04.05.22       Morning Assame Murli        Om Shanti      BapDada       Madhuban


“মৰমৰ সন্তানসকল – শ্ৰীমতত পৱিত্ৰ হোৱা তেতিয়া ধৰ্মৰজাৰ শাস্তিৰ পৰা হাত সাৰি যাবা, হীৰাতুল্য হ’বলৈ হ’লে জ্ঞান অমৃত পান কৰা, বিষ ত্যাগ কৰা”

প্ৰশ্ন:
সত্যযুগী পদৰ আধাৰ কোনটো কথাৰ ওপৰত নিৰ্ভৰ কৰে?

উত্তৰ:
পৱিত্ৰতাৰ ওপৰত। তোমালোকে স্মৃতিত থাকি পৱিত্ৰ নিশ্চয় হ’ব লাগে। পৱিত্ৰ হ’লেহে সৎগতি হ’ব। যিসকল পৱিত্ৰ নহয় তেওঁলোকে শাস্তি খাই নিজৰ ধৰ্মত গুচি যাব। তোমালোক লাগিলে ঘৰতে থাকা কিন্তু কোনো দেহধাৰীক স্মৰণ নকৰিবা, পৱিত্ৰ হৈ থাকা তেতিয়া উচ্চ পাই যাবা।

গীত:
তুম্‌হে পাকে হমনে জহান পা লিয়া...... (তোমাক পাই আমি গোটেই জগতখনেই পাই গ’লোঁ……)

ওঁম্শান্তি।
শিৱ ভগৱানুবাচ (ভগৱানৰ বাণী) অন্য কাকো ভগৱান বুলি ক’ব নোৱাৰি, একমাত্ৰ নিৰাকাৰ পৰমপিতা পৰমাত্মাকহে শিৱবাবা বুলি কোৱা হয়। তেওঁ হৈছে সকলো আত্মাৰ পিতা। পোন- প্ৰথমে এইটো নিশ্চয় হোৱা উচিত - আমি শিৱবাবাৰ সন্তান নিশ্চয় হওঁ। দুখৰ সময়ত কয় - পৰমাত্মা সহায় কৰক, দয়া কৰক। এইটোও নাজানে যে আমি আত্মাই পৰমাত্মাক স্মৰণ কৰোঁ। মোৰ অৰ্থাৎ আত্মাৰ পিতা তেওঁ হয়। এই সময়ত গোটেই সৃষ্টিখনেই হৈছে পতিত আত্মাৰ। গায়নো কৰে আমি পাপী নীচ, আপুনি সম্পূৰ্ণ নিৰ্বিকাৰী। কিন্তু তথাপিও নিজক বুজি নাপায়। পিতাই বুজায় যে যেতিয়া তোমালোকে কোৱা - ভগৱান পিতা এজন তেন্তে তোমালোক সকলো পৰস্পৰ ভাই ভাই হৈ গ’লা। আকৌ শৰীৰৰ সম্বন্ধত সকলো ভাই-ভনী হ’লা। শিৱবাবাৰ সন্তান আকৌ প্ৰজাপিতা ব্ৰহ্মাৰো সন্তান হ’লা। এওঁ তোমালোকৰ বেহদৰ পিতা, শিক্ষক, গুৰু হয়। এওঁ কয় - মই তোমালোকক পতিত নকৰোঁ। মইতো আহিছোঁ পাৱন কৰি তুলিবলৈ। যদিহে মোৰ মতত চলা তেতিয়াহে হ’বা। ইয়াততো সকলো মনুষ্য ৰাৱণৰ মতত চলি আছে। সকলোৰে মাজত 5 বিকাৰ আছে। পিতাই কয় - সন্তানসকল এতিয়া নিৰ্বিকাৰী হোৱা, শ্ৰীমতত চলা। কিন্তু বিকাৰক নেৰেই। গতিকে স্বৰ্গৰ মালিক নহয়। সকলো অজামিলৰ দৰে পাপী হৈ গৈছে। ৰাৱণ সম্প্ৰদায়, এয়া হৈছে শোক বন, কিমান দুখী। পিতা আহি পুনৰ ৰামৰাজ্য স্থাপনা কৰে। গতিকে তোমালোক সন্তানসকলে জানা যে এয়া হৈছে সঁচা যুদ্ধক্ষেত্ৰ। গীতাত ভগৱানে কয় - কাম মহাশত্ৰু, তাৰ ওপৰত জয়ী হোৱা। জয়ীতো নহয়। এতিয়া পিতাই বহি বুজায়। তোমালোক আত্মাই এই কৰ্মেন্দ্ৰিয়ৰ দ্বাৰা শুনা আকৌ শুনোৱা, কৰ্ম আত্মাই কৰে। আমি আত্মা, শৰীৰ ধাৰণ কৰি ভূমিকা পালন কৰোঁ। কিন্তু মনুষ্য আত্মা-অভিমানীৰ সলনি দেহ-অভিমানী হৈ গৈছে। এতিয়া পিতাই কয় – দেহী-অভিমানী হোৱা। সত্যযুগত আত্মা-অভিমানী হৈ থাকে। পৰমাত্মাক নাজানে। ইয়াত তোমালোক দেহ-অভিমানী হোৱা আৰু পৰমাত্মাকো নাজানা সেইকাৰণে তোমালোকৰ এনেকুৱা দুৰ্গতি হৈ গ’ল। দুৰ্গতিকো নুবুজে। যাৰ বহুত ধন আছে তেওঁতো ভাবে আমি স্বৰ্গত বহি আছোঁ। পিতাই কয় – এওঁলোক সকলো গৰিব হৈ যায় কিয়নো বিনাশ হ’বলগীয়া আছে। বিনাশ হোৱাতো ভাল নহয় জানো। আমি পুনৰ মুক্তিধামলৈ গুচি যাম, এই ক্ষেত্ৰততো আনন্দিত হ’ব লাগে। তোমালোকে মৃত্যুৰ বাবে প্ৰস্তুতি চলাই আছা। মনুষ্যতো মৰিবলৈ ভয় কৰে। পিতাই তোমালোকক বৈকুণ্ঠলৈ লৈ যোৱাৰ বাবে যোগ্য কৰি আছে। পতিতইতো পতিত জগততে জন্ম লৈ থাকে। স্বৰ্গবাসী কোনো নহয়। মূল কথা হৈছে পিতাই কয় - পৱিত্ৰ হোৱা। পৱিত্ৰ নোহোৱাকৈ পৱিত্ৰ জগতলৈ যাব নোৱাৰিবা। পৱিত্ৰতাৰ কাৰণেই অৱলাসকলে মাৰ খাবলগীয়া হয়। বিষক অমৃত বুলি ভাবে। পিতাই কয় - জ্ঞান অমৃতেৰে তোমালোকক হীৰাতুল্য কৰি তোলোঁ, পুনৰ তোমালোকে বিষ পান কৰি কড়িতুল্য কিয় হোৱা। আধাকল্প তোমালোকে বিষ পান কৰিলা এতিয়া মোৰ আজ্ঞা মানা। নহ’লেতো ধৰ্মৰজাৰ শাস্তি খাব লাগিব। লৌকিক পিতায়ো কয় - সন্তানসকল এনেকুৱা কোনো কাম নকৰিবা যাৰ বাবে কুলৰ নাম বদনাম হ’ব। বেহদৰ পিতাই কয় - শ্ৰীমতত চলা। পৱিত্ৰ হোৱা। যদি কাম চিতাত বহা তেন্তে তোমালোকৰ মুখ ক’লাতো হয়েই আৰুহে ক’লা হৈ যাব। এতিয়া তোমালোকক জ্ঞান চিতাত বহুৱাই বগা কৰি তোলে। কাম চিতাত বহিলে স্বৰ্গৰ মুখো দেখা নাপাবা সেইকাৰণে পিতাই কয় – এতিয়া শ্ৰীমতত চলা। পিতাইতো সন্তানসকলৰ সৈতেই বাৰ্তালাপ কৰিব নহয় জানো। সন্তানসকলেহে জানে - পিতা আমাক স্বৰ্গৰ উত্তৰাধিকাৰ দিবলৈ আহিছে। কলিযুগ এতিয়া পূৰা হ’ব। যিসকল পিতাৰ শ্ৰীমতত চলিব তেওঁলোকৰহে সৎগতি হ’ব। পৱিত্ৰ নহ’লেতো শাস্তি খাই নিজৰ ধৰ্মত গুচি যাব। ভাৰতবাসীহে স্বৰ্গবাসী আছিল। এতিয়া পতিত হৈ গৈছে। স্বৰ্গৰ বিষয়ে গমেই নাপায়। সেয়েহে পিতাই কয় - তোমালোক যদি মোৰ শ্ৰীমতত নচলি আনৰ মতত চলি বিকাৰত যোৱা তেন্তে মৰিলা, যদিওবা শেষত স্বৰ্গলৈ আহিব কিন্তু পদ বহুত কম পাব। এতিয়া যিসকল চহকী আছে তেওঁলোক গৰিব হৈ যায়। যিসকল ইয়াত গৰিব তেওঁলোক চহকী হ’বগৈ। পিতা হৈছে গৰিবৰ ত্ৰাণকৰ্তা। সকলো পৱিত্ৰতাৰ ওপৰত নিৰ্ভৰ কৰে। পিতাৰ সৈতে যোগসূত্ৰ গঢ়িলে তোমালোক পাৱন হ’বা। পিতাই সন্তানসকলক বুজায় - মই তোমালোকক ৰাজযোগ শিকাওঁ। মই ঘৰ-সংসাৰ ত্যাগ নকৰাওঁ। লাগিলে ঘৰতে থাকা কিন্তু বিকাৰত নাযাবা আৰু কোনো দেহধাৰীক স্মৰণ নকৰিবা। এই সময়ত সকলো পতিত। সত্যযুগত পাৱন দেৱতা আছিল। এই সময়ত তেওঁলোকো পতিত হৈ গৈছে। পুনৰ্জন্ম লওঁতে লওঁতে এতিয়া অন্তিম জন্ম হৈ গৈছে।

তোমালোক সকলো পাৰ্ৱতী, তোমালোকক এতিয়া অমৰপুৰীৰ মালিক কৰি তুলিবলৈ অমৰনাথ পিতাই অমৰকথা শুনাই আছে। গতিকে এতিয়া অমৰনাথ পিতাক স্মৰণ কৰা। স্মৃতিৰেহে তোমালোকৰ বিকৰ্ম বিনাশ হ’ব। বাকী শিৱ, শংকৰ বা পাৰ্ৱতী কোনো পাহৰত বহি থকা নাই। এই সকলোবোৰ হৈছে ভক্তি মাৰ্গৰ ঠেকা-খুন্দা। আধাকল্প বহুত ঠেকা-খুন্দা খাইছা, এতিয়া বাবাই কয় - মই তোমালোকক স্বৰ্গলৈ লৈ যাম। সত্যযুগত সুখেই সুখ। ঠেকা-খুন্দাও নাখায়, অৱনমিতও নহয়। মুখ্য কথা হৈছেই পৱিত্ৰ হৈ থকাৰ। ইয়াত যেতিয়া বহুত অত্যাচাৰ কৰে তেতিয়া পাপৰ কলহ ভৰপূৰ হৈ যায় আৰু বিনাশ হয়। এতিয়া এটা জন্ম পৱিত্ৰ হোৱা তেতিয়া পৱিত্ৰ সৃষ্টিৰ মালিক হৈ যাবা। এতিয়া যিয়ে শ্ৰীমতত চলে। যদি কল্প পূৰ্বে শ্ৰীমতত চলা নাই তেন্তে এতিয়াও নচলিব, পদ নাপাব। এজন পিতাৰ তোমালোক সন্তান। তোমালোকতো পৰস্পৰ ভাই-ভনী হৈ গ’লা। কিন্তু পিতাৰ হৈ যদি অৱনমিত হোৱা তেন্তে আৰুহে ৰসাতললৈ গুচি যাবা, আৰুহে পাপ আত্মা হৈ যাবা। এয়া হৈছে ঈশ্বৰীয় শাসন-প্ৰণালী। যদি মোৰ মতত পৱিত্ৰ নোহোৱা তেন্তে ধৰ্মৰজাৰ দ্বাৰা কঠোৰ শাস্তি খাব লাগিব। জন্ম-জন্মান্তৰ যি পাপ কৰিছা সেই সকলোবোৰৰ শাস্তি ভোগ কৰি হিচাপ-নিকাচ নিষ্পত্তি কৰিব লাগিব। হয়তো যোগবলৰে বিকৰ্মক ভস্ম কৰিব লাগিব নহ’লে কঠোৰ শাস্তি খাবলগীয়া হ’ব। কিমান অনেক ব্ৰহ্মাকুমাৰ আৰু কুমাৰী আছে, সকলো পৱিত্ৰ হৈ থাকে, ভাৰতক স্বৰ্গ কৰি তোলে। তোমালোক হৈছা শিৱ শক্তি পাণ্ডৱ সেনা, গোপ-গোপিনী, ইয়াত দুয়োটা আহি যায়। ভগৱানে তোমালোকক পঢ়ায়। লক্ষ্মী-নাৰায়ণক ভগৱতী-ভগৱান বুলি কয়। তেওঁলোকক নিশ্চয় ভগৱানেই উত্তৰাধিকাৰ দিছিল। ভগৱানহে আহি তোমালোকক দেৱতা কৰি তোলে। সত্যযুগত যথা ৰজা ৰাণী তথা প্ৰজা। সকলো শ্ৰেষ্ঠাচাৰী আছিল, এতিয়া হৈছে ৰাৱণৰাজ্য। যদি ৰামৰাজ্যলৈ যাব বিচৰা তেন্তে পৱিত্ৰ হোৱা আৰু ৰামৰ মতত চলা। ৰাৱণৰ মতৰ দ্বাৰাতো তোমালোকৰ দুৰ্গতি হয়। গায়নো কৰা হৈছে কাৰোবাৰ ধুলিত পোত যাব… সোণ আদি মাটিৰ তলত, বেৰত লুকুৱাই ৰাখে। অকস্মাৎ মৰি গ’লেতো সকলোবোৰ তাতেই থাকি যাব। বিনাশতো হ’বই। ভূমিকম্প আদি যেতিয়া আহে তেতিয়াতো চোৰো বহুত ওলাই আহে। এতিয়া গৰাকী পিতা আহিছে, তোমালোকক নিজৰ কৰি বিশ্বৰ মালিক কৰি তুলিবলৈ। আজিকালি বানপ্ৰস্থ অৱস্থাতো বিকাৰ অবিহনে থাকিব নোৱাৰে, একেবাৰে তমোপ্ৰধান হৈ গৈছে। পিতাক চিনিয়েই নাপায়। পিতাই কয় - মই পৱিত্ৰ কৰি তুলিবলৈ আহিছোঁ। যদি বিকাৰত যোৱা তেন্তে বৰ কঠোৰ শাস্তি খাবলগীয়া হ’ব। মই পৱিত্ৰ কৰি পৱিত্ৰ সৃষ্টি স্থাপনা কৰিবলৈ আহিছোঁ। তোমালোকে আকৌ পতিত হৈ বিঘিনি আনা! স্বৰ্গ ৰচনা কৰাত বাধাৰ সৃষ্টি কৰা, তেতিয়া বৰ কঠোৰ শাস্তি খাবলগীয়া হ’ব। মই আহিছোঁ তোমালোকক স্বৰ্গবাসী কৰি তুলিবৰ কাৰণে। যদি বিকাৰ ত্যাগ নকৰা তেন্তে ধৰ্মৰজাৰ দ্বাৰা বহুত মাৰ খাবা। বহুত ত্ৰাহি ত্ৰাহি কৰিব লাগিব। এয়া হৈছে ইন্দ্ৰ সভা। কাহিনী আছে নহয় - তাত জ্ঞান পৰীসকল আছিল, কোনোবা পতিতক লৈ আহিল তেতিয়া তেওঁৰ প্ৰকম্পন আহিছিল। ইয়াৰ সভাতো কোনো পতিতক বহুওৱা নহয়। পৱিত্ৰতাৰ প্ৰতিজ্ঞা নকৰিলে বহুওৱা নহয়, নহ’লেতো লৈ অহাজনৰ ওপৰতো দোষ লাগি যায়। পিতাই জানে তথাপিও লৈ আহে সেয়েহে শিক্ষা দিয়া হয়। শিৱবাবাক স্মৰণ কৰিলেহে আত্মা শুদ্ধ হৈ যায়। বায়ুমণ্ডল শান্ত হৈ যায়। পিতাহে বহি পৰিচয় দিয়ে যে মই তোমালোকৰ পিতা হওঁ। 5 হাজাৰ বছৰৰ পূৰ্বৰ দৰে তোমালোকক মনুষ্যৰ পৰা দেৱতা কৰি তুলিবলৈ আহিছোঁ। বেহদৰ পিতাৰ পৰা বেহদ সুখৰ উত্তৰাধিকাৰ ল’ব লাগে। ভাল বাৰু!

অতি মৰমৰ, কল্পৰ পাছত পুনৰাই লগ পোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।

ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) যোগবলৰ দ্বাৰা বিকৰ্মৰ সকলো হিচাপ-নিকাচ নিষ্পত্তি কৰি আত্মাক শুদ্ধ আৰু বায়ুমণ্ডল শান্ত কৰি তুলিব লাগে।

(2) পিতাৰ শ্রীমতত সম্পূৰ্ণ পাৱন হোৱাৰ প্ৰতিজ্ঞা কৰিব লাগে। বিকাৰৰ বশীভূত হৈ স্বৰ্গৰ ৰচনাত বিঘ্ন ৰূপ হ’ব নালাগে।

বৰদান:
মন-বুদ্ধিৰ স্বচ্ছতাৰ দ্বাৰা যথাৰ্থ নিৰ্ণয় কৰোঁতা সফলতা সম্পন্ন হোৱা

যিকোনো কাৰ্যত সফলতা তেতিয়াহে প্ৰাপ্ত হয় যেতিয়া সময়ত বুদ্ধিয়ে যথাৰ্থ নিৰ্ণয় লয়। কিন্তু নিৰ্ণয় শক্তিয়ে তেতিয়াহে কাম কৰে যেতিয়া মন-বুদ্ধি স্বচ্ছ হয়, কোনোধৰণৰ আৱৰ্জনা নাথাকে। সেইবাবে যোগ অগ্নিৰ দ্বাৰা আৱৰ্জনা সমাপ্ত কৰি বুদ্ধিক স্বচ্ছ কৰি তোলা। যিকোনো প্ৰকাৰৰ দুৰ্বলতা - এয়াই আৱৰ্জনা। অলপ ব্যৰ্থ সংকল্পও আৱৰ্জনা হয়, যেতিয়া এই আৱৰ্জনা সমাপ্ত হ’ব তেতিয়া নিচিন্ত হৈ থাকিবা আৰু স্বচ্ছ বুদ্ধিৰ হোৱাৰ বাবে প্ৰতিটো কার্যত সফলতা প্ৰাপ্ত হ’ব।

স্লোগান:
সদায় শ্ৰেষ্ঠ আৰু শুদ্ধ সংকল্প জাগ্ৰত হৈ থাকিলে তেতিয়া ব্যৰ্থ স্বতঃ লোপ হৈ যাব।

মাতেশ্বৰী জীৰ মধুৰ মহাবাক্য

এই কলিযুগী সংসাৰক অসাৰ সংসাৰ বুলি কিয় কয়? কিয়নো এইখন জগতত কোনো সাৰ নাই অৰ্থাৎ কোনো বস্তুত সেই শক্তি অথবা সুখ, শান্তি, পৱিত্ৰতা নাই। এইখন সৃষ্টিত কোনোবা সময়ত সুখ, শান্তি, পৱিত্ৰতা আছিল, এতিয়া সেয়া নাই কিয়নো এতিয়া প্ৰত্যেকৰে মাজত 5 ভূতৰ প্ৰৱেশ হৈ আছে সেইকাৰণেই এইখন সৃষ্টিক ভয়ৰ সাগৰ অথবা কৰ্মবন্ধনৰ সাগৰ বুলি কয়, ইয়াত প্ৰত্যেকেই দুখী হৈ পৰমাত্মাক মিনতি কৰি আছে, পৰমাত্মা আমাক ভৱ সাগৰৰ পৰা পাৰ কৰক, ইয়াৰ পৰা সিদ্ধ হয় যে নিশ্চয় কোনো অভয় অৰ্থাৎ নিৰ্ভয়তাৰো সংসাৰ আছে য’লৈ যাব বিচাৰে সেইকাৰণে এইখন সংসাৰক পাপৰ সাগৰ বুলি কয়, য’ৰ পৰা পাৰ হৈ পুণ্য আত্মাৰ জগতলৈ যাব বিচাৰে। গতিকে জগত দুখন আছে, এখন সত্যযুগী সাৰযুক্ত জগত, দ্বিতীয়খন হৈছে কলিযুগী অসাৰ জগত। দুয়োখন জগত এই সৃষ্টিতে বিৰাজ কৰে।

মনুষ্যই কয় হে প্ৰভু আমাক এই ভৱ সাগৰৰ পৰা সিপাৰলৈ লৈ বলক, সিপাৰৰ অৰ্থ কি? মনুষ্যই ভাবে সিপাৰৰ অৰ্থ হৈছে জন্ম-মৃত্যুৰ চক্ৰত নহা অৰ্থাৎ মুক্ত হৈ যোৱা। এতিয়া এয়াতো হৈছে মনুষ্যই কোৱা কথা কিন্তু পৰমাত্মাই কয় - সন্তানসকল, সঁচাকৈ য’ত সুখ-শান্তি আছে, দুখ অশান্তিৰ পৰা নিলগত, সেইখন জগতলৈ মই তোমালোকক লৈ যাওঁ। যিহেতু তোমালোকে সুখ বিচৰা তেন্তে নিশ্চয় সেয়া এই জীৱনত থকা উচিত। এতিয়া সেয়াতো সত্যযুগী বৈকুণ্ঠৰ দেৱতাসকলৰ জগত আছিল, য’ত সৰ্বদা সুখী জীৱন আছিল, সেই দেৱতাসকলক অমৰ বুলি কৈছিল। এতিয়া অমৰৰো কোনো অৰ্থ নাই, এনেকুৱাতো নহয় যে দেৱতাসকলৰ আয়ুস ইমান দীঘলীয়া আছিল যে কেতিয়াও মৃত্যুৱেই নহৈছিল, এতিয়া এনেকৈ কোৱাতো তেওঁলোকৰ ভুল কিয়নো দৰাচলতে এনেকুৱা নহয়। তেওঁলোকৰ আয়ুস সত্যযুগ ত্ৰেতালৈকে নাছিল, কিন্তু দেৱী-দেৱতাসকলৰ জন্ম সত্যযুগ ত্ৰেতাত বহুত হৈছে, 21 জন্মতো তেওঁলোকে ভালদৰে ৰাজ্য চলাইছে আকৌ 63 জন্ম দ্বাপৰৰ পৰা কলিযুগৰ অন্তলৈকে তেওঁলোকৰ সমুদায় জন্ম আৰোহণ কলাৰ 21 বাৰ হ’ল আৰু অৱৰোহন কলাৰ 63 বাৰ হ’ল, মনুষ্যই সৰ্বমুঠ 84 জন্ম লয়। বাকী মনুষ্যই যি এনেকৈ ভাবে যে 84 লাখ যোনি ভোগে, এনেকৈ কোৱাতো ভুল। যদি মনুষ্যই নিজৰ যোনিত সুখ দুখৰ ভূমিকা ভোগ কৰে তেন্তে আকৌ জীৱ-জন্তুৰ যোনিত ভোগ কৰা আৱশ্যকতা কি। বাকী সৃষ্টিৰ জন্তু, পশু, পখী, আদি সৰ্বমুঠ 84 লাখ যোনি হ’ব পাৰে কিয়নো অনেক ধৰণৰ জীৱ আছে। কিন্তু মনুষ্যই মনুষ্য যোনিতে নিজৰ পাপ-পুণ্য ভোগ কৰি আছে আৰু জীৱ-জন্তুৱে নিজৰ যোনিত ভোগ কৰি আছে। মনুষ্যই জীৱ-জন্তুৰ যোনি নলয় আৰু জীৱ-জন্তুও মনুষ্যৰ যোনিত নাহে। মনুষ্যই নিজৰ যোনিতে কৰ্মভোগ ভূগীবলগীয়া হয়, সেইকাৰণে তেওঁলোকৰ মনুষ্য জীৱনতেই সুখ, দুখৰ উপলব্ধি হয়। সেইদৰে জীৱ-জন্তুৱেও নিজৰ যোনিত সুখ-দুখ ভূগীবলগীয়া হয়। কিন্তু সিহঁতৰ এইটো বুদ্ধিত নাই যে এই কৰ্মভোগ কোনটো কৰ্মৰ বাবে হৈছে? সিহঁতে কৰ্মভোগ ভোগ কৰাটোও মনুষ্যই অনুভৱ কৰে কিয়নো মনুষ্য হৈছে বুদ্ধিমান, বাকী এনেকুৱা নহয় যে মনুষ্যই 84 লাখ যোনি ভোগ কৰে। এয়াতো মনুষ্যক ভয় খুৱাবৰ কাৰণে কৈ দিয়ে, যে যদি বেয়া কৰ্ম কৰা তেন্তে জন্তুৰ যোনিত জন্ম ল’বা। আমিও এতিয়া এই সংগমৰ সময়ত নিজৰ জীৱন পৰিৱৰ্তন কৰি পাপাত্মাৰ পৰা পুণ্যাত্মা হৈ আছোঁ। ভাল বাৰু- ওঁম্‌ শান্তি।