03.09.20       Morning Assame Murli        Om Shanti      BapDada       Madhuban


"মৰমৰ সন্তানসকল স্মৃতিৰ দ্বাৰা সতোপ্ৰধান হোৱাৰ লগতে পঢ়াৰ দ্বাৰা উপাৰ্জন জমা কৰিব লাগে, পঢ়াৰ সময়ত বুদ্ধি ইফালে-সিফালে যাতে গুচি নাযায়

প্ৰশ্ন:
তোমালোক দ্বৈত (ডবল) অহিংসক, গুপ্ত সৈনিকসকলৰ (আননন ৱাৰিয়ৰচসকলৰ) কোনটো বিজয় নিশ্চিত আৰু কিয়?

উত্তৰ:
তোমালোক সন্তানসকলে, যিসকলে মায়াৰ ওপৰত বিজয় প্ৰাপ্ত কৰাৰ কাৰণে পুৰুষাৰ্থ কৰি আছা, তোমালোকৰ লক্ষ্য হৈছে যে আমি ৰাৱণৰ পৰা নিজৰ ৰাজ্য লৈহে এৰিম...... এয়াও নাটকত (ড্ৰামাত) যুক্তি ৰচি থোৱা আছে। তোমালোকৰ বিজয় নিশ্চিত কিয়নো তোমালোকৰ লগত সাক্ষাৎ পৰমপিতা পৰমাত্মা আছে। তোমালোকে যোগবলেৰে বিজয় প্ৰাপ্ত কৰা। মনমনাভৱৰ মহামন্ত্ৰৰে তোমালোকে ৰাজ্যভাগ্য প্ৰাপ্ত কৰা। তোমালোকে আধাকল্প ৰাজত্ব কৰিবা।

গীত:
মুখড়া দেখ লে প্ৰাণী......... (চেহেৰা চাই লোৱা প্ৰাণী..)

ওঁম্শান্তি।
অতি মৰমৰ সন্তানসকল যেতিয়া সন্মুখত বহি থাকে তেতিয়া বুজি পায় যে যথাযথ আমাৰ কোনো সাকাৰ শিক্ষক নাই, আমাক পঢ়াওঁতাজন জ্ঞানৰ সাগৰ বাবা (শিৱবাবা) হয়। এইটোতো দৃঢ় নিশ্চয় আছে যে তেওঁ আমাৰ পিতাও হয়, যেতিয়া পঢ়োঁ তেতিয়া পঢ়াৰ প্ৰতি মনোযোগ (এটেনশ্বন) থাকে। বিদ্যাৰ্থীসকল নিজৰ স্কুলত বহি থাকিলে তেতিয়া শিক্ষক স্মৃতিলৈ আহিব, পিতা নহয় কিয়নো স্কুলত বহি আছে। তোমালোকেও জানা যে বাবা শিক্ষকো হয়। নামকটো ধৰি থাকিব নালাগে নহয়। ধ্যানত ৰাখিব লাগে - আমি আত্মা হওঁ, পিতাৰ পৰা শুনি আছোঁ। এয়াতো কেতিয়াও নহয়েই। সত্যযুগত নহয়, কলিযুগত নহয়। কেৱল এবাৰেই সংগমত হয়। তোমালোকে নিজকে আত্মা বুলি বুজা। আমাৰ পিতা এই সময়ত শিক্ষক হয় কিয়নো পঢ়ায়, দুয়োটা কাম কৰিবলগীয়া হয়। আত্মাই পঢ়ে শিৱবাবাৰ পৰা। এয়াও যোগ আৰু পঢ়া হৈ যায়। পঢ়ে আত্মাই, পঢ়ায় পৰমাত্মাই। ইয়াত আৰুহে লাভ হয় যিহেতু তোমালোক সন্মুখত আছা। বহুত সন্তান যথা ৰীতিৰে স্মৃতিত থাকিব। কৰ্মাতীত অৱস্থাত উপনীত হলে তেতিয়া সেয়াও যেন পবিত্ৰতাৰ শক্তি পোৱা যায়। তোমালোকে জানা যে শিৱবাবাই আমাক পঢ়ায়। এয়া তোমালোকৰ যোগো হয়, উপাৰ্জনো হয়। আত্মাহে সতোপ্ৰধান হ'ব লাগে। তোমালোক সতোপ্ৰধানো হৈ গৈ আছা, ধনো লৈ আছা। নিজকে আত্মা বুলি নিশ্চয় বুজিব লাগে। বুদ্ধি ইফালে-সিফালে যাব নালাগে। ইয়াত বহিলে বুদ্ধিত এইটো থাকিব লাগে যে শিৱবাবা এতিয়া পঢ়াবৰ কাৰণে শিক্ষকৰ ৰূপত আহিব। তেৱেঁই জ্ঞানেৰে পৰিপূৰ্ণ (নলেজফুল) হয়, আমাক পঢ়াই আছে। পিতাক স্মৰণ কৰিব লাগে। স্বদৰ্শন চক্ৰধাৰীও আমি হওঁ। প্ৰকাশ কুঞ্জও (লাইট হাউচো) হওঁ। এটা চকুত শান্তিধাম, আনটো চকুত জীৱনমুক্তিধাম আছে। এই দুচকুৰ কথা নহয়, আত্মাৰ তৃতীয় নেত্ৰ বুলি কোৱা হয়। এতিয়া আত্মাসকলে শুনি আছে, যেতিয়া শৰীৰ ত্যাগ কৰিব তেতিয়া আত্মাত এই সংস্কাৰ থাকিব। এতিয়া তোমালোকে পিতাৰ সৈতে যোগসূত্ৰ গঢ়া। সত্যযুগৰ পৰা আৰম্ভ কৰি তোমালোক যোগবিহীন হৈ আছিলা অৰ্থাৎ পিতাৰ সৈতে সংযোগ নাছিল। এতিয়া তোমালোক যোগী হোৱা, পিতাৰ সমান। যোগ শিকাওঁতাজন হৈছে ঈশ্বৰ সেয়েহে তেওঁক কোৱা হয় - যোগেশ্বৰ। তোমালোকো যোগেশ্বৰৰ সন্তান। তেওঁ যোগ কৰিব নালাগে। তেওঁ হৈছে যোগ শিকাওঁতা পৰমপিতা পৰমাত্মা। তোমালোক প্ৰত্যেকেই যোগেশ্বৰ, যোগেশ্বৰী হোৱা আকৌ ৰাজ-ৰাজশ্বৰী হ'বাগৈ। তেওঁ হৈছে যোগ শিকাওঁতা ঈশ্বৰ। নিজে নিশিকে, শিকায়। কৃষ্ণৰেই আত্মাই অন্তিমৰ জন্মত যোগ শিকি পাচত কৃষ্ণ হয়, সেয়েহে কৃষ্ণকো যোগেশ্বৰ বুলি কৈ দিয়ে কিয়নো তেওঁৰ আত্মাই এতিয়া শিকি আছে। যোগেশ্বৰৰ পৰা যোগ শিকি কৃষ্ণ পদ প্ৰাপ্ত কৰে। এওঁৰ নাম আকৌ পিতাই ব্ৰহ্মা ৰাখিছে। প্ৰথমেতো লৌকিক নাম আছিল পাচত জীৱন্তে মৃত হৈ গল। আত্মাহে পিতাৰ হ'ব লাগে। পিতাৰ হ'ল যেতিয়া মৰি গ'ল নহয় জানো। তোমালোকেও পিতাৰ দ্বাৰা যোগ শিকা। এই সংস্কাৰবোৰৰ দ্বাৰাহে তোমালোক শান্তিধামলৈ যাবা। পুনৰ প্ৰালব্ধৰ নতুন ভূমিকা জাগ্ৰত (ইমাৰ্জ) হ'ব। তাত এই কথাবোৰ স্মৃতিত নাথাকিব। এয়া এতিয়া পিতাই বুজায়। এতিয়া ভূমিকা সম্পূৰ্ণ হয়। পুনৰ নতুনকৈ আৰম্ভ হব। যেনেকৈ পিতাৰ সংকল্প উদয় হল যে মই যাওঁ সেয়েহে পিতাই কয় মই আহোঁ আৰু মোৰ বাণী উচ্চাৰিত হোৱা আৰম্ভ হৈ যায়। তাততো শান্তিত আছে। পুনৰ নাটক অনুসৰি তেওঁৰ ভূমিকা আৰম্ভ হয়। অহাৰ সংকল্পতো উদয় হয়। পুনৰ ইয়ালৈ আহি ভূমিকা পালন কৰে। তোমালোক আত্মাসকলেও শুনা। কল্পৰ পূৰ্বৰ দৰে পুৰুষাৰ্থৰ ক্ৰম অনুসৰি । দিনে-প্ৰতিদিনে বৃদ্ধিও হৈ গৈ থাকিব। এদিন তোমালোকে ডাঙৰ ৰাজকীয় সভাঘৰো (ৰয়েল হল) পাই যাবা, য'ত ডাঙৰ ডাঙৰ (গণ্যমান্য) লোকসকলো আহিব। সকলোৱে একেলগে বহি শুনিব। দিনে-প্ৰতিদিনে চহকীসকলো দুখীয়া হৈ গৈ থাকিব, পেট পিঠি একাকাৰ হৈ যাব। এনেকুৱা আপদ আহিব, মুষলধাৰ বৰষুণ হব তেতিয়া গোটেই খেতি আদি পানীত ডুবি যাব। প্ৰাকৃতিক দুৰ্যোগতো (নেচাৰেল কেলেমিটিজতো) আহিবই। বিনাশ হ'ব লাগিব, ইয়াক কোৱা হয় প্ৰাকৃতিৰ আপদ। বুদ্ধিয়ে কয় বিনাশ নিশ্চয় হ'ব। সিফালৰ (পশ্চিমীয়া দেশসমূহৰ) কাৰণে বোমাও তৈয়াৰ হৈ আছে, প্ৰাকৃতিক দুৰ্যোগ আদি আকৌ হৈছে ইয়াৰ কাৰণে। তাৰবাবে বহুত সাহস লাগে। অংগদৰো উদাহৰণ আছে নহয়, তেওঁক কোনেও লৰাব (বিচলিত কৰিব) নোৱাৰিলে। এইটো অৱস্থা দৃঢ় কৰিব লাগে - মই আত্মা হওঁ, তেতিয়া শৰীৰৰ বোধ আঁতৰি গৈ থাকিব। সত্যযুগততো যেতিয়া আপোনাআপুনি (অটমেটিকেলি) সময় পূৰা হয় তেতিয়া সাক্ষাৎকাৰ হয়। এতিয়া মই এই শৰীৰ এৰি গৈ শিশু হ'ম। এটা শৰীৰ এৰি অন্য এটাত প্ৰৱেশ কৰে, শাস্তি আদিতো তাত একো নাই। দিনে-প্ৰতিদিনে তোমালোক সমীপত আহি থাকিবা। পিতাই কয় মোৰ মাজত যি ভূমিকা সমাহিত হৈ আছে সেয়া মুকলি হৈ গৈ থাকিব। সন্তানসকলক কৈ গৈ থাকিম। আকৌ পিতাৰ ভূমিকা পূৰ্ণ হলে তেতিয়া তোমালোকৰো পূৰ্ণ হৈ যাব। তেতিয়া তোমালোকৰ সত্যযুগৰ ভূমিকা আৰম্ভ হ'ব। এতিয়া তোমালোকে নিজৰ ৰাজ্য ল'ব লাগে, এইখন নাটক বহুত যুক্তিৰে ৰচি থোৱা আছে। তোমালোক মায়াৰ ওপৰত বিজয় প্ৰাপ্ত কৰা, ইয়াৰ বাবেতো সময় লাগে। তেওঁলোকেতো এফালে ভাবে যে আমি স্বৰ্গত বহি আছোঁ, এয়া সুখধাম হৈ গ'ল, অন্যফালে আকৌ গীততো ভাৰতৰ অৱস্থা শুনায়। তোমালোকে জানা যে এয়াতো আৰুহে তমোপ্ৰধান হৈ পৰিল। নাটক অনুসৰি তমোপ্ৰধানো শীঘ্ৰতাৰে হৈ গৈ থাকে। তোমালোক এতিয়া সতোপ্ৰধান হৈ গৈ আছা। এতিয়া সমীপত আহি আছা, সদৌশেষত বিজয়তো তোমালোকৰ হ'বই। হাহাকাৰৰ পাচত পুনৰ জয়জয়কাৰ হ'ব। ঘিউৰ নদী ব'ব। তাত ঘিউ আদি কিনিবলগীয়া নহয়। সকলোৰে ওচৰত নিজৰ অতি উত্তম (ফাৰ্ষ্টক্লাচ) গাই গৰু থাকে। তোমালোক কিমান উচ্চ হৈ যোৱা। তোমালোকে জানা যে বিশ্বৰ ইতিহাস-ভূগোল (ৱৰ্ল্ডৰ হিষ্ট্ৰী-জিওগ্ৰাফী) আকৌ পুনৰাবৃত্তি (ৰিপিট) হয়। পিতা আহি বিশ্বৰ ইতিহাস-ভূগোল পুনৰাবৃত্তি কৰে, সেয়েহে বাবাই কৈছিল - এইটোও লিখি দিয়া যে বিশ্বৰ ইতিহাস-ভূগোল কেনেকৈ পুনৰাবৃত্তি হয়, সেয়া আহি বুজি লোৱা। যিসকল বুদ্ধিমান (চেঞ্চীবল) হ'ব তেওঁলোকে ক'ব এতিয়া লৌহ যুগ (আইৰণ এজ)) হয় তেন্তে নিশ্চয় সোণালী যুগৰ (গল্ডেন এজৰ) পুনৰাবৃত্তি হ'ব। কোনোৱেতো ক'ব সৃষ্টিৰ চক্ৰ লাখ লাখ বছৰৰ হয়, এতিয়া কেনেকৈ পুনৰাবৃত্তি হ'ব। ইয়াত সূৰ্যবংশী-চন্দ্ৰবংশীৰ ইতিহাসতো নাই। অন্তিমলৈকে এই চক্ৰ কেনেকৈ পুনৰাবৃত্তি হয়। সেইটোও নাজানে যে এওঁলোকৰ ৰাজ্য পুনৰ কেতিয়া হ'ব। ৰাম ৰাজ্যক নাজানে। এতিয়া তোমালোকৰ লগত পিতা আছে। যিফালে সাক্ষাৎ পৰমপিতা পৰমাত্মা পিতা আছে তেওঁলোকৰ নিশ্চয় বিজয় হ'ব। পিতাই কোনোধৰণৰ হিংসা কৰাব জানো। কাৰোবাক মৰাতো হিংসা নহয় জানো। সকলোতকৈ ডাঙৰ হিংসা হৈছে কাম-কটাৰী চলোৱাতো। এতিয়া তোমালোক দ্বৈত অহিংসক হৈ গৈ আছা। তাত হয়েই অহিংসা পৰম দেৱী-দেৱতা ধৰ্ম। তাত কাজিয়াও নকৰে আৰু বিকাৰতো নাযায়। এতিয়া তোমালোকৰ হৈছে যোগবল, কিন্তু ইয়াক নুবুজাৰ কাৰণে শাস্ত্ৰবোৰত অসুৰ আৰু দেৱতাসকলৰ যুদ্ধ বুলি লিখি দিলে, অহিংসাক কোনেও নাজানে। এয়া তোমালোকেহে জানা। তোমালোক হৈছা গুপ্ত যোদ্ধা। অজ্ঞাত কিন্তু বহুত সুপৰিচিত (আননন বাট ভেৰী ৱেলনন)। তোমালোকক কোনোবাই যোদ্ধা (ৱাৰিয়ৰ্চ) বুলি ভাবিব জানো? তোমালোকৰ দ্বাৰা সকলোৱে মনমনাভৱৰ বাৰ্তা পাব। এয়া হৈছে মহামন্ত্ৰ। মনুষ্যই এই কথাবোৰ বুজি নাপায়। সত্যযুগ ত্ৰেতাত এইবোৰ নহয়। মন্ত্ৰৰ দ্বাৰা তোমালোকে ৰাজ্যভাগ্য পোৱাৰ পাচত তাৰ দৰকাৰ নাথাকে। তোমালোকে জানা যে আমি কেনেকৈ চক্ৰ পৰিক্ৰমা কৰি আহিছোঁ। এতিয়া পুনৰ পিতাই মহামন্ত্ৰ দিয়ে। পুনৰ আধাকল্প ৰাজত্ব কৰিবা। এতিয়া তোমালোকে দৈৱী গুণ ধাৰণ কৰিব আৰু কৰাব লাগে। বাবাই ৰায় দিয়ে - নিজৰ খতিয়ানৰ তালিকা (চাৰ্ট) ৰাখিলে বহুত মজা (আনন্দ) পাবা। বিৱৰণী বহীত (ৰেজিষ্টাৰত) ভাল, তাতোকৈ ভাল, আটাইতকৈ ভাল (গুড্, বেটাৰ, বেষ্ট) এনেকৈ থাকে নহয়। নিজেও অনুভৱ (ফীল) কৰে। কোনোবাই ভালদৰে পঢ়ে, কোনোবাই মনোযোগ নিদিলে তেতিয়া অনুত্তীৰ্ণ (ফেইল) হৈ যায়। এয়া আকৌ হৈছে বেহদৰ (অসীমৰ) পঢ়া। পিতা শিক্ষকো হয়, গুৰুও হয়। একেলগে চলে। এয়া এজনেই পিতা হয় যিজনে কয় জীৱন্তে মৃত হোৱা। তোমালোকে নিজক আত্মা বুলি বুজি পিতাক স্মৰণ কৰা। পিতাই কয় - মই তোমালোকৰ পিতা হওঁ। ব্ৰহ্মাৰ দ্বাৰা ৰাজ্য দিওঁ। এওঁ (ব্ৰহ্মা) মাজত দালাল (মধ্যস্থতাকাৰী) হৈ গ'ল, এওঁৰ লগত যোগসূত্ৰ গঢ়িব নালাগে। এতিয়া তোমালোকৰ বুদ্ধি সংযোগ হৈছে সেইজন নিজৰ স্বামীৰো স্বামী শিৱ প্ৰেমিকৰ সৈতে। এওঁৰ (ব্ৰহ্মাৰ) দ্বাৰা তেওঁ তোমালোকক নিজৰ কৰি লয়। তেওঁ কয় - নিজক আত্মা বুলি বুজি মোক স্মৰণ কৰা। আমি আত্মাই ভূমিকা সম্পূৰ্ণ কৰিলোঁ এতিয়া পিতাৰ ওচৰত ঘৰলৈ যাব লাগে। এতিয়াতো গোটেই সৃষ্টি তমোপ্ৰধান। 5 তত্বও তমোপ্ৰধান। তাত সকলোবোৰ নতুন হ'ব। ইয়াততো চোৱা হীৰা-মুকুতা আদি একোৱেই নাই। সত্যযুগত আকৌ ক'ৰ পৰা আহে? খনিসমূহ যিবোৰ এতিয়া খালী হৈ গ'ল সেই সকলোবোৰ পুনৰ এতিয়া ভৰপূৰ হৈ যায়। খনিসমূহৰ পৰা খান্দি লৈ আনে। বিচাৰ কৰা সকলোবোৰ নতুন বস্তু হ'ব নহয়। লাইট আদিও যেন প্ৰাকৃতিক ৰূপত থাকে, বিজ্ঞানৰ পৰা ইয়াত শিকি থাকে। তাত এইবোৰো কামত আহে। বায়ুযান (হেলিকপ্টাৰ) ঠিয় হৈ থাকিব, বুটাম (শ্বুইটচ) টিপিলে গতি কৰিব। কোনো কষ্ট নাই। তাত সকলোবোৰ সম্পূৰ্ণ নিৰাপদ (ফুলপ্ৰুফ) হয়, কেতিয়াও মেচিন আদি বেয়া হ'ব নোৱাৰে। ঘৰত বহিয়েই চেকেণ্ডত স্কুলত বা ঘূৰিব-ফুৰিবলৈ উপস্থিত হৈ যায়। প্ৰজাৰ কাৰণে তাতকৈ কম হ'ব। তোমালোকৰ কাৰণে তাত সকলো সুখ থাকে। অকাল মৃত্যু হ'ব নোৱাৰে। গতিকে তোমালোক সন্তানসকলে কিমান মনোযোগ দিব লাগে। মায়াৰো বহুত শক্তি আছে। এয়া হৈছে মায়াৰ অন্তিম পাম্প (উচতনি, প্ৰলোভন)। যুদ্ধত চোৱা কিমান মৰে। যুদ্ধ বন্ধ নহয়েই। ক'ত ইমান বিশাল সৃষ্টি, ক'ত কেৱল এখনেই স্বৰ্গ হ'ব। তাত এনেকৈ ক'ব জানো যে গংগা পতিত-পাৱনী হয়। তাত ভক্তি মাৰ্গৰ কোনো কথাই নাই। ইয়াত গংগাত চোৱা গোটেই চহৰৰ আৱৰ্জনা পৰি থাকে। ব'ম্বেৰ (মুম্বাইৰ) গোটেই আৱৰ্জনা সাগৰলৈ বৈ যায়।

ভক্তিত তোমালোকে ডাঙৰ ডাঙৰ মন্দিৰ নিৰ্মাণ কৰা। হীৰা-মুকুতাৰতো সুখ থাকে নহয়। তিনি চতুৰ্থাংশ সুখ, বাকী এক চতুৰ্থাংশ দুখ। আধা আধা হলেতো তেতিয়া মজাই নাথাকিব। ভক্তি মাৰ্গতো তোমালোক বহুত সুখী হৈ থাকা। পাচত মন্দিৰ আদি আহি লুটি নিয়ে। সত্যযুগত তোমালোক কিমান চহকী আছিলা গতিকে তোমালোক সন্তানসকল বহুত আনন্দিত হ'ব লাগে। লক্ষ্য-উদ্দেশ্যতো (এইম-অবজেক্টতো) সন্মুখত ঠিয় হৈ আছে। মা-পিতাৰতো নিশ্চিত (চাৰ্টেন) হয়। গায়ন কৰা হয় যে আনন্দৰ সমান পথ্য নাই। যোগৰ দ্বাৰা আয়ুস বৃদ্ধি হয়।

এতিয়া আত্মাৰ স্বৰ (প্ৰকৃত স্বৰূপৰ) দৰ্শন হৈছে যে মই (আত্মাই) 84 ৰ চক্ৰ পৰিক্ৰমা কৰোঁ। ইমান ভূমিকা পালন কৰোঁ। সকলো আত্মা ভাৱৰীয়া (এক্টৰ্চ) তললৈ আহি যাব তেতিয়া পিতাই সকলোকে লৈ যাব। শিৱৰ বৰযাত্ৰী বুলি কয় নহয়। এই সকলোবোৰ তোমালোকে পুৰুষাৰ্থৰ ক্ৰম অনুসৰি জানা। তোমালোক যিমান স্মৃতিত থাকিবা সিমান আনন্দত থাকিবা। দিনে-প্ৰতিদিনে অনুভৱ কৰি থাকিবা, কিয়নো শিকাওঁতাজনতো সেইজন পিতা হয় নহয় জানো। এয়াও শিকাই থাকে। এওঁক (ব্ৰহ্মাক) সোধাৰ দৰকাৰ নাথাকে। সোধাতো তোমালোকে। এওঁতো শুনেই। পিতাই সহাঁৰি (ৰেচপণ্ড) জনায় আৰু এৱোঁ শুনে, এওঁৰ কৰ্মকাণ্ড (এক্টিভিটি) কিমান বিস্ময়কৰ (ৱণ্ডাৰফুল)। এৱোঁ স্মৃতিত থাকে। পাচত সন্তানসকলক বৰ্ণনা কৰি শুনায়। বাবাই আমাক খুয়ায়। মই তেওঁক (শিৱবাবাক) নিজৰ ৰথ (শৰীৰ) দিওঁ, আৰোহী হয় তেন্তে কিয় নুখুৱাব। এয়া হৈছে মানৱ ঘোঁৰা (হিউমেন অশ্ব)। শিৱবাবাৰ ৰথ হওঁ - এইটো খেয়াল থাকিলেও শিৱবাবাৰ স্মৃতি থাকিব। স্মৃতিতেই লাভ হয়। ৰন্ধনশালত ভোজন ৰান্ধিলে তেতিয়াও বুজিবা যে আমি শিৱবাবাৰ সন্তানসকলৰ কাৰণে ৰান্ধো। আমি নিজেও শিৱবাবাৰ সন্তান হওঁ গতিকে এনেকৈ স্মৰণ কৰিলেও লাভেই হয়। সকলোতকৈ উচ্চ পদ তেওঁলোকে প্ৰাপ্ত কৰিব যিসকল স্মৃতিত থাকি কৰ্মাতীত অৱস্থাত উপনীত হয় আৰু সেৱাও কৰে। এই বাবায়ো (ব্ৰহ্মা বাবায়ো) বহুত সেৱা কৰে নহয়। এওঁৰ বেহদৰ সেৱা হয়, তোমালোকে হদৰ (সীমিত) সেৱা কৰা। সেৱাৰ দ্বাৰাহে এৱো পদ প্ৰাপ্ত কৰে। শিৱবাবাই কয় এনেকৈ এনেকৈ কৰা, এওঁকো (ব্ৰহ্মা বাবাকো) ৰায় দিয়ে। ধুমুহাতো সন্তানসকলৰ আগত আহে, স্মৃতিৰ অবিহনে কৰ্মেন্দ্ৰিয়সমূহ বশ কৰাতো কঠিন। স্মৃতিৰ দ্বাৰাহে বৈতৰণী পাৰ হ'ব লাগিব, এয়া শিৱবাবাই কয় নে ব্ৰহ্মাবাবাই কয়, এইটো বুজি পোৱাটোও কঠিন হৈ পৰে। এই ক্ষেত্ৰত অতি সূক্ষ্ম বুদ্ধিৰ প্ৰয়োজন। ভালবাৰু।

অতি মৰমৰ, কল্পৰ পাচত পুনৰাই লগ পোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু গুডমৰ্ণিং। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।

ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) এই সময়ত সম্পূৰ্ণ ৰূপে জীৱন্তে মৃত হব লাগে। পঢ়া ভালদৰে পঢ়িব লাগে, নিজৰ খতিয়ানৰ তালিকা (চাৰ্ট) বা বহী (ৰেজিষ্টাৰ) ৰাখিব লাগে। স্মৃতিত থাকি নিজৰ কৰ্মাতীত অৱস্থা গঢ়ি তুলিব লাগে।

(2) অন্তিম বিনাশৰ দৃশ্য (চিন) প্ৰত্যক্ষ কৰিবৰ বাবে সাহসী হ'ব লাগে। মই আত্মা হওঁ - এইটো অভ্যাসেৰে শৰীৰৰ বোধ আঁতৰাব লাগে।

বৰদান:
যিকোনো বিকট সমস্যাক শীতল কৰি তোলোঁতা সম্পূৰ্ণ নিশ্চয়বুদ্ধিৰ হোৱা

যিদৰে পিতাৰ প্ৰতি নিশ্চয় (দৃঢ় বিশ্বাস) আছে তেনেদৰে নিজৰ প্ৰতি আৰু নাটকৰ প্ৰতিও সম্পূৰ্ণ নিশ্চয় থাকিব লাগে। নিজৰ মাজত যদি দুৰ্বলতাৰ সংকল্প উৎপন্ন হয় তেন্তে দুৰ্বলতাৰ সংস্কাৰ গঢ় লৈ উঠে, সেয়েহে ব্যৰ্থ সংকল্প ৰূপী দুৰ্বলতাৰ বীজাণু (জাৰ্মচ) নিজৰ ভিতৰত প্ৰৱেশ কৰিবলৈ নিদিবা। লগতে নাটকৰ যিবোৰ দৃশ্য প্ৰত্যক্ষ কৰা, অস্থিৰতাৰ দৃশ্যতো কল্যাণৰ অনুভৱ হওঁক, বায়ুমণ্ডল অস্থিৰ কৰাওঁতা হওঁক, সমস্যা বিকট হওঁক কিন্তু সদায় নিশ্চয়বুদ্ধিৰ বিজয়ী হোৱা তেতিয়া বিকট সমস্যাও শীতল হৈ যাব।

স্লোগান:
যাৰ পিতা আৰু সেৱাৰ প্ৰতি স্নেহ আছে তেওঁ পৰিয়ালৰ স্নেহ স্বতঃ প্ৰাপ্ত কৰে।