04.04.19       Morning Assame Murli        Om Shanti      BapDada       Madhuban


"মৰমৰসন্তানসকলএয়াহৈছেপূৰ্ব-
নিৰ্ধাৰিতনাটক, এইনাটকৰপৰাএটাওআ
ত্মাইসাৰিযাবনোৱাৰে, মোক্ষকোনেওপাবনোৱাৰে

প্ৰশ্ন:
উচ্চতকৈওউচ্চপতিত-পাৱনপিতাভোলানাথকেনেকৈহয়?

উত্তৰ:
তোমালোক সন্তানসকলে তেওঁক এমুঠি চাউল দি মহল লৈ লোৱা, সেইবাবেই পিতাক ভোলানাথ বুলি কোৱা হয়। তোমালোকে কোৱা শিৱবাবা মোৰ সন্তান, সেই সন্তান এনেকুৱা যিয়ে কেতিয়াও একো নলয়, সদাই দিয়েই থাকে। ভক্তিত কোৱা হয় যিয়ে যেনেকুৱা কৰ্ম কৰে তেনেকুৱাই ফল লাভ কৰে। কিন্তু ভক্তিত অল্পকালৰ কাৰণে পোৱা যায়। জ্ঞানত বোধৰ দ্বাৰা কৰে, সেয়েহে সদাকালৰ বাবে পোৱা যায়।

ওঁম্শান্তি।
আত্মিক সন্তানসকলৰ সৈতে আত্মিক পিতাই বাৰ্তালাপ কৰি আছে বা এনেকৈ কোৱা হব আত্মিক পিতাই সন্তানসকলক ৰাজযোগ শিকাই আছে। তোমালোক আহিছা বেহদৰ পিতাৰ পৰা ৰাজযোগ শিকিবলৈ, সেইবাবে বুদ্ধি এজন পিতাৰ ওচৰলৈ গুছি যাব লাগে। এয়া হৈছে আত্মাসকলৰ প্ৰতি পৰমাত্ম (ঈশ্বৰীয়) জ্ঞান। ভগৱানে কৈছে শালিগ্ৰামসকলক উদ্দেশ্যি। আত্মাসকলেই শুনিব লাগে সেইবাবে আত্ম-অভিমানী হ'ব লাগে। আগতে তোমালোক দেহ-অভিমানী আছিলা। এই পুৰুষোত্তম সংগমযুগতহে পিতা আহি তোমালোক সন্তানসকলক আত্ম-অভিমানী কৰি তোলে। আত্ম-অভিমানী আৰু দেহ-অভিমানীৰ পাৰ্থক্য তোমালোকে বুজি পাইছা। পিতায়ে বুজাইছে আত্মাইহে শৰীৰৰ দ্বাৰা ভূমিকা পালন কৰে। আত্মাইহে পঢ়ে, শৰীৰে নহয়। কিন্তু দেহ-অভিমান থকাৰ কাৰণে ভাবে অমুকেহে পঢ়ুৱাইছে। তোমালোক সন্তানসকলক যিয়ে পঢ়ুৱায় তেওঁ হৈছে নিৰাকাৰ। তেওঁৰ নাম হৈছে শিৱ। শিৱবাবাৰ নিজৰ শৰীৰ নাথাকে। আন সকলোৱে ক'ব মোৰ শৰীৰ। এয়া কোনে ক'লে? আত্মাই কলে - এয়া মোৰ শৰীৰ। বাকী সেই সকলোবোৰ হৈছে পাৰ্থিৱ শিক্ষা। তাত বিভিন্ন প্ৰকাৰৰ চাবজেক্ট (বিষয়) থাকে। বি. এ. আদি কিমান নাম আছে। ইয়াত এটাই নাম, পাঠো এজনেই পঢ়ুৱায়। এজন পিতাহে আহি পঢ়ুৱায়, সেয়েহে এজন পিতাকহে স্মৰণ কৰিব লাগে। আমাক বেহদৰ পিতাই পঢ়ুৱায়, তেওঁৰ নাম কি? তেওঁৰ নাম শিৱ। এই শৰীৰতো তেওঁৰ নহয়। এনে নহয় যে (তেওঁ) নাম-ৰূপৰ পৰা উপাৰাম। মনুষ্যই শৰীৰ অনুসৰি নাম পায়। এনেকৈ কব অমুকৰ এয়া শৰীৰ। তেনেকৈ শিৱবাবাৰ নাম নাই। মনুষ্যৰ নাম শৰীৰ অনুসৰি হয়, এজনেই নিৰাকাৰ পিতা যাৰ নাম শিৱ। যেতিয়া পঢ়ুৱাবলৈ আহে তেতিয়াও নাম শিৱই থাকে। এই শৰীৰতো তেওঁৰ নহয়। ভগৱান এজনেই, 10-12 নহয়। তেওঁ হৈছে এজন, মনুষ্যই আকৌ তেওঁৰ 24 অৱতাৰ বুলি কয়। পিতাই কয় - মোক দিগভ্ৰান্ত কৰি দিছে। পৰমাত্মাক শিল-পাথৰ সকলোতে আছে বুলি কৈ দিছে। যেনেকৈ ভক্তি মাৰ্গত নিজেই দিগভ্ৰান্ত হৈ থাকে তেনেকৈ মোকো দিগভ্ৰান্ত কৰি দিছে। ড্ৰামা (নাটক) অনুসৰি তেওঁৰ কথা কোৱাৰ ভংগী কিমান শীতল। (তেওঁ) বুজায় সকলোৱে মোৰ কিমান অপকাৰ কৰিলে, মোৰ কিমান গ্লানি কৰিলে। মনুষ্যই কয় মই নিষ্কাম সেৱা কৰোঁ, পিতাই কয় মোৰ বাহিৰে কোনেও নিষ্কাম সেৱা কৰিব নোৱাৰে। যি কৰে তাৰ ফল নিশ্চয় পায়। এতিয়া তোমালোকে ফল পাই আছা। গায়ন আছে যে ভক্তিৰ ফল ভগৱানে দিব কাৰণ ভগৱান হৈছে জ্ঞানৰ সাগৰ। ভক্তিত তোমালোকে আধাকল্প কৰ্মকাণ্ড কৰি আহিছা। এতিয়া এই জ্ঞান হৈছে অধ্যয়ন। এই শিক্ষা এবাৰেই পোৱা যায় আৰু এজন পিতাৰ দ্বাৰাহে পোৱা যায়। পিতাই পুৰুষোত্তম সংগমযুগত এবাৰেই আহি তোমালোকক পুৰুষোত্তম কৰি থৈ যায়। এয়া হৈছে জ্ঞান আৰু সেয়া হৈছে ভক্তি। আধাকল্প তোমালোকে ভক্তি কৰিছিলা, এতিয়া যিহেতু ভক্তি কৰা নহয়, তেওঁলোকৰ ভুল ধাৰণা হয় যে ক'ব নোৱাৰি, ভক্তি নকৰাৰ বাবেই অমুকৰ মৃত্যু হল, বেমাৰ হৈ গ'ল। কিন্তু, এনেকুৱা নহয়।

পিতাই কয়- সন্তানসকল, তোমালোকে আহ্বান কৰি আহিছা যে আপুনি আহি পতিতক পাৱন কৰি তোলা, সকলোৰে সৎগতি কৰা। সেয়েহে মই এতিয়া আহিছো। ভক্তি বেলেগ, জ্ঞান বেলেগ। ভক্তিৰ দ্বাৰা আধাকল্প ৰাতি হয়, জ্ঞানৰ দ্বাৰা আধাকল্পৰ বাবে দিন হয়। ৰামৰাজ্য আৰু ৰাৱণৰাজ্য দুয়োখনেই বেহদৰ (অসীমৰ)। দুয়োখনৰেই সময় সীমা সমান। এই সময়ত ভোগী হোৱাৰ বাবে জনসংখ্যা অতি বৃদ্ধি হয়, আয়ুসো কম হয়। বৃদ্ধি যাতে বেছিকৈ নহয় তাৰ বাবে উপায় উলিয়ায়। তোমালোক সন্তানসকলে জানা যে ইমান বিশাল সৃষ্টিখনক (জনসংখ্যা) হ্ৰাস কৰাটো পিতাৰেই কাম। পিতা আহেই হ্ৰাস (কম) কৰিবলৈ। আহ্বানো কৰে বাবা আহি অধৰ্মৰ বিনাশ কৰা অৰ্থাৎ সৃষ্টিক হ্ৰাস কৰা। জগতৰ লোকেতো নাজানে পিতাই কিমান কম কৰি দিয়ে। অলপ মনুষ্য থাকি যায়। বাকী সকলো আত্মা নিজৰ ঘৰলৈ গুছি যায় তাৰ পিছত ক্ৰম অনুসৰি ভূমিকা পালন কৰিবলৈ আহে। নাটকত যিমান দেৰিকৈ পলমকৈ ভূমিকা থাকে, তেওঁ ঘৰৰ পৰাও দেৰিকৈ আহে। নিজৰ ধান্দা আদি শেষ কৰি পিছলৈ আহে। নাটকৰ লোকসকলেও নিজৰ ধান্দা কৰে, আকৌ সময়ত নাটকলৈ আহি যায় ভুমিকা কৰিবলৈ। তোমালোকৰো এনেকুৱা, পিছলৈ যাৰ ভূমিকা থাকে তেওঁ পিছলৈ আহে। যিসকলে আৰম্ভণিৰ পৰা ভূমিকা পালন কৰে তেওঁলোক সত্যযুগ আদিত আহে। পিছলৈ অহাবিলাকলৈ চোৱা এতিয়াও আহিয়েই আছে। ঠাল-ঠেঙুলি পিছলৈকে আহি থাকে।

এই সময়ত তোমালোক সন্তানসকলক জ্ঞানৰ কথা বুজোৱা হয় আৰু পুৱা স্মৃতিত বহাঁ, সেয়া হৈছে ড্ৰিল (ব্যয়াম)। আত্মাই নিজ পিতাক স্মৰণ কৰিব লাগে। যোগ শব্দটি বাদ দিয়া। যোগ বুলি কলে বিভ্ৰান্ত হয়। কয় আমাৰ যোগ নালাগে। পিতাই কয়- হেৰ তোমালোকে পিতাক স্মৰণ কৰিব নোৱাৰানে! এয়া জানো ভাল কথা! স্মৰণ নকৰিলে পাৱন কেনেকৈ হবা? পিতা হৈছেই পতিত পাৱন। পিতা আহি ড্ৰামাৰ আদি-মধ্য-অন্তৰ ৰহস্য বুজায়। এয়া ভেৰাইটি (ভিন্ন প্ৰকাৰৰ) ধৰ্ম আৰু ভেৰাইটি মনুষ্যৰ বৃক্ষ। গোটেই সৃষ্টিৰ যি মনুষ্য মাত্ৰ আছে সকলোৱেই পাৰ্টধাৰী। কিমান অনেক মনুষ্য আছে, হিচাপ উলিয়ায় - এবছৰত ইমান কোটি জন্ম হৈ যাব। কিন্তু ইমান ঠাইনো ক'ত আছে। সেয়েহে পিতাই কয় মই আহো লিমিটেড নম্বৰ (সীমিত সংখ্যক) কৰিবলৈ। যেতিয়া সকলো আত্মা ওপৰৰ পৰা আহি যায়, আমাৰ ঘৰ খালী হৈ যায়। বাকী যি থাকে সেয়াও আহি যায়। বৃক্ষ কেতিয়াও নুশুকায়, চলি থাকে। পিছলৈ তাত যেতিয়া কোনো নাথাকে, পুনৰ সকলো যাবগৈ। নতুন সৃষ্টিত কিমান কম আছিল, এতিয়া কিমান বেছি। শৰীৰতো সকলোৰে বদলি হৈ থাকে। সেয়াও জন্ম সেইসকলেই লব যিয়ে কল্পই-কল্পই লয়। এইখন ৱৰ্ল্ড ড্ৰামা (সৃষ্টি নাটক) কেনেকৈ চলে, পিতাৰ বাহিৰে অন্য কোনেও বুজাব নোৱাৰে। সন্তানসকলেও পুৰুষাৰ্থৰ ক্ৰম অনুযায়ীহে বুজি পায়। বেহদৰ নাটক কিমান বিশাল। কিমান বুজিবলগীয়া কথা আছে। বেহদৰ পিতাতো জ্ঞানৰ সাগৰ হয়। বাকী সকলো লিমিটেড (সীমিত)। কিছু সংখ্যক বেদ-শাস্ত্ৰ আদি ৰচে, বেছিকৈতো একো ৰচনা নহব। তোমালোকে আৰম্ভণিৰ পৰা লিখিবলৈ ললে কিমান দীঘল গীতা হৈ যাব। সকলো ছপাহৈ কৰি গলে ঘৰতকৈও ডাঙৰ গীতা হৈ যাব, সেইবাবেই তেওঁলোকে কয় - সাগৰক চিয়াঁহী কৰি দিয়া....... আকৌ এয়াও কয় যে চৰায়ে সাগৰক গ্ৰাস কৰিলে। তোমালোক হৈছা চৰাই, গোটেই জ্ঞানৰ সাগৰক গ্ৰাস কৰি আছা। তোমালোক এতিয়া ব্ৰাহ্মণ হৈছা। তোমালোকে এতিয়া জ্ঞান পাইছা। জ্ঞানৰ দ্বাৰা তোমালোকে সকলো জানি গৈছা। কল্পই-কল্পই তোমালোকে ইয়াত পঢ়া, এই ক্ষেত্ৰত একো কম বেছি নহয়। যিয়ে যিমান পুৰুষাৰ্থ কৰে, তেওঁৰ সিমানেই প্ৰালব্ধ হয়। সকলোৱে বুজিব পাৰে আমি কিমান পুৰুষাৰ্থ কৰি, কিমান পদ পোৱাৰ লায়ক হৈছো। স্কুলতো ক্ৰমানুসাৰে পৰীক্ষাত উত্তীৰ্ণ হয়। সূৰ্য্যবংশী-চন্দ্ৰবংশী দুয়োটাই হয়। যি অনুত্তীৰ্ণ হয় তেওঁলোক চন্দ্ৰবংশী হয়গৈ। কোনেও নাজানে ৰামৰ হাতত বাণ কিয় দিয়া হৈছে? মৰামৰিৰ হিষ্ট্ৰী (ইতিহাস) বনাই দিছে। এই সময়ত মৰামৰিয়েই হয়। তোমালোকে জানা যি যেনে কৰ্ম কৰে তেনে ফলেই পায়। যেনেকৈ কোনোৱে হস্পিতাল (চিকিৎসালয়) নিৰ্মাণ কৰিলে পৰৱৰ্তী জন্মত তেওঁৰ আয়ুস দীঘলীয়া আৰু স্বাস্থ্যবান হব। কোনোবাই ধৰ্মশালা, স্কুল নিৰ্মাণ কৰিলে আধাকল্প সুখ লাভ কৰে। ইয়ালৈ সন্তানসকল যেতিয়া আহে তেতিয়া বাবাই সোধে তোমাৰ কেইটা সন্তান আছে? তেতিয়া কয় 3টা লৌকিক আৰু এটি শিৱবাবা কাৰণ তেওঁ যেনেকৈ উত্তৰাধিকাৰ দিয়ে তেনেকৈ লয়ো। হিচাপ আছে। তেওঁৰ লবলগীয়া একো নাই, তেওঁতো দাতা হয়। চাউল এমুঠি দি তোমালোকে মহল লৈ লোৱা, সেইবাবেই (তেওঁ) ভোলানাথ। পতিত-পাৱন জ্ঞানৰ সাগৰ হয়। এতিয়া পিতাই কয় এই ভক্তিৰ যি শাস্ত্ৰ আছে তাৰ সাৰ বুজাও। ভক্তিৰ ফল পোৱা যায় আধাকল্পৰ। সন্ন্যাসীসকলে কয় এই সুখ কাক বিষ্ঠাৰ সমান, সেইবাবে ঘৰ-বাৰী এৰি জংগললৈ গুছি যায়। তেওঁলোকে এনেকৈ কয় - আমাক স্বৰ্গৰ সুখ নালাগে, য'ত আকৌ নৰকলৈ আহিব লাগে। আমাক মোক্ষ (মুক্তি) লাগে। কিন্তু এইটো মনত ৰাখিবা যে এয়া বেহদৰ নাটক। এই নাটকৰ পৰা এটা আত্মাও সাৰি যাব নোৱাৰে, পূৰ্ব নিৰ্ধাৰিত। সেয়েহে গোৱা হয় যি পূৰ্ব নিৰ্ধাৰিত সেয়াই চলি থাকে...... কিন্তু ভক্তি মাৰ্গত চিন্তা কৰিবলগীয়া হয়। যি পাৰ হৈ গল সেয়া পুনৰ হব। 84ৰ চক্ৰ তোমালোকে লগোৱা। এয়া কেতিয়াও বন্ধ নহয়, পূৰ্ব নিৰ্ধাৰিত। ইয়াত তোমালোকে তোমালোকৰ পুৰুষাৰ্থ কেনেকৈ উৰাই দিব পাৰিবা? তোমালোকে কৈ দিলেই তোমালোক ওলাই যাব নোৱাৰা। মোক্ষ প্ৰাপ্তি, জ্যোতিত বিলীন হোৱা, ব্ৰহ্মত লীন হোৱা- এইবোৰ একেই কথা। অনেক মত, অনেক ধৰ্ম। আকৌ কৈ দিয়ে তোমাৰ গতি-মতি তুমিয়েই জানা। তোমাৰ শ্ৰীমতৰ দ্বাৰা সৎগতি প্ৰাপ্তি হয়। সেয়া তোমালোকেহে জানা। তুমি যেতিয়া আহিবা তেতিয়া আমিও জানিম আৰু আমিও পাৱন হম। পঢ়া পঢ়িলে আমাৰ সৎগতি হব। সৎগতি হৈ যোৱাৰ পিছত কোনেও নামাতে। এই সময়ত সকলোৰে ওপৰত দুখৰ পাহাৰ খহি পৰিব। অকাৰণতে ৰক্তাপাত দেখুৱায় আৰু গোৱৰ্দ্ধন পাহাৰো দেখুৱায়। আঙুলিৰে পাহাৰ উঠায়। তোমালোকে ইয়াৰ অৰ্থ জানা। তোমালোক কিছু সংখ্যক সন্তানে এই দুখৰ পাহাৰ আঁতৰোৱা। দুখো সহন কৰা।

তোমালোকে বশীকৰণ মন্ত্ৰ সকলোকে দিব লাগে। এনেকৈ কয় - তুলসী দাসে চন্দন ঘঁহে....... ৰাজ্যৰ তিলক তোমালোকে লাভ কৰা নিজৰ যত্নৰ দ্বাৰা। তোমালোকে ৰাজ্য প্ৰাপ্তিৰ বাবে পঢ়ি আছা। ৰাজযোগ যাৰ দ্বাৰা ৰাজ্য পোৱা যায় সেই পাঠ পঢ়াওঁতা এজনেই পিতা। এতিয়া তোমালোক ঘৰত বহি আছা, এয়া দৰবাৰ (ৰাজসভা) নহয়। দৰবাৰ তাক কোৱা হয় য'ত ৰজা-মহাৰজা সকল মিলিত হয়। এয়া হৈছে পাঠশালা। বুজোৱা হয় কোনো ব্ৰাহ্মণীয়ে বিকাৰীক লৈ আহিব নোৱাৰে। পতিতে বায়ুমণ্ডল বেয়া কৰিব, সেইবাবে অনুমতি দিয়া নহয়। পবিত্র হলে অনুমতি দিয়া হয়। এতিয়া কোনো কোনোক অনুমতি দিব লগা হয়। যদি ইয়াৰ পৰা গৈ পতিত হয়গৈ তেতিয়া ধাৰণা নহব। এয়া হৈছে নিজেই নিজক শ্ৰাপিত কৰা। বিকাৰ হৈছেই ৰাৱণৰ মত। ৰামৰ মত এৰি ৰাৱণ মতেৰে বিকাৰী হৈ পাথৰ হৈ পৰে। গৰুড় পুৰাণত বহুত ভয়ানক কাহিনী লিখি দিছে। পিতাই কয় - মনুষ্য, মনুষ্যই হয়, জানোৱাৰ আদি নহয়। পঢ়াত কোনো অন্ধশ্ৰদ্ধাৰ কথা নাথাকে। এই হৈছে তোমালোকৰ অধ্যয়ন। স্টুডেন্টে (বিদ্যাৰ্থীয়ে) পঢ়ি, পাছ হৈ উপাৰ্জন কৰে। অচ্ছা।

অতি মৰমৰ কল্পৰ পিছত পুনৰাই লগ পোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।

ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) বশীকৰণ মন্ত্ৰ সকলোকে দিব লাগে। যত্নৰে পঢ়ি ৰাজ্যৰ তিলক লব লাগে। এই দুখৰ পাহাৰ আঁতৰাবলৈ নিজৰ সহযোগীতা (আঙুলি) আগবঢ়াব লাগে।

(2) সংগমযুগত পুৰুষোত্তম হোৱাৰ পুৰুষাৰ্থ কৰিব লাগে। পিতাক স্মৰণ কৰাৰ ড্ৰিল (ব্যয়াম) কৰিব লাগে। বাকী যোগ-যোগ বুলি কৈ মূৰ্চ্ছিত হব নালাগে।

বৰদান:
পৰমাত্মজ্ঞানৰনৱীনতা "পবিত্ৰতা"
কধাৰণকৰোঁতাসকলোআসক্তিৰপৰামুক্তহোৱা

এই পৰমাত্ম জ্ঞানৰ নৱীনতাই হৈছে পবিত্ৰতা। গৰ্বৰে কোৱা জুই আৰু কৰ্পুৰ (কপাহ) একেলগে থাকিও জুই লাগিব নোৱাৰে। বিশ্বৰ তোমালোকৰ প্ৰতি এয়া চেলেঞ্জ (প্ৰত্যাহ্বান) যে পবিত্ৰতাৰ অবিহনে যোগী বা জ্ঞানী আত্মা হব নোৱাৰি। তেন্তে পবিত্ৰতা অৰ্থাৎ সম্পূৰ্ণ আসক্তি মুক্ত। কোনো ব্যক্তি বা সাধনৰ প্ৰতি যাতে আসক্তি নাথাকে। এনেকুৱা পবিত্ৰতাৰ দ্বাৰাহে প্ৰকৃতিক পাৱন কৰি তোলাৰ সেৱা কৰিব পাৰিবা।

স্লোগান:
পবিত্ৰতাতোমালোকৰজীৱনৰমুখ্যফাউণ্ডেশ্চন
(আধাৰ), মৰিগলেও, ধৰ্মনেৰিবা।