04.02.19       Morning Assame Murli        Om Shanti      BapDada       Madhuban


" মৰমৰ সন্তানসকল অন্তৰ্মুখী হৈ নিজৰ কল্যাণৰ কথা চিন্তা কৰা , ঘূৰিব - ফুৰিব যোৱা যদি একান্তত বিচাৰ সাগৰ মন্থন কৰা , নিজকে সোধা - মই সদায় হৰ্ষিত হৈ থাকোনে

প্ৰশ্ন:
দয়াশীল পিতাৰ সন্তান স ক লে নিজৰ ওপৰত কোনটো দয়া কৰা উচিত ?

উত্তৰ:
যিদৰে পিতাৰ দয়া ওপজে যে মোৰ সন্তানসকল কাঁইটৰ পৰা ফুল হওঁক, পিতাই সন্তানসকলক ফুলৰ দৰে কৰি তুলিবলৈ কিমান পৰিশ্ৰম কৰে সেয়েহে সন্তানসকলৰো নিজৰ ওপৰত দয়া ওপজিব লাগে যে আমি বাবাক আহ্বান কৰো - হে পতিত-পাৱন আহা, ফুলৰ দৰে কৰি তোলা, এতিয়া তেওঁ আহিছে তেন্তে আমি জানো ফুল নহম! দয়া ওপজিলে দেহী-অভিমানী হৈ থাকিব। পিতাই যি শুনায় সেয়া ধাৰণ কৰিব।

ওঁম্ শান্তি।
এয়াতো সন্তানসকলে বুজি পায় - এওঁ পিতাও হয়, শিক্ষকো হয়, সৎগুৰুও হয়। গতিকে পিতাই সন্তানসকলক সোধে যে তোমালোক যেতিয়া ইয়ালৈ আহা তেতিয়া এই লক্ষ্মী-নাৰায়ণ আৰু চিৰিৰ চিত্ৰ প্ৰত্যক্ষ কৰানে? যেতিয়া দুয়োখন ছবি প্ৰত্যক্ষ কৰা হয় তেতিয়া লক্ষ্য-উদ্দেশ্য আৰু গোটেই চক্ৰ বুদ্ধিত আহি যায় যে আমি দেৱী-দেৱতা হৈ পিছত আকৌ এনেকৈ চিৰিৰে নামি আহো। এই জ্ঞান তোমালোক সন্তানসকলেহে পোৱা। তোমালোক হৈছা বিদ্যাৰ্থী। লক্ষ্য-উদ্দেশ্য সন্মুখত আছে। যিয়েই আহে তেওঁক বুজোৱা এয়া হৈছে লক্ষ্য-উদ্দেশ্য। এই পঢ়াৰ দ্বাৰা এনেকুৱা দেৱী-দেৱতা হৈ যাওঁ। আকৌ 84 জন্মৰ চিৰি নামো, আকৌ পুনৰাবৃত্তি কৰিব লাগিব। বহুত সহজ জ্ঞান তথাপিও পঢ়ি-পঢ়ি কিয় ফেল হৈ যায়? সেই পাৰ্থিৱ পঢ়াতকৈও এই ঈশ্বৰীয় পঢ়া অতি সহজ হয়। লক্ষ্য-উদ্দেশ্য আৰু 84 জন্মৰ চক্ৰ একেবাৰে সন্মুখত আছে। এই দুয়োখন চিত্ৰ বহা কোঠাতো থাকিব লাগে। সেৱা কৰাৰ কাৰণে সেৱাৰ সামগ্ৰীৰো আৱশ্যক। সকলো জ্ঞান ইয়াতেই আছে। এই পুৰুষাৰ্থো আমি এতিয়াহে কৰো। সতোপ্ৰধান হবলৈ বহুত পৰিশ্ৰম কৰিব লাগে। ইয়াত অন্তৰ্মুখী হৈ বিচাৰ সাগৰ মন্থন কৰিব লাগে। ঘূৰিব-ফুৰিব গলেও বুদ্ধিত এয়াই থকা উচিত। এয়াটো বাবাই জানে যে সকলোৱে ক্ৰমানুসৰি হোৱা। কোনোৱে ভালদৰে বুজিলে নিশ্চয় পুৰুষাৰ্থ কৰিব, নিজৰ কল্যাণৰ কাৰণে। প্ৰত্যেক বিদ্যাৰ্থীয়ে বুজি পায় যে এওঁ ভালকৈ পঢ়ে। নিজে নপঢ়িলে নিজৰেই লোকচান কৰে। নিজকতো কিছু যোগ্য কৰি তুলিব লাগে। তোমালোকো বিদ্যার্থী হোৱা, সেয়াও বেহদৰ পিতাৰ! এওঁ ব্ৰহ্মায়ো পঢ়ে। এই লক্ষ্মী-নাৰায়ণ হৈছে পদবী (প্ৰালব্ধ) আৰু চিৰি হৈছে 84 জন্মৰ চক্ৰৰ। এয়া প্ৰথম নম্বৰৰ জন্ম, এয়া শেষ নম্বৰৰ জন্ম। তোমালোক দেৱতা হৈ যোৱা। ভিতৰত প্ৰৱেশ কৰাৰ লগে লগে সন্মুখত থকা লক্ষ্য আৰু চিৰিৰ ওপৰত বুজোৱা। নিতৌ আহি এওঁলোকৰ সন্মুখত বহিলে স্মৃতি আহিব। তোমালোকৰ বুদ্ধিত আছে যে বেহদৰ পিতাই আমাক বুজাই আছে। গোটেই চক্ৰৰ জ্ঞান তোমালোকৰ বুদ্ধিত ভৰপূৰ আছে গতিকে কিমান হৰ্ষিত হৈ থকা উচিত। নিজকে সুধিব লাগে যে আমাৰ সেই অৱস্থা কিয় নাথাকে? কি কাৰণ আছে যিয়ে হৰ্ষিত হৈ থকাৰ ক্ষেত্ৰত বাধাৰ সৃষ্টি কৰে? যিয়ে চিত্ৰ তৈয়াৰ কৰে তেওঁলোকৰ বুদ্ধিতো থাকিব যে এয়া আমাৰ ভৱিষ্যত পদ, এয়া আমাৰ লক্ষ্য-উদ্দেশ্য আৰু এয়া 84ৰ চক্ৰ। গায়নো আছে যে সহজ ৰাজযোগ। পিতাই সদায় বুজাই থাকে যে তোমালোক বেহদৰ পিতাৰ সন্তান গতিকে স্বৰ্গৰ উত্তৰাধিকাৰ নিশ্চয় লোৱা উচিত আৰু গোটেই চক্ৰৰো ৰহস্য বুজাইছে গতিকে নিশ্চয় সেয়া স্মৰণ কৰিব লাগে আকৌ কথা-বাৰ্তাতো আচৰণ ভাল হোৱা উচিত। চলন বহুত ভাল হব লাগে। চলোতে-ফুৰোতে, কাম-কাজ কৰোতে বুদ্ধিত যাতে কেৱল এইটোৱে থাকে যে আমি পিতাৰ ওচৰত পঢ়িবলৈ আহিছো। এই জ্ঞানেই তোমালোকে লগত লৈ যাব লাগিব। পঢ়াতো সহজ। কিন্তু যদিহে পুৰা ৰীতিৰে নপঢ়া তেন্তে শিক্ষকৰ নিশ্চয় এইটো চিন্তা থাকিব যে যদি ক্লাচত (শ্ৰেণীত) বহুত ডাল (বুদ্ধিহীন) সন্তান থাকে তেন্তে আমাৰ নাম বদনাম হব। পুৰস্কাৰ পোৱা নাযাব। চৰকাৰে একো নিদিব। এয়াও স্কুল নহয় জানো। ইয়াত পুৰস্কাৰ আদিৰ কথা নাই। তথাপি পুৰুষাৰ্থ কৰোৱা হয়। চলনক শুধৰোৱা, দৈৱীগুণ ধাৰণ কৰা। চৰিত্ৰ ভাল হব লাগে। পিতাতো তোমালোকৰ কল্যাণৰ কাৰণে আহিছে। কিন্তু পিতাৰ শ্ৰীমতত চলিব নোৱাৰে। শ্ৰীমতে যদি কয় ইয়ালৈ আহা কিন্তু নাযায়। এনেকৈ কব ইয়াত গৰম, ইয়াত ঠাণ্ডা। পিতাক চিনি নাপায় যে কোনে আমাক কয়? এই সাধাৰণ ৰথহে বুদ্ধিত আহে। সেই পিতা বুদ্ধিত নাহেই। ডাঙৰ ৰজাসকলক সকলোৱে কিমান ভয় কৰে। বহুত অথৰিটি সম্পন্ন (হৰ্তা-কৰ্তা) হয়। ইয়াত আকৌ পিতাই কয় মই গৰিব নিবাসী হওঁ। মোক ৰচয়িতাক আৰু ৰচনাৰ আদি-মধ্য-অন্তক কোনোৱে নাজানে। কিমান অসংখ্য মনুষ্য আছে। কেনেকুৱা-কেনেকুৱা কথা কয়, কি-কি শুনাই থাকে। ভগৱান কি বস্তু হয়, এয়াও নাজানে। আশ্চৰ্য্যজনক নহয়নে। পিতাই কয় - মই সাধাৰণ শৰীৰত আহি নিজৰ লগতে ৰচনাৰ আদি-মধ্য-অন্তৰ পৰিচয় দিওঁ। 84ৰ এই চিৰি কিমান স্পষ্ট।

পিতাই কয় - মই তোমালোকক এয়া শুনাইছিলো, এতিয়া পুনৰ শুনাই আছো। তোমালোক পাৰস বুদ্ধিৰ আছিলা তোমালোকক পাথৰ বুদ্ধৰ কোনে কৰি তুলিলে? আধাকল্প ৰাৱণ ৰাজ্যত তোমালোক অধঃপতিতেই হৈ আহিলা। এতিয়া তোমালোক তমোপ্ৰধানৰ পৰা সতোপ্ৰধান নিশ্চয় হব লাগিব। বিবেকেও কয় পিতা হৈছেই সত্য। তেওঁ নিশ্চয় সত্যই শুনাব। এওঁ ব্ৰহ্মাইও পঢ়ে, তোমালোকেও পঢ়া। এওঁ কয় - ময়ো বিদ্যাৰ্থী। পঢ়াৰ ওপৰত মনোযোগ দিওঁ। একুৰেট (সঠিক) কৰ্মাতীত অৱস্থাতো এতিয়া হোৱা নাই। এনেকুৱা কোন থাকিব যিয়ে ইমান উচ্চ পদ পোৱাৰ কাৰণে পঢ়াত ধ্যান নিদিব। সকলোৱে কব এনেকুৱা পদতো নিশ্চয় পোৱা উচিত। আমি পিতাৰ সন্তান হওঁ গতিকে নিশ্চয় আমিয়েই মালিক হোৱা উচিত। বাকী পঢ়াততো উঠা-নমা হয়েই। তোমালোকে এতিয়া জ্ঞানৰ একেবাৰে সাৰ লাভ কৰিছা। আৰম্ভণিততো পুৰণি জ্ঞানেই আছিল। লাহে-লাহে তোমালোকে বুজি আহিছা। এতিয়া বুজিছা যে জ্ঞানতো সঁচাকৈয়ে এতিয়াহে আমি পাওঁ। পিতায়ো কয় - আজি তোমালোকক মই গূঢ়াৰ্থমূলক কথা শুনাম। তাৎক্ষণাৎ কোনেও জীৱনমুক্তি পাব নোৱাৰে। গোটেই জ্ঞান লব নোৱাৰে। আৰম্ভণিতে জানো এই চিৰিৰ চিত্র আছিল। এতিয়া বুজি পোৱা আমি এনেকৈ চক্ৰ লগাও। আমিয়েই স্বদৰ্শন চক্ৰধাৰী হওঁ। বাবাই আমাক আত্মাসকলক গোটেই চক্ৰৰ ৰহস্য বুজাই দিছে। পিতাই কয় - তোমালোকৰ ধৰ্ম বহুত সুখ দিওঁতা হয়। পিতাহে আহি তোমালোকক স্বৰ্গৰ মালিক কৰি তোলে। অন্যসকলৰ কাৰণে সুখৰ সময়তো এতিয়া আহিছে, যেতিয়া মৃত্যু সমাগত। এয়া এৰোপ্লেন (উৰাজাহাজ), বিজুলী আদি আগতে নাছিল। তেওঁলোকৰ কাৰণে এতিয়াহে যেন স্বৰ্গ। কিমান ডাঙৰ-ডাঙৰ অট্টালিকা সজায়। এনেকৈ ভাবে যে এতিয়াতো আমাৰ বহুত সুখ। কিমান সোনকালে গৈ লণ্ডনত উপস্থিত হব পাৰি। বচ, ইয়াকেই স্বৰ্গ বুলি ভাবে। এতিয়া তেওঁলোকক কোনোবাই বুজালেহে যে স্বৰ্গতো সত্যযুগক কোৱা হয়, কলিযুগক জানো স্বৰ্গ বুলি কোৱা হব। নৰকত শৰীৰ এৰিলে নিশ্চয় পুনৰ্জন্মও নৰকতেই লব। আগতে তোমালোকেও এই কথাবোৰ বুজা নাছিলা। এতিয়া বুজি পোৱা। ৰাৱণ ৰাজ্য আহিলে আমি অধঃপতিত হবলৈ ধৰো, সকলো বিকাৰ আহি যায়। এতিয়া তোমালোকে গোটেই জ্ঞান পাইছা সেয়েহে চলন আদিও ৰাজকীয় (মাৰ্জিত) হোৱা উচিত। তোমালোক এতিয়া সত্যযুগতকৈও বেছি মূল্যৱান। পিতা যি জ্ঞানৰ সাগৰ হয় তেওঁ সকলো জ্ঞান এতিয়া দিয়ে। আৰু অন্য কোনো মনুষ্যই জ্ঞান আৰু ভক্তিক বুজিব নোৱাৰে। সানমিহলি কৰি দিছে। এনেকৈ ভাবে যে শাস্ত্ৰ পঢ়া - এয়া জ্ঞান আৰু পূজা কৰাতো ভক্তি। গতিকে এতিয়া পিতাই ফুলৰ দৰে কৰি তুলিবলৈ কিমান পৰিশ্ৰম কৰে। সন্তানসকলৰো দয়া ওপজিব লাগে যে আমি পিতাক আহ্বান কৰো আহি পতিতসকলক পাৱন কৰি তোলা, ফুল কৰি তোলা। এতিয়া পিতা আহিছে গতিকে নিজৰ ওপৰতো দয়া কৰা উচিত। আমি জানো এনেকুৱা ফুল হব নোৱাৰো! এতিয়ালৈকে আমি পিতাৰ অন্তৰ আসনত কিয় অধিষ্ঠিত হব পৰা নাই! মনোযোগ নিদিয়ে। পিতা কিমান দয়াশীল। পিতাক পতিত দুনিয়াতেই আহ্বান কৰে যে আহি পাৱন কৰি তোলা। গতিকে যেনেকৈ পিতাৰ দয়া ওপজে, তেনেকৈ সন্তানসকলৰো দয়া ওপজিব লাগে। নহলে সৎগুৰুৰ নিন্দুকে উচ্চ পদ পাব নোৱাৰে। এয়াতো কাৰো সপোনটো নাহে যে সৎগুৰু কোন? দুনিয়াৰ লোকে গুৰুৰ কাৰণে ভাবি লয় যে অভিশাপ যাতে নিদিয়ে, অকৃপা যাতে হৈ নাযায়। সন্তান জন্মিলে ভাবিব এয়া গুৰুৰ কৃপা হল। এয়া হৈছে অল্পকালৰ সুখৰ কথা। পিতাই কয়- সন্তানসকল, নিজৰ ওপৰত দয়া কৰা। দেহী-অভিমানী হলেহে ধাৰণাও হব। সকলো আত্মায়ে কৰে। ময়ো আত্মাকে পঢ়াও। নিজকে দৃঢ়ভাৱে আত্মা বুলি বুজা আৰু পিতাক স্মৰণ কৰা। যদিহে পিতাক স্মৰণেই নকৰা তেন্তে বিকৰ্ম বিনাশ কেনেকৈ হব। ভক্তি মাৰ্গতো স্মৰণ কৰে - হে ভগৱান, দয়া কৰা। পিতা মুক্তিদাতাও হয় লগতে পথ প্ৰদৰ্শকো হয় এয়াও তেওঁৰ গুপ্ত মহিমা, পিতা আহি সকলো শুনায় যে ভক্তি মাৰ্গত তোমালোকে স্মৰণ কৰা। মই নিশ্চয় নিজৰ সময়তে আহিম। যেতিয়াই বিচাৰো তেতিয়াই আহিম, এনেকুৱা নহয়। ড্ৰামাত যেতিয়া আছে তেতিয়াহে আহো। বাকী এনেকুৱা চিন্তনো কেতিয়াও নচলে। সেই পিতা হৈছে তোমালোকক পঢ়াওঁতা। এৱোঁ (ব্ৰহ্মা) পিতাৰ পৰা পঢ়ে। তেওঁতো কেতিয়াও কোনো ভুল নকৰে, কাৰো দুখ নিদিয়ে। বাকী সকলো ক্ৰমানুসৰি শিক্ষক হয়। সেই সত্য পিতাই তোমালোকক সত্যহে শিক্ষায়। সত্যৰ সন্তানো সত্য। আকৌ মিছাৰ সন্তান হৈ আধাকল্প মিছা হৈ পৰে। সঁচা পিতাকেই পাহৰি যায়।

প্ৰথমতে বুজোৱা যে এয়া সত্যযুগী নতুন দুনিয়া নে পুৰণি দুনিয়া? তেতিয়া মনুষ্যই ভাবিব এওঁলোকে প্রশ্ন বহুত ভাল সোধে। এই সময়ত সকলোৰে মাজত 5 বিকাৰৰ প্ৰৱেশ হৈ আছে। তাত 5 বিকাৰ নাথাকে। এয়াতো বুজিবলৈ একেবাৰে সহজ কথা, কিন্তু যিয়ে নিজেই বুজি নাপায় তেওঁ প্ৰদৰ্শনীত কি বুজাব? সেৱাৰ সলনি বদনামহে কৰি আহিব। বাহিৰত গৈ সেৱা কৰাতো মাহীৰ ঘৰৰ দৰে (সহজ) নহয়। বিশাল বুদ্ধিৰ প্ৰয়োজন। বাবাই প্ৰত্যেকৰ চলনৰ পৰাই বুজি পায়। পিতাতো পিতাই আকৌ পিতায়ো কব এয়া ড্ৰামাত আছিল। কোনোবা আহিলে বুজোৱাতো ব্ৰহ্মাকুমাৰীৰ কাৰণে ভাল। নামো হৈছে ব্ৰহ্মাকুমাৰী ঈশ্বৰীয় বিশ্ব বিদ্যালয়। নামো প্ৰখ্যাত ব্ৰহ্মাকুমাৰীসকলৰেই হব। এই সময়ত সকলো 5 বিকাৰৰ গ্ৰাহত আছে। তেওঁলোকক গৈ বুজোৱাতো কিমান কঠিন হয়। একোৱে বুজি নাপায় কেৱল ইয়াকে কয় যে জ্ঞানতো বহুত ভাল। নিজে একো বুজি নাপায়। বিঘ্নৰ উপৰিও বিঘ্ন আহি থাকে। আকৌ উপায়ো উলিয়াবলগীয়া হয়। পুলিচৰ পহৰা ৰাখা, চিত্ৰ বীমা কৰাই দিয়া। এয়া হৈছে যজ্ঞ গতিকে ইয়াত বিঘ্ন নিশ্চয় আহিব। গোটেই পুৰণি দুনিয়া ইয়াত স্বাহা হব। নহলে যজ্ঞ নাম কিয় হল। যজ্ঞত স্বাহা হব লাগিব। ইয়াৰ নাম ৰুদ্ৰ জ্ঞান যজ্ঞ ৰাখিছে। জ্ঞানক পঢ়া বুলিও কোৱা হয়। এয়া পাঠশালাও হয় লগতে যজ্ঞও হয়। তোমালোকে পাঠশালাত পঢ়ি দেৱতা হোৱা পিছত এয়া সকলো এই যজ্ঞত স্বাহা হৈ যায়। তেৱেঁই বুজাব পাৰিব যিয়ে সদায় অভ্যাস কৰি থাকে। যদিহে অভ্যাস নাথাকে তেন্তে তেওঁ কি কথা কব পাৰিব। দুনিয়াৰ মনুষ্যৰ কাৰণে স্বৰ্গ হৈছে এতিয়া, অল্পকালৰ বাবে। তোমালোকৰ কাৰণে স্বৰ্গ আধাকল্পৰ বাবে হব। এয়াও ড্ৰামাত নিৰ্ধাৰিত হৈ আছে। বিচাৰ কৰিলে বহুত আশ্চৰ্যান্বিত হোৱা যায়। এতিয়া ৰাৱণ ৰাজ্য সমাপ্ত হৈ ৰামৰাজ্য স্থাপন হয়। ইয়াত যুদ্ধ আদিৰ কোনো কথা নাই। এই চিৰিৰ চিত্ৰ দেখি দুনিয়াৰ লোক বহুত আশ্চৰ্যান্বিত হয়। গতিকে পিতাই কি-কি বুজাইছে, এই ব্ৰহ্মায়ো পিতাৰ পৰাহে শিকিছে যি বুজাই থাকে। কন্যাসকলেও বুজায়। যিয়ে বহুতৰ কল্যাণ কৰে তেওঁলোকে নিশ্চয় ভাল ফল পাব। শিক্ষিতসকলৰ আগত অশিক্ষিতসকলে নিশ্চয় ভৰি ধুৱাব (মূৰ দোৱাব)। পিতাই নিতৌ বুজায় - নিজৰ কল্যাণ কৰা। এই চিত্ৰবোৰ সন্মুখত ৰাখিলেই নিচা বাঢ়ি যায় সেয়েহে বাবাই কোঠালীত এই চিত্ৰবোৰ ৰাখি দিছে। লক্ষ্য-উদ্দেশ্য কিমান সহজ, ইয়াত চৰিত্ৰ বহুত ভাল হোৱা উচিত। অন্তৰ পৰিস্কাৰ হলে সকলো কামনা পূৰ্ণ হয়। ভাল বাৰু!

অতি মৰমৰ কল্পৰ পিছত পুনৰাই লগ পোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।

ধাৰণাৰ বাবে মুখ্য সাৰ :

(1) সদায় স্মৃতিত ৰাখিব লাগে যে আমি বেহদৰ পিতাৰ বিদ্যার্থী হওঁ, ভগৱানে আমাক পঢ়ায়, গতিকে ভালদৰে পঢ়ি পিতাৰ নাম উজ্জ্বল কৰিব লাগে। নিজৰ চলন বহুত ৰাজকীয় (মাৰ্জিত) হব লাগে।

(2) পিতাৰ সমান দয়াশীল হৈ কাঁইটৰ পৰা ফুল হব লাগে আৰু আনকো ফুল কৰি তুলিব লাগে। অন্তৰ্মুখী হৈ নিজৰ তথা অন্যৰ কল্যাণৰ চিন্তন কৰিব লাগে।

বৰদান:
বিকাৰ ৰূপী বিষাক্ত সৰ্পক ডিঙিৰ মালা বনাই লওঁতা শঙ্কৰৰ সমান তপস্বীমূৰ্ত হোৱা

এয়া যি 5 বিকাৰ মনুষ্যৰ বাবে বিষাক্ত সর্প হয়, এই সাপ তোমালোক যোগী বা প্ৰয়োগী আত্মাসকলৰ ডিঙিৰ মালা হৈ পৰে। এয়া তোমালোক ব্ৰাহ্মণসকল বা ব্ৰহ্মা পিতাৰ অশৰীৰী তপস্বী শঙ্কৰ স্বৰূপৰ স্মাৰক হিচাবে আজিও পূজা কৰা হয়। দ্বিতীয়তে - এই সর্প আনন্দত নচাৰ মঞ্চ হৈ যায় - এইটো স্থিতি মঞ্চৰ ৰূপত দেখুৱায়। গতিকে যেতিয়া বিকাৰৰ ওপৰত এনেকৈ বিজয় প্ৰাপ্ত হব তেতিয়া তপস্বীমূৰ্ত, প্ৰয়োগী আত্মা বুলি কোৱা হব।

স্লোগান:
যাৰ স্বভাৱ মিঠা , শান্ত প্ৰকৃতিৰ তেওঁৰ ওপৰত ক্ৰোধৰ ভূতে আক্ৰমণ কৰিব নোৱাৰে।