04.06.22 Morning Assame Murli Om Shanti BapDada Madhuban
“মৰমৰ সন্তানসকল –
তোমালোক জগত অম্বা কামধেনুৰ পুত্ৰ আৰু কন্যা হোৱা, তোমালোকে সকলোৰে মনোকামনা পূৰ্ণ
কৰিব লাগে, নিজৰ ভাই-ভনীসকলক সঁচা মাৰ্গ দৰ্শন কৰিব লাগে”
প্ৰশ্ন:
তোমালোক
সন্তানসকলে পিতাৰ দ্বাৰা কোনটো দ্বায়িত্ব পাইছা?
উত্তৰ:
সন্তানসকল, বেহদৰ পিতা বেহদৰ সুখ দিবলৈ আহিছে, গতিকে তোমালোকৰ কৰ্তব্য হৈছে ঘৰে ঘৰে
গৈ এই বাৰ্তা দিয়া। পিতাৰ সহায়কাৰী হৈ প্ৰতিখন ঘৰক স্বৰ্গ কৰি তোলা। কাঁইটক ফুল কৰি
তোলাৰ সেৱা কৰা। পিতাৰ সমান নিৰহংকাৰী, নিৰাকাৰী হৈ সকলোৰে সেৱা কৰা। গোটেই জগতখনক
শতৰু ৰাৱণৰ হাতোৰাৰ পৰা মুক্ত কৰা – এইটো তোমালোকৰ সবাটোকৈ ডাঙৰ দ্বায়িত্ব।
গীত:-
মাতা অ’ মাতা...
ওঁম্শান্তি।
এয়া মাতাৰ
মহিমা ভাৰততে গায়ন কৰা হয়। জগত অম্বা যথাযথ ভাগ্য বিধাতা হয়। এওঁৰ নামেই ৰখা হৈছে
কামধেনু অৰ্থাৎ সকলোৰে মনোকামনা পূৰ্ণ কৰোঁতা। এই উত্তৰাধিকাৰ তেওঁ ক’ৰ পৰা পায়?
শিৱবাবাৰ দ্বাৰা জগতঅম্বা আৰু জগতপিতাই উত্তৰাধিকাৰ পায়। সন্তানসকলৰ এইটো নিশ্চয়
জন্মিছে যে আমি আত্মা। আত্মাক চাব নোৱাৰে, জানিব পাৰে। জীৱ আৰু আত্মা। আত্মা অবিনাশী,
শৰীৰতো বিনাশী যিটো এই দুচকুৰে দেখা পোৱা যায়। আত্মাৰ সাক্ষাৎকাৰ হয়। কয়
বিবেকানন্দৰ আত্মাৰ সাক্ষাৎকাৰ হ’ল, কিন্তু বুজিব নোৱাৰিলে। সন্তানসকলে ভাবে আমি
নিজ আত্মাৰ সাক্ষাৎকাৰ কৰিম গতিকে তেনেকৈ পিতাৰো কৰিম। আত্মা যেনেকুৱা তেনেকুৱাই
আত্মাসকলৰ পিতা। এই দুচকুৰেতো নিজ আত্মাকো চাব নোৱাৰি আৰু পিতাৰ আত্মাকো চাব পাৰি।
তেওঁ হৈছে পৰম আত্মা পৰমধামত নিবাস কৰোঁতা পৰম (সৰ্ব্বোচ্চ) পৰমাত্মা। ভক্তি মাৰ্গতো
ঐকান্তিক ভক্তি কৰিলে তেতিয়া তেওঁৰ সাক্ষাৎকাৰ হয়। এনেকুৱা নহয় যে তেওঁৰ আত্মা এই
শৰীৰত এই সময়ত আছে। নহয়, তেওঁৰ আত্মাতো পুনৰ্জন্মত গুচি গ’ল। ভক্তি মাৰ্গত যিয়ে যিটো
ভাৱনাৰে যাক পূজা কৰে তেওঁৰ সাক্ষাৎকাৰ হয়। অনেক চিত্ৰ তৈয়াৰ কৰিছে, যাক পুতলাৰ পূজা
বুলি কোৱা হয়। ভাৱনা ৰাখিলে অল্পকালৰ সুখৰ ভাড়া অলপ পোৱা যায়। তোমালোকৰ বেহদৰ সুখৰ
কথাই সুকীয়া। তোমালোকে জানা আমি স্বৰ্গৰ বাদশ্বাহী লওঁ। ভক্তিৰে কোনো স্বৰ্গলৈ
নাযায়। যেতিয়া ভক্তি মাৰ্গ পূৰা হয় অৰ্থাৎ সৃষ্টি পুৰণি হয় তেতিয়াহে আকৌ কলিযুগৰ
পাছত সত্যযুগ নতুন সৃষ্টি আহিব। কাৰো বুদ্ধিত ধাৰণ নহয়। সন্ন্যাসীয়েও কয় - অমুক
জ্যোতি জ্যোতিত সমাহিত হৈ গ’ল, কিন্তু এনেকুৱা নহয়। তোমালোকে এতিয়া ঈশ্বৰীয় বুদ্ধি
পাইছা, যাক শ্ৰীমত বুলি কোৱা হয়। শব্দ কিমান ভাল। শ্ৰী শ্ৰী ভগৱানুবাচ। তেৱেঁই
স্বৰ্গৰ মালিক অৰ্থাৎ নৰৰ পৰা নাৰায়ণ কৰি তোলে। তোমালোকে শ্ৰীমতেৰে বিশ্বৰ ৰাজ্য
পোৱা। শ্ৰী শ্ৰী 108ৰ মালাৰ বহুত মহিমা আছে। 8 (আঠ) ৰত্নৰ মালা থাকে।
সন্ন্যাসীসকলেও জপ কৰে। এবিধ কাপোৰৰ মোনা ৰাখে তাক গোমুখ বুলি কয়। ভিতৰত হাত
সুমুৱাই মালা ঘূৰাই থাকে। পিতাই কয় - নিৰন্তৰ স্মৰণ কৰা তেওঁলোকে আকৌ মালা ঘূৰাই
থকাৰ অৰ্থ উলিয়াই দিলে। সন্তানসকলে জানে এতিয়া পাৰলৌকিক পিতা আহি ব্ৰহ্মাৰ দ্বাৰা
আমাক নিজৰ কৰি লৈছে। প্ৰজাপিতা ব্ৰহ্মা আছে গতিকে প্ৰজা মাতাও আছে। জগত অম্বাক জগতৰ
মাতা আৰু লক্ষ্মীক বিশ্বৰ মহাৰাণী বুলি কোৱা হয়। বিশ্বৰ অম্বা বুলি কোৱা বা জগত
অম্বা বুলিয়ে কোৱা কথা একেটাই। তোমালোক হৈছা সন্তান, গতিকে এয়া কুটুম্ব হৈ গ’ল।
তোমালোক সন্তানসকলো সকলোৰে মনোকামনা পূৰ্ণ কৰোঁতা হোৱা। জগত অম্বাৰ তোমালোক পুত্ৰ
আৰু কন্যা। বুদ্ধিত এইটো নিচা থাকে - আমি নিজৰ ভাই-ভনীসকলক মাৰ্গ-দৰ্শন কৰোঁ। অতি
সহজ। ভক্তি মাৰ্গততো বহুত কষ্ট। কিমান হঠযোগ, প্ৰাণায়াম আদি কৰে। নদীত গৈ স্নান কৰে।
বহুত কষ্ট সহ্য কৰে। এতিয়া পিতাই কয় - তোমালোক ভাগৰি পৰিছা। ব্ৰাহ্মণসকলকে বুজোৱা
হয়, যিসকলে বুজি পায় নিৰাকাৰ পৰমপিতা পৰমাত্মাৰ সৈতে আমাৰ কি সম্বন্ধ। ‘শিৱবাবা’
শব্দটি শোভা পায়, ৰুদ্ৰ বাবা বুলিও নকয়। শিৱবাবা বুলিয়ে কয়। এয়া বহুত সহজ। নামতো আৰু
অনেক আছে। কিন্তু ‘শিৱবাবা’ নামটি সঠিক। শিৱ মানে বিন্দু। ৰুদ্ৰ মানে বিন্দু নহয়।
শিৱবাবা বুলি যদিওবা কয় কিন্তু একোৱেই নুবুজে। শিৱবাবা আৰু তোমালোক হৈছা শালগ্ৰাম,
এতিয়া তোমালোক সন্তানসকলৰ শিৰত দ্বায়িত্ব আছে। যেনেকৈ গান্ধী আদিয়ে বুজিছিল যে
ভাৰতক এই বিদেশীসকলৰ পৰা মুক্ত কৰিব লাগে। সেয়াতো হ’ল হদৰ কথা। পিতাই তোমালোক
সন্তানসকলক দায়িত্বশীল কৰি তোলে। বিশেষভাৱে ভাৰতক আৰু সাধাৰণভাৱে শতৰু মায়া ৰাৱণৰ
পৰা মুক্ত কৰিব লাগে। এই শতৰুৱে সকলোকে বহুত দুখ দিছে, তাৰ ওপৰত জয়ী হ’ব লাগে।
যেনেদৰে গান্ধীয়ে বিদেশীসকলক খেদিলে, এই ৰাৱণো ডাঙৰ বিদেশী হয়। দ্বাপৰত এই ৰাৱণ
সোমাই আহে, কোনেও গমেই নাপায়, ৰাৱণে আহি গোটেই ৰাজ্য কাঢ়ি লয়। ৰাৱণ সকলোতকৈ পুৰণা
বিদেশী, যিয়ে ভাৰতক এনেকুৱা কঙাল কৰি দিছে। ৰাৱণৰ মতত ভাৰত এনেকুৱা ভ্ৰষ্টাচাৰী হৈ
গৈছে। এই শতৰুক খেদিব লাগে। শ্রীমত পোৱা যায়, ৰাৱণ কেনেকৈ আঁতৰিব। তোমালোক পিতাৰ
সহায়কাৰী হ’ব লাগে। মোৰ হৈ আকৌ পৰৰ মতত চলিলে অৱনমিত হৈ যাবা। উচ্চ পদ পাব নোৱাৰিবা।
গায়নো কৰা হয় – সন্তানৰ সাহস পিতাৰ সহায়। তোমালোক হৈছা খোদাৰ (পৰমাত্মাৰ) সহায়কাৰী।
নিজে আহি তোমালোকক সহায় কৰে। তেওঁক স্মৰণ কৰে যে হে পতিত-পাৱন আহক। সহায় কৰাসকলক
সেৱক বুলি কোৱা হয়। বাবা কিমান নিৰহংকাৰী, নিৰাকাৰী। নিৰহংকাৰী, নির্বিকাৰী হ’বলৈ
শিকায়। নিজৰ সমান কৰি গঢ়ি কাঁইটক ফুল কৰি তুলিব লাগে। নিশ্চয়তা দিয়া হয় আমি বিকাৰত
নাযাওঁ। ই হৈছে সকলোতকৈ পুৰণি শত্ৰু। ইয়াৰ ওপৰতে বিজয় প্ৰাপ্ত কৰিব লাগে। কোনো
কোনোৱেতো লিখে - বাবা মই পৰাজিত হ’লোঁ, কিছুমানেতো নকয়েই। এফালেতো নাম বদনাম কৰে,
সৎগুৰুৰ নিন্দা কৰায় গতিকে তেওঁলোকে নিজৰে লোকচান কৰে।
তোমালোক সন্তানসকলে
জানা - এতিয়া আমি শিৱবাবাৰ নাতি-নাতিনী। প্ৰজাপিতা ব্ৰহ্মাৰ সন্তান। ব্ৰহ্মায়ো
উত্তৰাধিকাৰ শিৱবাবাৰ পৰা লয়। তোমালোকেও তেওঁৰ পৰা লোৱা। সন্তানসকলে জানে বাবাৰ পৰা
কল্প পূৰ্বে উত্তৰাধিকাৰ লৈছিলোঁ। আত্মাই বুজে। আত্মাইহে এটা শৰীৰ এৰি আন এটা ধাৰণ
কৰে। শৰীৰৰ নাম দিয়া হয়। শিৱবাবাইতো কেৱল জ্ঞান দিবৰ বাবে লোণ লয়। শিৱ ভগৱানুবাচ -
ব্ৰহ্মাৰ শৰীৰৰ দ্বাৰা। বাকী অধিক কথাত যোৱাৰ প্ৰয়োজন নাই। আত্মা ওলাই যায়, তাৰপাছত
কি হয়? কেনেকৈ আহে, এই কথাবোৰত গৈ কোনো লাভ নাই। এয়াতো সাক্ষাৎকাৰ। যি কিছু হয় সেয়া
সাক্ষাৎকাৰ। সূক্ষ্মবতনৰ মাৰ্গ এতিয়া খোলা আছে। বহুত অহা-যোৱা কৰি থাকে। এই
ক্ষেত্ৰত জ্ঞান-যোগৰ কোনো কথা নাই। ভোগ আগবঢ়ায়, আত্মা আহে, খুউৱা-বুউৱা কৰে - এয়া
সকলোবোৰ হৈছে কথাৰ মহলা। পিতাৰ সন্তানসকলৰ প্ৰতি বহুত মৰম আছে। তোমালোক সন্তানসকলে
কোৱা - বাপদাদা আমি আহিছোঁ, শিৱ আৰু প্ৰজাপিতা ব্ৰহ্মা। ব্ৰহ্মাক কোৱাই হয় “গ্ৰেট
গ্ৰেট গ্ৰেণ্ড ফাদাৰ”। কিমান ডাঙৰ বংশবৃক্ষ, এওঁক শিৱবাবা বুলিতো কোৱা নহ’ব। ইয়াত
এয়া হৈছে মনুষ্যৰ বংশবৃক্ষ। ইয়াত সাকাৰী জগতৰ কথা। সকলো প্ৰজন্মৰ ভিতৰত এয়া প্ৰথম
নম্বৰৰ প্ৰজন্ম বুলি গায়ন কৰা হয়। বিশাল নাটক নহয় জানো। এতিয়া সন্তানসকলে ভালদৰে
বুজি পায়। কোনোবাই চাগৈ বুজিও নাপায়। ইমানখিনিতো বুজি পায় যথাযথ শিৱবাবা সকলোৰে পিতা।
উত্তৰাধিকাৰ পোৱা যায় ককাৰ (শিৱবাবাৰ) পৰা, এৱোঁ (ব্ৰহ্মায়ো) তেওঁৰ পৰা পায়। বাৰু
ব্ৰহ্মাকো পাহৰি যোৱা। বাগদান হৈ গ’ল, বাকী কি? তাৰপাছত দালালক স্মৰণ কৰা নহয়। এওঁ
দালাল, বাগদান কৰায়। ‘সন্তানসকল…’ বুলি সম্বোধন কৰে। আত্মাসকলৰ সৈতে কথা পাতে।
আত্মাই স্মৰণ কৰে - বাবা আহি আমাক পাৱন কৰি তোলক। বাবাই কয় - মোক স্মৰণ কৰা তেতিয়া
তোমালোক পাৱন হৈ গৈ থাকিবা অন্য কোনো উপায় নাই। শান্তিধামৰ পৰা আকৌ তোমালোকক
স্বৰ্গত পঠিয়াই দিব। এইখন হৈছে নিজৰ পিতা-মাতাৰ ঘৰ, সেইখন হৈছে শহুৰৰ ঘৰ। নিজৰ
পিতা-মাতাৰ ঘৰত অলংকাৰ আদি পৰিধান নকৰে, নিয়ম নাই। আজিকালিতো ধুন-পেচ (ফেছন) হৈ গৈছে।
এই সময়ত তোমালোকে জানা আমি শহুৰৰ ঘৰত গৈ এই সকলোবোৰ পিন্ধিম। বিবাহৰ সময়ত কন্যাৰ
আগৰ সকলোবোৰ খুলি পেলায়। পুৰণা কাপোৰ পিন্ধে। তোমালোকে জানা পিতাই আমাক শহুৰৰ ঘৰলৈ
লৈ যাবৰ বাবে অলংকৃত কৰি আছে। শহুৰৰ ঘৰত আমি 21 জন্ম সদাকালৰ বাবে থাকিম। অৱশ্যে
তাৰবাবে পুৰুষাৰ্থ কৰিবলগীয়া হয়, পৱিত্ৰ হৈ থাকিবলগীয়া হয়। গৃহস্থ ব্যৱহাৰত থাকি
পদুম দৰে থাকিব লাগে। এইটো অন্তিম জন্ম। পিতাই বুজায় - প্ৰথমে অব্যভিচাৰী সতোপ্ৰধান
ভক্তি আছিল, এতিয়া তমোপ্ৰধান হৈ গৈছে। মুম্বাইত গণেশৰ পূজা হয় লাখ লাখ টকা খৰচ কৰে।
দেৱতাসকলক (মূৰ্তি) ৰচি তেওঁলোকৰ প্ৰতিপালন কৰি আকৌ ডুবাই দিয়ে, বিনাশ কৰি দিয়ে।
এতিয়া তোমালোক সন্তানসকল আচম্বিত হোৱা। তোমালোকে বুজাব পাৰা এয়া কেনেধৰণৰ ৰীতি-প্ৰথা।
দেৱীক জন্ম দি, পূজা কৰি খুৱাই-বুৱাই, আনন্দোৎসৱ কৰি আকৌ ডুবাই দিয়ে। আচৰিত কথা।
তুলসীৰ বিবাহ কৃষ্ণৰ সৈতে দেখুৱায়। বহুত ধুমধামেৰে বিবাহ কৰায়। বিদেশীসকলে এনেকুৱা
কথা শুনি ভাবে কিজানি এনেকুৱাই হয়। বহি কি কি কথা ৰচিছে। ইয়াততো জুৱা আদিৰ কোনো কথা
নাই। তাততো কৈ দিয়ে পাণ্ডৱে জুৱা খেলিলে, দ্ৰৌপদীক বন্ধকত ৰাখিলে। কি কি কথা ৰচিছে,
ইয়াৰ দ্বাৰা ৰাজযোগৰ কথাতো একেবাৰে নোহোৱা হৈ যায়। এতিয়া পিতাই কয় - মোক স্মৰণ কৰা,
এয়াতো একেবাৰে সহজ। বুদ্ধিত উদয় হ’ব লাগে 21 জন্মৰ বাবে স্বৰ্গ, ক্ষীৰসাগৰলৈ যাওঁ।
এতিয়া এয়া হৈছে বিষয় সাগৰ। বিষয় সাগৰৰ পৰা ওলাই আকৌ তোমালোক ক্ষীৰসাগৰলৈ গৈ আছা।
তোমালোকৰ হৈছে নতুন কথা। মনুষ্যই শুনি আচম্বিত হ’ব। তোমালোক সন্তানসকলে বুজি পোৱা
যথাযথ স্বৰ্গত আমি বহুত সুখী হৈ থাকিম। আমি বিশ্বৰ মালিক হওঁ। তাত আমাৰ ৰাজধানী
কোনেও কাঢ়ি নিব নোৱাৰে। এতিয়াতো কিমান বিভাজন, যুঁজ-বাগৰ কৰি থাকে। তোমালোক
সন্তানসকলে বুজাব লাগে - তোমালোকৰ আচল শতৰু হৈছে ৰাৱণ, ইয়াৰ ওপৰত তোমালোক কল্পই
কল্পই জয়ী হোৱা। মায়াক জয় কৰি জগতজিৎ হোৱা। এয়া হৈছে জয়-পৰাজয়ৰ খেল। তোমালোকে জানা
আমি নিশ্চয় বিজয় প্ৰাপ্ত কৰিম। পৰাজিত হ’ব নোৱাৰো, বিনাশ সন্মুখত থিয় হৈ আছে। তেজৰ
নদী বৈ যাব। কিমান অনাহকতে মৰে। ইয়াক নৰক বা ভ্ৰষ্টাচাৰী পতিত সৃষ্টি বুলি কোৱা হয়।
গায়নতো কৰে – পতিত-পাৱন আহক।
পিতাই কয় - যেনেকৈ
তোমালোক আত্মা তৰা (ষ্টাৰ), ময়ো তৰা। ময়ো ড্ৰামাৰ বন্ধনত বান্ধ খাই আছোঁ, ইয়াৰ পৰা
কোনো আঁতৰি যাব নোৱাৰে। নহ’লে মোৰ কি দৰকাৰ যে এই পতিত সৃষ্টিলৈ আহিম। মইতো পৰমধামৰ
নিবাসী! এই ড্ৰামাত প্ৰত্যেকে নিজৰ নিজৰ ভূমিকা পালন কৰে। কোনো চিন্তাৰ কথা নাই।
ইয়াত তোমালোক নিচাত নিচিন্ত হৈ থাকা, একেবাৰে সাধাৰণ। পিতাই কোনো কষ্ট নিদিয়ে। কেৱল
স্মৰণ কৰিব আৰু কৰাব লাগে। বেহদৰ পিতা বেহদৰ সুখ দিবলৈ আহিছে। ঘৰে ঘৰে তোমালোকে
নিমন্ত্ৰণ দিব লাগে, ইমান কাম কৰিব লাগে। তোমালোক সন্তানসকলৰ ওপৰত গুৰু দায়িত্ব আছে।
মায়াকো চোৱা একদম সৰ্বনাশ কৰি দিয়ে। ভাৰত কিমান দুখী হৈ গৈছে। দুখ মায়াই দিছে। এতিয়া
তোমালোক সন্তানসকলে পিতাক সহায় কৰি কাঁইটক ফুল কৰি তুলিব লাগে। তোমালোকে জানা আমাৰ
এই ব্ৰাহ্মণ কুলত কি কি প্ৰকাৰৰ ফুল আছে। সেৱা কৰিলে পদবীও পাবা, নহ’লে প্ৰজাৰ
শাৰীত গুচি যাবা। পৰিশ্ৰম আছে নহয় জানো। বহুত সন্তান আছে, যিসকল সেৱাত ব্ৰতী হৈ আছে।
অনেক কন্যাই ছুটী নাপায়, বহুত মাৰ খায়, এই ক্ষেত্ৰত সাহস লাগে। ভয় খাব নালাগে।
সাহসৰ প্ৰয়োজন। নষ্টোমোহাও হ’ব লাগে। মোহো কম নহয়, বৰ প্ৰৱল। চহকী ঘৰৰ হ’লে তেতিয়া
বাবাই প্ৰথমে দেহ-অভিমান নাইকিয়া কৰিবলৈ ক’ব - ঠাই সাৰা, বাচন মাজা। পৰীক্ষাতো ল’ব
নহয়। ভাল বাৰু!
অতি মৰমৰ, কল্পৰ পাছত
পুনৰাই লগ পোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত।
আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।
ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) শ্ৰীমতত পিতাৰ পূৰা সহায়কাৰী হ’ব লাগে, আনৰ মত বা নিজৰ মতত চলিব নালাগে।
নষ্টোমোহা হৈ, সাহসেৰে সেৱাত তৎপৰ হৈ থাকিব লাগে।
(2) এতিয়া আমি নিজৰ
পিতা-মাতাৰ ঘৰত আছোঁ, ইয়াত কোনো প্ৰকাৰৰ ধুন-পেচ (ফেছন) কৰিব নালাগে। নিজক জ্ঞান
ৰত্নৰে অলংকৃত কৰিব লাগে। পৱিত্ৰ হৈ থাকিব লাগে।
বৰদান:
দুখক সুখলৈ,
গ্লানিক প্ৰশংসালৈ পৰিৱৰ্তন কৰোঁতা পুণ্য আত্মা হোৱা
পুণ্য আত্মা সেইজন
যিয়ে কেতিয়াও কাকো দুখ নিদিয়ে আৰু দুখ নলয়, বৰঞ্চ দুখকো সুখৰ ৰূপত স্বীকাৰ কৰে।
গ্লানিক প্ৰশংসা বুলি বুজিলে তেতিয়া পুণ্য আত্মা বুলি কোৱা হ’ব। এইটো পাঠ সদায় দৃঢ়
হৈ থাকিব লাগে যে গালি দিওঁতা বা দুখ দিওঁতা আত্মাকো নিজৰ দয়াশীল স্বৰূপেৰে, কৰুণাৰ
দৃষ্টিৰে চাব লাগে। গ্লানিৰ দৃষ্টিৰে নহয়। তেওঁলোকে গালি দিব আৰু তোমালোকে ফুল
অৰ্পণ কৰা তেতিয়া পুণ্য আত্মা বুলি কোৱা হ’ব।
স্লোগান:
বাপদাদাক নয়নত সমাহিত কৰোঁতাজনেই জগতৰ জ্যোতি, জগতৰ নেত্ৰ।