03.12.19       Morning Assame Murli        Om Shanti      BapDada       Madhuban


"মৰমৰ সন্তানসকল তোমালোকৰ এই ৰেকৰ্ড (বাণীবদ্ধ গীত) সঞ্জীৱনী ঔষধ হয়, ইয়াক বজালে উদাসীনতা আঁতৰি যাব

প্ৰশ্ন:
অৱস্থা বেয়া হোৱাৰ কাৰণ কি? কি যুক্তিৰে (উপায়েৰে) অৱস্থা বহুত ভাল হৈ থাকিব পাৰে?

উত্তৰ:
1) জ্ঞানৰ নৃত্য নকৰে, পৰচৰ্চাত নিজৰ সময় নষ্ট কৰি দিয়ে সেয়েহে অৱস্থা বেয়া হৈ যায়। 2) অন্যক দুখ দিলে তেতিয়াও তাৰ প্ৰভাৱ অৱস্থাৰ ওপৰত পৰে। অৱস্থা ভাল তেতিয়া হৈ থাকিব যেতিয়া মিঠা হৈ চলিবা। স্মৃতিৰ ওপৰত পুৰা ধ্যান থাকিব। ৰাতিৰ শোৱাৰ আগতে অতিকমেও আধা ঘণ্টা স্মৃতিত বহা পুনৰ পুৱা উঠি স্মৰণ কৰা তেতিয়া অৱস্থা ভাল হৈ থাকিব।

গীত:
কোন আয়া মেৰে মন কে দ্বাৰে (কোন আহিল মোৰ মনৰ দুৱাৰডলিত....)

ওঁম্শান্তি।
এই ৰেকৰ্ডো (বাণীবদ্ধ গীত) বাবাই সন্তানসকলৰ কাৰণে বাণীবদ্ধ কৰাইছে। ইয়াৰ অৰ্থও সন্তানসকলৰ বাহিৰে কোনেও জানিব নোৱাৰে। বাবাই বহুবাৰ বুজাইছে যে এনেকুৱা ভাল-ভাল ৰেকৰ্ড ঘৰত থাকিব লাগে যেতিয়া উদাসীন হৈ যোৱা তেতিয়া ৰেকৰ্ড বজালে বুদ্ধিত তৎক্ষণাৎ অৰ্থ আহি যাব আৰু তেতিয়া উদাসীনতা আঁতৰি যাব। এই ৰেকৰ্ডো সঞ্জীৱনী ঔষধৰ দৰে। বাবাই নিৰ্দেশনাতো দিয়ে কিন্তু কোনোবাই সেয়া ফলপ্ৰসূ কৰিলেহে। এতিয়া এয়া গীতত কোনে কয় যে মোৰ তোমাৰ সকলোৰে হৃদয়ত কোন আহিল! যি আহি জ্ঞানৰ নৃত্য কৰে। এনেকৈ কয় যে গোপিনীসকলে কৃষ্ণক নচুৱাইছিল, কিন্তু তেনেকুৱাতো নহয়। এতিয়া বাবাই কয় - হে শালীগ্ৰাম সন্তানসকল। সকলোকে নকয় জানো। স্কুল মানে স্কুলেই, য'ত পঢ়া-শুনা কৰা হয়, এয়াও স্কুল। তোমালোক সন্তানসকলে জানা আমাৰ হৃদয়ত কাৰ স্মৃতি আহে! আৰু কোনো মনুষ্য মাত্ৰৰ বুদ্ধিত এই কথাবোৰ নাই। এইটো এটাই সময় যেতিয়া তোমালোক সন্তানসকলৰ তেওঁৰ স্মৃতি থাকে আৰু অন্য কোনেও তেওঁক স্মৰণ নকৰে। পিতাই কয় - তোমালোকে নিতৌ মোক স্মৰণ কৰা তেতিয়া ধাৰণা বহুত ভাল হ'ব। যেনেকৈ মই নিৰ্দেশনা দিওঁ তেনেকৈ তোমালোকে স্মৰণ নকৰা। মায়াই তোমালোকক স্মৰণ কৰিব নিদিয়ে। মই কোৱা মতে তোমালোক বহুত কম চলা আৰু মায়াই কোৱা মতে বহুত চলা। বহুবাৰ কোৱা হৈছে - ৰাতি যেতিয়া শোৱা তেতিয়া আধা ঘণ্টা বাবাৰ স্মৃতিত বহিব লাগে। স্ত্ৰী-পুৰুষ হলেও, একেলগে বহা বা বেলেগ-বেলেগকৈ বহা। বুদ্ধিত যাতে এজন পিতাৰ স্মৃতিয়েই থাকে। কিন্তু কোনো বিৰলাইহে (বহুত কম সংখ্যকে) স্মৰণ কৰে। মায়াই পাহৰাই দিয়ে। আদেশ অনুসৰি নচলিলে তেন্তে পদ কেনেকৈ পাব পাৰিবা। বাবাক বহুত স্মৰণ কৰিব লাগে। শিৱবাবা আপুনিয়েই আত্মাসকলৰ পিতা। সকলোৱে আপোনাৰ পৰাই উত্তৰাধিকাৰ ল'ব লাগিব। যিয়ে পুৰুষাৰ্থ নকৰে তেৱোঁ উত্তৰাধিকাৰ প্ৰাপ্ত কৰিব, ব্ৰহ্মাণ্ডৰ মালিকতো সকলোৱে হ'ব। সকলো আত্মা ড্ৰামা অনুসৰি নিৰ্বাণধামলৈ আহিব। লাগিলে একোৱেই নকৰক। আধাকল্প যদিও ভক্তি কৰে কিন্তু কোনেও উভতি যাব নোৱাৰে, যেতিয়ালৈকে মই গাইড (পথ-প্ৰৰ্দশক) হৈ নাহোঁ। কোনেও ৰাস্তা দেখাই নাই। যদি দেখা পাইছে তেন্তে তেওঁৰ পিছত সকলো মহৰ সদৃশ গলহেঁতেন। মূলবতন কি হয় - এয়াও কোনেও নাজানে। তোমালোকে জানা যে এইখন হৈছে পূৰ্ব নিৰ্ধাৰিত ড্ৰামা, ইয়াকেই পুনৰাবৃত্তি কৰিব লাগে। এতিয়া দিনততো কৰ্মযোগী হৈ ধান্দাত লাগিব লাগে। ভোজন ৰন্ধা আদি সকলো কৰ্ম কৰিব লাগে, বাস্তৱতে কৰ্ম সন্ন্যাস বুলি কোৱাও ভুল। কৰ্ম অবিহনেতো কোনো থাকিব নোৱাৰে। কৰ্ম সন্ন্যাসী বুলি মিছা নাম ৰাখি দিলে। গতিকে দিনত ধান্দা লাগিলে কৰা, ৰাতি আৰু পুৱা পিতাক ভালকৈ স্মৰণ কৰা। যাক এতিয়া নিজৰ কৰি ল'লা, তেওঁক স্মৰণ কৰিলে সহায়ো পাবা। অন্যথা নাপাবা। ধনৱান সকলৰতো পিতাৰ হবলৈ গলে হৃদয় বিদৃৰ্ণ হৈ পৰে গতিকে পদো নাপাব। এইটো স্মৰণ কৰা বহুত সহজ। তেওঁ আমাৰ পিতা, শিক্ষক, গুৰু হয়। আমাক গোটেই ৰহস্য শুনাইছে - এই সৃষ্টিৰ ইতিহাস-ভূগোল কেনেকৈ পুনৰাবৃত্তি হয়। পিতাক স্মৰণ কৰিব লাগে আৰু স্বদৰ্শন চক্ৰও ঘূৰাব লাগে। সকলোকে উভতাই লৈ যোৱাজনতো পিতাই হয়। এনেকুৱা চিন্তনত থাকিব লাগে। ৰাতি শোৱাৰ সময়তো যাতে এই জ্ঞান বুদ্ধিত ঘূৰি থাকে। পুৱা উঠোতেও এই জ্ঞান স্মৃতিত থাকিব লাগে। আমি ব্ৰাহ্মণেই দেৱতা পিছত ক্ষত্ৰিয়, বৈশ্য, শূদ্ৰ হ'মগৈ। পুনৰ বাবা আহিব আকৌ আমি শূদ্ৰৰ পৰা ব্ৰাহ্মণ হ'ম। বাবা ত্ৰিমূৰ্তি, ত্ৰিকালদৰ্শী, ত্ৰিনেত্ৰীও হয়। আমাৰ বুদ্ধি খুলি দিয়ে। তৃতীয় নেত্ৰও জ্ঞানৰ প্ৰাপ্ত হয়। এনেকুৱা পিতাতো অন্য কোনো হ'ব নোৱাৰে। পিতাই ৰচনা ৰচে গতিকে মাতাও হৈ গ'ল। জগত অম্বাক নিমিত্ত কৰে। পিতা এই শৰীৰত আহি ব্ৰহ্মা ৰূপৰে খেলা-ধুলা কৰে। ঘূৰিবলৈও যায়। আমি বাবাকতো স্মৰণ কৰোঁ নহয় জানো! তোমালোকে জানা এওঁৰ ৰথত আহে। তোমালোকে ক'বা বাপদাদাই আমাৰ লগত খেলে। খেলতো বাবাই স্মৃতিত থকাৰ পুৰুষাৰ্থ কৰে। বাবাই কয় - মই এওঁৰ দ্বাৰা খেলি আছোঁ। চৈতন্য নহয় জানো। গতিকে এনেকুৱা খেয়াল চলিব লাগে। এনেকুৱা পিতাৰ প্ৰতি বলিহাৰো হব লাগে। ভক্তি মাৰ্গত তোমালোকে গাই আহিছা- বলিহাৰ হৈ যাওঁ...... এতিয়া পিতাই কয় - মোক এই এটা জন্ম উত্তৰাধিকাৰী কৰি লোৱা তেতিয়া মই 21 জন্মৰ কাৰণে ৰাজ্য-ভাগ্য দিম। এতিয়া এইটো নিৰ্দেশনা দিয়ে গতিকে সেই নিৰ্দেশনা মতে চলিব লাগে। তেৱোঁ যেনেকুৱা দেখিব তেনেকুৱাই নিৰ্দেশনা দিব। নিৰ্দেশনা মতে চলিলে মমত্ব আঁতৰি যাব, কিন্তু ভয় কৰে। বাবাই কয় - তোমালোক বলিহাৰ নহলে তেন্তে মই উত্তৰাধিকাৰ কেনেকৈ দিম। তোমালোকৰ ধন জানো মই লওঁ। বাবাই ক'ব, ভাল বাৰু তোমাৰ ধন আছে, সাহিত্যত (গ্ৰন্থ প্ৰকাশ কৰাত) লগাই দিয়া। তোমালোক নিমিত্ত নোহোৱা জানো। বাবাই ৰায় দি থাকিব। বাবাৰ সকলো সন্তানসকলৰ কাৰণে। সন্তানসকলৰ পৰা একো নলয়। যুক্তিৰে বুজাই দিয়ে কেৱল মমত্ব আঁতৰি যাওঁক। মোহো বহুত গাঢ় হয় (বান্দৰৰ দৃষ্টান্ত)। বাবাই কয় - তোমালোকে বান্দৰৰ সদৃশ সিহঁতৰ প্ৰতি মোহ কিয় ৰাখা। তেনেহলে ঘৰে-ঘৰে মন্দিৰ কেনেকৈ হব। মই তোমালোকক বান্ধৰামিৰ পৰা মুক্ত কৰি মন্দিৰ যোগ্য কৰি তোলোঁ। তোমালোকে এই আৱৰ্জনাবোৰ (বিনাশী বস্তু, বৈভৱ)ৰ প্ৰতি মমত্ব কিয় ৰাখা। বাবাই কেৱল মত দিয়ে - কেনেকৈ চম্ভালিবা। তথাপিও বুদ্ধিত নবহে। এয়া সকলো বুদ্ধিৰ কাম।

বাবাই ৰায় দিয়ে অমৃতবেলাও কেনেকৈ বাবাৰ সৈতে বাৰ্তালাপ কৰিবা। বাবা, আপুনি বেহদৰ পিতা, শিক্ষক হয়। আপুনিয়েই বেহদৰ সৃষ্টিৰ ইতিহাস-ভূগোলৰ বিষয়ে ক'ব পাৰে। লক্ষ্মী-নাৰায়ণৰ 84 জন্মৰ কাহিনী জগতত কোনেও নাজানে। জগত অম্বাক মাতা বুলিও কয়। তেওঁ কোন? সত্যযুগততো হ'ব নোৱাৰে। তাৰ মহাৰাণী-মহাৰজাতো লক্ষ্মী-নাৰায়ণ হয়। তেওঁলোকৰ নিজৰ সন্তান আছে যি সিংহাসনত বহিব। আমি কেনেকৈ তেওঁলোকৰ সন্তান হ'ম যে সিংহাসনত বহিম। এতিয়া আমি জানো এওঁ জগদম্বা ব্ৰাহ্মণী হয়, ব্ৰহ্মাৰ জীয়ৰী সৰস্বতী। মনুষ্যই ক'ত এই ৰহস্য জানিব। ৰাতি বাবাৰ স্মৃতিত বহাৰ নিয়ম কৰি লোৱাতো বহুত ভাল। নিয়ম কৰি ললে তেতিয়া তোমালোকৰ আনন্দৰ সীমা বাঢ়ি গৈ থাকিব আৰু কোনো কষ্ট নহ'ব। তোমালোকে ক'বা এজন পিতাৰ সন্তান আমি ভাই-ভনী হয়। তেনেস্থলত কু-দৃষ্টি দিয়াতো শাস্তিযোগ্য অপৰাধ হৈ যাব। নিচাও সতো, ৰজো, তমোগুণী হয়। তমোগুণী নিচা হলে মৰি যাব। এইটো নিয়ম কৰি লোৱা - অলপ সময়ৰ বাবে হলেও বাবাক স্মৰণ কৰি বাবাৰ সেৱাত যোৱা। তেতিয়া মায়াৰ ধুমুহা নাহিব। সেই নিচা গোটেই দিনটো থাকিব আৰু অৱস্থাও বহুত পৰিশুদ্ধ হৈ যাব। যোগতো লাইন স্বচ্ছ হৈ যাব। এনেকুৱা ৰেকৰ্ডো বহুত ভাল, ৰেকৰ্ড শুনি থাকিলে নাচিবলৈ আৰম্ভ কৰি দিবা, সতেজ হৈ যাবা। দুটা, চাৰিটা, পাঁচটা ৰেকৰ্ড বহুত ভাল। দুখীয়া সকলো বাবাৰ এই সেৱাত লাগি গলে তেতিয়া তেওঁলোকে মহল প্ৰাপ্ত কৰিব পাৰে। শিৱবাবাৰ ভাণ্ডাৰৰ পৰা সকলোবোৰ প্ৰাপ্ত কৰিব পাৰে। সেৱাধাৰীসকলক বাবাই কিয় নিদিব। শিৱবাবাৰ ভাণ্ডাৰ ভৰপূৰ হৈয়েই আছে।

(গীত) এয়া হৈছে জ্ঞান নৃত্য। পিতা আহি গোপ-গোপীসকলক জ্ঞান নৃত্য কৰায়। য'তেই বহি নাথাকা কিয় বাবাক স্মৰণ কৰি থাকা তেতিয়া অৱস্থা বহুত ভাল হৈ থাকিব। যেনেকৈ বাবা জ্ঞান আৰু যোগৰ নিচাত থাকে তোমালোক সন্তানসকলকো শিকায়। গতিকে আনন্দৰ নিচা থাকিব। নহ'লে পৰচৰ্চা কৰি থাকিলে তেতিয়া অৱস্থাই বেয়া হৈ যায়। পুৱা উঠাতো বহুত ভাল। বাবাৰ স্মৃতিত বহি বাবাৰ লগত মিঠা-মিঠা কথা পাতিব লাগে। ভাষণ কৰোঁতাসকলেতো বিচাৰ সাগৰ মন্থন কৰিব লাগে। আজি এইকেইটা পইণ্টৰ ওপৰত বুজাম, এনেকৈ বুজাম। বাবাক বহুত সন্তানে কয় - মই চাকৰি এৰি দিওঁনে? কিন্তু বাবাই কয় - প্ৰথমে সেৱাৰ প্ৰমাণটো দিয়া। বাবাই বহুত ভাল স্মৃতিৰ যুক্তি শুনাইছে। কিন্তু কোটিৰ মাজত কোনোবা ওলাব যাৰ এইটো অভ্যাস হ'ব। কাৰোবাৰ কাচিৎহে স্মৃতি থাকে। তোমালোক কুমাৰীসকলৰ নামতো জনাজাত। সকলোৱে কুমাৰীসকলৰ চৰণত পৰে। তোমালোকে 21 জন্মৰ কাৰণে ভাৰতক স্বৰাজ্য প্ৰদান কৰা। তোমালোকৰ স্মাৰক মন্দিৰো আছে। ব্ৰহ্মাকুমাৰ-কুমাৰীসকলৰ নামো প্ৰসিদ্ধ হৈ যোৱা নাই জানো। কুমাৰী তেওঁ যিয়ে 21 কূলৰ উদ্ধাৰ কৰে। গতিকে তাৰ অৰ্থও বুজিব লাগে। তোমালোক সন্তানসকলে জানা যে এয়া 5 হাজাৰ বছৰৰ ৰীল, যি পাৰ হৈ গ'ল সেয়া ড্ৰামা। ভুল হ'ল সেয়াও ড্ৰামা। পুনৰ আগলৈ নিজৰ ৰেজিষ্টাৰ ঠিক কৰি লব লাগে। পুনৰ ৰেজিষ্টাৰ বেয়া হ'ব নালাগে। বহুত যত্ন কৰিবলগীয়া হয় তেতিয়াহে ইমান উচ্চ পদ প্ৰাপ্ত কৰিবা। বাবাৰ হৈ গ'লা যেতিয়া বাবাই উত্তৰাধিকাৰো দিব। সতীয়া সন্তানক (কুপুত্ৰক) জানো উত্তৰাধিকাৰ দিব। সহায় কৰাতো দায়িত্ব। যি বুদ্ধিমান হয় তেওঁ প্ৰতিটো কথাত সহায় কৰে। পিতাক চোৱা কিমান সহায় কৰে। সাহসীজনক খোদাই সহায় কৰে। মায়াৰ ওপৰত বিজয়ী হবৰ কাৰণেও শক্তি লাগে। এক আত্মিক পিতাক স্মৰণ কৰিব লাগে, অন্য সকলো সংগ এৰি এজনৰ সংগ লব লাগে। বাবা হৈছে জ্ঞানৰ সাগৰ। তেওঁ কয় - মই এওঁৰ শৰীৰত প্ৰৱেশ কৰোঁ, কথা কওঁ। আৰুতো কোনেও এনেকৈ ক'ব নোৱাৰে যে মই পিতা, শিক্ষক, গুৰু হওঁ। ব্ৰহ্মা, বিষ্ণু, শংকৰকো ৰচনা কৰোঁতা হওঁ। এই কথাবোৰ এতিয়া তোমালোক সন্তানসকলেহে বুজিব পাৰা। ভাল বাৰু!

অতি মৰমৰ কল্পৰ পিছত পুনৰাই লগ পোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।

ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) পুৰণি আৱৰ্জনাৰ (বিনাশী বস্তু, বৈভৱ) প্ৰতি মমত্ব ৰাখিব নালাগে, পিতাৰ নিৰ্দেশনা অনুসৰি আগবাঢ়ি নিজৰ মমত্ব আঁতৰাব লাগে। নিমিত্ত হৈ থাকিব লাগে।

(2) এই অন্তিম জন্মত ভগৱানক নিজৰ উত্তৰাধিকাৰী কৰি তেওঁৰ প্ৰতি বলিহাৰ হব লাগে, তেতিয়া 21 জন্মৰ ৰাজ্য ভাগ্য প্ৰাপ্ত হ'ব। পিতাক স্মৰণ কৰি সেৱা কৰিব লাগে, নিচাত থাকিব লাগে, ৰেজিষ্টাৰ যাতে কেতিয়াও বেয়া নহয় তাৰ প্ৰতি ধ্যান ৰাখিব লাগে।

বৰদান:
পৰমাত্ম লগনেৰে নিজক বা বিশ্বক নিৰ্বিঘ্ন কৰি তোলোঁতা তপস্বীমূৰ্ত হোৱা

এক পৰমাত্ম লগনত থকাটোৱেই হৈছে তপস্যা। এই তপস্যাৰ বলেহে নিজক আৰু বিশ্বক সদাকালৰ কাৰণে নিৰ্বিঘ্ন কৰি তুলিব পাৰে। নিৰ্বিঘ্ন হৈ থকা আৰু নিৰ্বিঘ্ন কৰি তোলাই হৈছে তোমালোকৰ প্ৰকৃত সেৱা, যিয়ে অনেক প্ৰকাৰৰ বিঘ্নৰ পৰা সকলো আত্মাক মুক্ত কৰি দিয়ে। এনেকুৱা সেৱাধাৰী সন্তানে তপস্যাৰ আধাৰত পিতাৰ পৰা জীৱনমুক্তিৰ বৰদান লৈ অন্যক দিয়াৰ নিমিত্ত হৈ যায়।
 

স্লোগান:
ভগ্ন স্নেহক সামৰি লৈ এজন পিতাৰ প্ৰতি স্নেহ ৰাখা তেতিয়া পৰিশ্ৰমৰ পৰা মুক্ত হৈ যাবা।