03.10.20       Morning Assame Murli        Om Shanti      BapDada       Madhuban


"মৰমৰ সন্তানসকল আত্মা ৰূপী বেটাৰি 84 মটৰত (গাড়ীত) যোৱাৰ বাবে নিষ্প্ৰভ (ডাল) হৈ গৈছে, এতিয়া ইয়াক স্মৃতিৰ যাত্ৰাৰে ভৰপূৰ কৰা

প্ৰশ্ন:
বাবাই কোনসকল সন্তানক বহুত বহুত ভাগ্যশালী বুলি ভাবে?

উত্তৰ:
যাৰ কোনো জঞ্জাল নাই, যিসকল বন্ধন মুক্ত, এনেকুৱা সন্তানসকলক বাবাই কয় তোমালোক বহুত বহুত ভাগ্যশালী হোৱা, তোমালোকে স্মৃতিত থাকি নিজৰ বেটাৰি সম্পূৰ্ণকৈ শক্তিৰে ভৰপূৰ (ফুল চার্জ) কৰিব পাৰা। যদিহে যোগ নাই কেৱল জ্ঞানহে শুনায় তেন্তে বাণে আঘাত নকৰিব (শুনোৱা জ্ঞানে প্ৰভাৱ নেপেলাব)। লাগিলে কোনোবাই যিমানেই চমক লগাই নিজৰ অনুভৱ নুশুনাওক কিয় যদিহে নিজৰ ধাৰণা নাই তেন্তে অন্তৰ দহি থাকিব।

ওঁম্শান্তি।
অতি মৰমৰ আত্মিক সন্তানসকলৰ প্ৰতি আত্মিক পিতাই বুজায়। আত্মাৰ পিতাৰ নাম কি? শিৱবাবা। তেওঁ হয়েই ভগৱান, বেহদৰ পিতা। মনুষ্যক কেতিয়াও বেহদৰ পিতা অথবা ঈশ্বৰ বা ভগৱান বুলি কোৱা নহয়। যদিও বহুতৰে নাম শিৱ ৰাখে কিন্তু সেই সকলোবোৰ দেহধাৰী সেয়েহে তেওঁলোকক ভগৱান বুলি কব নোৱাৰি। ইয়াত পিতাই বহি সন্তানসকলক বুজায়। মই যিটো শৰীৰত প্ৰৱেশ কৰিছোঁ, তেওঁৰ এইটো বহুত জন্মৰ অন্তিম জন্ম। তোমালোক সন্তানসকলক বহুতে সোধে - তোমালোকে এওঁক (ব্ৰহ্মা বাবাক) ভগৱান বুলি কিয় কোৱা? পিতাই প্ৰথমতেই বুজায় - কোনো স্থূল বা সূক্ষ্ম দেহধাৰীক ভগৱান বুলি কোৱা নহয়। সূক্ষ্ম দেহধাৰী সূক্ষ্মবতনবাসীয়েই হল। তেওঁলোকক দেৱতা বুলি কোৱা হয়। উচ্চতকৈও উচ্চ হয়েই ভগৱান, পৰমপিতা। উচ্চতকৈও উচ্চ নাম, উচ্চ তেওঁৰ গাওঁ (থকা স্থান)। পিতাই সকলো আত্মা সহিতে তাত নিবাস কৰে। বৈঠকো উচ্চ। বাস্তৱত কোনো বহাৰ স্থান নহয়। যিদৰে তৰাবিলাক কৰবাত বহি আছে জানো? থিয় হৈ আছে নহয়নে। তোমালোক আত্মাসকলো নিজৰ শক্তিৰে তাত থিয় হৈ আছা। শক্তি এনেকুৱা পোৱা যে তাত গৈ থিয় হোৱা। পিতাৰ নামেই হৈছে সৰ্বশক্তিমান, তেওঁৰ পৰা শক্তি পোৱা যায়। আত্মাই তেওঁক স্মৰণ কৰে, বেটাৰি শক্তিৰে ভৰপূৰ হয়। যিদৰে মটৰত (গাড়ীত) বেটাৰি থাকে, তাৰ শক্তিৰ দ্বাৰাই মটৰ চলে। বেটাৰিত শক্তি (কাৰেণ্ট) জমা হৈ থাকে আকৌ চলোঁতে চলোঁতে খালী হৈ যায় তেতিয়া বেটাৰি মুখ্য শক্তিপুঞ্জৰ (মেইন পাৱাৰৰ) পৰা শক্তিৰে ভৰপূৰ কৰি মটৰত লগায়। সেয়া হ'ল হদৰ কথা। এয়া হ'ল বেহদৰ কথা। তোমালোকৰ বেটাৰিতো 5 হাজাৰ বছৰ চলে। চলি চলি আকৌ নিষ্প্ৰভ হৈ যায়। গম পোৱা যায়- একেবাৰে শেষ হৈ নাযায়, অলপ নহয় অলপ থাকে। যিদৰে টৰ্ছত পোহৰ স্তিমিত হৈ যায় নহয়। আত্মাতো হয়েই এই শৰীৰৰ বেটাৰি। এই বেটাৰিও স্তিমিত হৈ যায়। বেটাৰি এই শৰীৰৰ পৰা ওলায়ো যায় আকৌ দ্বিতীয়, তৃতীয় মটৰত লগোৱা হয়। 84 মটৰত লগোৱা হয় সেয়েহে এতিয়া পিতাই কয় তোমালোক কিমান নিৰ্বোধ পাথৰ বুদ্ধিৰ হৈ গৈছা। এতিয়া পুনৰ নিজৰ বেটাৰি ভৰপূৰ কৰা। পিতাৰ স্মৃতিৰ বাহিৰে আত্মা কেতিয়াও পবিত্ৰ হ'ব নোৱাৰে। এজনেই সৰ্বশক্তিমান পিতা, যাৰ সৈতে যোগসূত্ৰ গঢ়িব লাগে। পিতাই নিজেই নিজৰ পৰিচয় দিয়ে যে মই কি হওঁ, কেনেকুৱা হওঁ। কেনেকৈ তোমালোকৰ আত্মাৰ বেটাৰি নিষ্প্ৰভ হৈ যায়। এতিয়া তোমালোকক ৰায় দিওঁ মোক স্মৰণ কৰা তেতিয়া বেটাৰি সতোপ্ৰধান উত্তম হৈ যাব। আত্মা পবিত্ৰ হ'লে 24 কেৰেট হৈ যায়। এতিয়া তোমালোক খাদ মিশ্ৰিত হৈ গৈছা। শক্তি একেবাৰে নোহোৱা হৈ গৈছে। সেই শোভা নাই। এতিয়া পিতাই তোমালোক সন্তানসকলক বুজায় সন্তানসকল, মুখ্য কথা হ'ল যোগত থকা, পবিত্ৰ হোৱা। নহ'লে বেটাৰি ভৰপূৰ নহ'ব। যোগ নালাগিব। যদিও ককৰেল জ্ঞানী (কুকুৰা চৰাইৰ দৰে ডাক দি আনক জগায় কিন্তু নিজে শুই যায় অৰ্থাৎ যিয়ে নিজে ধাৰণ নকৰে কেৱল আনক জ্ঞান শুনাই থাকে) বহুত আছে। জ্ঞান যদিও শুনায় কিন্তু সেই অৱস্থা নাই। ইয়াত বহুত চমক লগাই অনুভৱ শুনায়। ভিতৰি দহি থাকে। মই যি বৰ্ণনা কৰোঁ এনেকুৱা অৱস্থাতো মোৰ হোৱা নাই। কোনো কোনো আকৌ যোগী আত্মা সন্তানো আছে। পিতাইতো সন্তানসকলৰ বহুত মহিমা কৰে। পিতাই কয় - সন্তানসকল, তোমালোক বহুত বহুত ভাগ্যশালী হোৱা। তোমালোকৰ ইমান জঞ্জাল নাই। যাৰ সন্তান বেছি তেওঁলোকৰ বন্ধনো থাকে। বাবাৰ কিমান অনেক সন্তান আছে। সকলোৰে তত্ত্বাৱধান লবলগীয়া হয়। বাবায়ো (ব্ৰহ্মা বাবায়ো) স্মৰণ কৰিব লাগে। প্ৰেমিকৰ স্মৃতিতো একেবাৰে দৃঢ় হোৱা উচিত। ভক্তি মাৰ্গত তোমালোকে পিতাক কিমান স্মৰণ কৰি আহিছা- হে ভগৱান, পূজাওঁ প্ৰথমতে তেওঁৰে কৰা। প্ৰথমতে নিৰাকাৰ ভগৱানৰেই পূজা কৰে। এনেকুৱা নহয় যে সেই সময়ত তোমালোক আত্মা-অভিমানী হোৱা। আত্মা-অভিমানীয়ে জানো পূজা কৰিব।

পিতাই বুজায় প্ৰথমে যেতিয়া ভক্তি আৰম্ভ হয় তেতিয়া প্ৰথমে এজন পিতাক পূজা কৰে। এজন শিৱৰে পূজা কৰে। যেনেকুৱা ৰজা-ৰাণী তেনেকুৱা প্ৰজা। উচ্চতকৈও উচ্চ হয়েই ভগৱান, তেওঁকহে স্মৰণ কৰিব লাগে। বাকী যিসকল তলত আছে - ব্ৰহ্মা-বিষ্ণু-শংকৰকো স্মৰণ কৰাৰ প্ৰয়োজন নাই। উচ্চতকৈও উচ্চ পিতাকহে স্মৰণ কৰিব লাগে। কিন্তু নাটকৰ ভূমিকা এনেকুৱা যে তোমালোক অৱনমিত হবলৈ বান্ধ খাই আছা। পিতাই বুজায় - তোমালোক কেনেকৈ অৱনমিত হোৱা। পিতাই প্ৰতিটো কথা আদিৰ পৰা অন্তলৈকে ওপৰৰ পৰা তললৈকে বুজায়। ভক্তিও প্ৰথমে সতোপ্ৰধান পাচত সতো-ৰজো-তমো হয়। এতিয়া তোমালোক পুনৰ সতোপ্ৰধান হৈ আছা, ইয়াতেই পৰিশ্ৰম হয়। পবিত্ৰ হ'ব লাগে। নিজকে চাব লাগে, মায়াই কৰবাত প্ৰবঞ্চনাতো নকৰে? মোৰ আসুৰিক দৃষ্টিতো নাযায়? কোনো পাপৰ খেয়ালতো নাহে? গায়ন আছে প্ৰজাপিতা ব্ৰহ্মা গতিকে তেওঁৰ সন্তানসকল ব্ৰাহ্মণ-ব্ৰাহ্মণীসকল ভাই-ভনী নহল জানো। ইয়াৰ ব্ৰাহ্মণসকলেও নিজকে ব্ৰহ্মাৰ সন্তান বুলি কয়। তোমালোকো ব্ৰাহ্মণ ভাই-ভনী হলা নহয়নে। তেন্তে বিকাৰী দৃষ্টি কিয় যায়। ব্ৰাহ্মণসকলক তোমালোকে যথা ৰীতিৰে দৃষ্টি দিব পাৰা। এতিয়া তোমালোক সন্তানসকলেহে জানা যে ব্ৰহ্মাৰ সন্তান ব্ৰাহ্মণ-ব্ৰাহ্মণী হৈ আকৌ দেৱতা হয়। এনেকৈ কয়ো যে পিতা আহি ব্রাহ্মণ দেৱী-দেৱতাৰ ধৰ্ম প্ৰতিষ্ঠা কৰে। এয়া বোধশক্তিৰ কথা নহয় জানো। আমি ব্ৰহ্মাৰ সন্তান ভাই-ভনী হৈ গলোঁ গতিকে কুদৃষ্টি কেতিয়াও যাব নালাগে। তাক ৰোধ কৰিব লাগে। এৱোঁ মোৰ মৰমৰ ভনী হয়। সেই মৰম থকা উচিত। যিদৰে তেজৰ সম্পৰ্কত মৰম থাকে, সেয়া সলনি হৈ আত্মিক হৈ যাব লাগে। ইয়াতেই বহুত বহুত পৰিশ্ৰম হয়। হওতে সহজ স্মৃতি। নিজকে আত্মা বুলি বুজি পিতাক স্মৰণ কৰিব লাগে। বিকাৰৰ দৃষ্টি ৰাখিব নোৱাৰে। বাবাই বুজাইছে- এই দুচকু বহুত প্ৰবঞ্চনা কৰোঁতা হয়, ইয়াক সলনি কৰিব লাগে। আমি আত্মা হওঁ। এতিয়াতো আমি শিৱবাবাৰ সন্তান হওঁ। তুলি লোৱা ভাই-ভনী হওঁ। আমি নিজকে বি.কে. বুলি কওঁ। চলনত পাৰ্থক্যতো থাকে নহয় জানো। শিক্ষকৰ কাম হ'ল শ্ৰেণীত সকলোকে সোধা- তোমালোকে বুজা নে আমাৰ ভাই-ভনীৰ দৃষ্টি থাকে নে কিছু চঞ্চলতা আহে? সঁচা পিতাৰ আগত সঁচা নকলে, মিছাকৈ কলে তেতিয়া বহুত দণ্ড হৈ যাব। আদালতত (কৰ্টত) শপত খুৱায় নহয়। সঁচা ঈশ্বৰ পিতাৰ আগত সঁচা কম। সঁচা পিতাৰ সন্তানো সঁচা হ'ব। পিতা সত্য (ট্ৰুথ্‌) হয় নহয় জানো। তেওঁ সত্য কথাই কয়। বাকী সকলো হ'ল মনে সজা কাহিনী। নিজকে শ্রী শ্ৰী 108 বুলি কয়। বাস্তৱত এয়াতো মালা হয় নহয় জানো যাক স্মৰণ কৰে। এইটোও নাজানে যে আমি কিয় স্মৰণ কৰোঁ। বৌদ্ধিসকলৰো মালা থাকে, খ্ৰীষ্টানসকলৰো মালা থাকে। প্ৰত্যেকে নিজৰ মতে মালা ঘূৰায়। তোমালোক সন্তানসকলে এতিয়া জ্ঞান পাইছা। কোৱা, 108 যি মালা আছে তাৰ ওপৰত থকা ফুলতো হৈছে নিৰাকাৰ। তেওঁকেই সকলোৱে স্মৰণ কৰে। তেওঁৰ স্মৃতিৰেই আমি স্বৰ্গৰ পাটৰাণী অৰ্থাৎ মহাৰাণী হওঁ। নৰৰ পৰা নাৰায়ণ, নাৰীৰ পৰা লক্ষ্মী হোৱা - এয়া হ'ল সূৰ্যবংশী মখমলৰ (অতি সুন্দৰ) পাটৰাণী হোৱা পাচলৈ খাদীৰ হৈ যায়। গতিকে এনেকুৱা সাৰ কথাবোৰ (পইণ্টবোৰ) বুদ্ধিত ৰাখি আকৌ বুজাব লাগে। তেতিয়া তোমালোকৰ নাম বহুত প্ৰসিদ্ধ হৈ যাব। কথা কোৱাত সিংহী হোৱা। তোমালোক শিৱ শক্তি সেনা হোৱা নহয় জানো। অনেক প্ৰকাৰৰ সেনা আছে। তালৈ গৈয়ো তোমালোকে চোৱা কি শিকায়। লাখ লাখ মনুষ্য যায়। বাবাই বুজায় - আসুৰিক দৃষ্টি বহুত প্ৰবঞ্চনা কৰোঁতা হয়। নিজৰ অৱস্থাৰ বৰ্ণনা কৰিব লাগে। অনুভৱ শুনাব লাগে - আমি ঘৰত কেনেকৈ থাকোঁ? অৱস্থাৰ ওপৰত কি প্ৰভাৱ পৰে? দিনলিপি (ডায়েৰী) ৰাখা - কিমান সময় এই অৱস্থাত থাকোঁ? পিতাই বুজায় শক্তিশালীজনৰ লগত মায়ায়ো শক্তিশালী হৈ যুদ্ধ কৰে। যুদ্ধক্ষেত্ৰ নহয় জানো। মায়া বৰ বলবান। মায়া অৰ্থাৎ 5 বিকাৰ। ধনক সম্পত্তি বুলি কোৱা হয়, যাৰ ওচৰত অধিক সম্পত্তি থাকে, অজামিলো তেওঁই অধিক হয়।

পিতাই কয় - প্ৰথমতে তোমালোকে বেশ্যাসকলকতো ৰক্ষা কৰা। তেতিয়া তেওঁলোকে নিজৰ সন্থা (এছচিয়েচন) গঠন কৰিব। আমিতো পিতাৰ পৰা উত্তৰাধিকাৰ লব লাগে। পিতাই কয় - মই তোমালোকক শিৱালয়ৰ মালিক কৰি তুলিবলৈ আহিছোঁ। এয়া অন্তিম জন্ম। বেশ্যাসকলক বুজাব লাগে- তোমালোকৰ নামৰ কাৰণে ভাৰতৰ ইমান সন্মান হানি হল। এতিয়া পিতা আহিছে শিৱালয়লৈ লৈ যাবলৈ। আমি শ্রীমত অনুসৰি তোমালোকৰ ওচৰলৈ আহিছোঁ। এতিয়া তোমালোক বিশ্বৰ মালিক হৈ যোৱা। আমাৰ দৰে ভাৰতৰ নাম প্ৰসিদ্ধ কৰা। আমিও পিতাক স্মৰণ কৰি পবিত্ৰ হৈ আছোঁ। তোমালোকেও এই এটা জন্ম ছিঃ ছিঃ কাম এৰি দিয়া। দয়াতো কৰিব লাগে নহয় জানো। তেতিয়া তোমালোকৰ নাম বহুত প্ৰসিদ্ধ হৈ যাব। কব এওঁলোকৰতো এনেকুৱা শক্তি আছে যে ইমান লেতেৰা ধান্দাৰ পৰা এৰুৱাই দিলে। সকলোৰে সন্থা আছে। তোমালোকে নিজৰ সন্থা গঠন কৰি চৰকাৰৰ পৰা যি সহায় বিচৰা লব পাৰা। গতিকে এতিয়া এনেকুৱা ছিঃ ছিঃ যিয়ে ভাৰতৰ নাম বদনাম কৰিছে, তেওঁলোকৰ সেৱা কৰা। তোমালোকৰো সন্থা (ইউনিয়ন) বহুত দৃঢ় হ'ব লাগে। যাতে 10-12 গৰাকীয়ে পৰস্পৰ মিলি বুজাবলৈ যায়। মাতাসকলো ভাল হ'ব লাগে। কোনো নতুন যুগল হলে, কোৱা আমি পবিত্ৰ হৈ থাকোঁ। পবিত্ৰ হৈ থাকিলেহে বিশ্বৰ মালিক হয়। তেন্তে কিয়নো পবিত্ৰ নহ'ম। সকলোৱে একগোট হৈ যাব লাগে। গৈ বহুত নম্ৰতাৰে কোৱা, আমি আপোনালোকক পৰমপিতা পৰমাত্মাৰ বাৰ্তা দিবলৈ আহিছোঁ। এতিয়া বিনাশ সমাগত। পিতাই কয় - মই সকলোকে উদ্ধাৰ কৰিবলৈ আহিছোঁ। তোমালোকো এই এটা জন্ম বিকাৰত নাযাবা। তোমালোকে বুজাব পাৰা যে আমি ব্ৰহ্মাকুমাৰ-ব্ৰহ্মাকুমাৰীসকলে নিজৰেই তন-মন-ধনেৰে সেৱা কৰোঁ। আমি ভিক্ষাতো নিবিচাৰোঁ। ঈশ্বৰৰ সন্তান হওঁ। এনেকুৱা পৰিকল্পনা (প্লেন) কৰা। এনেকুৱা নহয় যে তোমালোকে সহায় কৰিব নোৱাৰা। এনেকুৱা কাম কৰা য'ত বাঃ বাঃ হয়। হাজাৰজন সহায় কৰিবলৈ ওলাই আহিব। এনেকুৱা নিজৰ সংগঠন গঢ়ি তোলা। মুখ্য মুখ্য লোকক নিৰ্বাচন কৰা, সন্মিলন (চেমিনাৰ) অনুষ্ঠিত কৰা। সন্তানৰ তত্ত্বাৱধান লওঁতাতো বহুত ওলাব পাৰে। তোমালোক ঈশ্বৰীয় সেৱাত লাগি যোৱা। এনেকুৱা বহল অন্তৰৰ হোৱা উচিত যাতে তৎক্ষণাৎ সেৱাৰ বাবে ওলাই আহে। এফালে এই সেৱা আৰু আনটো কথা গীতাৰ, এই কথাবোৰ সকলোৱে মিলি হাতত লোৱা। তোমালোকে পঢ়াই এই লক্ষ্মী-নাৰায়ণ হোৱাৰ বাবে। গতিকে ইয়াত তোমালোক সন্তানসকলৰ পৰস্পৰ মতভেদ থাকিব নালাগে। যদিহে কোনো কথা পিতাৰ পৰা লুকুৱা, সঁচা নোকোৱা তেতিয়াও নিজৰেই ক্ষতি কৰা আৰুহে এশগুণ পাপ বাঢ়ি যায়। ভাল বাৰু!

অতি মৰমৰ, কল্পৰ পাচত পুনৰাই লগ পোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।

ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) আমি মিঠা পিতাৰ সন্তান, পৰস্পৰ মিঠা ভাই-ভনী হৈ থাকিব লাগে। কেতিয়াও বিকাৰৰ দৃষ্টি থাকিব নালাগে। দৃষ্টিত কোনো চঞ্চলতা থাকিলে তেন্তে আত্মিক চাৰ্জনক সঁচা কব লাগে।

(2) পৰস্পৰ কেতিয়াও মতভেদত আহিব নালাগে। বহল অন্তৰৰ হৈ সেৱা কৰিব লাগে। নিজৰ তন-মন-ধনেৰে, বহুত নম্ৰতাৰে সেৱা কৰি সকলোকে পিতাৰ পৰিচয় (বাৰ্তা) দিব লাগে।

বৰদান:
নিজৰ শ্ৰেষ্ঠ জীৱনৰ দ্বাৰা পৰমাত্ম জ্ঞানৰ প্ৰত্যক্ষ প্ৰমাণ (প্ৰুফ্) দিওঁতা মায়া অভেদ্য (প্ৰুফ) হোৱা

নিজক পৰমাত্ম জ্ঞানৰ প্ৰত্যক্ষ প্ৰমাণ বা প্ৰুফ্‌ বুলি বুজিলে মায়া অভেদ্য (প্ৰুফ্‌) হৈ যাবা। প্রত্যক্ষ প্ৰমাণ হ'ল- তোমালোকৰ শ্ৰেষ্ঠ পবিত্ৰ জীৱন। সকলোতকৈ ডাঙৰ অসম্ভৱতকৈ সম্ভৱ হ'বলগীয়া কথা প্ৰবৃত্তিত থাকিও পৰ-বৃত্তিত থকা। দেহ আৰু দেহৰ জগতৰ সম্বন্ধৰ পৰা উপৰাম (অনাসক্ত) হৈ থকা। পুৰণি শৰীৰৰ চকুৰে পুৰণি সৃষ্টিৰ বস্তুসমূহক দেখিও নোচোৱা অৰ্থাৎ সম্পূৰ্ণ পবিত্ৰ জীৱন-যাপন কৰা - এয়াই পৰমাত্মাক প্ৰত্যক্ষ কৰাৰ বা মায়া অভেদ্য হোৱাৰ সহজ সাধন।

স্লোগান:
মনোযোগ ৰূপী প্ৰহৰী ঠিকে থাকিলে অতীন্দ্ৰিয় সুখৰ খাজনা (সম্পত্তি) হেৰুৱাব নোৱাৰা।