04.02.20       Morning Assame Murli        Om Shanti      BapDada       Madhuban


"মৰমৰ সন্তানসকল তোমালোকে এতিয়ালৈকে যিবোৰ পঢ়িছা সেয়া পাহৰি যোৱা, জীৱন্তে মৰি যোৱা মানে সকলোবোৰ পাহৰি যোৱা, অতীতৰ একোৱেই যাতে স্মৃতিত নাহে

প্ৰশ্ন:
যিসকল জীৱন্তে পুৰা মৰি যোৱা নাই তেওঁলোকৰ চিন কি হব?

উত্তৰ:
তেওঁলোকে পিতাৰ লগতো তৰ্ক কৰি থাকিব। শাস্ত্ৰৰ উদাহৰণ দি থাকিব। যিসকল পুৰা মৰি গল তেওঁলোকে ক'ব - বাবাই যি শুনায় সেয়াই সত্য। আমি আধাকল্প যি শুনিলোঁ সেয়া মিথ্যা আছিল সেয়েহে এতিয়া তাক মুখতো আনিব নালাগে। পিতাই কৈছে হিয়ৰ ন ইভিল (বেয়া নুশুনিবা)........

গীত:
ওঁম্ নমঃ শিৱায়ে....

ওঁম্শান্তি।
সন্তানসকলক বুজোৱা হৈছে যেতিয়া কাৰোবাক শান্তিত বহোৱা, যাক নেষ্ঠা নাম দিয়া হৈছে, এইটো ড্ৰিল কৰোৱা হয়। এতিয়া পিতা বহি আত্মিক সন্তানসকলক বুজায় যে যিসকল জীৱন্তে মৰি গৈছে, কয় আমি জীৱন্তে মৰি গলো, যেনেকৈ মনুষ্য মৰিলে তেতিয়া সকলোবোৰ পাহৰি যায় কেৱল সংস্কাৰ থাকি যায়। এতিয়া তোমালোকো পিতাৰ হৈ জগতৰ পৰা মৰি গ'লা। পিতাই কয় - তোমালোকৰ ভক্তিৰ সংস্কাৰ আছিল, এতিয়া সেই সংস্কাৰ সলনি হৈ আছে গতিকে তোমালোক জীৱন্তে মৰি নোযোৱা জানো। মৃত্যু হ'লে মনুষ্যই পঢ়া সকলোবোৰ পাহৰি যায় আকৌ পৰৱৰ্তী জন্মত নতুনকৈ পঢ়িবলগীয়া হয়। পিতায়ো কয় - তোমালোকে যিবোৰ পঢ়িলা সেয়া পাহৰি যোৱা। তোমালোকতো পিতাৰ হৈ গলা নহয় জানো। মই তোমালোকক নতুন কথা শুনাওঁ। গতিকে এতিয়া বেদ, শাস্ত্ৰ, গ্ৰন্থ, জপ্, তপ্ আদি এই সকলো কথা পাহৰি যোৱা সেইকাৰণেই কোৱা হয় হিয়েৰ ন ইভিল (বেয়া নুশুনিবা), চি ন ইভিল. (বেয়া নাচাবা......)। এয়া তোমালোক সন্তানসকলৰ কাৰণে। কোনোবাই বহুত শাস্ত্ৰ আদি পঢ়িছে, পুৰা মৰি যোৱা নাই তেন্তে ফাল্টু (অযথা) আৰ্গ্যু (তৰ্ক) কৰিব। মৰি গলে তেতিয়া পুনৰ কেতিয়াও আৰ্গ্যু নকৰিব। ক'ব পিতাই যি শুনাইছে সেয়াই সত্য বাকী কথাবোৰ মই মুখলৈ কিয় আনিম! পিতাই কয় - এইবিলাক মুখলৈ নানিবাই। হিয়ৰ ন ইভিল। পিতাই ডায়ৰেক্সন (নিৰ্দেশনা) দিয়া নাই জানো - একোৱেই নুশুনিবা। কবা এতিয়া আমি জ্ঞান সাগৰৰ সন্তান হৈছোঁ তেন্তে ভক্তিৰ কথা কিয় স্মৃতিলৈ আনিম! আমি এজন ভগৱানকহে স্মৰণ কৰোঁ। পিতাই কৈছে - ভক্তি মাৰ্গক পাহৰি যোৱা। মই তোমালোকক সহজ কথা শুনাওঁ যে মোক বীজক স্মৰণ কৰা তেতিয়া গোটেই বৃক্ষ বুদ্ধিত আহিয়েই যাব। তোমালোকৰ মুখ্য হল গীতা। গীতাতেই ভগৱানৰ বুজনি আছে। এতিয়া এয়া হৈছে নতুন কথা। নতুন কথাৰ প্ৰতি সদায় বেছিকৈ মনোযোগ দিয়া হয়। হওঁতে বহুত চিম্পুল (সহজ, চিধা) কথা। সকলোতকৈ ডাঙৰ কথাতো হল স্মৃতিত থকাতো। বাৰে-বাৰে কবলগীয়া হয়- মনমনাভৱ। পিতাক স্মৰণ কৰা, এইটোৱে অতি গূঢ় কথা, ইয়াতেই বিঘিনি আহে। বহুত সন্তান আছে যিয়ে গোটেই দিনটোত দুই মিনিটো স্মৰণ নকৰে। পিতাৰ হৈও ভাল কৰ্ম নকৰে গতিকে স্মৰণো নকৰে, বিকৰ্ম কৰি থাকে। বুদ্ধিত ধাৰণেই নহয় সেইবাবে কোৱা হব এয়া পিতাৰ আজ্ঞাৰ অনাদৰ, পঢ়িব নোৱাৰিব, সেই শক্তি নাপাব। লৌকিক পঢ়াতো বল পোৱা যায় নহয় জানো। পঢ়া হল চৰ্চ অফ ইনকম (উপাৰ্জনৰ উৎস)। শৰীৰ নিৰ্বাহ হয় তাকো অলপ সময়ৰ বাবে। কোনোবাই পঢ়ি থাকোতেও মৰি যায় তেতিয়া সেই পঢ়া জানো লগত লৈ যাব। আকৌ জন্ম লৈ নতুনকৈ পঢ়িব লাগিব। ইয়াততো তোমালোকে যিমান পঢ়িবা, সেয়া লগত লৈ যাবা কিয়নো তোমালোকে পৰৱৰ্তী জন্মত প্ৰালব্ধ লাভ কৰা। বাকীতো সেয়া সকলো হল ভক্তিমাৰ্গ। কি কি যে বস্তু আছে, এয়া কোনেও নাজানে। আত্মিক পিতাই তোমালোক আত্মাসকলক বহি জ্ঞান দিয়ে। এবাৰেই পিতা পৰম আত্মা আহি আত্মাসকলক জ্ঞান দিয়ে যাৰ দ্বাৰা বিশ্বৰ মালিক হৈ যোৱা। ভক্তিমাৰ্গত জানো স্বৰ্গ থাকে! এতিয়া তোমালোক প্ৰভুৰ হৈছা। মায়াই বহুবাৰ সন্তানসকলকো মাউৰা (গৰাকী বিহীন) কৰি দিয়ে, সৰু সৰু কথাত নিজৰ মাজতে কাজিয়া কৰে। পিতাৰ স্মৃতিত নাথাকে তেন্তে মাউৰা নহল জানো। মাউৰা হলে নিশ্চয় কিবা নহয় কিবা পাপ কৰ্ম কৰি দিব। পিতাই কয় - মোৰ হৈ মোৰ নাম বদনাম নকৰিবা। ইজনে সিজনৰ সৈতে বহুত মৰমেৰে চলা, অদৰকাৰী কথা নকবা।

পিতাই এনেকুৱা অহল্যা, কুঁজী, ভিলনীসকলকো (নীচ জাতিৰ লোক) উদ্ধাৰ কৰিবলগীয়া হয়। এনেকৈ কয় যে ভগৱানে ভিলনীৰ পৰা বগৰী খালে। এতিয়া এনেকৈ জানো ভিলনীৰ পৰা খাব পাৰে। ভিলনীৰ পৰা যেতিয়া ব্ৰাহ্মণী হৈ যায় তেতিয়া কিয় নাখাব! সেয়েহে ব্ৰহ্মা ভোজনৰ মহিমা আছে। শিৱবাবাইতো নাখায়। তেওঁতো অভোক্তা। এই ৰথে (ব্ৰহ্মাই)তো খায় নহয় জানো। তোমালোক সন্তানসকলে কাৰো সৈতে তৰ্ক কৰাৰ দৰকাৰ নাই। সদায় নিজক সুৰক্ষিত কৰি ৰখা উচিত। দুটা শব্দই কোৱা - শিৱবাবাই কৈছে। শিৱবাবাকেই ৰুদ্ৰ বুলি কোৱা হয়। ৰুদ্ৰ জ্ঞান যজ্ঞত বিনাশৰ অগ্নি প্ৰজ্বলিত হল তেন্তে ৰুদ্ৰ ভগৱান নহ'ল জানো। কৃষ্ণকতো ৰুদ্ৰ বুলি কোৱা নহব। বিনাশো কৃষ্ণই নকৰায়, পিতাইহে স্থাপনা, বিনাশ, প্ৰতিপালন কৰায়। নিজেই একো নকৰে, নহ'লেতো দোষৰ ভাগীদাৰ হৈ যাব।তেওঁ হৈছে কৰণকৰাবনহাৰ। পিতাই কয় - মই নকওঁ যে বিনাশ কৰা। এয়া সকলো ড্ৰামাত নিৰ্ধাৰিত হৈ আছে। শংকৰে জানো কিবা কৰে? একো নকৰে। এনেকৈ কেৱল গায়ন আছে যে শংকৰ দ্বাৰা বিনাশ। বাকী বিনাশতো তেওঁলোকে নিজেই কৰি আছে। এইখন অনাদি ৰচি থোৱা ড্ৰামা যাক বুজোৱা হয়। ৰচয়িতা পিতাকেই সকলোৱে পাহৰি গল। এনেকৈ কয় গড্‌ ফাদাৰ ৰচয়িতা হয় কিন্তু তেওঁক নাজানে। এনেকৈ ভাবে যে তেওঁ জগতখন সৃষ্টি কৰে। পিতাই কয় - মই সৃষ্টি নকৰোঁ, মই পৰিৱৰ্তন কৰোঁ। কলিযুগক সত্যযুগ কৰি তোলোঁ। মই সংগমত আহোঁ, যাৰ কাৰণে গায়ন আছে - চুপ্ৰিম আস্পীচিয়স (পৰম কল্যাণকাৰী) যুগ। ভগৱান কল্যাণকাৰী হয়, সকলোৰে কল্যাণ কৰে কিন্তু কেনেকৈ আৰু কি কল্যাণ কৰে, এয়া একোৱেই নাজানে। ইংৰাজীত কোৱা হয় লিবাৰেটৰ (মুক্তিদাতা), গাইড (পথ প্ৰৰ্দশক), কিন্তু তাৰ অৰ্থ জানো বুজি পায়। এনেকৈ কয় - ভক্তিৰ পাছত ভগৱানক পাবা, সৎগতি পাবা। সকলোৰে সৎগতিতো কোনো মনুষ্যই কৰিব নোৱাৰে। নহলে পৰমাত্মাক পতিত-পাৱন সকলোৰে সৎগতি দাতা বুলি কিয় গোৱা হয়? পিতাক কোনেও নাজানে, মাউৰা হয়। পিতাৰ প্ৰতি বিপৰীত বুদ্ধিৰ। এতিয়া পিতাই কি কৰিব। পিতাতো নিজেই মালিক। তেওঁৰ শিৱ জয়ন্তীও ভাৰতত পালন কৰে। পিতাই কয় - মই ভক্তিৰ ফল দিবলৈ আহোঁ। ভাৰততে আহোঁ। আহিবলৈ মোক শৰীৰতো নিশ্চয় লাগিব নহয় জানো। প্ৰেৰণাৰে জানো কিবা হব। এওঁৰ শৰীৰত প্ৰৱেশ কৰি, এওঁৰ মুখৰ দ্বাৰা তোমালোকক জ্ঞান দিওঁ। গোমুখৰ কথা নাই। এয়াতো এইখন মুখৰ কথা। মুখতো মনুষ্যৰে লাগিব নহয় জানো, জন্তুৰতো নহয়। বুদ্ধিয়ে ইমানখিনিও কাম নকৰে। আনফালে আকৌ ভাগীৰথক দেখুৱায়, তেওঁ কেনেকৈ আৰু কেতিয়া আহে, কোনেও অলপো নাজানে। সেয়েহে পিতাই সন্তানসকলক বহি বুজায় যে তোমালোক মৰি গলা গতিকে ভক্তি মাৰ্গক একেবাৰে পাহৰি যোৱা। শিৱ ভগৱানুবাচ মোক স্মৰণ কৰা তেতিয়া বিকৰ্ম বিনাশ হৈ যাব। মইহে পতিত-পাৱন হওঁ। তোমালোক পবিত্ৰ হৈ যাবা তেতিয়া সকলোকে লৈ যাম। ঘৰে ঘৰে বাৰ্তা দিয়া। পিতাই কয় - মোক স্মৰণ কৰা তেতিয়া বিকৰ্ম বিনাশ হ'ব। তোমালোক পবিত্ৰ হৈ যাবাগৈ। বিনাশ সমাগত। তোমালোকে আহ্বানো কৰা হে পতিত-পাৱন আহা, ৰামৰাজ্য স্থাপন কৰা, ৰাৱণ ৰাজ্যৰ পৰা মুক্ত কৰা। তেওঁলোক প্ৰত্যেকে নিজৰ-নিজৰ বাবে চেষ্টা কৰে। পিতাইতো কয় - মই আহি সকলোকে মুক্ত কৰোঁ। সকলো 5 বিকাৰী ৰূপী ৰাৱণৰ কাৰাগাৰত আৱদ্ধ হৈ আছে, মই সকলোৰে সৎগতি কৰোঁ। মোক কোৱাও হয় - দুখ হৰ্তা, সুখ কৰ্তা। ৰাম ৰাজ্যতো নিশ্চয় নতুন সৃষ্টিত হ'ব।

তোমালোক পাণ্ডৱসকল এতিয়া প্ৰীত বুদ্ধিৰ। কিছুমানতো তৎক্ষণাৎ প্ৰীত বুদ্ধিৰ হৈ যায়। কিছুমানৰ লাহে-লাহে প্ৰীত গঢ়ি উঠে। কিছুমানেতো কয় - মই সকলোবোৰ পিতাক অৰ্পণ কৰি দিওঁ। কেৱল এজনৰ বাহিৰে দ্বিতীয় কোনো নায়েই। সকলোৰে সাৰথি একমাত্ৰ ভগৱানেই হয়। কিমান যে চিম্পুল (সহজ) কথা। পিতাক স্মৰণ কৰা আৰু চক্ৰক স্মৰণ কৰা তেতিয়া চক্ৰৱৰ্তী ৰজা-ৰাণী হ'বাগৈ। এইখন স্কুলেই হৈছে বিশ্বৰ মালিক হোৱাৰ, সেইবাবে চক্ৰৱৰ্তী ৰজা নাম ৰখা হৈছে। চক্ৰক জানিলে তেতিয়া চক্ৰৱৰ্তী হয়গৈ। এয়া পিতাইহে বুজায়। বাকী কোনো তৰ্ক কৰিব নালাগে। কোৱা, ভক্তি মাৰ্গৰ সকলো কথা এৰি দিয়া। পিতাই কয় - কেৱল মোক স্মৰণ কৰা। মূল কথাই হৈছে এইটো। যিসকল তীব্ৰ পুৰুষাৰ্থী হয় তেওঁলোক জোৰ দি পঢ়াত লাগি যায়, যিসকলৰ পঢ়াৰ চখ থাকে তেওঁলোকে ৰাতিপুৱা উঠি পঢ়ে। ভক্তি কৰা সকলেও ৰাতিপুৱা উঠে। ঐকান্তিক ভক্তি কিমান যে কৰে, যেতিয়া শিৰশ্ছেদ কৰিবলৈ উদ্যত হয় তেতিয়া সাক্ষাৎকাৰ হয়। ইয়াততো বাবাই কয় - এই সাক্ষাৎকাৰো হানিকাৰক। সাক্ষাৎকাৰত গলে পঢ়া আৰু যোগ দুয়োটাই বন্ধ হৈ যায়। সময় নষ্ট হৈ যায় সেইকাৰণে ধ্যান আদিৰ চখ একেবাৰে ৰাখিব নালাগে। এইটোও ডাঙৰ বেমাৰ হয়, যাৰ দ্বাৰা মায়াৰ প্ৰৱেশতা হৈ যায়। যেনেকৈ যুদ্ধৰ সময়ত খবৰ শুনায় তেতিয়া মাজতে এনেকুৱা বেয়া কৰি দিয়ে যাতে কোনেও শুনিব নোৱাৰে। মায়ায়ো বহুতৰ আগত বিঘিনি আনি দিয়ে। পিতাক স্মৰণ কৰিবলৈ নিদিয়ে। বুজি পোৱা যায় যে এওঁৰ ভাগ্যত বিঘিনি আছে। লক্ষ্য কৰা হয় যে মায়াৰ প্ৰৱেশতাতো হোৱা নাই। অনিয়মৰ একোতো কোৱা নাই তেতিয়া তৎক্ষণাৎ বাবাই তললৈ পঠাই দিব। বহুত মনুষ্যই কয় - মোৰ সাক্ষাৎকাৰ হলে তেতিয়া ইমান ধন মাল আদি মই আপোনাক দি দিম। বাবাই কয় - এইবোৰ তুমি নিজৰ লগতে ৰাখা। ভগৱানক তোমাৰ পইচাৰ কি দৰকাৰ। পিতাইতো জানে এই পুৰণি সৃষ্টিত যি আছে সেই সকলোবোৰ ভস্ম হৈ যাব। বাবাই কি কৰিব? বাবাৰ ওচৰততো এটোপ-এটোপকৈ পুখুৰী হৈ যায়। পিতাৰ নিৰ্দেশনা মতে চলা, চিকিৎসালয় তথা বিশ্ব বিদ্যালয় খোলা, যত যিকোনো লোকে আহি বিশ্বৰ মালিক হব পাৰে। তিনি খোজ ভূমিত বহি তোমালোকে মনুষ্যক নৰৰ পৰা নাৰায়ণ কৰি তুলিব লাগে। কিন্তু 3 খোজ ভূমিও পোৱা নাযায়। পিতাই কয় - মই তোমালোকক সকলো বেদ-শাস্ত্ৰৰ সাৰ শুনাওঁ। এই শাস্ত্ৰ হৈছে সকলোবোৰ ভক্তি মাৰ্গৰ। বাবাই কোনো নিন্দা নকৰে। এয়াতো খেল ৰচি থোৱা আছে। এয়া কেৱল বুজাবৰ কাৰণে কোৱা হয়। হওতে তথাপি খেলেই নহয় জানো। খেলক আমি নিন্দা কৰিব নোৱাৰো। আমি কওঁ জ্ঞান সূৰ্য, জ্ঞান চন্দ্ৰমা তেওঁলোকে আকৌ চন্দ্ৰমা আদিত গৈ বিচাৰে। তাত কোনো ৰাজ্য আছে জানো? জাপানী লোকসকলে সূৰ্যক মানে। আমি কওঁ সূৰ্যবংশী, তেওঁলোকে আকৌ বহি সূৰ্যক পূজা কৰে, সূৰ্যক পানী দিয়ে। গতিকে বাবাই সন্তানসকলক বুজাইছে - কোনো কথাতে বেছি তর্ক কৰিব নালাগে। এটা কথাই শুনোৱা - পিতাই কয় মামেকম (মনে মনে কেৱল মোক) স্মৰণ কৰা তেতিয়া পাৱন হৈ যাবা। ৰাৱণ ৰাজ্যত এতিয়া সকলো পতিত। কিন্তু নিজকে কোনোবাই পতিত বুলি মানি লয় জানো।

সন্তানসকল, তোমালোকৰ এটা চকুত শান্তিধাম, আনটো চকুত সুখধাম বাকী এই দুখধামক পাহৰি যোৱা। তোমালোক হৈছা চৈতন্য লাইট হাউচ (প্ৰকাশ কুঞ্জ)। এতিয়া প্ৰদৰ্শনীতো নাম ৰখা হৈছে - ভাৰত দি লাইট হাউচ. কিন্তু তেওঁলোকে জানো বুজি পাব। তোমালোক এতিয়া লাইট হাউচ নোহোৱা জানো। পোৰ্টত (বন্দৰত) লাইট হাউচে ষ্টীমাৰক (পানী জাহাজক) ৰাস্তা দেখুৱায়। তোমালোকেও সকলোকে মুক্তি আৰু জীৱনমুক্তি ধামৰ ৰাস্তা দেখুওৱা। যেতিয়া কোনোবা প্ৰদৰ্শনীলৈ আহে তেতিয়া বহুত মৰমেৰে কোৱা গড্‌ ফাদাৰ (ঈশ্বৰ পিতা)তো সকলোৰে এজনেই। গড্‌ ফাদাৰ বা পৰমপিতাই কয় - মোক স্মৰণ কৰা তেন্তে নিশ্চয় মুখেৰেই নকব জানো। ব্ৰহ্মাৰ দ্বাৰা স্থাপনা, আমি সকলো ব্ৰাহ্মণ-ব্ৰাহ্মণী হৈছোঁ ব্ৰহ্মাৰ মুখ বংশাৱলী। সেই ব্ৰাহ্মণেও তোমালোকক ব্ৰাহ্মণ দেৱতায়ে নমঃ বুলি কৈ মহিমা কৰে। উচ্চতকৈও উচ্চ হৈছে এজন পিতা। তেওঁ কয় - মই তোমালোকক উচ্চতকৈও উচ্চ ৰাজযোগ শিকাওঁ, যাৰ দ্বাৰা তোমালোক গোটেই বিশ্বৰ মালিক হৈ যোৱা। সেই ৰাজ্য তোমালোকৰ পৰা কোনেও কাঢ়ি লব নোৱাৰে। ভাৰতৰ গোটেই বিশ্বতে ৰাজ্য আছিল। ভাৰতৰ কিমান মহিমা আছে। তোমালোকে এতিয়া জানা যে আমি শ্ৰীমত অনুসৰি এই ৰাজ্য স্থাপনা কৰি আছোঁ। ভাল বাৰু!

অতি মৰমৰ কল্পৰ পাছত পুনৰাই লগ পোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।

ধাৰণাৰবাবেমুখ্যসাৰ:-
1) তীব্ৰ পুৰুষাৰ্থী হবলৈ হলে পঢ়াৰ চখ (আগ্ৰহ) থাকিব লাগে। ৰাতিপুৱাই উঠি পঢ়া পঢ়িব লাগে। সাক্ষাৎকাৰৰ আশা ৰাখিব নালাগে, ইয়াতো সময় নষ্ট হয়।

2) শান্তিধাম আৰু সুখধামক স্মৰণ কৰিব লাগে, এই দুখধামক পাহৰি যাব লাগে। কাৰো লগত তৰ্ক কৰিব নালাগে, প্ৰেমেৰে মুক্তি আৰু জীৱনমুক্তি ধামৰ ৰাস্তা দেখুৱাব লাগে।

বৰদান:
নিমিত্ত ভাৱৰ দ্বাৰা সেৱাত সফলতা প্ৰাপ্ত কৰোঁতা শ্ৰেষ্ঠ সেৱাধাৰী হোৱা

নিমিত্ত ভাৱে সেৱাত স্বতঃ সফলতা প্ৰাপ্ত কৰায়। নিমিত্ত ভাৱ নাথাকিলে সফলতাও নাই। শ্ৰেষ্ঠ সেৱাধাৰী অৰ্থাৎ পিতাৰ খোজে প্ৰতি প্ৰতিটো খোজ দিওঁতা। প্ৰতিটো খোজ শ্ৰেষ্ঠ মত অনুসৰি দি শ্ৰেষ্ঠ কৰি তোলোঁতা। যিমানে সেৱাত, নিজৰ ব্যৰ্থ সমাপ্ত হৈ যায় সিমানে সমৰ্থ হয় আৰু সমৰ্থ আত্মাই প্ৰতিটো খোজত সফলতা প্ৰাপ্ত কৰে। শ্ৰেষ্ঠ সেৱাধাৰী সেইজন যিয়ে নিজে উৎসাহ-উদ্দীপনাত থাকে আৰু আনকো উৎসাহ-উদ্দীপনা যোগায়।
 

স্লোগান:
ঈশ্বৰীয় সেৱাত নিজকে অফাৰ (অৰ্পন) কৰা তেতিয়া আফ্ৰিন (ধন্যবাদ) পাই থাকিবা।