰৰ সৃষ্টি কৰে। আত্মাক নিশ্চয় শৰীৰৰ প্ৰয়োজন। সেইদৰে পৰমপিতা পৰমাত্মাৰো যদি শৰীৰ নাথাকে তেন্তে ভাৰতত আহি কি কৰিব! ভাৰতেই অবিনাশী খণ্ড হয়। সত্যযুগত এখনেই ভাৰত খণ্ড থাকে। বাকী সকলো খণ্ড বিনাশ হৈ যায়। গায়ন কৰে আদি সনাতন দেৱী-দেৱতা ধৰ্ম আছিল। এওঁলোকে আকৌ আদি সনাতন হিন্দু ধৰ্ম বুলি কৈ দিয়ে। বাস্তৱত আৰম্ভণিত কোনো হিন্দু নাছিল, দেৱী-দেৱতাসকল আছিল। ইউৰোপত থকাসকলে নিজক খ্ৰীষ্টিয়ান বুলি কয়। ইউৰোপীয়ান ধৰ্ম বুলি কব জানো। ইয়াত হিন্দুস্তানত থকাসকলে হিন্দু ধৰ্ম বুলি কৈ দিয়ে। যিটো দৈৱী ধৰ্ম শ্রেষ্ঠ আছিল, তেওঁলোকেই 84 জন্মত আহি ধৰ্ম ভ্ৰষ্ট হৈ গৈছে। যিসকল দেৱতা ধৰ্মৰ হ'ব তেওঁলোকহে ইয়ালৈ আহিব। যদি নিশ্চয় নাই তেন্তে বুজিবা এইটো ধৰ্মৰ নহয়। যদিও ইয়াত বহে তথাপি তেওঁ একো বুজি নাপাব। তাত প্ৰজাত কোনোবা কম পদ প্ৰাপ্ত কৰোঁতা হ'ব। সকলোৱে সুখ-শান্তি বিচাৰে, সেয়াতো সত্যযুগতহে হয়। সকলোৱেতো সুখধামলৈ যাব নোৱাৰে। সকলো ধৰ্ম নিজৰ নিজৰ সময়ত আহে। অনেক ধৰ্ম আছে, বৃক্ষ বৃদ্ধি হৈ গৈ থাকে। মূল কাণ্ড হ'ল দেৱী-দেৱতা ধৰ্ম। তাৰপাচত 3টা টিয়ুৱ (ডাল)। স্বৰ্গততো এয়া হ'ব নোৱাৰে। দ্বাপৰৰ পৰা নতুন ধৰ্ম ওলায়, ইয়াক ভেৰাইটি হিউমেন ট্ৰি (বৈচিত্ৰ্যময় মানৱ বৃক্ষ) বুলি কোৱা হয়। বিৰাট ৰূপ ভিন্ন, এয়া হৈছে ভেৰাইটি ধৰ্মৰ বৃক্ষ। অনেক প্ৰকাৰৰ মনুষ্য আছে। তোমালোকে জানা কিমান ধৰ্ম আছে। সত্যযুগৰ আদিত এটাই ধৰ্ম আছিল, নতুন সৃষ্টি আছিল। বাহিৰৰ (বিদেশৰ) লোকসকলেও জানে, ভাৰতেই প্ৰাচীন স্বর্গ আছিল। বহুত চহকী আছিল, সেয়েহে ভাৰতে বহুত মান পায়। কোনোবা চহকী হয়, দৰিদ্ৰ হ'লে তেওঁৰ ওপৰত দয়া ওপজে। বেচেৰা ভাৰত কি হৈ গ'ল! এয়াও ড্ৰামাত পাৰ্ট (ভূমিকা) আছে। এনেকৈ কয়ো যে সকলোতকৈ বেছি দয়াশীল ঈশ্বৰেই হয় আৰু আহেও ভাৰততেই। দৰিদ্ৰৰ ওপৰত নিশ্চয় চহকীয়েই দয়া কৰিব নহয় জানো। পিতা হৈছে বেহদৰ চহকী, উচ্চতকৈও উচ্চ কৰি তোলোঁতা। তোমালোক কাৰ সন্তান হৈছা সেইটোও নিচা থকা উচিত। পৰমপিতা পৰমাত্মা শিৱৰ আমি সন্তান হওঁ, যিজনক জীৱনমুক্তি দাতা, সৎগতি দাতা বুলি কোৱা হয়। জীৱনমুক্তি প্ৰথমতে সত্যযুগত হয়। ইয়াততো হৈছে জীৱনবন্ধন। ভক্তি মাৰ্গত মিনতি কৰে যে বাবা বন্ধনৰ পৰা মুক্ত কৰা। এতিয়া তোমালোকে মিনতি কৰিব নোৱাৰা।

তোমালোকে জানা পিতা যি জ্ঞানৰ সাগৰ হয়, তেৱেঁই ৱৰ্ল্ডৰ হিষ্ট্ৰী-জিওগ্ৰাফী (বিশ্বৰ ইতিহাস-ভূগোল)ৰ সাৰ বুজাই আছে। তেওঁ নলেজফুল (জ্ঞানেৰে পৰিপূৰ্ণ) হয়। এওঁতো (ব্ৰহ্মা বাবা) নিজেই কয় মই ভগৱান নহয়। তোমালোকতো দেহৰ পৰা উপৰাম দেহী-অভিমানী হ'ব লাগে। গোটেই সৃষ্টিক, নিজৰ শৰীৰকো পাহৰিব লাগে। এওঁ (ব্ৰহ্মা) ভগৱান নহয়। এওঁক বাপদাদা বুলি কোৱা হয়। পিতা হ'ল উচ্চতকৈও উচ্চ। এয়া পতিত পুৰণা শৰীৰ। মহিমা কেৱল এজনৰেই। তেওঁৰ সৈতে যোগযুক্ত হ'ব লাগে তেতিয়াহে পাৱন হ'বাগৈ। নহ'লে কেতিয়াও পাৱন হ'ব নোৱাৰিবা আৰু অন্তিমত হিচাপ-নিকাচ নিষ্পত্তি কৰি শাস্তি ভোগ কৰি গুচি যাবা। ভক্তি মাৰ্গত আমিয়েই আছিলোঁ, আমিয়েই হমগৈ এইটো মন্ত্ৰ শুনি আহিছা। মই আত্মাই পৰমপিতা পৰমাত্মা, আৰু তেৱোঁ আত্মা - এইটো ভুল মন্ত্ৰ পৰমাত্মাৰ পৰা বিমুখ কৰোঁতা হয়। পিতাই কয় - সন্তানসকল, মই আত্মাই পৰমাত্মা বুলি কোৱাটো একেবাৰে ভুল। তোমালোক সন্তানসকলক এতিয়া বৰ্ণৰো ৰহস্য বুজোৱা হৈছে। আমিয়ে ব্ৰাহ্মণ আকৌ আমিয়ে দেৱতা হবৰ বাবে পুৰুষাৰ্থ কৰোঁ। আকৌ আমিয়ে দেৱতা হৈ ক্ষত্ৰিয় বৰ্ণত আহিম। অন্য কোনোবাই জানে জানো - আমি কেনেকৈ 84 জন্ম লওঁ? কি কুলত লওঁ? তোমালোকে এতিয়া বুজি পোৱা যে আমি ব্ৰাহ্মণ হওঁ, বাবাতো (শিৱবাবা) ব্ৰাহ্মণ নহয়। তোমালোকহে এই বৰ্ণবোৰত আহা। এতিয়া ব্ৰাহ্মণ ধর্মত এডপ্ট কৰিছে (তুলি লৈছে)। শিৱবাবাৰ দ্বাৰা প্ৰজাপিতা ব্ৰহ্মাৰ সন্তান হৈছা। এয়াও জানা যে নিৰাকাৰী আত্মাসকল আচলতে ঈশ্বৰীয় কুলৰ। নিৰাকাৰী সৃষ্টিত থাকোঁতা। আকৌ সাকাৰী সৃষ্টিত আহে। ভূমিকা পালন কৰিবলৈ আহিবলগীয়া হয়। তাৰপৰা আহি আমি আকৌ দেৱতা কুলত 8 (আঠ) জন্ম ললোঁ, তাৰপাচত আমি ক্ষত্ৰিয় কুলত, বৈশ্য কুলত যাওঁ। পিতাই বুজায় - তোমালোকে ইমান জন্ম দৈৱীকুলত ললা আকৌ ইমান জন্ম ক্ষত্ৰিয়কুলত ললা। 84 জন্মৰ চক্ৰ হয়। তোমালোকৰ বাহিৰে এই জ্ঞান অন্য কোনেও পাব নোৱাৰে। যিসকল এই ধৰ্মৰ হ'ব তেওঁলোকহে ইয়ালৈ আহিব। ৰাজধানী স্থাপন হৈ আছে। কোনোবা ৰজা-ৰাণী কোনোবা প্ৰজা হ'বগৈ। সূৰ্যবংশী লক্ষ্মী-নাৰায়ণ দ্যা ফাৰ্ষ্ট (প্ৰথম), চেকেণ্ড (দ্বিতীয়), থাৰ্ড (তৃতীয়) - 8 (আঠ) সিংহাসন চলে আকৌ ক্ষত্ৰিয় ধর্মতো ফাৰ্ষ্ট, চেকেণ্ড, থাৰ্ড এনেকৈ চলে। এই সকলোবোৰ কথা পিতাই বুজায়। জ্ঞানৰ সাগৰ যেতিয়া আহে তেতিয়া ভক্তি সমাপ্ত হৈ যায়। ৰাতি সমাপ্ত হৈ দিন হয়। তাত কোনো প্ৰকাৰৰ ঠেলা-গঁতা নাথাকে। আৰামেই আৰাম, কোনো হুলস্থুল নাই। এয়াও ড্ৰামা ৰচি থোৱা আছে। ভক্তি কল্ট (পন্থ)তে পিতা আহে। সকলোৱে উভতি নিশ্চয় যাব লাগিব আকৌ একাদিক্ৰমে আহে। ক্ৰাইষ্ট (যীশুখ্ৰীষ্ট) আহিলে তেতিয়া তেওঁৰ ধৰ্মৰ লোকসকলো আহি থাকিব। এতিয়া চোৱা কিমান খ্ৰীষ্টিয়ান আছে। ক্ৰাইষ্ট হৈ গ'ল খ্ৰীষ্টিয়ান ধৰ্মৰ বীজ। এই দেৱী-দেৱতা ধৰ্মৰ বীজ হ'ল পৰমপিতা পৰমাত্মা শিৱ। তোমালোকৰ ধৰ্ম পৰমপিতা পৰমাত্মাই প্ৰতিষ্ঠা কৰে। তোমালোকক ব্ৰাহ্মণ ধর্মলৈ কোনে আনিলে? পিতাই এডপ্ট কৰিলে গতিকে ব্ৰাহ্মণ ধর্ম তেওঁতকৈ সৰু হল। ব্ৰাহ্মণসকলৰ টিকনিৰ গায়ন কৰা হয়। এয়া (টিকনি) হৈছে উচ্চ স্থিতিৰ পৰিচায়ক আকৌ তললৈ আহিলে শৰীৰ বৃদ্ধি হৈ গৈ থাকে। এই সকলোবোৰ কথা পিতাইহে বহি বুজায়। যিজন পিতা কল্যাণকাৰী হয় তেৱেঁই আহি ভাৰতৰ কল্যাণ কৰে। সকলোতকৈ অধিক কল্যাণতো তোমালোক সন্তানসকলৰে কৰে। তোমালোক কিহৰ পৰা কি হৈ যোৱা! তোমালোক অমৰলোকৰ মালিক হৈ যোৱা। এতিয়াহে তোমালোকে কাম (বিকাৰ)ৰ ওপৰত বিজয় প্ৰাপ্ত কৰা। তাত অকাল মৃত্যু নহয়। মৃত্যুৰ কথা নাই। বাকী চোলাতো সলনি হব নহয় জানো। যিদৰে সাপে এটা মোট সলাই আন এটা লয়। ইয়াতো তোমালোকে এই পুৰণা মোট এৰি নতুন সৃষ্টিত নতুন মোট লবাগৈ। সত্যযুগক কোৱা হয় গাৰ্ডেন অফ্‌ ফ্লাৱাৰচ (ফুলৰ বাগিছা)। তাত কেতিয়াও কোনো কু-বচন উচ্চাৰিত নহয়। ইয়াততো হয়েই কুসংগ। মায়াৰ সংগ আছে নহয় সেইবাবে ইয়াৰ নামেই হল ৰৌৰৱ নৰক। কোনো ঠাই (ভৱন আদি) পুৰণি হ'লে মিউনিচিপালটি (নগৰ পালিকা)ৰ লোকে আগতেই ঠাই খালী কৰি দিয়ে। পিতায়ো কয় যেতিয়া সৃষ্টি পুৰণি হয় তেতিয়া মই আহোঁ।

জ্ঞানেৰে সৎগতি হৈ যায়। ৰাজযোগ শিকোৱা হয়। ভক্তিততো একোৱেই নাই। অৱশ্যে হয়, দান-পুণ্য কৰিলে তেতিয়া অল্পকালৰ বাবে সুখ প্ৰাপ্ত হয়। ৰজাসকলকো সন্ন্যাসীয়ে বৈৰাগ্য জন্মায়, এয়াতো কাউৰীৰ বিষ্ঠাৰ সমান সুখ। এতিয়া তোমালোক সন্তানসকলক বেহদৰ বৈৰাগ্য শিকোৱা হয়। এয়াতো হয়েই পুৰণি সৃষ্টি, এতিয়া সুখধামক স্মৰণ কৰা, আকৌ শান্তিধাম হৈ ইয়ালৈ আহিব লাগিব। দেলবাড়া মন্দিৰত হুবহু তোমালোকৰ এই সময়ৰ স্মাৰক চিহ্ন আছে। তলত তপস্যাত বহি আছে, ওপৰত স্বর্গ আছে। নহ'লে স্বর্গ ক'ত দেখুৱাব। মনুষ্য মৰিলে কব স্বৰ্গলৈ গল। স্বর্গ ওপৰত আছে বুলি ভাবে কিন্তু ওপৰত একো নাই। ভাৰতেই স্বর্গ, ভাৰতেই নৰক হয়। এই দেলবাড়া মন্দিৰটি সম্পূৰ্ণ স্মাৰক হয়। এই মন্দিৰ আদি সকলো পাচত নিৰ্মাণ কৰা হয়। স্বৰ্গত ভক্তি নাথাকে। তাত সুখেই সুখ। পিতা আহি সকলো ৰহস্য বুজায়। অন্য সকলো আত্মাৰ নাম সলনি হয়, শিৱৰ নাম সলনি নহয়। তেওঁৰ নিজৰ শৰীৰ নাই। শৰীৰৰ অবিহনে কেনেকৈ পঢ়াব! প্ৰেৰণাৰতো কোনো কথা নাই। প্ৰেৰণাৰ অর্থ হ'ল বিচাৰ। এনেকুৱা নহয়, ওপৰৰ পৰা প্ৰেৰণা দিব আৰু সেয়া ইয়াত আহি পাই যাব, ইয়াত প্ৰেৰণাৰ কোনো কথা নাই। যিসকল সন্তানৰ পিতাৰ সম্পূৰ্ণ পৰিচয় নাই, সম্পূৰ্ণ নিশ্চয় নাই তেওঁলোকৰ বুদ্ধিত পিতাৰ স্মৃতিও স্থায়ী হৈ নাথাকিব। আমাক কোনে শিকাই আছে, সেইটো নাজানিলে কাক স্মৰণ কৰিব? পিতাৰ স্মৃতিৰেহে তোমালোকৰ বিকৰ্ম বিনাশ হ'ব। যিয়ে জন্ম-জন্মান্তৰে লিঙ্গকেই স্মৰণ কৰে, ভাবে এয়া পৰমাত্মা হয়, তেওঁৰ এইটো চিহ্ন, তেওঁ নিৰাকাৰ হয়, সাকাৰ নহয়। পিতাই কয় - ময়ো প্ৰকৃতিৰ আধাৰ লবলগীয়া হয়। নহ'লে তোমালোকক সৃষ্টি চক্ৰৰ ৰহস্য কেনেকৈ বুজাম। এয়া হ'ল আত্মিক নলেজ (জ্ঞান)। আত্মাসকলেহে এই নলেজ পায়। এই নলেজ এজন পিতাইহে দিব পাৰে। পুনৰ্জন্মতো লবই লাগে। সকলো এক্টৰে (ভাওৰীয়াই) পাৰ্ট (ভূমিকা) প্ৰাপ্ত কৰিছে। নিৰ্বাণত কোনেও যাব নোৱাৰে। মোক্ষ পাব নোৱাৰে। যি নাম্বাৰ ৱান (প্ৰথম নম্বৰত) বিশ্বৰ মালিক হয় তেৱেঁই 84 জন্মত আহে। চক্ৰ নিশ্চয় পৰিক্ৰমা কৰিব লাগিব। মনুষ্যই ভাবে মোক্ষ প্ৰাপ্তি কৰে, কিমান মত-মতান্তৰ আছে। বৃদ্ধি হৈ গৈয়ে থাকে। উভতি কোনেও নাযায়। পিতাইহে 84 জন্মৰ কাহিনী শুনায়। তোমালোক সন্তানসকলে পঢ়ি আকৌ পঢ়াব লাগে। এই আত্মিক নলেজ তোমালোকৰ বাহিৰে অন্য কোনেও দিব নোৱাৰে। শূদ্ৰয়ো দিব নোৱাৰে, দেৱতাসকলেও দিব নোৱাৰে। সত্যযুগত দুৰ্গতি নহয় যাৰ কাৰণে নলেজ পাব। এই নলেজ হয়েই সৎগতিৰ কাৰণে। সৎগতি দাতা লিবাৰেটৰ (মুক্তিদাতা) গাইড (মাৰ্গ-দৰ্শক) এজনেই হয়। স্মৃতিৰ যাত্ৰা অবিহনে কোনেও পবিত্ৰ হ'ব নোৱাৰে। শাস্তি নিশ্চয় ভোগ কৰিব লাগিব। পদো ভ্ৰষ্ট হৈ যাব। সকলোৰে হিচাপ-নিকাচতো নিষ্পত্তি হবই লাগিব নহয় জানো। তোমালোকক তোমালোকৰেই কথা বুজায় অন্য ধর্মত যোৱাৰ কি প্ৰয়োজন। ভাৰতবাসীয়েহে এই নলেজ পায়। পিতায়ো ভাৰততহে আহি 3টা ধৰ্ম প্ৰতিষ্ঠা কৰে। এতিয়া তোমালোকক শূদ্ৰ ধৰ্মৰ পৰা উলিয়াই উচ্চ কুললৈ লৈ যায়। সেয়া হৈছে নীচ পতিত কুল, এতিয়া পাৱন কৰি তুলিবৰ বাবে তোমালোক ব্ৰাহ্মণসকল নিমিত্ত হোৱা। ইয়াক ৰুদ্ৰ জ্ঞান যজ্ঞ বুলি কোৱা হয়। ৰুদ্ৰ শিৱবাবাই যজ্ঞ ৰচনা কৰিছে, এই বেহদৰ যজ্ঞত গোটেই পুৰণি সৃষ্টিৰ আহুতি হৈ যাব। পুনৰ নতুন সৃষ্টি স্থাপন হৈ যাব। পুৰণি সৃষ্টি নাশ হ'ব। তোমালোকে এই নলেজ লোৱাই নতুন সৃষ্টিৰ বাবে। দেৱতাসকলৰ ছায়া পুৰণি সৃষ্টিত নপৰে। তোমালোক সন্তানসকলে জানা যে কল্পৰ পূৰ্বে যিসকল আহিছিল তেওঁলোকেই আহি এই নলেজ লব। পুৰুষাৰ্থৰ ক্ৰম অনুসৰি পাঠ পঢ়িব। মনুষ্যই ইয়াতেই শান্তি বিচাৰে। এতিয়া আত্মাতো হয়েই শান্তিধামৰ নিবাসী। বাকী ইয়াত শান্তি কেনেকৈ হব পাৰে। এই সময়ততো ঘৰে ঘৰে অশান্তি। ৰাৱণ ৰাজ্য নহয় জানো। সত্যযুগত একেবাৰে শান্তিৰ ৰাজ্য হয়। এটাই ধৰ্ম, এটাই ভাষা থাকে। ভাল বাৰু।

অতি মৰমৰ, কল্পৰ পাচত পুনৰাই লগ পোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু গুডমৰ্ণিং। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।

ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) এই পুৰণি সৃষ্টিৰ প্ৰতি বেহদৰ বৈৰাগী হৈ নিজৰ দেহকো পাহৰি শান্তিধাম আৰু সুখধামক স্মৰণ কৰিব লাগে। নিশ্চয় বুদ্ধিৰ হৈ স্মৃতিৰ যাত্ৰাত থাকিব লাগে।

(2) আমিয়েই আছিলোঁ, আমিয়েই হমগৈ এইটো মন্ত্ৰক যথাৰ্থভাৱে বুজি এতিয়া ব্ৰাহ্মণৰ পৰা দেৱতা হোৱাৰ পুৰুষাৰ্থ কৰিব লাগে। সকলোকে ইয়াৰ যথাৰ্থ অৰ্থ বুজাব লাগে।

বৰদান:
তিনিওটা সেৱাৰ বেলেন্সৰ (সন্তুলনৰ) দ্বাৰা সকলো গুণৰ অনুভূতি কৰোঁতা গুণমূৰ্ত হোৱা

যিসকল সন্তানে সংকল্প, বাণী আৰু প্ৰত্যেক কৰ্মৰ দ্বাৰা সেৱাত তৎপৰ হৈ থাকে তেওঁলোকেই সফলতামূৰ্ত হয়। তিনিওটাতে মাৰ্কচ (নম্বৰ) সমান, গোটেই দিনটোত তিনিওটা সেৱাৰ বেলেন্স (সন্তুলন) থাকিলে তেতিয়া পাছ উইথ্‌ অনাৰ (সন্মান সহকাৰে উত্তীৰ্ণ) বা গুণমূৰ্ত হৈ যায়। তেওঁলোকৰ দ্বাৰা সকলো দৈৱীগুণৰ অলংকাৰ স্পষ্টকৈ দেখা পোৱা যায়। ইজনে সিজনক পিতাৰ গুণৰ বা নিজৰ ধাৰণাৰ গুণৰ সহযোগ দিয়াটোৱেই গুণমূৰ্ত হোৱা কিয়নো গুণদান সকলোতকৈ শ্রেষ্ঠ দান।

স্লোগান:
যদি নিশ্চয় ৰূপী ফাউণ্ডেশ্বন (আধাৰ) দৃঢ় হয় তেন্তে শ্রেষ্ঠ জীৱনৰ অনুভৱ স্বতঃ হয়।