03.11.19    Avyakt Bapdada     Assame Murli     02.03.85     Om Shanti     Madhuban


বৰ্তমান ঈশ্বৰীয় জন্ম - অমূল্য জন্ম


আজি ৰত্নাকৰ পিতাই নিজৰ অমূল্য ৰত্নসকলক চাই আছেহঁক। এয়া অলৌকিক অমূল্য ৰত্নসকলৰ দৰবাৰ। এটি-এটি ৰত্ন অমূল্য। বৰ্তমান সময়ৰ বিশ্বৰ সকলো সম্পত্তি বা বিশ্বৰ সকলো খাজনা যদি একত্ৰিত কৰা তাৰ তুলনাত এটি-এটি ঈশ্বৰীয় ৰত্ন বহুগুণে অমূল্য হয়। তোমালোকৰ এটি ৰত্নৰ আগত বিশ্বৰ সকলো খাজনা একোৱেই নহয়। ইমান অমূল্য ৰত্ন হোৱা। এই অমূল্য ৰত্ন এই সংগমযুগৰ বাহিৰে গোটেই কল্পৰ ক'তো বিচাৰি নোপোৱা। সত্যযুগী-দেৱ- আত্মাৰ ভূমিকা এই সংগমযুগী ঈশ্বৰীয় অমূল্য ৰত্ন হোৱাৰ ভূমিকাৰ আগত দ্বিতীয় নম্বৰ হৈ যায়। এতিয়া তোমালোক ঈশ্বৰীয় সন্তান হোৱা, সত্যযুগত দৈৱী সন্তান হ'বাগৈ। যেনেকৈ ঈশ্বৰৰ সকলোতকৈ শ্ৰেষ্ঠ নাম, মহিমা, জন্ম, কৰ্ম আছে তেনেকৈ ঈশ্বৰীয় ৰত্নসকলৰ বা ঈশ্বৰীয় সন্তান আত্মাসকলৰ মূল্য সৰ্বশ্ৰেষ্ঠ হয়। এই শ্ৰেষ্ঠ মহিমাৰ বা শ্ৰেষ্ঠ মূল্যৰ স্মাৰক এতিয়াও 9 ৰত্নৰ ৰূপত গায়ন আৰু পূজা কৰা হয়। 9 ৰত্নক ভিন্ন-ভিন্ন বিঘ্ন বিনাশক ৰত্ন বুলি গায়ন কৰা হয়। যেনেকুৱা বিঘ্ন তেনেকুৱা বিশেষত্ব সম্পন্ন ৰত্নৰ আঙুঠি গঢ়ি পিন্ধে বা লকেটত লগায় বা কোনোবা ৰূপত হ'লেও সেই ৰত্নক ঘৰত ৰাখে। এতিয়া অন্তিম জন্মলৈকেও বিঘ্ন-বিনাশক ৰূপত নিজৰ স্মাৰক প্ৰত্যক্ষ কৰি আছা। ক্ৰমানুসৰি নিশ্চয় হোৱা কিন্তু ক্ৰমানুসৰি হোৱা সত্বেও অমূল্য আৰু বিঘ্ন-বিনাশক সকলোৱে হয়। আজিও আত্মাসকলে তোমালোকৰ শ্ৰেষ্ঠ স্বৰূপক সন্মান দিয়ে। বৰ মৰমেৰে, স্বচ্ছতাৰে যত্ন কৰি ৰাখে কিয়নো তোমালোক সকলো যিয়েই হোৱা যদিও নিজকে ইমান যোগ্য বুলি নাভাবা কিন্তু পিতাই তোমালোক আত্মাসকলক যোগ্য বুলি বুজি নিজৰ কৰি লৈছে। স্বীকাৰ কৰিলা "তুমি মোৰ মই তোমাৰ"। যিসকল আত্মাৰ ওপৰত পিতাৰ দৃষ্টি পৰিল, তেওঁলোক প্ৰভুৰ দৃষ্টিৰ কাৰণে অমূল্য হৈয়ে যায়। পৰমাত্মাৰ দৃষ্টিৰ কাৰণে ঈশ্বৰীয় সৃষ্টিৰ, ঈশ্বৰীয় সংসাৰৰ শ্ৰেষ্ঠ আত্মা হৈ যায়। পাৰসনাথৰ সৈতে সম্বন্ধত আহিলে যেতিয়া পাৰসৰ ৰং লাগিয়ে যায়। সেইবাবে পৰমাত্মা স্নেহৰ দৃষ্টি প্ৰাপ্ত কৰাৰ কাৰণে গোটেই কল্প চৈতন্য দেৱতাৰ ৰূপতে হওক বা আধাকল্প জড় চিত্ৰৰ ৰূপতে হওক বা ভিন্ন-ভিন্ন স্মাৰকৰ ৰূপত যেনেকৈ ৰত্নৰ ৰূপতো তোমালোকৰ স্মাৰক আছে, তৰাৰ ৰূপতো তোমালোকৰ স্মাৰক আছে। যিটো ৰূপতে স্মাৰক আছে, গোটেই কল্পত সকলোৰে মৰমৰ হৈ আছা কিয়নো অবিনাশী মৰমৰ সাগৰৰ মৰমৰ দৃষ্টি গোটেই কল্পৰ বাবে মৰমৰ অধিকাৰী কৰি দিয়ে সেই বাবে ভক্তসকল আধা পল, এপলৰ দৃষ্টিৰ বাবে ধৰফৰাই থাকে যে দৃষ্টিৰে ভৰপূৰ হৈ যাওঁ সেই বাবে এই সময়ৰ স্নেহৰ দৃষ্টিয়ে অবিনাশী স্নেহৰ যোগ্য কৰি তোলে। অবিনাশী প্ৰাপ্তি স্বতঃ হৈ যায়। মৰমেৰে স্মৰণ কৰে, মৰমেৰে ৰাখে। মৰমেৰে চায়।

দ্বিতীয় কথাটি হল স্বচ্ছতা অৰ্থাৎ পবিত্ৰতা। তোমালোকে এই সময়ত পিতাৰ দ্বাৰা পবিত্ৰতাৰ জন্ম-সিদ্ধ অধিকাৰ প্ৰাপ্ত কৰা। পবিত্ৰতা বা স্বচ্ছতা নিজৰ স্বধৰ্মক জানা সেইবাবে পবিত্ৰতাক আকোৱালি লোৱাৰ কাৰণে যত তোমালোকৰ স্মাৰক হব তত পবিত্ৰতা অথবা স্বচ্ছতা এতিয়াও স্মাৰক হিচাপে চলি আছে। আৰু আধা কল্পতো হয়েই পবিত্ৰ পালনা, পবিত্ৰ সৃষ্টি। গতিকে আধাকল্প পবিত্ৰতাৰে জন্ম লোৱা, পবিত্ৰতাৰে প্ৰতিপালিত হোৱা আৰু আধাকল্প পবিত্ৰতাৰে পূজা কৰে।

তৃতীয় কথাটি - বহুত অন্তৰেৰে, শ্ৰেষ্ঠ বুলি ভাবি, অমূল্য বুলি ভাবি চম্ভালে কিয়নো এই সময়ত স্বয়ং ভগৱান মাতা-পিতাৰ ৰূপত তোমালোক সন্তানসকলক চম্ভালে অৰ্থাৎ প্ৰতিপালন কৰে। গতিকে অবিনাশী প্ৰতিপালনৰ কাৰণে, অবিনাশী স্নেহেৰে চম্ভালাৰ কাৰণে গোটেই কল্প অতি ৰাজকীয় ভাবে, স্নেহেৰে, সন্মানেৰে তোমালোকক চম্ভালে। এনেকুৱা মৰম, স্বচ্ছতা, পবিত্ৰতা আৰু স্নেহেৰে চম্ভালাৰ অবিনাশী পাত্ৰ হৈ যোৱা। গতিকে বুজি পাইছা কিমান অমূল্য হোৱা? প্ৰতিটো ৰত্নৰ কিমান মূল্য আছে! গতিকে আজি ৰত্নাকৰ পিতাই প্ৰতিটো ৰত্নৰ মূল্য চাই আছিল। গোটেই জগতৰ অক্ষৌহিনী আত্মা এফালে আৰু তোমালোক 5 পাণ্ডৱ অক্ষৌহিনীতকৈও শক্তিশালী হোৱা। অক্ষৌহিনী তোমালোকৰ আগত এজনৰ সমানো নহয়, ইমানে শক্তিশালী হোৱা (মহাভাৰতত বৰ্ণিত মতে এক অক্ষৌহিণী মানে 21,870 খন ৰথ, 21,870 টা হস্তী, 65,610 টা অশ্ব আৰু 109,350 গৰাকী পদাতিকেৰে গঠিত সেনা বাহিনী)। তেন্তে কিমান মূল্যৱান হৈ গলা! ইমান মূল্যক জানানে? নে কেতিয়াবা-কেতিয়াবা নিজকে পাহৰি যোৱা। যেতিয়া নিজে নিজক পাহৰি যোৱা তেতিয়া হায়ৰাণ হৈ যোৱা। নিজে নিজক নাপাহৰিবা। সদায় নিজকে অমূল্য বুলি ভাবি চলিবা। কিন্তু সৰু ভুলো নকৰিবা। অমূল্য হোৱা কিন্তু পিতাৰ সংগত থকাৰ কাৰণেহে অমূল্য হৈছা। পিতাক পাহৰি কেৱল নিজৰ কথাহে ভাবিলে তেতিয়াও ভুল হৈ যাব। গঢ়ি তোলোঁতাজনক নাপাহৰিবা। হৈ গলা কিন্তু গঢ়ি তোলোঁতাজনৰ সৈতেহে হৈছা, এইটো হৈছে বুজাৰ বিধি। যদি বিধিক পাহৰি যোৱা তেন্তে বোধ অবোধৰ ৰূপলৈ সলনি হৈ যায়। তেতিয়া মই ভাৱ আহি যায়। বিধিক পাহৰি গলে সিদ্ধিৰ অনুভৱ নহয়, সেইবাবে বিধি পূৰ্বক নিজকে মূল্যৱান বুলি জানি বিশ্বৰ পূৰ্বজ হৈ যোৱা। হায়ৰাণো নহবা যে মইতো একোৱেই নহয়। এনেকৈও নাভাবিবা যে মই একোৱেই নহয়, নতুবা এনেকৈ ভাবিবা যে ময়েই সকলো হওঁ। দুইটিয়ে ভুল। মই হওঁ কিন্তু গঢ়ি তোলোঁতাজনে এনেকৈ গঢ়িছে। পিতাক আঁতৰাই দিলে পাপ হৈ যায়। পিতা থাকিলে পাপ নহয়। যত পিতাৰ নাম আছে তত পাপৰ নাম-চিহ্ন নাই আৰু যত পাপ আছে তত পিতাৰ নাম-চিহ্ন নাই। গতিকে নিজৰ মূল্যক বুজিলা।

ভগৱানৰ দৃষ্টিৰ পাত্ৰ হৈছা, এয়া সাধাৰণ কথা নহয়। পালনাৰ পাত্ৰ হৈছা। অবিনাশী পবিত্ৰতাৰ জন্ম-সিদ্ধ অধিকাৰৰ অধিকাৰী হৈছা, সেইবাবে জন্ম-সিদ্ধ অধিকাৰ কেতিয়াও কঠিন নহয়। সহজে প্ৰাপ্ত হয়। এনেকৈয়ে নিজেও অনুভৱী হোৱা যে যিসকল অধিকাৰী সন্তান হয় তেওঁলোকৰ বাবে পবিত্ৰতা কঠিন অনুভৱ নহয়। যিসকলৰ পবিত্ৰতাক কঠিন লাগে তেওঁলোক বেছিকৈ অস্থিৰ হয়। পবিত্ৰতা স্ব-ধৰ্ম হয়, জন্ম-সিদ্ধ অধিকাৰ হয় গতিকে সদায় সহজ লাগিব। জগতৰ লোকসকলো দূৰৈতে পলায় সেয়া কিহৰ বাবে বাৰু? পবিত্ৰতা কঠিন লাগে। যিসকল অধিকাৰী আত্মা নহয় তেওঁলোকৰ কঠিনেই লাগিব। অধিকাৰী আত্মা আহিয়েই দৃঢ় সংকল্প কৰে যে পবিত্ৰতা পিতাৰ অধিকাৰ হয়, সেইবাবে পবিত্ৰ হবই লাগিব। অন্তৰক পবিত্ৰতাই সদায় আকৰ্ষিত কৰি থাকিব। যদি চলোঁতে-চলোঁতে কৰবাত মায়াই পৰীক্ষা লবলৈ আহেও, সংকল্পৰ ৰূপত, সপোনৰ ৰূপত তেতিয়া অধিকাৰী আত্মা জ্ঞানেৰে পুৰ্ণ হোৱা বাবে ভয়-ভীত নহব। কিন্তু জ্ঞানৰ শক্তিৰে সংকল্পক পৰিৱৰ্তিত কৰি দিব। এটা সংকল্পৰ পিছত অনেক সংকল্পৰ জন্ম নিদিব। অংশক বংশৰ ৰূপত নানিব। কিয় হল, এইটো হলএয়া হৈছে বংশ। শুনাইছিলো নহয় কিয়ই কিউ (শাৰী, লাইন) লগাই দিয়ে। ই বংশ বিস্তাৰ কৰি দিয়ে। আহিল আৰু চিৰদিনৰ বাবে গল। পেপাৰ লবৰ কাৰণে আহিল, পাছ হৈ গলা আৰু সমাপ্ত। মায়া কিয় আহিল, কৰ পৰা আহিল। ইয়াৰ পৰা আহিল, তাৰ পৰা আহিল। আহিবতো নালাগিছিল। কিয় আহি গল। এই বংশ থাকিব নালাগে। ঠিক আছে আহি গল কিন্তু তোমালোকে বহিবলৈ নিদিবা। খেদি পঠোৱা। আহিল কিয় .. এনেকৈ ভাবিলে বহি যাব। আগবঢ়াবৰ কাৰণে, পেপাৰ লোৱাৰ কাৰণে আহিল। ক্লাছক আগবঢ়াবৰ কাৰণে, অনুভৱী কৰি তুলিবৰ কাৰণে আহিল! কিয় আহিল, এনেকৈ আহিল, তেনেকৈ আহিল এয়া নাভাবিবা। আকৌ ভাবে কি মায়াৰ এনেকুৱা ৰূপ হয়। ৰঙা হয়, সেউজীয়া হয়, হালধীয়া হয়। এই বিস্তাৰলৈ গুচি যায়। বিস্তাৰত নাযাবা। ভয়-ভীত কিয় হোৱা, অতিক্ৰম কৰি যোৱা। পাছ উইথ্‌ অনাৰ (সন্মানসহ উত্তীৰ্ণ) হৈ যোৱা। জ্ঞানৰ শক্তি আছে, অস্ত্ৰ আছে। মাষ্টৰ সৰ্বশক্তিমান হোৱা, ত্ৰিকালদৰ্শী হোৱা, ত্ৰিবেণী হোৱা। কিহৰ অভাৱ আছে! সোনকালে ভয়-ভীত নহবা। পৰুৱা আহিলেও ভয়-ভীত হৈ যোৱা। বেছিকৈ ভাবা। ভবা অৰ্থাৎ মায়াক অতিথি সৎকাৰ কৰা। তেতিয়া মায়াই তাতে ঘৰ সাজি লব। যিদৰে ৰাস্তাত খোজ কাঢ়ি গৈ থাকিলে কিবা লেতেৰা বস্তু দেখা পালেও কি কৰিবা! থিয় হৈ ভাবিবা জানো যে এয়া কোনে পেলালে, কিয়-কি হল! এনেকুৱা কৰা উচিত নহয়, এনেকৈ ভাবিবা নে কাষৰীয়া কৰি গুচি যাবা। বেছি ব্যৰ্থ সংকল্পৰ বংশক জন্ম হবলৈ নিদিবা। অংশৰ ৰূপতে সমাপ্ত কৰি দিয়া। প্ৰথমতে ছেকেণ্ডৰ কথা হয় তাৰ পাছত তাক ঘণ্টা, দিন মাহলৈ বঢ়াই দিয়া। যদি এমাহৰ পাছত সোধা হয় যে কি হৈছিল তেন্তে কথাটো ছেকেণ্ডৰে হব, সেইবাবে ভয়-ভীত নহবা। গভীৰতালৈ যোৱা জ্ঞানৰ গভীৰতালৈ যোৱা, কথাৰ গভীৰতালৈ নাযাবা। বাপদাদাই ইমানশ্ৰেষ্ঠ মূল্যৱান ৰত্নসকলক সৰু-সৰু ধূলি কণাৰ লগত খেলি থকা দেখিলে তেতিয়া ভাবে - এই ৰত্নসকলে, ৰত্নৰ সৈতে খেলোতাসকলে মাটিৰ কণাৰ লগত খেলি আছে! ৰত্ন হোৱা গতিকে ৰত্নৰ লগত খেলা।

বাপদাদাই কিমান আদৰেৰে প্ৰতিপালিত কৰিছে তেন্তে তেওঁ আকৌ তোমালোকে মাটিৰ কণাৰ লগত খেলাতো কেনেকৈ চাই থাকিব পাৰে। পাছত লেতেৰা হৈ উঠি কোৱা - এতিয়া চাফা কৰি দিয়া, চাফা কৰি দিয়া। ভয়ো খোৱা। এতিয়া কি কৰো, কেনেকৈ কৰো। মাটিৰ লগত খেলাই বা কিয়। সেয়াও মাটিত পৰি থকা কণা। গতিকে সদায় নিজৰ মূল্যক জানিবা। অচ্ছা!

এনেকুৱা গোটেই কল্পৰ মূল্যৱান আত্মাসকলক, প্ৰভূৰ মৰমৰ পাত্ৰ আত্মাসকলক, প্ৰভূ পালনাৰ পাত্ৰ আত্মাসকলক, পবিত্ৰতাৰ জন্ম-সিদ্ধ অধিকাৰৰ অধিকাৰী আত্মাসকলক, সদায় বাবা আৰু মই এইটো বিধিৰে সিদ্ধি প্ৰাপ্ত কৰা আত্মাসকলক, সদায় অমূল্য ৰত্ন হৈ ৰত্নৰ সৈতে খেলা অভিজাত সন্তানসকলক বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু নমস্কাৰ!

পাৰ্টীৰ লগত :-
1) সদায় পিতাৰ নয়নত সমাহিত হৈ থকা আত্মা বুলি নিজকে অনুভৱ কৰানে? নয়নত কোন সমাহিত হয়? যি অতি পাতল বিন্দু হয়। গতিকে সদায় বিন্দুৱে হোৱা আৰু বিন্দু হৈ পিতাৰ নয়নত সমাহিত হওঁতা। বাপদাদা তোমালোকৰ নয়নত সমাহিত হৈ আছে আৰু তোমালোক সকলো বাপদাদাৰ নয়নত সমাহিত হৈ আছা। যেতিয়া নয়নত বাপদাদাই আছে তেন্তে অন্যে একোৱে দৃষ্টিগোচৰ নহব। গতিকে সদায় এইটো স্মৃতিৰে ডবল লাইট হৈ থাকা যে মই হওঁৱেই বিন্দু। বিন্দুত কোনো বোজা নাই। এইটো স্মৃতি স্বৰূপে সদায় আগবঢ়াই লৈ গৈ থাকিব। দুচকুৰ মধ্যত চোৱাচোন বিন্দুৱেই আছে। বিন্দুৰ (চকুৰ মণিটোৰ) দ্বাৰাই দেখা পোৱা যায়। বিন্দু যদি নাথাকে তেন্তে চকু থাকিলেও দেখা নাপায়। গতিকে সদায় এই স্বৰূপক স্মৃতিত ৰাখি উৰন্ত কলাৰ অনুভৱ কৰিবা। বাপদাদাই সন্তানসকলৰ বৰ্তমান আৰু ভৱিষ্যতৰ ভাগ্যক দেখি হৰ্ষিত হয়, ভৱিষ্যতৰ ভাগ্য গঢ়ি তোলাৰ কলম হৈছে বৰ্তমান। বৰ্তমানক শ্ৰেষ্ঠ কৰি তোলাৰ সাধন হৈছে জ্যেষ্ঠজনৰ ইংগিতক (উপদেশক) সদায় স্বীকাৰ কৰি নিজকে পৰিৱৰ্তন কৰি লোৱা। এইটো বিশেষ গুণেৰে বৰ্তমান আৰু ভৱিষ্যতৰ ভাগ্য শ্ৰেষ্ঠ হৈ যায়।

2) সকলোৰে মস্তকত ভাগ্যৰ তৰা জিলিকি আছে নহয়! সদায় জিলিকি থাকেনে? কেতিয়াবা ঢিমিক-ঢামাকতো নহয়? অখণ্ড জ্যোতি পিতাৰ সৈতে তোমালোকো অখণ্ড জ্যোতি সদায় জাগ্ৰত তৰা হৈ গলা। এনেকুৱা অনুভৱ কৰানে। কেতিয়াবা বতাহে দীপক বা তৰাক অস্থিৰতো নকৰে? যত পিতাৰ স্মৃতি আছে তেওঁ অবিনাশী জিলিকি থকা তৰা হয়। ঢিমিক-ঢামাক কৰি থকা নহয়। লাইটো যেতিয়া ঢিমিক-ঢামাক কৰে তেতিয়া নুমাই দিয়ে, কাৰোৱেই ভাল নালাগে। গতিকে এয়াও সদায় জিলিকি থকা তৰা। সদায় জ্ঞান সূৰ্য পিতাৰ পৰা কিৰণ লৈ আনকো কিৰণ দিওঁতা। সেৱাৰ উৎসাহ-উদ্দীপনা স্থায়ী হৈ থাকে। সকলো শ্ৰেষ্ঠ আত্মা হোৱা, শ্ৰেষ্ঠ পিতাৰ শ্ৰেষ্ঠ আত্মা হোৱা।

স্মৰণৰ শক্তিৰ দ্বাৰা সফলতা সহজে প্ৰাপ্ত হয়। যিমানে স্মৃতি আৰু সেৱা লগে-লগে থাকে তেতিয়া স্মৃতি আৰু সেৱাৰ সমতাই সদাকালৰ সফলতাৰ আশীৰ্বাদ স্বতঃ প্ৰাপ্ত কৰায়। সেই বাবে সদায় শক্তিশালী স্মৃতি স্বৰূপৰ বাতাৱৰণ ৰচিলে শক্তিশালী আত্মাসকলৰ আহ্বান হয় আৰু সফলতা প্ৰাপ্ত হয়। নিমিত্ত লৌকিক কাৰ্য হয় কিন্তু লগন পিতা আৰু সেৱাৰ লগত। লৌকিকো সেৱাৰ প্ৰতি, নিজৰ আকৰ্ষণেৰে নকৰে নিৰ্দেশনা অনুসৰি কৰে, সেইবাবে পিতাৰ স্নেহৰ হাত এনেকুৱা সন্তানসকলৰ সৈতে আছে। সদায় আনন্দত গোৱা, নাচা এয়াই হৈছে সেৱাৰ সাধন। তোমালোকৰ আনন্দ দেখি অন্যও আনন্দিত হৈ গলে তেতিয়া এয়াই সেৱা হৈ যাব। বাপদাদাই সন্তানসকলক সদায় কয় - যিমানে মহাদানী হ'বা সিমানে খাজনা বাঢ়ি গৈ থাকিব। মহাদানী হোৱা আৰু খাজনা বৃদ্ধি কৰা। মহাদানী হৈ খুউব দান ক'ৰা। এই দিয়াটোৱে হৈছে লোৱা। ভাল বস্তু পালে সেয়া নিদিয়াকৈ থাকিব নোৱাৰে।

সদায় নিজৰ ভাগ্যক দেখি হৰ্ষিত হৈ থাকা। কিমান শ্ৰেষ্ঠ ভাগ্য পাইছা, ঘৰত বহিয়ে ভগৱানক পালা ইয়াতকৈ শ্ৰেষ্ঠ ভাগ্য আৰু কি হ'ব! এই ভাগ্যকে স্মৃতিত ৰাখি আনন্দিত হৈ থাকা। তেতিয়া দুখ আৰু অশান্তি সদাকালৰ বাবে সমাপ্ত হৈ যাব। সুখ স্বৰূপ, শান্ত স্বৰূপ হৈ যাবা। যাৰ ভাগ্য স্বয়ং ভগৱানে গঢ়ে তেওঁ কিমান শ্ৰেষ্ঠ হৈ গল। গতিকে সদায় নিজৰ মাজত নতুন উৎসাহ-উদ্দীপনা অনুভৱ কৰি আগবাঢ়ি গৈ থাকা কিয়নো সংগমযুগত প্ৰতিটো দিনেই নতুন উৎসাহ-উদ্দীপনাৰ হয়।

যেনেকৈ চলি আছো তেনেকৈয়ে, এনেকুৱা নহয়। নতুন উৎসাহ-উদ্দীপনাই সদায় আগবঢ়াই নিয়ে। প্ৰতিটো দিনেই নতুন। সদায় নিজৰ ক্ষেত্ৰত বা সেৱাত কিবা নহয় কিবা নবীনতা নিশ্চয় লাগে। যিমানেই নিজকে উৎসাহ-উদ্দীপনাত ৰাখিবা সিমানেই নতুন নতুন প্ৰেৰণা পাই থাকিবা। নিজে কোনো অন্য কথাত ব্যস্ত হৈ থাকিলে তেতিয়া নতুন প্ৰেৰণাও পোৱা নাযায়। মনন কৰা তেতিয়া নতুন উদ্দীপনা থাকিব।

বন্ধনত থকাসকলক স্নেহ সহিত স্মৰণ কৰি:- বন্ধনত থকাসকলৰ স্মৃতিতো সদায় পিতাৰ ওচৰলৈ যায় আৰু বাপদাদাইও সকলো বন্ধনত থকাসকলক কয় যে যোগ অৰ্থাৎ স্মৃতিৰ লগনক অগ্নি ৰূপ কৰি তোলা। যেতিয়া লগন অগ্নি ৰূপ হৈ যায় তেতিয়া অগ্নিত সকলো ভস্ম হৈ যায়। গতিকে এই বন্ধনো লগনৰ অগ্নিত সমাপ্ত হৈ যাব আৰু স্বতন্ত্ৰ আত্মা হৈ যি সংকল্প কৰা তাৰ সিদ্ধি প্ৰাপ্ত কৰিবা। স্নেহী হোৱা, স্নেহৰ স্মৃতি বাপদাদাৰ ওচৰত আহি যায়। স্নেহৰ সঁহাৰি হিচাপে স্নেহ পোৱা যায়। কিন্তু এতিয়া স্মৃতিক শক্তিশালী অগ্নি ৰূপ কৰি তোলা। তেতিয়া সেই দিন আহি যাব যেতিয়া সন্মুখত আহি উপস্থিত হৈ যাবা।

বৰদান:
সদায় আত্মিক স্থিতিত থাকি আনকো আত্মিক ৰূপত চাওঁতা আত্মিক গোলাপ হোৱা

আত্মিক গোলাপ অৰ্থাৎ যত সদায় আত্মিক সুবাস থাকে। আত্মিক সুবাস থকাসকলে যলৈকে চাব, যাকে চাব তেতিয়া আত্মাকে দেখিব, শৰীৰক নহয়। গতিকে নিজেও সদায় আত্মিক স্থিতিত থাকা আৰু আনকো আত্মিক ৰূপত চোৱা। যেনেকৈ পিতা উচ্চতকৈও উচ্চ, তেনেকৈ তেওঁৰ বাগিচাও উচ্চতকৈ উচ্চ হয়, যিখন বাগিচাৰ বিশেষ শৃংগাৰ আত্মিক গোলাপ তোমালোক সন্তানসকল হোৱা। তোমালোকৰ আত্মিক সুবাসে অনেক আত্মাৰ কল্যাণ কৰিব।

স্লোগান:
মৰ্যাদা এৰি যদি কাৰোৱাক সুখ দিয়া তেন্তে সেয়াও দুখৰ হিচাপত জমা হৈ যাব।