04.07.20       Morning Assame Murli        Om Shanti      BapDada       Madhuban


"মৰমৰ সন্তানসকল উচ্চ হবলৈ হলে সদায় নিজৰ খতিয়ান চোৱা, কোনো কৰ্মেন্দ্ৰিয়ই যাতে প্ৰতাৰণা নকৰে, এই দুচকু বহুত প্ৰতাৰক ইয়াৰ পৰা সাৱধান হবা

প্ৰশ্ন:
সকলোতকৈ বেয়া অভ্যাস কোনটো, তাৰ পৰা ৰক্ষা পোৱাৰ উপায় কি?

উত্তৰ:
সকলোতকৈ বেয়া অভ্যাস হল - জিভাৰ সোৱাদ। কোনো ভাল বস্তু দেখিলে তেতিয়া লুকুৱাই খাই দিব। লুকুৱা অৰ্থাৎ চুৰ কৰা। চোৰ ৰূপী মায়ায়ো বহুতৰে নাক কাণত ধৰি লয়। ইয়াৰ পৰা ৰক্ষা পোৱাৰ সাধন হৈছে যেতিয়াই কেনিবা বুদ্ধি যায় তেতিয়া নিজে নিজকে শাস্তি দিয়া। বেয়া অভ্যাসবিলাক আঁতৰাবলৈ নিজেই নিজক খুব ভৰ্ৎসনা কৰা।
 

ওঁম্শান্তি।
আত্মা-অভিমানী হৈ বহিছানে? প্ৰতিটো কথা নিজে নিজক সুধিব লাগে। মই আত্মা-অভিমানী হৈ বহিছোঁনে আৰু পিতাক স্মৰণ কৰি আছোঁনে? গায়নো কৰা হৈছে শিৱ শক্তি পাণ্ডৱ সেনা। এয়া শিৱবাবাৰ সেনা বহি আছা নহয় জানো। সেই পাৰ্থিৱ (শাৰীৰিক) সেনাত অকল ডেকা থাকে, বুঢ়া বা শিশু আদি নাথাকে। এই সেনাততো বুঢ়া, শিশু, ডেকা আদি সকলো বহি আছে। এই সেনা হল মায়াৰ ওপৰত বিজয় পাবৰ কাৰণে। প্ৰত্যেকে মায়াৰ ওপৰত বিজয়ী হৈ পিতাৰ পৰা উত্তৰাধিকাৰ লব লাগে। সন্তানসকলে জানে যে মায়া বৰ প্ৰৱল (শক্তিশালী)। কৰ্মেন্দ্ৰিয়বোৰেই সকলোতকৈ বেছি প্ৰতাৰণা কৰে। চাৰ্টত (খতিয়ানত) এইটোও লিখা যে আজি কোনটো কৰ্মেন্দ্ৰিয়ই প্ৰতাৰণা কৰিলে? আজি অমুকক দেখিলোঁ তেতিয়া মন গল হাত লগাওঁ (চুই চাওঁ), এইটো কৰোঁ। দুচকুৱে বহুত ক্ষতি কৰে। প্ৰতিটো কৰ্মেন্দ্ৰিয়ক চোৱা, কোনটো কৰ্মেন্দ্ৰিয়ই বহুত ক্ষতি কৰে? এই ক্ষেত্ৰত সুৰদাসৰো দৃষ্টান্ত দিয়ে। নিজক পৰীক্ষণ কৰিব লাগে। এই দুচকু বহুত প্ৰতাৰণা কৰোঁতা হয়। ভাল ভাল সন্তানসকলকো মায়াই প্ৰতাৰণা কৰি দিয়ে। যদিও ছাৰ্ভিচ (সেৱা) ভালেই কৰে কিন্তু দুচকুৱে প্ৰতাৰণা কৰি দিয়ে। দুচকুক ভালদৰে পৰীক্ষণ কৰিব লাগে কিয়নো শত্ৰু নহয় জানো। আমাৰ পদো ভ্ৰষ্ট কৰি দিয়ে। যিসকল চেন্সিবল (যুক্তিযুক্ত) সন্তান হয়, তেওঁলোকে ভালদৰে নোট কৰিব (টুকি ৰাখিব) লাগে। ডায়েৰী (টোকাবহী) জেপত থাকিব লাগে। যেনেকৈ ভক্তিমাৰ্গত বুদ্ধি আনফালে গলে তেতিয়া নিজকে চিকুটি দিয়ে। তোমালোকেও শাস্তি দিব লাগে। বৰ সাৱধান হব লাগে। কৰ্মেন্দ্ৰিবোৰে প্ৰতাৰণাতো নকৰে! ফালৰি কাটি যাব লাগে। ঠিয় হৈ চাবও নালাগে। স্ত্ৰী-পুৰুষৰে বহুত গণ্ডগোল হয়। দেখিলেই কাম বিকাৰৰ দৃষ্টি যায় সেইকাৰণে সন্ন্যাসীসকলে চকু বন্ধ কৰি বহে। কোনো কোনো সন্ন্যাসীয়েতো স্ত্ৰীলৈ পিঠি দি বহে। সেই সন্ন্যাসীসকলে কি পায়? খুব বেছি 10-20 লাখ, কোটিৰ হিচাপত জমা কৰিব। মৰি গলে তেতিয়া শেষ। আকৌ পৰৱৰ্তী জন্মত একত্ৰিত কৰিব লাগিব। তোমালোক সন্তানসকলেতো যি কিছু পোৱা সেয়া অবিনাশী সম্পত্তি হৈ যায়। তাত ধনৰ লালসা নাথাকেই। এনেকুৱা কোনো অপ্ৰাপ্তি নাথাকে যাৰ কাৰণে মগজ খটুৱাব লাগিব। কলিযুগৰ অন্ত আৰু সত্যযুগৰ আদিৰ মাজত ৰাতি-দিনৰ পাৰ্থক্য আছে। তাততো অপাৰ সুখ থাকে। ইয়াত একোৱে নাই। বাবাই সদায় কয় - সংগম শব্দটিৰ লগত পুৰুষোত্তম শব্দটি নিশ্চয় লিখিবা। স্পষ্ট কথা কব লাগে। বুজাবলৈ সহজ হয়। মনুষ্যৰ পৰা দেৱতা কৰি তুলিবলৈ ঈশ্বৰৰ সময় নালাগে.. তেন্তে নিশ্চয় সংগমতেই দেৱতা কৰি গঢ়ি তুলিবলৈ আহিব নহয় জানো, নৰকবাসীক স্বৰ্গবাসী কৰি তুলিবলৈ। মনুষ্যতো ঘোৰ অন্ধকাৰত আছে। স্বৰ্গ কি হয়, নাজানেই। অন্য ধৰ্মৰ সকলেতো স্বৰ্গক চাবও নোৱাৰে সেইকাৰণে বাবাই কয় - তোমালোকৰ ধৰ্ম বহুত সুখ দিওঁতা হয়। তাক কোৱাই হয় হেভেন (স্বৰ্গ)। কিন্তু এইটো জানো বুজি পায় যে আমিও হেভেনলৈ যাব পাৰোঁ। কোনেও গম নাপায়। ভাৰতবাসীয়ে এইটো পাহৰি গল। হেভেনক লাখ লাখ বছৰ বুলি কৈ দিয়ে। খ্ৰীষ্টানসকলে নিজেই কয় 3 হাজাৰ বছৰৰ পূৰ্বে হেভেন আছিল। লক্ষ্মী-নাৰায়ণক কোৱাই হয় গড-গডেজ (ভগৱান-ভগৱতী)। নিশ্চয় গডেই গড-গডেজ কৰি গঢ়ি তুলিব। গতিকে পৰিশ্ৰম কৰিব লাগে। নিতৌ নিজৰ খতিয়ান চাব লাগে। কোনটো কৰ্মেন্দ্ৰিয়ই প্ৰতাৰণা কৰিলে? জিভাও কোনো কম নহয়। কোনো ভাল বস্তু দেখিলে লুকুৱাই খাই দিব। এইটো বুজি পায় জানো এয়াও পাপ হয়। চুৰ কৰা নহল জানো। তাকো শিৱবাবাৰ যজ্ঞৰ পৰা চুৰ কৰাতো বহুত বেয়া। এনেকৈ কোৱা হয় যে খেৰকুটা চুৰ কৰাজনে লাখ টকাও চুৰ কৰিব পাৰে। বহুতকে মায়াই নাকত ধৰি থাকে। এই সকলোবোৰ বেয়া অভ্যাস এৰিব লাগে। নিজকে ভৰ্ৎসনা কৰিব লাগে। যেতিয়ালৈকে বেয়া অভ্যাস থাকিব তেতিয়ালৈকে উচ্চ পদ পাব নোৱাৰিবা। স্বৰ্গলৈ যোৱাতো কোনো ডাঙৰ কথা নহয়। কিন্তু কত ৰজা-ৰাণী কত প্ৰজা! সেয়েহে পিতাই কয় - কৰ্মেন্দ্ৰিয়বোৰক ভালকৈ পৰীক্ষণ কৰিব লাগে। কোনটো কৰ্মেন্দ্ৰিয়ই প্ৰতাৰণা কৰে? খতিয়ান উলিয়াব লাগে। বেপাৰ নহয় জানো। পিতাই বুজায় - মোৰ সৈতে বেপাৰ কৰিব লাগে, উচ্চ পদ পাবলৈ হলে শ্ৰীমতত চলা। পিতাই ডায়ৰেক্সন (নিৰ্দেশনা) দিব তাতো মায়াই বিঘিনি আনিব। কৰিবলৈ নিদিব। পিতাই কয় - এইটো নাপাহৰিবা। গাফিলতি কৰিলে তেতিয়া বহুত অনুতাপ কৰিবা। কেতিয়াও উচ্চ পদ নাপাবা। এতিয়াতো আনন্দেৰে কয় - আমি নৰৰ পৰা নাৰায়ণ হম কিন্তু নিজকে সুধি থাকা - কৰবাত কৰ্মেন্দ্ৰিয়ই প্ৰতাৰণাতো নকৰে?

নিজৰ উন্নতি কৰিবলৈ হলে পিতাই যি ডায়ৰেক্সন দিয়ে সেয়া কাৰ্যত ফলপ্ৰসূ কৰা। গোটেই দিনটিৰ খতিয়ান চোৱা। ভুলতো বহুত হৈ থাকে। দুচকুৱে বহুত প্ৰতাৰণা কৰে। দয়া উপজিব - এওঁক খুৱাওঁ, উপহাৰ দিওঁ। নিজৰ বহুত সময় ৱেষ্ট (নষ্ট) কৰি দিয়ে। মালাৰ মণি হবলৈ বহুত পৰিশ্ৰম কৰিবলগীয়া হয়। 8 (আঠ) ৰত্ন হল মুখ্য। 9 ৰত্ন বুলি কয়। এক হল বাবা বাকী হল 8 (আঠ) বাবাৰ চিনতো মাজত থকা উচিত নহয় জানো, গ্ৰহগতি বেয়া হলে তেতিয়া 9 ৰত্নৰ আঙুঠি আদি পিন্ধায়। ইমানবিলাক পুৰুষাৰ্থ কৰোঁতাৰ মাজৰ পৰা 8 (আঠ) গৰাকী ওলায় - পাছ উইথ অনাৰ (সন্মান সহকাৰে উত্তীৰ্ণ)। 8 (আঠ) ৰত্নৰ বহুত মহিমা আছে। দেহ-অভিমানত আহিলে কৰ্মেন্দ্ৰিয়ই বহুত প্ৰতাৰণা কৰে। ভক্তিতো চিন্তা থাকে নহয় জানো, শিৰত পাপ বহুত আছে - দান-পুণ্য কৰিলে তেতিয়া পাপ খণ্ডন হব। সত্যযুগত কোনো চিন্তাৰ কথা নাই কিয়নো তাত ৰাৱণ ৰাজ্যই নাই। তাতো যদি এনেকুৱা কথা থাকে তেন্তে নৰক আৰু স্বৰ্গৰ মাজত একো পাৰ্থক্যই নাথাকিব। তোমালোকক ইমান উচ্চ পদ পাবৰ কাৰণে ভগৱানে বহি পঢ়ায়। বাবা স্মৃতিত নাহে, ঠিক আছে পঢ়োৱা শিক্ষকতো স্মৃতিত আহঁক। বাৰু, লাগিলে এইটো স্মৰণ কৰা যে আমাৰ এজনেই বাবা সৎগুৰু হয়। মনুষ্যই আসুৰিক মতত পিতাৰ কিমান তিৰস্কাৰ কৰিছে। পিতাই এতিয়া সকলোৰে উপকাৰ কৰে। তোমালোক সন্তানসকলেও উপকাৰ কৰিব লাগে। কাৰো প্ৰতি অপকাৰ নহয়, কুদৃষ্টিও থাকিব নালাগে। নিজৰেই লোকচান কৰে। সেই ভায়ব্ৰেচনে (প্ৰকম্পনে) আকৌ আনৰ ওপৰতো প্ৰভাৱ পেলায়। পিতাই কয় - বহুত উচ্চ লক্ষ্য। নিতৌ নিজৰ খতিয়ান চোৱা - কোনো বিকৰ্মতো নকৰিলোঁ? এইখন হৈছেই বিকৰ্মী সৃষ্টি, বিকৰ্মী চন (যুগ)। বিকৰ্মাজিৎ দেৱতাসকলৰ চনৰ বিষয়ে কোনেও নাজানে। পিতাই বুজায় বিকৰ্মাজিৎ চনৰ 5 হাজাৰ বছৰ হল আকৌ পাচত বিকৰ্ম চন আৰম্ভ হয়। ৰজাসকলেও বিকৰ্মই কৰি থাকে, সেইবাবে পিতাই কয় - কৰ্ম-অকৰ্ম-বিকৰ্মৰ গতি মই তোমালোকক বুজাওঁ। ৰাৱণ ৰাজ্যত তোমালোকৰ কৰ্ম বিকৰ্ম হৈ যায়। সত্যযুগত কৰ্ম অকৰ্ম হয়। বিকৰ্ম নহয়। তাত বিকাৰৰ নামেই নাই। এই জ্ঞানৰ তৃতীয় নেত্ৰ এতিয়া তোমালোকে পাইছা। এতিয়া তোমালোক সন্তানসকল পিতাৰ দ্বাৰা ত্ৰিনেত্ৰী-ত্ৰিকালদৰ্শী হৈছা। কোনো মনুষ্যই ত্ৰিনেত্ৰী-ত্ৰিকালদৰ্শী কৰি তুলিব নোৱাৰে। তোমালোকক গঢ়ি তোলোঁতাজন হৈছে পিতা। প্ৰথমে যেতিয়া আস্তিক হবা তেতিয়া ত্ৰিনেত্ৰী-ত্ৰিকালদৰ্শী হবা। গোটেই ড্ৰামাৰ (নাটকৰ) ৰহস্য বুদ্ধিত আছে। মূলবতন, সূক্ষ্মবতন, 84ৰ চক্ৰ সকলো বুদ্ধিত আছে। আকৌ পাচৰ ফালে অন্য ধৰ্ম আহে। বৃদ্ধি হৈ গৈ থাকে। সেই ধৰ্ম প্ৰতিষ্ঠাপকসকলক গুৰু বুলি কোৱা নহব। সকলোৰে সৎগতি কৰোঁতা সৎগুৰু এজনেই। বাকী তেওঁলোক কোনো সৎগতি কৰিবলৈ আহে জানো। তেওঁলোক হল ধৰ্ম প্ৰতিষ্ঠাপক। ক্ৰাইষ্টক (যীশুখ্ৰীষ্টক) স্মৰণ কৰিলে সৎগতি হব জানো। বিকৰ্ম বিনাশ হব জানো। একো নহয়। সেই সকলোকে ভক্তিৰ লাইনত (শাৰীত) আছে বুলি কোৱা হব। জ্ঞানৰ লাইনত কেৱল তোমালোকহে আছা। তোমালোক পাণ্ডা হোৱা। সকলোকে শান্তিধাম সুখধামৰ ৰাস্তা দেখুৱাই দিয়া। পিতাও লিবাৰেটৰ (মুক্তিদাতা), গাইড (মাৰ্গ-দৰ্শক) হয়। সেই পিতাক স্মৰণ কৰিলেহে বিকৰ্ম বিনাশ হব।

এতিয়া তোমালোক সন্তানসকলে নিজৰ বিকৰ্ম বিনাশ কৰাৰ পুৰুষাৰ্থ কৰি আছা গতিকে তোমালোকে ধ্যান দিব লাগে যে এফালে পুৰুষাৰ্থ, আনফালে যাতে বিকৰ্ম হৈ নাথাকে। পুৰুষাৰ্থৰ সমানে সমানে বিকৰ্মও যদি কৰা তেন্তে এশগুণ হৈ যাব। যিমান দূৰ সম্ভৱ বিকৰ্ম নকৰিবা। নহলে এডিশ্বনো হব (আৰু বাঢ়ি যাব)। নামো বদনাম কৰিবা। যিহেতু এইটো জানা যে ভগৱানে আমাক পঢ়ায় গতিকে পুনৰ কোনো বিকৰ্ম কৰিব নালাগে। সৰু চুৰি বা ডাঙৰ চুৰি পাপতো হৈ যায় নহয় জানো। এই দুচকুৱে বৰ প্ৰতাৰণা কৰে। বাবাই সন্তানসকলৰ চলনৰ পৰা বুজি যায়, কেতিয়াও খেয়ালো আহিব নালাগে যে এওঁ মোৰ স্ত্ৰী হয়, আমি ব্ৰহ্মাকুমাৰ-কুমাৰী হওঁ, শিৱবাবাৰ নাতি। আমি বাবাৰ ওচৰত প্ৰতিজ্ঞা কৰিছোঁ, ৰাখী বান্ধিছোঁ, আকৌ দুচকুৱে কিয় প্ৰতাৰণা কৰে? স্মৃতিৰ বলৰে যিকোনো কৰ্মেন্দ্ৰিয়ৰ প্ৰতাৰণাৰ পৰা ৰক্ষা পাব পাৰা। বহুত পৰিশ্ৰম কৰিব লাগে। পিতাৰ ডায়ৰেক্সন কাৰ্যত ফলপ্ৰসূ কৰি কৰি চাৰ্ট লিখা। স্ত্ৰী-পুৰুষেও পৰস্পৰ এয়াই কথা পাতা - আমিতো বাবাৰ পৰা পুৰা উত্তৰাধিকাৰ লম, শিক্ষকৰ পৰা পুৰা পঢ়িম। এনেকুৱা শিক্ষক কেতিয়াও পাব নোৱাৰা, যিয়ে বেহদৰ (অসীমৰ) নলেজ (জ্ঞান) দিয়ে। লক্ষ্মী-নাৰায়ণেই নাজানে তেনেস্থলত তেওঁলোকৰ পাচত অহাসকলে কেনেকৈ জানিব পাৰিব। পিতাই কয় - এই সৃষ্টিৰ আদি-মধ্য-অন্তৰ জ্ঞান কেৱল তোমালোকেহে সংগমত জানা। বাবাই বহুত বুজায় - এইটো কৰা, এনেকৈ কৰা। আকৌ ইয়াৰ পৰা উঠি গলেই শেষ। এইটো নুবুজে যে শিৱবাবাই আমাক কয়। সদায় বুজিবা শিৱবাবাই কয়, এওঁৰ (ব্ৰহ্মাৰ) ফটোও নাৰাখিবা। এই ৰথতো ঋণত লৈছোঁ। এৱোঁ পুৰুষাৰ্থী হয়, এৱোঁ কয় - মই বাবাৰ পৰা উত্তৰাধিকাৰ লৈ আছোঁ। তোমালোকৰ নিচিনাকৈ এৱোঁ ষ্টুডেণ্ট লাইফত (বিদ্যাৰ্থী জীৱনত) আছে। আগলৈ গৈ তোমালোকৰ মহিমা হব। এতিয়াতো তোমালোকে পূজ্য দেৱতা হবৰ কাৰণে পঢ়া। পাচত সত্যযুগত তোমালোক দেৱতা হবাগৈ। এই সকলোবোৰ কথা পিতাৰ বাহিৰে আন কোনেও বুজাব নোৱাৰে। ভাগ্যত নাথাকিলে সংশয় জাগে - শিৱবাবাই কেনেকৈ আহি পঢ়াব! মই নামানো। যদি নামানেই তেন্তে শিৱবাবাক স্মৰণ কেনেকৈ কৰিব। বিকৰ্ম বিনাশ হব নোৱাৰে। এই সকলো ক্ৰমানুসাৰে ৰাজধানী স্থাপন হৈ আছে। দাস-দাসীসকলো লাগিব নহয় জানো। ৰজাসকলে দাসীবিলাকো যৌতুক হিচাপে পায়। ইয়াতেই ইমান দাসী ৰাখে তেন্তে সত্যযুগত কিমান থাকিব। এনেকুৱা ঢিলা পুৰুষাৰ্থ কৰিব লাগে জানো যে গৈ দাস-দাসী হওঁ। বাবাক সুধিব পাৰা - বাবা এতিয়া মৰি গলে কি পদ পাম? বাবাই তৎক্ষণাৎ কৈ দিব। নিজৰ খতিয়ান নিজেই চোৱা। শেষত ক্ৰমানুসৰি কৰ্মাতীত অৱস্থা হৈ যাব। এয়া হল প্ৰকৃত উপাৰ্জন। সেই উপাৰ্জনত ৰাতি-দিন কিমান বিজী (ব্যস্ত) হৈ থাকে। কোম্পানীৰ অংশ বেচা-কিনা কৰা লোকসকলে এহাতে আহাৰ গ্ৰহণ কৰি থাকে, আনখন হাতেৰে ফোনত ব্যৱসায় চলাই থাকে। এতিয়া কোৱা এনেকুৱা মনুষ্য জ্ঞানত চলিব পাৰিবনে? কয় মোৰ আজৰি কত। হেৰ সঁচা ৰাজ্য-ভাগ্য পোৱা যায়। পিতাক কেৱল স্মৰণ কৰা তেতিয়া বিকৰ্ম বিনাশ হব। অষ্ট দেৱতা আদিকো স্মৰণ কৰে নহয় জানো। তেওঁলোকৰ স্মৃতিৰেতো একো প্ৰাপ্তি নহয়। বাবাই বাৰে বাৰে প্ৰতিটো কথাৰ ওপৰত বুজাই থাকে। যাতে পাচত এনেকৈ কোনেও কব নোৱাৰে যে অমুক কথাটিৰ ওপৰততো বুজোৱা নাই। তোমালোক সন্তানসকলে বাৰ্তাও সকলোকে দিব লাগে। এৰোপ্লেনৰ পৰাও প্ৰচাৰ-পত্ৰিকা পেলাবলৈ চেষ্টা কৰিব লাগে। তাত লিখা - শিৱবাবাই এনেকৈ কয়। ব্ৰহ্মাও শিৱবাবাৰ সন্তান। প্ৰজাপিতা হয় যেতিয়া তেৱোঁ পিতা, এৱোঁ পিতা। শিৱবাবা বুলি কলেই বহুত সন্তানৰ প্ৰেমৰ চকুলো নিগৰি আহে। কেতিয়াও দেখাই নাই। লিখে বাবা কেতিয়া আহি আপোনাক সাক্ষাৎ কৰিম, বাবা বন্ধনৰ পৰা মুক্ত কৰা। বহুতৰে বাবাৰ, আকৌ প্ৰিন্সৰো (ৰাজকুমাৰৰো) সাক্ষাৎকাৰ হয়। আগলৈ গৈ বহুতৰে সাক্ষাৎকাৰ হব তথাপিও পুৰুষাৰ্থতো কৰিব লাগিব নহয় জানো। মনুষ্যৰ মৃত্যুৰ সময়তো কয় ভগৱানক স্মৰণ কৰা। তোমালোকেও দেখিবা অন্তিম সময়ত খুব পুৰুষাৰ্থ কৰিব। স্মৰণ কৰিবলৈ লাগি যাব।

পিতাই ৰায় দিয়ে - সন্তানসকল, যি সময় পোৱা সেইখিনি সময়ত পুৰুষাৰ্থ কৰি মেকাপ কৰি (ঘাটি পূৰাই) লোৱা। পিতাৰ স্মৃতিত থাকি বিকৰ্ম বিনাশ কৰা তেতিয়া পাচত আহিও আগত যাব পাৰিবা। যেনেকৈ ট্ৰেইন লেট (পলম) হলে তেতিয়া মেকাপ কৰি নলয় জানো। তোমালোকেও ইয়াত সময় পোৱা গতিকে মেকাপ কৰি লোৱা। ইয়ালৈ আহি উপাৰ্জন কৰিবলৈ লাগি যোৱা। বাবাই ৰায়ো দিয়ে এনেকৈ এনেকৈ কৰা, নিজৰ কল্যাণ কৰা। পিতাৰ শ্ৰীমতত চলা। এৰোপ্লেনৰ পৰা প্ৰচাৰ-পত্ৰিকা পেলোৱা, যাতে মনুষ্যই বুজে যে এওঁলোকেতো যথাযথ সঠিক বাৰ্তাই দি থাকে। ভাৰত কিমান বিশাল, সকলোৱে গম পোৱা উচিত যাতে পাচত এনেকৈ নকয় যে বাবা আমিতো গমেই নাপালোঁ। ভাল বাৰু!

অতি মৰমৰ, কল্পৰ পাচত পুনৰাই লগ পোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু গুডমৰ্ণিং। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।

ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) চেন্সিবল (যুক্তিযুক্ত) হৈ নিজৰ বিচাৰ কৰিব লাগে যে দুচকুৱে প্ৰতাৰণাতো নকৰে। কোনো কৰ্মেন্দ্ৰিয়ৰ বশৱৰ্তী হৈ ওলোটা কৰ্ম কৰিব নালাগে। স্মৃতিৰ বলৰে কৰ্মেন্দ্ৰিয়ৰ প্ৰতাৰণাৰ পৰা মুক্ত হব লাগে।

(2) এই সঁচা উপাৰ্জনৰ কাৰণে সময় উলিয়াব লাগে, পাচত আহিও পুৰুষাৰ্থৰ দ্বাৰা মেকাপ কৰি লব (ঘাটি পূৰাব) লাগে। এয়া বিকৰ্ম বিনাশ কৰাৰ সময় সেইকাৰণে কোনো বিকৰ্ম কৰিব নালাগে।
 

বৰদান:
সকলো কণ্ডিশ্বনতে (অৱস্থাতে) চেফ্ (সুৰক্ষিত) হৈ থাকোঁতা এয়াৰকণ্ডিশ্বনৰ টিকেটৰ অধিকাৰী হোৱা

এয়াৰকণ্ডিশ্বনৰ টিকট সেইসকল সন্তানে প্ৰাপ্ত কৰে যি ইয়াত সকলো কণ্ডিশ্বনতে চেফ্‌ (সুৰক্ষিত) থাকে। যি পৰিস্থিতিয়ে নাহক, যেনেকুৱা সমস্যাই নাহক কিন্তু সকলো সমস্যাক চেকেণ্ডত অতিক্ৰম কৰাৰ চাৰ্টিফিকেট (প্ৰমাণ পত্ৰ) লাগে। যেনেকৈ সেই টিকটৰ কাৰণে পইচা দিয়া তেনেকৈ ইয়াত সৰ্বদা বিজয়ী হোৱাৰ মানী (পইচা) লাগে - যাৰ দ্বাৰা টিকট পাব পাৰি। এই মানী প্ৰাপ্ত কৰিবলৈ পৰিশ্ৰম কৰাৰ প্ৰয়োজন নাই, কেৱল সদায় পিতাৰ লগত থাকা তেতিয়া অলেখ উপাৰ্জন জমা হৈ গৈ থাকিব।

স্লোগান:
যেনেকুৱাই পৰিস্থিতি নহওঁক, পৰিস্থিতি আঁতৰি যাওক কিন্তু আনন্দ যাতে নাইকিয়া হৈ নাযায়।