04.10.20    Avyakt Bapdada     Assame Murli     29.03.86     Om Shanti     Madhuban


*দ্বৈত (ডবল) বিদেশী সন্তানসকলৰ সৈতে বাপদাদাৰ বাৰ্তালাপ*


আজি বাপদাদাই চাৰিওফালৰ ডবল বিদেশী সন্তানসকলক বতনত প্ৰকট (ইমাৰ্জ) কৰি সকলো সন্তানৰে বিশেষত্বসমূহক চাই আছিলহঁক কিয়নো সকলো সন্তনেই বিশেষ আত্মা হয় সেইবাবেই পিতাৰ হৈছে অৰ্থাৎ শ্ৰেষ্ঠ ভাগ্যৱান হৈছে। বিশেষতো সকলোৱে হয় তথাপি ক্ৰমানুসৰি বুলি কোৱা হব। গতিকে আজি বাপদাদাই ডবল বিদেশী সন্তানসকলক বিশেষ ৰূপত চাই আছিলহঁক। কম সময়তেই চাৰিওফালৰ ভিন্ন ভিন্ন ৰীতি-প্ৰথা বা মান্যতা থকা সত্ত্বেও এক মান্যতাৰ একমতধাৰী হৈ গৈছেহঁক। বাপদাদাই বিশেষকৈ দুটি বিশেষত্ব সংখ্যাগৰিষ্ঠৰ মাজত প্ৰত্যক্ষ কৰি আছে। এটাতো স্নেহৰ সম্বন্ধত বহুত সোনকালে বান্ধ খাই গৈছে। স্নেহৰ সম্বন্ধত, ঈশ্বৰীয় পৰিয়ালৰ হোৱাত, পিতাৰ হোৱাত ভাল সহযোগ দিছে। গতিকে এটা স্নেহত অহাৰ বিশেষত্ব, দ্বিতীয়তে স্নেহৰ কাৰণে পৰিৱৰ্তন-শক্তি সহজে বাস্তৱিক ৰূপত আনিছে। স্ব-পৰিৱৰ্তন আৰু লগতে সতীৰ্থসকলৰ পৰিৱৰ্তনত ভাল নিষ্ঠাৰে আগবাঢ়ি গৈ আছে। গতিকে স্নেহৰ শক্তি আৰু পৰিৱৰ্তন কৰাৰ শক্তি এই দুটি বিশেষত্বক সাহসেৰে ধাৰণ কৰি ভালেই প্ৰমাণ দেখুৱাই আছে।

আজি বতনত বাপদাদাই পৰস্পৰ সন্তানসকলৰ বিশেষত্বৰ ওপৰত বাৰ্তালাপ কৰি আছিল। এতিয়া এই বছৰৰ অব্যক্তৰ ব্যক্ত ৰূপত মিলনৰ চিজন বুলি কোৱা বা মিলন মেলা বুলি কোৱা সেয়া সমাপ্ত হৈ আহিছে, গতিকে বাপদাদাই সকলোৰে ফলাফল চাই আছিলহঁক। এনেয়েতো অব্যক্ত ৰূপেৰে অব্যক্ত স্থিতিৰে সদায় মিলন হয়েই আৰু সদায় হৈ থাকিব। কিন্তু সাকাৰ ৰূপৰ দ্বাৰা মিলনৰ সময় নিশ্চিত কৰিবলগীয়া হয় আৰু এই ক্ষেত্ৰত সময় সীমা বান্ধি দিবলগীয়া হয়। অব্যক্ত ৰূপৰ মিলনত সময়ৰ সীমা নাথাকে, যিয়ে যিমান বিচাৰে মিলন উদযাপন কৰিব পাৰে। অব্যক্ত শক্তিৰ অনুভূতি কৰি নিজক, সেৱাক সদায় আগবঢ়াই নিব পাৰা। তথাপিও নিশ্চিত সময় অনুসৰি এইটো বছৰৰ এই চিজন সমাপ্ত হৈ আছে। কিন্তু সমাপ্ত নহয় সম্পন্ন হৈ আছা। লগপোৱা অৰ্থাৎ সমান হোৱা। সমান হৈছা নহয়। গতিকে সমাপ্তি নহয়, যদিও চিজনৰ সময়তো সমাপ্ত হৈ আছে কিন্তু নিজে সমান আৰু সম্পন্ন হৈ গৈছা সেইবাবে বাপদাদাই চাৰিওফালৰ ডবল বিদেশী সন্তানসকলক বতনত দেখি হৰ্ষিত হৈ আছিল কিয়নো সাকাৰততো কোনোবা আহিব পাৰে কোনোবা আহিবও নোৱাৰে, সেইবাবে নিজৰ চিত্ৰ অথবা পত্ৰ পঠিয়াই দিয়ে। কিন্তু অব্যক্ত ৰূপত বাপদাদাই চাৰিওফালৰ সংগঠনক সহজে প্ৰকট কৰিব পাৰে। যদি ইয়ালৈ সকলোকে মতাও হয় তথাপিও থকামেলাৰ সকলো সাধন লাগে। অব্যক্ত বতনততো এই স্থূল সাধনবোৰৰ কোনো আৱশ্যকতা নাই। তাততো কেৱল ডবল বিদেশীয়েই নহয় গোটেই ভাৰতৰ সন্তানসকলকো যদি একত্ৰিত কৰা তেন্তে এনেকুৱা লাগিব যেন বেহদৰ অব্যক্ত বতন। তাত যিমান লাখেই নহওঁক তথাপিও এনেকুৱা লাগিব যেন তেনেই সৰু সংগঠন দেখিবলৈ পোৱা গৈছে। গতিকে আজি বতনত কেৱল বিদেশীসকলক প্ৰকট কৰিছিলোঁ।

বাপদাদাই প্ৰত্যক্ষ কৰি আছিল যে ভিন্ন ৰীতি-প্ৰথা থকাৰ সত্ত্বেও দৃঢ় সংকল্পৰে ভাল প্ৰগতি কৰিছে। গৰিষ্ঠ সংখ্যকেই উৎসাহ-উদ্দীপনাৰে চলি আছে। কোনো কোনো খেল দেখাওঁতা থাকেই কিন্তু ফলাফলত এইটো অন্তৰ দেখিলোঁ যে যোৱা বছৰলৈকে বিবুদ্ধিত বেছিকৈ পৰিছিল। কিন্তু এই বছৰৰ ফলাফলত বহুত সন্তানক আগতকৈ মজবুত দেখা গল। কোনো কোনো বাপদাদাক খেল দেখুওৱা সন্তানো দেখিলে। বিবুদ্ধিত পৰাৰো খেল কৰে নহয়। সেই সময়ৰ ভিডিও উলিয়াই যদি চোৱা তেন্তে তোমালোকৰ একেবাৰে নাটক যেন লাগিব। কিন্তু আগতকৈ পাৰ্থক্য আছে। এতিয়া অনুভৱী হৈছা গম্ভীৰো হৈ আছা। গতিকে এয়া ফলাফল দেখিলোঁ যে পঢ়াৰ প্ৰতি স্নেহ আৰু স্মৃতিত থকাৰ উৎসাহে ভিন্ন ৰীতি-প্ৰথাৰ মান্যতাক সহজে সলনি কৰি দিয়ে। ভাৰতবাসীৰ পৰিৱৰ্তন হোৱাতো সহজ। দেৱতাসকলক জানে, শাস্ত্ৰৰ মিশ্ৰিত জ্ঞানক জানে গতিকে মান্যতা ভাৰতবাসীৰ বাবে ইমান নতুন নহয়। তথাপিও সামূহিকভাৱে চাৰিওফালৰ সন্তানসকলৰ মাজত এনেকুৱা নিশ্চয় বুদ্ধি, অটল, অচল আত্মাসকলক দেখিলোঁ। এনেকুৱা নিশ্চয় বুদ্ধিয়ে অন্যকো নিশ্চয় বুদ্ধিৰ কৰি তোলাত উদাহৰণ হৈছে। প্ৰবৃত্তিত থাকিও শক্তিশালী সংকল্পৰে দৃষ্টি, বৃত্তি পৰিৱৰ্তন কৰি লয়। তেনেকুৱাও বিশেষ ৰত্ন দেখিলোঁ। কোনোবা এনেকুৱাও সন্তান আছে যিয়ে যিমানেই নিজৰ ৰীতি অনুযায়ী অল্পকালৰ সাধনত, অল্পকালৰ সুখত মগ্ন হৈ আছিল, এনেকুৱাসকলেও ৰাতি-দিনৰ পৰিৱৰ্তনত ভাল তীব্ৰ পুৰুষাৰ্থীৰ শাৰীত চলি আছে। যদিও বেছি আন্দাজ নাপায় কিন্তু তথাপিও ভাল। যিদৰে বাপদাদাই একেঘাপে বলি যোৱাৰ দৃষ্টান্ত দিয়ে। এনেদৰে মনেৰে ত্যাগ কৰাৰ সংকল্প কৰাৰ পাচত দৃষ্টিও যাতে নাযায় এনেকুৱাও আছে। আজি সামূহিক ফলাফল চাই আছিলোঁ। শক্তিশালী আত্মাসকলক দেখি বাপদাদাই মিচিকিয়াই বাৰ্তালাপ কৰি আছিল যে ব্ৰহ্মাৰ ৰচনা দুই প্ৰকাৰৰ বুলি গায়ন আছে। এক ব্ৰহ্মাৰ মুখেৰে ব্ৰাহ্মণ প্ৰকট হল। আৰু দ্বিতীয় ৰচনা ব্ৰহ্মাই সংকল্পৰে সৃষ্টি ৰচিলে। গতিকে ব্ৰহ্মাপিতাই কিমান সময়ৰ পৰা শক্তিশালী সংকল্প কৰিলে! হওতে বাপদাদা দুয়োজনেই আছে কিন্তু তথাপি ৰচনাৰ বাবে শিৱৰ ৰচনা বুলি কোৱা নহব। শিৱবংশী বুলি কোৱা হব। শিৱকুমাৰ শিৱকুমাৰী বুলি কোৱা নহব। ব্ৰহ্মাকুমাৰ কুমাৰী বুলি কোৱা হব। গতিকে ব্ৰহ্মাই বিশেষ শ্ৰেষ্ঠ সংকল্পৰে আহ্বান কৰিলে অৰ্থাৎ ৰচনা ৰচিলে। গতিকে ব্ৰহ্মাৰ এই শক্তিশালী সংকল্পৰে, আহ্বানেৰে সাকাৰত আহি গলা।

সংকল্পৰ ৰচনাও কম নহয়। যিদৰে সংকল্প শক্তিশালী হোৱা বাবে দূৰৈৰ পৰাই ভিন্ন পৰ্দাৰ আঁৰৰ পৰা সন্তানসকলক নিজৰ পৰিয়ালত আনিবলগীয়া আছিল, শ্ৰেষ্ঠ শক্তিশালী সংকল্পই প্ৰেৰিত কৰি সমীপত আনিলে, সেইবাবে এই শক্তিশালী সংকল্পৰ ৰচনাও শক্তিশালী হয়। বহুতৰে অনুভৱো আছে- যেন বুদ্ধিক কোনোবাই বিশেষভাৱে প্ৰেৰিত কৰি সমীপত আনি আছে। ব্ৰহ্মাৰ শক্তিশালী সংকল্পৰ কাৰণে ব্ৰহ্মাৰ চিত্ৰক দেখিলেই চৈতন্যতাৰ অনুভৱ হয়। চৈতন্য সম্বন্ধৰ অনুভৱেৰে আগবাঢ়ি গৈ আছা। গতিকে বাপদাদাই ৰচনাক দেখি হৰ্ষিত হৈ আছে। এতিয়া আগলৈ আৰু অধিক শক্তিশালী ৰচনাৰ প্ৰত্যক্ষ প্ৰমাণ দি থাকিব। ডবল বিদেশীসকলৰ সেৱাৰ সময়ৰ হিচাপত এতিয়া শৈশৱৰ সময় সমাপ্ত হল। এতিয়া অনুভৱী হৈ আনকো অচল অটল কৰি তোলাৰ, অনুভৱ কৰোৱাৰ সময়। এতিয়া খেল কৰাৰ সময় সমাপ্ত হল। এতিয়া সদায় সমৰ্থ হৈ নিৰ্বল আত্মাসকলক সমৰ্থ কৰি গৈ থাকা। তোমালোকৰ মাজত দুৰ্বলতাৰ সংস্কাৰ থাকিলে আনকো দুৰ্বল কৰি তুলিবা। সময় কম আৰু ৰচনা অধিক আহিবলগীয়া আছে। এইখিনি সংখ্যাতেই সন্তুষ্ট হৈ নাযাবা যে বহুত হৈ গল। এতিয়াতো সংখ্যা বাঢ়িবই। কিন্তু যিদৰে তোমালোকে ইমান সময় পালনা ললা আৰু যি বিধিৰে তোমালোকে পালনা ললা, এতিয়া সেয়া পৰিৱৰ্তন হৈ গৈ থাকিব।

যিদৰে 50 বছৰৰ পালনা লওঁতা সোণালী জয়ন্তীৰ (গল্ডেন জুবিলীৰ)সকল আৰু ৰূপালী জয়ন্তীৰ (চিলভাৰ জুবিলীৰ) সকলৰ মাজত অন্তৰ আছে নহয়। সেইদৰে পাচত অহাসকলৰ মাজত অন্তৰ হৈ গৈ থাকিব। গতিকে অলপসময়ৰ ভিতৰতে তেওঁলোকক শক্তিশালী কৰি তুলিব লাগিব। তেওঁলোকৰ নিজৰ শ্ৰেষ্ঠ ভাৱনাতো থাকিবই। কিন্তু তোমালোক সকলোৱেও এনেকুৱা অলপসময়ৰ ভিতৰত আগবাঢ়িবলগীয়া সন্তানসকলক নিজৰ সম্বন্ধ আৰু সম্পৰ্কৰ সহযোগ দিবই লাগিব, যাৰ দ্বাৰা তেওঁলোকৰ সহজে আগবঢ়াৰ উৎসাহ আৰু সাহস আহিব। এতিয়া এইটো সেৱা বহুত হব। কেৱল নিজৰ বাবে শক্তি জমা কৰাৰ সময় নাই। কিন্তু নিজৰ লগতে অন্যৰ প্ৰতিও শক্তি ইমান জমা কৰিব লাগে যাতে অন্যকো সহযোগ দিব পাৰা। কেৱল সহযোগ লওঁতা নহয় দিওঁতা হব লাগে। যিসকলৰ দুই বছৰো হৈ গৈছে তেওঁলোকৰ বাবে দুই বছৰো কম নহয়। অলপসময়ৰ ভিতৰতে সকলো অনুভৱ কৰিব লাগে। যিদৰে বৃক্ষত দেখুৱায় নহয়, শেষত অহা আত্মাসকলেও 4টা অৱস্থাৰ মাজেৰে নিশ্চয় পাৰ হয়। সেয়া 10-12 জন্মই হওক বা যিমানেই হওক। গতিকে পাচত অহাসকলেও অলপসময়ৰ ভিতৰত সৰ্বশক্তিৰ অনুভৱ কৰিবই লাগিব। বিদ্যাৰ্থী জীৱনৰো (ষ্টুডেণ্ট লাইফৰো) আৰু লগতে সেৱাধাৰীৰো অনুভৱ কৰিব লাগে। সেৱাধাৰীয়ে কেৱল কৰ্চ কৰিব বা ভাষণ দিব নালাগে। সেৱাধাৰী অৰ্থাৎ উৎসাহ-উদ্দীপনাৰ সহযোগ দিয়া। শক্তিশালী কৰি তোলাত সহযোগ দিয়া। অলপসময়ৰ ভিতৰতে সকলো বিষয়তে উত্তীৰ্ণ হব লাগিব। ইমান তীব্ৰগতিৰে কৰিলে তেতিয়াহে উপনীত হবাগৈ নহয় জানো, সেইবাবে ইজন সিজনৰ সহযোগী হব লাগে। ইজন সিজনৰ যোগী হব নালাগে। ইজনে সিজনৰ লগত যোগ লগোৱা আৰম্ভ নকৰিবা। সহযোগী আত্মাই সদায় সহযোগেৰে পিতাৰ সমীপ আৰু সমান কৰি তোলে। নিজৰ সমান নহয় কিন্তু পিতাৰ সমান কৰি তুলিব লাগে। নিজৰ মাজত যিয়েই দুৰ্বলতা আছে সেয়া ইয়াতেই এৰি যাবা। বিদেশলৈ লৈ নাযাবা। শক্তিশালী আত্মা হৈ শক্তিশালী কৰি তুলিব লাগে। এইটোৱে বিশেষ দৃঢ় সংকল্প যাতে সদায় স্মৃতিত থাকে। বাৰু!

চাৰিওফালৰ সকলো সন্তানক বিশেষ স্নেহ সম্পন্ন স্মৰণ কৰি আছে। সদায় স্নেহী, সদায় সহযোগী আৰু শক্তিশালী এনেকুৱা শ্ৰেষ্ঠ আত্মাসকলক বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু নমস্কাৰ।

সকলোৰে এইটো আনন্দ আছে নহয় যে ভিন্নতা থকা সত্ত্বেও এজনৰ হৈ গলা। এতিয়া বেলেগ বেলেগ মত নহয়। এটাই ঈশ্বৰীয় মতত চলোঁতা শ্ৰেষ্ঠ আত্মা হোৱা। ব্ৰাহ্মণসকলৰ ভাষাও এক। এজন পিতাৰ হয় আৰু পিতাৰ জ্ঞান আনকো দি সকলোকে এজন পিতাৰ কৰি তুলিব লাগে। কিমান ডাঙৰ শ্ৰেষ্ঠ পৰিয়াল। যতেই যোৱা বা যি দেশতেই যোৱা এইটো নিচা আছে যে আমাৰ নিজৰ ঘৰ হয়। সেৱা স্থান অৰ্থাৎ নিজৰ ঘৰ। এনেকুৱা কোনো নাথাকিব যাৰ ইমান ঘৰ আছে। যদি তোমালোকক কোনোবাই সোধে- তোমালোকৰ পৰিচিতসকল কত কত থাকে? তেতিয়া কবা - গোটেই বিশ্বতে আছে। যতেই যোৱা নিজৰেই পৰিয়াল। কিমান বেহদৰ (অসীমৰ) অধিকাৰী হৈ গলা। সেৱাধাৰী হৈ গলা। সেৱাধাৰী হোৱা অৰ্থাৎ অধিকাৰী হোৱা। এয়া বেহদৰ আত্মিক আনন্দ। এতিয়া প্ৰত্যেক স্থানেই নিজৰ শক্তিশালী স্থিতিৰে বিস্তাৰক প্ৰাপ্ত কৰি আছে। প্ৰথমতে অলপ পৰিশ্ৰম লাগে। পাচত কিছু উদাহৰণ হৈ গলে তেওঁলোকক দেখি আনেও সহজে আগবাঢ়ি গৈ থাকে।

বাপদাদাই সকলো সন্তানকেই এইটোৱেই শ্ৰেষ্ঠ সংকল্প বাৰে বাৰে সোঁৱৰাই দিয়ে যে সদায় নিজেও স্মৃতি আৰু সেৱাৰ উৎসাহ-উদীপনাত থাকা, আনন্দেৰে তীব্ৰগতিৰে আগবাঢ়ি যোৱা আৰু আনকো এনেকুৱা উৎসাহ উদ্দীপনাৰে আগবঢ়াই লৈ যোৱা, আৰু চাৰিওফালৰ যিসকল সাকাৰত অহা নাই তেওঁলোকৰো চিত্ৰ আৰু পত্ৰ সকলো আহিছে। সকলোৰে সঁহাৰিত বাপদাদাই সকলোকে পদমাপদম গুণ অন্তৰেৰে স্নেহপূৰ্ণ স্মৰণো দি আছে। যিমান এতিয়া উৎসাহ-উদ্দীপনা, আনন্দ আছে সেয়া আৰু পদমগুণ বঢ়োৱা। কোনো-কোনোৱে নিজৰ দুৰ্বলতাৰ বাতৰিও লিখিছে, তেওঁলোকৰ বাবে বাপদাদাই কয়, লিখিলা অৰ্থাৎ পিতাক দিলা। দিয়া বস্তু আকৌ নিজৰ ওচৰত থাকিব নোৱাৰে। দুৰ্বলতা দি দিলা, পুনৰ সেয়া সংকল্পতো নানিবা। তৃতীয় কথা কেতিয়াও কোনো নিজৰ সংস্কাৰ বা সংগঠনৰ সংস্কাৰ বা বায়ুমণ্ডলৰ অস্থিৰতাৰ বাবে নিৰাশ নহবা। সদায় পিতাক যুগ্মৰূপত অনুভৱ কৰি নিৰাশৰ পৰা শক্তিশালী হৈ আগলৈ উৰি গৈ থাকা। হিচাপ-নিকাচ নিষ্পত্তি হল অৰ্থাৎ বোজা আঁতৰি গল। আনন্দেৰে পুৰণি বোজাক ভস্ম কৰি যোৱা। বাপদাদা সদায় সন্তানসকলৰ সহযোগী হয়। বেছিকৈ নাভাবিবাও। ব্যৰ্থ চিন্তায়ো দুৰ্বল কৰি দিয়ে। যাৰ ব্যৰ্থ সংকল্প বেছিকৈ চলে তেওঁলোকে দুই-চাৰিবাৰকৈ মুৰুলী পঢ়া। মনন কৰা, পঢ়ি যোৱা। কোনোবা নহয় কোনোবা পইণ্ট বুদ্ধিত বহি যাব। শুদ্ধ সংকল্পৰ শক্তি জমা কৰি যোৱা তেতিয়া ব্যৰ্থ সমাপ্ত হৈ যাব। বুজিলা।

বাপদাদাৰ বিশেষ প্ৰেৰণা

চাৰিওফালৰ দেশতেই হওঁক বা বিদেশতেই হওঁক বহুত এনেকুৱা সৰু সৰু স্থান আছে। এই সময় অনুসৰি সাধাৰণ হয় কিন্তু মালামাল সন্তান আছে। গতিকে এনেকুৱাও কোনোবা আছে যিয়ে নিমিত্ত হোৱা সন্তানসকলক নিজৰ ফালে পৰিক্ৰমা লগোৱাৰ আশা বহুত সময়ৰে পৰাই দেখি আছে। কিন্তু আশা পূৰণ হোৱা নাই। সেই আশাও বাপদাদাই পূৰণ কৰি আছে। বিশেষ মহাৰথী সন্তানসকলক পৰিকল্পনা কৰি চাৰিওফালে যাৰ আশাৰ দীপক এতিয়াও জগাই ৰাখিছে সেয়া জগাব যাব লাগে। আশাৰ দ্বীপক জগাবৰ বাবে বাপদাদাই বিশেষ সময় দি আছে। সকলো মহাৰথীয়ে মিলি ভিন্ন ভিন্ন স্থান ভগাই, গাওঁৰ সন্তানসকল যাৰ ওচৰত সময়ৰ কাৰণে যাব পৰা নাই তেওঁলোকৰ আশা পূৰণ কৰিব লাগে। মুখ্যস্থান সমূহলৈতো মুখ্য অনুষ্ঠানৰ বাবে যোৱাই কিন্তু যিবোৰ সৰু সৰু স্থান আছে, তেওঁলোকে যথাশক্তি আয়োজন কৰা অনুষ্ঠানবোৰেই ডাঙৰ অনুষ্ঠান। তেওঁলোকৰ ভাৱনাই সকলোতকৈ ডাঙৰ অনুষ্ঠান। বাপদাদাৰ ওচৰত এনেকুৱা বহুত সন্তানৰ বহুত সময়ৰ অনুৰোধ ফাইলত পৰি আছে। সেই ফাইলো বাপদাদাই পূৰণ কৰিব বিচাৰে। মহাৰথী সন্তানসকলক চক্ৰৱৰ্তী হোৱাৰ বিশেষ সুযোগ দি আছে। পাচত এনেকৈ নকবা সকলো ঠাইতে দাদী যাব। নহয়, যদি এগৰাকী দাদীয়ে সকলো ঠাইতে যায় তেন্তে 5 বছৰ লাগি যাব। আকৌ 5 বছৰ বাপদাদা নাহক এইটো মানি লবানে? বাপদাদাৰ চিজন ইয়াত হব আৰু দাদী পৰিক্ৰমা লগাবলৈ যাব, এয়াও ভাল নালাগিব সেইবাবে মহাৰথীসকলৰ কাৰ্যসূচী হাত লবা। যলৈ কোনো যোৱা নাই তালৈ যোৱাৰ কাৰ্যসূচী হাত লবা। আৰু বিশেষকৈ এই বছৰত যলৈ যোৱা তাত এদিন বাহিৰৰ সেৱা, এদিন ব্ৰাহ্মণসকলৰ তপস্যাৰ কাৰ্যসূচী - এই দু্য়োটা কাৰ্যসূচী যাতে নিশ্চয় থাকে। কেৱল অনুষ্ঠানলৈ গৈ লৰা-ঢপৰা কৰি নাহিবা। যিমানেই পাৰা এনেকুৱা কাৰ্যসূচী হাতত লোৱা যত ব্ৰাহ্মণসকলৰ বিশেষ উজ্জীৱিতকৰণ (ৰিফ্ৰেচমেণ্ট) হয়। আৰু লগতে এনেকুৱা কাৰ্যসূচী থাকক যত ভি. আই. পি.সকলৰ সৈতেও সম্পৰ্ক হৈ যায় কিন্তু চমু কাৰ্যসূচী হওক। প্ৰথমৰ পৰাই এনেকুৱা কাৰ্যসূচী হাতত লোৱা যত ব্ৰাহ্মণসকলেও বিশেষ উৎসাহ-উদ্দীপনাৰ শক্তি পায়। নিৰ্বিঘ্ন হোৱাৰ সাহস উদ্যম আহে। গতিকে চাৰিওফালে পৰিক্ৰমা লগোৱাৰ কাৰ্যসূচী হাতত লবৰ কাৰণেও বিশেষ সময় দি আছে কিয়নো সময় অনুসৰি পৰিস্থিতিও সলনি হৈ আছে আৰু সলনি হৈ থাকিব সেইবাবে ফাইলক শেষ কৰিব লাগে। ভাল বাৰু।

বৰদান:
আত্মিকতাৰ শ্ৰেষ্ঠ স্থিতিৰ দ্বাৰা বাতৱৰণক আত্মিক কৰি তোলোঁতা সহজ পুৰুষাৰ্থী হোৱা

আত্মিকতাৰ স্থিতিৰ দ্বাৰা নিজৰ সেৱাকেন্দ্ৰত এনেকুৱা বাতাৱৰণ গঢ়ি তোলা যাৰ দ্বাৰা নিজৰ আৰু আগন্তুক আত্মাসকলৰ সহজে উন্নতি হব পাৰে কিয়নো যিয়েই বাহিৰৰ বাতাৱৰণত ক্লান্ত হৈ পৰা আহে তেওঁলোকক অতিৰিক্ত সহযোগৰ আৱশ্যক হয় সেইবাবে তেওঁলোকক আত্মিক বায়ুমণ্ডলৰ সহযোগ দিয়া। সহজ পুৰুষাৰ্থী হোৱা আৰু কৰি তোলা। অহা প্ৰত্যেক আত্মাই যাতে এনেকুৱা অনুভৱ কৰে যে এই স্থান সহজে উন্নতি প্ৰাপ্ত কৰাৰ হয়।

স্লোগান:
বৰদানী হৈ শুভ ভাৱনা আৰু শুভ কামনাৰ বৰদান দি থাকা।