03.10.21    Avyakt Bapdada     Assame Murli     31.03.88     Om Shanti     Madhuban


*'বাণী' আৰু 'কৰ্ম' - দুয়োটা শক্তি জমা কৰাৰ ঈশ্বৰীয় পৰিযোজনা*


আজি আত্মিক অগ্নিশিখাই (পৰমাত্মাই) নিজৰ আত্মিক চগাপোকসকলক (আত্মাসকলক) চাই আছেহঁক। চাৰিওফালৰ চগাপোকসকলে অগ্নিশিখাৰ বাবে আত্ম বলিদান দিছে অৰ্থাৎ উৎসৰ্গিত হৈ গৈছে। উৎসৰ্গিত বা আত্ম বলিদান দিওঁতা অনেক চগাপোক আছে কিন্তু উৎসৰ্গিত হোৱাৰ পাছত অগ্নিশিখাৰ স্নেহত 'অগ্নিশিখাৰ সমান' হোৱাৰ ক্ষেত্ৰত উৎসৰ্গা কৰাত ক্ৰমানুসৰি হয়। বাস্তৱত উৎসৰ্গিত হয়েই অন্তৰৰ স্নেহৰ কাৰণে। 'অন্তৰৰ স্নেহ' আৰু 'স্নেহ' - ইয়াতো পাৰ্থক্য আছে। স্নেহ সকলোৰে আছে, স্নেহৰ কাৰণে উৎসৰ্গিত হৈছে। 'অন্তৰৰ স্নেহীয়ে পিতাৰ অন্তৰৰ কথাবোৰক বা অন্তৰৰ আশাবোৰক জানেও আৰু পূৰ্ণ কৰে। অন্তৰৰ স্নেহী অন্তৰৰ আশাবোৰ পূৰ্ণ কৰোঁতা হয়। অন্তৰৰ স্নেহী অৰ্থাৎ যি পিতাৰ অন্তৰে কলে সেয়া সন্তানসকলৰ অন্তৰত সমাহিত হ'ল। আৰু যি অন্তৰত সমাহিত হ'ল সেয়া কৰ্মত স্বতঃ হ'ব। স্নেহী আত্মাসকলৰ কিছু অন্তৰত সমাহিত হয়, কিছু মগজত সমাহিত হয়। যিটো অন্তৰত সমাহিত হয় সেয়া কৰ্মত ৰূপায়িত কৰে; যিটো মগজত সমাহিত হয় তাত চিন্তন চলে যে কৰিব পাৰিম নে নোৱাৰিম, কৰিবতো লাগিব, সময়ত হৈয়েই যাব। এনেকুৱা চিন্তন চলাৰ কাৰণে চিন্তনতে সীমাৱদ্ধ হৈ থাকি যায়, কৰ্মলৈকে নাহে।

আজি বাপদাদাই চাই আছিল যে উৎসৰ্গিত হওঁতাতো সকলো হয়। যদি উৎসৰ্গিত নহ'লহেঁতেন তেন্তে ব্ৰাহ্মণ বুলি নকলেহেঁতেন। কিন্তু পিতাৰ স্নেহৰ পিছত যি পিতাই কলে সেয়া কৰিবলৈ উৎসৰ্গা কৰিবলগীয়া হয় অৰ্থাৎ মই ভাৱ, লাগিলে মই ভাৱত অভিমানেই থাকক বা দুৰ্বলতাই থাকক- দুয়োটা ত্যাগ কৰিবলগীয়া হয়, ইয়াক কোৱা হয় উৎসৰ্গা। উৎসৰ্গিত হওঁতা বহুত আছে কিন্তু উৎসৰ্গা কৰাৰ বাবে সাহসী ক্ৰমানুসৰি আছে।

আজি বাপদাদাই কেৱল এটা মাহৰ ফলাফল চাই আছিলেহঁক। এইটো বছৰত বাপদাদাই বিশেষকৈ 'পিতাৰ সমান' হোৱাৰ ভিন্ন ভিন্ন ৰূপেৰে কিমানবাৰ ইংগিত দিছে আৰু বাপদাদাৰ বিশেষ এইটোৱে অন্তৰৰ শ্ৰেষ্ঠ আশা। ইমান সম্পদ পালা, বৰদান পালা! বৰদানৰ বাবে দৌৰি দৌৰি আহিলা। পিতাও আনন্দিত হয় যে সন্তানসকল স্নেহেৰে সাক্ষাৎ কৰিবলৈ আহে, বৰদান প্ৰাপ্ত কৰি আনন্দিত হয়। কিন্তু পিতাৰ অন্তৰৰ আশা পূৰ্ণ কৰোঁতা কোন? যি পিতাই শুনালে সেয়া কৰ্মত কিমানলৈকে ৰূপায়িত কৰিলা? মন, বাণী, কৰ্ম - তিনিওটাৰে ফলাফল কিমানলৈকে ওলাইছে বুলি ভাবা? মনেৰে সম্বন্ধ-সম্পৰ্কত কিমানলৈকে শক্তিশালী হলা? কেৱল বহি নিজে নিজে মনন কৰিলা - এয়া স্ব-উন্নতিৰ বাবে বহুত ভাল আৰু কৰিবই লাগে। কিন্তু যিসকল শ্ৰেষ্ঠ আত্মাৰ শ্ৰেষ্ঠ মন অৰ্থাৎ সংকল্প শক্তিশালী হয় তেওঁলোক শুভ-ভাৱনা, শুভ-কামনাৰ ৰাখোঁতা হয়। মনৰ শক্তিৰ দৰ্পণ কি? দৰ্পণ হৈছে বাণী আৰু কৰ্ম। অজ্ঞানী আত্মাৰ ক্ষেত্ৰতে হওঁক বা জ্ঞানী আত্মাৰ ক্ষেত্ৰতেই হওঁক - দুয়োটিৰে লগত সম্বন্ধ সম্পৰ্কত বাণী আৰু কৰ্ম দৰ্পণ হয়। যদি বাণী আৰু কৰ্ম শুভ-ভাৱনা, শুভ-কামনাযুক্ত নহয় তেন্তে মনৰ শক্তিৰ প্ৰত্যক্ষ স্বৰূপ কেনেকৈ বোধগম্য হব? যাৰ মন শক্তিশালী বা শুভ, তেওঁৰ বাণী বা কৰ্ম স্বতঃ শক্তিশালী শুদ্ধ হ'ব, শুভ-ভাৱনাযুক্ত হ'ব। মনৰে শক্তিশালী অৰ্থাৎ স্মৃতিৰ শক্তিও শ্ৰেষ্ঠ হ'ব, শক্তিশালী হ'ব, সহজযোগী হ'ব। কেৱল সহজযোগীও নহয়, কিন্তু সহজ কৰ্মযোগীও হ'ব।

বাপদাদাই দেখিলে - স্মৃতিক শক্তিশালী কৰি তোলাৰ ক্ষেত্ৰত বেছিভাগ সন্তানৰে মনোযোগ আছে, স্মৃতিক সহজ আৰু নিৰন্তৰ কৰি তোলাৰ ক্ষেত্ৰত উৎসাহ-উদ্দীপনা আছে। আগবাঢ়িও আছে আৰু আগবাঢ়ি গৈয়ে থাকিব কিয়নো পিতাৰ প্ৰতি ভাল স্নেহ আছে, সেইবাবে স্মৃতিৰ প্ৰতি ভাল মনোযোগ আছে আৰু স্মৃতিৰ আধাৰ হয়েই 'স্নেহ'। পিতাৰ লগত বাৰ্তালাপ কৰাৰ ক্ষেত্ৰতো সকলো ভাল। কেতিয়াবা কেতিয়াবা অলপ কঠোৰ দৃষ্টিৰেও চায়, সেয়াও তেতিয়া যেতিয়া পৰস্পৰ অলপ ক্ষুণ্ণ হয়। তেতিয়া পিতাক অভিযোগ কৰে যে আপুনি কিয় ঠিক নকৰে? তথাপিও সেয়া স্নেহভৰা মৰমৰ চাৱনি। কিন্তু যেতিয়া সংগঠনত আহে, কৰ্মত আহে, বেপাৰত আহে, পৰিয়ালত আহে তেতিয়া সংগঠনত বচন অৰ্থাৎ বাণীৰ শক্তি এই ক্ষেত্ৰত বেছিকৈ ব্যৰ্থত যোৱা দেখিবলৈ পোৱা যায়।

বাণীৰ শক্তি ব্যৰ্থত যোৱাৰ কাৰণে বাণীত পিতাক প্ৰত্যক্ষ কৰাৰ যি ধাৰ বা শক্তি অনুভৱ কৰাব লাগে সেয়া কম হয়। কথাবাৰ্তা ভাল লাগে, সেয়া অন্য কথা। পিতাৰ কথাবোৰ যদি পুনৰাবৃত্তি কৰা তেন্তে সেয়া নিশ্চয় ভাল হ'ব। কিন্তু বাণীৰ শক্তি ব্যৰ্থত যোৱাৰ কাৰণে শক্তি জমা নহয়, সেইবাবে পিতাক প্ৰত্যক্ষ কৰাৰ আৱাজ শক্তিশালী হোৱাত এতিয়া দেৰি হৈ আছে। সাধাৰণ বাণী বেছি। 'অলৌকিক বাণী হওঁক, ফৰিস্তাৰ বাণী হওঁক'। এতিয়া এইটো বছৰত ইয়াৰ প্ৰতি মনোযোগ দিবা। যিদৰে পিতা ব্ৰহ্মাক দেখিলা - ফৰিস্তাৰ বাণী আছিল, কম বচন, মধুৰ বচন আছিল। যি বচনৰ ফল ওলায় সেয়া হৈছে যথাৰ্থ বচন আৰু যি বচনৰ কোনো ফল নাই, সেয়া হৈছে ব্যৰ্থ। বেপাৰৰেই ফল হওঁক, বেপাৰৰ বাবেও কথা ক'বলগীয়াতো হয় নহয় জানো, সেয়াও দীঘলীয়া নকৰিবা। এতিয়া শক্তি জমা কৰিব লাগে। যিদৰে 'স্মৃতিৰ' দ্বাৰা মনৰ শক্তি জমা কৰা, শান্তিত বহা তেতিয়া 'সংকল্প-শক্তি' জমা কৰা। সেইদৰে বাণীৰ শক্তিও জমা কৰা।

হাঁহি উঠা কথা শুনাইছোঁ - বাপদাদাৰ বতনত সকলোৰে জমাৰ ভঁৰাল আছে। তোমালোকৰ সেৱাকেন্দ্ৰতো ভঁৰাল আছে নহয় জানো। পিতাৰ বতনত সন্তানসকলৰ ভঁৰাল আছে। প্ৰত্যেকে গোটেই দিনটোত মনেৰে, বাণীৰে, কৰ্মেৰে - তিনিওটা শক্তি ৰাহি কৰি জমা কৰে, সেয়া হৈছে ভঁৰাল। মনৰ শক্তি কিমান জমা কৰিলা, বাণীৰ শক্তি, কৰ্মৰ শক্তি কিমান জমা কৰিলা - ইয়াৰ গোটেই খতিয়ান আছে। তোমালোকেও খৰচ আৰু ৰাহিৰ খতিয়ান পঠিওৱা নহয়। গতিকে বাপদাদাই এই জমাৰ ভঁৰাল চালে। তেন্তে কি পালে? জমাৰ হিচাপ কিমান পালে? প্ৰত্যেকৰে ফলাফলতো নিজা নিজা। ভঁৰালসমূহতো ভৰপূৰ হৈ আছিল কিন্তু খুচুৰা পইচা বেছি আছিল। সৰু ল'ৰা-ছোৱালীয়ে ভঁৰালত খুচুৰা পইচা জমা কৰিলে ভঁৰাল কিমান গধুৰ হৈ যায়! গতিকে বাণীৰ ফলাফলত বিশেষকৈ এইটো বেছিকৈ দেখিলে। যিদৰে স্মৃতিৰ প্ৰতি মনোযোগ আছে, সেইদৰে বাণীৰ প্ৰতি সিমান মনোযোগ নাই। গতিকে এইটো বছৰত বাণী আৰু কৰ্ম - এই দুয়োটা শক্তি জমা কৰাৰ পৰিযোজনা কৰা। যিদৰে চৰকাৰেও ভিন্ন ভিন্ন বিধিৰে ৰাহিৰ পৰিযোজনা কৰে নহয় জানো। সেইদৰে, ইয়াত মুখ্য হৈছে মন - এইটোতো সকলোৱে জানে। কিন্তু মনৰ লগে লগে বিশেষভাৱে বাণী আৰু কৰ্ম - এয়া সম্বন্ধ-সম্পৰ্কত স্পষ্টকৈ দেখিবলৈ পোৱা যায়। মন তথাপিও গুপ্ত কিন্তু এয়া প্ৰত্যক্ষ দেখা পোৱা যায়। বাণীত জমা কৰাৰ সাধন হৈছে কমকৈ কোৱা আৰু মধুৰতাৰে কোৱা, স্বমানেৰে কোৱা। যিদৰে পিতা ব্ৰহ্মাই সৰু অথবা ডাঙৰক স্বমানৰ বাণীৰে নিজৰ কৰি ললে। এইটো বিধিৰে যিমানে আগবাঢ়িবা সিমানে বিজয় মালা সোনকালে তৈয়াৰ হ'ব। গতিকে এইটো বছৰত কি কৰিব লাগে? সেৱাৰ লগতে বিশেষ এই শক্তিসমূহ জমা কৰি সেৱা কৰিব লাগে।

সেৱাৰ পৰিলল্পনাতো সকলোৱে ভালতকৈও ভাল কৰিছা আৰু এতিয়ালৈকে যি পৰিকল্পনা অনুসৰি সেৱা কৰি আছা, চাৰিওফালে - ভাৰততেই হওঁক বা বিদেশতেই হওঁক ভাল কৰিও আছা আৰু কৰিও থাকিবা। যিদৰে সেৱাত পৰস্পৰে ভালতকৈও ভাল ফলাফল উলিওৱাৰ শুভ-ভাৱনাৰে আগবাঢ়ি গৈ আছা, সেইদৰে সেৱাত সংগঠিত ৰূপত সদায় সন্তুষ্ট হৈ থকা আৰু সন্তুষ্ট কৰাৰ বিশেষ সংকল্প - এয়াও যাতে সদায় লগে লগে থাকে কিয়নো একে সময়ত তিনিও প্ৰকাৰৰ সেৱা একেলগে হয়। এটা হৈছে- নিজৰ সন্তুষ্টি, এয়া হৈছে নিজৰ সেৱা। দ্বিতীয়তে - সংগঠনত সন্তুষ্টি, এয়া হৈছে পৰিয়ালৰ সেৱা। তৃতীয়তে - ভাষাৰ দ্বাৰা বা যিকোনো বিধিৰ দ্বাৰা বিশ্বৰ আত্মাসকলৰ সেৱা। একেটা সময়তে তিনিওটি সেৱা হয়। যিকোনো কাৰ্যসূচী হাতত ললে তাত তিনিওটি সেৱা সমাহিত হৈ আছে। যিদৰে বিশ্ব সেৱাৰ ফলাফল বা বিধিৰ প্ৰতি মনোযোগ দিয়া, সেইদৰে দুয়োটা সেৱা 'ৰ্স্বৰ আৰু 'সংগঠনৰ- তিনিওটাই নিৰ্বিঘ্ন হওঁক, তেতিয়াহে সেৱাৰ এক নম্বৰ সফলতা বুলি কোৱা হ'ব। তিনিওটা সফলতা একেলগে হোৱা মানেই নম্বৰ লোৱা। এইটো বছৰত তিনিওটা সেৱাত সফলতা একেলগে হওঁক - এইটো নাগাৰা বাজক। যদি এটা কোণাত নাগাৰা বাজে তেতিয়া কুম্ভকৰ্ণৰ কাণলৈকে গৈ নাপায়। যেতিয়া চাৰিওফালে এই নাগাৰা বাজিব, তেতিয়া সকলো কুম্ভকৰ্ণ জাগিব। এতিয়া এজন জাগিলে দ্বিতীয়জন শোৱে, দ্বিতীয়জন জাগিলে তৃতীয়জন শোৱে। অলপ জাগিলেও 'ভাল ভাল' বুলি কৈ পুনৰ শুই যায়। কিন্তু জাগি যাওঁক আৰু মুখেৰে বা মনেৰে 'অহো প্ৰভু!' বুলি কওঁক আৰু মুক্তিৰ উত্তৰাধিকাৰ লওঁক তেতিয়া সমাপ্তি হওঁক। জাগিলেহে মুক্তিৰ উত্তৰাধিকাৰ ল'ব। গতিকে বুজিলা, কি কৰিব লাগে? পৰস্পৰ সহযোগী হোৱা। আনৰ সুৰক্ষাত নিজৰ সুৰক্ষা অৰ্থাৎ ৰাহি হৈ যাব।

সেৱাৰ পৰিকল্পনাত যিমানে সম্পৰ্কত সমীপত আনা, সিমানে সেৱাৰ প্ৰত্যক্ষ ফলাফল দেখা দিব। বাৰ্তা দিয়াৰ সেৱাতো কৰি আহিছা, কৰি থাকিবা কিন্তু বিশেষ এইটো বছৰত কেৱল বাৰ্তা নিদিবা, সহযোগী কৰি তুলিব লাগে অৰ্থাৎ সম্পৰ্কত সমীপত আনিব লাগে। কেৱল প্ৰ-পত্ৰ পূৰাই দিলা - এয়াতো চলি থাকে কিন্তু এইটো বছৰত আগবাঢ়ি যোৱা। প্ৰ-পত্ৰ পূৰোৱা কিন্তু প্ৰ-পত্ৰ পূৰোৱাতে এৰি নিদিবা, সম্বন্ধত আনিব লাগে। যেনেকুৱা ব্যক্তি তেনেকৈ সম্বন্ধত অনাৰ পৰিকল্পনা কৰা। লাগিলে সৰু সৰু অনুষ্ঠানৰ আয়োজন কৰা কিন্তু লক্ষ্য এইটো ৰাখিবা। সহযোগী কেৱল এঘণ্টাৰ বাবে বা প্ৰ-পত্ৰ পূৰোৱাৰ সময়লৈয়ে কৰিব নালাগে কিন্তু সহযোগৰ দ্বাৰা তেওঁলোকক সমীপত আনিব লাগে। সম্পৰ্কত, সম্বন্ধত আনা। গতিকে আগলৈ গৈ সেৱাৰ ৰূপ পৰিৱৰ্তন হ'ব। তোমালোকে নিজৰ বাবে কৰিবলগীয়া নহ'ব। তোমালোকৰ ফালৰ পৰা সম্বন্ধত আহোঁতাসকলে ক'ব, তোমালোকে কেৱল আশীৰ্বাদ আৰু দৃষ্টি দিব লাগিব। যিদৰে আজিকালি শংকৰাচাৰ্যক চকীত বহুৱায়, সেইদৰে তোমালোকক পূজ্যৰ চকীত বহুৱাব, ৰূপৰ নহয়। ধৰণী তৈয়াৰ কৰোঁতাসকল নিমিত্ত হ'ব আৰু তোমালোকে কেৱল দৃষ্টিৰ দ্বাৰা বীজ সিঁচিব লাগে, দুটি আশীৰ্বাদসূচক বচন ক'ব লাগে তেতিয়াহে প্ৰত্যক্ষতা হ'ব। তোমালোকৰ মাজত পিতা দৃষ্টিগোচৰ হব আৰু পিতাৰ দৃষ্টি, পিতাৰ স্নেহৰ অনুভূতি কৰাৰ লগে লগে প্ৰত্যক্ষতাৰ জয়ধ্বনি দিয়া আৰম্ভ হৈ যাব।

এতিয়া সেৱাৰ সোণালী জয়ন্তীতো পূৰা কৰিলা। এতিয়া আনে সেৱা কৰিব আৰু তোমালোকে চাই চাই আনন্দিত হৈ থাকিবা। যিদৰে, পোপে কি কৰে? ইমান ডাঙৰ সভাৰ মাজত দৃষ্টি দি আশীৰ্বাদসূচক বচন শুনায়। দীঘলীয়া ভাষণ দিওঁতা আন কোনোবা নিমিত্ত হ'ব। তোমালোকে কোৱা যে আমাক পিতাই শুনাইছে, ইয়াৰ সলনি আনে ক'ব - এওঁলোকে যি শুনালে, সেয়া পিতাৰ, আন কোনো নায়েই। গতিকে লাহে লাহে এনেকুৱা সহযোগী তৈয়াৰ হ'ব। যিদৰে সেৱাকেন্দ্ৰৰ তত্ত্বাৱধান লবলৈ সহযোগী তৈয়াৰ হৈছে নহয় জানো, সেইদৰে মঞ্চত তোমালোকৰ হৈ আনে কওঁতা বা অনুভৱ কৰি কওঁতা ওলাব। কেৱল মহিমা কৰোঁতা নহয় কিন্তু জ্ঞানৰ গূঢ় সাৰ কথাবোৰ স্পষ্ট কৰোঁতা, পৰমাত্ম-জ্ঞানক সিদ্ধ কৰোঁতা- এনেকুৱা নিমিত্ত হ'ব। কিন্তু তাৰ বাবে এনেকুৱা লোকসকলক স্নেহী, সহযোগী আৰু সম্পৰ্কত আনি সম্বন্ধত আনা। এই গোটেই কাৰ্যক্ৰমৰ লক্ষ্যই হৈছে যে এনেকুৱা সহযোগী কৰি তোলা যাতে স্বয়ং তোমালোক শক্তি (মাইট) হৈ যোৱা আৰু তেওঁলোক বাণীৰে প্ৰভাৱশালী (মাইক) হৈ যায়। এই বছৰৰ সহযোগৰ সেৱাৰ লক্ষ্য হৈছে বাণীৰে প্ৰভাৱশালী লোক তৈয়াৰ কৰা যাতে অনুভৱৰ আধাৰত তোমালোকৰ বা পিতাৰ জ্ঞানক প্ৰত্যক্ষ কৰে। যাৰ প্ৰভাৱ স্বতঃ আনৰ ওপৰত সহজে পৰে, এনেকুৱা বাণীৰে প্ৰভাৱশালী তৈয়াৰ কৰা। বুজিলা সেৱাৰ উদ্দেশ্য কি, ইমানবোৰ যি অনুষ্ঠানৰ আয়োজন কৰিছা তাৰ পৰা কি মাখন ওলাব? খুব সেৱা কৰা কিন্তু এই বছৰত বাৰ্তা দিয়াৰ লগতে এইটো সংযোজন কৰা। নজৰত ৰাখা কোন কোন এনেকুৱা পাত্ৰ আছে আৰু তেওঁলোকক সময়ে সময়ে ভিন্ন ভিন্ন বিধিৰে সম্পৰ্কত আনা। এনেকুৱা নহয় যে এটা অনুষ্ঠান পাতিলা পাছত দ্বিতীয়তো ওপৰে ওপৰে কৰিলা, তৃতীয়তো ওপৰে ওপৰে কৰিলা আৰু প্ৰথমৰসকল তাতেই ৰৈ গ'ল, তৃতীয়টো আহি গ'ল। এইটোও জমাৰ শক্তি প্ৰয়োগত আনিব লাগিব। প্ৰতিটো অনুষ্ঠানৰ দ্বাৰা জমা কৰি যোৱা। শেষত এনেকুৱা সম্বন্ধ-সম্পৰ্কৰ লোকসকলৰ মালা তৈয়াৰ হৈ যাওঁক। বুজিলা? বাকী কি থাকিল? সাক্ষাৎকাৰ অনুষ্ঠান।

এই বছৰত বাপদাদাই 6 মাহৰ সেৱাৰ ফলাফল চাব বিচাৰে। সেৱাৰ ক্ষেত্ৰত যিয়েই কাৰ্যসূচী হাতত লৈছা, সেয়া চাৰিওফালে পৰস্পৰ সহযোগী হৈ খুব পৰিক্ৰমা লগোৱা। সৰু-ডাঙৰ সকলোকে উৎসাহ-উদ্দীপনাত আনি তিনিওপ্ৰকাৰৰ সেৱাত আগবঢ়াই নিয়া সেইবাবে বাপদাদাই এইটো বছৰত গোটেই ৰাতিক দিন কৰি সেৱা দি দিছে। এতিয়া এইটো তিনিওপ্ৰকাৰৰ সেৱাৰ ফল খোৱাৰ বছৰ। অহাৰ নহয়, ফল খোৱাৰ হয়। এই বছৰত অহাতো নিৰ্ধাৰিত হৈ থকা নাই। পিতাৰ শক্তিৰ কিৰণতো সদায় লগত আছেই। যি নাটকত নিৰ্ধাৰিত হৈ আছে সেয়া কৈ দিলোঁ। নাটকৰ গ্ৰহণযোগ্যতাক গ্ৰহণ কৰিবলগীয়াই হয়। খুব সেৱা কৰা। 6 মাহতেই ফলাফল গম পোৱা যাব। পিতাৰ আশাসমূহ পূৰ্ণ কৰাৰ পৰিকল্পনা কৰা। য'তেই চোৱা যায়, যাকেই চোৱা যায় - প্ৰত্যেকৰে সংকল্প, বাণী আৰু কৰ্ম পিতাৰ আশাৰ দীপক জগাই তোলোঁতা হওঁক। প্ৰথমতে মধুবনত এইটো উদাহৰণ দেখুওৱা। ৰাহিৰ পৰিযোজনাৰ আৰ্হি প্ৰথমতে মধুবনত বনোৱা। প্ৰথমতে এইটো বেংকত জমা কৰা। মধুবন নিবাসী সকলৰো বৰদানতো প্ৰাপ্ত হৈয়ে গল। যিসকল বাকী থাকি গৈছে তেওঁলোকৰ আশাও এইটো বছৰত সোনকালেই পূৰ্ণ কৰিম কিয়নো পিতাৰ স্নেহতো সকলো সন্তানৰ প্ৰতি আছে। এনেয়েতো প্ৰত্যেক সন্তানৰ প্ৰতি প্ৰতিটো খোজতেই বৰদান আছে। যিসকল অন্তৰৰ স্নেহী আত্মা তেওঁলোকে বৰদানেৰেই প্ৰতিটো খোজ দিয়ে। পিতাৰ বৰদান কেৱল মুখেৰে নহয় কিন্তু অন্তৰেৰেও আছে আৰু অন্তৰৰ বৰদানে সদায় অন্তৰত আনন্দ, উৎসাহ-উদ্দীপনাৰ অনুভৱ কৰায়। এয়া অন্তৰৰ বৰদানৰ চিন। অন্তৰৰ বৰদানক যিয়েই অন্তৰত ধাৰণ কৰে, তেওঁলোকৰ চিন এয়াই যে তেওঁলোক সদায় আনন্দ আৰু উৎসাহ-উদ্দীপনাৰে আগবাঢ়ি গৈ থাকে। কেতিয়াও কোনো কথাত আৱদ্ধও নহব আৰু থমকিও নৰব, বৰদানেৰে উৰি থাকিব আৰু আন সকলো কথা তলত থাকি যাব। কাষৰীয়া দৃশ্যাৱলীয়েও উৰোঁতাজনক ৰখাব নোৱাৰে।

আজি বাপদাদাই সকলো সন্তানকে যিসকলে অন্তৰেৰে, অক্লান্ত হৈ সেৱা কৰিলে, সেই সকলো সেৱাধাৰীক এইটো বছৰৰ সেৱাৰ বাবে শুভেচ্ছা জনাই আছে। মধুবনলৈ আহি মধুবনৰ অলংকাৰ (শোভা) হলা, এনেকুৱা অলংকাৰ হওঁতা সন্তানসকলকো বাপদাদাই শুভেচ্ছা জনাই আছে আৰু নিমিত্ত হোৱা শ্ৰেষ্ঠ আত্মাসকলকো সদায় অক্লান্ত হৈ পিতাৰ সমান নিজৰ সেৱাৰ দ্বাৰা সকলোকে সজীৱ কৰি তোলাৰ বাবে শুভেচ্ছা জনাই আছে আৰু ৰথখনকো শুভেচ্ছা জনাইছে। চাৰিওফালৰ সেৱাধাৰী সন্তানসকলক শুভেচ্ছা জনালোঁ। নিৰ্বিঘ্ন হৈ আগবাঢ়ি আছা আৰু আগবাঢ়ি গৈয়ে থাকিব লাগে। দেশ-বিদেশৰ সকলো সন্তানক অহাৰ বাবেও শুভেচ্ছা আৰু সজীৱ হোৱাৰো বাবেও শুভেচ্ছা। কিন্তু সদায় সজীৱ হৈ থাকিবা, কেৱল 6 মাহলৈকে নহয়। সজীৱতাত সজীৱ হ'বলৈ আহিবা কিয়নো পিতাৰ সম্পদ গতিকে সকলো সন্তানৰ সদায়েই অধিকাৰ আছে। পিতা আৰু সম্পদ সদায় লগত আছে আৰু সদায় লগত থাকিব। কেৱল যিটো কথাৰ প্ৰতি মনোযোগ আকৰ্ষণ কৰালোঁ, তাত বিশেষকৈ নিজে উদাহৰণ হৈ পৰীক্ষাত অতিৰিক্ত নম্বৰ ল'বা। আনক নাচাবা, নিজে উদাহৰণ হবা। এই ক্ষেত্ৰত যিয়েই কৰিব তেৱেঁই অৰ্জুন অৰ্থাৎ এক নম্বৰ। দ্বিতীয়বাৰ বাপদাদা আহিলে তেতিয়া ফৰিস্তাৰ কৰ্ম, ফৰিস্তাৰ বাণী, ফৰিস্তাৰ সংকল্প ধাৰণ কৰোঁতা ৰূপত সদায় যাতে প্ৰত্যেককে দেখা পোৱা যায়। এনেকুৱা পৰিৱৰ্তন সংগঠনত দেখা দিওঁক। প্ৰত্যেকে যাতে অনুভৱ কৰে যে এই ফৰিস্তাৰ বাণী, ফৰিস্তাৰ কৰ্ম কিমান অলৌকিক! এই পৰিৱৰ্তন সমাৰোহ বাপদাদাই চাব বিচাৰে। যদি প্ৰত্যেকেই গোটেই দিনৰ বাণীৱদ্ধ কৰা তেন্তে বহুত ভালদৰে গম পাই যাবা। পৰীক্ষা কৰিলে তেতিয়া গম পাই যাবা যে কিমান ব্যৰ্থত যায়। মনৰ টেপত পৰীক্ষা কৰা স্থূল টেপত নহয়। সাধাৰণ বাণীও ব্যৰ্থত জমা হয়। যদি 4ষাৰ কথাৰ সলনি 24ষাৰ কথা কোৱা তেন্তে 20 কিহত গ'ল? শক্তি জমা কৰা, তেতিয়া তোমালোকৰ বাণীয়ে আশীৰ্বাদৰ, এঘণ্টাৰ ভাষণৰ কাম কৰিব। ভালবাৰু!

চাৰিওফালৰ সকলো উৎসৰ্গিত হওঁতা আত্মিক চগাপোকসকলক, সকলো পিতাৰ সমান হোৱাৰ দৃঢ় সংকল্পৰে আগবাঢ়োঁতা বিশেষ আত্মাসকলক, সদায় উৰন্ত কলাৰ দ্বাৰা যিকোনো প্ৰকাৰৰ কাষৰীয়া দৃশ্যাৱলী অতিক্ৰম কৰোঁতা ডবল লাইট সন্তানসকলক আত্মিক অগ্নিশিখা বাপদাদাৰ স্নহপূৰ্ণ স্মৰণ আৰু নমস্কাৰ।

বৰদান:
কল্যাণৰ ভাৱনাৰ দ্বাৰা প্ৰত্যেক আত্মাৰ সংস্কাৰ পৰিৱৰ্তন কৰোঁতা নিশ্চয় বুদ্ধিৰ হোৱা

যিদৰে পিতাৰ প্ৰতি 100 শতাংশই নিশ্চয় বুদ্ধি হোৱা, কোনোবাই যিমানেই অস্থিৰ কৰিবলৈ চেষ্টা নকৰক কিন্তু কৰিব নোৱাৰে, এনেকুৱা দৈৱী পৰিয়াল বা সাংসাৰিক আত্মাসকলৰ দ্বাৰা কোনোবাই যেনেকুৱাই কাকত নলওঁক, ক্ৰোধী হৈ বিৰোধ কৰক, বা কোনোবাই অপমান কৰক, গালি দিয়ক তেনে ক্ষেত্ৰতো অস্থিৰ হ'ব নোৱাৰা, এই ক্ষেত্ৰত কেৱল সকলো আত্মাৰ প্ৰতি কল্যাণৰ ভাৱনা হওঁক, এইটো ভাৱনাই তেওঁলোকৰ সংস্কাৰ পৰিৱৰ্তন কৰি দিব। এই ক্ষেত্ৰত কেৱল অধৈৰ্য হ'ব নালাগে, সময় অনুসৰি ফল অৱশ্যেই ওলাব - এয়া নাটকত নিৰ্ধাৰিত হৈ আছে।

স্লোগান:
পৱিত্ৰতাৰ শক্তিৰে নিজৰ সংকল্পক শুদ্ধ, জ্ঞান স্বৰূপ কৰি দুৰ্বলতাসমূহ সমাপ্ত কৰা।