05.02.19       Morning Assame Murli        Om Shanti      BapDada       Madhuban


" মৰমৰ সন্তানসকল পিতা আহিছে কাঁইটক ফুল কৰি তুলিবলৈ , পিতাৰ মৰম কাঁইটৰ প্ৰতিও আছে আৰু ফুলৰ প্ৰতিও আছে। কাঁইটকে ফুল কৰি তোলাৰ চেষ্টা কৰে

প্ৰশ্ন:
যি সকল সন্তানৰ জ্ঞান ৰ ধাৰণা হ ব তেওঁলোকৰ লক্ষণবোৰ শুনোৱা ?

উত্তৰ:
তেওঁলোকে (কমাল) চমৎকাৰ কৰি দেখুৱাব। তেওঁলোকে নিজৰ আৰু আনৰ কল্যাণ নকৰাকৈ থাকিব নোৱাৰে। তীৰ লাগি গল গতিকে নষ্টোমোহা হৈ আত্মিক সেৱাত লাগি যাব। তেওঁলোকৰ অৱস্থা একৰস অচল-অটল হব। কেতিয়াও কোনোধৰণৰ অনৰ্থক কাম নকৰিব। কাকো দুখ নিদিব। অৱগুণ ৰূপী কাঁইট আতৰাই গৈ থাকিব।

ওঁম্ শান্তি।
এয়াতো সন্তানসকলে জানে পিতা হৈছে বিশাল লিভাৰ ঘড়ী। একেবাৰে এক্যুৰেট (সঠিক) সময়ত কাঁইটক ফুল দৰে গঢ়ি তুলিবলৈ আহে। চেকেণ্ডো হেৰ-ফেৰ হব নোৱাৰে। অলপো হীনডেঢ়ি (ইফাল-সিফাল) হব নোৱাৰে। এইয়াও মিঠা-মিঠা সন্তানসকলে জানে যে এই সময়ত হৈছে কলিযুগী কাঁইটৰ জংঘল। সেয়েহে ফুল হবলৈ গৈ থকাসকলৰ এইটো অনুভূতি হব লাগে যে আমি ফুল হৈ আছো। প্ৰথমতে আমি সকলো কাঁইট আছিলো, কোনোবা সৰু, কোনোবা ডাঙৰ। কোনোবাই বহুত দুখ দিছিল, কোনোবাই কম। এতিয়া পিতাৰ মৰমতো সকলোৰে প্ৰতি আছে। গায়নো আছে, কাঁইটৰ প্ৰতিও মৰম, ফুলৰ প্ৰতিও মৰম। প্ৰথমতে, কাৰ প্ৰতি মৰম আছে? নিশ্চয় কাঁইটৰ প্ৰতি মৰম আছে। ইমান মৰম আছে যে তেওঁলোকক অনেক চেষ্টা কৰি কাঁইটৰ পৰা ফুল কৰি গঢ়ি তোলে। আহেও কাঁইটৰ দুনিয়ালৈ। ইয়াত সৰ্বব্যাপিৰ কথা থাকিব নোৱাৰে। এজনৰেই মহিমা কৰা হয়। মহিমা আত্মাসকলৰ হয়। যেতিয়া আত্মাই শৰীৰ ধাৰণ কৰি ভূমিকা পালন কৰে। শ্ৰেষ্ঠাচাৰীও আত্মাই হয় আৰু ভ্ৰষ্টাচাৰীও আত্মাই হয়। আত্মাই শৰীৰ ধাৰণ কৰি যেনেকুৱা কৰ্ম কৰে, সেই অনুসৰি কোৱা হয় যে এইয়া কুকৰ্ম, এইয়া সুকৰ্ম। আত্মায়ে ভাল বা বেয়া কৰ্ম কৰে। নিজকে সোধা সত্যযুগী দৈৱী ফুল হোৱা নে কলিযুগী আসুৰী কাঁইট হোৱা? কত সত্যযুগ, কত কলিযুগ! কত দেৱতা, কত অসুৰ! বহুত পাৰ্থক্য আছে। যিসকল কাঁইট হয় তেওঁলোকে নিজকে ফুল বুলি কব নোৱাৰে। ফুল সত্যযুগতহে থাকে, কলিযুগততো নাথাকে। এতিয়া এয়া হৈছে সংগমযুগ, যত তোমালোক কাঁইটৰ পৰা ফুল হোৱা। শিক্ষকে পাঠ দিয়ে, সন্তানসকলৰ কাম হৈছে সেয়া ৰিফাইন (সূক্ষ্ম ভাৱে বাখ্যা) কৰি শুনোৱা। তাত এইটোও লিখি দিয়া যে যদি ফুল হব বিচৰা তেন্তে নিজকে আত্মা বুলি ভাবা আৰু ফুল কৰি তোলোঁতা পৰমপিতা পৰমাত্মাক স্মৰণ কৰা তেতিয়া তোমালোকৰ অৱগুণ আঁতৰি যাব আৰু তোমালোক সতোপ্ৰধান হৈ যাবা। বাবাই নিবন্ধ দিয়ে। সন্তানসকলৰ কাম হৈছে শুদ্ধকৈ ছপা কৰা। তেতিয়া সকলো মনুষ্যই তাৰ ওপৰত চিন্তা কৰিবলৈ বাধ্য হৈ যাব। এইয়া হৈছে পঢ়া। বাবাই তোমালোকক বেহদৰ বুৰঞ্জী-ভূগোল পঢ়ায়। সেই স্কুলবিলাকত পুৰণি দুনিয়াৰ বুৰঞ্জী-ভূগোল পঢ়োৱা হয়। নতুন দুনিয়াৰ বুৰঞ্জী-ভূগোলৰ বিষয়েতো কোনেও নাজানে। গতিকে এইয়া পঢ়াও হয় আৰু বুজনিও হয়। কোনো ছিঃছিঃ (লেতেৰা) কাম কৰাতো হৈছে বুদ্ধিহীনতা। আকৌ বুজোৱা হয় এই বিকাৰী দুখ দিয়া কাম কৰিব নালাগে। দুখ-হৰ্তা, সুখ-কৰ্তা পিতাৰ মহিমা আছে, নহয় জানো। ইয়াত তোমালোকেও শিকি আছা যে কাকো দুখ দিব নালাগে। পিতাই শিক্ষা দিয়ে - সদায় সুখ দি থাকিবা। এইটো অৱস্থা ইমান সোনকালে গঢ়ি নুঠে। চেকেণ্ডতে পিতাৰ উত্তৰাধিকাৰতো লব পাৰা। বাকী যোগ্য হৈ উঠিবলৈ সময় লাগে। বুজি পায় যে বেহদৰ পিতাৰউত্তৰাধিকাৰ হৈছে স্বৰ্গৰ বাদশ্বাহী (সাম্ৰাজ্য)। তোমালোকে বুজোৱাও যে পাৰলৌকিক পিতাৰ পৰা ভাৰতে বিশ্বৰ বাদশ্বাহী পাইছিল। তোমালোক সকলো বিশ্বৰ মালিক আছিলা। তোমালোক সন্তানসকলৰ অন্তৰত এইটো আনন্দ থকা উচিত। যোৱাকালিৰ কথা, যেতিয়া তোমালোক স্বৰ্গৰ মালিক আছিলা। মনুষ্যই লাখ বছৰ বুলি কৈ দিয়ে। কত এটা-এটা যুগৰ আয়ুস লাখ বছৰ বুলি কৈ দিয়ে, কত গোটেই কল্পৰ আয়ুস 5 হাজাৰ বছৰ। বহুত পাৰ্থক্য আছে।

জ্ঞানৰ সাগৰ এজনেই বেহদৰ পিতা। তেওঁৰ পৰা দৈৱীগুণ ধাৰণা কৰা উচিত। এই দুনিয়াৰ মনুষ্য দিনে-প্ৰতিদিনে তমোপ্ৰধান হৈ গৈ থাকে। বেছিহে অৱগুণ শিকি গৈ থাকে। আগতে ইমান দুৰ্নীতি, ভেজাল, ভ্ৰষ্টাচাৰ নাছিল, এতিয়া বাঢ়ি গৈ আছে। তোমালোক এতিয়া পিতাৰ স্মৃতিৰ বলেৰে সতোপ্ৰধান হৈ গৈ আছা। যেনেকৈ অধোগামী হোৱা, আকৌ তেনেকৈয়ে যাবও লাগিব। প্ৰথমতে পিতাক পালা তাৰ বাবে আনন্দিত হবা, কানেকচ্যন (সংযোগ, সম্পৰ্ক) গঢ়ি উঠিল তাৰ পিছত হল স্মৃতিৰ যাত্ৰা। যিয়ে বেছি ভক্তি কৰিছিল তেওঁলোকৰ স্মৃতিৰ যাত্ৰাও বেছি হব। বহুত সন্তানে কয় বাবা স্মৃতি স্থায়ী হৈ নাথাকে। ভক্তিতো এনেকুৱা হয়। কথা শুনিবলৈ বহিলে বুদ্ধি ইফালে-সিফালে গুছি যায়। শুনাঁওতাই চাই থাকে পিছত হঠাৎ সোধে - মই কি শুনালো, তেতিয়া বিবুদ্ধিত পৰে, কোনোৱাই আকৌ তৎক্ষণাৎ কৈ দিব। সকলোৱেতো একেধৰণৰ নহয়। যদিও ইয়াত বহি থাকে কিন্তু ধাৰণা হলে একো নহয়। ধাৰণা হোৱাহেঁতেন চমৎকাৰ কৰি দেখুৱালেহেঁতেন। তেওঁলোকে নিজৰ আৰু অন্যৰ কল্যাণ নকৰাকৈ থাকিব নোৱাৰে। যদিও কিছুমানৰ ঘৰত বহুত সুখ থাকে, মহল (অট্টালিকা), গাড়ী আদি আছে কিন্তু এবাৰ তীৰ লাগি গলে বচ, পতিক কব মই এই আত্মিক সেৱা কৰিব বিচাৰিছো। কিন্তু মায়াও অতি বলৱান, কৰিবলৈ নিদিয়ে। মোহ আছে নহয় জানো। ইমানবিলাক অট্টালিকা, ইমান সুখ কেনেকৈ ত্যাগ কৰো। হেৰ, এয়া ইমানবিলাক আগতে দৌৰি আহিল। ডাঙৰ ডাঙৰ লাখপতি, কৌটিপতি ঘৰৰ আছিল, সকলো এৰি গুছি আহিল। এইয়া ভাগ্যই দেখুৱায়, এওঁৰ ত্যাগ কৰিবলৈ ইমান শক্তি নাই। ৰাৱণৰ শিকলিত বান্ধ খাই আছে। এইয়া হ'ল বুদ্ধিৰ শিকলি। পিতাই বুজায় - হেৰ, তোমালোক স্বৰ্গৰ মালিক পূজ্য হৈ পৰা! পিতাই প্ৰতিশ্ৰুতি দিছে 21 জন্ম তোমালোকৰ কেতিয়াও বেমাৰ নহব। 21 জন্মলৈকে সৰ্বদা স্বাস্থ্যৱান হৈ থাকিবা। তোমালোক পতিৰ লগতে থাকা, কেৱল তেওঁৰ পৰা অনুমতি লোৱা - পবিত্ৰ হম আৰু আনকো পবিত্ৰ কৰি তুলিম। পিতাক স্মৰণ কৰাতো তোমালোকৰ কৰ্তব্য, যাৰ পৰা অপাৰ সুখ পোৱা যায়। স্মৰণ কৰোতে-কৰোতে তমোপ্ৰধানৰ পৰা সতোপ্ৰধান হৈ যাবাগৈ। কিমান বুজিবলগীয়া কথা। শৰীৰৰ ওপৰত ভৰসা নাই। পিতাৰতো হৈ যোৱা। তেওঁৰ নিচিনা মৰমৰ বস্তু আৰু একো নাই। পিতাই বিশ্বৰ মালিক কৰি তোলে, কয় যিমান বিচৰা সিমানে সতোপ্ৰধান হোৱা। তোমালোকে অপাৰ সুখ দেখিবলৈ পাবা। বাবাই এই নাৰীসকলৰ দ্বাৰা স্বৰ্গৰ দুৱাৰ মুকলি কৰে। মাতাসকলৰ ওপৰতেই জ্ঞানৰ কলহ ৰখা হয়। বাবাই মাতাসকলকে ট্ৰাষ্টি (নিমিত্ত) কৰিছে, সকলো তোমালোক মাতাসকলেই চম্ভালা। তেওঁলোকৰ দ্বাৰাই কলহ ৰাখিছে নহয় জানো। আকৌ তেওঁলোকে লিখি দিছে যে সাগৰ মন্থন কৰিলে, অমৃতৰ কলহ লক্ষ্মীক দিলে। এতিয়া তোমালোকে জানা - বাবাই স্বৰ্গৰ দুৱাৰ খুলি আছে। তেন্তে কিয়নো আমি বাবাৰ পৰা উত্তৰাধিকাৰ নলওঁ। কিয়নো বিজয় মালালৈ আহি নাযাওঁ, মহাবীৰ নহওঁ। বেহদৰ পিতাই সন্তানসকলক কোলাত তুলি লয় - কিহৰ বাবে? স্বৰ্গৰ মালিক কৰি তুলিবৰ বাবে। যিসকল একেবাৰে কাঁইটৰ দৰে তেওঁলোকক বহি শিক্ষা দিয়ে। তেন্তে কাঁইটৰ প্ৰতিও মৰম আছে নহয় জানো, সেই কাৰণে তেওঁলোকক ফুল কৰি তোলে। পিতাক আহ্বানেই কৰে পতিত দুনিয়া আৰু পতিত শৰীৰলৈ, নির্বাণধাম এৰি ইয়ালৈ আঁহা। পিতাই কয় - ড্ৰামা অনুসৰি মই কাঁইটৰ দুনিয়ালৈকে আহিবলগীয়া হয়। তেন্তে নিশ্চয় মৰম আছে নহয় জানো। মৰমৰ নাথাকিলে ফুল কেনেকৈ কৰি তুলিব? এতিয়া তোমালোক কলিযুগী কাঁইটৰ পৰা সত্যযুগী দেৱতা সতোপ্ৰধান বিশ্বৰ মালিক হোৱা। কিমান মৰমেৰে বুজোৱা হয়। কুমাৰীসকল ফুল হয়, সেইবাবেতো সকলোৱে তেওঁলোকৰ চৰণত পৰে। কন্যা যেতিয়া কাঁইট (পতিত) হৈ যায় তেতিয়া সকলোকে মূৰ দোঁৱাবলগীয়া হয়। তেন্তে কি কৰা উচিত? ফুল, ফুলেই হৈ থাকিব লাগে তেতিয়া এভাৰফুল (সৰ্বদা ফুল) হৈ যাবা। কুমাৰীসকলতো নির্বিকাৰী হয় নহয় জানো, যদিও জন্ম বিকাৰৰ দ্বাৰা হৈছে। যেনেকৈ সন্ন্যাসীয়ে জন্মতো বিকাৰৰ দ্বাৰাই লয় নহয় জানো। বিয়া হৈ আকৌ ঘৰ-বাৰী এৰি দিয়ে। তেওঁলোকক আকৌ মহান আত্মা বুলি কয়। ক'ত সেই সত্যযুগৰ মহান আত্মা বিশ্বৰ মালিক আৰু ক'ত এই কলিযুগৰ মহান আত্মা! সেইকাৰণে বাবাই কৈছে - প্ৰশ্ন লিখা যে কলিযুগী কাঁইট হোৱা নে সত্যযুগী ফুল হোৱা? ভ্ৰষ্টাচাৰী হোৱা নে শ্ৰেষ্ঠাচাৰী?

যিহেতু এতিয়া ৰাৱণৰ ৰাজ্য সেয়েহে এয়া ভ্ৰষ্টাচাৰী দুনিয়া। কোৱা হয় অসুৰৰ ৰাজ্য, ৰাক্ষসৰ ৰাজ্য। কিন্তু নিজকে জানো কোনোবাই এনেকৈ ভাবে। এতিয়া তোমালোক সন্তানসকলে যুক্তিৰে প্ৰশ্ন সোধা তেতিয়া তেওঁলোকে নিজেই বুজি পায় যেসঁচাকৈয়ে আমি কামী, ক্ৰোধী, লোভী হওঁ। প্ৰদৰ্শনীতো এনেকৈ লিখি দিয়া তেতিয়া তেওঁলোকে অনুভৱ কৰিব যে মইতো কলিযুগী কাঁইট হওঁ। এতিয়া তোমালোক ফুল হৈ আছা। বাবাতো এভাৰফুল (সৰ্বদা ফুল) হয়। তেওঁ কেতিয়াও কাঁইট নহয়। বাকী সকলো কাঁইট হৈ যায়। সেই ফুলপাহে কয়- তোমালোককো কাঁইটৰ পৰা ফুল কৰি তোলো। তোমালোকে মোক স্মৰণ কৰা। মায়া কিমান প্ৰৱল হয়। তেন্তে কি তোমালোক মায়াৰ হৈ যাব লাগে? পিতাই তোমালোকক নিজৰ ফালে টানে, মায়াই নিজৰ ফালে টানে। এয়া হৈছে পুৰণি জোতা (শৰীৰ)। আত্মাই প্ৰথমতে নতুন জোতা পায়, পিছত পুৰণা হৈ যায়। এই সময়ত গোটেই জোতাবোৰেই তমোপ্ৰধান। মই তোমালোকক মখমলৰ (এবিধ কোমল কাপোৰ) দৰে কৰি তোলো। তাত আত্মা পবিত্ৰ হোৱাৰ কাৰণে শৰীৰো মখমলৰ দৰে হয়। কোনো ডিফেক্ট (ত্ৰুটি) নাথাকে। ইয়াততো বহুত ডিফেক্ট আছে। তাৰ চেহেৰালৈ চোৱা কিমান সুন্দৰ। তেনেকুৱা চেহেৰাতো ইয়াত কোনেও বনাব নোৱাৰে। এতিয়া পিতাইও কয় - মই কিমান উচ্চ কৰি তোলো। ঘৰ গৃহস্থত থাকি কমল ফুলৰ সমান পবিত্ৰ হোৱা আৰু জন্ম-জন্মান্তৰৰ যি মামৰ লাগি আছে, তাক আতৰাবলৈ যোগ অগ্নি আছে। ইয়াত সকলো পাপ ভস্ম হৈ যাব। তোমালোক প্ৰকৃত সোণ হৈ যাবা। খাদ উলিওৱাৰ বহুত ভাল উপায় শুনায়, মামেকম (মনে মনে কেৱল মোকেই) স্মৰণ কৰা। তোমালোকৰ বুদ্ধিত এই জ্ঞান আছে। আত্মাও অতি সূক্ষ্ম। ডাঙৰ হোৱাহেঁতেন এওঁৰ শৰীৰত প্ৰৱেশ কৰিব নোৱাৰিলেহেঁতেন। কেনেকৈ কৰিব? আত্মাক চাবলৈ ডাক্তৰে বহুত প্ৰয়াস কৰে, কিন্তু দেখা পোৱা নাযায়। সাক্ষাৎকাৰ হয়। কিন্তু সাক্ষাৎকাৰৰ পৰাতো কোনো লাভ নহয়। ধৰি লোৱা তোমাৰ বৈকুণ্ঠৰ সাক্ষাৎকাৰ হ'ল কিন্তু ইয়াৰ পৰা লাভ কি! বৈকুণ্ঠবাসীতো তেতিয়াহে হ'বা যেতিয়া পুৰণি দুনিয়া শেষ হ'ব। ইয়াৰ বাবে তোমালোকে যোগৰ অভ্যাস কৰা।

সেয়েহে পিতাই বুজায় সন্তানসকল, প্ৰথমতে কাঁইটৰ লগত প্ৰেম হয়। সকলোতকৈ অধিক প্ৰেমৰ সাগৰ হৈছে পিতা। তোমালোক সন্তানসকলো মিঠা হৈ যোৱা। পিতাই কয় নিজকে আত্মা বুলি ভাবি ভাই-ভাই দৃষ্টিৰে চালে তেতিয়া অশুদ্ধ চিন্তা একেবাৰে আতৰি যাব। ভাই-ভনীৰ সম্বন্ধৰেও বুদ্ধি চঞ্চল হয় সেই কাৰণে ভাই-ভাইক চোৱা। তাততো শৰীৰেই নাথাকে যাৰ বাবে দেহ ভাৱ আহিব বা মোহ উৎপন্ন হব।

পিতাই আত্মাকসকলকে পঢ়ায়। তেন্তে তোমালোকেও নিজক আত্মা বুলি বুজা। এই শৰীৰ বিনাশী হয়, ইয়াৰ প্ৰতি জানো অন্তৰ লগাব লাগে। সত্যযুগত ইয়াৰ (শৰীৰৰ) প্ৰতি প্ৰীত নাথাকে। মোহ জীত ৰজাৰ কথা শুনিছা নহয়। কলে আত্মাই এটা শৰীৰ এৰি আন এটা লব। পাৰ্ট (ভুমিকা) ঠিৰাং কৰি থোৱা আছে গতিকে মোহ কিয় ৰাখিম? সেই কাৰণে বাবাইও কয় সাৱধান হৈ থাকিবা। মাৰ মৃত্যু হলেও, পত্নীৰ মৃত্যু হলেও, হালোৱা খাবা। এইটো প্ৰতিজ্ঞা কৰা যে কাৰোৱাৰ মৃত্যু হলেও মই নাকান্দো। তোমালোকে নিজৰ পিতাক স্মৰণ কৰা, সতোপ্ৰধান হোৱা। সতোপ্ৰধান হোৱাৰ আন কোনো মাৰ্গ নাই। পুৰুষাৰ্থৰ দ্বাৰাহে বিজয় মালাৰ মণি হব পাৰিবা। পুৰুষাৰ্থ কৰি যি হব বিচৰা সেইয়া হব পাৰা। পিতাইতো বুজি পায় যিমান পুৰুষাৰ্থ কল্পৰ আগতে কৰিছিল সিমানেই কৰিব। পিতাতো হয়েই দৰিদ্ৰ নিবাসী। দানো দৰিদ্ৰসকলকে দিয়া হয়। পিতাই নিজেই কয় - মইও সাধাৰণ শৰীৰত আহোঁ। দুখীয়াও নহয়, ধনীও নহয়। তোমালোক সন্তানসকলেহে পিতাক জানা, বাকী গোটেই দুনিয়াইতো সৰ্বব্যাপি বুলি কৈ দিয়ে। পিতাই এনেকুৱা ধৰ্ম প্ৰতিষ্ঠা কৰে যে তাত দুখৰ নামো নাথাকিব।

ভক্তি মাৰ্গত মনুষ্যই আৰ্শীবাদ বিচাৰে। ইয়াত কৃপাৰ কোনো কথা নাই। কাৰ ওচৰত মূৰ দোৱাব? বিন্দু নহয় জানো। ডাঙৰ কিবা বস্তু হলে মূৰ দোৱাব। সৰু বস্তুৰ ওচৰত মূৰ দোৱাবও নোৱাৰে। হাত যোৰ কৰি কাক প্ৰণাম জনাব। ভক্তি মাৰ্গৰ এই সকলোবোৰ চিন নোহোৱা হৈ যাব। হাত যোৰ কৰাটো ভক্তিমাৰ্গ হৈ যায়। ঘৰত ভাই-ভনীয়ে হাতযোৰ কৰে জানো? সন্তান বিচাৰেই উত্তৰাধিকাৰী বনাবৰ বাবে। সন্তান মালিক নহল জানো, সেইবাবে পিতাই সন্তানসকলক নমস্কাৰ কৰে। পিতাটো সন্তানসকলৰ সেৱক হয়। ভাল বাৰু!

অতি মৰমৰ কল্পৰ পিছত পুনৰাই লগ পোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।


ধাৰণাৰ বাবে মুখ্য সাৰ :
(1) বিনাশী শৰীৰৰ প্ৰতি অন্তৰ লগাব নালাগে। মোহজীৎ হব লাগে, প্ৰতিজ্ঞা কৰা যে যিয়েই শৰীৰ ত্যাগ নকৰক, মই কেতিয়াও নাকান্দো।

(2) পিতাৰ সমান মিঠা হব লাগে, সকলোকে সুখ দিব লাগে। কাকোৱে দুখ দিব নালাগে। কাঁইটক ফুল কৰি তোলাৰ সেৱা কৰিব লাগে। নিজৰ আৰু আনৰ কল্যাণ কৰিব লাগে।

বৰদান:
দেহ - ভাৱৰ পৰা উপৰাম হৈ পৰমাত্ম ( ঈশ্বৰীয় ) মৰমৰ অনুভৱ কৰোঁতা কমল আসনধাৰী হোৱা

কমল আসন ব্ৰাহ্মণ আত্মাসকলৰ শ্ৰেষ্ঠ স্থিতিৰ চিন। এনেকুৱা কমল আসনধাৰী আত্মাসকল এই দেহ ভাৱৰ পৰা স্বতঃ উপৰাম হৈ থাকে। তেওঁলোকক শৰীৰৰ ভাৱ বা বোধে নিজৰ ফালে আকৰ্ষণ নকৰে। যেনেকৈ ব্ৰহ্মা পিতাৰ চলোতে ফুৰোতে ফৰিস্তা ৰূপ বা দেৱতা ৰূপ সদায় স্মৃতিত আছিল তেনেকৈ স্বাভাৱিক দেহী-অভিমানী স্থিতি সদায় থাকিলে তেতিয়া তেওঁক দেহ-ভাৱৰ পৰা উপৰাম বুলি কোৱা হয়। এনেকৈ দেহ-ভাৱৰ পৰা উপৰাম হৈ থকাজনেই পৰমাত্ম স্নেহী হৈ যায়।

স্লোগান:
তোমাৰ বিশেষত্ব বা গুণবোৰ প্ৰভু প্ৰসাদ হয় , সেইবোৰক মোৰ বুলি মানি লোৱাটোৱেই হ ল দেহ - অভিমান।