04.12.19       Morning Assame Murli        Om Shanti      BapDada       Madhuban


"মৰমৰ সন্তানসকল সকলো নিৰ্ভৰ কৰে কৰ্মৰ ওপৰত, সদায় ধ্যান ৰাখিব লাগে যাতে মায়াৰ বশীভূত হৈ কোনো উল্টা কৰ্ম নকৰা যাৰ বাবে শাস্তি খাবলগীয়া হব

প্ৰশ্ন:
পিতাৰ দৃষ্টিত সকলোতকৈ অধিক বুদ্ধিমান কোন?

উত্তৰ:
যাৰ পবিত্ৰতাৰ ধাৰণা আছে তেওঁলোকেই বুদ্ধিমান আৰু যিসকল পতিত তেওঁলোক বুদ্ধিহীন। লক্ষ্মী-নাৰায়ণক সকলোতকৈ অধিক বুদ্ধিমান বুলি কোৱা হব। তোমালোক সন্তানসকল এতিয়া বুদ্ধিমান হৈ আছা। পবিত্ৰতাই হৈছে সকলোতকৈ মুখ্য, সেইবাবে পিতাই সাৱধান কৰি দিয়ে সন্তানসকল এই দুচকুৱে যাতে প্ৰবঞ্চনা নকৰে, ইয়াৰ পৰা সাৱধানে থাকিবা। এই পুৰণি সৃষ্টিক দেখিও নাচাবা। নতুন সৃষ্টি স্বৰ্গক স্মৰণ কৰা।

ওঁম্শান্তি।
অতি মৰমৰ সন্তানসকল, এয়াতো বুজিছা এই পুৰণি সৃষ্টিত আমি এতিয়া কিছুদিনৰ পথিক। সৃষ্টিৰ মনুষ্যই ভাবে এতিয়াও 40 হাজাৰ বছৰ ইয়াত থাকিব লাগিব। তোমালোক সন্তানসকলৰতো নিশ্চয় আছে নহয় জানো। এই কথাবোৰ নাপাহৰিবা। ইয়াত বহি থাকিলেও তোমালোক সন্তানসকলৰ অন্তৰ পুলকিত হৈ যোৱা উচিত। এই দুচকুৰে যি দেখিবলৈ পোৱা সেয়া সকলো এতিয়া বিনাশ হৈ যাব। আত্মাতো অবিনাশী হয়। আমি আত্মাই 84 জন্ম লৈছো। এতিয়া পিতা আহিছে ঘৰলৈ লৈ যাবলৈ। পুৰণি সৃষ্টি যেতিয়া পুৰা হয় তেতিয়া নতুন সৃষ্টি গঢ়িবলৈ পিতা আহে। নতুনৰ পৰা পুৰণি, পুৰণিৰ পৰা নতুন সৃষ্টি কেনেকৈ হয় এয়া তোমালোকৰ বুদ্ধিত আছে। আমি অনেকবাৰ চক্ৰ লগাইছো। এতিয়া চক্ৰ পুৰা হব। নতুন সৃষ্টিত আমি কম সংখ্যক দেৱতা থাকো। মনুষ্য নাথাকিব। বাকী সকলো নিৰ্ভৰ কৰে কৰ্মৰ ওপৰত। মনুষ্যই উল্টা কৰ্ম কৰিলে তেতিয়া সেই কৰ্মই নিশ্চয় অন্তৰ দাহ কৰি থাকে সেইবাবে পিতাই সোধে যে এই জন্মত কোনো এনেকুৱা পাপতো কৰা নাই? এয়া হল পতিত ছিঃ-ছিঃ ৰাৱণৰ ৰাজ্য। এইখন অন্ধকাৰ জগত। এতিয়া পিতাই তোমালোক সন্তানসকলক উত্তৰাধিকাৰ দি আছে। এতিয়া তোমালোকে ভক্তি নকৰা। ভক্তিৰ অন্ধকাৰত ঠেকা-খুন্দা খাই আহিছা। এতিয়া পিতাৰ হাত পাইছা। পিতাৰ সহায় অবিহনে তোমালোকে বিষয় বৈতৰণী নদীত ডুবি আছিলা। আধকল্প হয়েই ভক্তি, জ্ঞান পোৱা বাবে তোমালোক সত্যযুগী নতুন সৃষ্টিলৈ গুচি যোৱা। এতিয়া এয়াতো হৈছে পুৰুষোত্তম সংগমযুগ যেতিয়া তোমালোক পতিত ছিঃ-ছিঃৰ পৰা গুলগুল, কাঁইটৰ পৰা ফুল হৈ আছা। এয়া কোনে কৰি তোলে? বেহদৰ পিতাই। লৌকিক পিতাক বেহদৰ পিতা বুলি নকয়। তোমালোকে ব্ৰহ্মা আৰু বিষ্ণুৰ অকুপেচনো (পেছা, কৰ্তব্য) জানি গৈছা। তেন্তে তোমালোকৰ কিমান শুদ্ধ নিচা থকা উচিত। মূলবতন, সূক্ষ্মবতন, স্থূলবতন এই সকলো সংগমতে হয়। এতিয়া পিতাই বহি তোমালোক সন্তানসকলক বুজাইছে যে পুৰণি আৰু নতুন সৃষ্টিৰ এয়া হৈছে সংগম যুগ। মনুষ্যই মাতেও যে পতিতক পাৱন কৰি তুলিবলৈ আহা। পিতাৰো এই সংগমত পাৰ্ট (ভূমিকা) চলে। ক্ৰিয়েটৰ (ৰচয়িতা), ডাইৰেক্টৰ (নিৰ্দেশক) নহয় জানো! তেন্তে নিশ্চয় তেওঁৰ কিবা এক্টিভিটি (ক্ৰিয়া-কলাপ) থাকিব নহয় জানো। সকলোৱে জানে যে তেওঁক মনুষ্য বুলি কোৱা নহয়, তেওঁৰতো নিজৰ শৰীৰেই নাই। বাকী সকলোকে মনুষ্য বা দেৱতা বুলি কোৱা হব। শিৱবাবাক দেৱতা বুলিও নকয়, মনুষ্যও বুলিও নকয়। এয়াতো টেম্পৰী (অস্থায়ীভাৱে) ঋনত লোৱা হৈছে। গৰ্ভৰ পৰা জানো জন্ম হৈছে। পিতাই নিজে কয়- সন্তানসকল, শৰীৰ অবিহনে মই কেনেকৈ ৰাজযোগ শিকাম! মোৰ ক্ষেত্ৰত যদিও মনুষ্যই কৈ দিয়ে যে শিল-পাথৰ সকলোতে পৰমাত্মা আছে কিন্তু এতিয়া তোমালোক সন্তানসকলে বুজিছা যে মই কেনেকৈ আহোঁ। এতিয়া তোমালোকে ৰাজযোগ শিকি আছা। কোনো মনুষ্যইতো শিকাব নোৱাৰে। দেৱতাসকলেতো ৰাজযোগ শিকিব নোৱাৰে। ইয়াত এই পুৰুষোত্তম সংগম যুগত ৰাজযোগ শিকি দেৱতা হয়গৈ।

এতিয়া তোমালোক সন্তানসকলৰ অপাৰ আনন্দ হোৱা উচিত আমি এতিয়া 84ৰ চক্ৰ পুৰা কৰিলো। পিতা কল্পই-কল্পই আহে, পিতাই নিজে কয় এয়া বহুত জন্মৰ অন্তৰ জন্ম। শ্ৰীকৃষ্ণতো সত্যযুগৰ প্ৰিন্স (ৰাজকুমাৰ) আছিল তেৱেঁই পুনৰ 84 চক্ৰ লগায়। শিৱবাবাইতো 84ৰ চক্ৰলৈ নাহে। শ্ৰীকৃষ্ণৰ আত্মাহে সুন্দৰৰ পৰা শ্যামবৰণীয়া হয়, এই কথাবোৰ কোনেও নাজানে। তোমালোকৰ ভিতৰতো ক্ৰমানুসৰিহে জানে। মায়া বহুত কাঢ়া। কাকোৱেই নেৰে। পিতাই সকলো গম পায়। মায়া ঘঁৰিয়ালে একেবাৰে গিলি থয়। এয়া পিতাই ভালদৰে জানে। এনেকৈ নাভাবিবা যে পিতা অন্তৰ্যামী হয়। নহয়, পিতাই সকলোৰে কৰ্ম-কাণ্ডক জানে। বাতৰিতো আহে নহয় জানো। মায়াই একদম কেঁচাই পেটত সুমুৱাই থয়। এনেকুৱা বহুত কথা তোমালোক সন্তানসকলে গম নোপোৱা। পিতাইতো সকলো গম পায়। মনুষ্যই আকৌ ভাবি লয় পৰমাত্মা অন্তৰ্যামী হয়। পিতাই কয় মই অন্তৰ্যামী নহওঁ। প্ৰত্যেকৰে চলনৰ পৰা গম পোৱা যায়। চলন বহুত ছিঃ-ছিঃ হৈ যায় সেইবাবে পিতাই বাৰে-বাৰে সন্তানসকলক সাৱধান কৰি দিয়ে। মায়াৰ পৰা চম্ভালিব লাগে। আকৌ পিতাই যদিও বুজায় তথাপিও বুদ্ধিত নবহে, কাম মহাশত্ৰু হয়, গমেই পোৱা নাযায় যে মই বিকাৰলৈ গলো, এনেকুৱাও হয়, সেইবাবে পিতাই কয় কিবা ভুল আদি হলে তেতিয়া স্পষ্টকৈ কৈ দিয়া, লুকুৱাই নাৰাখিবা। নহলে এশ গুণ পাপ হৈ যাব। অন্তৰ দাহ কৰি থাকিব। বৃদ্ধি হৈ গৈ থাকিব। একেবাৰে বাগৰি (অধঃপতিত হৈ) যাবা। সন্তানসকলে পিতাৰ লগত একেবাৰে সঁচা হৈ থাকিব লাগে। নহলে বহুত লোকচান হৈ যাব। এয়া হল ৰাৱণৰ সৃষ্টি। ৰাৱণৰ সৃষ্টিক আমি কিয় স্মৰণ কৰিম। আমিতো নতুন সৃষ্টিলৈ যাব লাগে। পিতাই নতুন ঘৰ আদি সজায় তেতিয়া সন্তানসকলে ভাবে আমাৰ কাৰণে নতুন ঘৰ নিৰ্মাণ হৈ আছে। আনন্দিত হৈ থাকে। এয়াতো বেহদৰ কথা। আমাৰ বাবে নতুন সৃষ্টি স্বৰ্গ সজাই থকা হৈছে। এতিয়া আমি নতুন সৃষ্টিলৈ যাম আকৌ যিমানে পিতাক স্মৰণ কৰিবা সিমান গুল-গুল হবা। আমি বিকাৰৰ বশীভূত হৈ কাঁইট হৈ গৈছো। তোমালোক সন্তানসকলে জানা যিসকল নাহে তেওঁলোকতো মায়াৰ বশীভূত হৈ গৈছে। পিতাৰ ওচৰত নায়েই। বিশ্বাসঘাটক হৈ গৈছে। পুৰণা শত্ৰুৰ ওচৰলৈ গুচি গৈছে। এনেকৈ বহুতকে মায়াই গিলি থয়। কিমান নিঃশেষ হৈ যায়। বহুত ভাল-ভাল সন্তান আছে যিসকলে কৈ যায় মই এনেকুৱা কৰিম, এইটো কৰিম। মইতো যজ্ঞৰ কাৰণে প্ৰাণো দিবলৈ সাজু আছোঁ। আজি তেওঁলোক নাই। তোমালোকৰ যুদ্ধ হৈছেই মায়াৰ লগত। সৃষ্টিত এয়া কোনেও নাজানে যে মায়াৰ লগত যুদ্ধ কেনেকৈ হয়। শাস্ত্ৰত আকৌ দেখুৱাইছে দেৱতা আৰু অসুৰৰ যুদ্ধ হল। পাছত কৌৰব আৰু পাণ্ডৱৰ যুদ্ধ হল। কাৰোবাক সোধা এই দুটা কথা শাস্ত্ৰত কেনেকৈ সম্ভৱ হল? দেৱতাসকলতো অহিংসক হয়। তেওঁলোক হৈছে সত্যযুগৰ। তেওঁলোকে আকৌ কলিযুগত যুদ্ধ কৰিবলৈ আহিব জানো। কৌৰব আৰু পাণ্ডৱৰ অৰ্থও বুজি নাপায়। শাস্ত্ৰত যি লিখা আছে সেয়াই পঢ়ি শুনায়। বাবা (ব্ৰহ্মা)ইতো গোটেই গীতা পঢ়িছে। যেতিয়া এই জ্ঞান পালে তেতিয়া বিচাৰ চলিল যে গীতাত এয়া যুদ্ধ আদিৰ কথা কিয় লিখিছে? কৃষ্ণতো গীতাৰ ভগৱান নহয়। এওঁ শৰীৰত পিতা বহি আছিল সেয়ে এওঁৰ দ্বাৰা সেই গীতা আদিও এৰুৱাই দিলে। এতিয়া পিতাৰ দ্বাৰা কিমান (জ্ঞানৰ) প্ৰকাশ পাইছা। আত্মাহে প্ৰকাশিত হয়। সেইবাবে পিতাই কয় নিজকে আত্মা বুলি ভাবা, বেহদৰ পিতাক স্মৰণ কৰা। ভক্তিত তোমালোকে স্মৰণ কৰিছিলা, কৈছিলা আপুনি আহিলে তেতিয়া বলিহাৰ যাম। কিন্তু তেওঁ কেনেকৈ আহিব, কেনেকৈ বলিহাৰ হবা এয়া জানো বুজিছিলা।

এতিয়া তোমালোক সন্তানসকলে বুজিছা যেনেকুৱা পিতা আমি আত্মাসকলো তেনেকুৱাই। পিতাৰ হৈছে অলৌকিক জন্ম, তোমালোক সন্তানসকলক কেনেকৈ ভালদৰে পঢ়ায়। তোমালোকে নিজে কোৱা এওঁতো সেইজনেই আমাৰ পিতা। যিজন কল্পই-কল্পই আমাৰ পিতা হয়। আমি সকলোৱে বাবা-বাবা বুলি কওঁ। বাবাইও সন্তান-সন্তান বুলি কয়, তেৱেঁই শিক্ষকৰূপে আমাক ৰাজযোগ শিকায়। তোমালোকক বিশ্বৰ মালিক কৰি তোলে। সেয়ে এনেকুৱা পিতাৰ হৈ পুনৰ সেই শিক্ষকৰ পৰা শিক্ষাও লোৱা উচিত। শুনি-শুনি পুলকিত হোৱা উচিত। যদি ছিঃ-ছিঃ হোৱা তেতিয়া সেই আনন্দ নাথাকিব। যিমানে মগজ নখটুওৱা, তেওঁলোক আমাৰ জাতি ভাই নহয়। ইয়াত মনুষ্যৰ কিমান চৰনেম (উপাধি) থাকে। সেই সকলো হৈছে হদৰ কথা। তোমালোকৰ চৰনেম চোৱা কিমান ডাঙৰ। সকলোতকৈ ডাঙৰ গ্ৰেট গ্ৰেট গ্ৰেণ্ড ফাদাৰ ব্ৰহ্মা। তেওঁক কোনেও নাজানে। শিৱবাবাকতো সৰ্বব্যাপি বুলি কৈ দিছে। ব্ৰহ্মাকো কোনেও নাজানে। চিত্ৰও আছে ব্ৰহ্মা, বিষ্ণু, শংকৰ। ব্ৰহ্মাক আকৌ সুক্ষ্মবতনলৈ লৈ গৈছে। বায়োগ্ৰাফী (জন্মপত্ৰী) একোৱে নাজানে। সূক্ষ্মবতনত আকৌ ব্ৰহ্মা কৰ পৰা আহিল? তাত কেনেকৈ এডাপ্ট কৰিব (তুলি লব)। পিতাই বুজাইছে এয়া মোৰ ৰথ হয়। বহুত জন্মৰ অন্তত মই এওঁৰ শৰীৰত প্ৰৱেশ কৰিছো। এয়া পুৰুষোত্তম সংগম যুগ গীতাৰ এপিচোড (অধ্যায়), যত পবিত্ৰতা হৈছে মুখ্য। পতিতৰ পৰা পাৱন কেনেকৈ হব লাগে, এয়াও কোনেও নাজানে। সাধু-সন্ত আদিয়ে কেতিয়াও এনেকৈ নকয় যে দেহসহিত দেহৰ সকলো সম্বন্ধ পাহৰি কেৱল মোক পিতাক স্মৰণ কৰা তেতিয়া মায়াৰ পাপ কৰ্ম ভস্ম হৈ যাব। তেওঁলোকেতো পিতাকে নাজানে। গীতাত পিতাই কৈছে এই সাধু আদিকো মই আহি উদ্ধাৰ কৰোঁ।

পিতাই বুজায় আৰম্ভণিৰ পৰা এতিয়ালৈ যিসকল আত্মাই ভূমিকা পালন কৰি আছে সকলোৰে এয়া অন্তিম জন্ম। এওঁ (ব্ৰহ্মা)ৰো এয়া অন্তিম জন্ম। এৱেঁই পুনৰ ব্ৰহ্মা হৈছে। সৰুকালত গাঁৱৰ লৰা আছিল। এওঁ 84 জন্ম পুৰা কৰিলে, আৰম্ভণিৰ পৰা শেষলৈ। এতিয়া তোমালোক সন্তানসকলৰ বুদ্ধিৰ তলা খুলিছে। এতিয়া তোমালোক বুদ্ধিমান হোৱা। আগতে বুদ্ধিহীন আছিলা। এই লক্ষ্মী-নাৰায়ণ বুদ্ধিমান হয়। পতিতক বুদ্ধিহীন বুলি কোৱা হয়। মুখ্য হৈছে পবিত্ৰতা। লিখেও মায়াই আমাক বগৰাই দিলে। চকু ক্ৰিমিনেল (বিকাৰী) হৈ গল। পিতাইতো বাৰে-বাৰে সাৱধান কৰাই থাকে সন্তানসকল, কেতিয়াও মায়াৰ লগত পৰাজিত নহবা। এতিয়া ঘৰলৈ যাব লাগে। নিজকে আত্মা বুলি ভাবি পিতাক স্মৰণ কৰা। এই পুৰণি সৃষ্টি সমাপ্তিৰ পথত। আমি পাৱন হওঁ গতিকে আমাক পাৱন সৃষ্টিও লাগিব নহয় জানো। তোমালোক সন্তানসকলেই পতিতৰ পৰা পাৱন হব লাগে। পিতাইতো যোগ নলগায়। পিতা জানো পতিত হয় যে যোগ লগাব। বাবাইতো কয় মই তোমালোকৰ সেৱাত উপস্থিত হওঁ। তোমালোকেই বিচাৰিছিলা যে আহি আমাক পতিতসকলক পাৱন কৰি তোলা। তোমালোকে আহ্বান কৰা বাবে মই আহিছো। তোমালোকক বহুত সহজ ৰাস্তা দেখুৱাও, কেৱল মনমনাভৱ। ভগৱানুৱাচ নহয় জানো। কেৱল কৃষ্ণৰ নাম দিয়া বাবে পিতাক সকলোৱে পাহৰি গল। পিতা হল প্ৰথম, কৃষ্ণ ছেকেণ্ড। তেওঁ (পিতা) পৰমধামৰ মালিক, তেওঁ (কৃষ্ণ) বৈকুণ্ঠৰ মালিক। সূক্ষ্মবতনতো একো নহয়েই। সকলোতকৈ প্ৰথম নম্বৰ হৈছে কৃষ্ণ, যাক সকলোৱে মৰম কৰে। বাকীতো সকলোৱে পিছে-পিছে আহে। স্বৰ্গলৈতো সকলোৱে যাবও নোৱাৰে।

সেয়ে তোমালোক মৰমৰ সন্তানসকলৰ অনাবিল আনন্দ থকা উচিত। কিছুমান সন্তান বাবাৰ ওচৰলৈ আহে যিসকল কেতিয়াও পবিত্ৰ হৈ নাথাকে। বাবাই বুজায় বিকাৰলৈ যোৱা তেন্তে আকৌ বাবাৰ ওচৰলৈ কিয় আহা? তেওঁলোকে কয় কি কৰো, থাকিব নোৱাৰো। কিন্তু ইয়ালৈ আহো কিজানি কেতিয়াবা কাঁড়ে লক্ষ্য ভেদ কৰেই। আপোনাৰ বাহিৰে আমাৰ সৎগতি কোনে কৰিব সেইবাবে আহি বহি যাওঁ। মায়া কিমান প্ৰবল। নিশ্চয়ো হয় বাবাই আমাক পতিতৰ পৰা পাৱন গুল-গুল (ফুলৰ দৰে) কৰি তোলে। কিন্তু কি কৰো তথাপিও সঁচা কলে কেতিয়াবা শুধৰণি হৈ যাম। আমাৰ এইটো নিশ্চয় আছে যে আপোনাৰ দ্বাৰাহে আমি শুধৰণি হম। বাবাৰ এনেকুৱা সন্তানসকলৰ প্ৰতি দয়া ওপজে পুনৰ এনেকুৱাই হব। একো নতুন নহয়। বাবাইতো নিতৌ শ্ৰীমত দিয়ে। কিন্তু কিছুমানেহে সেইমতে চলে, এই ক্ষেত্ৰত বাবাই কি কৰিব পাৰে। বাবাই কয় কিজানি এওঁৰ পাৰ্টেই (ভূমিকাই) এনেকুৱা। সকলোৱেতো ৰজা-ৰাণী নহয়। ৰাজধানী স্থাপন হৈ আছে। ৰাজধানীত সকলোৰে প্ৰয়োজন। তথাপিও বাবাই কয় সন্তানসকল সাহস নেহেৰুৱাবা। আগবাঢ়ি যাব পাৰা। অচ্ছা!

অতি মৰমৰ কল্পৰ পিছত পুনৰাই লগ পোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।

ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) পিতাৰ লগত সদায় সঁচা হৈ থাকিব লাগে। এতিয়া কিবা ভুল হৈ গলে সেয়া লুকুৱাব নালাগে। চকু (দৃষ্টি) যাতে কেতিয়াও ক্ৰিমিনেল (বিকাৰী) নহয় ইয়াক চম্ভালিব লাগে।

(2) সদায় শুদ্ধ নিচা থাকিব লাগে যে বেহদৰ পিতাই আমাক পতিত ছিঃ-ছিঃ পৰা গুলগুল, কাঁইটৰ পৰা ফুল কৰি আছে। এতিয়া আমি বাবাৰ হাত পাইছো, যাৰ সহায়ত আমি বিষয় বৈতৰণী নদী পাৰ হৈ যাম।

বৰদান:
ব্ৰাহ্মণ জীৱনত পিতাৰ দ্বাৰা লাইটৰ মুকুট প্ৰাপ্ত কৰোঁতা মহান ভাগ্যশালী আত্মা হোৱা

সংমযুগী ব্ৰাহ্মণ জীৱনৰ বিশেষত্ব হল পবিত্ৰতা। পবিত্ৰতাৰ চিহ্ন হল লাইটৰ মুকুট যিটো প্ৰত্যেক ব্ৰাহ্মণ আত্মাই পিতাৰ দ্বাৰা প্ৰাপ্ত কৰে। পবিত্ৰতাৰ লাইটৰ এই মুকুট সেই ৰত্নজড়িত মুকুটতকৈ অতি শ্ৰেষ্ঠ হয়। এই মুকুট মহান আত্মা, পৰমাত্ম ভাগ্যৱান আত্মা, উচ্চতকৈও উচ্চ আত্মাৰ চিহ্ন হয়। বাপদাদাই প্ৰত্যেক সন্তানকে জন্মতে পবিত্ৰ হোৱাৰ বৰদান দিয়ে, যাৰ সূচক হৈছে লাইটৰ মুকুট।
 

স্লোগান:
বেহদৰ বৈৰাগ্য বৃত্তিৰ দ্বাৰা ইচ্ছাবোৰৰ বশীভূত অশান্ত আত্মাসকলৰ অশান্তি দূৰ কৰা।