04.04.21    Avyakt Bapdada     Assame Murli     27.11.87     Om Shanti     Madhuban


*সিদ্ধিৰ আধাৰ- শ্ৰেষ্ঠ বৃত্তি*


আজি বাপদাদাই নিজৰ চাৰিওফালৰ পৱিত্ৰ হংসসকলৰ সভা চাই আছেহঁক। প্ৰত্যেক পৱিত্ৰ হংসই নিজৰ শ্ৰেষ্ঠ স্থিতিৰ আসনত বিৰাজমান হৈ আছে। সকলো আসনধাৰী পৱিত্ৰ হংসৰ সভা গোটেই কল্পৰ ভিতৰতেই অলৌকিক আৰু উপৰাম। প্ৰত্যেক পৱিত্ৰ হংসই নিজৰ বিশেষত্বৰে অতি সুন্দৰকৈ সজ্জিত হৈ আছে। বিশেষত্বসমূহ হৈছে শ্ৰেষ্ঠ অলংকাৰ। সু-সজ্জিত পৱিত্ৰ হংস কিমান মৰমৰ হয়? বাপদাদাই প্ৰত্যেকৰে বিশেষত্বসমূহৰ অলংকাৰ দেখি হৰ্ষিত হয়। সকলোৱে অলংকৃত কিয়নো বাপদাদাই ব্ৰাহ্মণ জন্ম দিওঁতেই শিশুকালতেই বিশেষ আত্মা হোৱাৰ বৰদান দিলে। ক্ৰমানুসৰি হোৱা সত্ত্বেও শেষৰ নম্বৰৰজনো বিশেষ আত্মা হয়। ব্ৰাহ্মণ জীৱনত অহা অৰ্থাৎ বিশেষ আত্মাৰ শাৰীত আহি গল। ব্ৰাহ্মণ পৰিয়ালত লাগিলে শেষৰ নম্বৰৰেই হওক কিন্তু বিশ্বৰ অনেক আত্মাৰ তুলনাত তেৱোঁ বিশেষ বুলি গণ্য কৰা হয়, সেইবাবে কোটিৰ মাজত কোনোবা, কোনোবাৰ মাজতো কোনোবা বুলি গায়ন কৰা হৈছে। গতিকে ব্ৰাহ্মণসকলৰ সভা অৰ্থাৎ বিশেষ আত্মাসকলৰ সভা।

আজি বাপদাদাই চাই আছিল যে বিশেষত্বসমূহেৰে পিতাইতো সকলোকে সমানে একেধৰণেই অলংকৃত কৰিছে কিন্তু কোনোবাই সেই অলংকাৰক ধাৰণ কৰি সময় অনুসৰি কাৰ্যত প্ৰয়োগ কৰে আৰু কোনোবাই হয়তো ধাৰণ কৰিব নোৱাৰে নতুবা কোনোবাই সময় অনুসৰি কাৰ্যত প্ৰয়োগ কৰিব নোৱাৰে। যিদৰে আজিকালিৰ অভিজাত পৰিয়ালৰ লোকসকলে সময় অনুসৰি অলংকৃত কৰে গতিকে কিমান ভাল লাগে! যেনেকুৱা সময় তেনেকুৱা অলংকাৰ, ইয়াকেই কোৱা হয় জ্ঞানপূৰ্ণ। আজিকালি অলংকাৰৰ বেলেগ বেলেগ চেট (গোট) ৰাখে নহয় জানো। গতিকে বাপদাদাই অনেক বিশেষত্বৰ, অনেক শ্ৰেষ্ঠ গুণৰ কিমান ভিন্নতাৰ চেট দিছে! লাগিলে যিমানেই অমূল্য অলংকাৰ নহওঁক কিন্তু যদি সময় অনুসৰি নহয় তেন্তে কেনেকুৱা লাগিব? এনেদৰে বিশেষত্বৰ, গুণৰ, শক্তিৰ, জ্ঞান ৰত্নৰ অনেক অলংকাৰ পিতাই সকলোকে দিছে কিন্তু সময়ত কাৰ্যত প্ৰয়োগ কৰাত ক্ৰমানুসৰি হয়। যদিওবা এই সকলো অলংকাৰ থাকেও কিন্তু প্ৰতিটো বিশেষত্ব বা গুণৰ মহত্ত্ব সময়ত হয়। থকা সত্ত্বেও যদি সময়ত কাৰ্যত প্ৰয়োগ নকৰে তেন্তে অমূল্য হোৱা সত্ত্বেও তাৰ মূল্য নাথাকে। যি সময়ত যিটো বিশেষত্ব ধাৰণ কৰাৰ কাৰ্য হয় সেইটো বিশেষত্বৰেই মূল্য থাকে। যিদৰে হাঁহে পাথৰ আৰু ৰত্ন - দুয়োটাক চিনি লৈ বেলেগ বেলেগ কৰি ধাৰণ কৰে। পাথৰক এৰি দিয়ে, বাকী ৰত্ন-মাণিক ধাৰণ কৰে। সেইদৰে পৱিত্ৰ হংস অৰ্থাৎ সময় অনুসৰি বিশেষত্ব বা গুণক চিনাক্ত কৰি সেয়াই সময়ত ব্যৱহাৰ কৰে। ইয়াকেই কোৱা হয় চিনাক্ত কৰাৰ শক্তি, নিৰ্ণয় কৰাৰ শক্তিসম্পন্ন পৱিত্ৰ হংস। গতিকে চিনাক্ত কৰা আৰু নিৰ্ণয় কৰা - এই দুয়োটা শক্তিয়ে নম্বৰ আগত লৈ যায়। যেতিয়া এই দুয়োটা শক্তি ধাৰণ হৈ যায় তেতিয়া সময় অনুসৰি সেইটো বিশেষত্বৰে কাম আদায় কৰিব পাৰে। গতিকে প্ৰত্যেক পৱিত্ৰ হংসই নিজৰ এই দু্য়োটা শক্তিক পৰীক্ষা কৰা। দুয়োটা শক্তিয়ে সময়ত প্ৰতাৰণাতো নকৰে? সময় গুচি যোৱাৰ পাচত যদি চিনাক্তও কৰি ললা, নিৰ্ণয়ো কৰিলা কিন্তু সেই সময়তো অতিবাহিত হৈ গল নহয় জানো। যিসকল এক নম্বৰৰ পৱিত্ৰ হংস, তেওঁলোকৰ এই দুয়োটা শক্তি সদায় সময় অনুসৰি কাৰ্য কৰে। যদি সময়ৰ পাছত এই শক্তিসমূহে কাৰ্য কৰে তেন্তে দ্বিতীয় নম্বৰত আহি যায়! তৃতীয় নম্বৰৰতো কথাই বাদ দিয়া। আৰু সময়ত সেইসকল পৱিত্ৰ হংসয়ে কাৰ্য কৰিব পাৰে যাৰ বুদ্ধি সদায় হোলী (পৱিত্ৰ) হয়।

হোলীৰ অৰ্থ শুনাইছিলোঁ নহয়। এটা হোলী অৰ্থাৎ পৱিত্ৰ আৰু হিন্দীত হো লী অৰ্থাৎ যি হৈ গল সেয়া হৈ গল। গতিকে যাৰ বুদ্ধি হোলী অৰ্থাৎ স্বচ্ছ আৰু সদায়েই যি চেকেণ্ড, যি পৰিস্থিতি অতিবাহিত হৈ গল সেয়া হৈ গল - এইটো অভ্যাস আছে, এনেকুৱা বুদ্ধিৰসকল সদায় হোলী অৰ্থাৎ আত্মিক ৰঙেৰে ৰাঙলী হৈ থাকে, সদায় পিতাৰ সংগৰ ৰঙেৰে ৰাঙলী হৈ থাকে। গতিকে এটা হোলী শব্দই তিনিটা ৰূপত ব্যৱহাৰ হয়। যাৰ এই তিনিওটা অৰ্থৰ বিশেষত্ব আছে অৰ্থাৎ যিসকল হংসই এইটো বিধি জানে, তেওঁ সকলো সময়তে সিদ্ধি প্ৰাপ্ত কৰে। গতিকে আজি বাপদাদাই পৱিত্ৰ হংসসকলৰ সভাত সকলো পৱিত্ৰ হংসৰ এই বিশেষত্ব চাই আছিলেহঁক। স্থূল কাৰ্যই হওঁক বা আত্মিক কাৰ্যই হওঁক কিন্তু দুয়োটাতে সফলতাৰ আধাৰ হৈছে চিনাক্ত আৰু নিৰ্ণয় কৰাৰ শক্তি। যাৰেই সম্পৰ্কত আহা, যেতিয়ালৈ তেওঁৰ ভাৱ আৰু ভাৱনাক চিনাক্ত কৰিব নোৱাৰা আৰু চিনাক্ত কৰাৰ পাছত যথাৰ্থ নিৰ্ণয় কৰিব নোৱাৰা, তেন্তে দুয়োটা কাৰ্যতেই সফলতা প্ৰাপ্ত নহয় - লাগিলে ব্যক্তি হওঁক বা পৰিস্থিতিয়েই হওঁক কিয়নো ব্যক্তিৰ সম্বন্ধততো আহিবলগীয়া হয় আৰু পৰিস্থিতিতো অতিক্ৰম কৰিবলগীয়া হয়। জীৱনত এই দু্য়োটা কথাই আহে। গতিকে এক নম্বৰৰ পৱিত্ৰ হংস অৰ্থাৎ দু্য়োটা বিশেষত্বৰে সম্পন্ন। এয়া হল আজিৰ এই সভাৰ বাতৰি। এই সভা অৰ্থাৎ কেৱল সন্মুখত বহি থকাসকলেই নহয়। বাপদাদাৰ সন্মুখততো তোমালোকৰ লগতে চাৰিওফালৰ সন্তানসকল প্ৰকট (ইমাৰ্জ) হয়। বেহদৰ পৰিয়ালৰ মাজত বাপদাদাই মিলন উদযাপন কৰে বা বাৰ্তালাপ কৰে। সকলো ব্ৰাহ্মণ আত্মাই নিজৰ স্মৰণ কৰাৰ শক্তিৰে নিজেও মধুবনত হাজিৰ হয়। আৰু বাপদাদাই এইটোও বিশেষ কথা চাই আছে যে প্ৰত্যেক সন্তানৰ বিধিৰ ৰেখা আৰু সিদ্ধিৰ ৰেখা, এই দুয়োডাল ৰেখা কিমান স্পষ্ট, আদিৰ পৰা এতিয়ালৈ বিধি কেনেকুৱা হৈ আছে আৰু বিধিৰ ফলস্বৰূপে কিমান সিদ্ধি প্ৰাপ্ত কৰিছে, দুয়োডাল ৰেখা কিমান স্পষ্ট আৰু কিমান দীঘল অৰ্থাৎ বিধি আৰু সিদ্ধিৰ হিচাপ কিমান যথাৰ্থ ৰূপত জমা হৈছে? বিধিৰ আধাৰ হৈছে শ্ৰেষ্ঠ বৃত্তি। যদি শ্ৰেষ্ঠ বৃত্তি আছে তেন্তে যথাৰ্থ বিধিও আছে আৰু যদি যথাৰ্থ বিধি আছে তেন্তে সিদ্ধি শ্ৰেষ্ঠ হয়েই। গতিকে বিধি আৰু সিদ্ধিৰ বীজ হৈছে বৃত্তি। শ্ৰেষ্ঠ বৃত্তি সদায় ভাই ভাইৰ আত্মিক বৃত্তি হওঁক। এয়াতো মুখ্য কথা হয়েই কিন্তু লগতে সম্পৰ্কত আহি সকলো আত্মাৰ প্ৰতি কল্যাণৰ, স্নেহৰ সহযোগৰ, নিঃস্বাৰ্থ ভাৱৰ নিৰ্বিকল্প বৃত্তি হওঁক, ব্যৰ্থ ৰহিত-সংকল্প বৃত্তি হওঁক। বহু ক্ষেত্ৰত কোনো আত্মাৰ প্ৰতি ব্যৰ্থ সংকল্প বা বিকল্পৰ বৃত্তি থাকিলে তেতিয়া যেনেকুৱা বৃত্তি দৃষ্টি তেনেকুৱাই সেই আত্মাৰ কৰ্তব্য, কৰ্মৰ সৃষ্টি দেখা দিব। কেতিয়াবা কেতিয়াবা বাপদাদাই এয়া সন্তানসকলৰ ক্ষেত্ৰত শুনেও আৰু দেখিবলৈও পায়। বৃত্তিৰ কাৰণে বৰ্ণনাও কৰে, লাগিলে তেওঁ যিমানেই ভাল কাৰ্য নকৰক কিন্তু বৃত্তি ব্যৰ্থ হোৱাৰ কাৰণে সদায় সেই আত্মাটিৰ প্ৰতি বাণীও এনেকুৱাই উচ্চাৰিত হয় যে এওঁতো হয়েই এনেকুৱা, এনেকুৱাই হয়। গতিকে এইটো বৃত্তিয়ে তেওঁৰ কৰ্ম ৰূপী সৃষ্টি তেনেকুৱাই অনুভৱ কৰায়। যিদৰে তোমলোকে এই জগতত চকুৰ দৃষ্টিৰ চছমাৰ দৃষ্টান্ত দিয়া; যি ৰঙৰেই চছমা পিন্ধিবা সেয়াই দেখিবলৈ পাবা। সেইদৰে এই বৃত্তিও যেন তেনেকুৱা, গতিকে বৃত্তিয়ে দৃষ্টি পৰিৱৰ্তন কৰে, দৃষ্টিয়ে সৃষ্টি পৰিৱৰ্তন কৰে। যদি বৃত্তিৰ বীজ সদায় শ্ৰেষ্ঠ হয় তেন্তে বিধি আৰু সিদ্ধি সফলতাপূৰ্বক হয়েই। গতিকে প্ৰথমতে বৃত্তিৰ ভেটি পৰীক্ষা কৰা। তাক শ্ৰেষ্ঠ বৃত্তি বুলি কোৱা হয়। যদি কোনো সম্বন্ধ-সম্পৰ্কত শ্ৰেষ্ঠ বৃত্তিৰ সলনি মিশ্ৰিত হয় তেতিয়া যিমানেই বিধি ব্যৱহাৰ নকৰা কিন্তু সিদ্ধি নহব কিয়নো বীজ হৈছে বৃত্তি আৰু বৃক্ষ হৈছে বিধি আৰু ফল হৈছে সিদ্ধি। যদি বীজ দুৰ্বল হয় তেন্তে বৃক্ষ লাগিলে যিমানেই বিস্তাৰিত নহওঁক কিন্তু সিদ্ধিৰূপী ফল নিদিব। এই বৃত্তি আৰু বিধিৰ ওপৰত বাপদাদাই সন্তানসকলৰ প্ৰতি এক বিশেষ বাৰ্তালাপ কৰি আছিল।

স্ব-উন্নতিৰ প্ৰতি বা সেৱাৰ সফলতাৰ প্ৰতি এটি ৰমণীয় শ্লোগান বাৰ্তালাপত কৈ আছিল। তোমালোক সকলোৱে এইটো শ্লোগান পৰস্পৰৰ মাজত কোৱাও, প্ৰতিটো কাৰ্যত প্ৰথমে আপুনি- এই শ্লোগানটি স্মৃতিত আছেনে? এটা হৈছে প্ৰথমে আপুনি আৰু আনটো প্ৰথমে মই। দুয়োটা শ্লোগান প্ৰথমে আপুনি আৰু প্ৰথমে মই দুয়োটাৰে আৱশ্যক আছে। কিন্তু বাপদাদাই বাৰ্তালাপ কৰি মিচিকিয়াই আছিল। যত প্ৰথমে মই হব লাগে তত প্ৰথমে আপুনি কৰি দিয়া, যত প্ৰথমে আপুনি কৰিব লাগে তত প্ৰথমে মই কৰি দিয়া। সলনি কৰি দিয়া। যেতিয়া কোনো স্ব-পৰিৱৰ্তনৰ কথা আহে তেতিয়া কোৱা প্ৰথমে আপুনি, এওঁ সলনি হলেহে মই সলনি হম। গতিকে প্ৰথমে আপুনি হল নহয় জানো। আৰু যেতিয়া কোনো সেৱা বা কোনো এনেকুৱা পৰিস্থিতিৰ সন্মুখীন হোৱাৰ সুযোগ আহে তেতিয়া চেষ্টা কৰে প্ৰথমে মই, ময়োতো কিবা হওঁ, ময়ো কিবা পাব লাগে। গতিকে যত প্ৰথমে আপুনি বুলি কব লাগে, তত মই বুলি কৈ দিয়ে। সদায় স্বমানত স্থিত হৈ আনক সন্মান দিয়া অৰ্থাৎ প্ৰথমে আপুনি বুলি কোৱা। কেৱল মুখেৰে কোৱা প্ৰথমে আপুনি আৰু কৰ্মত পাৰ্থক্য হৈ যাব - এইটো নহয়। স্বমানত স্থিত হৈ সন্মান দিব লাগে। স্বমান দিয়া বা স্বমানত স্থিত হোৱা, তাৰ লক্ষণ কি হব? এই ক্ষেত্ৰত দুটা কথা সদায় পৰীক্ষা কৰা-

এক হৈছে অভিমানৰ বৃত্তি, দ্বিতীয়তো হৈছে অপমানৰ বৃত্তি। যি স্বমানত স্থিত হয় আৰু আনক স্বমান দিওঁতা দাতা হয়, তেওঁৰ ক্ষেত্ৰত অভিমান আৰু অপমান - এই দুটা বৃত্তি নাথাকিব। এওঁতো কৰেই এনেকুৱা, এওঁ হয়েই এনেকুৱা, গতিকে এয়াও মাৰ্জিত ৰূপত সেই আত্মাটিৰ প্ৰতি অপমান কৰা হয়। স্বমানত স্থিত হৈ স্বমান দিয়া ইয়াক কোৱা হয় প্ৰথমে আপুনি। বুজিলা? আৰু যিটো স্ব-উন্নতিৰ কথা তাত সদায় প্ৰথমে মইৰ শ্লোগান যদি স্মৃতিত থাকে তেন্তে ফলাফল কি হব? প্ৰথমে মই অৰ্থাৎ যিয়ে অৰ্জন কৰে তেওঁ অৰ্জুন। অৰ্জুন অৰ্থাৎ বিশেষ আত্মা, উপৰাম আত্মা, অলৌকিক আত্মা, অলৌকিক বিশেষ আত্মা। যিদৰে ব্ৰহ্মা বাবাই সদায় প্ৰথমে মই শ্লোগানেৰে যিয়ে অৰ্জন কৰে তেওঁ অৰ্জুন হল অৰ্থাৎ এক নম্বৰৰ আত্মা। এক নম্বৰৰ ক্ষেত্ৰত শুনালোঁ - এক নম্বৰ বিভাগ। এনেয়ে এক নম্বৰতো এজনেই হব নহয় জানো। গতিকে দুয়োটা শ্লোগানেই জৰুৰী হয়। কিন্তু শুনালোঁ নহয়- নম্বৰ কিহৰ আধাৰত পোৱা যায়। যিয়ে সময় অনুসৰি যিকোনো বিশেষত্বক কাৰ্যত প্ৰয়োগ নকৰে তেন্তে নম্বৰ অগা-পিছা হৈ যায়। সময়ত যিয়ে কাৰ্যত প্ৰয়োগ কৰে, তেওঁ জয় লাভ (ৱিন) কৰে অৰ্থাৎ এক নম্বৰ (ওৱান) হৈ যায়। গতিকে পৰীক্ষা কৰা কিয়নো এইবছৰ নিজক পৰীক্ষা কৰাৰ কথা শুনাই থকা হৈছে। ভিন্ন ভিন্ন কথা শুনালোঁ নহয়? গতিকে আজি এই কথাবিলাক পৰীক্ষা কৰিবা - আপোনাৰ সলনি মই, মইৰ সলনি আপুনি বুলিতো কৈ নিদিয়া? ইয়াক কোৱা হয় যথাৰ্থ বিধি। যত যথাৰ্থ বিধি আছে তত সিদ্ধি আছেই। আৰু এই বৃত্তিৰ বিধি শুনালোঁ - দুটা কথাৰ পৰীক্ষা কৰিবা - অভিমানৰো বৃত্তি নহওঁক, অপমানৰো বৃত্তি নহওঁক। যত এই দুয়োটাৰে অপ্ৰাপ্তি আছে ততেই স্বমানৰ প্ৰাপ্তি আছে। তুমি কোৱা বা নোকোৱা, ভাবা বা নাভাবা কিন্তু ব্যক্তি, প্ৰকৃতি - দুয়োটাই সদায় স্বতঃ স্বমান দি থাকিব। সংকল্প মাত্ৰও স্বমান প্ৰাপ্তিৰ ইচ্ছাৰে স্বমান নাপাবা। নম্ৰ হোৱা অৰ্থাৎ প্ৰথমে আপুনি বুলি কোৱা। নম্ৰ স্থিতিয়ে স্বতঃ স্বমান দিয়াব। স্বমানৰ পৰিস্থিতিত প্ৰথমে আপুনি বুলি কোৱা অৰ্থাৎ পিতাৰ সমান হোৱা। যিদৰে পিতা ব্ৰহ্মাই সদায়েই স্বমান দিয়াৰ ক্ষেত্ৰত প্ৰথমে জগত অম্বা প্ৰথমে সৰস্বতী মা, পাছত পিতা ব্ৰহ্মা থাকিল। ব্ৰহ্মা মাতা হোৱা স্বত্ত্বেও স্বমান দিয়াৰ অৰ্থে জগত অম্বা মাক আগত ৰাখিলে। প্ৰতিটো কাৰ্যতে সন্তানসকলক আগত ৰাখিলে আৰু পুৰুষাৰ্থৰ স্থিতিত সদায় নিজক প্ৰথমে মই ইঞ্জিনৰ ৰূপত ৰাখিলে। ইঞ্জিন আগত থাকে নহয় জানো। সদায় এইটো সাকাৰ জীৱনত দেখিলা যে যি মই কৰিম মোক দেখি সকলোৱে কৰিব। গতিকে বিধিত, স্ব-উন্নতিত বা তীব্ৰ পুৰুষাৰ্থৰ শাৰীত সদায় প্ৰথমে নিজক ৰাখিলে। গতিকে আজি বিধি আৰু সিদ্ধিৰ ৰেখা পৰীক্ষা কৰি আছিল। বুজিলা? গতিকে সলনি কৰি নিদিবা। সলনি কৰা মানে ভাগ্যক সলনি কৰা। সদায় পৱিত্ৰ হংস হৈ নিৰ্ণয় শক্তি, চিনাক্তকৰণ শক্তিক সময়ত কাৰ্যত প্ৰয়োগ কৰোঁতা বিশাল বুদ্ধিৰ হোৱা আৰু সদায় বৃত্তি ৰূপী বীজক শ্ৰেষ্ঠ কৰি বিধি আৰু সিদ্ধি সদায় শ্ৰেষ্ঠ অনুভৱ কৰাই আগবাঢ়ি যোৱা।

আগতেও শুনাইছিলোঁ যে বাপদাদাৰ সন্তানসকলৰ প্ৰতি স্নেহ আছে। স্নেহৰ চিন কি হয়? স্নেহ কৰোঁতাজনে স্নেহীৰ দুৰ্বলতাক চাব নোৱাৰে, সদায় নিজক আৰু স্নেহী আত্মাক সম্পন্ন সমান ৰূপত চাব বিচাৰে। বুজিলা? গতিকে বাৰে বাৰে মনোযোগ আকৰ্ষণ কৰায়, পৰীক্ষা কৰায় - এয়াই সম্পন্ন কৰি তোলাৰ সঁচা স্নেহ। বাৰু।

এতিয়া ইয়াত সকলো ফালৰ পৰা অহা পুৰণি সন্তানেই অধিক। পুৰণি কাক কোৱা হয়, অৰ্থ জানা নহয়? বাপদাদাই পুৰণিসকলক কয় - সকলো কথাতে পৈণত। পুৰণি অৰ্থাৎ পৈণত। অনুভৱেও পৈণত কৰি দিয়ে। এনেকুৱা কেঁচা নহয় যে অলপ মায়া ৰূপী মেকুৰী আহিল আৰু ভয়-ভীত হৈ যাবা। সকলো পুৰণি - পৈণত আহিছা নহয়? সাক্ষাৎ কৰাৰ সুযোগ লোৱাৰ বাবে সকলোৱে প্ৰথমতে মই বুলি কৈছা যদি আপত্তি নাই। কিন্তু সকলো কাৰ্যতেই কায়দা (বিধি) আৰু ফায়দাতো (লাভতো) আছেই। এনেকুৱাও নহয় প্ৰথমতে মই গতিকে ইয়াৰ অৰ্থ এক হাজাৰ আহি যাব। সাকাৰ সৃষ্টিত কায়দাও আছে, ফায়দাও আছে। অব্যক্ত বতনত কায়দাৰ কথা নাই, কায়দা প্ৰণয়ন কৰিবলগীয়া নহয়। অব্যক্ত মিলনৰ বাবে পৰিশ্ৰম হয়, সাকাৰ মিলন সহজ লাগে, সেইবাবেই দৌৰি আহা। কিন্তু সময় অনুসৰি যিমান কায়দা সিমান ফায়দা হয়। বাপদাদাই অলপো যদি ইংগিত দিয়ে তেন্তে ভাবে - এতিয়া গম নাপাও কি হবলগীয়া আছে? যদি কিবা হবলগীয়াও আছে তেন্তে সেয়া আগতীয়াকৈ কৈ নহব। সাকাৰ পিতা অব্যক্ত হল তেন্তে আগতীয়াকৈ কৈ গল জানো? যি অকস্মাৎ হয় সেয়া অলৌকিক মৰমৰ হয়, সেইবাবে বাপদাদাই কয় - সদায় প্ৰস্তুত হৈ থাকা। যি হব সেয়া ভালতকৈও ভাল হব। বুজিলা? ভাল বাৰু।

সকলো পৱিত্ৰ হংসক, সকলো বিশাল বুদ্ধিৰ, শ্ৰেষ্ঠ স্বচ্ছ বুদ্ধি ধাৰণ কৰোঁতা বুদ্ধিমান সন্তানসকলক, সকলো শক্তিক, সকলো বিশেষত্বক সময় অনুসৰি কাৰ্যত প্ৰয়োগ কৰোঁতা জ্ঞানী আত্মাসকলক, যোগী আত্মা সন্তানসকলক, সদায় পিতাৰ সমান সম্পন্ন হোৱাৰ উৎসাহ-উদ্দীপনাত থাকোঁতা সম্পন্ন সন্তানসকলক বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু নমস্কাৰ।

বৰদান:
মালিকবোধৰ স্মৃতিৰে সৰ্বোচ্চ হৰ্তা-কৰ্তা অনুভৱ কৰোঁতা সমন্বিত স্বৰূপধাৰী হোৱা

প্ৰথমে নিজৰ শৰীৰ আৰু আত্মাৰ সমন্বিত ৰূপক স্মৃতিত ৰাখা। শৰীৰ ৰচনা, আত্মা ৰচয়িতা হয়। ইয়াৰ দ্বাৰা মালিকবোধ স্বতঃ স্মৃতিত থাকিব। মালিকবোধৰ স্মৃতিৰে নিজক সৰ্বোচ্চ হৰ্তা-কৰ্তা অনুভৱ কৰিবা। শৰীৰক চলাওঁতা হবা। দ্বিতীয়তে পিতা আৰু সন্তানৰ (শিৱশক্তি)ৰ সমন্বিত স্বৰূপৰ স্মৃতিৰে মায়াৰ বিঘিনিক কৰ্তৃত্বৰে অতিক্ৰম কৰি যাবা।

স্লোগান:
বিস্তাৰক চেকেণ্ডত সমাহিত কৰি জ্ঞানৰ সাৰ অনুভৱ কৰা আৰু কৰোৱা।