03.11.20       Morning Assame Murli        Om Shanti      BapDada       Madhuban


মৰমৰ সন্তানসকল তোমালোকেই সঁচা অলৌকিক যাদুকৰ, তোমালোকে মনুষ্যক দেৱতা কৰি গঢ়ি তোলাৰ যাদু দেখুৱাব লাগে

প্ৰশ্ন:
ভাল পুৰুষাৰ্থী বিদ্যাৰ্থীৰ লক্ষণ কি হব?

উত্তৰ:
তেওঁলোকে সন্মান সহকাৰে উত্তীৰ্ণ হবলৈ অৰ্থাৎ বিজয় মালাত অহাৰ লক্ষ্য ৰাখিব। তেওঁলোকৰ বুদ্ধিত একমাত্ৰ পিতাৰহে স্মৃতি থাকিব। দেহ সহিত দেহৰ সকলো সম্বন্ধৰ পৰা বুদ্ধিৰ যোগসূত্ৰ আঁতৰাই এজনৰ সৈতেহে প্ৰীতি ৰাখিব। এনেকুৱা পুৰুষাৰ্থীহে মালাৰ মণি হয়।

ওঁম্শান্তি।
আত্মিক সন্তানসকলৰ প্ৰতি আত্মিক পিতাই বহি বুজায়। এতিয়া তোমালোক আত্মিক সন্তানসকল যাদুকৰ-যাদুকৰণী হৈ গলা সেইকাৰণে পিতাকো যাদুকৰ বুলি কয়। এনেকুৱা কোনো যাদুকৰ নাই যিয়ে মনুষ্যক দেৱতা কৰি গঢ়ি তুলিব। এয়া যাদুকৰী নহয় জানো। কিমান প্ৰচুৰ উপাৰ্জন কৰাৰ তোমালোকে বাট দেখুৱাই দিয়া। স্কুলত শিক্ষকেও উপাৰ্জন কৰিবলৈ শিকায়। পঢ়া উপাৰ্জন নহয় জানো। ভক্তি মাৰ্গৰ কাহিনী শাস্ত্ৰ আদি শুনা তাক পঢ়া বুলি নকয়। তাত কোনো আমদানি নহয়, মাত্ৰ পইচা খৰচ হয়। পিতায়ো বুজায় - ভক্তি মাৰ্গত চিত্ৰ তৈয়াৰ কৰি, মন্দিৰ আদি নিৰ্মাণ কৰি, ভক্তি কৰি কৰি তোমালোকে কিমান ধন খৰচ কৰি পেলালা। শিক্ষকেতো তথাপিও উপাৰ্জন কৰোৱায়। জীৱিকা নিৰ্বাহ হয়। তোমালোক সন্তানসকলৰ পঢ়া কিমান উচ্চ। সকলোৱে পঢ়িবও লাগে। তোমালোক সন্তানসকল মনুষ্যৰ পৰা দেৱতা কৰি গঢ়ি তোলোঁতা হোৱা। সেই পঢ়াৰ দ্বাৰাতো বেৰিষ্টাৰ আদি হব, সেয়াও এটা জন্মৰ কাৰণে। কিমান ৰাতি-দিনৰ পাৰ্থক্য আছে সেইকাৰণে তোমালোক আত্মাসকলৰ শুদ্ধ নিচা থাকিব লাগে। এয়া হল গুপ্ত নিচা। বেহদৰ পিতাইতো চমৎকাৰ কৰে। কেনেকুৱা আত্মিক যাদু আছে। আত্মাই স্মৰণ কৰি কৰি সতোপ্ৰধান হৈ যাব লাগে। যেনেকৈ সন্ন্যাসীসকলে কয় নহয় - তুমি ভাবা যে মই মহ হওঁ এনেকৈয়ে ভাবি কোঠাত বহি গল। কলে মই মহ হওঁ, কোঠাৰ পৰা ওলাওঁ কেনেকৈ? এতিয়া পিতাই কয় - তোমালোক পবিত্ৰ আত্মা আছিলা, এতিয়া অপৱিত্ৰ হলা আকৌ পিতাক স্মৰণ কৰি কৰি তোমালোক পবিত্ৰ হৈ যাবা। এই জ্ঞান শুনি নৰৰ পৰা নাৰায়ণ অথবা মনুষ্যৰ পৰা দেৱতা হৈ যোৱা। দেৱতাসকলৰো সাৰ্বভৌমত্ব (স্বাধীন ৰাজ্য) আছে নহয়। তোমালোক সন্তানসকলে এতিয়া শ্ৰীমত অনুসৰি ভাৰতত দৈৱী সাৰ্বভৌমত্ব স্থাপন কৰি আছা। পিতাই কয় - এতিয়া মই তোমালোকক যি শ্ৰীমত দিওঁ এয়া শুদ্ধ নে শাস্ত্ৰৰ মত শুদ্ধ? বিচাৰ কৰা। গীতা হল সৰ্ব শাস্ত্ৰ শিৰোমণি শ্ৰীমদ্ভাগৱত গীতা। এনেকৈ বিশেষভাৱে লিখা আছে। এতিয়া ভগৱান কাক কোৱা হব? নিশ্চয় সকলোৱে কব নিৰাকাৰ শিৱ। আমি আত্মাসকল তেওঁৰ সন্তান ভাই ভাই হওঁ। সেই এজনেই পিতা। পিতাই কয় - তোমালোক সকলো প্ৰেমিকা - মোক প্ৰেমিকক স্মৰণ কৰা কিয়নো ময়েই ৰাজযোগ শিকাইছিলোঁ, যাৰ দ্বাৰা তোমালোক বাস্তৱত নৰৰ পৰা নাৰায়ণ হোৱা। তেওঁলোকেতো কৈ দিয়ে যে আমি সত্য নাৰায়ণৰ কথা শুনোঁ। এনেকৈ কোনোবাই বুজে জানো যে ইয়াৰ দ্বাৰা আমি নৰৰ পৰা নাৰায়ণ হমগৈ। পিতাই তোমালোক আত্মাসকলক জ্ঞানৰ তৃতীয় নেত্ৰ দিয়ে, যাৰ দ্বাৰা আত্মাই জানি যায়। শৰীৰ অবিহনেতো আত্মাই কথা কব নোৱাৰে। আত্মাসকলৰ থকা স্থানক নিৰ্বাণধাম বুলি কোৱা হয়। তোমালোক সন্তানসকলে এতিয়া শান্তিধাম আৰু সুখধামকহে স্মৰণ কৰিব লাগে। এই দুখধামক বুদ্ধিৰে পাহৰিব লাগে। আত্মাই এতিয়া বোধশক্তি পাইছে - ভুল কি, শুদ্ধ কি? কৰ্ম, অকৰ্ম, বিকৰ্মৰো ৰহস্য বুজোৱা হৈছে। পিতাই সন্তানসকলকহে বুজায় আৰু সন্তানসকলেহে জানে। অন্য মনুষ্যইতো পিতাকেই নাজানে। পিতাই কয় - এয়াও নাটক ৰচি থোৱা আছে। ৰাৱণ ৰাজ্যত সকলোৰে কৰ্ম বিকৰ্মহে হয়। সত্যযুগত কৰ্ম অকৰ্ম হয়। কোনোবাই সোধে যে তাত সন্তান আদি নহয় নেকি? তেতিয়া কবা, সেইখনক কোৱাই হয় নিৰ্বিকাৰী বিশ্ব, তেন্তে তাত এই 5 বিকাৰ কৰ পৰা আহিল। এইটোতো অতি সাধাৰণ কথা। এই পিতাই বহি বুজায়, যিসকলে শুদ্ধকৈ বুজি পায় তেওঁলোকতো তৎক্ষণাৎ সচকিত হৈ যায়। কোনোবাই নুবুজেও আগলৈ গৈ বুজি পাই যাব। বন্তি শিখাৰ ওচৰত পতঙ্গ আহে, গুচি যায় আকৌ আহে। এয়াও বন্তি শিখা হয়, সকলো জ্বলি শেষ হৈ যাব। এইটোও বুজোৱা হয় - বাকী কোনো বন্তি শিখা নাই। সেয়াতো গতানুগতিক। বন্তি শিখাত বহুত পতঙ্গ জ্বলে। দীপাৱলীত কিমান সৰু সৰু মহ ওলায় আৰু শেষ হৈ যায়। জন্ম লয় আৰু মৰে। পিতায়ো বুজায় - অন্তিমত আহি জন্ম লয় আৰু মৰে। সেয়াতো যেন মহৰ নিচিনা হৈ গল। পিতা উত্তৰাধিকাৰ দিবলৈ আহিছে গতিকে পুৰুষাৰ্থ কৰি সন্মান সহকাৰে উত্তীৰ্ণ হব লাগে। ভাল বিদ্যাৰ্থীয়ে বহুত পুৰুষাৰ্থ কৰে। এই মালাও সন্মান সহকাৰে উত্তীৰ্ণ হোৱাসকলৰহে। যিমান সম্ভৱ পুৰুষাৰ্থ কৰি থাকা। বিনাশ কালত অপ্ৰীতিকৰ বুদ্ধি বুলি কয়। ইয়াৰ ওপৰতো তোমালোকে বুজাব পাৰা। আমাৰ পিতাৰ সৈতে প্ৰীতি বুদ্ধি আছে। এজন পিতাৰ বাহিৰে আমি আন কাকো স্মৰণ নকৰোঁ। পিতাই কয় - দেহ সহিত দেহৰ সকলো সম্বন্ধ এৰি মামেকম্‌ (কেৱল মোকেই) স্মৰণ কৰা। ভক্তি মাৰ্গত বহুত স্মৰণ কৰি আহিছা - হে দুখ হৰ্তা, সুখ কৰ্তা. তেন্তে নিশ্চয় পিতা সুখ দিওঁতা হয় নহয় জানো। স্বৰ্গক কোৱাই হয় সুখধাম। পিতাই বুজায় - মই আহিছোৱেই পাৱন কৰি তুলিবলৈ। সন্তানসকল যি কাম চিতাত বহি ভস্ম হৈ গৈছে, আহি তেওঁলোকৰ ওপৰত জ্ঞান বৰষো। তোমালোক সন্তানসকলক যোগ শিকাওঁ - পিতাক স্মৰণ কৰা তেতিয়া বিকৰ্ম বিনাশ হব আৰু তোমালোক পৰিস্তানৰ মালিক হৈ যাবা। তোমালোকো যাদুকৰ নহলা জানো। সন্তানসকলৰ নিচা থাকিব লাগে - আমাৰ এয়া সঁচা যাদুকৰী। কোনো কোনো বহুত ভাল দক্ষ যাদুকৰ থাকে। কি কি বস্তু উলিয়াই থাকে। এই যাদুকৰী আকৌ অলৌকিক অৰ্থাৎ এজনৰ বাহিৰে আন কোনেও শিকাব নোৱাৰে। তোমালোকে জানা আমি মনুষ্যৰ পৰা দেৱতা হৈ আছোঁ। এই শিক্ষা হৈছেই নতুন সৃষ্টিৰ কাৰণে। তাক সত্যযুগ নতুন বিশ্ব বুলি কোৱা হয়। এতিয়া তোমালোক সংগমযুগত আছা। এই পুৰুষোত্তম সংগমযুগৰ বিষয়ে কোনেও নাজানে। তোমালোক কিমান উত্তম পুৰুষ হৈ যোৱা। পিতাই আত্মাসকলকহে বুজায়। শ্ৰেণীতো তোমালোক ব্ৰাহ্মণীসকল যেতিয়া বহা তেতিয়া তোমালোকৰ কাম হৈছে পোন প্ৰথমে সাৱধান কৰাতো। ভাইসকল ভনীসকল নিজক আত্মা বুলি বুজি বহা। আমি আত্মাই এই কৰ্মেন্দ্ৰিয়ৰ দ্বাৰা শুনোঁ। 84 জন্মৰ ৰহস্যও পিতাই বুজাইছে। কোনসকল মনুষ্যই 84 জন্ম লয়? সকলোৱেতো নলব। ইয়াৰ ওপৰতো কাৰো খেয়াল নচলে। যি শুনে তাকেই সত্য বুলি কৈ দিয়ে। হনুমান বায়ুৰ পৰা আবিৰ্ভাৱ হল তাকো সত্য বুলি কয়। পুনৰ অন্যকো এনেকুৱা কথা শুনাই থাকে আৰু সত্য সত্য বুলি কৈ থাকে।

এতিয়া তোমালোক সন্তানসকলে শুদ্ধ আৰু ভুল বুজি পোৱাৰ জ্ঞান চক্ষু পাইছা গতিকে শুদ্ধ কৰ্মহে কৰিব লাগে। তোমালোকে বুজোৱাও যে আমি বেহদৰ পিতাৰ পৰা এই উত্তৰাধিকাৰ লৈ আছোঁ। তোমালোক সকলোৱে পুৰুষাৰ্থ কৰা। সেইজন পিতা সকলো আত্মাৰে পিতা। তোমালোক আত্মাসকলক পিতাই কয় - এতিয়া মোক স্মৰণ কৰা। নিজক আত্মা বুলি বুজা। আত্মাতেই সংস্কাৰ থাকে। সংস্কাৰ লৈ যায়, কাৰোবাৰ সৰুকালতে বহুত নাম হৈ যায় তেতিয়া বুজা যায় যে এওঁ পূৰ্বৰ জন্মত এনেকুৱা কোনো কাম কৰিছে, কোনোবাই যদি কলেজ আদি প্ৰতিষ্ঠা কৰি দিছে তেন্তে পৰৱৰ্তী জন্মত ভালকৈ পঢ়ে। কৰ্মৰ হিচাপ-নিকাচ আছে নহয় জানো। সত্যযুগত বিকৰ্মৰ কথাই নাথাকিব। কৰ্মতো নিশ্চয় কৰিব। ৰাজত্ব কৰিব, খাব কিন্তু ওলোটা কৰ্ম নকৰিব। তাক কোৱাই হয় ৰামৰাজ্য। ইয়াত হৈছে ৰাৱণ ৰাজ্য। এতিয়া তোমালোকে শ্ৰীমত অনুসৰি ৰামৰাজ্য প্ৰতিষ্ঠা কৰি আছা। সেইখন হল নতুন সৃষ্টি। পুৰণি সৃষ্টিত দেৱতাসকলৰ ছায়া নপৰে। লক্ষ্মীৰ জড় চিত্ৰ দাঙি চোৱা তেতিয়া ছায়া পৰিব, চৈতন্যৰ পৰিব নোৱাৰে। তোমালোক সন্তানসকলে জানা সকলোৱে পুনৰ্জন্ম লবই লাগে। কুঁৱাৰ পৰা পানী তোলা চকৰি থাকে নহয়, ঘূৰি থাকে। এয়াও তোমালোকৰ চক্ৰ ঘূৰি থাকে। ইয়াৰ ওপৰতে দৃষ্টান্ত বুজোৱা হয়। পবিত্ৰতাতো সকলোতকৈ ভাল। কুমাৰী পবিত্ৰ হোৱাৰ কাৰণে সকলোৱে তেওঁলোকৰ চৰণত পৰে। তোমালোক হলা প্ৰজাপিতা ব্ৰহ্মাকুমাৰ-ব্ৰহ্মাকুমাৰী। সংখ্যাগৰিষ্ঠ কুমাৰীসকলেই সেইকাৰণে গায়ন আছে কুমাৰীৰ দ্বাৰা বাণ মৰোৱালে। এয়া হল জ্ঞান বাণ। তোমালোকে প্ৰেমেৰে বহি বুজোৱা। পিতা সৎগুৰুতো এজনেই। তেওঁ সকলোৰে সৎগতি দাতা হয়। ভগৱানুবাচ - মন্‌মনাভৱ। এইটোও মন্ত্ৰ হয় নহয় জানো, ইয়াতে পৰিশ্ৰম হয়। নিজক আত্মা বুলি বুজি পিতাক স্মৰণ কৰা। এয়া হল গুপ্ত পৰিশ্ৰম। আত্মাহে তমোপ্ৰধান হল আকৌ সতোপ্ৰধান হব লাগে। পিতাই বুজাইছে - আত্মাসকল আৰু পৰমাত্মা বহুকাল বিচ্ছিন্ন হৈ থাকিল.... যিসকল প্ৰথমতে বিচ্ছিন্ন হল, মিলিতও তেওঁলোকেই প্ৰথমতে হব। সেইকাৰণে পিতাই কয় - অতি মৰমৰ, কল্পৰ পাচত পুনৰাই লগ পোৱা সন্তানসকল। পিতাই জানে কেতিয়াৰ পৰা ভক্তি আৰম্ভ কৰিছে। আধা আধা হয়। আধাকল্প জ্ঞান, আধাকল্প ভক্তি। দিন আৰু ৰাতি 24 ঘণ্টাৰ ভিতৰত 12 ঘণ্টা এ. এম. (মধ্যাহ্নৰ আগত) আৰু 12 ঘণ্টা পি. এম. (মধ্যাহ্নৰ পাচত) হয়। কল্পও আধা আধা হয়। ব্ৰহ্মাৰ দিন, ব্ৰহ্মাৰ ৰাতি তেন্তে কলিযুগৰ আয়ুস ইমান দীঘলীয়া কিয় কৰি দিয়ে? এতিয়া তোমালোকে শুদ্ধ-ভুল কব পাৰা। শাস্ত্ৰ সকলো হৈছে ভক্তি মাৰ্গৰ। আকৌ ভগৱান আহি ভক্তিৰ ফল দিয়ে। ভক্তৰ ৰক্ষক বুলি কোৱা হয় নহয়। আগলৈ গৈ তোমালোকে সন্ন্যাসী আদিকো বহুত মৰমেৰে বহি বুজাবা। তোমালোকৰ প্ৰ-পত্ৰতো তেওঁলোকে পূৰ নকৰিব। মা-পিতাৰ নাম নিলিখিব। কোনো কোনোৱে কয়। বাবাই গৈ সুধিছিল - কিয় সন্ন্যাস ললে, কাৰণ শুনাওঁক? বিকাৰৰ সন্ন্যাস কৰে, তেতিয়া ঘৰৰো সন্ন্যাস কৰে। এতিয়া তোমালোকে গোটেই পুৰণি সৃষ্টিৰ সন্ন্যাস কৰা। নতুন সৃষ্টিৰ তোমালোকক সাক্ষাৎকাৰ কৰাই দিছে। সেয়া হৈছে নিৰ্বিকাৰী সৃষ্টি। স্বৰ্গীয় ঈশ্বৰ পিতা (হেভেনলি গড ফাদাৰ) হৈছে স্বৰ্গ স্থাপন কৰোঁতা। ফুলৰ বাগিচা গঢ়োঁতা। কাঁইটক ফুল কৰি গঢ়ি তোলে। এক নম্বৰ কাঁইট হল - কাম কটাৰী। কাম বিকাৰৰ কাৰণে কটাৰী বুলি কয়, ক্ৰোধক ভূত বুলি কোৱা হব। দেৱী-দেৱতাসকল দ্বৈত অহিংসক আছিল। নিৰ্বিকাৰী দেৱতাসকলৰ আগত বিকাৰী মনুষ্য সকলোৱে মূৰ দোৱায়। এতিয়া তোমালোক সন্তানসকলে জানা - আমি ইয়ালৈ পঢ়িবলৈ আহিছোঁ। বাকী সেই সৎসংগ আদিত যোৱা সেয়াতো গতানুগতিক কথা। ঈশ্বৰ সৰ্বব্যাপি বুলি কৈ দিয়ে। পিতা কেতিয়াবা সৰ্বব্যাপি হয় জানো? পিতাৰ পৰা তোমালোক সন্তানসকলে উত্তৰাধিকাৰ পোৱা। পিতা আহি পুৰণি সৃষ্টিক নতুন সৃষ্টি স্বৰ্গ কৰি গঢ়ি তোলে। কোনোৱেতো নৰকক নৰক বুলিও নামানে। চহকীসকলে ভাবে স্বৰ্গতনো কি আছে। আমাৰ ওচৰত ধন মহল বিমান আদি সকলো আছে, আমাৰ কাৰণে এয়াই স্বৰ্গ। নৰক তেওঁলোকৰ কাৰণে যিসকল আৱৰ্জনাৰ মাজত থাকে সেইকাৰণে ভাৰত কিমান দুখীয়া কঙাল পুনৰ ইতিহাস পুনৰাবৃত্তি হব। তোমালোকৰ নিচা থাকিব লাগে - পিতাই আমাক পুনৰ দ্বৈত মুকুটধাৰী কৰি তোলে। অতীত-বৰ্তমান-ভৱিষ্যতক জানি গলা। সত্যযুগ-ত্ৰেতাৰ কাহিনী পিতাই শুনাইছে আকৌ মাজত আমি অৱনমিত হওঁ। বামমাৰ্গ হৈছে বিকাৰী মাৰ্গ। এতিয়া আকৌ পিতা আহিছে। তোমালোকে নিজক স্বদৰ্শন চক্ৰধাৰী বুলি বুজা। এনেকুৱা নহয় যে চক্ৰ ঘূৰোৱা যাৰ দ্বাৰা ডিঙি কটা যাব। কৃষ্ণৰ হাতত চক্ৰ দেখুৱায় যে দৈত্যসকলক মাৰি থাকে, এনেকুৱা কথাতো হব নোৱাৰে। তোমালোকে বুজি পোৱা আমি ব্ৰাহ্মণসকল হৈছোঁ স্বদৰ্শন চক্ৰধাৰী। আমাৰ সৃষ্টিৰ আদি-মধ্য-অন্তৰ জ্ঞান আছে। তাত দেৱতাসকলৰতো এই জ্ঞান নাথাকিব। তাত হয়েই সৎগতি সেইকাৰণে তাক কোৱা হয় দিন। ৰাতিহে কষ্ট হয়। ভক্তিত দৰ্শন পাবলৈ কিমান হঠযোগ আদি কৰে। ঐকান্তিক ভক্তি কৰোঁতাসকলে প্ৰাণ আহুতি দিবলৈ সাজু হৈ যায় তেতিয়া সাক্ষাৎকাৰ হয়। অল্পকালৰ কাৰণে নাটক অনুসৰি ইচ্ছা পূৰ্ণ হয়। বাকী ঈশ্বৰে একো নকৰে। আধাকল্প ভক্তিৰ ভূমিকা চলে। ভাল বাৰু!

অতি মৰমৰ, কল্পৰ পাচত পুনৰাই লগ পোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।

ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) এইটো আত্মিক নিচাত থাকিব লাগে যে বাবাই আমাক দ্বৈত মুকুটধাৰী কৰি গঢ়ি আছে। আমি হৈছোঁ স্বদৰ্শন চক্ৰধাৰী ব্ৰাহ্মণ। অতীত-বৰ্তমান-ভৱিষ্যতৰ জ্ঞান বুদ্ধিত ৰাখি চলিব লাগে।

(2) সন্মান সহকাৰে উত্তীৰ্ণ হবলৈ পিতাৰ সৈতে সঁচা প্ৰীতি ৰাখিব লাগে। পিতাক স্মৰণ কৰাৰ গুপ্ত পৰিশ্ৰম কৰিব লাগে।

বৰদান:
সকলো গুণৰ অনুভৱৰ দ্বাৰা পিতাক প্ৰত্যক্ষ কৰাওঁতা অনুভৱী মূৰ্ত হোৱা

পিতাৰ যিবোৰ গুণ গোৱা সেই সকলো গুণৰ অনুভৱী হোৱা, যেনেকৈ পিতা আনন্দৰ সাগৰ তেনেকৈ সেই আনন্দৰ সাগৰৰ ঢৌত ঢৌ খেলি থাকা। যিয়েই সম্পৰ্কত আহে তেওঁলোকক আনন্দ, প্ৰেম, সুখ.. সকলো গুণৰ অনুভূতি কৰোৱা। এনেকুৱা সকলো গুণৰ অনুভৱী মূৰ্ত হোৱা তেতিয়া তোমালোকৰ দ্বাৰা পিতাৰ ছবি (চেহেৰা) প্ৰত্যক্ষ হব কাৰণ তোমালোক মহান আত্মাসকলেই পৰম আত্মাক নিজৰ অনুভৱী মূৰ্তেৰে প্ৰত্যক্ষ কৰাব পাৰা।

স্লোগান:
কাৰণক নিবাৰণলৈ পৰিৱৰ্তন কৰি অশুভ কথাকো শুভ কৰি লোৱা।