05.02.20       Morning Assame Murli        Om Shanti      BapDada       Madhuban


"মৰমৰ সন্তানসকল পাছ্ উইথ্ অনাৰ (সন্মান সহকাৰে উত্তীৰ্ণ) হবলৈ হলে বুদ্ধিযোগ অলপো দিগভ্ৰান্ত হব নালাগে, এজন পিতাৰে স্মৃতি থাকিব লাগে, দেহক স্মৰণ কৰাসকলে উচ্চ পদ পাব নোৱাৰে

প্ৰশ্ন:
সকলোতকৈ উচ্চ লক্ষ্য কোনটো?

উত্তৰ:
আত্মা জীৱন্তে মৰি এজন পিতাৰ হোৱা আৰু অন্য একোৱে যাতে স্মৃতিলৈ নাহে, দেহ-অভিমান একেবাৰে নাইকিয়া হৈ যায় এয়াই হৈছে উচ্চ লক্ষ্য। নিৰন্তৰ দেহী-অভিমানী অৱস্থা হৈ যোৱা এয়া হল উচ্চ লক্ষ্য। ইয়াৰ দ্বাৰাই কৰ্মাতীত অৱস্থা প্ৰাপ্ত কৰিবা।

গীত:
তু প্যাৰ কা সাগৰ... (তুমি স্নেহৰ সাগৰ...)

ওঁম্শান্তি।
এতিয়া এই গীতটিও ভুল। স্নেহৰ সলনি হোৱা উচিত জ্ঞানৰ সাগৰ। স্নেহৰ কোনো ঘটী নাথাকে। ঘটী গংগা জল আদিৰ থাকে। গতিকে এয়া হল ভক্তি মাৰ্গৰ মহিমা। এইটো ভুল আৰু সেইটো শুদ্ধ। পিতা প্ৰথমতেতো জ্ঞানৰ সাগৰ। সন্তানসকলৰ যদি অলপো জ্ঞান থাকে তেতিয়াও বহুত উচ্চ পদ প্ৰাপ্ত কৰে। সন্তানসকলে জানে যে এতিয়া এই সময়ত আমি যথাৰ্থতে চৈতন্য দেলৱাড়া মন্দিৰৰ সদস্য। সেয়া হল জড় দেলৱাড়া মন্দিৰ আৰু এয়া হল চৈতন্য দেলৱাড়া। এয়াও আচৰিত নহয় জানো। যত জড় স্মৃতিচিহ্ন আছে তত তোমালোক চৈতন্যসকল আহি বহা। কিন্তু মনুষ্যই কিবা বুজি পায় জানো। আগলৈ গৈ বুজিব যে যথাৰ্থতে এইখন গড্‌ ফাদাৰলি ইউনিভাৰ্ছিটি (ঈশ্বৰ পিতাৰ বিশ্ব বিদ্যালয়), ইয়াত ভগৱানে পঢ়ায়। ইয়াতকৈ ডাঙৰ ইউনিভাৰ্ছিটি আন একো হব নোৱাৰে। আৰু এইটোও বুজিব যে এয়াতো যথাৰ্থতে চৈতন্য দেলৱাড়া মন্দিৰ হয়। এই দেলৱাড়া মন্দিৰ তোমালোকৰ এক্যুৰেট (সঠিক) স্মৃতিচিহ্ন হয়। ওপৰৰ ছাদ্‌ত সূৰ্যবংশী-চন্দ্ৰবংশী আছে, তলত আদি দেৱ আৰু সন্তানসকল বহি আছে। এওঁৰ নাম হল ব্ৰহ্মা, তাৰ পাছত সৰস্বতী হৈছে ব্ৰহ্মাৰ বেটী (জীয়ৰী)। প্ৰজাপিতা ব্ৰহ্মা আছে যেতিয়া তেন্তে নিশ্চয় গোপ-গোপীও নাথাকিব জানো। সেয়া হল জড় চিত্ৰ। যি পাষ্ট (অতীতত) হৈ গৈছে তেওঁলোকৰ আকৌ চিত্ৰ তৈয়াৰ কৰা হৈছে। কোনোবা মৰিলে তেতিয়া তৎক্ষণাৎ তেওঁৰ চিত্ৰ বনাই দিয়ে, তেওঁৰ পজিচন (পদ মৰ্যাদা), বায়োগ্ৰাফী (জন্মপত্ৰী)ৰ বিষয়েতো নাজানে। অক্যুপেশ্বন (বৃত্তি, কৰ্তব্যৰ বিষয়ে) নিলিখিলে তেতিয়া সেই চিত্ৰ কোনো কামৰ হৈ নাথাকে। গম পোৱা যায় অমুকে এইটো এইটো কৰ্তব্য কৰিছে। এতিয়া এয়া যি দেৱতাসকলৰ মন্দিৰ আছে, তেওঁলোকৰ অক্যুপেশ্বন, বায়োগ্ৰাফীৰ বিষয়ে কোনেও নাজানে। উচ্চতকৈও উচ্চ শিৱবাবাক কোনেও নাজানে। এই সময়ত তোমালোক সন্তানসকলে সকলোৰে বায়োগ্ৰাফীক জানা। মুখ্য কোন কোন হৈ গৈছে যাক পূজা কৰে? উচ্চতকৈও উচ্চ হৈছে ভগৱান। শিৱৰাত্ৰীও পালন কৰে, তেন্তে নিশ্চয় তেওঁৰ অৱতৰণ হৈছে, কিন্তু কেতিয়া হল, তেওঁ আহি কি কৰে সেয়া কোনেও নাজানে। শিৱৰ লগত ব্ৰহ্মা থাকেই। আদি দেৱ আৰু আদি দেৱী কোন হয়, তেওঁলোকক ইমান বাহু কিয় দিছে? কিয়নো বৃদ্ধিতো হৈয়েই থাকে নহয় জানো। প্ৰজাপিতা ব্ৰহ্মাৰ পৰা কিমান বৃদ্ধি হয়। ব্ৰহ্মাৰ ক্ষেত্ৰতে কোৱা হয় 100 ভূজা, হাজাৰ ভূজাধাৰী। বিষ্ণু বা শংকৰৰ ক্ষেত্ৰত ইমান ভূজা বুলি নকয়। ব্ৰহ্মাৰ ক্ষেত্ৰত কিয় কয়? এয়া প্ৰজাপিতা ব্ৰাহ্মাৰে গোটেই বংশাৱলী নহয় জানো। এয়া কোনো বাহুৰ কথা নহয়। তেওঁলোকে যদিও কয় হাজাৰ ভূজাধাৰী ব্ৰহ্মা, কিন্তু অৰ্থ বুজি পায় জানো! এতিয়া তোমালোকে প্ৰেক্টিকেলত (ব্যৱহাৰিক ভাৱে) চোৱা ব্ৰহ্মাৰ ভূজা কিমান আছে। এয়া হল বেহদৰ ভূজা। প্ৰজাপিতা ব্ৰহ্মাকতো সকলোৱে মানে কিন্তু অক্যুপেশ্বনক কোনেও নাজানে। আত্মাৰতো ভূজা নাথাকে, ভূজা শৰীৰৰ থাকে। ইমান কৌটি ভাই (আত্মা) আছে তেন্তে তেওঁলোকৰ কিমান ভূজা হল। কিন্তু প্ৰথমতে যেতিয়া কোনোবাই যথা ৰীতি জ্ঞান বুজি পাব, তাৰ পাছত এই কথাবোৰ শুনাব লাগে। প্ৰথম মুখ্য কথাটি হল - এজন পিতাই কয় মোক স্মৰণ কৰা আৰু উত্তৰাধিকাৰক স্মৰণ কৰা আকৌ জ্ঞানৰ সাগৰ বুলিও গায়ন আছে। কিমান অনেক পইণ্ট শুনায়। ইমানবোৰ পইণ্টচ সকলোবোৰতো স্মৃতিত থাকিব নোৱাৰে। সাৰমৰ্ম বুদ্ধিত থাকি যায়। শেষত সাৰমৰ্ম হৈ যায় মনমনাভৱ।

জ্ঞানৰ সাগৰ বুলি কৃষ্ণক নকয়। তেওঁ হল ৰচনা। ৰচয়িতা এজনে পিতা। পিতাইহে সকলোকে উত্তৰাধিকাৰ দিব, ঘৰলৈ লৈ যাব। পিতা তথা আত্মাসকলৰ ঘৰ হৈছেই চাইলেন্স হোম (শান্তিধাম)। বিষ্ণুপুৰীক পিতাৰ ঘৰ বুলি কোৱা নহয়। ঘৰ হৈছে মূলবতন। যত আত্মাসকল থাকে। এই সকলো কথা চেন্সিবুল সন্তানসকলেহে ধাৰণ কৰিব পাৰে। ইমান বিশাল জ্ঞানৰ স্মৃতি কাৰো বুদ্ধিত থাকিব নোৱাৰে। ইমান কাগজততো লিখিব নোৱাৰে। এই মুৰুলীবোৰো সকলো একত্ৰিত কৰিলে তেতিয়া এই গোটেই হলটোতকৈ বেছি হৈ যাব। সেই (লৌকিক) পঢ়াতো কিমান ঢেৰ কিতাপ থাকে। পৰীক্ষা পাছ কৰিলে তাৰ পাছত সাৰমৰ্ম বুদ্ধিত থাকি যায়। বেৰিষ্টাৰীৰ পৰীক্ষা পাছ কৰিলে, এটা জন্মৰ বাবে অল্পকালৰ সুখ লাভ কৰে। এয়া হল বিনাশী উপাৰ্জন। তোমালোককতো এই পিতাই ভৱিষ্যতৰ বাবে অবিনাশী উপাৰ্জন কৰায়। বাকী যি গুৰু-গোসাঁই আদি আছে সেই সকলোৱে বিনাশী উপাৰ্জন কৰায়। যিমানে বিনাশৰ সমীপলৈ গৈ থাকে, উপাৰ্জন কম হৈ গৈ থাকে। তোমালোকে কোৱা উপাৰ্জনতো বাঢ়ি গৈ থাকে, কিন্তু নহয়। এয়াতো সকলো নাশ হৈ যাব। আগতে ৰজা আদিৰ আৰ্জন চলিছিল। এতিয়াতো সেয়াও নাই। তোমালোকৰ আৰ্জনতো কিমান সময় চলে। তোমালোকে জানা এইখন পূৰ্ব নিৰ্ধাৰিত নাটক যাক জগতৰ কোনেও নাজানে। তোমালোকৰ ভিতৰতো ক্ৰমানুসৰি আছে যাৰ ধাৰণা হয়। কোনোৱেতো একেবাৰে একোৱেই বুজাব নোৱাৰে। কোনোৱে কয় আমি মিত্ৰ-সম্বন্ধীয় আদিক বুজাওঁ, সেয়াওতো অল্পকাললৈ নহল জানো। আনক, প্ৰদৰ্শনী আদি কিয় নুবুজোৱা? পুৰা ধাৰণা নাই। নিজকে সকলো জানো বুলিতো ভাবিব নালাগে। যদি সেৱাৰ চখ আছে তেন্তে যিসকলে ভালদৰে বুজায়, তেওঁলোকৰ পৰা শুনি লোৱা উচিত। পিতাই উচ্চ পদ প্ৰাপ্ত কৰাবলৈ আহিছে সেয়েহে পুৰুষাৰ্থ কৰা উচিত নহয় জানো। কিন্তু ভাগ্যত নাথাকিলে শ্ৰীমতকো নামানে, তেতিয়া পদ ভ্ৰষ্ট হৈ যায়। ড্ৰামা প্লেন অনুসৰি ৰাজধানী স্থাপন হৈ আছে। তাততো সকলো প্ৰকাৰৰে লাগিব নহয় জানো। সন্তানসকলে বুজিব পাৰে যে কোনোবা ভাল প্ৰজা হবগৈ, কোনোবা কম। পিতাই কয় মই তোমালোকক ৰাজযোগ শিকাবলৈ আহিছোঁ। দেলৱাড়া মন্দিৰত ৰজাসকলৰ চিত্ৰ আছে নহয় জানো। যিসকল পূজ্য হয়, তেওঁলোকেই আকৌ পূজাৰী হয়। ৰজা-ৰাণীৰ পদ মৰ্যাদাতো উচ্চ হয়। আকৌ বাম মাৰ্গলৈ গলে তেতিয়াও ৰজা অথবা ডাঙৰ ডাঙৰ ধনৱানো থাকে। জগন্নাথ মন্দিৰত সকলোকে মুকুটধাৰী দেখুৱাইছে। প্ৰজাৰতো মুকুট নাথাকিব। মুকুটধাৰী ৰজাসকলকো বিকাৰত যোৱা দেখুৱায়। তেওঁলোকৰ সুখ সম্পত্তিতো বহুত থাকিব। সম্পত্তি কম-বেছিতো হয়েই। হীৰাৰ মহল আৰু ৰূপৰ মহলৰ মাজত পাৰ্থক্যতো থাকেই। সেয়েহে পিতাই সন্তানসকলক কব ভালকৈ পুৰুষাৰ্থ কৰি উচ্চ পদ লাভ কৰা। ৰজাসকলৰ সুখ বেছি হয়, তাত সকলোৱে সুখী হয়। যেনেকৈ ইয়াত সকলোৰে দুখ, বেমাৰ আদিতো হয়েই। তাত সুখেই সুখ, তথাপিতো পদ মৰ্যাদাতো ক্ৰমানুসৰি হয়। পিতাই সদায় কয় পুৰুষাৰ্থ কৰি থাকা, অলস নহবা। পুৰুষাৰ্থৰ পৰা বুজা যায় ড্ৰামা অনুসৰি এওঁৰ সৎগতি এইদৰে ইমানখিনিয়ে হয়।

নিজৰ সৎগতিৰ কাৰণে শ্ৰীমতত চলিব লাগে। টিচাৰ (শিক্ষক)ৰ মতত যদি ষ্টুডেণ্ট (বিদ্যাৰ্থী) নচলে তেন্তে কোনো কামৰে নহয়। সকলোতো পুৰুষাৰ্থৰ ক্ৰম অনুসৰি হয়। যদি কোনোবাই কয় যে আমি এইটো কৰিব নোৱাৰিম তেনেহলে বাকী কি শিকিব! শিকি লৈ হুচিয়াৰ (বুদ্ধিমান) হোৱা উচিত যাতে সকলোৱে কয় এওঁতো বহুত ভাল বুজায়। কিন্তু আত্মা জীৱন্তে মৰি এজন পিতাৰ হৈ যাব, অন্য একোৱেই স্মৃতিলৈ নাহিব, দেহ-অভিমান নাইকিয়া হৈ যাব এয়া হল উচ্চ লক্ষ্য। সকলো পাহৰিব লাগে। পুৰা দেহী-অভিমানী অৱস্থা হৈ যাওক এইটো হৈছে উচ্চ লক্ষ্য। তাত (শান্তিধামত) আত্মা অশৰীৰীয়ে হয় আকৌ ইয়ালৈ আহি দেহ ধাৰণ কৰে। এতিয়া আকৌ ইয়াত এই দেহত থাকিও নিজকে অশৰীৰী বুলি ভাবিব লাগে। এইটো বহুত উচ্চ মেহনত। নিজকে আত্মা বুলি বুজি কৰ্মাতীত অৱস্থাত থাকিব লাগে। সাপৰো বুদ্ধি আছে নহয় জানো পুৰণা মোট (ছাল) এৰি দিয়ে। তেন্তে তোমালোকো দেহ-অভিমানৰ পৰা আঁতৰি আহিব লাগে। মূলবতনততো তোমালোক দেহী-অভিমানীয়ে হোৱা। ইয়াত দেহত থাকি নিজকে আত্মা বুলি বুজিব লাগে। দেহ-অভিমান নাইকিয়া হৈ যোৱা উচিত। কিমান ডাঙৰ পৰীক্ষা। ভগৱানে নিজে আহি পঢ়াবলগীয়া হয়। এনেকৈ আৰু কোনেও কব নোৱাৰে যে দেহৰ সকলো সম্বন্ধ ত্যাগ কৰি মোৰ হৈ যোৱা, নিজকে নিৰাকাৰ আত্মা বুলি বুজা। কোনো বস্তুৰ বোধ থাকিব নালাগে। মায়াই ইজনে সিজনৰ দেহত বহুত ফঁচাই দিয়ে, সেইবাবে বাবাই কয় এই সাকাৰ (ব্ৰহ্মা)কো স্মৰণ কৰিব নালাগে। বাবাই কয় তোমালোকেতো নিজৰ দেহকো পাহৰিব লাগে, এজন পিতাক স্মৰণ কৰিব লাগে। ইয়াৰ বাবে বহুত মেহনতৰ দৰকাৰ। মায়াই ভাল ভাল সন্তানসকলকো নাম-ৰূপত ফঁচাই দিয়ে। এইটো স্বভাৱ বৰ বেয়া। শৰীৰক স্মৰণ কৰা এয়াতো ভূতক স্মৰণ কৰা হৈ গল। মই কওঁ এজন শিৱবাবাক স্মৰণ কৰা। তোমালোকে আকৌ 5 ভূতক স্মৰণ কৰি থাকা। দেহৰ প্ৰতি একেবাৰে আকৰ্ষণ থাকিব নালাগে। ব্ৰাহ্মণীৰ পৰাও শিকিব লাগে কিন্তু তেওঁলোকৰ নাম-ৰূপত আৱদ্ধ হব নালাগে। দেহী-অভিমানী হবলৈয়ে মেহনত কৰিবলগীয়া হয়। যদিও বহুত সন্তানে বাবাৰ ওচৰলৈ চাৰ্ট (খতিয়ন) পঠাই দিয়ে, কিন্তু বাবাই সেয়া বিশ্বাস নকৰে। কোনোৱেতো কয় মই শিৱবাবাৰ বাহিৰে আন কাকো স্মৰণ নকৰোঁ, কিন্তু বাবাই জানে পাইৰ সমানো শিৱবাবাক স্মৰণ নকৰে। স্মৃতিত থাকিবলৈতো বহুত মেহনত কৰিবলগীয়া হয়। কৰবাত নহয় কৰবাত ফাঁচি যায়। দেহধাৰীক স্মৰণ কৰা, এয়াতো 5 ভূতৰ স্মৰণ কৰা হল। ইয়াকে ভূত পূজা বুলি কোৱা হয়। ভূতক স্মৰণ কৰে। ইয়াতেতো তোমালোকে এজন শিৱবাবাক স্মৰণ কৰিব লাগে। পূজা কৰাৰ কথাতো নহয়। ভক্তিৰ নাম-চিহ্ন নাইকিয়া হৈ যায়, তেন্তে আকৌ চিত্ৰক কি স্মৰণ কৰিব লাগে। সেয়াও মাটিৰে তৈয়াৰ কৰা হৈছে। পিতাই কয় এয়া সকলো নাটকত নিৰ্ধাৰিত হৈ আছে। এতিয়া পুনৰ তোমালোকক পূজাৰীৰ পৰা পূজ্য কৰি তোলোঁ। এজন পিতাৰ বাহিৰে কাৰো শৰীৰক স্মৰণ কৰিব নালাগে। আত্মা যেতিয়া পবিত্ৰ হৈ যাব তেতিয়া শৰীৰো পবিত্ৰ পাবা। এতিয়াতো এই শৰীৰ পবিত্ৰ নহয়। প্ৰথমতে আত্মা যেতিয়া সতোপ্ৰধানৰ পৰা সতো, ৰজো, তমোলৈ আহে তেতিয়া শৰীৰো সেই অনুসৰি লাভ কৰে। এতিয়া তোমালোক আত্মা পবিত্ৰ হৈ গৈ থাকিবা, কিন্তু শৰীৰ এতিয়া পবিত্ৰ নহব। এয়া বুজিবলগীয়া কথা। এই পইণ্টবোৰো তেওঁলোকৰ বুদ্ধিত ধাৰণ হব যিসকলে ভালদৰে বুজি আনকো বুজাই থাকিব। আত্মাহে সতোপ্ৰধান হব লাগিব। পিতাক স্মৰণ কৰাৰ ক্ষেত্ৰতে বহুত মেহনত কৰিবলগীয়া হয়। কিছুমানেতো অকণমানো স্মৃতিত নাথাকে। পাছ্‌ উইথ্‌ অনাৰ হবলৈ হলে বুদ্ধিযোগ অলপো দিগভ্ৰান্ত হব নালাগে। এজন পিতাৰহে যাতে স্মৃতি থাকে। কিন্তু সন্তানসকলৰ বুদ্ধিযোগ দিগভ্ৰান্ত হৈ থাকে। যিমানে বহুতক নিজৰ সমান কৰি তুলিবা সিমানে উচ্চ পদ পাবা। দেহক স্মৰণ কৰাসকলে কেতিয়াও উচ্চ পদ পাব নোৱাৰে। ইয়াতেতো পাছ্‌ উইথ্‌ অনাৰ হব লাগে। মেহনত অবিহনে এই পদ কেনেকৈ পাবা! দেহক স্মৰণ কৰাসকলে কোনো পুৰুষাৰ্থ কৰিব নোৱাৰে। পিতাই কয় পুৰুষাৰ্থ কৰাসকলক ফলো (অনুসৰণ) কৰা। এৱোঁ (ব্ৰহ্মা) পুৰুষাৰ্থী নহয় জানো।

এই জ্ঞান অতি বিচিত্ৰ। জগতত কোনেও নাজানে। কাৰো বুদ্ধিত ধাৰণ নহয় যে আত্মাৰ পৰিৱৰ্তন কেনেকৈ হয়। এয়া সকলো গুপ্ত মেহনত। বাবাও গুপ্ত। তোমালোকে ৰাজ্য কেনেকৈ প্ৰাপ্ত কৰা, যুদ্ধ-বিগ্ৰহ একোৱেই নাই। জ্ঞান আৰু যোগৰহে কথা। আমি কাৰো লগত যুদ্ধ নকৰোঁ। এয়াতো আত্মাক পবিত্ৰ কৰি তোলাৰ বাবে মেহনত কৰিব লাগে। আত্মা পতিত হৈ যোৱাৰ লগে লগে তেতিয়া শৰীৰো পতিত লাভ কৰে পুনৰ আত্মা পাৱন হৈ উভতি যাব লাগে, বহুত মেহনত কৰিবলগীয়া হয়। বাবাই বুজি পায় কোনে কোনে পুৰুষাৰ্থ কৰে! এয়া হল শিৱবাবাৰ ভাণ্ডাৰ। শিৱবাবাৰ ভাণ্ডাৰত তোমালোকে সেৱা কৰা। সেৱা নকৰিলে তেতিয়া গৈ পাই-পইচাৰ পদ পাবা। পিতাৰ ওচৰত সেৱা কৰিবলৈ আহিছা আৰু যদি সেৱা নকৰা তেন্তে কি পদ পাবা! এয়া ৰাজধানী স্থাপন হৈ আছে, তাত চাকৰ-নাকৰ আদি সকলো নাথাকিব জানো। এতিয়া তোমালোকে ৰাৱণৰ ওপৰত বিজয়ী হোৱা, বাকী আৰু কোনো যুদ্ধ নাই। এয়া বুজোৱা হয়, কিমান গুপ্ত কথা। তোমালোকে যোগবলৰ দ্বাৰা বিশ্বৰ বাদশ্বাহী লোৱা। তোমালোকে জানা আমি আমাৰ নিজৰ শান্তিধামৰ নিবাসী। তোমালোক সন্তানসকলৰ বেহদৰ ঘৰহে স্মৃতিত আছে। ইয়ালৈ আমি ভূমিকা পালন কৰিবলৈ আহিছোঁ পুনৰ নিজৰ ঘৰলৈ যাম। আত্মা কেনেকৈ উভতি যায় এইটোও কোনেও বুজি নাপায়। ড্ৰামাৰ প্লেন (নাটকৰ পৰিকল্পনা) অনুসৰি আত্মাসকল আহিবই লাগিব। অচ্ছা!

অতি মৰমৰ কল্পৰ পাছত পুনৰাই লগ পোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।

ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) কোনো দেহধাৰীৰ প্ৰতি আকৰ্ষণ ৰাখিব নালাগে। শৰীৰক স্মৰণ কৰাটোও ভূতক স্মৰণ কৰাৰ দৰে, সেইবাবে কাৰো নাম-ৰূপত ওলমিব (আৱদ্ধ হব) নালাগে। নিজৰ দেহকো পাহৰিব লাগে।

(2) ভৱিষ্যতৰ বাবে অবিনাশী উপাৰ্জনৰ জমা কৰিব লাগে। চেন্সিবুল (বিচাৰ বুদ্ধি সম্পন্ন) হৈ জ্ঞানৰ পইণ্ট বুদ্ধিত ধাৰণ কৰিব লাগে। পিতাই যি বুজাইছে সেয়া বুজি লৈ আনকো শুনাব লাগে।

বৰদান:
সঁচা স্বচ্ছ অন্তৰৰ আধাৰত প্ৰথম নম্বৰ লওঁতা দিলাৰামৰ পছন্দৰ হোৱা

দিলাৰাম পিতাৰ সঁচা দিলৱালা সন্তানহে পছন্দৰ। লাগিলে জগতৰ জ্ঞান বুদ্ধিত নাথাককে কিন্তু সঁচা স্বচ্ছ অন্তৰৰ হওক তেতিয়া প্ৰথম নম্বৰ লৈ লব। কিয়নো পিতাই বুদ্ধিতো ইমান শ্ৰেষ্ঠ দি দিয়ে যাৰ দ্বাৰা ৰচয়িতাক জনা বাবে ৰচনাৰ আদি, মধ্য, অন্তৰ নলেজ (জ্ঞান) জানি লোৱা। সেয়েহে সঁচা স্বচ্ছ অন্তৰৰ আধাৰতহে নম্বৰ পায়, সেৱাৰ আধাৰত নহয়। সঁচা অন্তৰৰ সেৱাৰ প্ৰভাৱ অন্তৰলৈ গৈ পায়। বুদ্ধি খটোৱাসকলে নাম উপাৰ্জন কৰে আৰু দিলৱালাসকলে আশীৰ্বাদ উপাৰ্জন কৰে।
 

স্লোগান:
সকলোৰে প্ৰতি শুভ চিন্তন আৰু শুভ কামনা ৰখাটোৱে হল সঁচা পৰোপকাৰ।