04.11.19       Morning Assame Murli        Om Shanti      BapDada       Madhuban


"মৰমৰ সন্তানসকল সকলোকে প্ৰথমে অল্ফৰ (আল্লাহ) পাঠ দৃঢ় কৰোৱা, তোমালোক আত্মা ভাই-ভাই হোৱা"

প্ৰশ্ন:
কোনটো এটা কথাত শ্রীমত, মনুষ্য মতৰ সম্পূৰ্ণ বিপৰীত?

উত্তৰ:
মনুষ্য মতে কয় আমি মোক্ষত গুচি যামগৈ। শ্ৰীমতে কয় এই ড্ৰামাখন অনাদি অবিনাশী। মোক্ষ কোনেও পাব নোৱাৰে। যদিও কোনোবাই কয় যে এই ভূমিকা পালন কৰাতো মোৰ পচন্দ নহয় কিন্তু এই ক্ষেত্ৰত একো কৰিব নোৱাৰে। ভূমিকা পালন কৰিবলৈ আহিবই লাগিব। শ্ৰীমতেহে তোমালোকক শ্ৰেষ্ঠ কৰি তোলে। মনুষ্য মততো অনেক প্ৰকাৰৰ আছে।

ওঁম্শান্তি।
এতিয়া এয়াতো সন্তানসকলে জানে যে আমি বাবাৰ সন্মুখত বহি আছো। পিতায়ো জানে যে সন্তানসকল মোৰ সন্মুখত বহি আছে। এয়াও তোমালোক সন্তানসকলে জানা পিতাই আমাক শিক্ষা দিয়ে যি আকৌ অন্যকো দিব লাগে। প্ৰথমতেতো পিতাৰে পৰিচয় দিব লাগে কিয়নো সকলোৱে পিতা আৰু পিতাৰ শিক্ষাক পাহৰি গৈছে। পিতাই এতিয়া যি পঢ়ায় এই পঢ়া আকৌ 5 হাজাৰ বছৰৰ পাছত পাম। এই জ্ঞান অন্য কাৰো নাই। মুখ্য হ'ল পিতাৰ পৰিচয় তাৰ পাছত এই সকলোবোৰ বুজাব লাগে। আমি সকলো ভাই-ভাই। গোটেই সৃষ্টিত যিসকল আত্মা আছে, সকলোৱে পৰস্পৰ ভাই-ভাই। সকলোৱে প্ৰাপ্ত কৰা নিজৰ ভূমিকা এই শৰীৰৰ দ্বাৰা পালন কৰে। এতিয়াতো পিতা আহিছে নতুন সৃষ্টিলৈ লৈ যাবৰ কাৰণে, যাক স্বর্গ বুলি কোৱা হয়। কিন্তু এতিয়া আমি সকলো ভাই পতিত হৈ গলো, এজনো পাৱন নাই। সকলো পতিতক পাৱন কৰি তোলোঁতা এজনেই পিতা। এইখন হৈছেই পতিত বিকাৰী ৰাৱণৰ সৃষ্টি। ৰাৱণৰ অর্থই হ'ল- 5 বিকাৰ স্ত্ৰীৰ, 5 বিকাৰ পুৰুষৰ। পিতাই বহুত সাধাৰণ ৰীতিৰে বুজায়। তোমালোকেও এনেকৈ বুজাব পাৰা। গতিকে প্ৰথমতে এইটো বুজোৱা যে তেওঁ হৈছে আমাৰ আত্মাসকলৰ পিতা, সকলো ভাই-ভাই। সোধা যে এইটো ঠিকনে? লিখা আমি সকলো ভাই-ভাই। আমাৰ পিতাও এজন। আমি সকলো চলৰ (আত্মাৰ) তেওঁ হৈছে চুপ্ৰিম চল (পৰম আত্মা)। তেওঁক পিতা বুলি কোৱা হয়। এইটো দৃঢ়ভাবে বুদ্ধিত ধাৰণ কৰা তেতিয়া সৰ্বব্যাপি আদিৰ লেতেৰা আৱৰ্জনা (ভুল ধাৰণা) আঁতৰি যাব। অল্‌ফ (আল্লাহ)ৰ বিষয়ে প্ৰথমে পঢ়াব লাগে। কোৱা, এইটো প্ৰথমে ভালদৰে বহি লিখা - আগতে সৰ্বব্যাপি বুলি কৈছিলো, এতিয়া বুজিছো যে সৰ্বব্যাপি নহয়। আমি সকলো ভাই-ভাই। সকলো আত্মাই কয় গড্‌ ফাদাৰ (ঈশ্বৰ পিতা), পৰমপিতা পৰমাত্মা, আল্লাহ। প্ৰথমতেতো এইটো নিশ্চয় কৰাব লাগে যে আমি হৈছো আত্মা, পৰমাত্মা নহয় আৰু আমাৰ মাজত পৰমাত্মা ব্যাপী থকা নাই। সকলোতে আত্মা ব্যাপী আছে। আত্মাই শৰীৰৰ আধাৰত ভূমিকা পালন কৰে। এইটো দৃঢ় কৰোৱা। অচ্ছা, তাৰ পাছত সেই পিতাই সৃষ্টি চক্ৰৰ আদি, মধ্য, অন্তৰ জ্ঞান শুনায়। পিতাইহে শিক্ষকৰ ৰূপত বহি বুজায়। লাখ-লাখ বছৰৰতো কথা নহয়। এই চক্ৰ অনাদি পূৰ্ব নিৰ্ধাৰিত। সমান কেনেকৈ হয় সেয়া জনা উচিত। সত্যযুগ-ত্ৰেতা অতীত হৈ গ'ল, লিখি ৰাখা। তাক ক্ৰমে স্বর্গ আৰু চেমি (আধা) স্বর্গ বুলি কোৱা হয়। তাত দেৱী-দেৱতাসকলৰ ৰাজ্য চলে। সত্যযুগত হৈছে 16 কলা, ত্ৰেতাত 14 কলা। সত্যযুগৰ প্ৰভাৱ বহুত বেছি। নামেই হৈছে স্বর্গ, হেভেন। নতুন সৃষ্টি স্বৰ্গক কোৱা হয়। তাৰেই মহিমা কৰা উচিত। নতুন সৃষ্টিত এটাই আদি সনাতন দেৱী-দেৱতা ধৰ্ম থাকে। নিশ্চয় কৰাবৰ বাবে চিত্ৰও তোমালোকৰ ওচৰত আছে। এই সৃষ্টি চক্ৰ ঘূৰিয়েই থাকে। এই কল্পৰ আয়ুসেই হৈছে 5 হাজাৰ বছৰ। এতিয়া সূৰ্যবংশী-চন্দ্ৰবংশীৰ কথাতো বুদ্ধিত বহিছে। বিষ্ণুপুৰীয়ে সলনি হৈ ৰাম-সীতা পুৰী হয়। তেওঁলোকৰো ৰাজবংশ চলে নহয় জানো। দুটা যুগ পাৰ হোৱাৰ পাছত আহে দ্বাপৰযুগ। ৰাৱণৰ ৰাজ্য। দেৱতাসকল বাম মাৰ্গত গুছি গলে তেতিয়া বিকাৰৰ চিষ্টেম (ৰীতি, পদ্ধতি) হৈ যায়। সত্যযুগ-ত্ৰেতাত সকলো নির্বিকাৰী হৈ থাকে। এক আদি সনাতন দেৱী-দেৱতা ধৰ্ম থাকে। চিত্ৰও দেখুৱাব লাগে, অৰেলিও (মৌখিক ভাবে) বুজাব লাগে। পিতাই আমাক শিক্ষক হৈ এনেকৈ পঢ়ায়। পিতাই নিজৰ পৰিচয় নিজে আহি দিয়ে। নিজে কয় - মই পতিতসকলক পাৱন কৰি তুলিবলৈ আহোঁ তেন্তে মোক নিশ্চয় শৰীৰ লাগে। নহ'লে বাৰ্তালাপ কেনেকৈ কৰিম। মই চৈতন্য, সত্য আৰু অমৰ হওঁ। সতো, ৰজো, তমোত আত্মা আহে। আত্মায়ে পতিত, আত্মায়ে পাৱন হয়। আত্মাতে সকলো সংস্কাৰ আছে। অতীতৰ কৰ্ম বা বিকৰ্মৰ সংস্কাৰ আত্মাই লৈ আহে। সত্যযুগততো বিকৰ্ম নহয়, কৰ্ম কৰে, ভূমিকা পালন কৰে। কিন্তু সেই কৰ্ম অকৰ্ম হৈ যায়। গীতাতো লিখা আছে। তোমালোকে এতিয়া প্ৰেক্টিকেলত (বাস্তৱত) বুজি আছা। এইটো জানা যে বাবা পুৰণি সৃষ্টিক পৰিৱৰ্তন কৰি নতুন সৃষ্টি ৰচিবলৈ আহিছে, য'ত কৰ্ম অকৰ্ম হৈ যায়। তাকেই সত্যযুগ বুলি কোৱা হয় ইয়াত আকৌ এই কৰ্ম বিকৰ্মই হয় যাক কলিযুগ বুলি কোৱা হয়। তোমালোক এতিয়া সংগমযুগত আছা। পিতাই দুয়োফালৰে কথা শুনায় যাতে সন্তানসকলে প্ৰতিটো কথা ভালদৰে বুজে - পিতা শিক্ষকে কি বুজালে? ভালবাৰু, বাকী হৈছে গুৰুৰ কৰ্তব্য, তেওঁক আহ্বানেই কৰিছা যে আহি আমাক পতিতসকলক পাৱন কৰি তোলা। আত্মা পাৱন হলে তেতিয়া শৰীৰো পাৱন হয়। যেনেকুৱা সোণ, তেনেকুৱা অলংকাৰো তৈয়াৰ হয়। 24 কেৰেটৰ সোণ লৈ যদি খাদ (অন্য কম মূল্যৰ ধাতু) মিহলি কৰা নহয় তেন্তে অলংকাৰো তেনেকুৱা সতোপ্ৰধান হ'ব। খাদ মিহলি কৰিলে আকৌ তমোপ্ৰধান হৈ যায় কিয়নো খাদ মিহলি নহয় জানো। প্ৰথমতে ভাৰত 24 কেৰেট খাটি সোণৰ চৰাই আছিল অৰ্থাৎ সতোপ্ৰধান নতুন সৃষ্টি আছিল এতিয়া আকৌ তমোপ্ৰধান হৈ গল। প্ৰথমে খাটি সোণ আছিল। নতুন সৃষ্টি পবিত্ৰ, পুৰণি সৃষ্টি অপবিত্ৰ। খাদ পৰি গৈ থাকে। এয়া পিতাইহে বুজায় অন্য কোনো মনুষ্য গুৰুলোকে নাজানে। আহ্বানো কৰে - আহি আমাক পাৱন কৰি তোলা। সৎগুৰুৰ কাম হৈছে বানপ্ৰস্থ অৱস্থাত মনুষ্যক গৃহস্থীৰ পৰা কাষৰীয়া কৰা। গতিকে এই গোটেই জ্ঞান ড্ৰামা প্লেন অনুসৰি পিতাহে আহি দিয়ে। তেওঁ হৈছে মনুষ্য সৃষ্টিৰ বীজৰূপ। তেৱেঁই গোটেই বৃক্ষৰ জ্ঞান বুজায়। শিৱবাবাৰ নাম সদায় শিৱ। বাকী আত্মাসকল ভূমিকা পালন কৰিবলৈ আহে, গতিকে ভিন্ন-ভিন্ন নাম লয়। পিতাক আহ্বান কৰে কিন্তু তেওঁক নাজানে - তোমালোকক পাৱন সৃষ্টিলৈ লৈ যাবলৈ তেওঁ কেনেকৈ ভাগ্যশালী ৰথত আহে। সেয়েহে পিতাই বুজায় - মই তেওঁৰ শৰীৰত আহোঁ, বহুত জন্মৰ অন্তিম জন্মত, পুৰা 84 জন্ম লয়। ৰজাৰো ৰজা কৰি তুলিবলৈ এই ভাগ্যশালী ৰথত প্ৰৱেশ কৰিবলগীয়া হয়। প্ৰথম নম্বৰত হৈছে শ্ৰীকৃষ্ণ। তেওঁ হৈছে নতুন সৃষ্টিৰ মালিক। আকৌ তেৱেঁই তললৈ নামে। সূৰ্যবংশী, চন্দ্ৰবংশী, বৈশ্য, শূদ্ৰ বংশী তাৰ পাছত ব্ৰহ্মা বংশী হয়। সোণৰ পৰা ৰূপলৈ . আকৌ তোমালোক লৌহৰ পৰা সোণ হৈ আছা। পিতাই কয় - মোক এজন পিতাক স্মৰণ কৰা। যাৰ শৰীৰত মই প্ৰৱেশ কৰিছো, এওঁৰ আত্মাততো অলপো জ্ঞান নাছিল। এওঁৰ শৰীৰত মই প্ৰৱেশ কৰোঁ, সেয়েহে এওঁক ভাগ্যশালী ৰথ বুলি কোৱা হয়। নিজেই কয় - মই এওঁৰ বহুত জন্মৰ অন্তিম জন্মত আহোঁ। গীতাত সঠিক শব্দ লিখা আছে। গীতাকে সকলো শাস্ত্ৰৰ শিৰোমণি বুলি কোৱা হয়।

এই সংগমযুগতে পিতা আহি ব্ৰাহ্মণ কূল আৰু দেৱী-দেৱতাৰ কূল স্থাপনা কৰে। বাকী কূলবোৰৰ বিষয়ে সকলোৱে জানে, এইটো কূলৰ বিষয়ে কোনেও নাজানে। বহু জন্মৰ অন্তিম জন্মত অৰ্থাৎ সংগমযুগতহে পিতা আহে। পিতাই কয় - মই হৈছো বীজৰূপ। কৃষ্ণতো হৈছে সত্যযুগৰ নিবাসী। তেওঁক অন্য স্থানতো কোনেও দেখা পাব নোৱাৰে। পুনৰ্জন্মততো নাম, ৰূপ, দেশ, কাল সকলো সলনি হৈ যায়। প্রথমতে সৰু শিশু সুন্দৰ হয় পিছত ডাঙৰ হয় তাৰ পাছত শৰীৰ এৰি পুনৰ শিশু হয়। এইখন হৈছে পূৰ্ব নিৰ্ধাৰিত খেল। ড্ৰামাৰ ভিতৰত নিৰ্ধাৰিত কৰি থোৱা আছে। অন্য শৰীৰত থকা সময়ততো তেওঁক কৃষ্ণ বুলি কোৱা নহয়। সেইটো শৰীৰৰ নাম আদি আকৌ বেলেগ হ'ব। সময়, চেহেৰা, তিথি, তাৰিখ আদি সকলো সলনি হৈ যায়। বিশ্বৰ ভূগোল-বুৰঞ্জী হুবহু পুনৰাবৃত্তি বুলি কোৱা হয়। এই ড্ৰামাখনতো পুনৰাবৃত্তি হৈ থাকে। সতো, ৰজো, তমোত আহিবই লাগিব। সৃষ্টিৰ নাম, যুগৰ নাম সকলো সলনি হৈ থাকে। এতিয়া এয়া হৈছে সংগমযুগ। মই সংগমতে আহোঁ। এই কথাবোৰ আমি ভিতৰত দৃঢ় কৰিব লাগে। পিতা আমাৰ পিতা, শিক্ষক, গুৰু হয় যিয়ে আকৌ সতোপ্ৰধান হোৱাৰ বহুত ভাল যুক্তি শুনায়। গীতাতো আছে যে দেহ সহিত দেহৰ সকলো ধৰ্ম ত্যাগ কৰি নিজকে আত্মা বুলি বুজা। নিজৰ ঘৰলৈ নিশ্চয় উভতি যাব লাগিব। ভক্তি মাৰ্গত ভগৱানৰ ওচৰত যোৱাৰ বাবে কিমান পৰিশ্ৰম কৰে। সেয়া হৈছে মুক্তিধাম। কৰ্মৰ পৰা মুক্ত নিৰাকাৰী সৃষ্টিত গৈ বহোঁ। ভূমিকা পালন কৰোঁতাসকল ঘৰলৈ গ'লে ভূমিকাৰ পৰা মুক্ত হৈ যায়। সকলোৱে মুক্তি পাবলৈ বিচাৰে। কিন্তু মুক্তিতো কোনেও পাব নোৱাৰে। এই ড্ৰামাখন অনাদি-অবিনাশী। কোনোৱে কয় এই ভূমিকা পালন কৰাতো মোৰ পচন্দ নহয়, কিন্তু এই ক্ষেত্ৰত কোনেও একো কৰিব নোৱাৰে। এই অনাদি ড্ৰামাখন ৰচি থোৱা আছে। এজনেও মুক্তি পাব নোৱাৰে। সেই সকলবোৰ হৈছে অনেক প্ৰকাৰৰ মনুষ্য মত। এয়া হৈছে শ্রীমত, শ্ৰেষ্ঠ কৰি তোলাৰ বাবে। মনুষ্যক শ্ৰেষ্ঠ বুলি কোৱা নহয়। দেৱতাসকলক শ্ৰেষ্ঠ বুলি কোৱা হয়। তেওঁলোকৰ আগত সকলোৱে প্ৰণাম জনায়। তেন্তে তেওঁলোক শ্ৰেষ্ঠ নহ'ল জানো। কিন্তু এইটোও কোনেও নাজানে। এতিয়া তোমালোকে বুজি পাইছা যে আমি 84 জন্মতো লবই লাগিব। শ্ৰীকৃষ্ণ হৈছে দেৱতা, বৈকুণ্ঠৰ ৰাজকুমাৰ। তেওঁ ইয়ালৈ কেনেকৈ আহিব। তেওঁ গীতাও শুনোৱা নাই। কেৱল দেৱতা আছিল সেইবাবে সকলোৱে পূজা কৰে। দেৱতা হৈছে পাৱন, নিজে (মনুষ্য) হৈছে পতিত। এনেকৈ কয়ো মোৰ নিৰ্গুণহাৰীৰ কোনো গুণ নাই............ আপুনি আমাক এনেকুৱা কৰি তোলক। শিৱৰ আগত গৈ কয় - মোক মুক্তি দিয়া। তেওঁ কেতিয়াও জীৱনমুক্ত, জীৱনবন্ধনত নাহেই সেয়েহে তেওঁলোকে আহ্বান কৰে - মুক্তি দিয়া। জীৱনমুক্তিও তেৱেঁই দিয়ে।

এতিয়া তোমালোকে বুজিছা বাবা আৰু মম্মাৰ আমি সকলো সন্তান, তেওঁ পৰা আমি প্ৰচুৰ ধন পাওঁ। মনুষ্যইতো বুদ্ধিহীন হৈ বিচাৰিয়েই থাকে। বুদ্ধিহীন যেতিয়া নিশ্চয় দুখীয়ে নহ'ব জানো। অপাৰ দুখ ভুগিবলগীয়া হয়। গতিকে এই সকলোবোৰ কথা সন্তানসকলে বুদ্ধিত ধাৰণ কৰা উচিত। এজন বেহদৰ পিতাক নজনাৰ কাৰণে কিমান যে পৰস্পৰ মাজত কাজিয়া কৰি থাকে। অৰফেন (অনাথ) হৈ গৈছে। সেয়া হৈছে হদৰ অৰফেন, এয়া হৈছে বেহদৰ অৰফেন। পিতাই নতুন সৃষ্টি স্থাপন কৰে। এতিয়াতো হৈছেই পতিত আত্মাসকলৰ পতিত সৃষ্টি। পাৱন সৃষ্টি সত্যযুগক আৰু পুৰণি সৃষ্টি কলিযুগক কোৱা হয়। গতিকে বুদ্ধিত এই সকলো কথা আছে নহয় জানো। পুৰণি সৃষ্টিৰ বিনাশ হৈ যাব আকৌ নতুন সৃষ্টিলৈ স্থানান্তৰ হৈ যাবাগৈ। এতিয়া আমি অস্থায়ী ভাবে সংগমযুগত থিয় হৈ আছো। পুৰণিৰ সৃষ্টিৰ পৰা নতুন সৃষ্টি হৈ আছে। নতুন সৃষ্টিৰ কথাও জানা। তোমালোকৰ বুদ্ধি এতিয়া নতুন সৃষ্টিলৈ যোৱা উচিত। উঠোঁতে-বহোঁতে এইটোৱে যাতে বুদ্ধিত থাকে যে আমি পঢ়া পঢ়ি আছো। পিতাই আমাক পঢ়ায়। বিদ্যাৰ্থীসকলৰ এইটো স্মৃতিত থকা উচিত তথাপি স্মৃতি পুৰুষাৰ্থৰ ক্ৰম অনুসৰি থাকে। পিতাইও পুৰুষাৰ্থৰ ক্ৰম অনুসৰি স্নেহ সহিত স্মৰণ কৰে। ভালকৈ পঢ়াসকলক নিশ্চয় শিক্ষকেও বেছি মৰম কৰিব। কিমান পাৰ্থক্য আহি যায়। এতিয়া পিতাইতো বুজায়ে থাকে। সন্তানসকলে ধাৰণা কৰিব লাগে। এজন পিতাৰ বাহিৰে বুদ্ধি যাতে অন্য কোনোফালে নাযায়। পিতাক স্মৰণ নকৰিলে পাপ কেনেকৈ খণ্ডন হ'ব। মায়াই বাৰে-বাৰে তোমালোকৰ বুদ্ধিযোগ খণ্ডিত কৰি দিয়ে। মায়াই বহুত প্ৰবঞ্চনা কৰে। পিতাই উদাহৰণ দিয়ে ভক্তি মাৰ্গত মই লক্ষ্মী-নাৰায়ণৰ বহুত পূজা কৰিছিলো। চিত্ৰত দেখিলো লক্ষ্মীয়ে ভৰি পিটিকি আছে গতিকে তেওঁক মুক্ত কৰি দিলো। তেওঁৰ স্মৃতিত বহোঁতে বুদ্ধি ইফালে-সিফালে গ'লে তেতিয়া নিজকে থাপৰ মাৰি দিছিলোঁ - বুদ্ধি অন্যফালে কিয় যোৱা? অৱশেষত বিনাশো দেখিলোঁ, স্থাপনাও দেখিলোঁ। সাক্ষাৎকাৰৰ আশা পূৰ্ণ হল, এয়া বুজিলো যে এতিয়া নতুন সৃষ্টি আহিব, মই এয়া হ'মগৈ। বাকী এই পুৰণি সৃষ্টিতো বিনাশ হৈ যাব। দৃঢ় নিশ্চয় হৈ গল। নিজৰ ৰাজধানীৰো সাক্ষাৎকাৰ হল তেন্তে এই ৰাৱণৰ ৰাজ্য কি কৰিম, য'ত স্বৰ্গৰ ৰাজ্য পাওঁ, এয়া হৈছে ঈশ্বৰীয় বুদ্ধি। ঈশ্বৰে প্ৰৱেশ কৰি এই বুদ্ধি জাগ্ৰত কৰালে। জ্ঞানৰ কলহতো মাতাসকলে পায়, গতিকে মাতাসকলকে সকলো দি দিলোঁ আৰু কলোঁ তোমালোকে সকলো চম্ভালা, সকলোকে শিকোৱা। শিকাওঁতে-শিকাওঁতে ইয়ালৈকে আহি গল। ইজনে-সিজনক শুনাওঁতে-শুনাওঁতে চোৱা এতিয়া কিমান হৈ গৈছে। আত্মা পবিত্ৰ হৈ গৈ থাকে আকৌ আত্মা পবিত্ৰ হৈ গলে শৰীৰো পবিত্ৰ লাগিব। বুজিও পায় তথাপি মায়াই পাহৰাই দিয়ে।

তোমালোকে কোৱা 7 দিন পঢ়া তেতিয়া কয় - কাইলৈ আহিম। পিছদিনা মায়াই সমাপ্ত কৰি দিয়ে। নাহেই। ভগৱানে পঢ়ায় তথাপি আহি ভগৱানৰ পৰা নপঢ়ে! এনেকৈ কয়ো - হয়, নিশ্চয় আহিম কিন্তু মায়াই উৰাই দিয়ে। ৰেগুলাৰ (নিয়মীয়া) হ'বলৈ নিদিয়ে। যিসকলে কল্পৰ আগতে পুৰুষাৰ্থ কৰিছিল তেওঁলোকে নিশ্চয় কৰিব আৰু কোনো দোকান (ৰাস্তা) নাই। তোমালোকে পুৰুষাৰ্থ বহুত কৰা। ডাঙৰ-ডাঙৰ মিউজিয়াম বনোৱা। যিসকলে কল্পৰ আগতে বুজিছিল তেওঁলোকেই বুজিব। বিনাশ হবই। স্থাপনাও হৈ গৈ থাকে। আত্মাই পঢ়ি বহুত সুন্দৰ শৰীৰ ধাৰণ কৰিবগৈ। এইম-অবজেক্ট (লক্ষ্য-উদেশ্য) এয়াই নহয় জানো। এইটো কিয় স্মৃতিত নাথাকে? এতিয়া আমি নতুন সৃষ্টিলৈ যাম, নিজৰ পুৰুষাৰ্থ অনুসৰি। ভাল বাৰু!

অতি মৰমৰ কল্পৰ পিছত পুনৰাই লগ পোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।

ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) বুদ্ধিত সদায় এইটো স্মৃতি থাকিব লাগে যে এতিয়া আমি অলপ সময়ৰ কাৰণে সংগমযুগত বহি আছো, পুৰণি সৃষ্টিৰ বিনাশ হ'লে আমি নতুন সৃষ্টিলৈ ট্ৰান্সফাৰ (স্থানান্তৰ) হৈ যাম সেয়েহে ইয়াৰ পৰা বুদ্ধিযোগ আঁতৰাই দিব লাগে।

(2) সকলো আত্মাকে পিতাৰ পৰিচয় দি কৰ্ম, অকৰ্ম, বিকৰ্মৰ গূঢ় গতি শুনাব লাগে, প্ৰথমতে অল্‌ফৰে (আল্লাহ) পাঠ দৃঢ় কৰাব লাগে।

বৰদান:
কৰ্ম আৰু যোগৰ বেলেন্স (সন্তুলন)ৰ দ্বাৰা কৰ্মাতীত স্থিতিৰ অনুভৱ কৰোঁতা কৰ্মবন্ধন মুক্ত হোৱা

কৰ্মৰ লগতে যোগৰ বেলেন্স থাকিলে তেতিয়া প্ৰতিটো কৰ্মতে স্বতঃ সফলতা প্ৰাপ্ত হয়। কৰ্মযোগী আত্মাই কেতিয়াও কৰ্মৰ বান্ধোনত বান্ধ নাখায়। কৰ্মৰ বন্ধনৰ পৰা মুক্তজনকে কৰ্মাতীত বুলি কয়। কৰ্মাতীতৰ অর্থ এইটো নহয় যে কৰ্মৰ পৰা অতীত হৈ যাবা। কৰ্মৰ পৰা উপৰাম নহয়, কৰ্মৰ বান্ধোনত বান্ধ খোৱাৰ পৰা উপৰাম হোৱা। এনেকুৱা কৰ্মযোগী আত্মাই নিজৰ কৰ্মৰ দ্বাৰা অনেকৰ কৰ্ম শ্ৰেষ্ঠ কৰি তোলোঁতা হব। তেওঁৰ কাৰণে প্ৰতিটো কাৰ্য মনোৰঞ্জক হৈ যাব, কঠিনতাৰ অনুভৱ নহ'ব।
 

স্লোগান:
পৰমাত্ম স্নেহেই হৈছে সময়ৰ ঘণ্টা যিয়ে অমৃতবেলা জগাই দিয়ে।