04.10.21       Morning Assame Murli        Om Shanti      BapDada       Madhuban


মৰমৰ সন্তানসকল পিতাক স্মৰণ কৰাৰ ভিন্ন ভিন্ন যুক্তি ৰচা, পুৰুষাৰ্থ কৰি খতিয়ান ৰাখা, ভাগৰি নপৰিবা, ধুমুহাত অচল হৈ থাকা

প্ৰশ্ন:
সন্তানসকলে নিজৰ কোনটো অনুভৱ পৰস্পৰ ইজনে-সিজনক শুনাব লাগে?

উত্তৰ:
(1) মই পিতাক কিমান সময় আৰু কেনেকৈ স্মৰণ কৰোঁ! ভোজনৰ সময়ত পিতাৰ স্মৃতি থাকেনে নে অনেক প্ৰকাৰৰ বিচাৰ আহি যায়! পিতাই কয় - সন্তানসকল চেষ্টা কৰি চোৱা। ভোজন কৰোঁতে পিতাৰ বাহিৰে অন্য একো স্মৃতিলৈতো নাহে! পাছত পৰস্পৰ ইজনে-সিজনক অনুভৱ শুনোৱা। (2) কোনো বেদনাদায়ক দৃশ্য দেখিলে মোৰ স্থিতি কেনেকুৱা হৈ থাকে! ইয়াৰো অনুভৱ শুনাব লাগে।

গীত:
লাখ জমানে ৱালে (জগতৰ লাখ লাখ লোকে যিয়েই নকওক)

ওঁম্শান্তি।
মৰমৰ সন্তানসকলে এতিয়া বেহদৰ (অসীমৰ; পাৰলৌকিক) পিতাক কেনেকৈ পাহৰিব, যাৰ পৰা বেহদৰ উত্তৰাধিকাৰ পোৱা যায়। যাক আধাকল্পৰ পৰা স্মৰণ কৰিছিলা। এয়াতো বুজোৱা হৈছে যে মনুষ্যক কেতিয়াও ভগৱান বুলি কোৱা নহয়। এতিয়া বেহদৰ পিতাক পাইছা, তেওঁৰ স্মৃতিৰেই চমৎকাৰ হয়। যিমানে পতিত-পাৱন পিতাক স্মৰণ কৰিবা, সিমানে পাৱন (পৱিত্ৰ) হৈ গৈ থাকিবা। তোমালোকে এতিয়া নিজক পাৱন বুলি কব নোৱাৰা, যেতিয়ালৈকে অন্ত নহয়। যেতিয়া সম্পূৰ্ণ পাৱন হৈ যাবা তেতিয়া এই শৰীৰ ত্যাগ কৰি সম্পূৰ্ণ পৱিত্ৰ শৰীৰ লবাগৈ। যেতিয়া সত্যযুগত নতুন শৰীৰ পাবা তেতিয়া সম্পূৰ্ণ বুলি কোৱা হব। তেতিয়া ৰাৱণৰ নাশ হৈ যায়। সত্যযুগত ৰাৱণৰ প্ৰতিকৃতি তৈয়াৰ কৰা নহয়। গতিকে তোমালোক সন্তানসকল যেতিয়া বহা, চলা-ফুৰা কৰা তেতিয়া বুদ্ধিত যাতে এইটো স্মৃতি থাকে। এতিয়া আমি 84 ৰ চক্ৰ পূৰা কৰিছোঁ আকৌ নতুন চক্ৰ আৰম্ভ হয়। সেইখন হয়েই নতুন পৱিত্ৰ সৃষ্টি, নতুন ভাৰত নতুন দিল্লী। সন্তানসকলে জানে প্ৰথমে যমুনাৰ তীৰ যত পৰিস্তান হব। সন্তানসকলক বহুত ভালদৰে বুজোৱা হয়, পোন-প্ৰথমেতো পিতাক স্মৰণ কৰা। ভগৱান পিতাই পঢ়ায়। তেৱেঁই পিতা, শিক্ষক, গুৰু হয়, এইটো স্মৃতিত ৰাখিবা। পিতাই এইটোও বুজাইছিল যে তোমালোকে বাজোলী (শৰীৰক ধনুৰ আকাৰ কৰি লুটিবাগৰ মাৰি আগুৱাই যোৱা খেল অৰ্থাৎ গোটেই চক্ৰত ভূমিকা পুনৰাবৃত্তি কৰি থকা) খেলা। বৰ্ণৰ চিত্ৰও অতি আৱশ্যক। সকলোতকৈ ওপৰত হৈছে শিৱবাবা তাৰপাছত টিকনি (আটাইতকৈ উচ্চ) ব্ৰাহ্মণ। এইটো বুজাবৰ কাৰণে বাবাই কয়। বাৰু এইটো বুদ্ধিত ৰাখা যে আমি 84 জন্মৰ বাজোলী খেলোঁ। এতিয়া সংগম, পিতা বেছি সময় নাথাকে। তথাপিও 100 বছৰতো লাগে। উথল-পাথল পূৰা হৈ আকৌ ৰাজ্য আৰম্ভ হৈ যায়। মহাভাৰতৰ যুদ্ধতো সেয়াই, যত অনেক ধৰ্মৰ বিনাশ, এক আদি সনাতন দেৱী-দেৱতা ধৰ্মৰ প্ৰতিষ্ঠা হৈ আছে। তোমালোকৰ কলা-কৌশলতো বহুত আচৰিত। তোমালোকে গম পোৱা ফকীৰসকলে কলা-কৌশল দেখুৱায়, তীৰ্থলৈ যায়। মনুষ্যৰ শ্ৰদ্ধাতো থাকে নহয় জানো। সেয়েহে তেওঁলোকক কিবা নহয় কিবা দি দিয়ে। প্ৰতিপালন তেওঁলোকৰ হৈ থাকে কিয়নো এনেকুৱা মনুষ্যই নিজৰ লগত কি নিব। বাবাতো (ব্ৰহ্মা) এই সকলো কথাৰ অনুভৱী হয়। পিতাই অনুভৱী ৰথ লৈছে। গুৰুৰো শৰণ লৈছে। বহুত কিবাকিবি দেখিছেও। তীৰ্থলৈও গৈছে। এতিয়া পিতাই কয় বাজোলীতো (চক্ৰকতো) স্মৃতিলৈ আনিব পাৰা। আমি এতিয়া ব্ৰাহ্মণ আকৌ দেৱতা, ক্ষত্ৰিয় হমগৈ। এয়া হৈছে সকলো ভাৰতৰ কথা। পিতাই এনেকৈ বুজাইছে বাকী ধৰ্মবোৰতো যেন আনুষঙ্গিক। পিতাই তোমালোককহে 84 জন্মৰ কাহিনী শুনাইছে। যিসকল বিচাৰ বুধি সম্পন্ন তেওঁলোকে হিচাপৰ পৰা বুজিব পাৰে। ইছলামী আহিলে তেতিয়া গড়ে কিমান জন্ম লব। সঠিক হিচাপৰতো প্ৰয়োজন নাই। এই কথাবোৰৰ কাৰণেতো কোনো চিন্তা কৰিবলগীয়া কথা নাই। সকলোতকৈ বেছি এইটো চিন্তা থাকে যে মই যাতে পিতাক স্মৰণ কৰি থাকোঁ। বচ্‌ এটাই চিন্তা, এজনক স্মৰণ কৰাৰ। বাৰে বাৰে মায়াই আৰুহে চিন্তাত পেলাই দিয়ে, এই ক্ষেত্ৰত মায়াই বহুত চিন্তাত পেলায়। সন্তানসকলে স্মৰণ কৰিবই লাগে। এতিয়া আমি ঘৰলৈ যাব লাগে। মৰমৰ ঘৰ কাৰ বাৰু স্মৃতিলৈ নাহিব। শান্তি দাতাৰ পৰা শান্তি বিচাৰেও। ভগৱানক কয় মোক শান্তি দিয়া।

এতিয়া তোমালোক সন্তানসকলে এইটোতো জানা যে এই পুৰণি সৃষ্টি নাশ হৈ যাব। এয়াও তোমালোকৰ বুদ্ধিত আছে অন্য মনুষ্যতো ঘোৰ অন্ধকাৰত আছে। শান্তি সত্যযুগতহে হয়। এক ধৰ্ম, এক ভাষা, ৰীতি-প্ৰথাও একেই। তাত হয়েই শান্তিৰ ৰাজ্য। বিভাজনৰ কথাই নাই। তাততো একক বাদশ্বাহী আৰু সতোপ্ৰধান হয়। ৰাৱণ ৰাজ্য নাই যে যুদ্ধ হব। গতিকে তোমালোক সন্তানসকলৰ আনন্দৰ পাৰা উৰ্দ্ধগামী হব লাগে। শাস্ত্ৰবিলাকত যি গায়ন আছে অতীন্দ্ৰিয় সুখ গোপ-গোপীসকলক সোধা। গোপ-গোপীতো তোমালোক হোৱা নহয় জানো। তোমালোক সন্মুখত বহি আছা। তোমালোকৰ ভিতৰতো ক্ৰমানুসৰি আছা যাৰ স্মৃতিত থাকে যে বাবা আমাৰ বাবাও হয়, শিক্ষকো হয়, গুৰুও হয়। এয়াতো আচৰিত নহয় জানো। গোটেই জীৱন লগত থাকে। কোলাত তুলি লয় আৰু পঢ়া আৰম্ভ কৰি দিয়ে। গতিকে এইটো স্মৃতিত থাকিলেও বহুত আনন্দিত হৈ থাকিবা। কিন্তু মায়াই আকৌ এইটোও পাহৰাই দিয়ে। মনুষ্যক এয়াও বুজাবলগীয়া হয়, মনুষ্যই সোধে বাকী অলপ সময় আছে বুলি কয়, তাৰ কি প্ৰমাণ আছে? কোৱা, চোৱা ইয়াত লিখা আছে যে ভগৱানুবাচ (ভগৱানে কয়)। যজ্ঞও ৰচি থোৱা আছে। এয়া হৈছে জ্ঞান যজ্ঞ। এতিয়া কৃষ্ণইতো যজ্ঞ ৰচিব নোৱাৰে।

সন্তানসকলৰ এইটোও বুদ্ধিত থাকিব লাগে যে আমি ব্ৰাহ্মণ এই বেহদ যজ্ঞৰ হওঁ। বাবাই আমাক নিমিত্ত কৰিছে। যেতিয়া তোমালোকে ভালদৰে জ্ঞান আৰু যোগৰ ধাৰণা কৰা, আত্মা সম্পূৰ্ণ হৈ যায় তেতিয়া এই খেৰৰ জুমুঠি স্বৰূপ (অন্তঃসাৰশূন্য) পৃথিৱীখনত জুই লাগিব। মনুষ্যয়ে গম পায় নহয় যে এইখন বেহদৰ কৰ্মক্ষেত্ৰ, যত সকলোৱে আহি খেলা কৰে। যি ৰচি থোৱা আছে সেয়াই হৈ আছে পিতাই কয় - সন্তানসকল যিটো হবনলগীয়া তাৰ বাবেহে চিন্তা হয়। যি হৈ গল সেয়া নাটকত আছিল তেন্তে আকৌ চিন্তা কিয় কৰিব লাগে। আমি নাটক চাই থাকোঁ। নাটকত যেতিয়া কোনো বেদনাদায়ক দৃশ্য আহে তেতিয়া মনুষ্যই দেখি কান্দে। এতিয়া সেয়াতো হৈছে মিছা নাটক। এয়াতো হৈছে সঁচা নাটক। সত্য সত্য বুলি কয়। কিন্তু তোমালোকৰ কোনো দুখৰ চকুলো ওলাব নালাগে। সাক্ষী হৈ তোমালোকে প্ৰত্যক্ষ কৰিব লাগে। জানা যে এয়া নাটক, ইয়াত কন্দাৰ কি দৰকাৰ। যি হৈ গল সেয়া অতীত হৈ গল। কেতিয়াও চিন্তনো কৰিব নালাগে। তোমালোকে আগবাঢ়ি গৈ থাকি পিতাক স্মৰণ কৰি থাকা আৰু সকলোকে মাৰ্গ-দৰ্শন কৰাই থাকা। পিতাই ৰায় দি থাকে। ত্ৰিমূৰ্তিৰ চিত্ৰ তোমালোকৰ ওচৰত বহুত আছে। স্পষ্টকৈ লিখা আছে তেওঁ হৈছে শিৱবাবা এয়া হৈছে উত্তৰাধিকাৰ। তোমালোক সন্তানসকল এই চিত্ৰ দেখিলে অতি আনন্দিত হোৱা উচিত। বাবাৰ পৰা আমি বিষ্ণুপুৰীৰ উত্তৰাধিকাৰ পাওঁ। পুৰণি সৃষ্টিতো নাশ হৈ যাব। বচ্‌ এই চিত্ৰ সন্মুখত ৰাখি দিয়া, ইয়াত খৰচতো একোৱেই নাই। বৃক্ষও (কল্পবৃক্ষৰ চিত্ৰও) বহুত ভাল। নিতৌ ৰাতিপুৱা (অমৃতবেলা) উঠি বিচাৰ সাগৰ মন্থন কৰা। নিজৰ শিক্ষক নিজেই হৈ পঢ়া। বুদ্ধিতো সকলোৰে আছে। চিত্ৰ নিজৰ ঘৰত ৰাখি দিয়া। প্ৰতিখন চিত্ৰত উত্তম জ্ঞান আছে। কয় যে বিনাশ হব গতিকে তোমালোকৰ পিতাৰ প্ৰতি প্ৰীতি আছে নহয়। কয়ো যে সৎগুৰুক দালালৰ ৰূপত পালোঁ তেন্তে তোমালোকে কিমান ভাল ভাল কথা বুজিব আৰু বুজাবৰ বাবে পাইছা। তথাপিও মায়াৰ পাম্প বহুত। 100 বছৰ পূৰ্বে এই বিজুলী, গেচ আদি জানো আছিল। আগতে ৰাজ-প্ৰতিনিধি আদিয়ে 4টা ঘোঁৰাৰ, 8 (আঠা)টা ঘোঁৰাৰ গাড়ীত আহিছিল। আগতে চহকীলোকে গাড়ীত আৰোহন কৰিছিল। এতিয়াতো বিমান আদি ওলাল। আগতে এয়া একোৱেই নাছিল। 100 বছৰৰ ভিতৰত এয়া কি হৈ গল। মনুষ্যই ভাবে এয়াই স্বৰ্গ। এতিয়া তোমালোক সন্তানসকলে জানা যে স্বৰ্গতো স্বৰ্গই হয়। এই সকলোবোৰ হৈছে পা-পইচাৰ বস্তু, ইয়াক কৃত্ৰিম পাম্প বুলি কোৱা হয়। এতিয়া তোমালোক সন্তানসকলৰ এইটোৱেই এটা চিন্তা থাকিব লাগে যে আমি পিতাৰ স্মৃতিত থাকোঁ, যিটো ক্ষেত্ৰতে মায়াই বিঘিনি আনে। বাবাই নিজৰ উদাহৰণো দিয়ে। ভোজন কৰোঁ, বহুত চেষ্টা কৰোঁ স্মৃতিত থাকি খাওঁ তথাপিও পাহৰি যাওঁ। সেয়েহে বুজি পাওঁ সন্তানসকলৰতো পৰিশ্ৰম বহুত হয় চাগৈ। বাৰু সন্তানসকল তোমালোকে চেষ্টা কৰি চোৱা। বাবাৰ স্মৃতিত থাকি দেখুওৱা। চোৱা গোটেই সময় স্মৃতি স্থায়ী হৈ থাকিব পাৰেনে। অনুভৱ শুনাব লাগে। বাবা গোটেই সময় স্মৃতি স্থায়ী হৈ থাকিব নোৱাৰে। অনেক ধৰণৰ কথা স্মৃতিলৈ আহি যায়। বাবাই নিজে নিজৰ অনুভৱ শুনায়। বাবাই যাৰ শৰীৰত প্ৰৱেশ কৰিলে তেৱোঁ পুৰুষাৰ্থী, এওঁৰতো অনেক জঞ্জাল আছে। ডাঙৰ বুলি কোৱা মানে বহুত দুখ পোৱা। কিমান খবৰ আহে। বিকাৰৰ কাৰণে কিমান মাৰে। ঘৰৰ পৰা উলিয়াই দিয়ে। কন্যাসকলে কয় মই ঈশ্বৰৰ শৰণত আহিছোঁ। কিমান বিঘিনি আহে। কাৰো ওচৰত শান্তি নাই। তোমালোক সন্তানসকলৰ নিশ্চয়তা আছে। এতিয়া পুৰুষাৰ্থ কৰি শ্ৰীমতত চলি শান্তিত থাকা। এই বাবাই ইয়াতো বহুত এনেকুৱা পৰিয়াল দেখিছে যত পৰস্পৰ মিলা-প্ৰীতিৰে থাকে। সকলোৱে জ্যেষ্ঠসকলৰ আজ্ঞা অনুসৰি চলে। কয় যে আমাৰ ওচৰততো যেন স্বৰ্গ বিৰাজমান হৈ আছে।

এতিয়া বাবাই তোমালোকক এনেকুৱা স্বৰ্গলৈ লৈ যায়। যত সকলো প্ৰকাৰৰ সুখ আছে। দেৱতাসকলৰ 36 প্ৰকাৰৰ ভোজনৰ গায়ন কৰা হৈছে। এতিয়া তোমালোকে স্বৰ্গৰ উত্তৰাধিকাৰ পিতাৰ পৰা লোৱা। তাততো কিমান সুস্বাদু বৈভৱ খাই থাকিবা আৰু পৱিত্ৰ হৈ থাকিবা। এতিয়া তোমালোক সেইখন জগতৰ মালিক হোৱা। ৰজা-ৰাণী, প্ৰজাৰ মাজত পাৰ্থক্য থাকিব নহয় জানো। আগতে ৰজাসকল বহুত আৰম্বড়পূৰ্ণভাৱে আছিল। এয়াতো হল পতিত আৰু ৰাৱণৰ ৰাজ্যত, তেন্তে বিচাৰ কৰা সত্যযুগত কি হব। সন্মুখত চিত্ৰ লক্ষ্মী-নাৰায়ণৰ ৰখা আছে। কৃষ্ণৰ কাৰণে মিছা কথা লিখি বদনাম কৰি দিছে। মিছা মানে মিছা, সঁচাৰ অংশ মাত্ৰও নাই। এতিয়া তোমালোকে বুজি পোৱা যে আমি স্বৰ্গৰ মালিক আছিলোঁ আকৌ 84 জন্ম লৈ একেবাৰে শূদ্ৰ বুদ্ধিৰ হৈ গলোঁ। কি অৱস্থা হৈ গল। এতিয়া পুনৰ পুৰুষাৰ্থ কৰি কি হোৱা! বাবাই সোধেও নহয় যে তোমালোক কি হবাগৈ? তেতিয়া সকলোৱে হাত উঠায় যে সূৰ্যবংশী হম। আমিতো মাতা-পিতাক পূৰা অনুসৰণ কৰিম। কম পুৰুষাৰ্থ জানো কৰিম। গোটেই পৰিশ্ৰম স্মৃতিত থকা আৰু নিজৰ সমান কৰি গঢ়ি তোলাৰ ক্ষেত্ৰতে সেইকাৰণে পিতাই কয় - যিমান সম্ভৱ সেৱা কৰিবলৈ শিকা। হওতে বহুত সহজ। এওঁ শিৱবাবা, এয়া বিষ্ণুপুৰী, লক্ষ্মী-নাৰায়ণৰ ৰাজত্ব হব। এওঁতো বহুত অনুভৱী হয়। ছিৰিৰ চিত্ৰৰ ওপৰত তোমালোকে বুজাব পাৰা। তোমালোক সন্তানসকলে এই বৃক্ষ, চক্ৰ দেখিলেই বুদ্ধিত গোটেই জ্ঞান আহি যাব লাগে। এয়া যি লক্ষ্মী-নাৰায়ণ হয় এওঁলোকৰ ৰাজধানী কলৈ গুচি গল। কোনে যুদ্ধ কৰিলে! যিয়ে পৰাজিত কৰিলে। এতিয়াতো সেই ৰাজ্য নাই। এই ঈশ্বৰীয় কথাবোৰ একোৱে নাজানে। তোমালোক সন্তানসকলৰ এয়াও সাক্ষাৎকাৰ হৈছে। কেনেকৈ গৈ গুহা, খনিৰ পৰা সোণ, হীৰা আদি লৈ আহে। এই বিজ্ঞান তোমালোকৰ সুখৰ কাৰণে হব। ইয়াত হৈছে দুখৰ কাৰণে, তাত উৰাজাহাজো সম্পূৰ্ণ সুৰক্ষিত হব। সন্তানসকলে আৰম্ভণিত এই সকলোবোৰ সাক্ষাৎকাৰ কৰিছে। অন্তিম সময়তো তোমালোকে বহুত সাক্ষাৎকাৰ কৰিবা। এয়াও তোমালোকে সাক্ষাৎকাৰ কৰিছা - চোৰ লুটিবলৈ আহে, আকৌ তোমালোকৰ শক্তি ৰূপ দেখি পলাই যায়। সেই সকলোবোৰ কথা অন্তিম সময়ৰ। চোৰ লুটিবলৈতো আহিব, তোমালোক পিতাৰ স্মৃতিত থিয় হৈ থাকিবা তেতিয়া তেওঁলোক একেবাৰে পলাই যাব।

এতিয়া পিতাই কয় - সন্তানসকল খুব পুৰুষাৰ্থ কৰা। মুখ্য কথা হৈছে পৱিত্ৰতাৰ। এটা জন্ম পৱিত্ৰ হোৱা। মৃত্যুতো সন্মুখত থিয় হৈ আছে। বহুত কাঢ়া প্ৰাকৃতিক দুৰ্যোগ হব, যাৰ দ্বাৰা সকলো নাশ হৈ যাব। শিৱবাবাই এওঁৰ দ্বাৰা বুজায়, এওঁৰ আত্মায়ো শুনে। এই বাবাই সকলোবোৰ শুনায়। শিৱবাবাৰতো অনুভৱ নাই। সন্তানসকলৰ অনুভৱ হয়। মায়াৰ ধুমুহা কেনেকৈ আহে। প্ৰথম নম্বৰত হৈছে এওঁ, গতিকে এওঁৰ সকলো অনুভৱ হব। সেয়েহে ইয়াৰ বাবে ভয় কৰিব নালাগে, অচল হৈ থাকিব লাগে। পিতাৰ স্মৃতিত থাকিলেহে শক্তি পোৱা যায়। কিছুমান সন্তানে খতিয়ান লিখে আকৌ আগবাঢ়ি গৈ গৈ বন্ধ কৰি দিয়ে। বাবাই বুজি পায় যে ভাগৰি গল। পাৰলৌকিক পিতা যাৰ পৰা ইমান শ্ৰেষ্ঠ উত্তৰাধিকাৰ পোৱা যায় এনেহেন পিতালৈ কেতিয়াও পত্ৰও নিলিখে। স্মৰণেই নকৰে! এনেকুৱা পিতাকতো কিমান স্মৰণ কৰিব লাগে। শিৱবাবা মই আপোনাক বহুত স্মৰণ কৰোঁ। বাবা আপোনাৰ স্মৃতিৰ অবিহনে মই বাৰু কেনেকৈ থাকিব পাৰোঁ! যিজন পিতাৰ পৰা বিশ্বৰ বাদশ্বাহী পোৱা যায়, এনেকুৱা পিতাক কেনেকৈ পাহৰিম! এখন কাৰ্ড লিখিলা সেয়াওতো স্মৰণ কৰা হল নহয় জানো। লৌকিক পিতায়ো সন্তানলৈ চিঠি লিখে - নয়নৰ মনি স্ত্ৰীয়ে স্বামীলৈ কেনেকৈ চিঠি লিখে! ইয়াততো দুয়োটা সম্বন্ধ আছে। এয়াও স্মৰণ কৰাৰ যুক্তি (উপায়)। কিমান মিঠা বাবা! আমাৰ পৰা কি বিচাৰে? একোৱেই নিবিচাৰে। তেওঁতো দাতা হয়, দিওঁতা হয় নহয় জানো। তেওঁ লওঁতা নহয়। তেওঁ কয় - মৰমৰ সন্তানসকল, মই আহিছোঁ, ভাৰতক সুবাসিত ফুলনি কৰি যাওঁ। ভালবাৰু!

অতি মৰমৰ, কল্পৰ পাছত পুনৰাই লগ পোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।

ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) সূৰ্যবংশী হবলৈ মাতা-পিতাক পূৰা পূৰা অনুসৰণ কৰিব লাগে। স্মৃতিত থকাৰ আৰু নিজৰ সমান কৰি গঢ়ি তোলাৰ পৰিশ্ৰম কৰিব লাগে।

(2) পুৰুষাৰ্থ কৰি শ্ৰীমতত চলি শান্ত হৈ থাকিব লাগে। জ্যেষ্ঠসকলৰ আজ্ঞা পালন কৰিব লাগে।

বৰদান:
নিজক সেৱাধাৰী বুলি বুজি নতশিৰ হোৱা আৰু সকলোকে নতশিৰ কৰোঁতা নিমিত্ত আৰু নম্ৰচিত হোৱা

নিমিত্ত বুলি তেওঁক কোৱা হয় যিয়ে নিজৰ প্ৰতিটো সংকল্পক বা প্ৰতিটো কৰ্মক পিতাৰ আগত অৰ্পণ কৰি দিয়ে। নিমিত্ত হোৱা অৰ্থাৎ অৰ্পণ হোৱা আৰু নম্ৰচিত তেওঁ হয় যি নতশিৰ হয়, যিমানে সংস্কাৰত, সংকল্পত নতশিৰ হবা সিমানে বিশ্ব তোমালোকৰ আগত নতশিৰ হব। নতশিৰ হোৱা অৰ্থাৎ নতশিৰ কৰা। এইটো সংকল্পও যাতে উদয় নহয় যে আনেও মোৰ আগত কিছুতো নতশিৰ হওক। যিসকল সঁচা সেৱাধাৰী তেওঁলোক সদায় নতশিৰ হয়। কেতিয়াও নিজৰ মই বৰ ভাৱ নেদেখুৱায়।

স্লোগান:
এতিয়া সমস্যা স্বৰূপ নহয়, সমাধান স্বৰূপ হোৱা।