04.09.20       Morning Assame Murli        Om Shanti      BapDada       Madhuban


"মৰমৰ সন্তানসকল যেতিয়া তোমালোক ফুল (পবিত্ৰ) হ'বা, তেতিয়া এই ভাৰত কাঁইটৰ জংঘলৰ পৰিৱৰ্তে সম্পূৰ্ণ ফুলৰ বাগিচা হৈ যাব, বাবা আহিছে তোমালোকক ফুল (পবিত্ৰ) কৰি তুলিবলৈ

প্ৰশ্ন:
মন্দিৰৰ যোগ্য হ'বৰ কাৰণে কোনবোৰ কথাত বিশেষ ধ্যান দিব লাগে?

উত্তৰ:
মন্দিৰৰ যোগ্য হ'ব বিচৰা যদি তেন্তে চলনৰ ওপৰত বিশেষ ধ্যান দিয়া - চলন বহুত মিঠা আৰু মাৰ্জিত হ'ব লাগে। ইমান মিঠাভাৱৰ হওঁক যাতে আনে তাৰ অনুভৱ কৰিব পাৰে। অনেকক পিতাৰ পৰিচয় দিয়া। নিজৰ কল্যাণ কৰিবৰ কাৰণে যথা ৰীতিৰে পুৰুষাৰ্থ কৰি সেৱাত লাগি থাকা।

গীত:
বদল যায়ে দুনিয়া না বদলেংগে হ'ম ...... (জগত সলনি হলেও আমি সলনি নহওঁ.)

ওঁম্শান্তি।
আত্মিক সন্তানসকলে জানে যে পিতাই ব্ৰহ্মাবাবাৰ দ্বাৰা আমাক বুজাই আছে। ব্ৰহ্মাবাবাৰ ৰথৰ (শৰীৰৰ) দ্বাৰাহে বুজাই থাকে। আমি এইটো প্ৰতিজ্ঞা কৰো যে শ্ৰীমতত আমি এই ভাৰত ভূমিক পতিতৰ পৰা পাৱন কৰি তুলিম। বিশেষভাৱে ভাৰতক আৰু সাধাৰণভাৱে গোটেই সৃষ্টিখনক, সকলোকে আমি পতিতৰ পৰা পাৱন হোৱাৰ ৰাস্তা দেখুৱাওঁ। ইমানখিনি খেয়াল (চিন্তা) প্ৰত্যেকেই নিজৰ বুদ্ধিত ৰাখিব লাগে। পিতাই কয় - ড্ৰামা অনুসৰি যেতিয়া তোমালোক ফুল (পবিত্ৰ) হৈ যাবা আৰু যেতিয়া সময় আহি যাব তেতিয়া সম্পূৰ্ণ বাগিচা তৈয়াৰ হৈ যাব। বাগিচাৰ মালিক বুলিও নিৰাকাৰজনকহে কোৱা হয়, মালীও নিৰাকাৰজনক কোৱা হয়, সাকাৰক নহয়। মালীও আত্মা হয়, শৰীৰ নহয়। বাগিচাৰ মালিকো আত্মা হয়। পিতাই বুজাবতো নিশ্চয় শৰীৰৰ দ্বাৰা নহয় জানো। শৰীৰ সহিতহে তেওঁক মালী বাগিচাৰ মালিক বুলি কোৱা যায়, যিজনে এই বিশ্বক ফুলৰ বাগিচা কৰি তোলে। বাগিচা আছিল য'ত এই দেৱতাসকল আছিল। তাত কোনো দুখ নাছিল। ইয়াত এই কাঁইটৰ জংঘলততো দুখ আছে, ৰাৱণৰ ৰাজ্য হয়, কাঁইটৰ জংঘল হয়। তৎক্ষণাৎ কোনো ফুল হব নোৱাৰে। দেৱতাসকলৰ আগত গৈ গায়নো কৰে যে আমি জন্ম-জন্মান্তৰৰ পাপী হয়, অজামিল হয়। এনেকৈ প্ৰাৰ্থনা কৰে, এতিয়া আহি আমাক পুণ্য আত্মা কৰি তোলা। বুজি পায় যে আমি এতিয়া পাপ আত্মা হওঁ। কোনো সময়ত পুণ্য আত্মা আছিলোঁ। এতিয়া এই সৃষ্টিত পুণ্য আত্মাসকলৰ কেৱল চিত্ৰ আছে। ৰাজধানীৰ মুখ্যসকলৰ চিত্ৰ আছে আৰু তেওঁলোকক এনেকুৱাকৈ গঢ়ি তোলোঁতাজন হৈছে নিৰাকাৰ শিৱ। তেওঁলোকৰ চিত্ৰ আছে, বচ। আৰু একো চিত্ৰ নাই। ইয়াতো শিৱৰতো ডাঙৰ লিংগ সাজি দিয়ে। কয়ো যে আত্মা তৰা সদৃশ হয়, গতিকে নিশ্চয় পিতাও এনেকুৱা হ'ব নহয় জানো। কিন্তু তেওঁৰ সম্পূৰ্ণ পৰিচয় নাই। এই লক্ষ্মী-নাৰায়ণৰ বিশ্বত ৰাজত্ব আছিল। এওঁলোকৰ কাৰণে ক'তো কোনোধৰণৰ গ্লানিৰ কথা নিলিখে। বাকী কৃষ্ণক কেতিয়াবা দ্বাপৰত, কেতিয়াবা ক'ত লৈ যায়। লক্ষ্মী-নাৰায়ণৰ কাৰণে সকলোৱে ক'ব যে স্বৰ্গৰ মালিক আছিল। এয়া হৈছে তোমালোকৰ লক্ষ্য-উদ্দেশ্য (এইম-অবজেক্ট)। ৰাধা-কৃষ্ণ কোন হয় - মনুষ্য বেচেৰাহঁত একেবাৰে বিবুদ্ধিত পৰি আছে, একো বুজিব নোৱাৰে। যিসকলে পিতাৰ দ্বাৰা বুজে, তেওঁলোকে বুজাবলৈ যোগ্যও হৈ পৰে। নহ'লে যোগ্য হ'ব নোৱাৰে। দৈৱী গুণ ধাৰণ কৰিব নোৱাৰে। লাগিলে যিমানেই নুবুজোৱা। কিন্তু ড্ৰামা অনুসৰি এনেকুৱা হ'বই লাগিব। তোমালোকে এতিয়া নিজে বুজি পোৱা যে আমি সকলো সন্তানে পিতাৰ শ্ৰীমতত ভাৰতৰ আত্মিক সেৱা কৰোঁ নিজৰেই তন-মন-ধনেৰে। প্ৰদৰ্শনী অথবা সংগ্ৰাহলয় আদিত সোধে তোমালোকে ভাৰতৰ কি সেৱা কৰা? তোমালোকে জানা যে আমি ভাৰতৰ বহুত ভাল সেৱা কৰোঁ, জংঘলৰ পৰিৱৰ্তে বাগিচা তৈয়াৰ কৰি আছোঁ। সত্যযুগ হৈছে বাগিচা। এয়া হৈছে কাঁইটৰ জংঘল। ইজনে-সিজনক দুখ দি থাকে। এইটো তোমালোকে ভালদৰে বুজাব পৰা। লক্ষ্মী-নাৰায়ণৰ চিত্ৰও বহুত ভালকৈ তৈয়াৰ কৰিব লাগে। মন্দিৰবোৰত বহুত সুন্দৰ চিত্ৰ অংকন কৰে। ক'ৰবাত বগা, ক'ৰবাত শ্যাম বৰণীয়া চিত্ৰ অংকন কৰে, তাৰ কি ৰহস্য আছে, সেয়াও বুজি নাপায়। তোমালোক সন্তানসকলৰ এতিয়া ইয়াৰ সম্পূৰ্ণ জ্ঞান আছে। পিতাই কয় - মই আহি সকলোকে মন্দিৰৰ যোগ্য কৰি গঢ়ি তোলোঁ, কিন্তু সকলোৱে মন্দিৰৰ যোগ্য নহয়গৈ। প্ৰজাকতো মন্দিৰৰ যোগ্য বুলি নক'ব নহয়। প্ৰজা সেইসকলৰ হ'ব যিসকলে পুৰুষাৰ্থ কৰি বহুত সেৱা কৰে।

তোমালোক সন্তানসকলে আত্মিক সামাজিক কামো কৰিব লাগে, এই সেৱাত নিজৰ জীৱন সফল কৰিব লাগে। চলনো বহুত মিঠা সুন্দৰ হ'ব লাগে, যাতে অন্যকো মিঠাভাৱেৰে বুজাব পাৰে। নিজেই যদি কাঁইট হয় তেন্তে কাৰোবাক ফুল কৰি কিদৰে গঢ়ি তুলিব, তেওঁলোকৰ তীৰ পুৰা নালাগিব (সম্পূৰ্ণ প্ৰভাৱ নপৰিব) । পিতাক যদি স্মৰণ নকৰে তেন্তে প্ৰভাৱান্বিত কেনেকৈ কৰিব। নিজৰ কল্যাণৰ কাৰণে ভালদৰে পুৰুষাৰ্থ কৰি সেৱাত লাগি থাকা। পিতাও সেৱাত ব্ৰতী আছে নহয়। তোমালোক সন্তানসকলো দিনে-ৰাতিয়ে সেৱাত ব্ৰতী হৈ থাকা।

দ্বিতীয় কথা বুজায় - শিৱজয়ন্তীত বহুত সন্তানে তাঁৰ (চিঠি) পঠিয়াই দিয়ে, সেই সমূহতো এনেকুৱা লিখনি লিখিব লাগে যাতে সেই তাঁৰসমূহ (চিঠিসমূহ) যিকোনো লোককে দেখুৱালে বুজিব পাৰে। আগলৈ কি কৰিব লাগে, তাৰ পুৰুষাৰ্থ কৰা যায়। আলোচনা সভাও এই কাৰণে কৰা হয় যে কি কি সেৱা কৰা যাব যাৰ দ্বাৰা বহুতেই পিতাৰ পৰিচয় পাব। তাঁৰ (চিঠি) বহুত ৰাখি থোৱা হৈছে, এইবোৰৰ দ্বাৰা বহুত কাম হাতত ল'ব পাৰা। ঠিকনা লিখে শিৱবাবা, মাৰ্ফৎ (কেয়াৰ অফ্) ব্ৰহ্মা। প্ৰজাপিতা ব্ৰহ্মাও আছে, তেওঁ আত্মিক পিতা, তেওঁ শাৰীৰিক। তেওঁৰ (ব্ৰহ্মাৰ) দ্বাৰা শাৰীৰিক ৰচনা ৰচা হয়। পিতা হৈছে মনুষ্য সৃষ্টিৰ ৰচয়িতা। কেনেকৈ ৰচনা ৰচে, এয়া গোটেই সৃষ্টিত কোনেও নাজানে। পিতাই ব্ৰহ্মাৰ দ্বাৰা এতিয়া নতুন ৰচনা ৰচি আছে। ব্ৰাহ্মণ হৈছে টিকনি (উচ্চ)। পোন-প্ৰথমে ব্ৰাহ্মণ নিশ্চয় লাগে। এয়া হৈছে বিৰাট ৰূপৰ টিকনি (উচ্চতা)। ব্ৰাহ্মণ, দেৱতা, ক্ষত্ৰিয়, বৈশ্য, শূদ্ৰ। প্ৰথমে শূদ্ৰতো হ'ব নোৱাৰে। পিতাই ব্ৰহ্মাৰ দ্বাৰা ব্ৰাহ্মণ ৰচে। শূদ্ৰ কেনেকৈ আৰু কাৰ দ্বাৰা ৰচিব?

তোমালোক সন্তানসকলে জানা কেনেকৈ নতুন ৰচনা ৰচে, এয়া পিতাই তুলি লয়। কল্পই কল্পই পিতা আহি শূদ্ৰৰ পৰা ব্ৰাহ্মণ কৰি তোলে পুনৰ ব্ৰাহ্মণৰ পৰা দেৱতা কৰি গঢ়ি তোলে। ব্ৰাহ্মণসকলৰ সেৱা বহুত উচ্চ। সেই ব্ৰাহ্মণ লোকসকল নিজে পবিত্র নহয় গতিকে অন্যক কেনেকৈ পবিত্র কৰি তুলিব। কোনো ব্ৰাহ্মণেই সন্ন্যাসীক কেতিয়াও ৰাখী নাবান্ধিব। তেওঁলোকে কব - আমিতো হয়েই পবিত্ৰ। তোমালোকে নিজৰ মুখ চোৱা। তোমালোক সন্তানসকলেও কাৰো হাতেৰে ৰাখী বন্ধাব নোৱাৰা। জগতততো সকলোৱে ইজনে-সিজনক বান্ধে। ভগ্নীয়ে-ভাতৃক বান্ধে, এই নিয়ম এতিয়া ওলাইছে। এতিয়া তোমালোকে শূদ্ৰৰ পৰা ব্ৰাহ্মণ হ'বৰ কাৰণে পুৰুষাৰ্থ কৰা। বুজাবলগীয়া হয়। পুৰুষ-মহিলা দুয়ো পবিত্ৰতাৰ প্ৰতিজ্ঞা কৰে, দুয়ো ক'ব পাৰে যে আমি কেনেকৈ পিতাৰ শ্ৰীমতেৰে পবিত্র হৈ থাকোঁ। অন্তিমলৈকে এই কাম বিকাৰৰ ওপৰত বিজয়ী হৈ থাকিলে তেতিয়া পবিত্র জগতৰ মালিক হ'বাগৈ। পবিত্র সৃষ্টি সত্যযুগক কোৱা হয়, সেয়া এতিয়া স্থাপন হৈ আছে। তোমালোক সকলো পবিত্ৰ হোৱা। বিকাৰত অধঃপতিত হোৱাসকলক ৰাখী বান্ধিব পাৰা। প্ৰতিজ্ঞা কৰি পুনৰ যদি অধঃপতিত হয় তেন্তে ক'বা - তুমি ৰাখী বন্ধাবলৈ আহিছিলা পুনৰ কি হ'ল? ক'ব, মায়াৰ লগত হাৰি গলোঁ, এয়া হৈছে যুদ্ধক্ষেত্ৰ। বিকাৰ ডাঙৰ শত্ৰু। ইয়াৰ ওপৰত বিজয় প্ৰাপ্ত কৰিহে জগতজিৎ অৰ্থাৎ ৰজা-ৰাণী হ'ব লাগে, প্ৰজাক জগতজিৎ বুলি কোৱা নহব। পৰিশ্ৰমতো ৰজা-ৰাণীয়ে কৰে নহয়। কয়ো যে আমিতো লক্ষ্মী-নাৰায়ণ হ'ম। তেওঁলোকেই আকৌ ৰাম-সীতাও হ'ব। লক্ষ্মী-নাৰায়ণৰ পাচত তেওঁলোকৰ সিংহাসনৰ ওপৰত বিজয়ী তেওঁলোকৰ সন্তানসকল হয়। সেই লক্ষ্মী-নাৰায়ণ পুনৰ পৰৱৰ্তী জন্মত তললৈ গুচি যাব। ভিন্ন নাম-ৰূপেৰে সন্তানসকলে গাদী (আসন) প্ৰাপ্ত কৰে গতিকে উচ্চ নম্বৰত গণনা কৰা হ'ব। পুনৰ্জন্মতো লয় নহয় জানো। সন্তানে আসনত বহিলে তেতিয়া সেয়া দ্বিতীয় শ্ৰেণীৰ (চেকেণ্ড গ্ৰেড) হৈ যাব। ওপৰৰসকল তললৈ, তলৰসকল ওপৰলৈ আহি যাব। গতিকে এতিয়া সন্তানসকল যদি এনেকুৱা উচ্চ হ'ব বিচৰা তেন্তে সেৱাত লাগি যাব লাগে। পবিত্র হোৱাটোও বহুত জৰুৰী। পিতাই কয়, মই পবিত্ৰ সৃষ্টি তৈয়াৰ কৰোঁ। ভাল পুৰুষাৰ্থ কম সংখ্যকে কৰে, পবিত্ৰতো গোটেই সৃষ্টিখনেই হৈ পৰে। তোমালোকৰ কাৰণে স্বৰ্গৰ স্থাপনা কৰোঁ। এয়া নাটক অনুসৰি হ'বলগীয়াই আছে, এইখন খেল ৰচি থোৱা আছে। তোমালোক পবিত্ৰ হৈ যোৱা পুনৰ বিনাশ আৰম্ভ হৈ যায়। সত্যযুগৰ স্থাপনা হৈ যায়। ড্ৰামাকতো তোমালোকে বুজিব পাৰা। সত্যযুগত আছিল দেৱতাসকলৰ ৰাজ্য। এতিয়া নাই, পুনৰ হ'ব।

তোমালোক হৈছা আত্মিক মিলিটেৰী। তোমালোকে 5 বিকাৰৰ ওপৰত বিজয় প্ৰাপ্ত কৰিলে জগতজিৎ হৈ যাবা। জন্ম-জন্মান্তৰৰ পাপ খণ্ডন কৰিবলৈ বাবাই যুক্তি (উপায়) দিয়ে। পিতাই এবাৰে আহি যুক্তি দিয়ে। যেতিয়ালৈকে ৰাজধানী স্থাপন হৈ নাযায় তেতিয়ালৈকে বিনাশ নহ'ব। তোমালোক বহুত গুপ্ত যোদ্ধা হয়। সত্যযুগ হ'বই কলিযুগৰ পাচত। সত্যযুগত কেতিয়াও যুদ্ধ নহয়। তোমালোক সন্তানসকলে জানা সকলো আত্মাই যি ভূমিকা পালন কৰে, সেয়া সকলোবোৰ নিৰ্ধাৰিত হৈ আছে। যেনেকৈ কাঠৰ পুতলা থাকে নহয়, তেনেকৈ নাচি থাকে। এয়াও নাটক (ড্ৰামা) হয়, প্ৰত্যেকৰে এই নাটত ভূমিকা আছে। ভূমিকা পালন কৰি কৰি তোমালোক তমোপ্ৰধান হৈ গলা। পুনৰ এতিয়া ওপৰলৈ যোৱা, সতোপ্ৰধান হোৱা। জ্ঞানতো চেকেণ্ডৰ হয়। সতোপ্ৰধান হয় আকৌ অধঃপতিত হৈ হৈ তমোপ্ৰধান হৈ যায়। পুনৰ পিতাই ওপৰলৈ লৈ যায়। বাস্তৱত সেই মাছসমূহ সূতাত (বৰশীত) ওলমে, এই সূতাত মনুষ্যক ওলমাব লাগে। এনেকৈ অৱৰোহণ কলা আকৌ আৰোহণ কলা হয়। তোমালোকো এনেকৈয়ে ছিৰি ওপৰলৈ উঠা পুনৰ নামি নামি তললৈ আহি যোৱা। ওপৰলৈ গৈ পুনৰ নামিবলৈ 5 হাজাৰ বছৰ লাগে। এই 84ৰ চক্ৰ তোমালোকৰ বুদ্ধিত আছে। অৱৰোহণ কলা আৰু আৰোহণ কলাৰ ৰহস্য পিতাইহে বুজাইছে। তোমালোকৰ ভিতৰতো ক্ৰমানুসৰি জানে আৰু পুৰুষাৰ্থ কৰে। যিসকলে পিতাক স্মৰণ কৰে তেওঁলোক সোনকালে ওপৰলৈ যায়। এয়া প্ৰবৃত্তি মাৰ্গ হয়। যেনেকৈ দুজনক একেলগে দৌৰালে তেতিয়া দুয়োজনৰে এখন এখন ভৰি বান্ধি দিয়ে তাৰপাচত দৌৰে। এয়াও তোমালোকৰ দৌৰ হয় নহয় জানো। কাৰোবাৰ অভ্যাস (প্ৰেক্টিচ) নাথাকিলে বাগৰি পৰে, ইয়াতো তেনেকুৱা হয়। এজন আগবাঢ়ে, দ্বিতীয়জনে ৰখাই দিয়ে, ক'ৰবাত দুয়োজনেই বাগৰি পৰে। বাবা আচম্বিত হয় (ৱণ্ডাৰ খায়) - বৃদ্ধসকলৰো কাম বিকাৰৰ জুই লাগে তেতিয়া তেৱোঁ বাগৰি পৰে। এনেকুৱাতো নহয় যে তেওঁ বগৰাই দিলে। বাগৰি পৰা, নপৰা (অধঃপতিত হোৱা বা নোহোৱা) সেইটো নিজৰ হাতত আছে। কোনোবাই জানো ঠেলা মাৰি দিয়ে, আমি বাগৰি পৰোঁ কিয়? যিয়েই নহওঁক কিয় আমি নাবাগৰোঁ। বাগৰি পৰিলে সকলো নষ্ট হৈ যায়, জোৰেৰে থাপৰ (চৰ) লাগে। পাচত অনুতাপো কৰে, হাড় ভাঙি যায়। বহুত আঘাত লাগে। বাবাই ভিন্ন ভিন্ন প্ৰকাৰেৰে বুজাই থাকে।

এইটোও বুজাইছে শিৱজয়ন্তীত তাঁৰবাৰ্তা এনেকৈ পঠিয়াব লাগে যাতে মনুষ্যই পঢ়িলেই বুজি পায়। বিচাৰ সাগৰ মন্থন কৰিব কাৰণে বাবাই সময় দিয়ে। কোনোবাই দেখিলে যাতে আচম্বিত হৈ যায়। কিমান চিঠি আহে, সকলোবোৰ লিখে বাপদাদাই। তোমালোকে বুজাবও পাৰা শিৱবাবাক পিতা, ব্ৰহ্মাক দাদা বুলি কয়। এজনক কেতিয়াবা কোনোবাই বাপদাদা বুলি কয় জানো? এয়াতো আশ্চৰ্যকৰ কথা, ইয়াত সত্য জ্ঞান আছে। কিন্তু স্মৃতিত থাকিলেহে কাৰোবাক বাণে বাণে আঘাত কৰিব (শুনোৱা জ্ঞানে প্ৰভাৱিত কৰিব)। বাৰে বাৰে দেহ-অভিমানত আহি যায়। পিতাই কয় আত্মা-অভিমানী হোৱা। আত্মাইহে শৰীৰ ধাৰণ কৰি ভূমিকা পালন কৰে। কোনো মৰিলেও যাতে কোনো খেয়াল নাহে। আত্মাত যি ভূমিকা নিহিত হৈ আছে তাক আমি সাক্ষী হৈ চাওঁ। তেওঁ এটা শৰীৰ এৰি আন এটা লৈ ভূমিকা পালন কৰিব লাগিব। এই ক্ষেত্ৰত আমি কিয়েই বা কৰিব পাৰোঁ? এই জ্ঞানো তোমালোকৰ বুদ্ধিত আছে। সেয়াও ক্ৰম অনুসৰি। বহুতৰে বুদ্ধিততো ধাৰণেই নহয় সেইকাৰণে কাকোৱেই বুজাব নোৱাৰে। আত্মা একেবাৰে গৰম টাৱা, তমোপ্ৰধান পতিত। তাত জ্ঞান অমৃত ঢালিলে ধাৰণেই নহয়। যিসকলে বহুত ভক্তি কৰিছে, তেওঁলোককহে বাণে (জ্ঞান বাণে) আঘাত কৰিব, তৎক্ষণাৎ ধাৰণা হ'ব। হিচাপেই বিস্ময়কৰ হয় - প্ৰথম নম্বৰত পাৱন, তেওঁলোকেই পুনৰ পতিত হয়। এয়াও কিমান বুজিবলগীয়া কথা। কাৰোবাৰ ভাগ্যত নাথাকিলে পঢ়া এৰি দিয়ে। যদি সৰুকালৰ পৰাই জ্ঞানত লাগি যায় তেন্তে ধাৰণা হৈ গৈ থাকিব। বুজিব এওঁ বহুত ভক্তি কৰিছে, বহুত বুদ্ধিমান হৈ যাব, কিয়নো কৰ্মেন্দ্ৰিয় (অৰগেন্স) পৈণত হলে বোধ শক্তিও বাঢ়ি যায়। শাৰীৰিক, আত্মিক দুয়োফালে ধ্যান দিলে তেতিয়া সেই প্ৰভাৱ আঁতৰি যায়। এয়া হৈছে ঈশ্বৰীয় পঢ়া। পাৰ্থক্য আছে নহয় জানো। কিন্তু যেতিয়া সেইটো নিষ্ঠাও থাকিব তেতিয়াহে। ভাল বাৰু।

অতি মৰমৰ, কল্পৰ পাচত পুনৰাই লগ পোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু গুডমৰ্ণিং। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।

ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) আত্মিক মিলিটেৰী হৈ 5 বিকাৰৰ ওপৰত বিজয় প্ৰাপ্ত কৰিব লাগে, পবিত্ৰ নিশ্চয় হ'ব লাগে। শ্ৰীমতত ভাৰতক পাৱন কৰি তোলাৰ সেৱা কৰিব লাগে।

(2) এই বেহদৰ নাটকত প্ৰত্যেকটো ভূমিকা আত্ম-অভিমানী হৈ পালন কৰিব লাগে, কেতিয়াও দেহ-অভিমানত আহিব নালাগে। সাক্ষী হৈ প্ৰত্যেক ভাৱৰীয়াৰ (এক্টৰৰ) ভূমিকা প্ৰত্যক্ষ কৰিব লাগে।

বৰদান:
স্বমানৰ দ্বাৰা অভিমানক সমাপ্ত কৰোঁতা সদায় বিনয়ী হোৱা

যিসকল সন্তান স্বমানত থাকে তেওঁলোকৰ কেতিয়াও অভিমান আহিব নোৱাৰে, তেওঁলোক সদায় বিনয়ী হৈ থাকে। যিমান শ্ৰেষ্ঠ স্বমান সিমানেই হয় মহাশয় বুলি কোৱাত বিনয়ী। সৰু-ডাঙৰ, জ্ঞানী-অজ্ঞানী, মায়াজিৎ বা মায়াৰ বশৱৰ্তী, গুণৱান হওক বা কোনো এটা দুটা অৱগুণো থাকক অৰ্থাৎ গুণৱান হোৱাৰ পুৰুষাৰ্থী হওক কিন্তু স্বমানধাৰীসকল সকলোকে মান দিওঁতা দাতা হয় অৰ্থাৎ স্বয়ং সম্পন্ন হোৱাৰ কাৰণে সদায় দয়াশীল হয়।

স্লোগান:
স্নেহেই সহজ স্মৃতিৰ সাধন হয় সেয়েহে সদায় স্নেহী হৈ থাকা আৰু স্নেহী কৰি তোলা।